লেখা অনুসন্ধান কৰক

Thursday, June 18, 2015

‘বিষ্ণু ৰাভা জীয়াই থাকিব নে?’




আজি ‘বিষ্ণু ৰাভা দি‌ৱস’ । কে‌ৱল এই দিনটোতে বোধহয় আমি ‘বিষ্ণু প্ৰসাদ ৰাভা’ নামৰ ব্যক্তিজনক আনুষ্ঠানিকতা ৰক্ষা কৰি দুই-চাৰিজনে সোঁ‌ৱৰণ কৰিম । চাৰিজন প্ৰতিযোগী আৰু পাঁচোজন শ্ৰোতা-দৰ্শকৰে বিষ্ণুৰাভা-সংগীতৰ প্ৰতিযোগিতা পাতিম আৰু সজাই-পৰাই লিখি বাতৰি-কাকত,দূৰদৰ্শনযোগে অনুষ্ঠানটোৰ গুণগান গাম ।  কিমানজনে গভীৰভা‌ৱে শ্ৰদ্ধাঞ্জলী যাঁচি সঁচা অৰ্থত এই জাতি গঢ়োতা শিল্পীজনক স্মৃতিচাৰণ কৰিব সেয়া হয়তো এটা সন্দেহজনক বিষয়, কিন্তু তেখেতৰ নামত যে   হাজাৰজন আধুনিক অসমীয়াই এটা বন্ধৰ দিন উপভোগ কৰি মানসিক শান্তিত কটাব সেয়া নি:সন্দেহে সত্য।

        সঁচা কথাটো হ’ল,আজিৰ তাৰিখত এজন অসমীয়া ডেকা হিচাপে মই যে বিষ্ণুপ্রসাদৰ নামত কিবা এটা চিন্তা কৰিছো অথবা কিবা এষাৰ লিখিছোঁ, সেইটোৱেই এটা ‘আপুৰুগীয়া’ কথা হৈ পৰিছে ; যিসময়ত মোৰ বয়সৰ হাজাৰজন অসমীয়া ডেকা-ডেকেৰীয়ে নিজৰ বিবেক-মগজুক আন কোনো বহুজাতিক প্রতিষ্ঠানৰ নামত বন্ধকত থৈ সস্তীয়া পার্থিৱ আমোদ-প্রমোদেৰে সুখ-স্বাচ্ছন্দৰ জীৱন অতিৱাহিত কৰিবলৈ সাজু হৈছে অথবা মাটি-ভেঁটি বেচি কোনজন দালালৰ হাতেৰে চৰকাৰী চাকৰী এটা হস্তগত কৰি ঘৰ-সংসাৰ তৰিব পাৰি তাৰ ভাৱনাত বিভোৰ হৈছে নতুবা দেশৰ বা-বাতৰি পাগুলী চাৰিআলিৰ চুকত কেৰমগুটি খেলি থাকোতে কোনটো ৰাজনৈতিক দলৰ হৈ সহায়তা কৰিলে ঠিকা-ঠুকলিৰ বাট মুকলি হ’ব তাৰে গণনা কৰিছে |
        স্বীকাৰ কৰিব লাগিব যে, ৰাভাদে‌ৱৰ সময়ৰ অসমীয়া সমাজ আৰু এতিয়া নাই | মানুহ,প্রযুক্তি,সমাজ-ব্যৱস্থা,চিন্তা-চর্চা আৰু সময়--এই সকলোবোৰেই সলনি হৈছে | কিন্তু এনে ৰূপান্তৰ আগন্তুক কৌটি কৌটি বছৰলৈ চলি থাকিলেও বিষ্ণু ৰাভাৰ প্রাসংগিকতা অসমীয়া সমাজৰ বিৱর্তনৰ সোঁতত কেতিয়াও হেৰাই নাযায়, বা যাব নোৱাৰেও | সেই সময়ৰ অসমীয়া সমাজৰ প্রতিটো অপৈণত অংগকে(ক্ষেত্রকে)  বিষ্ণুৰাভাই নিজৰ প্রতিভাৰে সাঁচত গঢ়ি যিদৰে এক অনন্য স্বকীয় নৱৰূপ প্রদান কৰিলে আৰু যাৰ বলত আজি অসমীয়া জাতিয়ে ভাৰতৰ অন্য সংস্কৃতিবান জাতিসমূহৰ মাজৰে এটা হৈ মূৰ তুলি থাকিবলৈ সমর্থবান হৈছে ;সেই বিৰল ত্যাগ,দেশপ্রেম,জাতীয়তাবোধ আৰু সমাজ-সংস্কৃতিৰ মজিয়ালৈ আগবঢ়াই যোৱা অৱদান অসমে দ্বিতীয় এজন পুত্ৰৰ পৰা যে আদায় কৰিব পাৰিব, তাত আমি সন্দেহ প্রকাশ কৰো |
        আজিৰ ৰাভা-গাৰো-মিচিং-বড়ো-কছাৰীৰ সুকীয়া স্বৰাজ দাবীৰ এই মহঙা দিনত আপুনি দেখা পাইছে নে বিষ্ণু ৰাভাই বান্ধি যোৱা সমন্বয়ৰ এনাজৰীডাল ? সংগীতক জনতাৰ অন্তৰে অন্তৰে সুমো‌ৱাই, সংগীতৰ মায়াবী যাদুৰেই জগতৰ সংস্কাৰ সাধন কৰিবলৈ সমৰ্থ হো‌ৱা বিষ্ণু ৰাভাই  গীতৰ কথাৰে, সুৰেৰে প্ৰতিজন অসমীয়াৰ হিয়াৰ সতে আলাপ কৰিছিল । তেনে এজন শিল্পী আজি আপুনি বিচাৰি পাইছেনে নতুন চামৰ মাজত ?     আপুনি অনুভৱ নকৰে নে ,লাহে লাহে আজিৰ নতুন গায়ক-গায়িকা(তথাকথিত ‘শিল্পী’!)ই অসমীয়া থলুৱা সুৰৰ নাম-চিহ্ন নোহোৱা কৰি সম্পুর্ণ পশ্চিমীয়া শৈলীৰে গীত গাবলৈ আৰম্ভ কৰিছে বুলি ?জ্যোতি-বিষ্ণু-পার্বতীৰ গীত শুনি যি মানসিক প্রশান্তি আপুনি লাভ কৰে, সেই একেই সুখানুভুতি আপুনি পাব পাৰেনে আজিৰ জুবিন-মানস-সীমান্ত-দীক্ষুহঁতৰ গান?
        আমি অন্ত:কৰণেৰে অনুভৱ কৰো, বিষ্ণু ৰাভা আৰু এজন জন্ম হওক | কিন্তু সেয়া কাহানিও নহয়,সকলো‌ৱে জানে ।  কাৰণ, আজিৰ প্রতিজনেই বিষ্ণু ৰাভা হ’বও নোৱাৰে !
         ‘বিষ্ণু ৰাভাই কিন্তু সমাজৰ দলিত,শোষিত জনৰ হকে দেহে-কেহে যুঁজিছিল ;কলমেৰে তেওঁৰ  অগ্নি- ফিৰিঙতি বৰষিছিল । এনে এজন লেখক আপুনি আঙুলিয়াই দিব পাৰিবনে আজিৰ যুগত, যিয়ে কে‌ৱল কলমেৰে দুখীয়া-নিচলাৰ বন্ধু হ’ব পাৰিছে, হ’ব পাৰিছে তেওঁলোকৰ শোষণ-বিৰোধী কন্ঠ ? পাৰিবনে বাচি উলিয়াব এজন অসমীয়া মানুহ, যিয়ে সমাজত সঘনে ঘটি থকা প্ৰতিটো অন্যায়ৰ প্ৰতি স্বাৰ্থহীন ভা‌ৱে মাত মাতিব পাৰিছে ? পাৰিবনে বিচাৰি এজন মানুহ, যিয়ে মানুহক নিজা সংস্কৃতি আৰু মাতৃভূমিক ভাল পাবলৈ শিকাব পাৰিছে ?
        প্রকৃততে ক’বলৈ গ’লে অসমীয়া সমাজখন বর্তমান এনেভা‌ৱে ছিন্ন-ভিন্ন হৈ পৰিছে যিয়ে আন কি নিজৰ অস্তিত্ব আৰু ভেঁটিটোকেই চিনি নাপায় | ইয়াৰ মূল কাৰক কিন্তু  গোলকীকৰণ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱ নহয় ; বৰঞ্চ আমাৰ অসমীয়া মানুহখিনিৰ গাফিলতি তথা অকর্মণ্যতাহে ।
        আমি বিশ্বাস কৰোঁ, এনে প্রেক্ষাপটত জাতিৰ পুণৰোদ্ধাৰ অভিযানত সকলো অসমীয়াই অগ্রণী ভুমিকা পালন কৰি সাধ্য আৰু বল অনুসাৰে নিজ নিজ এলেকাত অলপকৈ হ’লেও সাহিত্য-সংস্কৃতিৰ নৱ-জাগৰণৰ সৃষ্টি কৰিব লাগে |
        ক) জাতীয়তাবাদ উদ্বেগকাৰী লিখা-মেলা/সভা-সমিতি/আলোচনা সঘনাই পাতি ভিন্ন ভাষা-গোষ্ঠী জাতি-বর্ণ নির্বিশেষে একতা আৰু সমন্বয়ৰ জৰীডালক গাঢ় কৰি তুলিব লাগে |
        খ) কলা-সংস্কৃতি উজ্জীৱিকৰণ আঁচনি যুগুত কৰি ন-প্রজন্মক অসমীয়া কলা-সংস্কৃতিৰ পাঠ আগবঢ়োৱা হওঁক, ন ন অনুশীলন-কেন্দ্র স্থায়ীভাৱে গঢ়ি তোলা হওঁক-য’ত উৎকৃষ্ট শিল্পীৱে পাঠদান কৰিব | বিষয়-বস্তু যেনে –জোতিসংগীত/লোকগীত/বৰগীত/সত্রীয়া নৃ্ত্য-গীত/মুখা শিল্প/বিহু গীত-নৃ্ত্য/ঢোল-খোল-পেঁপা-তাল বাদন আদি |
        গ) দেওবাৰবোৰত অথবা গৰমবন্ধ অংশগ্রহণ কৰিব পৰাকৈ কিছুমান আংশিক সময়ৰ পাঠদান বিদ্যালয়তে আৰম্ভ কৰিব পাৰি | বিষয় যেনে-মুকাভিনয়/স্থাপত্যবিদ্যা/চিত্রাঙ্কন/ভাওনা/অভিনয় আদি |
        ঘ) অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা মইনা-মেল/মইনা-চৰা/শিশু-বিকাশ কেন্দ্রবোৰ পুনর্জাগ্রত কৰি তেঁওলোকৰ কার্য-কলাপ নির্ধাৰণ কৰা আৰু উচিত পর্যবেক্ষণ কৰা |
        ঙ) অসমৰ কোনো এঠাইত অন্তঃত বছৰি এবাৰকৈ পষেকীয়া কার্যসূচীৰে সদৌ অসমৰ ন-প্রজন্মৰ বাবে সমূহীয়া কর্মশালা/প্রশিক্ষৰ ব্যৱস্থা কৰা হওক, য’ত মেধাসম্পন্ন প্রশিক্ষার্থীলৈ জলপানী আগবঢ়োৱা যাওক |
        চ) প্রতি অঞ্চলৰ পৰা স্বেচ্চাসেৱক বাচি উলিয়াই তেওঁলোকক দ্বায়িত্ব অর্পণ কৰা হওক |
        আমি বিশ্বাস কৰোঁ, -ৰূপত এখন -সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু আমাৰ কলা-সংস্কৃতিৰে জগত জিনিবলৈ হ’লে আমি ঠিক এনেধৰণেই আগবাঢ়ি যাব লাগিব-য’ত কেৱল এজন নহয়, প্রতিজন উন্নতিকামী অসমীয়াৰ সদিচ্ছা আৰু সৰ্বাতোপ্ৰকাৰৰ অৰিহণা সোমাই থাকিব |

Monday, June 1, 2015

লোকসে‌ৱা আয়োগৰ নিযুক্তি নিকা কৰাৰ স্বাৰ্থত ল’বপৰা কেইটামান ব্য‌ৱস্থা


যদিও কিছুবছৰৰ আগলৈকে অসমৰ মানুহে লোকসে‌ৱা আয়োগে পৰিচালনা কৰা পৰীক্ষাসমূহৰ প্ৰতি যথেষ্ট আস্থা প্ৰকাশ কৰিছিল, এতিয়া কিন্তু প্ৰায় সকলো‌ৱেই আয়োগৰদ্বাৰা নিযুক্তি লাভ কৰা প্ৰতিটো পদবীতেই টকা-পইচাৰ লেন-দেন বা স্বজন-প্ৰীতিৰ পয়োভৰ ঘটিছে বুলি ধাৰণা কৰি লৈছে । ই নিতান্তই স্বাভা‌ৱিক । যি আয়োগে নিকাভা‌ৱে মেধা‌ৱী ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ বিষয়-বাব গতাব পাৰিব লাগিছিল,  সেই আয়োগে দুৰ্নীতিত পোত গৈ কে‌ৱল নিজা ভা‌ৱমূৰ্তিহে যে ম্লান কৰিছে তেনে নহয়; সমগ্ৰ ৰাজ্যখনতে কিছু অকামিলা আৰু অযোগ্য প্ৰাৰ্থীক দায়িত্ব তথা ক্ষমতা প্ৰদান কৰি অসমৰ সামগ্ৰিক আ‌ৱহা‌ৱা কলুষিত কৰি পেলো‌ৱাত অগ্ৰণী ভূমিকা লৈছে । আমি ভা‌ৱোঁ যে কে‌ৱল আয়োগৰ শীৰ্ষপদস্থ বিষয়াসকলক সালসলনি কৰিলেই এনে এক দুৰ্নীতিৰ প্ৰক্ৰিয়া হঠাতে এদিন নাইকীয়া হৈ এটা নতুন নিকা ব্য‌ৱস্থাই গা কৰি উঠাটো সম্ভ‌ৱপৰ নহয়লংকালৈ যিয়ে যায়, সিয়ে ৰা‌ৱণ হো‌ৱাৰ দৰে এজন সৎ বিষয়াইও যে লাহে লাহে ব্য‌ৱস্থাটোৰ লগত সনা-পিতিকা হৈ দুৰ্নীতিত হাত উজান দিব পাৰে, তাৰ অ‌ৱকাশ সদায়েই থাকি যায়সেয়েহে ন্যায়পালিকাই এইক্ষেত্ৰত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোতে কিছু সালসলনি ঘটাই অলপ প্ৰযুক্তিগত পৰি‌ৱৰ্তন অনাটো খু‌ৱেই প্ৰয়োজনীয় আৰু বাঞ্চনীয় হৈ পৰিছে ।

       অভিযোগ উত্থাপিত হৈ আহিছে যে লিখিত পৰীক্ষাৰ উত্তৰ-বহীসমূহ পৰীক্ষাগৃহৰ বাদে অন্য ঠাইত নি লিখো‌ৱা হৈছে । এইধৰণৰ দুষ্কাৰ্যৰপৰা নিস্তাৰ পাবলৈ এটি পন্থা ইতিমধ্যেই ভাৰতীয় ষ্টেট বেংক বা অন্য বেংকসমূহৰ বাচনী পৰীক্ষাসমূহত যো‌ৱা ছয়-সাত বছৰৰপৰা অ‌ৱলম্বলন কৰি অহা হৈছে সেয়া হৈছে - লিখিত পৰীক্ষাসমূহ উত্তৰ-বহীৰ পৰি‌ৱৰ্তে কম্পিউটাৰত জমা দিব লাগিব, অৰ্থাৎ অনলাইন পৰীক্ষা । এইধৰণৰ পৰীক্ষাবোৰৰ ক্ষেত্ৰত সুৰক্ষাৰ বিষয়টোত অতি পৰিকল্পিত আৰু কাৰ্যকৰীভা‌ৱে গুৰুত্ব দিয়া হয় । প্ৰথম কথাটো হৈছে পৰীক্ষাৰ পাছত উত্তৰ-বহীসমূহ কোনো নিৰীক্ষকেই অন্য ঠাইলৈ নিব নো‌ৱাৰে, কাৰণ ইয়াত কোনোধৰণৰ অ’.এম.আৰ. পত্ৰ বা উত্তৰ লিখাৰ বাবে খালী বহীৰ যোগান ধৰা নহয় । প্ৰতিজন পৰীক্ষাৰ্থীক একোটাকৈ কম্পিউটাৰৰ সমুখত বহো‌ৱা হয় আৰু মাউচেৰে ক্লিক কৰাৰ লগেলগেই পৰীক্ষা আৰম্ভ হয় । পৰীক্ষাৰ্থীয়ে সকলো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কম্পিউটাৰৰ বুটন টিপি উত্তৰ দিব লাগে । এই ব্য‌ৱস্থাত এনে নহয় যে পৰীক্ষাৰ্থীয়ে এফালৰপৰা এটা এটাকৈ প্ৰশ্নৰ উত্তৰ কৰি যাব লাগিব আৰু এবাৰ উত্তৰ লিখাৰ পাছত শুধৰণিৰ কোনো সম্ভা‌ৱনীয়তা নাথাকিব । পৰীক্ষাৰ্থীজনে নিজৰ ইচ্ছামতে মাজৰ বা শেষৰ প্ৰশ্ন এটাৰ উত্তৰো আগতে কৰিব পাৰিব আৰু সময়ৰ ভিতৰত মিলাব পাৰিলে কোনো প্ৰশ্নৰ এবাৰ দিয়া উত্তৰটোও সালসলনি কৰিব পাৰিব । এনে অনলাইন পৰীক্ষাৰ প্ৰশ্নসমূহ মূলত: চাৰিটা বা পাঁচোটা উত্তৰৰ মাজৰ পৰা শুদ্ধটো বাছি উলিয়াবলগীয়া (Multiple Choice / Objective Type) ধৰণৰ হয় । যদিও এই ব্য‌ৱস্থাটোত পৰীক্ষাৰ্থীয়ে বহলাই লিখিবপৰাবিধৰ প্ৰশ্নকো সাঙুৰি লৈ প্ৰশ্নকাকত তৈয়াৰ কৰিব পৰা যায়, তথাপি যিহেতু উত্তৰটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কম্পিউটাৰত টাইপ কৰিহে দিব পাৰিব, সেয়ে এনে দীঘলীয়া উত্তৰৰ প্ৰশ্ন সোধা নহয় । কাৰণ সকলো পৰীক্ষাৰ্থীয়েই কম্পিউটাৰৰ টাইপিঙত পাৰ্গত হ’ব লাগিব বুলি আমি দা‌ৱী কৰিব নো‌ৱাৰি আৰু ই যুক্তিসংগতও নহয় । বহু লোকে নিশ্চয় ক’ব বিচাৰিব যে, কে‌ৱল বস্তুনিষ্ঠ প্ৰশ্নৰে এজন পৰীক্ষাৰ্থীৰ  প্ৰকৃত মেধাৰ পৰিচয় পো‌ৱাটো সম্ভ‌ৱপৰ নহয় আৰু সেয়েহে বৰ্ণনাত্মক প্ৰশ্ন অবিহনে এনে পৰীক্ষা মূল্যহীন । কিন্তু মগজুৰ পৰীক্ষা সন্দৰ্ভত যথেষ্ট অধ্যয়ন আৰু গ‌ৱেষণা কৰা বহু উন্নত দেশৰ গ‌ৱেষকে এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে যে প্ৰশ্ন সোধাৰ ধৰণ আৰু বিষয়-বস্তুৰ গভীৰতাক লৈ অলপ পৰিকল্পিতভা‌ৱে প্ৰশ্নকাকত তৈয়াৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ মেধাৰ প্ৰমাণ ল’বলৈ বস্তুনিষ্ঠ প্ৰশ্নক কোনোগুণেই মানবিহীন বুলি ক’ব নো‌ৱাৰি ।

       এইধৰণৰ অনলাইন পৰীক্ষাৰ বাবে চৰকাৰে কিছু অতিৰিক্ত খৰছ যে কৰিব লাগিব,সেয়া নিশ্চিত । কিয়নো, এনে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সৰহীয়া কম্পিউটাৰ ব্য‌ৱস্থা থকা কলেজ বা অনুষ্ঠান অসমৰ প্ৰতিখন জিলাতে নাই । গু‌ৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ দৰে কেইখনমান জিলাতহে এনে প্ৰতিষ্ঠান পো‌ৱাৰ সম্ভা‌ৱনা আছে । গতিকে আগৰেপৰা চলি অহাৰদৰে প্ৰতিখন জিলাতে পৰীক্ষা-কেন্দ্ৰ পতাটোতো কিছু সমস্যা আহি পৰিব । অন্যহাতে চুক্তিবদ্ধ হো‌ৱা অনুষ্ঠানটোকো বুজন পৰিমাণৰ ভাড়া আদায় কৰিব লাগিব । তথাপি , ছাত্ৰ-ছাত্ৰীৰ ভ‌ৱিষ্যত বা ৰাজ্যখনত সুস্থ পৰি‌ৱেশ এটা গঢ়ি তোলাৰ স্বাৰ্থত এনে এটা ব্য‌ৱস্থা চৰকাৰে হাতত লো‌ৱাটো অতিকেই অপৰিহাৰ্য । এই অনলাইন পৰীক্ষাত পৰীক্ষাৰ্থীজনৰ ফটো কেমেৰাৰে ধৰি ৰখাৰ ব্য‌ৱস্থা কৰা হয় । তাৰোপৰি ইয়াতকৈ বেছি ভাল ব্য‌ৱস্থা এটি হৈছে ‘ডিজিটেল ফিংগাৰপ্ৰিন্ট’ বা ‘ৰেটিনা স্কেন’ পদ্ধতি । এই পদ্ধতিৰে পৰীক্ষাৰ্থীজনৰ হাতৰ আঙুলিৰ চাপ বা চকুৰ ৰেটিনাৰ ফটো কম্পিটাৰত সংৰক্ষিত কৰা হ’ব যাতে কোনো ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ সলনি অন্য কোনো ব্যক্তিক পৰীক্ষাটোত অ‌ৱতীৰ্ণ হো‌ৱাই দুৰ্নীতি কৰিব নো‌ৱাৰে ।

       অন্যহাতে দেখা যায় যে, বহুক্ষেত্ৰত লিখিত পৰীক্ষাত কোনোধৰণৰ বেমেজালি কৰিব নো‌ৱাৰি বহুতো দুৰ্নীতিকাৰীয়ে মৌখিক পৰীক্ষাটোতেই ডাঙৰ ডাঙৰ অংকৰ হিচাপ-নিকাচবোৰ কৰিবলৈ লয় । কিয়নো লিখিত পৰীক্ষাত সৰ্বোচ্চ  নম্বৰ লাভ কৰিলেও যদি এজন প্ৰাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰত উত্তীৰ্ণ হ’ব নো‌ৱাৰে, তেন্তে তেওঁ নিৰ্দিষ্ট পদবীটোৰ বাবে কোনোপধ্যেই নিৰ্বাচিত হ’ব নো‌ৱাৰিব । অন্যহাতে লিখিত পৰীক্ষাত অলপ কম নম্বৰ পো‌ৱা এজন প্ৰাৰ্থীয়ে যদি মৌখিক পৰীক্ষাত বেছি নম্বৰ পাব পাৰে, তেন্তে তেওঁ নিৰ্বাচিতসকলৰ তালিকাত অন্তৰ্ভুক্ত হো‌ৱাৰ সম্ভা‌ৱনা প্ৰ‌ৱল । যদিও লিখিত পৰীক্ষাৰ তুলনাত এই মৌখিক পৰীক্ষাটোৰ নম্বৰ যথেষ্ট কম থাকে, তথাপি কিন্তু এই সকলো কথা চালি-জাৰি যদি লিখিত পৰীক্ষাৰ সমানে সমানে মৌখিক পৰীক্ষা বা সাক্ষাৎকাৰটোৰ পদ্ধতিটোতো কিছু সুৰক্ষাৰ মাপ লো‌ৱা হয়, তেন্তে দুৰ্নীতি হো‌ৱাৰ সম্ভা‌ৱনা কিছু কমাব পৰা যাব । যিহেতু ভাৰত চৰকাৰে ‘তথ্য জনাৰ আইন’যোগে সকলো তথ্য ৰাজহু‌ৱা কৰিবপৰা এটা ব্য‌ৱস্থা ইতিমধ্যেই কৰি থৈছে, গতিকে কোনো বেমেজালিৰ সৃষ্টি হ’লেই সাক্ষাৎকাৰসমূহৰো মূল্যাংকণৰ বিষয়ত আইনৰ ওচৰ চাপিব পৰা যাব। ইয়াৰ বাবে যদি চৰকাৰে অথবা ন্যায়পালিকাই প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে এটা বিশষ ব্য‌ৱস্থা হাতত ল’ব লাগিব, সেয়া হৈছে মৌখিক পৰীক্ষাটোৰ সমগ্ৰ সময়খিনিৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা । ই বৰ এটা ব্য‌য়বহুল বা কঠিন প্ৰযুক্তিৰ প্ৰক্ৰিয়া নহয় ।

অ‌ৱশ্যে এনে ধৰণৰ সুৰক্ষা ব্য‌ৱস্থা হাতত লো‌ৱাৰ পাছতো ক’ৰবাত নহয় ক’ৰবাত কিবা অলপ সুৰুঙা থাকি যো‌ৱাৰ অ‌ৱকাশ সদায়েই থাকিব আৰু সেই সুযোগবোৰতেই আমাৰ অভ্যস্ত কুটনীতিবিদ বা দুৰ্নীতিবিদসকলে হাতোঁৰা লগাবলৈ অনবৰত সাজু থাকে । কিন্তু এনে প্ৰযুক্তিগত ব্য‌ৱস্থাবোৰত সুবিধা এয়ে যে , মূল যন্ত্ৰ-পাতি যি ঠাইৰপৰা নিয়ন্ত্ৰণ কৰা হয়, যেনে চাৰ্ভাৰ-ৰুম বা দেটাবেচ-ৰুম ; সেই ঠাইবোৰত অধিক সুৰক্ষাৰ প্ৰতি যত্ন ল’লেই সমগ্ৰ প্ৰক্ৰিয়াটো‌ৱেই নিকা আৰু স্বচ্ছ কৰি ৰাখিব পৰা যাব বুলি আশা কৰিব পাৰি । অন্যহাতে পৰম্পৰাগতভা‌ৱে চলি অহা ব্য‌ৱস্থাটোৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো পৰীক্ষাকেন্দ্ৰৰ লগতে অন্যান্য সংশ্লিষ্ট সকলো ব্যক্তি তথা স্থানৰ ওপৰত বিশেষ নজৰ ৰখাটো প্ৰয়োজনীয় হৈ পৰে ।
ওপৰত উল্লেখিত সুৰক্ষা-ব্য‌ৱস্থাৰে পৰীক্ষা-পাতি চলাই নিবলৈ আমাৰ দেশত ইতিমধ্যে কেইবাটাও সংস্থাই কাম কৰি আছে । ‘টাটা কনচাল্টেন্সী চাৰ্ভিছ’ বা ‘‌ৱিপ্ৰো’ৰ দৰে শীৰ্ষস্থানীয়  স্বদেশী কোম্পানীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত জোঁট বান্ধি এনে উন্নতৰ সে‌ৱা দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰি আহিছে । আমি আশা কৰোঁ, অসম চৰকাৰেও এই বিষয়ত কিছু অধ্যয়ন কৰি  অচিৰেই এনে প্ৰযুক্তিগত সুৰক্ষা-ব্য‌ৱস্থা ৰাজ্যখনৰ নিযুক্তি-প্ৰক্ৰিয়াত অ‌ৱলম্বন কৰি ৰাইজৰ হেৰু‌ৱা আস্থা পুণৰুদ্ধাৰ কৰিব পাৰিব ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...