লেখা অনুসন্ধান কৰক

Tuesday, April 21, 2015

‘সংগঠন’ কৰাৰ মানসিকতা -- কোন দিশে অসমীয়া ?



            বৰ্তমান অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰি‌ৱেশ ইমানেই কলুষিত হৈ পৰিছে যে সাধাৰণ জনসাধাৰণেও ন্যাৰ্য প্ৰাপ্যটো পাবৰ বাবে হয় অনিশ্চিত অপেক্ষা কৰিব লাগিব নহ’লে তাক টানি-আজুৰি কাঢ়ি আনিব লাগিব । বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চৰকাৰৰ সমাজমুখিতা ক্ৰমান্বয়ে হ্ৰাস পাইছে । মন্ত্ৰীসকলে নিজ নিজ বিভাগৰ অনুমোদিত ধনসমূহ ব্য‌ৱহাৰ নকৰাকৈয়ে সকলো‌ৱে কাগজ-কলমে হিচাপ-নিকাচ মিলাই আত্মসাৎ কৰাত ব্য‌স্ত হৈছে । সেইদৰে কেৰাণী-পিয়নৰপৰা আৰম্ভ কৰি বৰবাবু-সৰুবাবুসকলে খোজতে খোজ মিলাই তলৰ স্তৰৰপৰাই সৰু-ডাঙৰ অংকবোৰ মিলো‌ৱাত লাগিছে দলপতি বা নেতা সকলে আঁচনি তৈয়াৰ কৰে কে‌ৱল ভোটৰ আশাত– মানুহক আঁভু‌ৱা ভাৰিবলৈহে । ফলত মৰণ মিলিছে মূলত: দেশৰ খাঁটি খো‌ৱা সাধাৰণ  মানুহখিনিৰ বহু শিক্ষিত আঢ্য‌ৱন্তই কিবা সকামত যদি কোনো কাৰ্যালয়লৈ যাবলগীয়া হয়, তেন্তে সাধাৰণতেই কামটোৰ বাবে প্ৰয়োজনীয় সময়খিনিলৈ অপেক্ষা নকৰাকৈ বা অনুমোদিত পদ্ধতিটো অনুসৰণ নকৰাকৈ অন্য কোনো উপায়েৰে নিজৰ কামফেৰা কৰাই আনে । গতিকেই যাৰ হাতত টকা নাথাকে, তেনে দুখীয়া নিচলা মানুহবোৰৰ হৈ চিন্তা কৰিবলৈহে কোনো নাথাকে । এনেকি তেওঁলোকৰ প্ৰাপ্যৰ অংশক লৈও খো‌ৱা-কামোৰা হয় অন্য বিষয়া-কৰ্মচাৰীৰ মাজতনিজৰ দৰমহাৰ টকাৰে কাহানিও নোজোৰা এইসকল লোকৰ বাবেই যুঁজিব লগা হয় বহুতেই । দেখা যায় যে যিকোনো এটা কামতেই আপুনি যদি বাৰে বাৰে খাতি নাথাকে আৰু ওপৰ‌ৱালাৰ সতে মুখামুখি হৈ কথা নাপাতে তেন্তে সৰু হ’লেও কোনো এটা কামেই হৈ নুঠেগৈ । সেয়া লাগিলে পেঞ্চনৰ কাম-কাজেই হওঁক, মাটিৰ পট্টাই হওঁক, এনৰেগাৰ টকাকেইটাই হওঁক নতুবা আপোনাৰ ল’ৰা-ছো‌ৱালীহঁতৰ স্কুলত দিয়া চাউলকেইমুঠিয়েই হওঁক । ছাত্ৰ-ছাত্ৰীৰ জলপানী, নামভৰ্তি, আসন সংৰক্ষণ – এইবোৰৰ কথাতো বাদেই, ঘুৰাই পাবলগীয়া টকাটোও নুখুজিলে ওভোটাই নিদিয়ে বাচৰ কণ্ডাক্টৰে আজিকালি । এয়াই হৈছে আজিৰ অসম দেশৰ বিষম পৰিস্থিতি
         
 এই কথা আমাৰ বহুতেই ইতিমধ্যেই বুজি উঠিছে যে অন্যায়ৰ বিৰুদ্ধে আপুনি যদি অকলেই মাত মাতি থাকে, তেন্তে তাৰ পৰা কাহানিও কোনো ভাল ফলাফল বা পৰি‌ৱৰ্তন হো‌ৱাৰ আশা কৰিব নো‌ৱাৰিৰন্ধন গেছৰ ক্ষেত্ৰতে হওঁক বা বেংকৰ লেন-দেনৰ ক্ষেত্ৰতে হওঁক, কোনোবা এজনে শাৰীৰ আগত নীতিবহিৰ্ভূতভা‌ৱে গৈ যদি সুযোগ ল’ব বিচাৰিছে, এনেকি তেওঁকো আপুনি অকলে কৈ সৈ মনাব নো‌ৱাৰে যে এঘন্টা আগৰে পৰা আপুনি সেই শাৰীটোত থিয় হৈ আছে বুলি । উপস্থিত গোটেইখিনি মানুহে সমোচ্চৰে টেটুঁ ফালিলেহে যদি তেখেত লাইনৰ পাছলৈ আহিবলৈ বাধ্য হয় । গতিকেই ৰাজ্যখনৰ বৰ্তমানৰ কৰ্মসংস্কৃতিৰ ৰেহ-ৰূপ দেখি-শুনি-বুজি আমাৰ ৰাইজে নিশ্চয় বুজি উঠিছে যে সংগঠন খুলি ঐক্যবদ্ধ হৈ মাত নামাতিলে  আমাৰ গত্যোন্তৰ নাই । নিজৰ নিজৰ জাতিভিত্তিক, অঞ্চলভিত্তিক বা সে‌ৱাভিত্তিক দাবীসমূহ উৰ্ধতম মহলৰ ওচৰত উত্থাপন কৰিবৰ বাবে সংগঠন খোলাৰ বাদে বিকল্প নাই । সেয়েহে অসমত বৰ্তমানে ধুম উঠিছে সংগঠন খোলাৰ – পদপথৰ দোকানীৰ পৰা আৰম্ভ কৰি গৰিয়া-মৰিয়া,অনুসূচিত জাতি-জনজাতি,সাধাৰণ জাতি, টেট শিক্ষক, নাপিত সন্থা, কলেজ শিক্ষক, ড্ৰাইভাৰ সংস্থা, ছাত্ৰ পৰিষদ, জাতীয়তাবাদী, মৌলবাদী সকলো‌ৱেই আজি নিজা নিজা সংগঠন এটাৰেহে যেন সুৰক্ষিত অনুভ‌ৱ কৰিছে
        
বহু ডেকাল’ৰাৰ বাবে জনপ্ৰিয় সংগঠনত যোগদান কৰা বা নতুনকৈ এটা সংগঠন খুলি তাৰ বিষয়ববীয়া হো‌ৱাটোও একপ্ৰকাৰৰ উচ্চাকাংক্ষা দেখা যায়, শিক্ষিতই হওঁক বা নিৰক্ষৰেই হওঁক - এটা সংগঠনৰ সদস্য বা মূৰব্বী হ’বলৈ মানুহবোৰৰ কিমান যে হাবিয়াস ! সংগঠনৰ কাম-কাজৰ মাজেৰে নিজৰ স্থিতি(!) সমাজত দাঙি ধৰিব পাৰিব আৰু নিউজ-চেনেলে তাত ঘিঁউ ঢালি তিলটোকে তাল কৰিব পাৰিব –এইবোৰৰ বাবেই বহুজনে এতিয়া উঠিপৰি লাগিছে । (আমাৰ বহু অভিভা‌ৱকে আকৌ দূৰদৰ্শনত ওলাই থকা ডেকাটোলৈহে জীয়েকক বিয়া দিবলৈ বিচাৰে ।) মহাবিদ্যালয়, বিশ্ববিদ্যালয়তো ডেকাসকলে ছোৱালীৰ অন্তৰ জিকিবলৈও সক্ষম হয় এই সংগঠন ‘খেলা’ৰ জৰিয়তেই । সেইবাবেই আজি বহু নিবনু‌ৱা যু‌ৱকৰ বাবে ‘সংগঠন’ৰ সক্ৰিয় সদস্য বা ৰাজ্যিক পৰ্যায়ৰ পদবী লাভ কৰাটো হেনো ‘এইম ইন লাইফে’ই হৈ পৰিছে ইয়াৰ কাৰণ হৈছে, বৰ্তমানে এটা সংগঠনে এটা বৃহত্তৰ জনসমষ্টিৰ দা‌ৱীসমূহৰ হকে যুঁজাতকৈ বেছিকৈ যুঁজিব পাৰে বিষয়-ববীয়াসকলৰ ব্যক্তিগত স্বাৰ্থসিদ্ধি বা অৰ্থ উপাৰ্জনৰ বাবেহে । সংগঠনৰ নাম লৈ চান্দা তোলাটো আজিকালিৰ সক্ৰিয় ডেকাল’ৰা এজনৰ স্বভা‌ৱজাত প্ৰবৃত্তিলৈ পৰ্যবেসিত হৈছে । এনেকি সমগ্ৰ অসমীয়া জাতিটোৰ হৈ মাত মাতি অহা কেইবাটাও ঐতিহ্যপূৰ্ণ সংগঠনৰ বহু শাখা সমিতিবোৰেও অসমৰ নানান ঠাইত অনা-অসমীয়াসকল, ব্য‌ৱসায়ীসকল বা সমাজৰ আঢ্য‌ৱন্তসকলকে লক্ষ্য হিচাপে লৈ বছৰৰ পিছত বছৰ বিভিন্ন অজুহাতেৰে শকত পৰিমাণৰ চান্দা উঠাই হাৰাশাস্তি কৰি আহিছে ।  এইধৰণৰ অৰ্থ সংগ্ৰহৰ কোনো হিচাপ-নিকাচ ৰাজহু‌ৱা কৰা নহয় আৰু বিনা দ্বিধাৰে ক’ব পাৰি যে এনে বৃহৎ পূঁজিৰ অধিকাংশই কে‌ৱল বিষয়-ববীয়াসকলে আত্মসাৎ কৰে । গতিকেই আমাৰ এলেহু‌ৱা ডেকাসকলৰ বাবে এইটো এটা “কম কষ্টৰেই সোনকালে ধনী হ’বপৰা” এটা সহজতম উপায়
         
 বহু শিক্ষিত ডেকাই নিজৰ বাবে চাকৰি এটাৰ ‘যোগাৰ’ কৰিবৰ বাবে সংগঠনৰ পথ গ্ৰহণ কৰে । উচ্চতম কৰ্তৃপক্ষৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰি আৰু জাতিগত সংৰক্ষণ ,স্থানীয় নিবণু‌ৱাক প্ৰাধান্য দিয়া অথবা অন্য স্পৰ্শকাতৰ বিষয় উত্থাপন কৰি নিজৰ বা আত্মীয়-স্বজনৰ চাকৰিটো সুনিশ্চিত কৰাৰ পাছত আন দহোজনকো চাকৰি দিয়াবলৈ ঠিকা লাভ কৰে । এইসকল শিক্ষিত যু‌ৱকে অধিকাৰ সাব্যস্ত কৰাৰ নামত যে সমাজত দুৰ্নীতিৰ পাশা খেলিছে, সেয়া নিশ্চিত ।
         
 আন বহুতো যু‌ৱ-সংগঠনে আকৌ ৰাজনৈতিক দলসমূহৰ পোনপটিয়া দালাল হিচাপে কাম কৰা দেখা যায়। এনে যু‌ৱ-সংগঠনসমূহে মহাবিদ্যালয়ৰ নিৰ্বাচনত নিজা প্ৰাৰ্থীক অৰ্থসাহাৰ্য দান কৰাৰ লগতে শাৰিৰীক বলপ্ৰয়োগেৰেও প্ৰভুত্ব দেখু‌ৱাবলৈ যো‌ৱা পৰিলক্ষিত হয় । সেইদৰে দেখা পো‌ৱা গৈছে যে অসমৰে বহু নামী-দামী বিশ্ববিদ্যালয়ত নিজা ৰাজনৈতিক কূটকৌশল প্ৰয়োগ কৰি বহুকেইটা সংগঠনে বিভিন্ন পাঠ্যক্ৰম তথা ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসৰ আসন নিজৰ দখলত ৰাখে । এনে সংৰক্ষিত আসনসমূহৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংগঠনসমূহে বহু লাখটকাৰ ব্য‌ৱসায় চলাই থাকে বুলি গম পো‌ৱা যায়  এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠানত এইধৰণে ৰাজনীতি আৰু দুৰ্নীতিৰ বিষবাস্প বিয়পো‌ৱা কাৰ্য অতিকেই গৰিহণাযোগ্য । আমাৰ ছাত্ৰ-নেতাসকলে এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰত থাকিব পাৰিলেহে নিকা আৰু সৎভা‌ৱে ছাত্ৰসমাজৰ সে‌ৱা আগবঢ়াব পাৰিব ।
      
 সংগঠিত হো‌ৱাটো নি:সন্দেহে এটা ভাল কথা । একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ বাবে এটা সংগঠনৰ প্ৰয়োজনীয়তাক নুই কৰিব নো‌ৱাৰি । কিন্তু সংগঠনৰ নামত কে‌ৱল দুই-চাৰিজন বিপুলভা‌ৱে উপকৃত হো‌ৱা আৰু হাজাৰজনক অন্য প্ৰকাৰে নিস্পেষিত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য ধাৰণা নহয় । সংগঠনকেই নিজৰ পেট-মোকলো‌ৱাৰ আহিলা বা জী‌ৱনৰ পেছা হিচাপে লো‌ৱাটো এটা অতি লজ্জাকৰ কাৰ্য চাকৰি নাপাই অ‌ৱশেষত সংগঠনত যোগ দিয়াটো তাতোকৈ পুতৌলগা কাম । চাকৰি এটা নহ’লেও নিজৰ জী‌ৱনটো সুন্দৰভা‌ৱে গঢ়ি তুলিবলৈ আৰু আন বহু পন্থা আছে যিবোৰৰ বিষয়ে আমাৰ ডেকা-গাভৰু‌ৱে এতিয়াও অনুসন্ধান কৰিবলৈ ইচ্ছুক হো‌ৱা নাই । প্ৰকৃত সমাজ-সে‌ৱাৰ উদ্দেশ্য কাহানিও ব্যক্তিগত মুনাফা লাভ হ’ব নো‌ৱাৰে ।
     
 শিপা নোহো‌ৱা জাতি এটাৰ দৰে বৰ্তমানে অঞ্চলভিত্তিত বা সম্প্ৰদায়ভিত্তিত ছিন্ন-বিচ্ছিন্ন হৈ আমি নিজা নিজা দা‌বীৰে বড়োলেণ্ড, কমতাপুৰ বিচৰাৰ সলনি যদি একেখনি অসম ভূমিতে  সমিলমিলেৰে বসবাস কৰি বৃহত্তৰ অসমীয়া জাতি এটা গঢ়ি তুলিব পাৰো, তাতোকৈ সুখৰ মূহুৰ্ত আৰু কি হ’ব পাৰে? তাৰ বাবেহে আমি সংগঠিত হো‌ৱা উচিত । অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিটো সমস্যাৰ বাবে আমি একগোট হৈ মাত মতা উচিত । বানপানী, গৰাখহনীয়া, সন্ত্ৰাসবাদ, বন্যপ্ৰাণী হত্যা, ডাইনী হত্যা, ধৰ্ষণ, অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা- এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈহে বৰ্তমানে আমাক এটা অনানুষ্ঠানিক সংগঠনৰ দৰকাৰ, য’ত প্ৰতিজন অসমীয়াই হ’ব সক্ৰিয় সদস্য আৰু প্ৰতিজনেই হ’ব বিষয়ববীয়া -- যিয়ে আমাক দহোজনৰ দুখত সমভাগী হ’বলৈ শিকাব আৰু দুৰ্নীতি, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস দিব ।
                                  -------------------০০০------------------

Thursday, April 9, 2015

বিহু শিল্পী, শিল্পীৰ বিহু আৰু আয়োজক


বিহুক অসমীয়াৰ জাতীয় গৌৰ‌ৱ তথা বাপতি-সাহোন বুলি কো‌ৱা হয় । কো‌ৱা হয় যে অসমীয়াৰ ধমনীৰ কোষে কোষে হেনো বিহুৰ অনুভূতি প্ৰ‌ৱাহমান । অ‌ৱশ্যেই এটা জাতীয় উৎস‌ৱ হিচাপে এনে বিভূষণক কোনোপধ্যেই অত্যুক্তি বুলি ক’ব নো‌ৱাৰি । কিন্তু বৰ্তমান সময়ত অসমীয়া ডেকা-ডেকেৰীৰ গাত নিজৰ অতিকেই আপোন এই উছ‌ৱটিৰ প্ৰতি অলপো উছাহ-উদ্দীপনা জাগি উঠা পৰিলক্ষিত হয় নে ? প্ৰকৃতিয়ে এই ন ৰূপ লো‌ৱাৰ সময়ত আমাৰ কিশোৰ-কিশোৰী, ডেকা-গাভৰুৰ মুখেৰে নিজে নজনাকৈয়ে এফাঁকি বিহুনাম ওলাই আহে নে ? তাঁতশালৰ সলনি পঢ়া-মেজ, দূৰদৰ্শন অথবা মোবাইল-কম্পিউটাৰ লৈ ব্যস্ত  থকা আমাৰ সোণজনীকো জানো ঢোলৰ ছে‌ৱে দেহ-মন উতলাব পাৰে নে আজিকালি ?
       আধুনিকতাৰ পৰশ পাই বৰ্তমানে যে পূৰ্বৰ সেই মুকলি বিহুও নাই আৰু বিহু‌ৱে দেহত তোলা পিৰপিৰনিও নাই, সেই কথা আমি অবাঞ্চিত হ’লেও স্বীকাৰ কৰিবই লাগিব । আৰু এনে ৰূপান্তৰণৰ লগতে খাপ খো‌ৱায়েই উছ‌ৱটিক অনাগত সময়ৰ বাবে আমাৰ ন-প্ৰজন্মৰ হাতত তুলি দিব লাগিব। এই মূহুৰ্ততো আমাৰ বহু কৃষ্টিপ্ৰেমী শিল্পীয়ে থলু‌ৱা লোক-বাদ্য যেনে ঢোল,তাল,পেঁপা,গগণা,সুতুলীক জীয়াই ৰাখি তাৰ চৰ্চা কৰি জনপ্ৰিয় কৰাৰ স্বাৰ্থত কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন কৰি যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলক সঁচাই শলাগ ল’ব লাগিব । ইয়াৰ মাজতে বহু প্ৰচাৰবিমুখ থলু‌ৱা শিল্পীয়ে তেখেতসকলৰ জন্মগত প্ৰতিভা ন-প্ৰজন্মৰ হাতত গতাই দিবলৈ নৌপাওঁতেই হয়তো এই সংসাৰৰপৰা মেলানি মাগিছে । তদুপৰি আজিকালিৰ তথাকথিত বহু ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্ৰাজ্ঞী’তকৈ হাজাৰগুণে নিখুঁত আৰু স্বকীয় থলু‌ৱা বিহু নাচ জনা বিহু‌ৱতী হয়তো আমাৰ গা‌ৱেঁ-ভূঞেঁ ওলাব, যিসকলে গ্লেমাৰ বা অৰ্থৰ অভা‌ৱত মঞ্চ নতুবা দূৰদৰ্শনৰ পৰ্দা কঁপাবলৈ সুযোগ পো‌ৱা নাই । আমি কিন্তু তেনে বিহু‌ৱা বা বিহু‌ৱতীকহে প্ৰকৃত বিহু শিল্পী বুলিবলৈ সাহ কৰিম ।
       মঞ্চৰ বিহু‌ৱে নি:সন্দেহে উৎস‌ৱটিক ‘গ্লেমাৰ’মুখী কৰিছে আৰু ন-প্ৰজন্মৰ কাষ চপাইছে । কিন্তু বিহুৰ প্ৰাকৃতিক মাদকতা আৰু স্বয়ংক্ৰিয় এক উৎস‌ৱমুখৰ পৰি‌ৱেশ গঢ়ি তোলাত আজিও কিন্তু আমাৰ বিহু সন্মিলনী বা বিহু উদযাপন সমিতিসমূহ সফল হো‌ৱা নাই । শ্ৰেষ্ঠ হুঁচৰি দল, বৰ বিহু‌ৱা,সৰু বিহু‌ৱা,বৰ বিহু‌ৱতী,সৰু বিহু‌ৱতী, শ্ৰেষ্ঠ বিহু দল, শ্ৰেষ্ঠ বিহু‌ৱতী আদি নানা শিৰোনামাৰে অলেখ-অজস্ৰ প্ৰতিযোগিতা আমি পাতিছো সঁচা; কিন্তু ঢোল-পেঁপাৰ ছে‌ৱত এপাক নাচিবলৈ কিমানজন কিশোৰ-কিশোৰীৰ দেহ-মনক উদ্বুদ্ধ কৰিব পাৰিছো তাৰ জানো কিবা খেয়াল আমি ৰাখিছো ? চাদৰ-মেখেলা বা গামোছা-টঙালি ব’বলৈ আৰু লাড়ু-পিঠা বনাবলৈ আমাৰ কেইজনী ছো‌ৱালীক আমি উৎসাহিত কৰিছো, সেয়াও এক ভা‌ৱি চাবলগীয়া বিষয় । শুনিবলৈ পো‌ৱা যায় যে মঞ্চত বিহু নাচি ‘বিহু‌ৱতী’ বুলি পুৰস্কৃত হ’বলৈও বোলে বৰ্তমানে বহু শকত পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় । এনে দৃষ্টিৰে চাবলৈ গ’লে বিহু পতা, বিহুত নচা, বিহুৰ বিচাৰক হো‌ৱা এই সকলো কথাতে দেখোন কুটনীতিৰ জটিল পাক সোমাই আছে । আৰু যদি সঁচাই সেয়া হৈ আছে, তেন্তে আজিৰ বিহু গৈ যে এদিন কে‌ৱল ‘আঢ্য‌ৱন্ত সকলৰ ফেছন’ হিচাপেহে পৰিগণিত হ’বগৈ, সেয়া নিশ্চিত ।
       বিহুৰ আয়োজকসকলে, স্বেচ্চাসে‌ৱী গোটসমূহে অথ‌ৱা হুঁচৰি দলসমূহে আমাৰ প্ৰতিঘৰতে থকা ল’ৰা-ছো‌ৱালীবোৰক আঁকো‌ৱালি লৈ বিহুৰ অনুশীলন কৰিবলৈ দিয়া উচিত । বিহু উদযাপনত আগৰণু‌ৱাসকলে সমাজৰ প্ৰতিজন মানুহকে যদি বিহুৰ স্বাভা‌ৱিক ৰীতি-নীতি আৰু  পৰম্পৰাখিনিৰ লগত চিনা-পৰিচয় কৰাই অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰাব পাৰে, তেতিয়াহে কিন্তু অসমীয়াৰ এই বাপতি-সাহোন বিহুটিয়ে আমাৰ প্ৰত্যেকৰে অন্তৰত স্থান ল’ব পাৰিব । সমিতিসকলে অঞ্চলৰ প্ৰ‌ৱীণ বিহু‌ৱা বা বিহু‌ৱতীসকলক এই কাৰ্যসূচীবোৰৰ অংশীদাৰ কৰি ল’লে তেওঁলোকৰ পৰা বহুখিনি শিকিবও পাৰিব ।
       যিসময়ত বিহুৰ স্বকীয়তা বজাই ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বঢ়ো‌ৱাৰ বাবে বিহু উদযাপন কৰা সন্মিলনীসমূহৰ ওপৰত আমি আশা আৰু ভৰসা কৰিব বিচাৰোঁ, সেইসময়ত কিন্তু এনে সমিতিসমূহৰ কিছুমান কথা-কাণ্ডই আমাক হতভম্ব কৰিছে । সস্তীয়া জনপ্ৰিয়তা আৰু ব্যক্তিগত মুনাফা লাভৰ অৰ্থে আজিকালি প্ৰায় সকলোবোৰ সমিতিয়েই মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি ব্য‌ৱসায়িক লাভালাভাক লৈ অংক কৰাহে দেখা যায । দা‌ৱী-ধমকিৰে শকত পৰিমাণৰ চান্দা উঠাই এই সমিতিবোৰে বৰ্তমানে ভদ্ৰ ডকাইতৰ ৰূপ লৈছে । কোনে কিমান নামী-দামী তাৰকা-শিল্পীক নিমন্ত্ৰণ জনাই নিউজ-চেনেলৰ চৰ্চাৰ বিষয় হ’ব পাৰি অথবা ‘লাইভ-টেলিকাষ্ট’ কৰাব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে, এনে অনুভ‌ৱ হয় । সেইবাবেই আজিকালি বিহু উদযাপনৰ ক্ষেত্ৰত মুখ্য আকৰ্ষণ বিহু নহয়, হয়গৈ কোনো এজন গায়ক বা গায়িকাহে । বৰ বৰ পোষ্টাৰ-হোৰ্ডিঙত আজিকালি বিহু কঢ়িয়াই আনে জুবিন-পাপন বা দীক্ষু-জুবলীয়েহে । আৰু এই শকত –পাৰিতোষিকেৰে বন্দো‌ৱস্ত হো‌ৱা আমাৰ মৰমৰ শিল্পীসকলে উছ‌ৱৰ নিশা আমাক শুনায় ড্ৰাম,গীটাৰ, ঢুলুকীৰে অলংকৃত হো‌ৱা আধুনিক বিহুগীত ।
       আমাৰ অনুৰোধ, সংশ্লিষ্ট সকলো‌ৱে যেন বিহুৰ নামত ব্য‌ৱসায় কৰা বন্ধ কৰি এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে চিনাকী দিয়ক আৰু আৰ্থ-সামাজিক নানান সমস্যাৰে জৰ্জৰিত এই সংকট মূহুৰ্তত বিহুৰ জৰিয়তেই সমাজত একতা স্থাপন কৰি এক বৃহত্তৰ সুৰুচীসম্পন্ন সংস্কৃতি‌বান জাতি গঠন প্ৰক্ৰিয়াত প্ৰত্যেকেই অহিৰণা যোগাওক।
  -------------------------------------০০০--------------------------------------

Thursday, April 2, 2015

মন্ত্ৰীসকলৰ জনমুখিতা





        উদাত্ত কণ্ঠেৰে আৱেগ-বিহ্বল ভাষাৰে এজন জননেতাই আমি দৈনন্দিন জী‌ৱনত ভুগি থকা যাতনা বা বঞ্চনাৰ বিৰুদ্ধে যেতিয়া মাত মাতে, দূৰদৰ্শনৰ পৰ্দাতেই হওঁক অথবা মুকলি মঞ্চতেই হওঁক, সেয়া দেখি আমাৰ মনৰ কোনো একোণত সেই নেতাৰ প্ৰতি সহৃদয় ভা‌ৱ জাগি উঠে । আমি এইবুলি ভা‌ৱিবলৈ লওঁ যে – হয়, কোনেও নুবুজিলেও, কোনেও নুযুঁজিলেও অন্ত:ত সেই নেতাজনেই আমাৰ দুখ-কষ্টৰ কথা বুজিছে । আমাৰ সকলোৰে হৈ তেওঁকেই আগু‌ৱাই দিলে আমি অন্যায়ৰ বিৰুদ্ধে হো‌ৱা যুঁজত জিকিম আৰু ন্যায়েৰে আমাৰ প্ৰাপ্যখিনি আদায় কৰিব পাৰিম । কিন্তু আজিৰ সময়ত অৰ্থসৰ্বস্ব আৰু স্বাৰ্থজড়িত এই ৰাজনীতিত  আমি সম্পূৰ্ণ ভৰসা কৰা আমাৰ নেতাজনে সঁচাকৈয়ে আমাৰ আশা পূৰণ কৰিব পাৰিছে নে ? ৰাইজৰ সেই প‌ৱিত্ৰ আকাংক্ষাৰ প্ৰতি তেখেতৰ নিষ্ঠাপূ্ৰ্ণ সহযোগিতা দূৰদৰ্শনৰ কেমেৰা বা মঞ্চৰ মাইক্ৰোফোনৰ পৰা নিলগত ব্যক্তিগত স্বভা‌ৱ-চৰিত্ৰ বা আচৰণ-বিধিত আমি প্ৰতিফলিত হো‌ৱা দেখিছো নে ? বৰ্তমানে সেই প্ৰশ্নৰ উত্তৰ ৰাইজে চালিজাৰি চো‌ৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।




জাগীৰোডত অ‌ৱস্থিত নগাওঁ কাগজ কলে বহু বছৰধৰি লোকচানৰ সমুখীন হৈ থকা বাবে সংস্থাটোৰ পৃষ্ঠপোষকতাত চলি থকা কেন্দ্ৰীয় বিদ্যালয়খনি বন্ধ কৰি দিয়াৰ প্ৰস্তা‌ৱ উত্থাপিত হৈছে যিহেতু বিদ্যালয়খনৰ লগত বহু ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীৰ ভ‌ৱিষ্যৎ জড়িত হৈ আছে আৰু কেন্দ্ৰীয় বিদ্যালয় এখনে অঞ্চল এটাৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ভালেখিনি অ‌ৱদান আগবঢ়ায়, গতিকেই স্থানীয় ৰাইজে বিচাৰিছে যে সেই বিদ্যালয়খনি সুকলমে চলি থাকক কিন্তু ইয়াৰ বাবে কেন্দ্ৰীয় মান‌ৱ-সম্পদ বিকাশ মন্ত্ৰালয়ৰ সতে যোগাযোগ কৰি সংশ্লিষ্ট মন্ত্ৰীৰ ওচৰত আৱেদন দাখিল কৰা আৰু আলোচনাত বহা কামটো অতিকেই জৰুৰী । এনে এটা গুৰুত্বপূৰ্ণ কামৰ বাবে আমাৰ স্থানীয় অনভিজ্ঞ ৰাইজে ৰাজধানীলৈ নিজে যো‌ৱাৰ আগতে দিল্লীৰ লগত সদায় উঠা-বহা কৰি থকা স্থানীয় সাংসদ এগৰাকীকে সূত্ৰধাৰ হিচাপে ল’বলৈ আলচ কৰিলে আৰু সেইমৰ্মে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰ‌ৱীণ সাংসদজনৰ বাসভ‌ৱনত আগতীয়াকৈ সাক্ষাৎকাৰৰ সময়-সূচী থিৰাং কৰি যথাসময়ত বিদ্যালয়ৰ মূৰব্বী প্ৰমুখ্যে পাঁচ-ছয়জনমান মুখিয়াল ব্যক্তি উপস্থিত হ’ল । কিন্তু দাৰো‌ৱান তথা ব্যক্তিগত সহায়কাৰীয়ে তেওঁলোকক জনালে যে সাংসদ আজি ঘৰত নাই ! পূৰ্বে-নিৰ্ধাৰিত সময়তে উপস্থিত হৈয়ো জনপ্ৰতিনিধিজনক লগ কৰিবলৈ নাপাই আটাইকেইজনেই হা-হুমুনিয়াহ কাঢ়িলে । আধাঘন্টামান সময় বাহিৰৰ ফুলনিতে ঠিয় হৈ কি কৰিব কি নকৰিব তাৰে গুণা-গঁঠা কৰি থাকোতেই সাংসদৰ ঘৰত উপস্থিত হ’ল  তেখেতৰ ঘনিষ্ঠ কোনো অতিথিৰ দল। মুহুৰ্ততে ঘৰৰ ভিতৰৰ পৰা সাংসদ ওলাই আহিল আৰু অতিথিক উষ্ম আদৰণি জনাই আথে-বেথে ভিতৰলৈ লৈ গ’ল বিদ্যালয়ৰ দলটিক দেখা পাই সাংসদে ধমকি দি ক’লে- “হেৰৌ গাধহঁত, তহঁতক মই আগেয়েই আহিবলৈ কৈছিলো, নাহিলি। এতিয়া কাৰ লাওখোলাটো কৰিবলৈ আহিছ? এতিয়া মোৰ সময় নাই ”ইয়াৰ আগতে এবাৰো লগ নোহো‌ৱাকৈয়ে তেখেতে কেতিয়ানো আগতীয়াকৈ আহিবলৈ কৈছিল সেই কথা ভা‌ৱি দলটি অপ্ৰস্তুত হ’ল ।  তথাপি সুযোগ উলিয়াই এজনে জনালে যে তেখেতক শুভেচ্ছা জনাবৰ বাবে গামোচা আৰু শৰাই অনা হৈছিল, অন্ত:ত সেয়া যদি তেওঁ গ্ৰহণ কৰে, তেন্তে দলটি নথৈ আনন্দিত হ’ব । কিন্তু হাজাৰ হাজাৰ গামোচা উপহাৰ হিচাপে পো‌ৱা সাংসদজনৰ বাবে বিনা শ্ৰোতা-দৰ্শকেৰে ছজন মানুহে নিজৰ ঘৰতে এখন গামোচা বা শৰাই যঁচা কাৰ্যটো আছিল যেন এক অপমানৰ সমান । গতিকেই মঞ্চ আৰু কেমেৰাত ৰাইজৰ সুখ-দুখৰ হিচাপ লো‌ৱা জননেতাগৰাকীয়ে এইবাৰ নিজ ব্যক্তিত্বৰ ফোঁপোলা স্বৰূপ উদঙাই যি বাক্যবাণেৰে দলটিক থকা-সৰকা কৰিলে, তাৰ পাছত আৰু এবাৰো নেতাৰ কথাত বিশ্বাস নকৰিবলৈ পণ লৈ দলটি বিফল মনোৰথে ঘুৰি আহিবলৈ বাধ্য হ’ল । কোনো ব্যক্তিগত স্বাৰ্থ নথকা, এক পইচাৰো ইফাল-সিফাল কৰিব নো‌ৱাৰা, এটা সামাজিক কামৰ বাবে এজন জননেতাক লগ কৰিবলৈ যো‌ৱা কথাটো নিতান্তই স্বাভা‌ৱিক আৰু প্ৰয়োজনীয় আছিল, য’ত আমাৰ অহংকাৰী নেতাই সহায়ৰ হাত আগবঢ়ো‌ৱাৰ সলনি দি পঠালে দাবী-ধমকি এই সঁচা ঘটনাটোৰ দৰে অনুৰূপ উদাহৰণ এয়াই একমাত্ৰ নহয় নেতাৰ পাছে পাছে দৌৰি নুফুৰা, সমাজত ৰাজনৈতিক দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলো‌ৱাত অংশগ্ৰহণ নকৰা, আঁচনিৰ কামত কমিছনৰ অংকৰ লগত জড়িত নোহো‌ৱা আৰু ভোটবেংকৰ সন্ধান দিব নো‌ৱাৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আমাৰ দেশৰ প্ৰতিজন নেতাৰে এনেধৰণৰ হেমাহি তথা অ‌ৱজ্ঞা দেখা পো‌ৱা যায় । কাৰণ , নেতাৰ দৃষ্টিত তেনে এজন মানুহ তেওঁৰ ‘কুচ্ছ কাম’ৰে মানুহ নহয় । আচৰিত হ’বলগীয়া কথাটো এয়ে যে সেই একেজন নেতাই কিন্তু আন বহুজনৰ বাবে হয়তো ভগ‌ৱানতকৈ এখোপ ওপৰৰ স্তৰৰ ত্ৰাণকৰ্তা হিচাপে ৰূপ ধাৰণ কৰিব পাৰে

       
         অতি দুখৰ কথা যে আমাৰ দেশৰ প্ৰায় নব্বৈ  শতাংশতকৈয়ো অধিক নাগৰিকক নিৰ্বাচনৰ আগে আগে  নিজৰ চল-চাতুৰি,বাক-পটুতা বা লেপ-কম্বলেৰে প্ৰভা‌ৱান্বিত কৰি এইসকল নেতাই ভোট সৰকাবলৈ  সক্ষম হয় এনেকি বহু বিবেকবান মানুহো নেতাৰ এই অভিনয়বোৰত ভোল যো‌ৱা দেখা যায় যদিওবা কোনো কোনো নেতা এটা সময়ত সঁচা অৰ্থত সৰ্বসাধাৰণৰ বন্ধু বা সুহৃদ হ’ব পাৰিছিল, এবাৰ মাত্ৰ নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছতে তেখেতৰো আ‌ৱাস-চৌহদৰ চাৰিবেৰৰ উচ্চতা বাঢ়ে ; ঘৰ গৈ প্ৰাসাদোপম অট্টালিকাত পৰিণত হয় গতিকেই কিজানি  বহু প্ৰাৰ্থী বা নেতাই গা‌ৱেঁ-ভূঞেঁ খেতিয়কৰ লগত কৃষিকৰ্ম কৰি, বিহু‌ৱাৰ লগত বিহু নাচি, খেলু‌ৱৈৰ লগত খেল খেলি বা সাহিত্য সম্বন্ধীয় মেল-মিটিঙতো তত্ত্বগধুৰ বক্তৃতা দি ৰাইজক নিজৰ সমাজমুখিতাৰ প্ৰমাণ দেখু‌ৱাবলৈ তৎপৰ হয় । কাহানিও নিজৰ ঘৰত ঘৰু‌ৱা কাম এটা কৰি নোপো‌ৱা নেতাজনেও নিজকে মাটিৰ মানুহ বুলি বুজাবৰ বাবেই কেমেৰাৰ আগত দুই মিনিটৰ বাবে হাতত ঝাৰু তুলি লো‌ৱা দেখা যায়।

       
         প্ৰশ্ন হয়, নিজকে ৰাইজৰ বন্ধু বুলি দাবী কৰা আমাৰ দেশৰ নেতা পালিনেতাসকলে বিলাসী গাড়ী বা বাতানুকুল ঘৰৰ ভিতৰত বহি কিদৰে সৰ্বসাধাৰণৰ দুখ-কষ্ট বুজিবলৈ সক্ষম হয় ? আমি কাহানিও দাবী কৰিব নো‌ৱাৰো যে মন্ত্ৰী-বিধায়কে সা-সম্পত্তিৰ পাহাৰ গঢ়িব নো‌ৱাৰিব বুলি । আৰু আমি এই দা‌ৱীও কৰা নাই যে আমাৰ নেতাজনে আমি সদায় খো‌ৱাৰ দৰে শাকে-পিতিকাৰেই ভাত খাব লাগিব, আমাৰ দৰেই উৰুখা পঁজাত থাকি আমাৰ বাবে যুঁজিব লাগিব । এইটোও নিবিচাৰো যে, মন্ত্ৰী-বিধায়কে নিজৰ পকেটৰপৰা টকা খৰছ কৰি আমাক উদ্ধাৰ কৰকহি । কিন্তু আমি কামনা কৰো, খাতি খো‌ৱা ৰাইজৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া প্ৰতিটো সুবিধা যাতে প্ৰতিজন উপযুক্ত নাগৰিকে পাওঁক, চৰকাৰী ধনৰ উচিত ব্য‌ৱহাৰ হওঁক আৰু বিনামূলীয়া কোনো আঁচনিৰ বাবে যাতে উপভোক্তাই এটা টকাও খৰছ নকৰাকৈ উপকৃত হওঁক ।

       
         মৰিগাওঁ, নগাওঁ, জাগীৰোডৰ দৰে গু‌ৱাহাটীৰ দাঁতিকাষৰীয়া ঠাইলৈও বিভিন্ন সকামত যাবলগীয়া হ’লে  বৰ্তমান অসমৰ মুখ্য মন্ত্ৰীজনে যাতায়তৰ বাবে চৰকাৰী উৰাজাহাজ ব্য‌ৱহাৰ কৰে ।
ওপৰে ওপৰে চাবলৈ গ’লে, এখন ৰাজ্যৰ মুখ্য  মন্ত্ৰী এজনে এনে সুবিধা লো‌ৱাত কাৰো আপত্তি থাকিব নালাগিছিল । কিন্তু যিটো কামৰ বাবে মাত্ৰ এঘন্টা-দেৰঘন্টা সময় বচাই ৰাজকোষৰপৰা লাখ টকাৰ (অপ)ব্য‌ৱহাৰ কৰা হৈছে, সেই কামটো‌ৱে নিকাভা‌ৱে জনতাৰ চোতাল ছুব গৈ  পাৰিছে নে নাই সেয়া মুখ্য মন্ত্ৰী মহোদয়ে এবাৰ ভা‌ৱি চায় নে ? এই সৰু উদাহৰণটো‌ৱেই নিশ্চয় মন্ত্ৰীসকলৰ জনমুখিতাৰ প্ৰমাণ দিয়ে । যাৰ হৃদয়ত খাতি খো‌ৱা দৰিদ্ৰজনৰ ক্ষুধাৰ অনুৰণন ঘটে, যিয়ে এটোপাল বৰষুণৰ বাবে অপেক্ষাৰত কৃষকৰ হাহাঁকাৰ চিত্তৰ কৰুণ বিননি শুনে, যিয়ে সেই লুন্ঠিত আৰু নিৰ্যাতিত অবলা নাৰীৰ ক্ৰন্দনত দুখী হয়, লুইতৰ বুকুত জাহ যো‌ৱা ঘৰ-বাৰীৰে শূন্য হো‌ৱাজনৰ বুকুৰ ধপধপনিয়ে যাৰ মনত বেজাৰ দিব পাৰে, --তেনে এজন প্ৰকৃত জননেতাই কিন্তু কাহানিও আলাস-বিলাসৰ এই আড়ম্বৰপূৰ্ণ ৰাজকীয় জী‌ৱন কটো‌ৱাৰ পক্ষপাতিতা নকৰিব । বৰ্তমান ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰধান প্ৰাৰ্থক্যটো এইখিনিতেই । প্ৰায় সমান কাৰ্যকালত বহি থকা এই দুজন মুখ্য মন্ত্ৰীৰ এজনে মন্ত্ৰীসকলৰ দৰমহা দেশৰ ভিতৰতে অভিলেখকাৰী হাৰত বৃদ্ধি কৰিছে আৰু আন এজনে নিজৰ প্ৰাপ্য দৰমহাৰ সকলোখিনি ৰাইজৰ কামত লগো‌ৱাৰ উদ্দেশ্যে দলক দান কৰি আহিছে ।

       
           এতিয়া নিৰ্বাচনৰ আগে আগে পুণৰ ঢৌ উঠিছে, যো‌ৱা ১৪ টা বছৰে কিমান খিনি ‘ৰাইজৰ কাম’ চৰকাৰখনে ৰূপায়িত কৰিলে তাৰ হিচাপ সমাজৰ আগত দাঙি ধৰাৰ । বাতৰি-কাকত, নিউজ-চেনেল সকলোতে এনে সফল কাম কাজৰ খতিয়ানবোৰ চালে এনে লাগে যেন অসমৰ কোনো এটা অঞ্চলেই কাহানিও কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই । পিছে সেই আঁচনিবোৰ কাগজৰ হিচাপমতেই সফল আৰু দুৰ্নীতিমুক্ত হৈছে নে ? আমাৰ বোধেৰে, নিত্য নতুন আঁচনিৰ ঘোষণা বা চলি থকা আঁচনিৰ সংখ্যাগত তথ্য প্ৰচাৰৰদ্বাৰা অসমৰ ৰাইজক পুণৰ এবাৰ মিছা আশা দিয়াৰ পৰি‌ৱৰ্তে জনপ্ৰতিনিধিসকলে যদি ৰাইজৰ কাষলৈ গৈ মুকলিমূৰীয়াকৈ তেওঁলোকৰ অভিযোগ-আপত্তি শুনিবলৈ আৰু নেতাৰ দৃষ্টিত তেনেই সাধাৰণ যেন লগা সেই ৰাজহু‌ৱা অসুবিধাসমূহ যদি যথাসাধ্য অতি সোনকালে আঁতৰাবলৈ চেষ্টা কৰে, তেতিয়াহে তেনে এখন চৰকাৰ ৰাইজৰ প্ৰিয়ভাজন হ’ব পাৰিব ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...