লেখা অনুসন্ধান কৰক

Monday, November 10, 2014

এজন অসমীয়া চিকিৎসকৰ সু-কৰ্ম



আমাৰ দেশত বৰ্তমানেও অন্ধবিশ্বাস আৰু কু-সংস্কাৰে এনেদৰেই সমাজখন ছানি ধৰি আছে যে আজিৰ এই বিজ্ঞানৰ যুগতো অসমীয়া বহু লোকে বেজ-তান্ত্ৰিকৰ জৰা-ফুঁকাৰে ৰোগ নিৰাময় হো‌ৱাৰ আশা কৰে আৰু এইদৰে সু-চিকিৎসাৰ অভা‌ৱত ইতিমধ্যেই বহুজনে প্ৰাণ হেৰু‌ৱাবলগীয়া হৈছে । সেয়েহে আধুনিক চিকিৎসা-বিজ্ঞানৰ ন ন আ‌ৱিষ্কাৰ আৰু ৰোগ নিৰাময়ৰ প্ৰমাণিত পথ্যসমূহৰ বিষয়ে জনাটো আমাৰ প্ৰতিজন নাগৰিকৰে বাবে প্ৰয়োজনীয় । কিন্তু সকলো মানুহৰে নতুন চিকিৎসা-প্ৰযুক্তিৰ সতে চিনাকী হো‌ৱা আৰু তাৰ ব্য‌ৱহাৰৰ সুযোগ লো‌ৱাটো সিমান এটা সহজ কথাও নহয় । কাৰণ আজিকালি সু-চিকিৎসাৰ বাবেও যথেষ্ঠ টকা-পইচাৰ আ‌ৱশ্যক হয় ।
       
এনেক্ষেত্ৰত সেয়েহে আমি নিজকে যিকোনো ৰোগৰপৰা বচাই ৰাখিবলৈ বা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ সেই ৰোগটোৰ কাৰণ বা প্ৰতিৰোধৰ বাবে ল’বলগীয়া সা‌ৱধানীয়তাখিনি জানি থো‌ৱাটো খুবেই ভাল কথা । তাৰোপৰি কিছুমান ঘৰু‌ৱা স্বাস্থ্যসন্মত অভ্যাস বা নীতি-নিয়মেও যে বহু ৰোগৰপৰা আমাক বচাই ৰাখিব পাৰে সেয়াও সঁচা । কিন্তু এই গোটেই কথাবোৰ জানিব ক’ৰপৰা ? নিশ্চয় আপোনাক কোনো এজন ডাক্তৰেই এই কথাবোৰ ক’ব লাগিব । ইয়াৰ বাবে টকা ভৰি ডাক্তৰৰ চেম্বাৰলৈ এতিয়া নগ’লেও হ’ব । কাৰণ, এজন অসমীয়া ডাক্তৰে এতিয়া এনে চিকিৎসা তথা স্বাস্থ্যৰক্ষা সম্বন্ধীয় সকলো প্ৰয়োজনীয় তথ্য দাঙি ধৰিছে আপোনাৰ মোবাইলতে পাব পৰাকৈ সম্পূৰ্ণ বিনামূলীয়াভা‌ৱে ।
      
ইং ২০১২ বৰ্ষৰপৰাই অসমীয়া ভাষাত (য়ুনিকোডত) ইন্টাৰনেটৰ যোগেৰে স্বাস্থ্য সম্বন্ধীয় অজস্ৰ প্ৰ‌ৱন্ধ লিখি প্ৰচাৰ কৰি আহিছে শি‌ৱসাগৰৰ কালুগাঁৱত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰ‌ৱাসী অসমীয়া ডাক্তৰে । নাম তেওঁৰ ডা০ ভূপেন্দ্ৰ শইকীয়া । অতি সঘনাই হৈ থকা সাধাৰণ বেমাৰ-আজাৰ সমূহৰ পৰা আৰম্ভ কৰি নকৈ আৱিষ্কৃত বেমাৰলৈকে, চিকিৎসা-বিজ্ঞানৰ ন ন চিন্তা-চৰ্চাৰ লগতে অসমত উপলব্ধ ঘৰু‌ৱা পথ্যসমূহৰ কথাকো সামৰি সকলো দিহা-পৰামৰ্শ আপুনি পঢ়িবলৈ পাব ডা০ শইকীয়াৰ লেখাৰ জৰিয়তে । এই লেখাসমূহ আপোনাৰ মোবাইলতে আপুনি পঢ়িব পাৰিব www.xahitya.org  নামৰ ‌ৱেবচাইটযোগে । এই ‌ৱেবচাইটটো হৈছে উচ্চ মানবিশিষ্ট এখন অসমীয়া মাহেকীয়া ই-আলোচনী  যাৰ বিভিন্ন শিতানত নতুন লেখকসমূহৰ নিৰ্বাচিত লেখা প্ৰকাশিত হয় । ডা০ শইকীয়াদে‌ৱৰ  স্বাস্থ্যৰক্ষা আৰু ভ্ৰমণ-বিত্তান্ত সম্বন্ধীয় প্ৰায় অৰ্ধ-শতাধিক লেখা  এই আলোচনীখনিত প্ৰকাশিত হৈছে ।
      
উল্লেখ কৰিব পাৰি যে ডা০ শইকীয়াদে‌ৱ এজন প্ৰাক্তন কটনিয়ান । তেখেতে অসম মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী, গু‌ৱাহাটী মেডিকেল কলেজৰপৰা MD ডিগ্ৰী, আৰু ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডপৰা DTM ডিগ্ৰী লাভ কৰে ।  বৰ্তমানে তেওঁ সুদূৰ কাটাৰৰ ৰাজধানী ডোহাত মেডিচিন বিভাগৰ বিশেষজ্ঞ ( Internal Medicine Specialist ) হিচাপে কৰ্মৰত । চিকিৎসা-সে‌ৱাৰ লগতে সমাজসে‌ৱাকো জী‌ৱনৰ অন্যতম মহৎ উদ্দেশ্য হিচাপে লো‌ৱা ডা০ শইকীয়াদে‌ৱ কাটাৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আৰু প্ৰ‌ৱাসী অসমীয়াসকলৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত আগৰণু‌ৱা । মেডিচিন আৰু ট্ৰপিকেল মেডিচিন বিভাগৰ বিশেষজ্ঞ শইকীয়াদে‌ৱ কাটাৰৰ ‘অসম সমাজ’ৰো প্ৰতিষ্ঠাপক সভাপতি । কাটাৰৰ সমাজ-ব্য‌ৱস্থা,চিকিৎসা-ব্য‌ৱস্থা,আৰ্থ-সামাজিক অ‌ৱস্থা ইত্যাদিৰ বিষয়ে অ‌ৱগত কৰি ডা০ শইকীয়াদে‌ৱে ‘কাটাৰৰ ডায়েৰী’ নামেৰে এখন গ্ৰন্থও ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে ।

আমাৰ ৰাইজৰ বাবে আৰু এটি ভাল খবৰ এয়ে যে , ডা০ শইকীয়াদে‌ৱে কৰ্মজী‌ৱনৰ ব্যস্ততাৰ মাজতো সময় আৰু সুবিধা মিলাই বিনামূলীয়াভা‌ৱে বিভিন্ন ৰোগৰ চিকিৎসা তথা স্বাস্থ্যৰক্ষাৰ পৰামৰ্শ আগবঢ়ায় । বিগত কেইবাবছৰ ধৰি তেখেতে মেঘালয়,অসম বা ভাৰতৰে অন্য ঠাইৰ বহুগৰাকী লোকক ইতিমধ্যে ফোনযোগেৰে চিকিৎসাৰ সু-পৰামৰ্শ আগবঢ়াই আহিছে । তদুপৰি ফেচবুক বাৰ্তাৰ জৰিয়তে তেওঁ বন্ধু-বান্ধ‌ৱৰ সতে নিয়মিত ভা‌ৱ-বিনিময় কৰি আহিছে। তেখেতৰ ফেচবুকৰ ঠিকনাটো হৈছে – https://m.facebook.com/dohabhupen  তেখেতৰ লেখা সমূহ ফেচবুকৰ ‘অসমীয়াত কথা বতৰা’ নামৰ গোটটোতো আপোনালোকে পঢ়িব পাৰিব ।

যিসময়ত ডাক্তৰসকলে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰপৰা উপঢৌকনৰ আশাত নিম্ন মানৰ দৰ‌ৱকো ৰোগীৰ পথ্য হিচাপে লিখি দি‌ৱলৈ কুন্ঠাবোধ নকৰে,  কে‌ৱল ধন উপাৰ্জনৰ নামত ব্যস্ত হৈ নাৰ্চিং-হোমৰ ব্য‌ৱসায় খোলা দেখা যায়, তেনে সময়ত এজন সুশিক্ষিত ডাক্তৰৰ এনে স্বদেশপ্ৰীতি আৰু সমাজসে‌ৱা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হো‌ৱা উচিত । ডা০ শইকীয়াদে‌ৱৰ দীৰ্ঘায়ু কামনা কৰিলো ।

“পূজাৰ চান্দাৰ সদ্ব্য‌ৱহাৰ”



সাম্প্ৰতিক সময়ত পৃথি‌ৱীত এটা মান‌ৱ জাতিৰ ওপৰত প্ৰাকৃতিক বা অপ্ৰাকৃতিকভা‌ৱে হ’ব পৰা সকলো ধৰণৰ বিপৰ্যয়ৰ জী‌ৱন্ত উদাহৰণ হৈছে অসমীয়া জাতি । ভুমিস্খলন, বানপানী,বন্যপ্ৰানী নিধন,চুৰি-ডকাইতি,নাৰী-নিৰ্যাতন,শিশু-নিৰ্যাতন,প্ৰতিদিনে হ’বলৈ লো‌ৱা ধৰ্ষণ,উগ্ৰপন্থীৰ দ্বাৰা নিৰীহ জনতাৰ হত্যা, গুপ্তহত্যা, ধন-দাবী,অপহৰণ ,শাসকীয় দলৰ শোষণ আৰু বৰ্বৰতা, প্ৰদূষণ ,গোষ্ঠী সংঘৰ্ষ ,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা -- এই সকলোখিনিয়ে অসম আৰু অসমৰ জনসাধাৰণক এনেধৰণে জুৰুলা কৰিছে যে ৰাজ্যখনত কোনো ধৰণৰ ধনাত্মক চিন্তা তথা আদৰ্শমূলক কৰ্মৰ আজি অভা‌ৱ ঘটিছে । নিশ্চিতভা‌ৱে ক’ব পাৰি যে সুস্থ পৰি‌ৱেশৰ অভা‌ৱেই এনে দৈন্যতাৰ মূল কাৰক ।
ইয়াৰ মাজতো প্ৰকৃতিয়ে চিৰাচৰিত ৰীতি মানি ধৰাৰ বুকুত নতুন সাজেৰে নামি আহি ন উদ্দীপনাৰ সৃষ্টি কৰিছে । নৈৰ পাৰত কঁহু‌ৱা ফুলাৰ বতৰত পু‌ৱাৰ দুবৰি বনত যেতিয়া নিয়ৰে মুকুতা গাঁঠে তেতিয়া যিকোনো ইতৰ প্ৰাণীৰে মনত কিবা এটা বুজাব নো‌ৱাৰা  আৱেগৰ সৃষ্টি হয় । নতুন ভা‌ৱ আৰু ন আশাৰে প্ৰতিজন মানুহেই সজী‌ৱ আৰু প্ৰাণ‌ৱন্ত হয়  । এনে এক প্ৰতি‌ৱেশেই মানুহক উৎস‌ৱৰ প্ৰতি আকৃষ্ট কৰি তোলে । সেয়েহে আজিৰ এই মহঙা দিনতো ,প্ৰতিকূল বতৰ নেউচি , দুৰ্গাপূজাৰ আয়োজন চলিছে । মানুহবোৰে হাজাৰ দুখ-কষ্ট, আলাই –আথানিকো পাহৰি যেন অকনমাণ হাঁহি-স্ফুৰ্তি তথা সন্তুষ্টিৰ ভাগ ল’বলৈ যেন উদ্বাউল হৈ পৰিছে ।
দুৰ্গাপূজা বুলিলেই সকলো‌ৱে লগে-ভাগে ওলাই গৈ দে‌ৱীৰ আশীষ লো‌‌ৱা তথা ভিন ভিন ঠাইত পূজা চো‌ৱাৰ তীব্ৰ হেঁপাহ জাগে । সেয়া লাগিলে কোনো ধনী-মানী মন্ত্ৰী-আমোলাৰ সন্তানেই হওঁক অথবা আমাৰ গাঁৱৰ  কোনো নদাই-ভদাইৰ ল’ৰা-ছো‌ৱালীয়েই হওঁক ! অ‌ৱশ্যে কণমানিহঁতৰ সমানে সমানে আমাৰ বহু মাক-বাপেকৰো পূজা বুলি বিশেষ বজাৰ-সমাৰ কৰাৰো ‘বিশেষ চখ’ আছে । আৰু সেই হেতুকেই পূজাথলীৰ চৌপাশে এখন আটকধুনীয়া অস্থায়ী হাট-বজাৰে গা কৰি উঠে, য’ত উভৈনদী হয় ল’ৰা-ছো‌ৱালীৰ মন ৰঙীয়াল কৰি তুলিব পৰা নানান খেলা-সামগ্ৰী তথা কাপোৰ-কানি । চাহ-বাগিচাৰ কৰ্তৃপক্ষ বা আন কোম্পানী কিছুমানে আকৌ কৰ্মচাৰীৰ মন ভোলাবলৈ এনে সময়তে কিছুমান বোনাচ ঘোষণা কৰে । গতিকে এনে ‘অতিৰিক্ত উপাৰ্জন’ খিনিৰে ৰং-ৰহইচৰ উপাদান কিনিবলৈ বহুতৰে মন থৌকি-বাথৌ হো‌ৱাও পৰিলক্ষিত হয় । এই ৰঙত বহুতেই আকৌ ৰঙীণ পানীয়কো অন্তৰ্ভুক্ত কৰি ঘৰৰ বাহিৰে-ভিতৰে তথা বাটে-পথেও বিশেষ ভাওনাৰ আয়োজন কৰে । আমাৰ বহু আঢ্য‌ৱন্ত পৰিয়ালত পূজাৰ ‘চপিঙ’ৰ নামত কিবা যেন অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হয়, তেনে অনুমান হয় । সেয়েহে এনে কাৰকবোৰলৈ চাই ক’ব পাৰি যে-দুৰ্গাপূজা আজিকালি কে‌ৱল ‘পূজা’ হৈ থকা নাই , ই এটা ‘ব্য‌ৱসায়’লৈও পৰ্যবসিত হৈছে ।
        দূৰদৰ্শনত প্ৰতি মূহুৰ্তত দেখু‌ৱাই আছে - অমুক পূজা সমিতিৰ এইবাৰৰ বাজেট ইমান লাখ ,তমুকৰ আকৌ সিমান লাখ। কোনোবা এখন পূজা সমিতয়ে সগৌৰ‌ৱে ঘোষণা কৰিছে ,তেওঁলোকৰ বাজেট ২৫ লাখ বুলি । এতিয়া কথা হ’ল, সাধাৰণ এখন পূজা পাতিবৰ বাবে মানুহক ইমান টকাৰ সঁচাকৈয়ে প্ৰয়োজন হয় নে ? সেই টকাখিনি ক’ৰ পৰা আহে ? ইয়াৰ উত্তৰ অতি স্পষ্ট । পূজাৰ মূল খৰছৰ ভিতৰত পৰে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপ নিৰ্মাণ তথা ইয়াৰ সাজ-সজ্জা । চাবলৈ গ’লে এইখিনি কাম অতি সহজে হ’ব লাগিছিল আৰু ইয়াৰ বাবে ইমান অতি বেছি খৰছো হ’ব নালাগিছিল । কিন্তু খৰছৰ আচল ৰহস্যটো হৈছে এয়ে যে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপৰ সাজসজ্জাৰ বাবে পূজা সমিতিবোৰৰ মাজত প্ৰতিযোগিতা হয় আৰু এই প্ৰতিযোগিতাত জিকি নিজৰ ‘মান’  অক্ষুন্ন ৰাখিবৰ বাবে উদ্যোক্তাসকলে বিশেষ কাৰিকৰী প্ৰযুক্তি ব্য‌ৱহাৰ কৰি অতি চমকপ্ৰদ, চালে চকু থৰ হৈ যো‌ৱা বিধৰ মণ্ডপ সাজিবলগীয়াত পৰে । তাৰ বাবে কলকাতাৰপৰা  বিশেষ ভা‌ৱে পাকৈত ,দক্ষ কলা-কুশলীক ব্যয়বহুল ভা‌ৱে নিমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকে এমাহ আগৰে পৰা অশেষ কষ্ট কৰি এনে সুবৃহৎ আৰু সুশোভিত মণ্ডপ তৈয়াৰী কৰে । তাৰোপৰি পূজাৰ মঞ্চত বহুতেই আকৌ নামী-দামী তাৰকা-শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে । পূজাৰ নৈবিদ্য,পূজাৰীৰ দক্ষিণা তথা মাননি,প্ৰসাদৰ ৰন্ধন-প্ৰকৰণ,পৰি‌ৱহণ ইত্যাদিৰ কথাকো এনে বৃহৎ বাজেটৰ ভিতৰত সামৰি ল’ব লগীয়া হয় ।
আমি প্ৰশ্ন কৰোঁ, দহ দিনজোৰা এই পূজাৰ সময়ত কে‌ৱল চকুৰ চা‌ৱনিৰে মন জুৰ পেলো‌ৱাৰ বাদে এনে লক্ষ লক্ষ টকা খৰছ কৰি তৈয়াৰ কৰা পূজাথলীয়ে প্ৰকৃততে আমাক কেনেদৰে লাভান্বিত কৰিছে ? দে‌ৱীয়ে সঁচাকৈয়ে মণ্ডপৰ সাজ-সজ্জা বিচাৰ কৰে নে ? দে‌ৱীপূজা হৈ যো‌ৱাৰ পিছতো দেখোন এইখন দেশত আগৰদৰেই হিংসা-বিদ্বেষ ,হত্যা-লুন্ঠন,নিৰ্যাতন হৈয়েই থাকে ? অগণন টকা আৰু অমূল্য সময় দে‌ৱীৰ পূজা-অৰ্চনাৰ নামত খৰছ কৰাৰ পাছতো দেখোন আমাৰ মনৰপৰা ঠগ-প্ৰ‌ৱঞ্চনাৰ প্ৰ‌ৱণতা,দুৰ্নীতি কৰাৰ প্ৰ‌ৱণতা নিমিষতে নাইকীয়া হৈ নাযায় কিয় ?
এই কথাবোৰ সঁচাকৈয়ে গমি-পিতি চাবৰ সময় সমাগত । এষাৰ কথা আছে,-‘ভগ‌ৱানে সেইজনকহে ৰক্ষা কৰে , যিয়ে নিজৰ ৰক্ষা কৰে ।’ আমি পূজা-অৰ্চনা,নাম-কীৰ্তন কৰিব নালাগে বুলি ঠিক কো‌ৱা নাই; কিন্তু আজিৰ সময়ত,চন্দ্ৰ-মংগলক লৈ মানুহে অভিযান আৰম্ভ কৰাৰ সময়ত, সকলো কাম-কাজৰে যথাৰ্থতা অনুধা‌ৱন কৰি উঠিহে যিকোনো পদক্ষেপ লো‌ৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । চৰকাৰক অনবৰত দোষাৰোপ কৰি যদি আমি হাত সা‌ৱতি বহি থাকো, তেন্তে সেয়াও একপ্ৰকাৰৰ অপৰাধ । আমাৰ নিজৰ পদূলিটো লেতেৰা হৈছে, সেয়া চাফ-চিকুণ কৰি লো‌ৱাটো আমাৰ দায়িত্ব । গতিকেই আমি ভা‌ৱোঁ, পূজাৰ নামত খৰছ কৰা এনে লক্ষ লক্ষ টকাৰ যদি আমি সদ্ব্য‌ৱহাৰ কৰিব জানো, তেন্তে আমাৰ বহুখিনি সমস্যা নিমিষতেই নাইকীয়া হ’ব । এতিয়া বৰষুণৰ পাছত জমা হো‌ৱা গু‌ৱাহাটীৰ বোকাখিনিৰ কথাই ভা‌ৱকচোন । এটা অঞ্চল চাফা কৰিবলৈ প্ৰয়োজন হো‌ৱা ‘জেচিবি’ গাড়ীখন যদি আমি নিজেই যোগাৰ কৰি ল’ব পাৰো, সেয়া দেখোন এদিনতেই হৈ উঠিব । নলা –চাফা কৰা, দাস্টবিনৰ জা‌ৱৰ সময়মতে দূৰত নি পেলো‌ৱা,ভূমিস্খলন ৰোধিবলৈ শিল-চিমেন্টেৰে বেৰ দিয়া আদি সামাজিক কাম যদি এনে পূজাৰ নামত গোট খো‌ৱা টকাৰে কৰিব পৰা যায় , তেন্তে ভা‌ৱি চাওঁকচোন আমি কিমান খিনি সকাহ পাবলৈ সমৰ্থ হ’ম ? আমাৰ পইচাৰে আমাৰ নিজৰ কাম নিজেই কৰি লো‌ৱাতকৈ আৰু কিবা ডাঙৰ গৌৰ‌ৱ থাকিব পাৰে নেকি ?
আৰু যদি আমি একে ঠাইতে দহোখন পূজা পতাৰ সলনি মাথো এখনতে সকলোখিনিয়ে সমিলমিলেৰে লগ খাও তেন্তে দেখোন বহু টকা তেনেকৈয়ো ৰাহি কৰিব পাৰি ? পূজা সমিতিবোৰে চান্দা উঠাই পইচা তোলাত আপত্তি কাৰোৰে নাথাকিব , যদিহে  সেই টকাৰ উচিত ব্য‌ৱহাৰ হয় । বহু পূজা সমিতিয়ে চান্দাৰ টকাৰে নিজৰ নিজৰ পকেট গৰম কৰে বুলিও জনা যায় । আৰু চান্দাৰ নামত ডকা-হকা কৰাৰো উদাহৰণ পো‌ৱা যায় । এইবোৰৰ বিপক্ষে আইনী ব্য‌ৱস্থা প্ৰশাসনে লো‌ৱা উচিত । প্ৰশাসনে নিয়ম কৰি দুই কি.মি. ব্যাসাৰ্ধৰ ভিতৰত মাত্ৰ এখনহে পূজা মাতিবলৈ অনুমতি প্ৰদান কৰা উচিত ।
আমি আশা কৰোঁ, এইবেলি দুৰ্গাপূজাই আমাৰ প্ৰত্যেকৰে জী‌ৱনলৈ যেন শান্তি আনে , প্ৰতিজনৰে মনত যেন নতুন আশাৰ সঞ্চাৰ কৰে আৰু উচিত কৰ্মৰ প্ৰতি উদাৰ হ’বলৈ, সৎ হ’বলৈ যেন আমাক শক্তি দিয়ে ।

চৰকাৰী আঁচনিবোৰ সফল নহয় কিয়?



যো‌ৱা সপ্তাহত জিলা পৰ্যায়ৰ এখন চৰকাৰী বৈঠকত উপস্থিত থকাৰ সৌভাগ্য আমাৰ দ্বাৰা হৈছিল । বৈঠকৰ উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা প্ৰকল্পৰ সফল ৰূপায়ণৰ অৰ্থে জিলা পৰ্যায়ত এখন তদাৰকী সমিতি গঠন কৰা আৰু বৰ্তমানলৈকে বাস্ত‌ৱায়িত হো‌ৱা কাম-কাজখিনিত সমুখীন হো‌ৱা সুবিধা-অসুবিধাসমূহৰ পৰ্যালোচনা কৰা । চৰকাৰী নীতি-নিৰ্দেশনা মানিয়েই বৈঠকখনলৈ মুঠ ছজন বিষয়াক নিমন্ত্ৰণ কৰা হৈছিল । পঞ্চলিশ মিনিট সময়ৰ এই বৈঠকখনত মূল বিষয় সন্দৰ্ভত কৰা আলোচনাই কৰা স্থান পালে মাথো পাঁচ মিনিটৰ বাবে । বাকী চল্লিশ মিনিটত চলিল ঘৰু‌ৱা সমস্যা আৰু হাস্যৰসৰ আদ্দা তথা চাহ-জলপানৰ পৰ্ব । উপস্থিত আছিলো যেতিয়া নি:সন্দেহে আমিও সেই আদ্দাৰ  অংশগ্ৰহকাৰী আছিলো , কিন্তু চিনাকী-পৰ্ব আৰু দুই-এষাৰ এৰাব নো‌ৱাৰা কথাৰ বাদে  মিচিকীয়া হাঁহিৰে তাত এজন নীৰ‌ৱ দৰ্শকৰ ভূমিকাই লৈছিলো । কাৰণ, মোৰ বাহিৰে বাকী সকলো‌‌ৱেই পৰস্পৰৰ চিনাকী মানুহেই আছিল । এইখিনিতে উল্লেখ কৰিব পাৰি যে বৈঠকৰ মূল আহ্বানকাৰী বিষয়া সহিতে তাত চাৰিগৰাকী মহিলা উপস্থিত আছিল ।
          এতিয়া কথা হ’ল, এই নমুনাৰেই যদি এখন চৰকাৰী আঁচনি ৰূপায়ণ কৰা হয়,তেন্তে সি অসফল নহ’বই বা কিয়? চৰকাৰী কাৰ্য-ব্য‌ৱস্থাৰ সৈতে যো‌ৱা পাঁচ বছৰৰ পৰাহে জড়িত হো‌ৱাৰ সুযোগ পাইছো যদিও ব্যক্তিগত অভিজ্ঞতা ,ক্ষেত্ৰ –অধ্যয়ন আৰু পৰ্যবেক্ষণৰপৰা এই কথা নিশ্চিতভা‌ৱে ক’ব পাৰি যে আঁচনিসমূহৰ সঠিক আৰু সফল ৰূপায়ণৰ ক্ষেত্ৰত যিসকল আমোলা-বিষয়া তথা কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰা হয়, তেওঁলোকৰ অকৰ্মণ্যতা আৰু হেমাহীৰ বাবেই আজি দেশখনৰ ৰাজ্যিক পৰ্যায়ৰেই হওঁক অথবা কেন্দ্ৰীয় পৰ্যায়ৰে হওঁক, কোনো এটা আঁচনিয়েই সম্পূৰ্ণভা‌ৱে আৰু সুচাৰুৰূপে বাস্ত‌ৱায়িত হো‌ৱা নাই ; যাৰ বাবেই আমাৰ অগণন নাগৰিকে চৰকাৰী সা-সুবিধাসমূহ সঠিকভা‌ৱে পো‌ৱাৰপৰা বঞ্চিত হৈ আহিছে । সহকৰ্মী দুই চাৰিজনে এই মন্তব্য কৰাও শুনিছো‌ যে চৰকাৰী বৈঠক সমূহ বোলে মূলত: দুই প্ৰকাৰৰ । প্ৰথমবিধ হৈছে আমি ওপৰত উল্লেখ কৰা ধৰণৰ – অৰ্থাৎ চাহ-মিঠাই আৰু লঘু আহাৰত বিশেষ গুৰুত্ব দি বিষয় সন্দৰ্ভত ন্যুনতমখিনিহে আলোচনা কৰা আৰু দ্বিতীয়বিধ হৈছে  তাৰ সম্পূৰ্ণ ওলোটা । অৰ্থাৎ বিষয় সন্দৰ্ভত যথোচিত গুৰুত্ব দিয়া আৰু জলপানৰ নামত নামমাত্ৰ ব্য‌ৱস্থা কৰা । এই দ্বিতীয় ধৰণৰ বৈঠকত ভাগ লো‌ৱাৰ পিছত হেনো এনে লাগে যেন কাইলৈৰ পৰা দেশৰ প্ৰতিটো কোণতে সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে সকলো কাম-কাজ চলিব আৰু আঁচনি বা প্ৰকল্পটোৰ ৰূপায়ণত যেন একো‌ৱেই অসুবিধা নাহিব । কিন্তু দিন যো‌ৱাৰ লগে লগে শুনি ভাল লগা ,যথেষ্ট প্ৰতিশ্ৰতিবদ্ধ বক্তব্য ৰখা সকলো বিষয়াৰে ফোঁপোলা স্বৰূপটো ওলাই পৰে আৰু আঁচনিবোৰ পুণৰ ধোঁৱাচাঙত উঠে । অথচ, কাগজে-কলমে সকলো সঠিক আৰু পুৰ্ণোদ্যমে চলি থাকে ,যেন অ‌ৱজ্ঞা আৰু বিলম্বৰ চিন-মোকাম ক’তো‌‌ৱেই নাই !
          অসমত চৰকাৰী আঁচনিসমূহ সমূলি ৰূপায়িত হো‌ৱা নাই বুলি আপুনি পোনচাতেই কৈ দিবও নো‌ৱাৰে । প্ৰতিটো আঁচনিয়েই চেকা-চোৰোগাকৈ অসমত চলি আছে । প্ৰতিখন আঁচনিৰ খতিয়ান যদি আপুনি মুখ্য বিষয়াৰ পৰা বিচাৰে ,তেন্তে তেওঁ তথ্য সম্বলিত এখন ডাঙৰ তালিকা আপোনাক উপহাৰ দিব যাৰ পৃষ্ঠাই পৃষ্ঠাই সফলতাৰ নিদৰ্শন দেখা পাব । কিন্তু যাৰ হিতাৰ্থে এই আঁচনিসমূহ প্ৰস্তুত কৰা হয়, তেওঁলোকেহে আপোনাক সঠিক উত্তৰটো দিব পাৰিব - ইয়াৰ জৰিয়তে কিমান লাভান্বিত হৈছে তেওঁলোক । অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এইটো‌ৱেই হৈছে আটাইতকৈ ডাঙৰ সমস্যা । পাইয়ো যেন একো নাপায় হিতাধীকাৰীসকলে ।
আঁচনি এখন নিৰ্ধাৰণ আৰু প্ৰণয়ণ কৰোতে চৰকাৰে  ‘উচ্চৰ-পৰা-নিম্নলৈ’(Top-to-Bottom) ৰীতিৰে আলোচনা বা পৰীক্ষা-নিৰীক্ষাসমূহ কৰি কে‌ৱল উচ্চ-পদস্থ বিষয়াৰ মাজতে সিদ্ধান্তসমূহ গ্ৰহণ কৰে আৰু তেওঁলোকৰ ইচ্ছা-অনিচ্ছামতেই আঁচনিৰ নীতি-নিয়মসমূহ ধ্যাৰ্য কৰা হয়।           কিন্তু এই ব্য‌ৱস্থাত প্ৰণালীগত কিছু আঁসো‌ৱাহ থাকি যো‌ৱাৰ অ‌ৱকাশ সদায়েই থাকে ,কাৰণ উচ্চ-পদস্থ বিষয়াসকলে চৰকাৰী কাৰ্যালয়ৰ একেবাৰে নিম্ন স্তৰত,য’ত হিতাধীকাৰীসকলৰ যোগাযোগ চৰকাৰী কৰ্মচাৰীৰ সতে হয় - তাত কিদৰে কাৰ্যসূচী ৰূপায়িত হয় তাৰ একো ভূ-ভা নাপায় । সেয়েহে আমাৰ বোধেৰে , নাগৰিকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা যিকোনো সে‌ৱা (G2C--Government to Citizen Service) প্ৰণয়ণ কৰাৰ আগেয়ে নাগৰিকৰ সতে যোগাযোগ কৰি তেওঁলোকৰ মতামত আৰু পৰামৰ্শ লো‌ৱাটো অতিকেই জৰুৰী । এনেকৈ অতি-নিম্ন-স্তৰ (Grass-Root Level) ত অধিক গুৰুত্ব দি ‘নিম্নৰ-পৰা-উচ্চ’(Bottom-to-Top) ৰীতিৰে এটা আঁচনি প্ৰণয়ন কৰিলেহে সি সম্পূৰ্ণভা‌ৱে সফল হো‌ৱাৰ সম্ভা‌ৱনা থাকে বুলি ক’ব পাৰি । কাৰণ, ভাৰতবৰ্ষত যিকোনো ক্ষেত্ৰতে দুৰ্নীতি আৰম্ভ হয় অতি তলৰপৰাই । য’ত সে‌ৱাৰ প্ৰাপ্তি-স্থল(Service Delivery Point),তাত যদি আমি দুৰ্নীতি নিৰ্মূল কৰিব পাৰো,তেন্তে সমগ্ৰ ব্য‌ৱস্থাটোৰপৰাই যি ই আঁতৰি যাব,সি নিশ্চিত ।
কো‌ৱা হয় যে , ঘোঁচ দিয়া আৰু লো‌ৱা দুয়োজন সমানেই দোষী । কথাটো নোহো‌ৱাও নহয় । কাৰণ সাধাৰণ নাগৰিকে কোনো চৰকাৰী সে‌ৱা ল’বলৈ যাওঁতে তেওঁ যদি কোনো ধৰণৰ উপঢৌকন কৰ্মচাৰীজনক নেযাঁচেই তেন্তে দেখোন এই ঘোঁচ বোলা বস্তুটোৰ উদ্ভ‌ৱ হ’বলৈকে নাপায় ! কিন্তু সমস্যাটো হয় ইয়াতেই যে, আমাৰে কোনোবা এজনে এবাৰ এই ব্য‌ৱস্থাটোৰ আৰম্ভণি কৰি থৈ আহে আৰু সি বছৰ বছৰ জুৰি চলিব ধৰে । আনফালে বাহিৰা পইচা পো‌ৱাৰ ৰাস্তাটো দেখা পাই কৰ্মচাৰীজনে আন ৰাষ্টাৰে একেবাৰে বাট নোবোলাই হয় । তাৰ ফলত একোজন সৎ নাগৰিকেও প্ৰয়োজনীয়তাৰ খাতিৰত উপঢৌকন আগবঢ়াবলৈ বাধ্য হয় । এই ঘোঁচ দিয়া-লো‌ৱাটো‌ৱেই আজিৰ ভাৰতীয় সংস্কৃতিৰ অংগ হৈ পৰিছে । যেতিয়ালৈকে এনে ব্যাধি সমাজৰ পৰা আমি গুচাব নো‌ৱাৰিম তেতিয়ালৈকে কোনো এটা চৰকাৰী আঁচনিৰ সুবিধায়েই প্ৰকৃততে পাবলগীয়াজনে নাপাব বা পালেও টকাৰ বিনিময়তহে পাব । গতিকেই এই ক্ষেত্ৰত চৰকাৰৰ লগতে সৰ্বসাধাৰণ নাগৰিকৰো যথেষ্ঠখিনি কৰণীয় আছে । প্ৰতিজন ভাৰতীয়ই এই কথা বুজি পো‌ৱা উচিত যে টকা-সিকি দি কোনো চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ যো‌ৱা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।
চৰকাৰেও দুৰ্নীতিৰ প্ৰতি কঠোৰ হ’ব পৰাকৈ নাগৰিকক ন্যায়িক ক্ষমতা প্ৰদান কৰা উচিত । এই ক্ষেত্ৰত ‘তথ্য-জনাৰ-অধিকাৰে’  যদিও জনসাধাৰণক যথেষ্টখিনি সহায় কৰিছে ,তথাপি কিছু ক্ষেত্ৰত দেখা যায় যে এনে  আ‌‌ৱেদনৰ প্ৰতিও বহু বিষয়াই আওকাণ কৰে আৰু ফলত সঠিক তথ্যৰ যোগেদি পাবলগীয়া ন্যায়ৰ পৰা নাগৰিকজন বঞ্চিত হয় । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশানুসৰি প্ৰতিটো চৰকাৰী কাৰ্যালয়তে নাগৰিকৰ বাবে প্ৰাপ্য সে‌ৱা সমূহৰ খতিয়ান(Citizen-Charter) কাৰ্যালয়ৰ বাহিৰত স্পষ্টভা‌ৱে আঁৰি থো‌ৱা দৰকাৰ যদিও এয়া কে‌ৱল কাগজৰ নিৰ্দেশনা হৈয়েই পৰি থকা পৰিলক্ষিত হয় । অন্যহাতে প্ৰতিটো বিভাগতেই নাগৰিকৰ অভিযোগ খণ্ডন কোষ (Grievance Redressal Cell) চৰকাৰে গঠন কৰি দিছে যদিও এই কোষবোৰৰপৰা সদুত্তৰ পো‌ৱ‌াৰ উদাহৰণ খুব কমেইহে দেখা যায় । কৰ্মকৰ্তাৰ অমনোযোগিতাকেই কে‌ৱল দোষাৰোপ কৰিলেও নহ’ব , আমি কেইজনেনো এইবিষয়ে সঠিকভা‌ৱে জানো,সেয়াও চাব লাগিব । এজন বিষয়া বা কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰিলে বা নাগৰিকক সঠিকভা‌ৱে সে‌ৱা আগবঢ়ো‌ৱাত কৃপণালী কৰিলে তেখেতৰ উৰ্ধতৰ কোনগৰাকী বিষয়াক কেনেদৰে জনাব লাগিব,সেয়া আমাৰ শিক্ষিত বহুতো নাগৰিকেও ভালদৰে নাজানে ।
    ক’ব পাৰি যে,চৰকাৰী আঁচনিসমূহ অসফল হো‌ৱাৰ মুখ্য কাৰকটো হৈছে ক) বিষয়া-কৰ্মচাৰীৰ কাম-কাজৰ উচিত তদাৰকী ব্য‌ৱস্থা এটাৰ অভা‌ৱ  আৰু ইয়াৰ লগতে খ) বিভাগ এটাৰ তলৰপৰা ওপৰলৈকে সকলো স্তৰতে থাকিবলগীয়া আনুষ্ঠানিক-সমন্বয়‌ আৰু আন্ত:বিভাগীয় সহযোগিতাৰ অভা‌ৱ। এখন আঁচনি ৰূপায়িত হওঁতে নানা স্তৰত নানা পদবীৰ বিষয়ববীয়া জড়িত হৈ থাকে । এই সকলো কৰ্মচাৰীৰ নিষ্ঠাবান অৰিহণাৰেহে এখন আঁচনিয়ে সফলতাৰ মুখ দেখিব পাৰে । গতিকেই সকলো‌ৰে মাজত এটা সমন্বয় বৰ্তি থকাটো অতি প্ৰয়োজনীয় । কিন্তু চৰকাৰী কাৰ্যালয়বোৰত ইয়াৰ বিপৰীতে ইজনে সিজনৰ দোষ খুঁচৰা, আনুষ্ঠানিক অসহযোগ কৰা,ৰাজনৈতিক বৈষম্যৰ সৃষ্টি কৰা ইত্যাদি এশ-এবুৰি ওলট-পালট কাণ্ড-কাৰখানা দেখা পো‌ৱা যায় । আৰু বহুক্ষেত্ৰত যিহেতু এটা আঁচনিৰ লগত  কেইবাটাও বিভাগ জড়িত হৈ থাকে, গতিকে তেনেক্ষেত্ৰত আন্ত:বিভাগীয় সহযোগিতা অবিহনে কোনো কামেই সহজভা‌ৱে সম্পন্ন হো‌ৱাৰ আশা কৰিব নো‌ৱাৰি।
আমাৰ দেশত চৰকাৰী বিভাগ এটাই যিমান কাম কৰিব পাৰে,তাতোকৈ হাজাৰগুণে বেছি কাম অতি কম সময়তে কৰি পেলাব পাৰে এটা ব্যক্তিগত কোম্পানীয়ে । আৰু এই কথাটো ইমানেই সঁচা যে বৰ্তমানে চৰকাৰেও গুৰুত্বপূৰ্ণ বহু কাম নিজা কৰ্মচাৰীৰ সলনি ব্যক্তিগত কোনো কোম্পানীৰ হতু‌ৱাই কৰো‌ৱাতহে গুৰুত্ব আৰোপ কৰিছে । আপোনালোকে নিশ্চয় দেখিছে , ‘অৰুণোদয় কেন্দ্ৰ’ৰ যোগেৰে এজন নাগৰিকে প্ৰয়োজনীয় ভিন্ন ৰকমৰ চৰকাৰী প্ৰমাণ‌-পত্ৰ অতি কম সময়তে পাব পাৰে । এই কামটো হৈছে ‘চৰকাৰ-আৰু-ব্যক্তিগত খণ্ডৰ- বুজাপৰা’(Public-Private-Partnership)ৰ এক উদাহৰণ । ঠিক সেইদৰে ভাৰতীয় পাৰপত্ৰ বা পাছপোৰ্টৰ বাবেও ‘টাটা কনছাল্টটেন্সী চাৰ্ভিছ’ নামৰ কোম্পানীটোৰপৰা বহুখিনি কাম-কাজ চৰকাৰে আদায় কৰিছে । এইধৰণৰ কোম্পানীবোৰত নিয়াৰি ভা‌ৱে আৰু সময়মতে কাম হো‌ৱাৰ প্ৰধান কাৰণ হৈছে তাত থকা সঠিক তদাৰকী ব্য‌ৱস্থা । ‘টাৰ্গেট’ (লক্ষ্য) আৰু ‘ডেড-লাইন’(সময়-সীমা) কোম্পানীৰ কৰ্মচাৰী এজনৰ বাবে এনে দুটি ভয়ংকৰ অস্ত্ৰ যাৰ বিনিময়তে সকলো কাম সঠিক সময়ত সম্পূৰ্ণ হো‌ৱাটোৰ নিশ্চয়তা প্ৰদান কৰিব পাৰি অথচ এইকেইটা শব্দ কি বস্তু, খায় নে পিন্ধে ;সেয়া চিনিও নাপায় কোনো এজন চৰকাৰী কৰ্মচাৰীয়ে । ইয়াৰ ফলতেই আনকি কাৰ্যালয়ত উপস্থিত থকাৰ পিছতো চৰকাৰী কাম এটা কোনোপধ্যেই আগনাবাঢ়ে । চৰকাৰী কাৰ্যালয়বোৰত ব্য‌ৱস্থাপকৰ হেঁচা নাথাকে বাবেই আজি কৰিবলগীয়া কামটো কাইলৈৰ বাবে বা বছৰ বছৰৰ বাবে পৰি থাকে ; কাৰণ কাম কৰক বা নকৰক, তেওঁ দৰমহাৰ টকাকেইটা ঠিকমতে পাবই ।
ক’ব নো‌ৱাৰি যে একোজন আই.এ.এছ. বা এ.চি.এছ. বিষয়াই নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰে । দেখা-শুনাকৈ কৰা গাফিলতিসমূহ বাদ দিলেও এখেতসকলৰ এনে কিছুমান অমনোযোগিতা বা অ‌ৱজ্ঞা দেখা পো‌ৱা যায় যাৰ জৰিয়তে দুৰ্নীতি হো‌ৱাৰ সম্ভা‌ৱনাক নুই কৰিব নো‌ৱাৰি । এজন প্ৰশাসনিক বিষয়াই এটা চহী কৰি অনুমোদন জনালেহে এটা কামৰ বাবে ধ্যাৰ্য হো‌ৱা ধন মুকলি হয় । তেনেক্ষেত্ৰত সেই কাম স্বচক্ষে পৰ্যবেক্ষণ কৰি সন্তুষ্টিৰ ভিত্তিতহে অনুমোদন কৰা বা নকৰাৰ সিদ্ধান্ত লো‌ৱাৰ অধিকাৰ চৰকাৰে তেওঁক দিছে । কিন্তু কাম পৰ্যবেক্ষণ নকৰাকৈয়ে চহী কৰি অনুমোদন জনো‌ৱা মানেও একপ্ৰকাৰৰ দুৰ্নীতিয়েই হয় । ঠিক সেইদৰে উচ্চস্তৰীয় কিছুমান কাম-কাজ নিজে নকৰি সহায়কাৰীৰ হতু‌ৱাই কৰাটোতো সততাৰ ইফাল-সিফাল হো‌ৱাৰ সম্ভা‌ৱনা লুকাই থাকে ।
          অনাগত দিনত আমি আশা কৰোঁ,চৰকাৰী কৰ্মচাৰীয়েও যেন অন্য নহ’লেও নিজৰ চাকৰিটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নিষ্ঠাৰে কৰ্তব্য পালন কৰিব আৰু জনসাধাৰণেও দুৰ্নীতিমুক্ত প্ৰগতিশীল ভাৰত এখন গঢ়িবলৈ চৰকাৰক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াব ।  
      বি.দ্ৰ. :- লেখাটোত প্ৰকাশিত মন্তব্য লেখকৰ সম্পূৰ্ণ ব্যক্তিগত ।


কে.বি.চি.ৰ জৰিয়তে কোন হৈছে প্ৰকৃত কোটিপতি ?




যো‌ৱা ১৮ আগষ্টৰ পৰা চনী টিভিত সম্প্ৰচাৰিত হৈছে “কৌন বনেগা কৌৰৌৰপতি”ৰ অষ্টম অধ্যায় । ইং. ২০০০ বৰ্ষৰ মে’ মাহত প্ৰথম স্টাৰ-প্লাছ চেনেলযোগে প্ৰচাৰিত হো‌ৱা সৰু পৰ্দাৰ এই অনুষ্ঠানটো‌ৱে যো‌ৱা দশকটোত ৰাইজৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সকলো‌ৱে ইতিমধ্যেই জানে যে এই শ্ব’টোৰ জৰিয়তে মাত্ৰ ১৪-১৫ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়েই আপুনি এজন কোটিপতি হো‌ৱাৰ গৌ‌ৰ‌ৱ অৰ্জন কৰিব পাৰে । আজিৰ এই ভোগ-সৰ্বস্ব দুনীয়াত এনেহেন কোটীটকীয়া টকাৰ মোহত এজন মাত্ৰ ভাৰতীয়ও আবদ্ধ নোহো‌ৱাকৈ থাকিব পৰা নাই । যিসকলে এই গে’ম শ্বটোলৈ যাব পাৰিছে তেখেতসকলে দৌৰি গৈ ভাগ লৈছে আৰু যিসকলে যাব পৰা নাই,সেইসকলে দূৰদৰ্শনৰ পৰ্দাতে সেই দৃশ্যসমূহ উপভোগ কৰি গা-মন জুৰ পেলাইছে আৰু কেনেবাকৈ দুই-চাৰি টকা উফৰি আহি তেওঁৰ কোলাতো পৰেহি নেকি তাৰেই ভা‌ৱনা-চিন্তা কৰিছে

        ইং. ২০০০ বৰ্ষত ২৭ বছৰীয়া এজন মুম্বাইৰ যু‌ৱকে সৰ্বভাৰতীয় পৰ্যায়ৰ সৰ্বোচ্চ পৰীক্ষা ভাৰতীয় প্ৰশাসনীয় সে‌ৱাত উত্তীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি চলাই আছিল । সেই মূহুৰ্তত দূৰদৰ্শনৰ পৰ্দাত ‘কৌন বনেগা কৌৰৌৰপতি’ চলি আছিল । ল’ৰাজনে অনুষ্ঠানটোত সোধা প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ মাকৰ আগত কৈ থকা দেখি মাকে কৈছিল, ‘ইমানেই তই জান যদি এবাৰ কে.বি.চি.ত যোগদান কৰি নাচা‌ৱ কিয়?’ আৰু সেইমতেই হৰ্ষবৰ্ধন নবাতে নামৰ এই ল’ৰাজনে কে.বি.চি.ত অংশগ্ৰহণ কৰি মুঠ পোন্ধৰটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিবলৈ সমৰ্থ হ’ল আৰু লগে লগে দূৰদৰ্শনৰ অনুষ্ঠানৰ জৰিয়তে এক কোটি টকা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হো‌ৱাৰ গৌ‌ৰ‌ৱ অৰ্জন কৰিলে । সেই তেতিয়াৰে পৰা আজিলৈকে মুঠ ১২ গৰাকী প্ৰতিযোগীক কোটিপতি বনাইছে এই কে.বি.চি. নামৰ ৰিয়েলিটি গে’ম–শ্ব টো‌ৱে ।
        দূৰদৰ্শনৰ সকলো কাৰ্যসূচীৰ জনপ্ৰিয়তাৰ পৰিসংখ্যাক নিৰ্ণয় কৰাৰ বাবে টি.আৰ.পি.(টেলিভিচন ৰেটিং পইন্ট) নামেৰে এক সূচাংক আছে । এই সূচাংকলৈ চায়েই এটি অনুষ্ঠানৰ জনপ্ৰিয়তাৰ উমান পো‌ৱা যায় । ৰিয়েলিটী-শ্বৰ বিভাগত কে.বি.চি. অনুষ্ঠানটো সম্প্ৰসাৰণ হো‌ৱাৰ আগেয়ে ভাৰতত সকলোতকৈ উচ্চ স্থানৰ টি.আৰ.পি. লাভ কৰিবলৈ সক্ষম হৈছিল চলমান খানৰ দ্বাৰা পৰিচালিত ‘বিগ-বছ’ নামৰ অনুষ্ঠানটো‌ৱে । এই  বিগ-বছৰ টি.আৰ.পি. পৰিসংখ্যকো চেৰ পেলাই দূৰদৰ্শনৰ ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে অভিলেখ গঢ়িবলৈ সক্ষম হয় ‘কৌন বনেগা কৌৰৌৰপতি’য়ে ।  এই অনুষ্ঠানটোত সূত্ৰধাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ অমিতাভ বচ্চনক ৭২ বছৰীয়া এইজন সুদক্ষ অভিনেতাই কে.বি.চি.ৰ ৩ নং চিজন(অধ্যায়) টো বাদ দি সকলো অধ্যায়তে সূত্ৰধাৰৰ ভূমিকা পালন কৰিছে আৰু কে.বি.চি.ক জনপ্ৰিয়তাৰ শিখৰলৈ তুলি নিয়াত অগ্ৰণী ভূমিকা পালন কৰিছে । ২০০৭ বৰ্ষত অনুষ্ঠিত হো‌ৱা কে.বি.চি.ৰ ৩ নং অধ্যায়টোত সূত্ৰধাৰ হিচাপে আছিল জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান
        বিপুল পৰিমাণৰ সৰ্বসাধাৰণ দৰ্শকক আকৰ্ষিত কৰাৰ বাবেই যে আয়োজকসকলে এনে মেগা-ষ্টাৰৰ হতু‌ৱাই অনুষ্ঠানটো পৰি‌ৱেশিত কৰে সেয়া নিশ্চিত । জানিব পৰা মতে ইং. ২০০০ বৰ্ষৰ প্ৰথমটি অধ্যায়তেই অমিতাভ বচ্চনে প্ৰতিটো খণ্ডত কৰা সূত্ৰধাৰী অভিনয়ৰ বাবদ ২৫ লাখকৈ টকা মাননি হিচাপে পাইছিল । ঠিক সেইদৰে ইং. ২০০৩ বৰ্ষত শ্বাহৰুখ খানৰ মাননিও আছিল ৭৫ লাখ প্ৰতি খণ্ডৰ বাবে । গতিকে আজিৰ তাৰিখত অমিতাভ বচ্চনে কে.বি.চি.ৰ প্ৰতি  খণ্ডৰ পৰাযে কোটি টকাৰো অধিক টকা আয় কৰে সেয়া নিশ্চয় পাঠক সকলে বুজি পাইছে ।
        উক্ত গে’ম শ্বটোৰ আৰু এটা অতি লক্ষনীয় কথা হ’ল এয়ে যে –ই কে‌ৱল অংশগ্ৰহণকাৰী গোটাদিয়েক মানুহকহে ধনী হো‌ৱাৰ বাবে বাচনী কৰিছে যে এনে নহয়,  দূৰদৰ্শনৰ সমুখত অনুষ্ঠান উপভোগ কৰি থকা প্ৰতিজনকে কোটিপতি নহ’লেও অন্ত:ত লাখপতি হো‌ৱাৰ একোটা সু‌ৱৰ্ণ সুযোগ দিছে । ই এটা অতি ডাঙৰ কথা । প্ৰত্যেকটো খণ্ডৰ সম্প্ৰচাৰৰ সময়ত অমিতাভ বচ্চনে এই সকল লোকৰ বাবেও একোটা প্ৰশ্ন সোধে এই শিতানটোৰ নাম হ’ল ঘৰ বৈথে জিত’ জেকপটঘৰ বৈথে জিত’ জেকপটৰ যোগেদি দৰ্শকেও তিনি লাখ টকা জিকাৰ সুবিধা আছেইয়াৰ বাবে দৰ্শকে প্ৰশ্নৰ উত্তৰসমূহ এচ.এম.এচ.ৰ যোগেদি পঠিয়াব লাগিব । শুদ্ধ উত্তৰ দিয়া সকলৰ পৰা লটাৰী কৰি বিজয়ীজনক বাচনী কৰা হয় ।

যিটো অনুষ্ঠান পাতিবৰ বাবেই কোটি টকাৰ খৰছ কৰিবলগীয়া হয়, তেনে এটা অনুষ্ঠান পাতি আয়োজকসকলৰ কিবা লাভ হয় নে ? ই এটা স্বাভা‌ৱিক প্ৰশ্ন । অলপ গমি-পিতি চাব পৰা যিকোনো মানুহেই এই কথাটো বুজি উঠিব যে দুই-তিনি ঘন্টাৰ ভিতৰতে কোটি টকা ঘটাৰ সুযোগ দিয়া এনে এটা অনুষ্ঠানৰ অন্তৰালত নিশ্চয় কোটিটকীয়া ব্য‌ৱসায়িক লাভালাভৰ অংকও যে জড়িত হৈ আছে,সি নিশ্চিতভা‌ৱে  সত্য । এই যে কোটি কোটি টকা প্ৰযোজকসকলে একোজন খেলু‌ৱৈক চকু মুদি দিব পাৰিছে, এই টকাসমূহ ক’ৰ পৰা আহিছে? কেনেকৈ তেওঁলোকে ইমান টকাৰ হিচাপ এটা কোনো খেলিমেলি নোহো‌ৱাকৈ বিজয়ীসকলক দি থাকিব পাৰিছে ? অন্যহাতে এই টকা কোনো চুইচ্চ বেংকৰ ক’লা টকাও নহয় । গতিকে ৰহস্য ক’ত ?
        এতিয়া আচল অংকটোলৈ আহোঁ । এচ.এম.এচ. পঠো‌ৱাসকলে নিশ্চয় জানে যে, সাধাৰণতে এটা এচ. এম. এচ. পঠিয়ালে যিমান টকা যায়, তাতকৈ বহুত বেছি টকা কেবিচিলৈ পঠিয়াবলগীয়া এচ.এম.এচ.ত যায়এনে প্ৰতিটো এচ.এম.এচ.ৰ বাবে এয়াৰটেল,ভডাফোন ,আইদিয়া আদি কোম্পানীয়ে গ্ৰাহকৰ পৰা ৫ টকাকৈ আদায় কৰে । অন্যহাতে বি.এচ.এন.এলে ৬ টকাকৈ আদায় কৰে । ধৰা হ’ল ভাৰতৰ মুঠ ২৯ খন ৰাজ্যৰ গড়ে ২০খন কৈ জিলাৰ ২০খন নগৰৰ পৰা যদি মাত্ৰ ১০০ টাকৈও এনে এচ.এম.এচ. পঠিও‌ৱা হয়, তেন্তে তেনে এচ.এম.এচ.ৰ যোগেদি ঘটিব পৰা ধনৰ পৰিমাণ হ’ব = ২৯ X ২০ X ২০ X ১০০ X ৫ = ৫৮,০০,০০০ =৫৮ লাখ । তিনি লাখ টকা পুৰস্কাৰৰ বাবে জমা হো‌ৱা ৫৮ লাখৰ পৰাই বহুখিনি টকা বচাব পাৰি ।কিন্তু এয়া এটা সাধাৰণীকৃত ধাৰণাহে মাথোন। সঁচাসঁচি অংকবোৰ নিশ্চয় আমি ভ‌ৱাতকৈ বহু বেলেগ হ’ব ।  বৰ্তমান ভাৰতৰ জনসংখ্য হৈছে ১,২৩৬,৩৪৪,৬৩১ জন (২০১১ বৰ্ষৰ লোকপিয়ল মতে)যিহেতু আজিকালি ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালতেই দূৰদৰ্শনৰ সুবিধা হৈছে, গতিকে এটা পৰিয়ালৰ পৰা যদি এটাকৈও এচ.এম.এচ. যায়, তেন্তে গড় হিচাপে ভাৰতৰ প্ৰতিটো পৰিয়ালৰ সদস্য সংখ্যা ৬ জন বুলি ধৰিলে এই টকাৰ পৰিমাণটো হৈ পৰে ১০৩,০২,৮৭,১৯২  অৰ্থাৎ ১০৩ কোটি । আৰু এয়া হৈছে মাত্ৰ এটা প্ৰশ্নৰ বাবে পঠিও‌ৱা এচ.এম.এচ.ৰ বিনিময়ত জমা হো‌ৱা টকাৰাশীৰ হিচাপ । প্ৰতিটো খণ্ডৰ বাবদ এনেকু‌ৱা কিমান কোটি টকাৰ অংক চলি থাকে সেয়া ৰাইজে অলপ গমি চালেই ওলাই পৰিব ।
ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শ্ব’টোত অংশগ্ৰহণ কৰিবৰ বাবে কোনো বিনা-শুল্কৰ প্ৰ‌ৱেশ-পদ্ধতি নাই । ইয়াৰ বাবে সেই একেই ফৰ্মূলা গ্ৰহণ কৰি আপুনি মোবাইলৰ ‘কল’ নতুবা এচ.এম.এচ. যোগেৰে তিনি তৰপীয়া নিৰ্বাচন পদ্ধতিৰে নিৰ্বাচিত হ’ব লাগিব । তাৰ বাবে কিমান বাৰ যে শুদ্ধ উত্তৰ দি মোবাইলৰ পৰা টকা উৰু‌ৱাব লাগিব তাৰো কোনো ঠিকনা নাই । প্ৰযোজক সকলে ‌ৱেবচাইটযোগেৰে নামভৰ্তিৰো ব্য‌ৱস্থা কৰিছে, সঁচা । পিছে সেই নামভৰ্তিকৰণৰ বাবেও পঞ্চাছ টকাৰ মাচুল ধাৰ্য কৰি দিছে আৰু সেয়া কৰাৰ পিছতো আপোনাৰ  মোবাইল যোগে তেখতসকললৈ একেই ধৰণে ‘কল’ বা ‘মেচেজ’ পঠিয়াবই লাগিব । গতিকে ইয়াৰ পৰা এই কথাটোয়েই প্ৰমাণিত হয় যে ধূৰ্ত ব্য‌ৱসায়ীয়ে আমাৰ টকাৰেই আমাক লুটি আছে,অথচ আমি একো গমেই পো‌ৱা নাই । ডাকে কো‌ৱাৰ দৰে --
“তোমাৰ ঘৰৰ বাহঁ গাজ নি তাৰেই কৰিলো খৰিছা
তোমাকে বেছি শিকিটো নিলো কথাটো মন কৰিছা ?”
শ্ব’টোৰ প্ৰযোজক সিদ্ধাৰ্থ বসু‌ৱে কিন্তু ইয়াৰ সফলতাৰ কাৰণ কি বুলি সোধা উত্তৰত কয় যে এই শ্ব’টো‌ৱেই হৈছে এটা “Game Changer” বৃহৎ অংকৰ পুৰস্কাৰ আৰু মেগাষ্টাৰৰ উপস্থিতিয়েই শ্ব’টোৰ চাবিকাঠি । আৰু ইয়াৰ লগত জড়িত বিজ্ঞাপনেই শ্ব’টোৰ মূলধন বুলি তেওঁ উল্লেখ কৰে । কথাটো সিমান নোহো‌ৱাও নহয় । কিন্তু  তেখেতে কেতিয়াও কাহানিও শ্ব’টোৰ অন্ত:ৰ্নিহিত ব্য‌ৱসায়ী-বুদ্ধিক ৰাইজৰ ওচৰত প্ৰকাশ কৰি দিয়া নাই ।  ক’ব পাৰি , তেখেত এজন সফল ব্য‌ৱসায়ী
অ‌ৱশ্যে সেই বুলি কে.বি.চি. অনুষ্ঠানটো‌ৱে যে একো এটা ভাল কাম কৰিব পৰা নাই, তেনে নহয় । সাধাৰণ জ্ঞান আৰু দেশ-বিদেশৰ ঘটনাৰাজীৰ বিষয়ে আমি প্ৰত্যেকেই অলপ-অচৰপ হ’লেও জানোকিন্তু বিভিন্ন অজুহাতত দেশৰ প্ৰতিটো খবৰ মনত ৰখাটো সম্ভ‌ৱপৰ হৈ নুঠে । এই অনুষ্ঠানে আমাক আমি নজনাকৈয়ে কুইজৰ প্ৰতি মনোযোগ বঢ়াইছে আৰু দেশৰ ঘটনা-প্ৰবাহৰ প্ৰতি চকু-কাণ খোলা ৰাখিবৰ বাবে অন্ত:ত অলপ হ’লেও আমাক সজাগ কৰিছে । ই এটা অতি ভাল অভ্যাস । প্ৰতিজন নাগৰিকেই দেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে যেতিয়া গম পাব, তেতিয়াহে সমাজে সুস্থ চিন্তাধাৰাৰে সঠিক পদক্ষেপ ল’ব পাৰিব । কাৰণ , সঠিক তথ্য নজনাৰ বাবেও আমাৰ বহুতেই বহু ভুল পথত আগবাঢ়ে বা বহু বঞ্চনাৰ সমুখীন হয় । আৰু এটা কথা এইখিনিতেই উল্লেখ কৰাটো সমীচিন হ’ব, চাকৰিৰ বাবেই হওক নতুবা কোনো শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ বাবেই হওক, সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো পৰীক্ষাতে আজিকালি ‘শেহতীয়া ঘটনা‌ৱলী’ৰ ওপৰত কিছু পৰিমাণৰ প্ৰশ্ন দেখিবলৈ পো‌ৱা যায় । গতিকে ছাত্ৰ-ছাত্ৰীসকলে এনেবোৰ কথাৰে নিজৰ জ্ঞানৰ পৰিসীমা বঢ়াই ৰাখিলে এদিন নহয় এদিন তেওঁলোকৰ অনেকখিনি সুবিধা যে হ’ব ,সেয়া নিশ্চিত ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...