লেখা অনুসন্ধান কৰক

Monday, October 20, 2014

“আইন হাতত লো‌ৱাৰ প্ৰ‌ৱণতা আৰু আন্দোলন কৰাৰ ফেশ্যন ”


আজিকালি খবৰ-কাকতেই হওঁক বা দূৰদৰ্শনেই হওঁক, সকলোতে সততেই দেখা পোৱা বহু সংখ্যক বাতৰিৰ শিৰোনামা হয় এনে ধৰণৰ-“ক্ষুব্ধ জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন”, “গাড়ীচোৰক ৰাইজৰ উত্তম-মাধ্যম”, “জনতাৰ আদালতত প্ৰাণদান ধৰ্ষণকাৰীৰ” অথবা “সমৰ্থকে লণ্ড-ভণ্ড কৰিলে কাৰ্যালয় ” ইত্যাদি । ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে ঘটনা কি হাৰত কিমান সঘনাই ঘটে, সেয়া সঠিকভা‌ৱে ক’ব নো‌ৱাৰি যদিও আমাৰ অসম মুলুকত এনে ঘটনা বৰ্তমানে অতি অবিশ্বাস্যভা‌ৱে বাঢ়িবলৈ ধৰিছে । বহু লোকে এনে ঘটনা-দুৰ্ঘটনাবোৰৰ পৰ্যালোচনা কৰি এইবুলি আশাবাদী হয় যে এয়া হৈছে মানুহৰ সমাজ-সচেতনতাৰ পৰিচায়ক আৰু জনতাৰ এনে সমুচিত প্ৰত্যুত্তৰ বা নিজাববীয় বিচাৰৰ দ্বাৰাহে এদিন নহয় এদিন এই দুৰ্নীতিকাৰী,ঠগ-প্ৰ‌ৱঞ্চকৰ হাঁতোৰাৰ পৰা সাধাৰণ নিৰপৰাধী নাগৰিকে অলপ হ’লেও পৰিত্ৰাণ পাব পাৰিব । কিন্তু কিছু গভীৰভা‌ৱে চিন্তা কৰিলে এই ধাৰণাৰ সম্পূৰ্ণ বিপৰীত এটি দিশহে বেছি প্ৰকটমান হয় । সি হৈছে এয়ে যে এখন গণতান্ত্ৰিক দেশত সাধাৰণ মানুহৰ এনেধৰণৰ আইন হাতত তুলি লো‌ৱাৰ মানসিকতাই দেশত সুস্থ প্ৰশাসন আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভা‌বুকি অনাৰ লগতে শান্তিৰ পৰি‌ৱেশ আৰু একতাকো প্ৰকৃতাৰ্থত বিনষ্টহে কৰিব ।


ই এক সত্য যে, দেশ পৰাধীন হৈ থকাৰ সময়ৰে পৰা ভাৰতৰ জনগণক বিভিন্নজনে বিভিন্ন ধৰণে শোষণ আৰু নিপীড়ণ চলাই আহিছিল । বৃটিছৰ শাসনৰ সময়ত খাতি খো‌ৱা জনতাৰ ওপৰত ভিন ভিন ৰকমৰ কৰ-কাটলৰ ব্য‌ৱস্থা আৰোপ কৰি আৰু সেই ৰুঢ় নীতি-নিয়ম সমূহৰ বিৰুদ্ধাচৰণ কৰা সকলক চূড়ান্ত শাস্তি প্ৰদান কৰি ইংৰাজ সকলে যি প্ৰকাৰৰ বৰ্বৰতা চলাইছিল সেয়া সো‌ৱঁৰি আজিও আমাৰ ককা-আইতাহঁতে চকুপানী টুকে । নতুন প্ৰজন্মৰ সৌভাগ্য যে তেনে সময় আজি আৰু নাই । পৰাধীনতাৰ শিকলিৰপৰা দেশ মুক্ত হ’ল আৰু ইংৰাজৰ কুশাসনৰ অৱসান ঘটিল । কিন্তু প্ৰশ্ন হয়, আজিৰ স্বাধীন ভাৰতৰ নাগৰিকে মুক্তভা‌ৱে স্বদেশত বিচৰণ কৰিব পাৰিছে নে ? প্ৰতিজন নাগৰিকেই নিজৰ প্ৰাপ্য অধিকাৰ ৰক্ষা কৰি দুৰ্নীতি,কুসংস্কাৰ,শোষণ আৰু ভিন্ন কোণৰপৰা উদ্ভত হো‌ৱা নিপীড়ণৰপৰা বাচি থাকিব পাৰিছে নে ?

গান্ধীজীৰ সপোনৰ যি ভাৰতবৰ্ষ সেয়া আজি স্বাধীনতাৰ কেইবা দশকৰ পাছতো সমূলি হৈ নুঠিল । দেশ প্ৰকৃততে পৰাধীন হৈয়েই থাকিল । বৃটিছৰ ঠাই ল’লে খোদ ভাৰতীয়ই । আৰু শোষণ ,অত্যাচাৰ একে গতিৰেই চলি থাকিল । বহুতৰেই মনত খুদু‌ৱনিৰ সৃষ্টি হয়,আম্বেদকাৰৰ সংবিধানতে কিবা কেৰোণ থাকি গ’ল নে এই গণতান্ত্ৰিক ব্য‌ৱস্থাটোতেই কিবা এটা আঁসো‌ৱাহ আছে !? আজিৰ ভাৰতত, কালিলৈকে দুখীয়া-নিচলাৰ সতে মিলি থকা মানুহজনেই, নিৰ্বাচনৰ ঠিক পিছৰেপৰাই যেন কিবা সৰ্বশক্তিমান,অহংকাৰী আৰু দুৰ্নীতিগ্ৰস্ত শোষক ‘ৰজা’ একোজনহঁত হৈ পৰে । ক’বলৈ গ’লে প্ৰতিজন জনপ্ৰতিনিধিয়েই লংকালৈ গৈ ৰা‌ৱণ হো‌ৱাৰ দৰে হয় গৈ । আৰু এই ব্যৱস্থাটো বছৰৰ পিছত বছৰ চলি থাকে বাবেই দেশৰ প্ৰতিজন নাগৰিকৰ মনত সুপ্তভা‌ৱে হ’লেও এজন ‘নেতা’ হো‌ৱাৰ বাসনা সোমাই আছে । এই প্ৰচেষ্টাত যিসকল সফল হৈছে, তেওঁলোকৰ ‘ফৰ্মূলা’ মাথো একেটাই । নিৰ্বাচনৰ আগতে দুই-চাৰিটা ভাল কাম টোপ হিচাপে কৰি দেখু‌ৱাই জনতাৰ মন জয় কৰা আৰু নিৰ্বাচনৰ পিছত একেখিনি মানুহৰ ওপৰত শোষণ কৰা তথা চৰকাৰী কাম-কাজৰ ধন আত্মসাৎ কৰা । অৱশ্যে এই প্ৰচেষ্টাক যিমান সৰল বুলি ভ‌ৱা হয়, সিমান নহয় ।বহু বছৰৰ আগৰেপৰাই নিৰ্বাচনী অংকবোৰৰ অনুশীলন আৰু যোগ-বিয়োগ কৰি থকা হয় । শেষ ৰাতিলৈকে মানুহক আঁভু‌ৱা ভৰাৰ কূটকৌশল ৰচনা কৰা হয় । কোনোবাই যদি ভোটাৰক সুৰাৰে মাতাল কৰি ভোট কাঢ়িছে, আনজনে আকৌ আঁঠু‌ৱা-কম্বল বিলাইছে । এজনে যদি ৰিগিং কৰি জিকিছে, অন্যজনে হয়তো টকা সিঁচি জিকিছে । মুঠতে ‘ৰজা’ হো‌ৱাৰ প্ৰক্ৰিয়াটোত সৰ্বত্ৰ দুৰ্নীতি সোমাই পৰিছে । গতিকেই এইসকল সে‌ৱকে দুৰ্নীতিৰ ধাৰাটোক তেওঁলোকৰ সমগ্ৰ কাৰ্যকালতে অক্ষুন্ন ৰাখিবলৈ অকণমানো কৃপণালি কৰাৰ প্ৰশ্নই নুঠে ।

ইয়াৰ ফলতে দেশখনৰ প্ৰতিটো কাৰ্যালয়তে কোষে কোষে দুৰ্নীতি বিয়পি পৰাটো পৰিলক্ষিত হয় । চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও অলপ অতিৰিক্ত ধনৰ মোহত হাত উজান দিয়ে প্ৰক্ৰিয়াটোত । “আমাৰ চাৰেই যদি টকা লয়, তেন্তে আমি লো‌ৱাতনো কিহৰ আপত্তি ?” –এই স্বগতোক্তিৰে আমাৰ দেশৰ প্ৰায় প্ৰতিজন চৰকাৰী কৰ্মচাৰী, বিষয়া , মন্ত্ৰী -আমোলাই কে‌ৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে ৰাইজৰ টকা হস্তগত কৰে , দুৰ্নীতি কৰে ,ঘোঁচ বিচাৰে । ফলত মৰণ হয় সাধাৰণ জনতাৰ । এইহেন অনুন্নত এখন দেশৰ কোটি কোটি জনতাই চৰকাৰৰ ওচৰত হাত নপতাকৈ কাহানিও থাকিবও নো‌ৱাৰে । চৰকাৰী শাসন-ব্য‌ৱস্থাৰ উৰ্দ্ধত কোনো‌ৱে কাম কৰিবও নো‌ৱাৰে । গতিকেই আজিৰ ভাৰতীয় নাগৰিকে য’লৈকে যাওঁক, যিহকে বিচাৰক, তাতেই দুৰ্নীতি আৰু নিপীড়ণৰ পৰা নিস্তাৰ পো‌ৱাৰ কোনো গত্যন্তৰ নাই । চৰকাৰে যিমানেই ন ন অভিন‌ৱ আঁচনি তৈয়াৰ নকৰক কিয়, নানা স্তৰত নানাজন সুবিধাবাদীৰ লোলুপ দৃষ্টিৰে সৰকি আহিহে সেয়া জনতাৰ ওচৰত পায়হি । সাধাৰণ বৃদ্ধ পেঞ্চন এটা পাবলৈও পঞ্চায়তৰ প্ৰতিনিধিয়ে কিবা এটা ‘হাত-খৰছ’ বিচাৰে । দুখীয়া-নিচলাৰ বাবে মুকলি কৰা আই.এ.‌ৱাই ঘৰ,জ‌ৱ-কাৰ্ড,দুটকীয়া চাউল ,বান-সাহাৰ্য ইত্যাদি এই সকলোবোৰতে দুৰ্নীতিকাৰীৰ টিঘিলঘিলনি । নিযুক্তিৰ নামত প্ৰতিটো কাৰ্যালয়তেই ঘোঁচ দিয়া-লো‌ৱাৰ ৰমৰমীয়া বেহা চলে । একে আষাৰে ক’ব পাৰি, অসম চৰকাৰৰ সাধাৰণ চতুৰ্থ বৰ্গৰপৰা বিষয়া পদবীলৈকে যিকোনো এটা পদতে যে মেধাৰ সলনি অন্য হিচাপ-নিকাচেৰেহে নিযুক্তি হয়, এই কথা আজি সৰ্বজনবিদিত । ই এটা অপ্ৰকাশিত সত্য।

ইখনৰ পিছত সিখন চৰকাৰ বদলি হয় , মন্ত্ৰীৰো সালসলনি হয় । কিন্তু সলনি নহয় এই দেশ । একেই থাকে চৰকাৰৰ অমনোযোগিতা, কামত গাফিলতা তথা গুণগত নিকৃষ্টতা । ষাঠি বছৰেও সমাধান নোলায় বানপানীৰ । জিলা ঘোষণাৰ ২০ বছৰ পিছতো একেই থাকে সদৰলৈ যো‌ৱা বাট-ঘাট । একেই থাকে ভূমিস্খলন, কৃত্ৰিম বানপানী, গঁড়-হত্যা, চুৰি-ডকাইতি,হত্যা-গুপ্তহত্যা, শিশুৰ ওপৰত অত্যাচাৰ,বনাঞ্চলৰ ধ্বংসপাত,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা,অনিয়ম-দুৰ্নীতি,দৰমহাবিহীন চাকৰি,নাৰী-নিৰ্যাতন, উগ্ৰপন্থীৰ তাণ্ড‌ৱ আৰু স্থ‌ৱিৰ উন্নয়ণ। তাহানিৰে পৰা আমাৰ সহজ-সৰল অসমীয়াই এই অতবোৰ অত্যাচাৰ,নিপীড়ণ,শোষণ আৰু চৰকাৰী নিৰ্লিপ্ততাক বিধা-বাক্যে সহ্য কৰি আহিছে । কিন্তু কিমানদিন সহি থাকিব পাৰে এনেদৰে ? সহ্যৰ সীমাৰেখা পাৰ হো‌ৱাৰ পাছত সেয়েই আজিকালি কোনো কোনো‌ৱে আস্ফালন কৰি উঠে,বিদ্ৰোহ কৰিব খোজে । এইখিনি মানুহৰ ওপৰত যদি কোনো প্ৰণালীগত গ‌ৱেষণা বা অধ্যয়ন কৰা যায়, তেন্তে নিশ্চয় এই কথা প্ৰতীয়মান হ’ব যে ইমান দুখ-দুৰ্দশাৰে বছৰ বছৰ ধৰি জুৰুলা হো‌ৱা মানুহৰ ধৈৰ্যশক্তি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লয় । আৰু ইয়েই হৈছে এটা কাৰণ, যাৰ বাবে আজিৰ অসমীয়াই অতি সৰু সৰু ঘটনাতে প্ৰতিবাদ, বাক-বিতণ্ডা কৰিবলৈ শিকিছে । বান-সাহাৰ্যত পো‌ৱা চোলাটো ফটা ওলো‌ৱাত বা শিক্ষকে ছাত্ৰক দুচাত কোবাওতে আগতে কাহানিও প্ৰতিবাদ হো‌ৱা নাছিল । কিন্তু আজি সেয়াও হ’বলৈ ধৰিছে । ই জাতিটোৰ বাবে অতিশয় দুৰ্ভাগ্যজনক পৰিস্থিতি ।

অৱশ্যে সমস্যা-জৰ্জৰ ৰাজ্য বুলিলে ভাৰতৰ ভিতৰত কে‌ৱল অসমেই আছে বুলিও ঠিক ক’ব নো‌ৱাৰি । কাশ্মীৰ ,বিহাৰ বা আন বহু ৰাজ্যও অনুৰূপ সমস্যাৰে ভৰপূৰ । কিন্তু সেই সকলোতে আমাৰ অসমীয়াৰ বৰ্তমানৰ এই অসন্তুষ্টি তথা প্ৰতিবাদৰ মানসিকতা দেখা পো‌ৱা যায় নে ? ক’ব পাৰি , দেখা পালেও অসমতকৈ বেছি হ’ব নো‌ৱাৰে । তেন্তে কিহে আমাৰ ৰাইজক ইমান উচতনি জগায় যে বিদ্ৰোহ বা প্ৰতিবাদৰ নামত তেওঁলোকে প্ৰশাসন,আৰক্ষী,কৰ্মৰত বিষয়াকো আওকাণ কৰি প্ৰতি-আক্ৰমণ বা অসভ্য ব্য‌ৱহাৰ কৰিবলৈ তৎপৰ হয় ? আমাৰ বিচাৰত ইয়াৰ অন্যতম এটা কাৰক হৈছে অসমত যো‌ৱা পাঁচ-ছয়বছৰমানৰ পৰা গা-কৰি উঠা চেটেলাইট সংযোগ ব্য‌ৱস্থাৰ নিউজ-চেনেলকেইটা ।

কাৰোবাৰ ঘৰত সাপ এটা ওলালেও, মৃতকৰ শ্ৰাদ্ধ পাতিলেও ,কলেজত ন‌ৱাগত আদৰণী সভা বা একতা-সভাৰ নিৰ্বাচন হ’লেও অথবা কোনোবা এজন তাৰকাই বিয়া এখন পাতিলেও তেওঁলোক গৈ হাজিৰ হৈ যায় । মূহুৰ্তৰ বাতৰি মূহুৰ্ততে আপোনাৰ ওচৰত দিয়াৰ নামত এওঁলোকে “কেমেৰা-মেনিয়া” নামৰ বিষ-বাস্প সমাজলৈ এৰি দি এক প্ৰকাৰৰ অপৰাধ কৰিছে । যিটো কথা কালি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নাছিল, আজি নিউজ-চেনেলত শতাধিকবাৰ শুনি শুনি আপুনিও তাক গুৰুত্ব দিবলৈ লৈছে । আৰু ক্ষীপ্ৰ প্ৰতিক্ৰিয়া তথা বৃহত্তৰ দৰ্শক পো‌ৱাৰ আশাত বহুতেই আজিকালি নিউজ-চেনেলৰ যোগেদিহে অনুষ্ঠান পাতিবলৈ লৈছে । ধৰি লওঁক, প্ৰধান মন্ত্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোনো কোনো দল-সংগঠনে চাফাই-অভিযান আৰম্ভ কৰিছে । ইয়াৰ বাবে তেওঁলোকে চাৰি-পাঁচজন মানুহ গোট খাই প্ৰথমে নিউজ-চেনেলৰ সাংবাদিক-কেমেৰামেনক মাতিব ; তেওঁলোক আহি পো‌ৱালৈকে অপেক্ষা কৰিব । আৰু অহাৰ পিছতহে কেমেৰাৰ আগত ওলাবৰ বাবেই দুই মিনিটৰ বাবে চাফাই কৰি দেখু‌ৱাব । তাৰ পিছত ডাঙৰ ডাঙৰ কথাৰে এটা বক্তব্য ৰাখিব। কেমেৰামেন গ’ল কি নগ’ল,এইলোকৰ চাফাই শেষ! ইয়াৰ পিছৰ কাৰ্যসূচীত থাকে চাহ-চিংৰাৰ জুতি লো‌ৱা । এতিয়া কওঁকচোন, গোটেই প্ৰক্ৰিয়াটোৰদ্বাৰা কোন কিমান লাভান্বিত হ’ল ?নিউজ-চেনেলৰ সাংবাদিক আহিছে বুলিয়েই যিকোনো কাৰ্যসূচীতে দুই-চাৰিজন অত্যুৎসাহী ডেকাই উচাত মাৰি অতিৰিক্ত কিছু কাণ্ড-কলাপেৰে আৱাহা‌ৱা গৰম কৰি তোলাও পৰিলক্ষিত হয় । দূৰদৰ্শনৰ বাতৰিৰ অংশ হো‌ৱাটো আজিকালি আমাৰ গাঁৱৰ নদাই-ভদাইৰপৰা আৰম্ভ কৰি নামী-দামী তাৰকা,ৰাজনীতিবিদ সকলোৰে বাহ্ বাহ্ লো‌ৱাৰ এটা পন্থা হৈ পৰিছে । বিভিন্ন ক্ষেত্ৰত নিজকে বিখ্যাত কৰিবলৈ অহৰহ প্ৰচষ্টা চলাই ৰখাসকলৰ বাবেও ই অতি ফলপ্ৰসু আহিলা হৈ দেখা দিছে ।অন্যহাতে আজিকালি এটা খবৰ বা ঘটনা সংঘটিত হো‌ৱাৰ পিছত প্ৰকাশ হো‌ৱাটোতকৈ সংঘটনৰ আগেয়েই প্ৰকাশ কৰাৰ প্ৰ‌ৱণতা আমাৰ ব্যক্তিগত চেনেলসমূহৰ সংবাদসে‌ৱক সকলৰ মাজত বৃদ্ধি পাইছে । গতিকেই ‘খবৰ’ৰ সৃষ্টি অপ্ৰাকৃতিকভা‌ৱেও হ’বলৈ লৈছে । অথবা কোনো কোনো ক্ষেত্ৰত ‘অখবৰ’ হে প্ৰকাশ পো‌ৱা দেখা গৈছে ।

সেই হেতুকেই সাধাৰণ মানুহৰ মনত এনে এটা ভা‌ৱ ইতিমধ্যেই গা কৰি উঠিছে যে আমি অমুক কামটো সাধাৰণ ধাৰাৰে নকৰি অলপ ব্যতিক্ৰমী ৰূপত কৰিলে দূৰদৰ্শনত সেয়া প্ৰচাৰ হ’ব আৰু তাৰ ফলতহে আমি জনপ্ৰিয়তা লাভ কৰিব পাৰিম বা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ম । এইবোৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকাও যথোচিতভা‌ৱে গ্ৰহণযোগ্য নহয় ।বহু সাংবাদিকে প্ৰতিবাদকাৰীক প্ৰশ্ন কৰে এইবুলি–“অমুকে অমুকটো কৰাৰ ফলতেই আপোনালোকৰ এনে হ’ল। গতিকে আপোনালোকে এতিয়া তেওঁৰ বা তেঁওলোকৰ বিপক্ষে কি কৰিম বুলি ভা‌ৱিছে?” । আৰু ইয়াৰ উত্তৰ প্ৰত্যাশিতভা‌ৱেই আহে এনেদৰে-“এতিয়া আমি অমুক অমুক কাৰ্যসূচী ল’ম, যেনে কাৰ্যালয় ধ্বংসাভিযান,বাহনত অগ্নিসংযোগ,প্ৰতি-আক্ৰমণ ইত্যাদি” । এনে ধৰণৰ প্ৰশ্নোত্তৰ হয়তো কেমেৰাৰ পিছফালেও হ’ব পাৰে, বা আগফালেও হ’ব পাৰে । সাংবাদিকৰ উদ্দেশ্য ইয়াত মাথো এটাই, সেয়া হৈছে তেওঁলোকৰ প্ৰতিযোগী চেনেলটোতকৈ তেওঁ অধিক আৰু কি কি চৰম মুহুৰ্তৰ দৃশ্যৰ ৰেকৰ্ডিং কৰিব পাৰে তাৰ প্ৰচেষ্টা চলো‌ৱা । অৰ্থাৎ মানুহে যিবোৰ দৃশ্য চাই উত্তেজিত হ’ব তেওঁ সেইবোৰহে ৰেকৰ্ডিং কৰিব খোজে । ইয়াৰ ফলত চেনেলটোৰ টি.আৰ.পি. ৰেটিং বাঢ়িব আৰু সাংবাদিকজনৰো পদোন্নতিও হ’ব । অতি সৰু বুলি ভ‌ৱা এনে কৰ্ম-কাণ্ডই কিন্তু সমাজত যে বহুখিনি কু-প্ৰভা‌ৱ পেলাইছে , সি ধুৰূপ ।

সাম্প্ৰতিক সময়ত অসমত দল-সংগঠনৰ সংখ্যা অভা‌ৱনীয় হাৰত বৃদ্ধি পাইছে । যো‌ৱা দহোটা বছৰে কিমানটা যে সন্থা বা সংগঠন বা পৰিষদৰ আৱিৰ্ভা‌ৱ হ’ল তাৰ কোনো হিচাপ নাই । ই এটা অতিশয় উদ্বেগজনক আৰু চিন্তনীয় বিষয় । এনে সন্থাবোৰৰ জন্ম আচলতে কি স্বাৰ্থ সিদ্ধিৰ বাবে হয়,সেয়াও আজিকালি সহজেই অনুমেয় হৈ পৰিছে । নিজ নিজ গোষ্ঠীৰ ভেঁটি আৰ্থসামাজিক আৰু ৰাজনৈতিকভা‌ৱে মজবুত কৰাৰ নামত সন্থাসমূহৰৰ মুখীয়ালকেইজনৰ পকেট গৰম কৰা আৰু ৰাজনৈতিক দলৰ সতে মিতিৰালি পাতি নানা ব্যক্তগত অভিসন্ধি পূৰণ কৰাই হৈছে এই গোটসমূহৰ স্বাৰ্থ । এনে গোট কিছুমানৰ প্ৰৰোচনা আৰু ৰাজনৈতিক চল-চাতুৰিৰ বিপাকত মতিভ্ৰম হৈও বহু সমাজৰ তিৰোতাকে আদি কৰি বৰমূৰীয়াই হওঁক অথবা ডেকাচামেই হওঁক বুজনসংখ্যক অদূৰদৰ্শী লোকে কিছুমান অগণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত হয় ।কে‌ৱল জাতীয়তাবাদেই নহয় ,ধৰ্ম আৰু সম্প্ৰদায়িকতাকো দোহাৰি আমাৰ দেহ-মনত আৱেগিক জোঁৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হো‌ৱা এইধৰণৰ উচতনিবোৰৰ আঁৰতো যে নানান চলনা আৰু মঞ্চৰ আঁৰৰ মন্ত্ৰণা চলি থাকে সেয়া আমাৰ বহু নাগৰিকে উপলব্ধি কৰিব নো‌ৱাৰে । সেয়ে বিবেকেৰে বিচাৰ নকৰাকৈ এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সমূলি অনুচিত ।

সঘনাই দেখি থকা আমাৰ সকলোৰে চিনাকী এই ‘অসম বন্ধ’ ব্য‌ৱস্থাটোৰ কথাই ধৰি লো‌ৱা হওঁক । আজিকালি এটা ‘অসম বন্ধ’ৰ আহ্বান জনাব পৰা সংগঠন মানেই এটা যথেষ্ঠ ডাঙৰ সংগঠন বুলি বুজাবলৈ চেষ্টা কৰা হয় । আৰু কেইবাটাও অঞ্চলত সফল ভা‌ৱে ‘বন্ধ পালন’ হো‌ৱা মানেই বুজিব লাগিব যে সেই অঞ্চলবোৰত এই সংগঠনটোৰ প্ৰভা‌ৱ অতিকেই বেছি । গতিকে অসম বন্ধৰ আহ্বানে এটা দল বা সংগঠনক “ফ’কাচত আহিবলৈ” সুযোগ দিয়ে । নিউজ চেনেলসমূহৰ ঘন্টাৰ পিছৰ ঘন্টাৰ প্ৰতিবেদনেও তাত বিশেষ অৰিহণা যোগায় । কিন্তু মন কৰিব যে ,যিবোৰ দাবী জনাই এটা ‘অসম বন্ধ’ আহ্বান কৰা হয়,সেই দাবীবোৰৰ এক শতাংশও এই কাৰ্যপন্থাৰে পূৰণ হো‌ৱা দেখা নাযায় । এই সত্যটোৰ বিষয়ে আচলতে দলটো বা সংগঠনটো‌ও জ্ঞাত । কিন্তু ‘অসম বন্ধ’ৰ আহ্বান কৰাটো‌ৱেই হৈছে আজিৰ এই সংগঠনবোৰৰ এটা ফেছন । আমি ভা‌ৱোঁ, ৰাষ্টাত টায়াৰ জ্বলাই পথ অৱবৰোধ কৰি, যাত্ৰীবাহী বাছৰ দৰজা-খিৰিকি ভাঙি ,ঘন্টাৰ পিছত ঘন্টা সাধাৰণ মানুহক আৱোদ্ধ কৰি ৰাখি কোনোধৰণৰ ন্যায় বা প্ৰাপ্য অধিকাৰ আদায় কৰিব নো‌ৱাৰি । তাতোকৈ অধিক ফলপ্ৰসু হ’ব যদিহে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ বা প্ৰশাসনৰ লগত মুকলিমূৰীয়াকৈ নিজৰ সমস্যা আৰু দা‌ৱীৰ বিষয়ে আলোঙিচনাত বহিব পাৰে । দলৰ বিষয়ববীয়া সকলে গণতান্ত্ৰিক পদ্ধতিৰে কিদৰে আ‌‌ৱেদন-আলোচনাৰ মাজেৰে সকলো সুবিধা আদায় কৰিব পাৰে তাৰেহে চিন্তা-ভা‌ৱনা কৰা উচিত । উদণ্ড মানুহৰ অসভ্যালি প্ৰদৰ্শেনেৰে চৰকাৰক কিদৰে ভা‌বুকি দিব পাৰে,সেয়া নহয় ।

গোলাঘাটৰ ৰঙাজানৰ ঘটনাটোৰ বাবে আজি সদৌ অসমবাসীয়ে আৰক্ষীৰ বৰ্বৰতাক গৰিহণা দিছে সঁচা । কিন্তু জনসাধাৰণৰ এনে অগণতান্ত্ৰিক প্ৰতিবাদ আৰু উচ্ছৃংখল আৱে গিক পদক্ষেপৰো পৃষ্ঠপোষকতা কৰা আমি উচিত নহয় । নাগৰিক-বিদ্বেষী শাসকক ক্ষমতাচ্যুত কৰাৰ অধিকাৰো আমাক যিহেতু দিয়া হৈছে, গতিকে সেই ব্য‌ৱস্থাৰেই আমি দেখোন অপশাসনৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কথা বিবেচনা কৰিব পাৰোহঁক ।এই কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ দেশত বহু সময়ত গুৰুতৰ অপৰাধৰো বিচাৰৰ ৰায়দান দিয়াত বছৰৰ পিছত বছৰ বিলম্ব হয় । আৰু আইনৰ সুৰুঙাৰে বহু অপৰাধী সাৰি যো‌ৱাৰো অৱৰকাশ থাকে । কিন্তু সৌ সিদিনা এজন উচ্চ পদস্থ মুখ্যমন্ত্ৰীকো যদি আমাৰ দেশৰ শাসন-ব্য‌ৱস্থাই জেলৰ ভাত খু‌ৱাব পাৰে ,নামী-দামী তাৰকাইও যেতিয়া আদালতৰ ওচৰত মূৰ দো‌ৱাবলগীয়া হয়, তেন্তে সেই ন্যায়পালিকাক আমি সন্মান জনাবই লাগিব । দেশৰ সংবিধানৰ প্ৰতি আমি আনুগত্য স্বীকাৰ কৰিবই লাগিব । বহু নিষ্কৰ্মা প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বহি যো‌ৱা একেখন আসনতে বহি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখোন দেশবাসীৰ অন্তৰ জয় কৰিব পাৰিছে আৰু ন ন জনকল্যাণমূলক আঁচনিক হাতে-কামে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰিছে । মোদীৰ কাৰ্যা‌ৱলীত দেশৰ সাধাৰণ জনতাইও সক্ৰিয় অংশ লো‌ৱা দেখা গৈছে । গতিকে নিসন্দেহে ক’ব পাৰি যে সমস্যাটো আচলতে প্ৰশাসন ব্য‌ৱস্থাটোত নাই । গোটেই পৃথি‌ৱীতে এই গণতান্ত্ৰিক পদ্ধতিটো‌ৱেই আজি আটাইতকৈ সফল আৰু জনপ্ৰিয় সমাজ-ব্য‌ৱস্থা হিচাপে পৰিগণিত হৈছে । প্ৰকৃত সমস্যা আছে আমাৰ নিজৰ মাজত ।

প্ৰতিটো ঘটনাৰ অন্তৰালত কিছুমান কাৰক থাকে । সেই কাৰকসমূহ বিশ্লেষণ নকৰাকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা বা কাৰোবাক দোষী সাব্যস্ত কৰাটো অনুচিত । আৰু সেই সকলো কাৰক ফঁহিয়াই চাই অধ্যয়ন কৰিব পৰাৰ ক্ষমতা তথা অৰ্হতা আমাৰ প্ৰতিজনৰে নাথাকিবও পাৰে । এতিয়াও অসমৰ বুজনসংখ্যক মানুহক সাক্ষৰতাৰ পোহৰে চুব পৰা নাই । আন বহু ঠাই আকৌ উন্নত সংযোগ-ব্য‌ৱস্থাৰপৰা বহু যোঁজন আঁতৰত । এইবোৰ বিষয়েও এজন মানুহৰ বিচাৰ-বুদ্ধি বা বুজনশক্তিক প্ৰভা‌ৱান্বিত কৰে । গতিকেই ডেকা-বুঢ়া আমি কো‌নো‌ৱেই যিকোনো এটা ঘটনাৰ পৰিপেক্ষিতত এটা গোট,সম্প্ৰদায় বা এজন মানুহক আমাৰ নিজা বিচাৰ-বিবেচনাৰে প্ৰৰোচিত কৰা অনুচিত । এনে প্ৰৰোচনা বা ব্ৰেইন-‌‌ৱাছে অপসংস্কৃতি বা কু-সংস্কাৰৰ পোষকতা কৰি সমাজত বহু দীৰ্ঘস্থায়ী কুপ্ৰভা‌ৱ পেলাব পাৰে । প্ৰতিজন নাগৰিকেই যদি আমি স্বচ্ছ,সৎ আৰু দায়িত্বৰ প্ৰতি নিষ্ঠাবান হ’ব পাৰোঁ,তেন্তে হয়তো কাৰোবাক দোষাৰোপ কৰিবলৈ আমাৰ মাজত কোনো এজনো‌ৱেই নাথাকিব । আৰু তেনে এক সামাজিক বাতা‌ৱৰণতহে দেশৰ প্ৰগতিয়ে অন্য এক দিগন্তলৈ গতি কৰিব পাৰিব ।

যদিও এনে এক ধাৰণাক অধিকেই অমূলক আৰু অসম্ভ‌ৱ আখ্যা দিব, তথাপি আমাৰ দৰে হয়তো হাজাৰজনে এই কল্পনাকে লৈ শান্তি আৰু সমৃদ্ধিৰ মাতৃভূমিখনৰ সপোন দেখে ।
------------------------------------------০০০০---------------------------------------

Saturday, October 11, 2014

"প্রিয়তমালৈ বুলি "

[কবিতা লিখিবলে' যত্ন কৰিছো,কবিতাৰ ব্যাকৰণ নাজানো...]


আৱেগ-বিহবল তোমাৰ সৰু এটা মেচেজৰ অপেক্ষাত
য’ত লিখা থাকিব-‘আপুনি এটা বান্দৰ!’
কিমানটা ‘ইনবক্স’ত যে মোৰ ভুমুকি...
কিমানবাৰ ‘এদিত/ফৰৱার্ড’ মোৰ পছন্দৰ মেচেজ!

তোমালৈ বুলি এটা মেচেজ
বতাহত এৰি দিয়াৰ প্রৱণতা...

তোমাৰদ্বাৰা নিজকে বুর্বক সজোৱাৰ এটা নির্বোধ হাৱিয়াস
কুঁচি-মুঁচিকৈ সাঁচিছিলো তোমাক দেখাৰ দিনাই
তোমাৰ আলাপৰ উষ্ণতাই কিদৰে
সমতুল কৰিছিল শীতৰ বতাহৰ তন্দ্রতা
আকাশৰ নির্জনতাত বন্দী হৈ
শেষ নিশালৈকে গণিলো তৰা...
এক...দুই...
গণিলো ভালপোৱাৰ ৰাশিফল-

আৰু তুমি মোৰ বুকুত থিতাপি ল’লা-
তোমাৰ দুঃশ্চিন্তাৰ দুচকুত সপোন সিঁচিবলে’
বাৰে বাৰে ডুব যাওঁ ভোগদৈৰ ভগা দলং
অথবা
কেটলব্রিজৰ অজান মায়ালে’...।
তোমাৰ চকুৰ ভাষাৰে বিনিময় কৰো হ্রৃদয়...
তোমাৰ ওঁঠৰ মসৃ্নতাত বিলীন নিয়াওঁ
মোৰ কলহভৰা দুখৰ চকুপানী |
এতিয়া প্রতিনিয়ত ফুলে মোৰ
বাগিছাজুৰি সপোন-খঁৰিকাজাই
তোমাৰ সুবাসেৰে আমোলমোল
মোৰ হ্রৃদয়-পথাৰ ||
(ইয়াত প্রতি সন্ধিয়া উদযাপিত হয়
তোমাৰ আগমণিৰ দ্বীপান্বিতা)

তুমি মোৰ হ’লা...
আহা, আলাপ কৰোঁ—
মনৰ সকলো শব্দ উবুৰিয়াই আমি কথা পাতো—
মন হওঁক প্রেমেৰে পৰি্তৃপ্ত
শুনিবলে’ দিয়া মাথো তোমাৰ মাত
সাৱটি বুকুত য’ত গুজিব পাৰি হাঁহি
অনুভৱ কৰিব পাৰি সংগোপনে
গভীৰতম বুকু প্রদেশৰ উম-সনা মৰমৰ কলৰো্ল...
ব’লা আমি ফুৰিবল’ যাওঁ
বুকুত ভালপোৱাৰ সপোন আঁকি
ব’লা আমি সেউজীয়া হওঁ-
...পৃথিৱীৰ আটাইবোৰ মৰমেৰে
জীপাল হওঁ |

“ইন্টাৰনেট-ফেচবুক আদিৰ বেয়াবোৰ নহয়, ভালখিনিক লওঁক!”



    সিদিনা এগৰাকী ছো‌ৱালীক তেওঁৰ “ফে’চবুক বন্ধু”‌ৱে সহযোগীৰ সতে মিলি নিৰ্যাতন কৰাৰ খবৰ বাতৰি কাকতত প্ৰকাশ পাইছে । এনে ঘটনা আগতে বিদেশত হৈছিল, দুদিনমানৰ পৰা ভাৰতৰ আন আন ঠাইত হৈছিল আৰু আজি আমাৰ নিজৰ মাটি-ভেঁটিতে সংঘটিত হৈছে। দেশ-দুনীয়া কোন দিশলৈ গতি কৰিছে,চাওঁকচোন ! ‘বন্ধু’ শব্দৰে এজন সুহৃদৰপৰা আমি যি আস্থা ,বিশ্বাস আৰু ভালপো‌ৱা আদায় কৰো, তাক যেন এনে কাণ্ডই ভীষণভা‌ৱে উপলুঙা কৰিছে! কোনোবা এজন কবিয়ে বন্ধুক উদ্দেশ্যি কৈছিল, “চৰম হতাশা আৰু ক্ষোভৰ দিনত ওলামগৈ তোমাৰ ঘৰ।।কবিৰ ভা‌ৱ-ভাষাক যেন আজিৰ ‌বাস্ত‌ৱে বুঢ়া আঙুলী দেখু‌ৱাই কিৰিলি পাৰিছে ।
আপুনি নিশ্চয় ভা‌ৱিছে, “এনেতো হো‌ৱা নাছিল কাহানিও, তেন্তে কিয় হৈছে ইবোৰ ?”সঁচাকৈয়ে চিন্তনীয় ।
দূৰদৰ্শনৰ বিষয়ে এদিন আপুনি কিতাপত পঢ়িছিল । দূৰৰ কাণ্ড-কাৰখানা ওচৰতে চাব পৰা যন্ত্ৰ মানুহে উদ্ভা‌ৱণ কৰিছে বুলি শুনিছিল । কিছু বছৰৰ পিছতে সেই যন্ত্ৰ আহি আপোনাৰ ঘৰত সোমাল । ক’বলৈ গ’লে সেই তেতিয়াই  গোটেই জগতখন আহি আপোনাৰ চোতাল পো‌ৱাহি নাই নে বাৰু? আৰু এই ভ্ৰাম্যমাণ কাণ-ফুচ্ ফুচ্ যন্ত্ৰটো একা ? ইয়াৰ বিষয়ে কি ক’ব ?
    ই ঘটনাবোৰ হৈছে সংস্কৃতি‌ৱান ৩য় বিশ্বৰ দেশ এখনে তথাকথিত প্ৰগতিৰ দিশেৰে বাট বুলোতে সন্ধিক্ষণত উদ্ভ‌ৱ হো‌ৱা কিছুমান কু-প্ৰভা‌ৱৰ ফল সহজ অৰ্থত, আপোনাৰ ছো‌ৱালীজনীয়ে ‘হাই-হিল’ পিন্ধি প্ৰথম খোজ দিওঁতে বাৰে বাৰে পিছলি পৰাৰ দৰে এটা ঘটনা । দিয়া আৰু লো‌ৱাৰ দোমোজাত পৰি উঠা-বহাত আউল লগা জাতিৰ এটা সমস্যা । গোলকীকৰণৰ চক্ৰত পৰি দেশৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ইমানেই সঘন পৰি‌ৱৰ্তন ঘটিছে যে আজিৰ এটা সামগ্ৰী কিনিবলৈ লৈ আপুনি চিন্তা কৰিব লগীয়াত পৰিছে, কাইল এইটো বস্তু ‘পুৰণীকলীয়া’ হৈ পৰিব নেকি বুলি । ঘৰে ঘৰে ডিজিটেল টিভি,বাইক,গাড়ী-মটৰ, এ.চি.,‌ ৱাশ্চিংমেছিন, মোবাইল ফোন-এইবোৰ ইমান সহজলভ্য আৰু জনপ্ৰিয় হৈ পৰিছে যে কালি আমেৰিকাত উপলব্ধ হো‌ৱা সামগ্ৰী এবিধ আজি ভাৰতৰ বজাৰ পাবলৈ বেছি পৰ নালাগে । গোটেই পৃথিৱীখন এখন গাঁৱলৈ পৰ্যবেসিত হো‌ৱাৰ পথত আজি । যাওঁ বুলিলেই আপুনি গোটেই পৃথি‌ৱী ভ্ৰমণ কৰি আহিব পাৰে আজি-কালি
    হয় , এয়াই হৈছে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগ ।আপোনাক এতিয়া ‘কোনোবা জকাইচুকীয়া গঁঞা’ বুলি জোকাবলৈ কাৰো সাহস নাই, কাৰণ ব্ৰহ্মাণ্ডৰ খবৰ হাতৰ মুঠিত লৈ আপুনি এতিয়া এজন বিশ্বজনীন নাগৰিক। আপুনি ব্য‌ৱহাৰ কৰা মোবাইল ফোনটোৰ কথাই কৈছো কম দামী সাধাৰণ মোবাইল ফোনটোতেই দেখোন আজিকালি কেলকুলেটৰ, স্টপ-‌ৱাচ্চ, এলাৰ্ম ঘড়ী, পেজাৰ, কেলেণ্ডাৰ , ৰিমাইন্ডাৰ , কনভাৰ্টাৰ, ‌ টৰ্চ লাইট, ভইছ ৰেকৰ্ডাৰ, মিউজিক প্লেয়াৰ ইত্যাদি পুৰণা দিনৰ দহ-বাৰটামান যন্ত্ৰ  একেলগে সোমাই থাকে । আৰু যদি আপুনি অলপ মান উন্নত মানৰ মোবাইল ব্য‌ৱহাৰ কৰি আছে, তেন্তে তাতে এটা পৃথি‌ৱীখনৰ দৰে গোলাকাৰ বস্তু দেখা পাব পাৰে । সেইটো হৈছে ইন্টাৰনেট ব্ৰাউজাৰ । ই এটা অতি সাংঘাটিক বস্তু । চন্দ্ৰলৈ কোন কেতিয়া গৈছিল, আমাৰ ভাৰতবৰ্ষৰ বিষয়ে সকলো কথা, আমেৰিকাৰ শিক্ষা পদ্ধতিৰ কথা, শ্বেয়াৰ-মাৰ্কেট বেংকিঙৰ খবৰ, জাপানত হো‌ৱা ভুমিকম্পৰ কথা, চীনৰ প্ৰাচীৰৰ কথা,বাজেটৰ কথা,ছবি অংকনৰ পদ্ধতিৰ কথা, বিজ্ঞান-কলা-বাণিজ্য চিকিৎসা এই সকলো বিভাগৰ কথা, আমাৰ স্বাস্থ্য-কথা, খেলজগতৰ কথা, ব্ৰহ্মাণ্ড-ৰহস্যৰ কথা –এই সকলোবোৰেই আপোনাক এই সৰু বস্তুটো‌ৱেই মূহুৰ্তৰ ভিতৰতে আলোকচিত্ৰ তথা চলচ্চিত্ৰৰে সৈতে দাঙি ধৰিব পাৰে । ইয়েই হৈছে ইন্টাৰনেটৰ চমকপ্ৰদ সুবিধা ।  ক’বলৈ গ’লে  এনে কোনো কথা নাই, যাৰ বিষয়ে তথ্য আপুনি ইন্টাৰনেটত বিচাৰি নাপায় ।  ইন্টাৰনেটক সেয়ে বহুতেই জ্ঞানৰ এখন সমুদ্ৰৰ লগত তুলনা কৰে ।
আচলতে ইন্টাৰনেটনো কি ?:- ইন্টাৰনেট বা আন্ত:জাল হৈছে পৃথি‌ৱীৰ বিভিন্ন ঠাইত থকা বহু কম্পিউটাৰ ইটো‌ৱে সিটোৰ লগত তাঁৰ বা বেতাঁৰ যোগে সংলগ্ন হৈ গঠন কৰা এটা ‘নেট‌ৱৰ্ক চিষ্টেম’ অৰ্থাৎ ‘সংলগ্ন হৈ থকা কম্পিউটাৰৰ এটা গোট ’ । এই কম্পিউটাৰবোৰৰ মাজত তথ্যৰ আদান-প্ৰদান হো‌ৱাটো‌ৱেই হৈছে ইন্টাৰনেট ।ফোন অথবা কম্পিউটাৰত উপলব্ধ ‘ইন্টাৰনেট ব্ৰাউজাৰ’ নামৰ বস্তুটো হ’ল এনে এটা সঁজুলী যাৰ সহায়ত আপুনি ‘তথ্য থকা এটা কম্পিউটাৰ’(চাৰ্ভাৰ)লৈ আপোনাৰ তথ্য বিচৰা অনুৰোধটো পঠিয়াব পাৰে ।এই অনুৰোধ পো‌ৱাৰ পিছত চাৰ্ভাৰটো‌ৱে আপুনি বিচৰা তথ্যখিনি HTTP ৰ মাজেৰে আপোনালৈ পঠিয়ায় আৰু ব্ৰাজাৰটো‌ৱে সেই তথ্যখিনি আপোনাৰ আগত উপস্থাপন কৰে ।
ৱেবচাইট নো কি ?:-এটা ‌ৱেবচাইট হৈছে সুনিৰ্দিষ্ট কিছুমান তথ্যৰে পূৰ্ণ জালপৃষ্ঠা(‌ৱেবপে’জ)ৰ সমষ্টি,যিখিনিক এটা চাৰ্ভাৰ কম্পিউটাৰত থো‌ৱা হয় ।এটা ‌ৱেবচাইটত কেনে ধৰণৰ আৰু কি কি তথ্য থাকিব ,সেয়া ‌ৱেবচাইটটো বনো‌ৱা অনুষ্ঠান বা ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰে ।যেনে কটন মহাবিদ্যালয়ৰ ‌ৱেবচাইট  www.cottoncollege.org ত কে‌ৱল তেওঁলোকৰ মহাবিদ্যালয়ৰ বিষয়ে বিভিন্ন তথ্য পাব । আমেৰিকাৰ মহাকাশ বিজ্ঞানৰ সংস্থা NASA ৰ বিষয়ে পাব তেওঁলোকৰ ‌ৱেবচাইট www.nasa.gov  ত । সেইটো ‌ৱেবচাউইটত কিন্তু সৌন্দৰ্য-চৰ্চাৰ বিষয়ে বিচাৰি থাকিলে আপুনি নাপাব । কিছুমান ‌ৱেবচাইটতত কে‌ৱল চলচ্চিত্ৰহে পাব ,যেনে www.youtube.com .ঠিক সেইদৰে অন্য কিছুমানত আকৌ কে‌ৱল শুনিব পৰা (গান ,কথা-বতৰাৰ ৰেকৰ্ডিং আদি)তথ্যহে পাব । মন কৰিব যে, এটা ‌ৱেবচাইটৰ নাম সদায় www ৰে আৰম্ভ হয় । ইয়াৰ অৰ্থ হৈছে বিশ্বজনীন-জাল (World Wide Web)
চাৰ্চ ইঞ্জিননো(Search Engine) কি ?: কোনোবা এটা বিষয়ে আমি ইন্টাৰনেটত তথ্য বিচাৰিবলৈ হ’লে সেই বিষয়টো,অনুষ্ঠানটো,আঁচনীখন,চলচ্চিত্ৰখন,দোকানখন বা যিয়েই নহওঁক, তাৰ আনুষ্ঠানিক ‌ৱেবচাইটটো খুলিব লাগিবতেতিয়া আমি সেই বিষয়ে শুদ্ধ তথ্যটো পাম । কিন্তু সকলো বিষয়ৰে নিজা আনুষ্ঠানিক ‌ৱেবচাইট নাথাকে । গতিকে তেনে বিষয়ত তথ্য আহৰণ কৰিবৰ বাবে আমাক আন কিছুমান ‌ৱেবচাইটে সহায় কৰিব পাৰে । যেনে ধৰক , পৃথি‌ৱীৰ পৰা কেতিয়া আৰু ক’ত পোনপ্ৰথমবাৰৰ বাবে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল সেয়া জানিবলৈ আপোনাৰ মন গ’ল । এই বিষয়টোত নিৰ্দিষ্ট কৈ এটা আনুষ্ঠানিক ‌ৱেবচাইট নাই । ভাৰত,আমেৰিকা,চীন দেশৰ দৰে যিবোৰ দেশে কৃত্ৰিম উপগ্ৰহ ইতিমধ্যে উৎক্ষেপণ কৰিছে, তেওঁলোক সকলোৰে কিন্তু নিজা নিজা আনুষ্ঠানিক ‌ৱে‌ৱচাইট আছে । গতিকে এটা চাৰ্চ ইঞ্জিনে আপুনি বিচৰা মূল শব্দ কেইটাৰ(যেনে ‘পৃথি‌ৱীৰপৰা প্ৰথম কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণ’) ওপৰত ভিত্তি কৰি সেই শব্দকেইটা থকা যিমানবোৰ ‌ৱেবচাইট আছে তাৰ সকলোৰে তালিকা আপোনাৰ ওচৰত দাঙি ধৰে । সকলো প্ৰয়োজনীয় ‌ৱেবচাইটৰ ঠিকনা (URL=Uniform Resource Locator) আপুনি মনত ৰখাটো সম্ভ‌ৱো নহয় ।গতিকে তেনে ক্ষেত্ৰত আনুসংগিক শব্দৰে(যেনে কটন মহাবিদ্যালয়ৰ ‌ৱেবচাইটটো বিচাৰিবলৈ ইংৰাজীত ‘কটন কলেজ গু‌ৱাহাটী’ বুলি ) বিচাৰিলেই সি আপোনাক উলিয়াই দিব পাৰে । গতিকে ইন্টাৰনেট ব্য‌ৱহাৰকাৰী সকলৰ বাবে চাৰ্চ ইঞ্জিন এটা বৰ সহায়কাৰী আহিলা । চাৰ্চ ইঞ্জিনে অ‌ৱশ্যে ইয়াৰ বাহিৰেও  অন্য বহু কামো কৰে ; যেনে কোনটো ‌ৱে‌ৱচাইট মানুহে কিমান বাৰ খুলিছে, জনপ্ৰিয়তা কিমান ইত্যদিবোৰৰো তথ্য ৰাখেএনেকি কোনোবা ‌ৱেবচাইটত যদি কিবা ‘অনলাইন ভাইৰাচ’ থাকে, তেন্তে চাৰ্চ ইঞ্জিনে সেয়াও ধৰা পেলাব পাৰে আৰু  সেই ‌ৱেবচাইটটো খোলাৰ আগেয়ে আপোনাক সতৰ্ক কৰি দিবও পাৰে । পৃথি‌ৱীৰ জনপ্ৰিয় কেইটামান চাৰ্চ ইঞ্জিন হ’ল গুগল(www.google.com),বাইদু(www.baidu.com),য়াহু(www.yahoo.com),বিং(www.bing.com) আদি । পৃথি‌ৱীৰ ৬৮.৬৯% ইন্টাৰনেট ব্য‌ৱহাৰকাৰীয়ে তথ্য বিচৰাৰ বাবে গুগলক ব্য‌ৱহাৰ কৰে ।
ই-মেইল কি : ই-মেইল হৈছে আধুনিক যুগৰ চিঠি । ক’বলৈ গ’লে ই-মেইলো এটা ‌ৱে‌ৱচাইটেই হয়, য’ত আপুনি এখন ই-পত্ৰ লিখিব পাৰে , কাৰোবালৈ পঠিয়াব পাৰে নতুবা আপোনালৈ অহা ই-পত্ৰবোৰ পঢ়িব পাৰে । বিনামূলীয়াকৈ ই-মেইলৰ একাউন্ট খুলিব পৰা জনপ্ৰিয় ‌ৱে‌ৱচাইট কেইটামান হ’ল www.gmail.com, www.yahoomail.com, www.rediffmail.com , www.live.com, www.rocketmail.com  আদি। ইয়াৰে যিকোনো এটা ই-মেইল প্ৰদানকাৰী অনুষ্ঠানৰ অধীনত এটা একাউন্ট থাকিলে আপুনি অন্য যিকোনো একাউন্টৰ ই-মেইল থকা ব্যক্তিলৈ ই-মেইল পঠিয়াব পাৰে বা তেওঁলোকৰপৰা আপুনি ই-মেইল পাব পাৰিব । ই-মেইলৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল পৃথি‌ৱীৰ যিকোনো ঠাইতে থকা এজন ই-মেইল ব্য‌ৱহাৰকাৰীলৈ আপুনি এখন ই-পত্ৰ পঠিয়ালে তেওঁ প্ৰায় এক মিনিটৰ ভিতৰতে সেয়া লাভ কৰে ।এখন ই-পত্ৰৰ লগত আপুনি কোনো আলোকচিত্ৰ, কোনো চলচ্চিত্ৰ, কোনো শুনিবপৰা ধৰণৰ তথ্য,ই-গ্ৰন্থ বা অন্য বহু ধৰণৰ ই-সামগ্ৰী বা ফাইল পঠিয়াব পাৰে । অ‌ৱশ্যে ‌ৱেবচাইট ভেদে এনে সংলগ্ন কৰি পঠিও‌ৱা ই-সামগ্ৰীৰ আকাৰসমূহত কিছু বাধ্য-বাধকতা আছে । খুব বেচি ডাঙৰ আকাৰৰ ফাইল ই-পত্ৰৰ যোগেদি পঠিয়াব নো‌ৱাৰি ।তথাপি ই-মেইল এই পৃথি‌ৱীত বৰ্তমানে প্ৰচলিত আটাইতকৈ বেছি সুবিধাজনক সংযোগ মাধ্যম হিচাপে পৰিগণিত হৈছে ।
ৱিকিপেডিয়া কি ?  ‌ৱিকিপেডিয়া হৈছে এটা অতি জনপ্ৰিয় ‌ৱে‌ৱচাইট । ইয়াৰ সম্পূৰ্ণ জাল-‌ঠিকনাটো হ’ল www.wikipedia.orgএই ‌ৱেবচাইটটোৰ বিশেষত্ব এয়াই যে ইয়াত একো একোটা বিষয়ৰ ওপৰত বিভিন্ন উৎসৰ প্ৰসংগ ৰাখি সামগ্ৰিকভা‌ৱে এখন ৰচনা আকাৰে তথ্য সমূহ পো‌ৱা যায় । পৃথি‌ৱীৰ ২৮৬টা ভিন ভিন ভাষাত উপলব্ধ এই ‌ৱে‌ৱচাইটটোত আছে মুঠ ৩ কোটি ৯ লাখতকৈও অধিক প্ৰ‌ৱন্ধ । এই তথ্যসমূহক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰি ,কিয়নো ইয়াত উল্লেখিত কথাখিনি সাধাৰণতে আনুষ্ঠানিক ‌ৱে‌ৱচাইটসমূহৰ পৰা লো‌ৱা হয় । তাৰোপৰি এই তথ্যসমূহত কিবা বিসংগতি লক্ষ্য কৰিলে এজন ইন্টাৰনেট ব্য‌ৱহাৰকাৰীয়ে তাক শুধৰাবৰ শুদ্ধ তথ্যখিনি জমা দিব পাৰে । ‌ৱিকিপেডিয়াৰ সেই পৃষ্ঠাটোৰ প্ৰশাসক গৰাকীয়ে এনে অনুৰোধবোৰ চালি-জাৰি চাই শুদ্ধ তথ্যখিনিক পুণৰ উপস্থাপন কৰে । এই ৰচনা সমূহ সাধাৰণতে এজন ব্যক্তিয়ে লিখা নহয় । এইবোৰ পৃথি‌ৱীৰ ভিন ভিন ঠাইৰ ভিন ভিন ইন্টাৰনেট ব্য‌ৱহাৰকাৰীয়ে লিখা ।তেওঁলোকৰ মাজত শুদ্ধ তথ্য উপস্থাপনৰ বাবে আলোচনা-মঞ্চৰ ব্য‌ৱস্থাও ‌ৱেবচাইটটোত আছে । প্ৰাসংগিক  আলোকচিত্ৰ,চলচ্চিত্ৰ আদিৰে ভৰপূৰ এই তথ্যপূৰ্ণ ‌ৱেবচাইটটো‌ৱে সাধাৰণ ব্য‌ৱহাৰকাৰীৰ উপৰিও সকলো স্তৰৰ শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলাব পাৰিছে অসমীয়া ভাষাতো বৰ্তমানে বহুখিনি প্ৰবন্ধ ইয়াত উপলব্ধ হৈছে ।অসমীয়া ভাষাত ‌ৱিকিপেডিয়াত কিবা বিচাৰিবলৈ হ’লে আপুনি www.as.wikipedia.org  এই জাল-ঠিকনাটো(‌ৱেবচাইট) খুলিব লাগিব ।
ফে’চবুক কি ?
কিছুমান ‌ৱেবচাইটক “চ’চিয়েল মেডিয়া” বা সামাজিক মাধ্যম বুলি কো‌ৱা হয়এই ‌ৱেবচাইটবোৰে এজন ইন্টাৰনেট ব্য‌ৱহাৰকাৰীক আন এজনৰ সতে চিনাকী হো‌ৱাৰ সুযোগ দিয়ে ।ফেচবুক হৈছে এনে এটা চ’চিয়েল মেডিয়া । আৰু কেইটামান জনপ্ৰিয় চ’চিয়েল মেডিয়া হৈছে গুগল প্লাচ,কিউয’ন,ফ্লিকাৰ,মাইস্পে’চ,টুইটাৰ,লিংকড ইন ইত্যাদি এইবোৰ ব্য‌ৱহাৰ কৰিবৰ বাবে প্ৰথমে আপোনাৰ এটা ই-মেইল একাউন্ট থকাটো প্ৰয়োজনীয় । তাৰ পিছত আপুনি ‌ৱেবচাইটটোলৈ গৈ এটা একাউন্ট খুলিবৰ বাবে পঞ্জীয়ন(Sign Up) কৰিব লাগে । এই পঞ্জীয়ন পক্ৰিয়াত আপোনাক এটা গুপ্ত-শব্দ বাচনি কৰি ল’বলৈ কয় যাতে আপোনাৰ হৈ অন্য কোনেও আপোনাৰ একাউন্ট যোগে প্ৰ‌ৱেশ(Sign In) কৰিব নো‌ৱাৰে  প্ৰ‌ৱেশ কৰাৰ পিছত আপুনি আপোনাৰ নাম-ঠিকনা,আলোকচিত্ৰ,ৰুচী,জন্মৰ তাৰিখ আদি নিজৰ বিষয়ে কথাখিনি তাত সংযোগ কৰিব লাগিব (প্ৰফাইল আপডেট)ইয়াৰ পিছত আপুনি অন্য মানুহৰ পৃষ্ঠাবোৰ খুলি তেওঁলোকৰ আলোকচিত্ৰ,চলচ্চিত্ৰ, তেওঁলোকৰ ৰুচি,তেওঁলোকৰ কাম–কাজ ইত্যাদিৰ বিষয়ে পঢ়িব পাৰিব । আৰু আপোনাৰ পছন্দৰ হ’লে বা চিনা-জনা হ’লে সেই ব্যক্তিলৈ  আপুনি এটা বন্ধুত্বৰ প্ৰস্তা‌ৱ আগবঢ়াব পাৰে
এই ‌ৱেবচাইটবোৰত এনেকু‌ৱা কিছুমান সুবিধা থাকে য’ত আপুনি আপোনাৰ বিষয়ে কি কি কথা কোনবোৰ বন্ধু‌ৱে চাব পাৰিব , তাৰো কিছুমান নীতি বান্ধি থ’ব পাৰে । ফলত আপোনাৰ ‘ফেচবুক বন্ধু’ নোহো‌ৱা অচিনাকী লোকে আপোনাৰ বিষয়ে স‌ৱিশেষ জানিবলৈ সক্ষম নহ’ব ।  এনে হো‌ৱা প্ৰায়ে দেখা যায় যে আপুনি চিনি নোপো‌ৱা মানুহেও আপোনালৈ বন্ধুত্বৰ প্ৰস্তা‌ৱ আগবঢ়ায় । সেই প্ৰস্তা‌ৱ আপুনি প্ৰত্যাখ্যানো কৰিব পাৰে বা গ্ৰহণো কৰিব পাৰে । প্ৰস্তা‌ৱ গ্ৰহণ কৰাৰ লগে লগেই আপোনালোক দুজন হৈ পৰে ‘ফেচবুক ফ্ৰেণ্ড’ ।
ফেচবুকত থকা দুটা মান সুবিধাৰ কথা এইখিনিতে উল্লেখ কৰাটো সমীচীন হ’ব । ১) ধৰি লওঁক আপুনি গো‌ৱালৈ ফুৰিবলৈ যাব বিচাৰিছে । কিন্তু গো‌ৱাত থকা-মেলাৰ সুবিধা কিমান ,ক’ত ক’ত ফুৰিব লাগে ইত্যাদি কথাবোৰ আপুনি নাজানে । যদিহে আপোনাৰ কোনো ফেচবুক বন্ধু গো‌ৱাত আছে, তেন্তে আপুনি তেওঁৰ পৰা সহায় ভিক্ষা কৰিব পাৰে । অথবা আপুনি আপোনাৰ বন্ধুসকলক সুধিব পাৰে তেওঁলোকৰ কাৰোবাৰ গো‌ৱা ভ্ৰমণৰ অভিজ্ঞতা আছে নেকি বুলি ।ঠিক সেইদৰে ধৰি লওঁক,আপুনি যদি দীৰ্ঘদিন ধৰি অসমৰ বাহিৰত আছে আৰু এসপ্তা‌হৰ বাবে অসমলৈ আহিব খুজিছেঅসমত আপোনাৰ কি কি পৰিকল্পনা আছে,বা ঘৰলৈ আহি কোনটো মোবাইল নম্বৰ আপুনি ব্য‌ৱহাৰ কৰিব , কাক কাক লগ ধৰিব ইত্যদি কথাবোৰ এটা মাত্ৰ ‘স্টেটাছ আপডেট’ৰ যোগেৰে আপুনি বন্ধুবৰ্গক আগতীয়াকৈ জনাব পাৰে । ইয়াৰ জৰিয়তে বহুখিনি সুবিধা পাব পৰা হয় ।
২) ঠিক সেইদৰে, আপুনি বহ বছৰৰ আগেয়েই মহাবিদ্যালয় বা বিদ্যালযত পঢ়োতে লগ  পো‌ৱা বন্ধু সকলৰ লগত হ’ব পাৰে যে বিভিন্ন কাৰণত বৰ্তমানে সংযোগ বিচ্ছিন্ন হৈ আছে   কাৰণ আগতে আজিৰ দৰে হাতে হাতে মোবাইল ফোনৰ ব্য‌ৱস্থা নাছিল । এই পুৰণি বন্ধু সকলৰ সতে আপুনি পুণৰ সংযোগ স্থাপন কৰাত ফে’চবুকে সহায় কৰিব পাৰে । সেই নিৰ্দিষ্ট বন্ধুজনে যদি বৰ্তমানে ফেচবুক ব্য‌ৱহাৰ কৰি আছে, তেন্তে আপুনি তেখেতৰ নাম যদি ফেচবুকৰ ‘অনুসন্ধান’(Search) সঁজুলীৰে বিচাৰে , তেন্তে আপুনি তেওঁক ফেচবুকত বিচাৰি উলিয়াব পাৰিব । তাৰ পিছত আপুনি তাতে তেওঁৰ আলোকচিত্ৰ,দূৰভাষ নং, বৰ্তমানে ক’ত আছে, কি কৰি আছে ইত্যাদি সকলো তথ্য পাব । আৰু যদি স‌ৱিশেষ একো তথ্য বিচাৰি নাপায় , তেন্তে তেওঁক আপুনি এটা ফেচবুক বাৰ্তা (‘মেছেজ’)এৰি থৈ আহিব পাৰে । পিছত আপোনাৰ বন্ধুজনে ফেচবুকত প্ৰ‌ৱেশ কৰি আপোনাৰ বাৰ্তাটো পঢ়িব পাৰিব আৰু তেওঁও আপোনালৈ বিনিময়-বাৰ্তা(ৰিপ্লাই) দিব পাৰিব ।
৩) ফেচবুকত আপুনি গোট(গ্ৰুপ) খুলিব পাৰে । এটা গোট খোলাৰ পাছত সেই গোটত যোগদান কৰিবলৈ আপোনাৰ বন্ধুসকলক বা বন্ধুসকলে তেওঁলোকৰ বন্ধুসকলক অনুৰোধ জনাব পাৰে । এনেকৈ এজন এজনকৈ লগ হৈ গঠন হো‌ৱা এটা গোটত বিভিন্ন আলোচনা আপুনি কৰিব পাৰে । সদস্য সকলৰ মতামত ল’ব পাৰে বা অন্য যিকোনো গঠনমূলক কাম-কাজৰ বাবে আগবাঢ়িব পাৰে ।উদাহৰণ স্বৰূপে, ফেচবুকত ‘অসমীয়াত কথা বতৰা’ নামৰ এটা গোটত ১হাজাৰৰো বেছি সদস্য আছে ।এই গোটে ইন্টাৰনেটত অসমীয়া ভাষা অধিক প্ৰচলনৰ  বাবে ইংৰাজীৰ ৰোমান লিপিৰে  লিখাৰ সলনি অসমীয়া য়ুনিকোডত লিখিবৰ বাবে মানুহক উৎসাহিত কৰে । এই গোটৰ সামুহীয়া প্ৰচেষ্টাৰে বেজবৰু‌ৱাদে‌ৱৰ ‘লিতিকাই’কে ধৰি কেইবাখনিও শ্ৰাব্য মাধ্যমৰ নাটক সৃষ্টি কৰা হৈছে, যাৰ অভিনেতা অভিনেত্ৰীসকলে ভিন ভিন ঠাইত থাকি ইন্টাৰনেটৰ মাধ্যমেৰে সমন্বয় স্থাপন কৰে আৰু নাটক খনৰ বাণীবন্ধন তথা সংগীত সংযোগ কৰেঅন্যহাতে এই গোটত লিখা-মেলা কৰা লোকসকলৰ পৰা বাচি উলিয়াই ৰুচিসম্পন্ন লিখনীৰে প্ৰতি-মাহে তেওঁলোকে এখন সতাঁৰ ই-আলোচনী প্ৰকাশ কৰে । এই আলোচনীখনৰ ‌ৱেবচাইটটো হৈছে www.xahitya.org (সাহিত্য.অৰ্গ) গোটটিৰ প্ৰচেষ্টাতে কীৰ্তনকে আদি কৰি কেইবাখনো অসমীয়া আপুৰুগীয়া তত্বগধূৰ গ্ৰন্থ তথা বিদেশী উপন্যাস অসমীয়া য়ুনিকোডলৈ তৰ্জমা কৰা হৈছে । এনে কৰাৰ ফলত এই গ্ৰন্থসমূহ পৃথি‌ৱীৰ যিকোনো মূৰত থকা ব্যক্তিয়ে অতি সহজতে পাব পৰা হৈছে, স্থায়ীৰূপত সংৰক্ষিত হৈছে আৰু বহুল প্ৰচাৰো হৈছে । এই গোটৰ আৰু এটা উল্লেখনীয় পদক্ষেপ হ’ল সদস্যসকলৰ দান-বৰঙণিৰে তেওঁলোকে ঁপৰাগ দাসৰ এটা প্ৰতিমূৰ্তিও তেওঁৰ সমাধি-স্থলীত স্থাপন কৰিছে ।  এই গোটৰ মঞ্চৰ পৰাই কেইবাজনো স্তম্ভ-লেখক, কবি, সাহিত্যিক আৰু খুহুতীয়া সাহিত্য-ৰচকৰ ইতিমধ্যে জন্ম হৈছে ।
৪)ফে’চবুকৰ আন এটা গুৰুত্বপূৰ্ণ সুবিধা হৈছে ইয়াত থকা পৃষ্ঠা(পে’জ)সমূহ । আপুনি যদি ভাৰত চৰকাৰৰ india.gov.in নামৰ পৃষ্ঠাটো পছন্দ কৰে , তেন্তে সেই পৃষ্ঠাৰ যোগেদিয়েই আপুনি দৈনিকভা‌ৱে গম পাই থাকিব ভাৰত চৰকাৰে কি বিষয়ত কি পক্ষেপ লৈছে, প্ৰধানমন্ত্ৰীয়ে কাৰ সতে কি আলোচনা কৰিছে অথবা জলপানীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা কি কি সাহাৰ্য পাব পাৰি ইত্যাদি বিভিন্ন তথ্যসমূহ ।সেইদৰে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ নিজা নিজা একোটা ফে’চবুক-পৃষ্ঠা থাকে, সেইবোৰত আপুনি এবাৰ ‘লাইক’ বা পছন্দ কৰিলেই তেওঁলোকে প্ৰচাৰ কৰা খবৰ সমূহ আপুনি নিজৰ একাউন্টত নিয়মিত ভা‌ৱে দেখা পাই থাকিব ।অন্যহাতে ‘চিনাকী’(www.facebook.com/ur.sinaki) আৰু ‘চাকৰী’(www.facebook.com/sakorikhabar) নামৰ পৃষ্ঠা দুটিৰ দ্বাৰা আপুনি অসমত খালী হো‌ৱা বিভিন্ন পদৰ বিজ্ঞাপনসমূহো নিয়মিত ভা‌ৱে ঘৰতে বহি পাব পাৰে । দিল্লী-বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়ৰৰ নামভৰ্তিৰ জাননী,অ‌ৱস্থিতি,নতুন পাঠ্যক্ৰম ইত্যাদিৰ বিষয়ে স‌ৱিশেষো আপুনি সহজতে পাব পাৰে এই পৃষ্ঠাবোৰৰ যোগেদি বৰ্তমানে ৰাজনীতিকসকলেও জনতাৰ সতে মত –বিনিময়ৰ বাবে এনে পৃষ্ঠা ব্য‌ৱহাৰ কৰে ইয়ে মানুহৰ মাজত দূৰত্ব হ্ৰাস হো‌ৱাত যথেষ্ট সহায় কৰিছে ।  
 আগেয়ে ‌কে‌ৱল ডেস্ক-টপ কম্পিউটাৰৰ জৰিয়তেহে ইন্টাৰনেট ব্য‌ৱহাৰ কৰিব পৰা গৈছিল । কিন্তু যুগৰ পৰি‌ৱৰ্তনৰ লগে লগে বৰ্তমানে লেপ-টপ,নোটবুক,স্মাৰ্টফোনকে আদি কৰি এনেকি সাধাৰণ মোবাইল বোৰৰ দ্বাৰাও ইন্টাৰনেট ব্য‌ৱহাৰ কৰিব পৰা হৈছে । ঘৰে ঘৰে এই সা-সৰঞ্জামবোৰ উপলব্ধ হো‌ৱাৰ লগে লগে ইয়াৰ ব্য‌ৱহাৰো অধিক বেছি হৈ পৰিছে । আমাৰ দেশত সকলো‌ মানুহেই আজিকালি মোবাইলৰ পৰা ইন্টাৰনেট ব্য‌ৱহাৰ নকৰিলেও অন্ত:ত বুজি পো‌ৱা হৈছে এই ইন্টাৰনেট বোলা বস্তুটোনো প্ৰকৃততে কি, ইয়াক খায় নে পিন্ধে ।গতিকেই আপুনি বিচাৰকেই বা নিবিচাৰক, আজিকালিৰ ল’ৰা-ছো‌ৱালীয়ে ইন্টাৰনেট,ই-মেইল বা ফেচবুক কৰিবই ।
যিহেতু প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দুটা গুণ থাকে । গতিকে এই ইন্টাৰনেট,ফেচবুকৰো কিছুমান ভাল আৰু কিছুমান বেয়া গুণ আছে । যিহেতু আমি ব্য‌ৱহাৰ কৰিবলৈ লৈছো‌ৱেই, গতিকে তাৰ ভাল আৰু বেয়া দুইটা দিশ জনাটো খুবেই প্ৰয়োজনীয় । আমাৰ বহু ল’ৰা-ছো‌ৱালীয়ে বেয়া দিশবোৰ নজনাৰ বাবেই অনেক সময়ত শলঠে’কত পৰিবলগীয়া হৈছে । তলত এইবিষয়ে চমুকৈ আলোচনা কৰিবলৈ যত্ন কৰা হৈছে –
ভাল দিশবোৰ :
ক) তথ্য প্ৰকাশৰ সুবিধা : ৰাইজে  নিশ্চয় গম পাইছে যে যো‌ৱা কিছুবছৰৰ পৰা আনুষ্ঠিত হো‌ৱা ‘টেট’ পৰীক্ষাৰ বাবে আবেদন-পত্ৰ আজিকালি ইন্টাৰনেটতে পঠিয়াব লাগে আৰু তাৰ ফলাফলো ইন্টাৰনেটতেই পো‌ৱা যায়। ঠিক সেইদৰে আজিকালি প্ৰায় সকলো পৰীক্ষাৰেই ফলাফল,প্ৰ‌ৱেশ-পত্ৰ আদি ইন্টাৰনেটৰ জৰিয়তেই প্ৰদান কৰা হয় । এনেকি বহু ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাও সম্পূৰ্ণৰূপে ইন্টানেটত ‘অনলাইন পৰীক্ষা’ হিচাপে পতা হয়মহাবিদ্যালয়ৰ সকলো নথি-পত্ৰও NAAC ৰ নিৰ্দেশ-মৰ্মে আজিকালি মহাবিদ্যালয়ৰ নিজাববীয়া ‌ৱেবচাইটযোগে প্ৰকাশ কৰিব লাগে । আপুনি যদি এখন হোটেল ৰেষ্টোঁৰাৰ মালিক, তেন্তে আপুনিও এটা ‌ৱে‌ৱচাইট খুলি লৈ মানুহক আপোনাৰ হোটেললৈ নহাকৈয়ে কি কি খাদ্য সামগ্ৰী উপলব্ধ, কোন ঠাইত অ‌ৱস্থিত, দাম কিমান ইত্যাদি বহুখিনি তথ্য আলোকচিত্ৰ সহ যোগান ধৰিব পাৰে ।
খ) তথ্য বিচৰাৰ সুবিধা: আগতেই উল্লেখ কৰা হৈছে যে , যিকোনো বিষয়েতে আপুনি যিকোনো তথ্য ইন্টাৰনেটত বিচাৰি উলিয়াব পাৰে । অ‌ৱশ্যে এইখিনিতে এটা কথা কৈ থওঁ যে, তথ্য এটা পাবৰ বাবে সেইবিষয়ে কোনোবা এজনে কোনোবা এটা চাৰ্ভাৰত সেয়া থ’ব লাগিব । ইন্টাৰনেটেৰে সংলগ্ন সকলো কম্পিউটাৰৰ এটাতো যদি সেই তথ্য নাই, তেতিয়াহে আপুনি তাক বিচাৰি নাপাব । যেনে আপুনি জানিব বিচাৰিছে বড়োসকলে ‘ভাত খালি নে নাই?’ বাক্যটো কি বুলি কয়।তেতিয়া আপুনি কিন্তু ইয়াৰ উত্তৰ নাপাবও পাৰে । কাৰণ অসমৰে কোনোবা এজনে এই বিষয়ে কোনোবা এটা চাৰ্ভাৰত এই কথাটোৰ বিষয়ে অন্ত:ত লিখি ৰাখিব লাগিব ,অৰ্থাৎ ইন্টাৰনেটলৈ আপলোড কৰিব লাগিব ।তেহে চাৰ্চ-ইঞ্জিন এটাই তাক বিচাৰি পাব ! লাহে লাহে কিন্তু অসমীয়া ভাষাতো বিভিন্ন তথ্য বিভিন্ন জনে আপলোড কৰিবলৈ আৰম্ভ কৰিছে । গতিকে আপুনি আজিকালি অসমীয়া ৰন্ধন-প্ৰকৰণৰ পৰা আদি কৰি সাজ-পাৰ,বিহুগীত ইত্যাদি মোটামুটি সকলো তথ্যই ইন্টাৰনেটত বিচাৰি পাব ।
গ) ব্য‌ৱসায় কৰাৰ সুবিধা:  কাজিৰঙাত ওচৰে-পাঁজৰে যদি আপোনাৰ থকা-হোটেল বা লজ আছে, তেন্তে দেশী-বিদেশী পৰ্যটকে ইন্টাৰনেটৰ মাধ্যমতে আপোনাৰ হোটেলৰ কোঠা আগতীয়াকৈ বন্দো‌ৱস্ত কৰিব পাৰে ।তেনেদৰে আপোনাৰ যদি বাঁহ-বেতৰ বা অন্য কোনো থলু‌ৱা সামগ্ৰী উৎপাদনৰ কেন্দ্ৰ আছে, তেন্তে সেয়া ভাৰতৰ ভিতৰতে থকা বা বিদেশত থকা অসমীয়া সকলে পাব পৰাকৈ এটা ‌ৱেবচাইটযোগে আপুনি তাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰে । ছবি অঁকা চিত্ৰকৰ সকলেও ছবি বিক্ৰি কৰিবৰ বাবে আজিকালি ‌ৱেবচাইটৰ সহায় লয় ।
ঘ) টকা-পইচা লেন-দেনৰ সুবিধা : আজিকালি প্ৰায় সকলো বেংকৰ বাবেই আপুনি ইন্টাৰনেটতে সকলো লেন-দেন কৰিব পাৰে । অৰ্থাৎ বেংকলৈ নোযো‌ৱাকৈ আপুনি কাৰোবালৈ টকা পঠিয়াবও পাৰে বা গ্ৰহণো কৰিব পাৰে । আজিকালি এনেকি ড্ৰাফ্ট কটা ,ৰেকাৰিং একাউন্ট খোলা,ফিক্সড ডিপোজিত,পেনচন ফাণ্ড খোলা আদিও অনলাইন নেট বেংকিঙৰ সহায়ৰত সম্ভ‌ৱপৰ হৈ উঠিছে । মাথো টকা উলিয়াবলৈহে আপুনি বেংক বা এ.টি.এম.লৈ ধাপলি মেলিব লগীয়া হয় ।
ঙ)টকা-পইচা জড়িত কিনা-বেচা: ৰেলৰ টিকত কিনা (www.irctc.co.in)  , চিনেমাৰ টিকট কিনা, বাচৰ টিকট কিনা (www.redbus.in) , শ্বেয়াৰ কিনা , উৰাজাহাজৰ টিকট কিনা , আয়কৰ দিয়া,  ফোনৰ বিল দিয়া, দূৰদৰ্শনৰ ৰিছাৰ্জ কৰা , জী‌ৱন-বীমা পলিচিৰ কিস্তিৰ টকা দিয়া , হোটেল বুক কৰা,চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজনীয়  মাচুল জমা দিয়া আদি নানানটা কাম আপুনি ইন্টাৰনেটৰ সহায়তে কৰিব পাৰে । পেন-কাৰ্ড  আৰু পাচপোৰ্টৰ বাবেও আবেদন আপুনি ইন্টাৰনেটৰপৰাই কৰিব পাৰে ।
চ) বজাৰ-সমাৰ কৰা (অনলাইন চপিং):  এতিয়া ইন্টাৰনেটৰ চমকপ্ৰদ সুবিধাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে এই ই-বজাৰ কৰা অৰ্থাৎ অনলাইন চপিং । মানুহৰ ভিৰৰ মাজত থেলা-থেলি কৰি থকাতকৈ বহুতে আজিকালি ঘৰতে বহি কৰিব পৰা এই অনলাইন চপিঙক বেছি গুৰুত্ব দিয়ে । আজিকালি প্ৰায় প্ৰতিটো বস্তু‌ৱেই ইন্টাৰনেটৰ যোগেদি কিনিব পাৰে ।ইয়াৰ বাবে আপুনি এনে অনলাইন-চপিঙৰ সুবিধা দিয়া ‌ৱেবচাইট বোৰ খুলি লাগিব । তাত আপোনাৰ পছন্দৰ বস্তুবোৰৰ বৰ্ণনা , দাম ,চলচ্চিত্ৰ আৰু আলোকচিত্ৰ দিয়া থাকে । সেইবোৰ চাই আপুনি বাছি উলিয়াব লাগে কোনটো বস্তু কিনিলে আপোনাৰ লাভ হ’ব বা  কোনটো বস্তু‌ আপোনাৰ বাবে বেছি প্ৰয়োজনীয় । তাৰ পিছত নিজৰ ঠিকনা দি আপুনি বস্তুটো কিনাৰ বাবে অৰ্ডাৰ দিব লাগে । বহু ‌ৱেবচাইটত অৰ্ডাৰ দিয়াৰ সময়ত কোনো টকা নিদিলেও হয় । বস্তুটো যেতিয়া আপোনাৰ ঘৰ পাবহি , তেতিয়া দিলেও হয় । অন্যহাতে কিছুমান বস্তুৰ ক্ষেত্ৰত বা কিছুমান ‌ৱে‌ৱচাইটত এনে সুবিধা নাথাকে । তেতিয়া আপুনি অৰ্ডাৰ দিয়াৰ লগে লগে আপোনাৰ এ.টি.এম. কাৰ্ডযোগে বা ইন্টাৰনেট বেংকিংযোগে আগতীয়াকৈ টকা দিব লাগে । ইন্টাৰনেটত বস্তু বেচা ক‌োম্পানীবোৰে সাধাৰণতে গ্ৰাহকক নঠগে । সেয়ে দেখুও‌ৱা বস্তুৰ সলনি অন্য বস্তু গ্ৰাহকলে নপঠিয়ায় । কিন্তু কেতিয়াবা ভুলক্ৰমে কিছু ওলট-পালট নোহো‌ৱাও নহয় । তেনে হ’লে সাধাৰণতে তেওঁল‌োকে আপোনাক টকা ওভটাই দিয়ে নতুবা বস্তুটো সলাই দিয়ে । 
ছ)উন্নত সংযোগ ব্য‌ৱস্থা:  ইন্টাৰনেটত উপলব্ধ ‘চ্চাট’ নামৰ চফ্ট‌ৱেৰবোৰৰ যোগেদি আপুনি পলকতে পৃথি‌ৱীৰ যিকোনো মূৰতে থকা আন এজন ব্যক্তিৰ সতে লিখিত-ভা‌ৱে(অৰ্থাৎ ক’বলগীয়াখিনি টাইপ কৰি) অথবা দৃশ্য-শ্ৰাব্য ৰূপত কথা পাতিব পাৰে । এনেকি কেইবা ঠাইত থকা বেলেগ বেলেগ মানুহ গোট খাই সামূহীয়াভা‌ৱেও কথা-বতৰা(কনফাৰেঞ্চ) আপুনি পাতিব পাৰে ইন্টাৰনেটৰ সহায়ত । ই অতি ক্ষীপ্ৰ আৰু ফলপ্ৰসু । অন্যহাতে যিকোনো মোবাইল ফোনলৈ আপুনি ইন্টাৰনেটতে এচ এম এচ বা এম এম এচো পঠিয়াব পাৰে । এইবোৰৰ বাবে আপুনি অন্য কোনো আতিৰিক্ত টকাও ভৰিব নালাগে ।
) বা-বাতৰি : দেশ-বিদেশৰ বা-বাতৰি আজিকালি সৰ্বপ্ৰথমে ইন্টাৰনেটতে উপলব্ধ হয় । ভাৰতৰ ৰাষ্ট্ৰীয় বাতৰি –কাকতসমূহৰ উপৰিও অসমীয়া প্ৰায় প্ৰতিখন কাকতৰে নিজা নিজা ‌ৱে‌ৱচাইট আছে ।গতিকে এই ‌ৱেবচাইটবোৰ খুলিও আপুনি বিভিন্নখন বাতৰি কাকত পঢ়িব পাৰে । তাৰোপৰি কিছুমান বাতৰি-বিশ্লেষক ‌ৱেবচাইট ইন্টাৰনেটত পো‌ৱা যায় যিবোৰে আপোনাক আপোনাৰ পছন্দ মতে বেলেগ বেলেগ শিতানৰ বা-বাতৰি চকুৰ প্ৰচাৰতে দাঙি ধৰে । যেনে আপুনি যদি কে‌ৱল অৰ্থনীতিৰ বাতৰিহে চাব খুজিছে, তেন্তে সেয়াও সম্ভ‌ৱ । অৰ্থনীতিৰ ভিতৰতো যদি আপুনি কে‌ৱল ভাৰত বা কে‌ৱল ভাৰত আৰু চীনৰ বিষয়ে বা-বাতৰি চাব খুজিছে তেন্তে তেনেকৈ ছেকি(ফিল্টাৰ) ল’লেই সি আপোনাক কে‌ৱল আপোনাৰ পছন্দৰ বাতৰিবোৰ পৰি‌ৱেশন কৰিব । কেতিয়াবা আকৌ  নিৰ্দিষ্ট এটা মাত্ৰ শব্দ(কী-‌ৱ’ৰ্ড,যেনে –‘সোণ’ বা ‘আলফা’) জড়িত বাতৰিবোৰ আপুনি যদি পঢ়িব বিচাৰে,তেন্তে ইন্টাৰনেটত সেয়াও সম্ভ‌ৱ ।      
ইয়াৰ উপৰিও আন বহুতো সা-সুবিধা ইন্টাৰনেটৰ পৰা ল’ব পাৰি যিবোৰ এজন ব্য‌ৱহাৰকাৰীয়ে নিজে নিজেই লাহে লাহে শিকিব পাৰে । 
কিন্তু ইন্টাৰনেটৰ ব্য‌ৱহাৰৰ  আন কিছুমান কুফলো আছে । সেইবোৰৰ বিষয়ে আলোচনা নকৰিলে এই লেখাটি একপ্ৰকাৰে আধৰু‌ৱা হৈ ৰ’ব—
ক) পৰ্ণ’গ্ৰাফী বা যৌনতা : যদিও যৌন-শিক্ষা উঠি অহা ল’ৰা-ছো‌ৱালীৰ বাবে প্ৰয়োজনীয়, তথাপি সুসংহত প্ৰণালী অবিহনে এই শিক্ষা আহৰণ কৰিলে ই ওলোটা ফল দিব পাৰে বুলি চিকিৎসকসকলে কয় । প্ৰজননৰ বৈজ্ঞানিক পদ্ধতিটোক যিহেতু প্ৰত্যেকখন সমাজতেই কিছু লুক-ঢাক কৰিয়েই পৃথি‌ৱীত সভ্যতা বৰ্তি আছে, গতিকে অতি কম বয়সতে এইবোৰৰ বিষয়ে মুক্তভা‌ৱে জানিবলৈ পালেও শিশুৰ কম-বয়সীয়া মগজুত ই বিৰূপ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে ।     গোটেই বিশ্বতে মানি লো‌ৱা ইন্টাৰনেটৰ আটাইতকৈ ডাঙৰ অপকাৰিতা হৈছে এই যৌনতা বা যৌনগন্ধী লেখা,আলোকচিত্ৰ তথা চলচ্চিত্ৰৰ সহজলভ্যতা অভিভা‌ৱকসকলে এই ক্ষেত্ৰত কিছু সতৰ্ক নহ’লে শিশুৰ মানসিকতাত ভীষণ পৰিবৰ্তন আহিব পাৰে ,যিয়ে তাক গোটেই জী‌ৱনৰ বাবে বিকাৰগ্ৰস্ত কৰি তুলিব পাৰে ।
খ) ভাইৰাছৰ দ্বাৰা আক্ৰমণ: কিছুমান ‌ৱেবচাইটে ইচ্ছাকৃতভা‌ৱে কম্পিউটাৰ ভাইৰাছ তেওঁল‌োকৰ ‌ৱে‌ৱপে’জত ৰাখে । ফলত সে‌ই ‌ৱে‌ৱপেজটো আপুনি খোলাৰ লগে লগে সেই ভাইৰাছ আপোনাৰ কম্পিউটাৰলৈ বিয়পি পৰে । ভাইৰাছটোৰ উদ্দেশ্য ভেদে সি সৃষ্টি কৰা ধ্বংসলীলা বেলেগ বেলেগ ধৰণৰ হয় । যেনে কিছুমান ভাইৰাছে আপোনাৰ কম্পিউটাৰত থকা সকলো তথ্য-পাতি নাইকীয়া কৰি পেলাব পাৰে , কিছুমানে আকৌ শুই থকাৰ ভেশ ধৰি আপোনাৰ ব্যক্তিগত তথ্য দূৰত থকা কোনোবা এজনক যোগান ধৰে আৰু হয়তো কোনোবা এটাই আকৌ সি ইন্টাৰনেটত কৰা অসৎ কামবোৰৰ বদনাম আপোনাৰ ওপৰত জাপি দিয়ে । গতিকে এনে ভাইৰাছপূ্ৰ্ণ ‌ৱে‌ৱচাইটবোৰ আপোনাৰ কম্পিউটাৰেৰে খোলাৰ পৰা বিৰত থকাটো ভাল । আজিকালি প্ৰায় সকলো ‘এন্টিভাইৰাছ চফ্ট‌ৱেৰে’ই এনে ভাইৰাছ থকা ‌ৱেবচাইটবোৰ চিনাক্ত কৰিব পাৰে ।
গ) ঠগ-প্ৰ‌ৱঞ্চকৰ বলি: কেতিয়াবা কেতিয়াবা ই-মেইলযোগেৰে আপুনি বাৰ্তা লাভ কৰিব পাৰে এইবুলি –“ৰীজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত লটাৰীত আপুনি ২০ কোটি টকা লাভ কৰিছেএই টকা পাবৰ বাবে নিজৰ নাম, ঠিকনা, বেংকৰ একাউন্ট নং আমালৈ পঠিয়াওক ।” যদি আপুনি তেওঁলোকৰ সেই ই-মেইলৰ উত্তৰ দিয়ে , তেন্তে আপোনাক হয়তো লটাৰীৰ টকাখিনি ট্ৰেন্সফাৰ কৰিবৰ বাবে দহ হাজাৰ টকা তেওঁলোকলৈ পঠিয়াবলৈ ক’ব । আৰু আপুনি টকাখিনি পঠিও‌ৱাৰ পিছতে ই-মেইলকাৰী ব্যক্তি নিৰুদ্দেশ হয় । এনেদৰে বহু ঠগে ইন্টাৰনেটৰ যোগেদি সহজ-সৰল মানুহবোৰক আঁভুঁ‌ৱা ভৰিবলৈ সক্ষম হয় । অইন কেতিয়াবা আকৌ আয়কৰ বিভাগৰ ‌ৱে‌ৱচাইটযোগে আপোনাক আপোনাৰ অতিৰিক্ত আয়কৰ ঘুৰাই(Income Tax-Return) ল’বলৈ কিছুমান প্ৰ‌ৱঞ্চকে আপোনাৰ ই-মেইললৈ ‘লিংক’ বা অন্য ‌ৱেবচাইটৰ ঠিকনা পঠিয়ায় ।সেই জালপৃষ্ঠাটো খুলিলে আপুনি সাইলাখ ভাৰত চৰকাৰৰ আয়কৰৰ আনুষ্ঠানিক ‌ৱে‌ৱচাইট বুলিয়েই ভা‌ৱিব , কাৰণ সি দেখিবলৈ হুবহু একে হয় । কিন্তু এই ‌ৱেবচাইটত আপুনি আপোনাৰ বেংকৰ স‌ৱিশেষ জমা দিয়াৰ পিছতে হয়তো দেখা পাব যে আপোনাৰ বেংক একাউন্টত এটাকাও নাই ! গতিকে এনে ঠগ বোৰৰ পৰা নিজকে বচাই চলিবলৈ হ’লে সদায় ব্ৰাউজাৰৰ ওপৰত থকা জালঠিকনাটো ভালদৰে চাব লাগে । তদুপৰি টকা-পইচাৰ দেন-দেন কৰিলে ব্ৰাউজাৰৰ ওপৰতে থকা ‘‌ৱেবচাইটোৰ লগত সংযোগ’টো সুৰক্ষিত(“https”) হয় নে নহয় সেয়া পৰীক্ষা কৰিব লাগে ।
ঘ) চাইবাৰ –ক্ৰাইম: বেনামী ই -মেইল যোগে টকা দাবী, মানসিক হাৰাশাস্তি, ব্যক্তিগত তথ্য চুৰি, নেট বেংকিংযোগে টকা চুৰি ইত্যাদি এশ-এবুৰি ধৰণৰ ইন্টাৰনেট যোগে হ’বপৰা ধৰণৰ অপৰাধকে ‘চাইবাৰ-ক্ৰাইম’ বুলি কো‌ৱা হয় । অতি সা‌ৱধানে খোজ নিদিলে আপুনিও এনে চাইবাৰ-ক্ৰাইমৰ বলি হ’ব পাৰে । আমাৰ বহু উঠি অহা ল’ৰা-ছো‌ৱালীয়ে প্ৰযুক্তিৰ নতুন কৌশলসমূহ চলে বলে আয়ত্ব কৰি ‘হেকাৰ’ বা ‘ধূৰ্ত প্ৰযুক্তিবিদ ’ হ’ব খোজে । লগৰীয়াৰ পৰা কে‌ৱল বাহ্ বাহ্ ল’বলৈ বুলি আৰম্ভ কৰা এনে আসক্তিয়ে কিন্তু আপোনাৰ শিশুটিক কাৰাগাৰৰ ভাতো খু‌ৱাবগৈ পাৰে । গতিকে সা‌ৱধান ।
ঙ) দুষ্টচক্ৰৰ মইমতালী: ফেচবুক বা অন্য চ’চিয়েল মেডিয়াত আৰু অন্য এক প্ৰকাৰৰ দুষ্ট চক্ৰ সততেই দেখা যায় । তেওঁল‌োকে আপোনাৰ ব্যক্তিগত তথ্য, আলোকচিত্ৰ আদি নকল কৰি ইন্টাৰনেট যোগে আপোনাৰ এটা বেয়া ভা‌ৱমূৰ্তি গঢ়ি তোলে । আৰু এসময়ত এইবোৰৰ প্ৰচাৰ বন্ধ কৰিবৰ বাবে এনেকে টকা দাবী কৰাও পৰিলক্ষিত হয় । এইধৰণৰ কাম-কাজত সাধাৰণতে ‘ব্লেক-মেইলিং’ বুলি কো‌ৱা হয় । তেওঁলোকে আপোনাৰ ব্যক্তিগত আলোকচিত্ৰৰ পৰা আপোনাক এৰু‌ৱাই নি অন্য কোনো অশ্লীল বা অপৰাধমূলক আলোকচিত্ৰত কম্পিউটাৰৰ চফ্ট‌ৱেৰৰ জৰিয়তে আপোনাক সংযোগ কৰিব পাৰে আৰু সেই দুষ্কাৰ্যত আপুনি জড়িত আছে বুলি ইন্টাৰনেটত প্ৰচাৰ চলাব পাৰে । ফে’চবুকত বহু পুৰুষে আকৌ নিজকে ছো‌ৱালীৰূপে উপস্থাপন কৰি আপোনাৰ বন্ধু হ’বলৈ চেষ্টা কৰে ,যাতে তেওঁলোকে আপোনাৰ আলোকচিত্ৰ চুৰি কৰিব পাৰে অথবা আপুনি ক’ত কি কৰি আছে তাৰ শুংসূত্ৰ ল’ব পাৰে । সেয়েহে অচিনাকী কোনো ব্যক্তিৰপৰা ফেচবুক বন্ধুত্বৰ প্ৰস্তা‌ৱ আহিলে চালি-জাৰি চাইহে তাক গ্ৰহণ কৰিব লাগে । বিশেষকৈ ছো‌ৱালীসকল সেয়ে এনে দুষ্ট চক্ৰৰ পৰা অতিকে সা‌ৱধান হো‌ৱাটো জৰুৰী ।
চ) ভুল তথ্য: ইন্টাৰনেটত উপলব্ধ সকলো তথ্যই যে সম্পূৰ্ণ সত্য হ’ব তাৰ কোনো নিশ্চয়তা নাই । ইয়াৰ কাৰণ হৈছে এয়ে যে একেটা বিষয়ৰ ওপৰতে বিভিন্নজনে বিভিন্নটা ‌ৱে‌বচাইট খুলিব পাৰে আৰু সেই ‌ৱেবচাইটবোৰত কাৰো অনুমতি নো‌ল‌ো‌ৱাকৈ নিজা নিজা অভিমত বক্তব্য কৰিব পাৰে । যিহেতু এনে ‌ৱেবচাইটত লিখা-মেলা কৰা প্ৰত্যেকজন ব্যক্তি সেই বিষয়ত অভিজ্ঞ আৰু জ্ঞানী নহ’বও পাৰে, গতিকেই তথ্যবোৰৰ ক্ষেত্ৰতো ভিন্নতাই দেখা দিয়াটো স্বাভা‌ৱিক ।  সেয়েহে ইন্টাৰনেটযোগে প্ৰাপ্ত সকলো কথাই চূড়ান্ত সত্য বুলি মানি ল’বলৈ কিছু অসুবিধা হয় ।
ছ) নিচা: এনে হো‌ৱা প্ৰায়ে দেখা যায় যে আজিকালিৰ নতুনকৈ শিকা ল’ৰা-ছো‌ৱালীবোৰে কে‌ৱল ফেচবুক আৰু ইন্টাৰনেটতে মূৰ গুজি বহু সময় অবাবত নষ্ট কৰে । এনেকি বহুতেই ইয়াৰ প্ৰতি আসক্তি অনুভ‌ৱ কৰে আৰু সময়ৰ বাচ-বিচাৰ নকৰাকৈ সকলো সময়ৰে কে‌ৱল মোবাইল লৈ ব্যস্ত থাকে । এনে ল’ৰা-ছো‌ৱালীৰ বাবে ই এটা নিচা হৈ পৰে যাৰ কুফলৰ প্ৰভা‌ৱত তেওঁলোকে আন কোনো বিষয়তে ভালদৰে মনোনি‌ৱেশ কৰিব নো‌ৱাৰা হয় । গতিকেই ইন্টাৰনেট –ফে’চবুকৰ এনে অতিপাত ব্য‌ৱহাৰৰ পৰা যিকোনো লোকে আঁতৰি থকাই মংগল ।
জ) সৃষ্টিশীলতাৰ বিলুপ্তি: সহজতে পো‌ৱা তথ্যৰ প্ৰভা‌ৱত বহু ছাত্ৰ-ছাত্ৰীৰে শিশুগত সৃজনীশীলতাৰ ক্ৰমাগত বিলুপ্তি ঘটে । বহুতেই আকৌ শৈক্ষিক প্ৰশ্নোত্তৰৰ বাবেও ইন্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হয় । প্ৰকল্প,ঘৰু‌ৱা কাম ইত্যাদিৰ বাবে লাগতিয়াল কথাখিনি পাঠ্যপুঠিৰ সলনি ইন্টাৰনেটৰপৰাই তুলি দিলে ছাত্ৰ বা ছাত্ৰীজনে নিজে সেইবিষয়ত জ্ঞান অৰ্জনৰ আনন্দৰ পৰা সম্পূৰ্ণভা‌ৱে বঞ্চিত হয়, কিয়নো এনে কাৰ্যৰদ্বাৰা ভাটৌ-শিক্ষাৰ বাদে আন একো লাভজনক কাম সমাধা নহয় ।
ঝ) শাৰিৰীক অ‌ৱনতি : ঘন্টাৰ পিছত ঘন্টা কম্পিউটাৰৰ সমুখত বহি থাকিলে চকুৰ দৃষ্টিশক্তি কমে আৰু ৰাজহাঁড়ৰ বিষ হয় বুলি বিজ্ঞানীসকলে  অধ্যয়ন কৰি পাইছে ।

গতিকে ওপৰৰ আলোচনাৰ পৰা এই বিষয়ে নিশ্চিত হ’ব পাৰি যে ইন্টাৰনেটৰ ভাল সুবিধাবোৰ গ্ৰহণ কৰাৰ সলনি আমি যদি কুফলবোৰহে লাভ কৰোঁ ,তেন্তে ইয়েই ব্যক্তিগত জী‌ৱনত বেয়া প্ৰভা‌ৱ পেলো‌ৱাৰ লগতে আমাৰ সামাজিক জী‌ৱনকো কলুষিত কৰিব । অন্যহাতে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইন্টাৰনেটৰ বিষয়ে ভালদৰে জানিলে তাৰপৰা ভালেখিনি লাভ ল’ব পাৰে । ইন্টাৰনেটৰ সহায়তে নিজৰ শৈক্ষিক বিষয়ত কি ক’ত কেনেকৈ পঢ়িব পাৰি, চৰকাৰী জলপানি কেনেকৈ পাব পাৰি, উচ্চ শিক্ষাৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি ইত্যাদি নানা কেৰিয়াৰ বিষয়ক তথ্য গোটাব পাৰি । অন্যহাতে, গৱেষণাৰ বাবেও ইন্টাৰনেটক বহুতেই এতিয়া বন্ধু কৰি লৈছে ।  কোনো প্ৰশিক্ষণ নোলো‌ৱাকৈ কিতাপ পঢ়ি আৰু ইন্টাৰনেটৰ পৰা সমল গোটায়েই ধেমাজীৰ পিছপৰা অঞ্চলৰ পৰা শ্ৰীমান সত্যকাম দত্তই সৰ্বভাৰতীয়  পৰ্যায়ত অনুষ্ঠিত হো‌ৱা ভাৰতীয় লোকসে‌ৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হো‌ৱাৰ উদাহৰণ দেখু‌ৱাই থৈছে সেয়েহে উঠি অহা চামলৈ আমাৰ অনুৰোধ, তেওঁলোকে ইন্টাৰনেটক যেন সমাজ গঢ়াৰ ভেঁটি হিচাপে ব্য‌ৱহাৰ কৰে আৰু নিজৰ জী‌ৱনত ইয়াৰ সুব্য‌ৱহাৰেৰে সফলতা অৰ্জন কৰে
-------------------------০০০---------------------------




জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...