লেখা অনুসন্ধান কৰক

Tuesday, July 8, 2014

অসম সাহিত্য সভাৰ বাস্ত‌ৱ সমস্যা আৰু সমাধান বিষয়ক এটি কথোপকথোন


চাকৰিসূত্ৰে মই যো‌ৱা চাৰি-পাঁচ বছৰে ঘৰৰপৰা দূৰত আছো । গতিকে যেতিয়াই ঘৰলৈ যো‌ৱা হয় তেতিয়াই আমাৰ চুবুৰী,গাওঁ তথা এলেকাটোৰ ভাল-বেয়া সকলোধৰণৰ পৰি‌ৱৰ্তন সততেই চকুত পৰে । মই স্কুল-কলেজত পঢ়ি থকালৈকে দুই চাৰিটা অনুষ্ঠান সাহিত্য সভাৰ স্থানীয় শাখাটো‌ৱে অনুষ্ঠিত কৰা মনত আছে আৰু তাত পাৰ্যমানে আমিবোৰে সক্ৰিয় ভা‌ৱে অংশগ্ৰহণো কৰিছিলো । কিন্তু সময় বাগৰাৰ লগে লগে যেন সাহিত্য সভা লাহে লাহে নিস্ক্ৰিয় আৰু নিস্প্ৰভ হৈ পৰিছে,এনে অনুভ‌ৱ হয় ।কাৰণ, আগৰ দৰে আজিকালি উঠি অহা চামটোক সাহিত্য সভাই সাহিত্যমুখী কৰি তুলিব পৰাকৈ কিবা এটা কৰা আমি দেখিবলৈ পো‌ৱা নাই ।

এইবেলি ঘৰলৈ যাওঁতে তথাকথিত কবি তথা লেখক এজনক লগ পাই খা-খবৰ লওঁতে জনালে যে তেওঁ আজিকালি অলপ ওপৰ-খাপৰ কাম-কাজত হে ব্যস্ত । মই সুধিলোঁ,-“কেনেকু‌ৱা কাম?”
-“নাই মানে অলপ বঁটা-চটাৰ কাৰণে লাগি আছো ।”
-“হয় নেকি ?”
-“অ’,বায়’ডাটা বনাই আছো । কাইলৈ ডিব্ৰুগড়ত মোক বিশিষ্ট অতিথি হিচাপে মাতিছে । সেইবোৰো সোমাই যাব তাত। ”
-“কিহৰ সভা পিছে ?”
-“নাজানো । কিবা এখন পাতিছে আৰু মোক মুঠতে মাতিছে ।”

খা বাপ্পেকে ! দুখন-মান কবিতা পুথি নিজাববীয়া প্ৰচেষ্টাৰে প্ৰকাশ কৰি এওঁ এইবাৰ ডাঙৰ কামত লাগিলগৈ !
এইবোৰ ভা‌ৱি-চিন্তি চাৰিআলিৰপৰা ঘৰলৈ আহিয়েই চ’ৰাকোঠাত দুজনমান ভদ্ৰলোকে দেউতাৰ স’তে সাহিত্য সভা বিষয়ক আলোচনা কৰি থকা কাণত পৰিল । গম পালো,তেওঁলোক স্থানীয় শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু দ্বিবাৰ্ষিক অধি‌ৱেশন পাতিবৰ বাবে কিছু সাহাৰ্য বিচাৰি আহিছে । স্বাভা‌ৱিকভা‌ৱেই আকৰ্ষিত হৈ ওলাই আহিলো দুআষাৰ কথা পাতো বুলি ।কিন্তু বিষয়ববীয়া দুজনৰ চেহেৰা চকুত পৰাৰ লগে লগে মোৰ মুখেৰে অজানিতেই বিদ্ৰুপসূচক বেঁকা হাঁহি এটা ওলাই আহিল । পৰিস্থিতিটোত বৰ কঠিনভা‌ৱেহে নিজকে সংযত কৰিব পাৰিলো । কাৰণ জন্মৰেপৰা দেখি আহিছো, তেওঁলোক কোনোকালে কোনোদিনে সাহিত্য চৰ্চা নকৰা মানুহ । আৰু আজি সাহিত্য সভাৰ তেওঁলোকেই গুৰি-ধৰোঁতা। অলপ মৰ্মাহতও হ’লো । ক্ষোভতেই নে কি নাজানো,মোৰ মুখেৰে প্ৰথম প্ৰশ্নটি ওলাই আহিল এনেদৰে -

-“বাৰু কওঁকচোন, দুবছৰীয়া শাসনকালত আপোনালোকে সাহিত্য সভাৰ কাম কি কি কৰিলে ” ?
প্ৰশ্নটো অলপ আক্ৰমণাত্মক হ’ল বুলি নিজেই বুজিব পাৰি পুণৰ সংযোজন কৰিলোঁ-
-“মানে মই ঠিক জ‌ৱাব-দিহি বিচৰা নাই,এনেয়ে জানিবহে খুজিছোঁ ।”
তেওঁলোক বয়সীয়াল মানুহ ।এজন অৱসৰপ্ৰাপ্ত ডাক-বিভাগৰ কৰ্মচাৰী,আনজন কৰ্মৰত শিক্ষক । অভিজ্ঞতাৰে পুষ্ট লোক দুজনে চেঙেলীয়া ডেকা এজনৰ এনে এটা প্ৰশ্নবাণত অকণো বিচলিত নহৈ শান্তভা‌ৱে ক’লে-
-“চা পাপু, আমি কিন্তু মোটামুটি ভালেমান খিনি কাম কৰিছোঁ । মাহেকে-পষেকেই স্ব-ৰচিত কবিতা-পাঠ,গল্প-পাঠৰ অনুষ্ঠান হৈয়েই আছে ।তেনে অনুষ্ঠান কবিসকলৰ ঘৰে ঘৰে কিমান যে পতা হ’ল তাৰ হিচাপেই নাই । নাই নাই বুলিও আমি গোটেইকেইটা দি‌ৱস অন্ত:ত পাতিছোঁ ।এই ধৰ্ শিশু-দি‌ৱস,শিল্পী-দি‌ৱস,ৰাভা-দি‌ৱস ,চুকাফা-দি‌ৱস ...এইবিলাক। আৰু হেৰি নহয়, আমি এই মামনি বাইদেউৰ তিথি আৰু ভূপেন হাজৰিকাৰ আটাইকেউটা তিথি কিন্তু বৰ জাকজমকতাৰে পাতিলো দেই!”
দুয়োজনৰে মুখত সন্তুষ্টিৰ হাঁহি ।
-“জাকজমকতাৰে মানে ?”
-“মানে সঁচাকেই বহুত বঢ়িয়া প্ৰগ্ৰেম হৈছিল আকৌ ! আবেলি ৫ বজাত শেষ হ'বলগীয় অনুষ্ঠান ৰাতি ১০ বজাতহে ভাগিলগৈ!”
-“কিয়?”
-“কি ক'বি আৰু ? ভূপেন হাজৰিকাৰ গান ৰাইজে গায়েই আছে, গায়েই আছে । আন কি তঁহতৰ বাপেৰেও গালে । ইচ,চাৰিআলিত গোট খো‌ৱা সবেই গালে আৰু কৈছো নহয়,হিচাপেই নাই !”
-“হয় নেকি?”
-“অ’ ।”
-“সেয়াই আপোনালোকৰ জাকত-জিলিকা সো‌ৱঁৰণী-সভা? দুঘন্টীয়া অনুষ্ঠান এটা ছঘন্টীয়া হ’লেই আৰু তাত মাইক লগাই টেঁটু ফালিলেই মই ভা‌ৱোঁ সি ‘হিট’ হৈ নাযায় । আপুনি ক’ব পাৰিবনে আপোনালোকৰ মাল্যাৰ্পণ আৰু বেসুৰা বাদ্যযন্ত্ৰবিহীন ভূপেন্দ্ৰ সংগীত পৰি‌ৱেশনে কেইজন শিশুক হাজৰিকাদে‌ৱৰ বিশাল সাহিত্যিক তথা সাংগীতিক অৱদানৰ প্ৰতি সন্মান জনাবলৈ শিকালে ? আৰু এজন ভূপেন হাজৰিকা জন্ম হ’বলৈ কিমানজনে অনুপ্ৰেৰণা পালে? আপোনালোকে আয়োজন কৰিব পাৰিব লাগিছিল ভূপেন হাজৰিকাদে‌ৱৰ কৰ্মৰাজী তথা গীতৰ ওপৰত এখন আলোচনা-চক্ৰ আৰু পাৰিলে দুজনমান বিশিষ্ট পাৰ্গত শিল্পীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ তথা কৰ্মশালা । তেহে আমাৰ লৰা-ছো‌ৱালীমখাই সেই বিশাল সত্ত্বাক অনুধা‌ৱন কৰিবলৈ সুবিধাকণ পালেহেঁতেন ! মই এটা গান গাই দিম আৰু তেওঁক চিনি পাওঁ বুলি ক’ম—এইটো কিবা কথা হ’ল নেকি ? ক'ৰবাৰ বিহাৰী এটাইও দেখোন বিহুগীত এফাঁকি পতক কৈ গাই দিব পাৰে আজিকালি ! বাৰু যিয়েই নহওঁক, সিদিনাৰ অনুষ্ঠানত অন্ত:ত মানুহে হিন্দী গীত বা জুবিনৰ গীতক বাদ দি এজন আওকলীয়া মানুহৰ জী‌ৱনমুখী গীতক এবাৰৰ বাবে হ’লেও আওঁৰালে :- ইও কম কথা নহয় বাৰু!"
"আৰু এটা কথা, এই যে পাঁচ-দহজন গোট খাই কোনোবা এজনৰ ঘৰৰ কোঠাত ‘কবিতাৰ আবেলি’ নাম দি স্ব-ৰচিত কবিতা -পাঠৰ কথা ক’লে ,এইবোৰৰপৰাও জানো কিবা লাভ হয় ? প্ৰকৃত সাহিত্য-চৰ্চা হয় নে ? চাহ-মিঠাই আৰু আড্ডাৰ জুতি লো‌ৱাযেন হে লাগে চোন মোৰ !লগতে কিছুমান হাত-চাপৰি ,মিছামিছি বাহ্ বাহ্ ! কবিতা মাতি থকাজনেও নাজানে সেইটো কবিতা হৈছে নে নাই ! আৰু শুনাজনেও !
কবিতা লিখা বা চৰ্চা হো‌ৱাটো মই বেয়া কথা বুলি কো‌ৱা নাই ! কিন্তু মই ভা‌ৱোঁ, আজিকালি পাবতে গজি উঠা কবিহে বহুত হৈছে । আমাৰ গা‌ৱঁতেই দেখোন বিশ-ত্ৰিশটামান ডেকাই সাংঘাটিক আৰু সাংকেতিক প্ৰেমৰ কবিতা লিখিছিল বা লিখি আছে । এইবোৰৰ কোনো এজনকে দেখোন পিছৰ সময়ত হীৰেণ ভট্ট,অৱইনী চক্ৰ‌ৱৰ্তী,সমীৰ তাঁতীহঁতৰ শাৰীলৈ উন্নীত হো‌ৱা নেদেখিলো । ইয়াৰ কাৰণবোৰ ফঁহিয়াই উলিয়াব লাগে ।আমাৰ ল’ৰা-ছো‌ৱালীমখাক সঁচাসঁচি কবিতাৰ জুতি দিব লাগে,সেইবোৰৰ গভীৰতাত থকা কবিৰ অনুভূতিক স্পৰ্শ কৰিবলৈ শিকাব লাগে আৰু সঁচা কথা ক’বলৈ গ’লে কবিতাৰ ব্যাকৰণৰো পাঠ দিব লাগে ।এই সাৰ-পানীবোৰ নাপালে সিহঁতে ক’ৰপৰা বাৰু আগু‌ৱাব পাৰিব? ”
-“বুজিলো । তই এতিয়া যিবোৰ কথা  কৈছ ; বৰ ধুনীয়া কথা কৈছ । কিন্তু এটা কথা কচোন যো‌ৱা কেইবছৰে সভাৰ কাম তই কিবা কৰিছ নে ? কাইলৈ তই কো‌ৱামতেই অনুষ্ঠান পাতিম , তই লাগি দিব পাৰিবি নে ? ক ।”
মই নিমাত । তেওঁ আকৌ ক’লে-
-“যিকেইটা ল’ৰাই আগতে লিখা –মেলা বোৰ কৰিছিল,ইটো সিটো কৰিছিল এতিয়া সবেই নিজৰ নিজৰ ধান্দাত ! হয় সাহিত্য-চৰ্চা বাদ দি পেট-মোকোলো‌ৱাত লাগিছে ,নহ’লে চাকৰি কৰি দূৰত আছাগৈ । এখন সাহিত্য সভাৰ মিটিং পাতিলে কিমানটা মানুহ আহিব তাৰ ঠিকনা নাই !
আচলতে উদ্যোক্তাও নাই , অংশগ্ৰহণকাৰীও নাই ! আমাৰ কি গৰজ পৰিছে অ’ এইবোৰত লাগি ফুৰিবলৈ ? আমাৰো নিজৰ নিজৰ পৰিয়াল আছে,অন্য কামো বহুত আছে ।কিন্তু এই অনুষ্ঠানটোৰ চাওঁতা কোনো নাই বুলিহে লাগি আছো । ক’ব পাৰ যে আমি নিজেই পদবী লৈছো বুলি,কিন্তু সেয়া অনুষ্ঠানটো জীয়াই ৰখাৰ স্বাৰ্থতহে লৈছো ! ৰাইজৰ কামেই কৰা মানুহ নাই,সাহিত্য সভা কোনে কৰেহে ? নে কি কয় ?” –ইজনলৈ চাই ক’লে । এইবাৰ আনজনে আৰম্ভ কৰিলে ।
-“হেৰি অ’ ,আচলতে মানুহবোৰৰ ইন্টাৰেষ্ট নোহো‌ৱা হৈছে ।সমাজৰ বৰমূৰীয়া সকলো‌ৱেই সাহিত্য কে‌ৱল ফেছনৰ বাবেহে কৰে ।বিশিষ্ট অতিথিৰূপত মাতিলে ভাল পায়,দেহে –কেহে খাটি নিজে পাতিবলৈ টান পায় । আজিকালিৰ মানুহবোৰে কিতাপ ঘৰত সজাবলৈহে কিনে । কলম চুবলৈ মানুহৰ আহৰিয়েই নাই । টিভি,কম্পুটাৰ,মোবাইল ফো ন থাকিলে তোক আকৌ কিতাপখন কিয় লাগে ?”
-“ঐ চা , জান নাই ? সাহিত্য সভাৰ মূল অধিবেশনলৈ প্ৰতিনিধি হিচাপে পঠিয়াবলৈ হ’লে শাখাত ন্যূনতম ৭৫ জন সদস্য থকা হ’ব লাগে । এতিয়া ইমান ডাঙৰ গাওঁখনত ৭৫ টা মানুহেই নাই নহয়! যো‌ৱাবাৰ কেলেই মই ১২ জনৰ নাম এনেয়ে সুমো‌ৱাই ভৰ্তি মাচুল ভৰি দি অহা নাই জানো ? এতিয়া সৌ‌ৱা সোনটি ,মৃদুল,অপূৰ্ব হঁতে ইনকামতো কৰিয়েই আছে ,কিন্তু বছেৰেকীয়া ভৰ্তি মাচুল ১৫ টকাকেই দিব পৰা নাই !”
-“আৰু এই অনুষ্ঠানবিলাক ফুটা-কড়ি এটাও নোহো‌ৱাকে তই পাতিব পাৰিবি জানো ক?”
মই ক’লো-
-“কেলেই আপোনালোকৰ ওপৰৰপৰা একো নাহে নেকি?”
-“ওহো! টকা এটিও নাপাওঁ । তেনেস্থলত তই কিহৰ মেল-মিটিং পাতিবি আৰু ? এতিয়া সৌ‌ৱা চকী নিবলৈ থেলা‌ৱালাটোক পইচা নিদিও নহয়,হোটেলত চাহ-মিঠাই খু‌ৱাই দিম আৰু হ’ব ।হে:হে:! মাইকতো লো‌ৱাই নাই!”
মই অলপ সময় তভক মাৰি ভা‌ৱিলো আৰু ক’লো –
-“এই টকা-পইচাৰ সমস্যাটো বাৰু এটা সঁচাকৈয়ে গুৰুতৰ সমস্যা ।তাৰ এটা সমাধান মই বিচাৰি পাইছো । ”
-“কি?”
-“আপোনালোকে দান-বৰঙণি বিচাৰিব লাগিব ।”
মই যেন আগেয়েই গম পো‌ৱা কৌতুক এটাহে ক’লো । মানুহদুজনে গিৰ্জনী মাৰি হাঁহি উঠিল । মই আকৌ ক’লো –
-“আপোনালোকে এইটো কামকে অতদিনে কৰি আছে ,মই জানো ।তথাপিও টকা গোট নাখায় ,নহয় জানো ?”
-“চান্দা বিচাৰিবলৈ লাজ লগা হৈছেগৈ । মানুহবোৰেও আৰু কিমান চান্দা দিব অ’? আজি বোলে বিহু ফাংছন,কাইলৈ বোলে থিয়েটাৰ,পৰহিলে কিবা ক্ৰিকেট খেল ! হা:হা:!”
-“ৰ’ব,ৰ’ব । চাওঁক, মই কো‌ৱা বুদ্ধিটোত আপোনালোকৰ সকলো খৰছ-পাতি ওলাই যাব ।বহুত মানুহৰে সাহিত্য-চৰ্চা বা অইন ভাল কামৰ প্ৰতি এতিয়াও আগ্ৰহ আৰু ইচ্ছা আছে ।মাথোঁ তেওঁলোকক আমি পতিয়ন নিয়াব পাৰিব যে তেওঁলোকে দিয়া দান-বৰঙণিখিনি কাৰোবাৰ পকেতস্থ হো‌ৱা নাই,বৰঞ্চ তাক ভাল কামতহে লগো‌ৱা হৈছে ।সেইটো কৰিবলৈ হ’লে আপোনালোকে অন্ত:ত তিনিটা অনুষ্ঠান খুব সুন্দৰভা‌ৱে পাতক । ল’ৰা-ছো‌ৱালীৰে সভাঘৰ ভৰ্তি হো‌ৱাকে পাতক । চিত্ৰাংকণ,কবিতা,গল্প প্ৰতিযোগিতা যিয়েই নাপাতক,অংশগ্ৰহনকাৰী ভালে সংখ্যক হ’ব লাগিব । স্কুলে স্কুলে যাওঁক । মইনা-মেল,মইনা-পাৰিজাতত জনাওঁক ।ইংৰাজী মাধ্যমৰ ল’ৰা-ছো‌ৱালীখিনিকো আনক ।কলেজবোৰলৈও যাওঁক ।অলপ প্ৰাইজ-মানিও দিব পাৰে । নতুবা ভাল কিতাপৰ টোপোলাৰে সন্মানিত কৰাওঁক ।মানুহক আকৰ্ষিত কৰাওঁক ।বাতৰি-কাকততো বিজ্ঞাপন দিয়ক ।বিশিষ্ট বিচাৰকক মাতক । সাংস্কৃতিক কৰ্মশালাও পাতিব পাৰে ,যেনে বিহুগীত-নৃত্যৰ কৰ্মশালা,ঢোল-খোল-তালৰ কৰ্মশালা বা কোনোবা এজন জনপ্ৰিয় লেখক-লেখিকাৰে অন্তৰংগ আলাপৰো ব্য‌ৱস্থা কৰিব পাৰে । মুঠৰ ওপৰত তিনিটা এনে অনুষ্ঠান পাতক,যাক সকলো‌ৱে শলাগে আৰু বহুখিনি লোক উপকৃতও হয় । এই তিনিটা অনুষ্ঠানৰ ফটো তথা ভিডিঅ’ ৰেকৰ্ডিংও কৰাই থওক । সুকলমে পাৰ হো‌ৱাৰ পিছত দেখিব ,অন্ত:ত সাহিত্য সভাৰ বিষয়ে মানুহে জনা হৈছে আৰু শলাগিছেও । ইয়াৰ পিছত আপোনালোকে এখন লিষ্ট বনাই লওঁক । এই অঞ্চলত থকা ক) ধনী মানুহখিনিৰ তালিকা (সাহিত্যানুৰাগী নহ’বও পাৰে ) খ)ওচৰতে থকা ডাঙৰ প্ৰতিষ্ঠানবোৰৰ তালিকা (চৰকাৰী বা বেচৰকাৰী) গ) চৰকাৰী চাকৰিয়াল সকল ঘ) স্কুলকেইখনৰ মাষ্টৰসকল ঙ)প্ৰকৃত সাহিত্যানুৰাগী সকল চ) ৰাজনীতিক সকল । এতিয়া এইসকল মানুহৰ ওচৰলৈ ফটো এলবাম তথা বাতৰি-কাকতত থকা আপোনালোকৰ সুকীৰ্তিৰ প্ৰমাণখিনি লৈ যাওঁক । তেওঁলোকে কি নিদিব টকা ? নিশ্চয় দিব । আৰু আপোনালোকে মানুহখিনিৰ সেই আস্থাটো কিন্তু জীয়াই ৰাখিব লাগিব ।”
চাহ-তামোল খাই তেওঁলোকে বিদায় ল’লে । মই বহি থাকিলো ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...