হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ মানুহ এজনো নিমিষতে কিদৰে হেৰাই যাব পাৰে, সেয়া আপুনি নিজেই দেখিছে, বা জানে । আমি যোৱাৰ পাছত আমি ব্যৱহাৰ কৰি ভাল পোৱা মোবাইলটো, টিভিটো বা অন্য পাৰ্থিৱ বস্তুবোৰ হয়তো অইন এজনে ব্যৱহাৰ কৰিব, নতুবা দলিয়াই পেলোৱা হ'ব । তথাপিও আমি ভাৱো, লকডাউন খুলিলে ভাল মোবাইল এটা ল'ম , দোকানে দোকানে ঘুৰি ভালৰ ভাল বস্তু কেইটামান ল'ম । হিচাপ কৰিম এই মাহত মোৰ বেংক একাউন্টত কিমান টকা সোমাল , বা আৰু কিমান পাবলগীয়া আছে । ভাল খোৱা বস্তু কোন ৰেস্তোঁৰাত পায় তাৰ সন্ধান কৰিম, অথবা শ্ৰীমতীক অমুকটো বনাবা, তমুকটো বনাবা কৈ আবদাৰ কৰিম ।
পৃথিৱীত আজিৰ দিনটোৰ ২,৯১,০০০ টা শিশুৱে জন্ম লাভ কৰিছে । আৰু আজিৰ দিনটোতে ১,২২,০০০ জনে এই পৃথিৱীৰপৰা মেলানি মাগিছে ।(উৎস: https://www.worldometers.info) আমি কোনেও এই সংখ্যাবোৰলৈ মন কাণ নকৰোঁ আৰু কৰাৰ দৰকাৰো অনুভৱ নকৰোঁ । মই বা আপুনি নাইকীয়া হৈ গ'লেও সেই সংখ্যাটোৰ বিশেষ ইফাল -সিফাল নহয় । কিন্তু আপুনি বিচাৰে নে , যে আপোনাৰ জীৱনটোও ইমান মূল্যহীন হ'ব পাৰে বুলি ?
ৱাৰেন বাফেট বোলা এজন ধনী লোকে কৈছে যে 'বস্তু এটা আমি যি দি কিনো, সেয়া হৈছে টকা(Price), আৰু কিনাৰ ফলত যি পাওঁ সেয়া হৈছে বস্তুটোৰ মূল্য(Value) বা মান' । আমাৰ জীৱনটো বাৰু আমি কিনিবলগীয়া হোৱা নাই, তেৰাই সেয়া আমাক উপহাৰ হিচাপে দিছে । কিন্তু আমি সেই উপহাৰৰ মূল্য গোটাব পাৰিছো নে ?
আপুনি নাইকীয়া হৈ যোৱাৰ পাছত আপোনাক কোনোবাই সোঁৱৰিব নে ? আপোনাৰ কোনখিনি কাৰ্যই আনৰ মনত প্ৰভাৱ পেলাইছে আপুনি ক'ব পাৰিব নে ? আপোনাৰ জীৱনটো কিমান বছৰীয়া ? - ১৬ বছৰ, ২৭ বছৰ, ৫৪ বছৰ অথবা ৯৮ বছৰ । - এই সংখ্যাবোৰেৰে আপুনি ডাঙৰ হ'ব পাৰে নে ? আপোনাতকৈ মোতকৈ বহুত সৰু সৰু ল'ৰা বা ছোৱালীয়েই দেখোন বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে ! উদাহৰণ বিচাৰিলে অজস্ৰ পাব । প্ৰশ্নটো হৈছে 'আপুনি কি কৰিছে'?
ইৰফান খান নামৰ ব্যক্তিজনক আপুনি কাহানিও চাগে' লগ পোৱা নাই । মইও পোৱা নাই । তথাপি সেই মানুহজন বৰ অকালতে গুছি গ'ল বুলি আপুনি শোক প্ৰকাশ কৰিছে । কাৰণ, তেওঁৰ কৰ্মৰাজীয়ে আপোনাক, আপোনাৰ অনুভৱক, সত্তাক চুব পাৰিছে । কথাটো ইমানেই ।
আজি মই 'মেছিন লাৰ্নিং' শিকিছো, প্ৰগ্ৰামিং কৰিছো, অথবা গান এটা গুনগুনাইছো । চাকৰি কৰি পৰিয়াল চলাইছো বুলি হয়তো ফিতাহি মাৰিছো, নহ'লে 'এইবোৰ কৰি থাকোতেই জীৱনটো যাব' বুলি উষ্মা প্ৰকাশ কৰিছো । এইবোৰে কেতিয়াবা কাহানিবা কামত আহিব বুলি মই সন্দেহ প্ৰকাশ কৰিছো । তেনে নকৰিব। চাকৰিৰ বাবেই হওঁক , অথবা নিজৰ ইচ্ছাতেই হওঁক, আপুনি যি কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰক । আপুনি নিশ্চিত হওঁক, সেই কাম, সৰু হওঁক বা ডাঙৰ, সেয়া আপুনি যিমান ভালদৰে অথবা নিখুট ভাৱে কৰিব পাৰিছে বা পাৰিব, সেয়া হয়তো আন এজনে নোৱাৰিব বা নোৱাৰে । গতিকে আপোনাৰ কামক আপুনি ভাল পাবলৈ লওঁক । কেৱল টকা ঘটিবলৈ বুলি নহয়, কামটোৰে বহুত কিবা কিবা কৰিব পাৰি বুলি ভাৱি কাম কৰিবলৈ লওঁক । আপুনি যদি ব্যবসায়ী, আপোনাৰ ব্যৱসায়ে আনৰ বাবে হয়তো ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে বুলি বিশ্বাস কৰক। আপুনি যদি খেতিয়ক , তেন্তে আপোনাৰ খেতিৰ ফচলক মানৱ জাতিয়ে আজিৰ সভ্যতাত উপনীত হৈ পৃথিৱীত আধিপাত্য বিস্তাৰ কৰাৰ আৰু নিজে বৰ্তি থকাৰ অন্যতম উপাদানস্বৰূপ বুলি গণ্য কৰি গৰ্বিত হওঁক । দহোজনক এই গৌৰৱৰ অংশীদাৰ কৰক আৰু নিজেই উদাহৰণ দেখুৱাওক ।
মাৰ্টিন লুথাৰে কৈছিল- 'যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলোৱে অংকন কৰা এটি সুন্দৰ চিত্ৰকৰ্ম হে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীত ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন! তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল " । লুথাৰৰ কথাত যদিওবা কাব্যিক উপমা আছে তথাপি , তেওঁৰ ভাৱ-ধাৰাই আমাক আমাৰ নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ নিষ্ঠাৱান হ'বলৈ প্ৰেৰণা যোগায় ।
মোৰ দেউতাই কয়, কামৰ কোনো সৰু-বৰ নাই । কাম কৰিবলৈ বোলে লাজ কৰিবও নালাগে। কামেইহে মানুহৰ মূল্য বঢ়ায় । নাজানো সঁছা নে মিছা । কিন্তু 'মূল্য' বোলোতে আজিকালি বহুতেই ইয়াক 'টকা'ৰ লগতহে তুলনা কৰে । মানুহৰ জীৱনত 'টকা'ৰ নিশ্চয় মূল্য আছে , কিন্তু জীৱনৰ 'মূল্য' গঢ়াত টকাৰ সঁচাকৈয়ে জানো কাম আছে ? মহাত্মা গান্ধী, মাদাৰ টেৰেজা , নেলচন মাণ্ডেলা বা আমাৰ গুৰু শংকৰদেৱ - এওঁলোক হ'বলা টকাৰে ধনী আছিল ? তেওঁলোক ধনী আছিল, নিজৰ আদৰ্শত, নিজৰ কামত । এওঁলোক এই পৃথিৱীৰপৰা হেৰাই যোৱা আজি বছৰ বছৰ হোৱাৰ পাছতো জীয়াই আছে আমাৰ মনত মাজত , জীয়াই আছে প্ৰত্যেকৰে হৃদয়ত । তেন্তে কি কৰিছিল নো তেওঁলোকে ? তেওঁলোকে সেয়াই কৰিছিল, যি সমাজ গঢ়াৰ বাবে, সমাজ সংস্কাৰৰ বাবে কৰা উচিত আছিল ।
তেনেকৈ আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেনদাই তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমাক প্ৰভাৱান্বিত কৰিছে । তেওঁলোকৰ জীৱন আজি ধন্য । তেওঁলোকে যি কৰিছিল, সেয়া বিখ্যাত হ'বলৈ কৰা নাছিল , কৰিছিল মনৰ তাগিদাত । অৱশ্যে তেনে কোনো কথা নাই যে কলা-সংস্কৃতিৰ দিশত কিবা অৰিহণা যোগালেহে এজন মানুহ আমি কোৱাৰ দৰে 'মূল্যবান' হ'ব পাৰিব । খেল-জগত, ৰাজনীতি, অভিনয়, বিজ্ঞান বা প্ৰযুক্তি যি ক্ষেত্ৰই নহওঁক কিয়, যদি আপোনাৰ কাম-কাজে অন্য হাজাৰজনক নৱদৃষ্টি দিব পাৰিছে, আপুনি এজন আদৰ্শ হৈ ধৰা দিব পাৰিছে , তেন্তে আমি ক'ম যে আপোনাৰ জীৱন সফল হৈছে ।
আমাৰ জীৱনটো বৰ সৰু । কৰিবলগীয়া কাম বহুত আছে । গ্ৰহ নক্ষত্ৰৰ অৱস্থান, বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য এইবোৰ অধ্যয়ন কৰিবলৈ চাগে' আমাৰ জীৱনত সময়েই নাই । তথাপি আমি যিবোৰ কৰিব পাৰোঁ , সেইবোৰ কৰিবলৈকে আমাক বহুত সময় লাগে। শিকিবলৈ সময় লাগে। শিকাখিনি কৰ্ষণ কৰিবলৈ, অনুশীলন কৰিবলৈ সময় লাগে । সেইবোৰ আনক শিকাবলৈও সময় লাগে । পাকৈত হ'বলৈ, পণ্ডিত হ'বলৈও সময় লাগে । কিন্তু সময় আছে ক'ত ? গতিকে এইযে আমি এলাহতে গা-ঘেলাই অবাবত সময় নষ্ট কৰোঁ, চুপতি মাৰি, আড্ডা দি 'টাইম পাছ' কৰোঁ, প্ৰয়োজনতকৈ অধিক সময় শুই শুই কটাই ভাল পাওঁ, এইবোৰে বাৰু আমাৰপৰা আমাৰ সেই 'অতি কম সময়'ৰে অধিকাংশ কাঢ়ি নিয়া নাই নে?
গতিকে, ৰৈ নাথকিব। প্ৰতিটো মূহুৰ্ততে জীৱনটো উদযাপন কৰক । নিজকে আৱিষ্কাৰ কৰক । নতুন প্ৰেৰণাৰে কামত লাগক । আপোনাৰ জীৱনটোক 'মূল্যৱান' কৰি তোলক । আপুনি বহুত কিবা-কিবি কৰিব পাৰে, আপোনাৰ প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিব । সেইবোৰত সাৰ-পানী দিয়ক । ঠন ধৰি উঠক আপোনাৰ জীৱন । শুভেচ্ছাৰে,
অৰুণজ্যোতি ।
২৯/০৪/২০২০