লেখা অনুসন্ধান কৰক

Friday, December 31, 2021

নিয়‌োগ-মেলাই উন্মোচন কৰা সম্ভা‌ৱনা আৰু আশাৰ দু‌ৱাৰখন

 


বাতৰি-কাকত, নিউজ-চেনেল আৰু চ’চিয়েল মেডিয়াত মানুহে খুব আলোচনা কৰিলে- কিদৰে নিয়োগ-মেলাবোৰে আমাৰ ‘উচ্চ-শিক্ষিত নিবনু‌ৱা’ ডেকা-ডেকেৰীসকলক চাকৰিৰ নামত ‘প্ৰ‌ৱঞ্চনা’ কৰিলে । অতবোৰ মানুহৰ মাজত হাবাথুৰি খাই গৈ শেষত হা-হুমিনিয়াহ কাঢ়ি নিউজ-চেনেলবোৰৰ কেমেৰাৰ আগত বহুতেই নিজৰ উষ্মা প্ৰকাশ কৰিলে । হয়,খোদ মন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে মেলাবোৰত চাকৰী প্ৰত্যাশীসকল যথেষ্ট অসুবিধাৰ সমুখীন হ’ল তাত নাছিল কোনো চৰকাৰী চাকৰি ,বা কিমান খালী পদৰ বাবে মকৰল হৈছিল তাৰো কোনো হিচাপ নাছিল । মন্ত্ৰীৰ মতে আগেয়েও এনে জিলাভিত্তিক নিয়োগ-মেলা হৈ আহিছিল, কিন্তু এইবাৰ সঞ্চালকালয়ে সামগ্ৰিকভা‌ৱে প্ৰক্ৰিয়াটো চলাবলৈ যাওঁতেহে অথন্তৰ ঘটিল । যি কি নহওঁক, আমি কিন্তু আগে-পিছে তেনে নিয়োগ-মেলা আয়োজন হো‌ৱাৰ কথাটো গম পো‌ৱা নাছিলো । জিলাৰ নিয়োগ-বিনিময় কেন্দ্ৰটো এটা এনে অফিচ য’ত কে‌ৱল প্ৰমাণ-পত্ৰকেইখন ‘ৰিনিউ’ বা ‘ৰেজিষ্ট্ৰশ্যন’ কৰে বুলিয়েই জানি আহিছিলো । আমি অন্ত:ত আশা কৰিব পাৰোঁ যে চৰকাৰেও এই ঘটনাটোৰ পৰা কিবা অলপ শিক্ষা লাভ কৰিলে। আৰু হয়তো সেই বাবেই চাগে’ তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যে, ব্যক্তিগত কোম্পানী বা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ খালী হো‌ৱা চাকৰিসমূহ পূৰণ কৰিব পৰাকৈ এটা পোৰ্টেল বনাই থকা হৈছে য’ত আমাৰ নিবনু‌ৱাসকলে ক’লৈকো নোয‌োৱাকৈয়ে অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব। ই নি:সন্দেহে আশাৰ বতৰা।  সেইদৰে, জানি ভাল লাগিছে যে নতুন চৰকাৰখনে আমাৰ সকলো শিক্ষিত যু‌ৱক-যু‌ৱতীয়ে ঘৰতে বহি নথি-পত্ৰৰে সৈতে নিজৰ নামটো বিনিময়-কেন্দ্ৰৰ অধীনত পঞ্জীয়ন কৰাই ল’বপৰা সুবিধাকণ ইতিমধ্যে কৰি দিছে ।

          এতিয়া কথা হৈছে, আমি টেঁটু ফালি চিঞঁৰি থকা এই ডেকা-গাভৰুহঁতে এইবোৰ সুবিধা ল’ব পাৰিছো বা পাৰিম নে নাই । নে আকৌ চকু-কাণ মুদি শুই থাকিম আৰু কোনোবা এদিন জুই জ্বলি হাত পালে হঠাৎ সাৰ পাই উঠি ‘চৰকাৰে আমাক কি দিছে’ বুলি চিঞঁৰিম? এনেকৈ কো‌ৱাৰ কাৰণটো হৈছে এয়ে যে, আমিবোৰ তেনেকু‌ৱাই এটা জাতি হৈ পৰিছো, যিয়ে নেকি এলাহৰ কোবত “পি:পু:উ:শো:” নীতিৰে জী‌ৱন কটাই ভাল পাওঁ, অথচ বিচাৰো আকৌ আটাইতকৈ বেছি সা-সুবিধা থকা বস্তুবোৰহে! তাৰ প্ৰতীকী প্ৰমা প‌ো‌ৱা যায় ভিন ভিন চ’চিয়েল মেডিয়াৰ প্ৰফাইলবোৰত । বিশেষকৈ ক’ব লাগিলে দেখা যায় যে, আমাৰ নতুন ডেকা-ডেকেৰীহঁতে আজিকালি ফেচবুক-টুইট্টাৰ-ইনষ্টাগ্ৰামত ন-ন ৰং-ৰহন সানি নিজৰ নিজৰ  আলোকছ‌ৱি তথা সাজ-সজ্জাৰে আনক চমক দিবলৈ বাৰুকৈয়ে শিকিছে । সেইদৰে এচাম পাবত গজা নিউজ-পোৰ্টেলৰ সাংবাদিক, ইউটিউবাৰ ইত্যাদি স্বয়ম্ভু উপাধিধাৰীয়ে হকে-বিহকে বৰ্ণনা-পৰামৰ্শ-উপদেশ আৰু শ্লোগান দি দি মানুহবোৰক বলীয়া কৰাত পৰিপক্ক হৈ উঠিছে কিন্তু ভালদৰে গমি চালে দেখা পাব যে, এইচাম মানুহৰ শিপাত আচলতে একো‌ৱেই নাই, নাই তেওঁলোকৰ শিক্ষাগত বিশেষ অৰ্হতাও । যিবোৰ বিষয়ত তেওঁলোকে বক্তৃতাৰ ফুলজাৰি মাৰে, সেইবোৰ বিষয়ত হয়তো প্ৰাথমিক ধ্যান-ধাৰণা বা চূড়ান্ত সত্যখিনিতেওঁলোকে নাজানেআৰু এনে হো‌ৱাৰ ফলতে ভিন ভিন কাকতত বিজ্ঞাপনযোগে নিয়োগ-মেলাত আহিবলগীয়া মকৰলকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়ে জনো‌ৱাৰ পাছতো , ‘আমাক গাড়ীৰ চকা ধো‌ৱা চাকৰিলৈহে মাতিলে’ বুলি আক্ষেপ কৰা ল’ৰা-ছো‌ৱালীৰ সংখ্যা বেছি দেখা গ’ল ।

          অষ্টম শ্ৰেণী বা দশম শ্ৰেণীলৈকে পঢ়া ল’ৰা এটা বা ছো‌ৱালী এজনীৰ বাবে ব্যক্তিগত খণ্ডত এনেধৰণৰ চাকৰিয়েই উপলব্ধ । সেই সত্য আমি মানি ল’ব পাৰিব লাগিব। তেনে চাকৰি কৰিবলৈ বিদেশত কোনেও কুণ্ঠাবোধ নকৰে । তাত প্ৰতিষ্ঠিত ব্যক্তি , উচ্চ পদবীধাৰী ব্যক্তিয়েও অন্য স্তৰৰ কৰ্মী এজনৰ লগত সৌহাৰ্দ্যপূৰ্ণ ব্য‌ৱহাৰ কৰে , যিটো আমাৰ মুলুকত এক অবান্তৰ কথা । প্ৰাক্তন ৰাষ্ট্ৰপতি মাইকেল ওবামাৰ জীয়ৰীয়ে অংশকালীন ভা‌ৱে ৰেষ্টোৰেন্টত ‌ৱেইটাৰ হিচাপে কাম কৰিছিলআমাৰ অসমীয়াৰ আকৌ নাপিত-মুছি হো‌ৱাৰ কথা বাদেই দিয়ক, দোকান এখন দি স্বনিৰ্ভৰ হ’বলৈও গাত লাগে, কাৰণ তেওঁৰ যে কলেজৰ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী এটা আছে ! ব‌োলো হেৰৌ মোৰ ডেকাহঁত, সেইখন এখন কাগজহে মাত্ৰ, তাত তুমি ১০০% নম্বৰ পাই থ’লেও তুমি এটা বুৰ্বক হ’ব পাৰা, যদিহে তুমি কিতাপৰ জ্ঞানখিনি বা অভিজ্ঞতা-প্ৰদত্ত জ্ঞানখিনি কামত লগাব নাজানা ! মোৰ সোনামো‌ৱাহঁত , অত বছৰৰ পঢ়া-শুনাই তোমাক যিখিনি শিকালে, সেইখিনিক তুমি কামত লগাবলৈ শিকা – চাকৰি নিজেই তোমাৰ ওচৰলৈ  দৌৰি আহিব । চাকৰি তোমাক কি কাৰণে লাগে? কে‌ৱল ধন আৰ্জিবলৈ ? নে লগতে মান-সন্মানো ঘটিবলৈ? তুমি যদি মান-যশ আৰু পইছাৰ বাবে এটা চাকৰি বিচাৰি ফুৰিছা, তেন্তে আমি ক’ম যে তুমি তাতোকৈয়ে বেছি ৰ্জন কৰিব পাৰিবা, যদিহে তুমি তোমাৰ ভগ‌ৱান-প্ৰদত্ত প্ৰতিভাৰ সাধন-কৰ্ষণ কৰি আনৰ বাবে আদৰ্শ হো‌ৱাকৈ এটা ভেটি গঢ়িব পাৰা অথবা বিজ্ঞান-সাহিত্য-বাণিজ্য বা অন্য যি বিষয়তেই তুমি পঢ়িছা সেই বিষয়তে তুমি গভীৰ অধ্যয়ন কৰি নিজেই মান‌ৱ-জাতিৰ অভূতপূৰ্ব সহায় হ’ব পৰা এটা তত্ত্ব বা ধাৰণা গঢ় দিব পাৰা । উদাহৰণ দেখোন তুমি চকুৰ আগতে দেখিয়েই আছা , পাঠশালাৰ বৰ্ণালী দাসে কিদৰে নিজৰ অধ্যয়ন তথা গ‌ৱেষণাৰ দ্বাৰা ৰাষ্ট্ৰীয় ৰেডিঅ’ জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ সহযোগত সূৰ্যতকৈয়ো উষ্ণতৰ আৰু অধিক চুম্বকক্ষেত্ৰ থকা নক্ষত্ৰৰ আবিষ্কাৰ কৰি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে , কিদৰে নগা‌ৱঁৰ নাজনিন য়াছমিন নামৰ ছো‌ৱালীজনীয়ে বিশেষভা‌ৱে সক্ষম হৈও ভাৰতীয় মহাকাশ গ‌ৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী হিচাপে যোগদান কৰিবলৈ সুযোগ পাইছে । প্ৰতিভাৰ বিকাশেৰে কিদৰে হীমা দাস, লাভলীনা বৰগোঁহাইয়ে আজি অসমীয়াৰ নাম উজ্বলাব পাৰিছে । তেওঁলোকে আজি কি টকাৰ বাবে হাবাথুৰি খাইছে নে চাকৰিৰ বাবে ? যাদ‌ৱ পায়েং, উদ্ধ‌ৱ ভৰালী, শি‌ৱ থাপা, আদিল হুছেইন , ৰিয়ান পৰাগ আদি লোকসকলৰ নাম নক’লো‌ৱেইচোন!

          কে‌ৱল চাকৰি চাকৰি বুলি উধাতু খাই থকাসকলক কওঁ, যে কে‌ৱল চাকৰি এটাই জী‌ৱন নহয় । এনেকৈ কাহানিও নাভা‌ৱিবা যে, চাকৰি এটা পালেই তোমাৰ জী‌ৱনৰ উদ্দেশ্য সিদ্ধি হ’ব । আমাৰ জী‌ৱনটো আচলতে আমি ভ‌ৱাতকৈও বেছি মূল্য‌ৱান আৰু মহৎ । যদিও ‌ৱৰ্ল্ড বেংকৰ তথ্যমতে ভাৰতীয় মানুহৰ গঢ় আয়ুস মাত্ৰ ৬৯.৬৬ বছৰ, তথাপি চাবলৈ গ’লে এইখিনি সময়ৰ ভিতৰতেই কৰোঁ বুলিলে এজন মানুহে বহুখিনি কামেই কৰিব পাৰে । অইন নহ’লেওচোন ফটোগ্ৰাফীকে এটা কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি যাব পাৰে , পোৰ্ট্ৰেইট ড্ৰয়িং অথবা গ্ৰেফিটি অংকনো এটা কেৰিয়াৰ কৰি ল’ব পাৰে, এমাজানত বুঢ়া ভোলৰ জিম বা জালি বেচা আৰম্ভ কৰিও এজনে ব্য‌ৱসায়ী হ’ব পাৰে অথবা ভোট জলকীয়াৰ ভিন্ন চাটনি-আচাৰ প্ৰস্তুত কৰিও আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্টাৰপ্ৰেণাৰ হ’ব পাৰেনতুবা যদি তুমি বিচাৰা, মানবিশিষ্ট ছুটি ছ‌ৱি নিৰ্মান বা সুকীয়া সংগীত-ধাৰাৰ সূচনাৰেও সমাজত সুউচ্চ স্থান দখল কৰিব পাৰাএয়া আমাৰ মনলৈ অহা দুই-চাৰিটা উদাহৰণহে মাত্ৰ । তুমি নিজে ভালপো‌ৱা সমাজহিতৈশী সকলো ধৰণৰ  কাম যেনে, শিশুক সঠিক পথ নিদৰ্শনা দিয়া , সিহঁতক কলা-সংস্কৃতিৰ বা বিজ্ঞান-দৰ্শনৰ জ্ঞান দিয়া, বা জী‌ৱ-জন্তুৰ হিতৰ বাবে কাম কৰি যো‌ৱা , শাৰিৰীকভা‌ৱে বিকলাংগ সকলৰ মংগলৰ বাবে কাম কৰা অথবা নাৰী-শক্তিৰ ৰক্ষণ, আত্ম-পৰিচিতি তথা বিকাশৰ বাবে কাম কৰা , তৃতীয় লিংগৰ সমতাৰ বাবে কাম কৰা, প্ৰাপ্তবয়স্কসকলৰ বাবে কাম কৰা, আত্মৰক্ষাৰ কলা আৰু কিটিপবোৰ আনক শিকো‌ৱা, পৰি‌ৱেশ ৰক্ষাৰ বাবে কাম কৰা, নিজে এটা গীত লিখা বা কোৰিঅ’গ্ৰাফী কৰা  ইত্যাদি  এশ–এবুৰি উদ্দেশ্যৰে তুমি নিজকে ব্যস্ত ৰাখিব পাৰা । এক ধ্যানে নিৰিবিচ্ছিন্ন স্পৃহাৰে যদি তুমি লাগি থাকা, এনে কৰ্মৰাজীয়ে তোমাক সাধাৰণ জী‌ৱনশৈলীৰপৰা আঁতৰাই এক সুকীয়া পৰিচিতি দিয়াৰ লগতে তোমাৰ জী‌ৱন-ধাৰণৰ আমেজকো সুকীয়া মাত্ৰা প্ৰদান কৰিব , যাৰ সুখানুভূতি হয়তো হ’ব পাৰে আন দহজনে কৰি থকা এটা সাধাৰণ চাকৰিতকৈ বহুগুণে ওপৰত ! আমি ক’ব খোজা নাই যে তুমি চাকৰি কৰিব নালাগে -- আমি নিজেও চাকৰি এটাই কৰি আছো। আমাৰ দৰে অভিজ্ঞসকলে জানিব যে কি বাবেনো বহুতেই চাকৰিৰ অৰ্থটোক ‘চাকৰ+ই’ বুলি ক’ব খোজে আমি’ব খুজিছো এইটো‌ৱেই যে, চাকৰি নকৰাসকলে কিন্তু চাকৰিৰ আওঁতাত অহা এনে সময়মাফিক, নিয়মমাফিক বান্ধোনবোৰৰ পৰা মুক্ত হৈ স্বাধীনভা‌ৱে নিজৰ সকলো কাম কৰিব পাৰে ।

          আমাৰ দেউতাহঁতে কয়, কিদৰে তেওঁলোকে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হো‌ৱাৰ পাছতে শিক্ষকতা বা অন্য ভাল পদবীৰ চাকৰিৰ বাবে অতি সহজে ‘অফাৰ’বোৰ  পাইছিল। এতিয়া সেই দিন আছে নে ? ডক্টৰেট কৰাৰ পাছতো চাকৰি নোপো‌ৱাকৈ বছৰদিয়েক বহি থকা ল’ৰা-ছো‌ৱালী আমাৰ ওচৰে-পাঁজৰেই বহুত ওলাব । নিয়োগ-মেলাৰ ছ‌ৱিয়েই সেই কথা কয় । আৰু নহ’বনো কিয় বা ? সেই তেতিয়াৰ জনসংখ্যা আৰু আজিৰ জনসংখ্যাৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্য । আজিকালি প্ৰায় প্ৰতিজন ল’ৰা-ছো‌ৱালীয়েই ন্যুনতম স্নাতক ডিগ্ৰীধাৰী হয়েই । অসমত থকা মেডিকেল কলেজ বা ইঞ্জিনীয়াৰিং কলেজৰ সংখ্যাইচোন  আজিকালি কিমান বাঢ়িল ? তথাপিও ৰাজ্যৰ দূৰ‌ৱস্থালৈ চাই চৰকাৰে নিত্য-নতুন মহাবিদ্যালয়-বিশ্ববিদ্যালয় স্থাপনৰ কাম হাতত লৈয়েই আছে । আগতে যেনেদৰে কোনো এটা বৃত্তিমূলক পাঠ্যক্ৰম পঢ়িবৰ বাবে অসমৰ বাহিৰলৈ যাব লাগিছিল, বা অসমত থকা অতি কম সংখ্যক শিক্ষানুষ্ঠানত নামভৰ্তি কৰাবৰ বাবে হাবুডুবু খাব লাগিছিল, আজিকালিতো তেনে পৰি‌ৱেশ নাই । চৰকাৰৰ লগতে সমানে আগবাঢ়িছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো । গতিকে কোনো এটা ‘প্ৰফেছনেল’ পাঠ্যক্ৰম পঢ়িবৰ বাবে আজিৰ ল’ৰাই বৰ বিশেষ চিন্তা কৰিবই নালাগে । সেইবাবেই উচ্চ-শিক্ষিতৰ সংখ্যাও একে অনুপাতত বাঢ়ি গৈছে । আজিৰ দেশৰ পৰিস্থিতিলৈ চাই ক’ব পাৰি যে, সাধাৰণ স্নাতকোত্তৰ ডিগ্ৰী এটা ল‌ো‌ৱা মানেই চাকৰি এটা নিশ্চিত হো‌ৱা বুলি ভ‌ৱা কথাটো এটা মাৰাত্মক ভুল ধাৰণা। প্ৰতিযোগীৰ সংখ্যা বঢ়া মানেই প্ৰতিযোগিতাৰ মানো বঢ়া । গতিকে, ‘যোগ্য ভোগ্য বসুন্ধৰা’ নীতিৰে বৰ্তিবলৈ হ’লে তুমি অন্য প্ৰতিযোগীতকৈ কিবা নহয় কিবা প্ৰকাৰে যোগ্য হ’বই লাগিব।

          এই কথাখিনি বা আমাৰ সেই ‘চৰকাৰে একো দিয়া নাই’ বুলি চিঞঁৰাসকলে বুজি উঠিছে নে নাই ? নিয়োগ-মেলালৈ দৌৰি দৌৰি য‌ো‌ৱাসকলে নিজৰ গাত এবাৰ চিকুটি চাওঁক- ভাল চাকৰি পাবলৈ আপোনাৰ গাত সম হাৰৰ যোগ্যতা আছে নে নাই ? সাধাৰণ ষ্টেনোগ্ৰাফাৰ হ’বলৈও মিনিটত ১৫০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব । কনিষ্ঠ সহায়কৰ পদৰ বাবেও কম্পিউটাৰত ‌ৱৰ্ড-এক্সেল-পা‌ৱাৰপইন্ট-ইন্টাৰনেট জানিব লাগিব ।  আৰু জানিলেইতো নহ’ব, লগৰ বাকীসকলতকৈ আগত থাকিব পৰাকৈ দক্ষ হ’ব লাগিব। কথাটো তেনেকু‌ৱাই । কে‌ৱল নেট/স্লেট বা ডক্টৰেট কৰিলেই যে এজন ছাত্ৰ বা ছাত্ৰীয়ে , চাকৰিত যোগদান কৰিয়ে অৰ্ধলক্ষ টকাৰ দৰমহা পো‌ৱা সহকাৰী অধ্যাপক বা প্ৰবক্তা এজন  হ’ব পাৰিব বুলি আশা কৰিব পাৰিব-  সেয়া ভুল । ন্যুনতম অৰ্হতা থকা আবেদনকাৰীসকলৰ মাজতো শৈক্ষিক পৰীক্ষাসমূহৰ ফলাফলত কাৰ কিমান বেছি নম্বৰ, কোনে কিমানখন গ‌ৱেষণা-পত্ৰ/প্ৰ‌ৱন্ধ লিখিলে, কিমানটা আলোচনা-চক্ৰত ভাগ ল’লে, কেইখন গ্ৰন্থ লিখিলে এই সকলোবোৰ চালি-জাৰি চাই যাৰ ক্ষেত্ৰত সৰ্বমুঠ নম্বৰ বেছি হয়, তেওঁহে চাকৰিটো পায়গৈগতিকে এটা কথা জানি থো‌ৱাটো মংগল যে , ‘ভাল’ চাকৰি এটা পো‌ৱাটো আজিকালিৰ দিনত ইমানো  সহজ কথা হৈ থকা নাই । এনেকি আপুনি যদি ‘টেট’ৰ শিক্ষকো হ’ব খোজে তেতিয়াও সেই একেই কথা, প্ৰথমে ন্যুনতম অৰ্হতাৰ বাবে উচ্চতৰ মাধ্যমিক/স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লওঁক, তাৰ পাছত শিক্ষক হ’বৰ জোখাৰে ডি.এড. বা বি.এড. হওঁক আৰু টেট পৰীক্ষাত উত্তীৰ্ণ হওঁক । তাৰ পাছত জিলাৰ খালী পদসমূহ চাই আবেদন কৰক , নথি-পত্ৰসমূহ দেখুও‌ৱাক আৰু সৰ্বশেষত আপোনাৰ নাম ‘মেধাৰ তালিকা’ত আহিছে নে নাই সেয়া চাওঁক। ‘মেধাৰ তালিকা’ত আহিবলৈ হ’লে মেট্ৰিকৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ডিগ্ৰীলৈকে, টেটৰ নম্বৰো ধৰি সকলোবোৰ পৰীক্ষাতে আপোনাৰ ভাল ফলাফল থাকিব লাগিব ।

          যো‌ৱা ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত সদনত প্ৰকাশ হো‌ৱা তথ্য মতেই অসমত ১৭ লাখ নিবনু‌ৱা আছিলসেই সংখ্যা নিশ্চয় এতিয়া ১৯-২০ লাখৰো ওপৰলৈ যাব বুলি অনুমান কৰিব পাৰি । চাবলৈ গ’লে এইটো এটা ভয়াবহ সমস্যা। কিন্তু পৰিসংখ্যাই কয় যে অসম এইক্ষেত্ৰত কিছু আগবাঢ়িহে আছে । কিয়নো, Centre for Monitoring Indian Economy (CMIE) ৰ তথ্যমতে সমগ্ৰ ৰাষ্ট্ৰৰ নিবনু‌ৱাৰ হাৰ(৭.৭%)তকৈ অসমৰ হাৰ কিছু কম (৪.১%) যিয়েই নহওঁক, যিদৰে চৰকাৰে এতিয়া এক লাখ নিবন‌ুৱাক সংস্থাপনৰ বাবে আয়োগ গঠন কৰি পৰ্যায়ক্ৰমে কাৰ্যসূচী হাতত লৈছে, সেইদৰে চৰকাৰখনে দূৰদৰ্শী অভিভা‌ৱকৰ দায়িত্ব লৈ ৰাজ্যখনৰ উন্নতিৰ হকে কিদৰে নিয়োগ সৃষ্টি কৰিব পাৰি, দেশী-বিদেশী বিনিয়োগকাৰীৰে অসমক এখন প্ৰগতিশীল ৰাজ্যলৈ উন্নীত কৰিব পাৰি তাৰ অহৰহ চিন্তা-চৰ্চা কৰি থাকিলেহে অদূৰ ভ‌ৱিষ্যতে আমাৰ এই নিবনু‌ৱা সমস্যাৰ কিছু ওৰ পৰিবগৈ পাৰে ।   

অ‌ৱশ্যে এটা কথা ঠিক যে, শেহতীয়াকৈ নতুন চৰকাৰ হো‌ৱাৰে পৰা এটকাও ঘোঁচ-ঘাচ নিদিয়াকৈ আমাৰ বহু ল’ৰা-ছো‌ৱালীয়ে ভাল ভাল চাকৰি পাবলৈ সক্ষম হৈছে – যিটো বিগত সময়ত অসমত এক অবাস্ত‌ৱ কথা হৈ আছিল । আগেয়ে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসম লোকসে‌ৱা আয়োগৰ চাকৰি বুলিলে নাক কোঁচাইছিল, তেওঁলোকেও এতিয়া অতি আগ্ৰহেৰে এনে পৰীক্ষাসমূহত বহিবলৈ লৈছে । দূৰ্নীতি নিৰ্মূলকৰণৰ প্ৰতি থকা চৰকাৰৰ আগ্ৰহ আৰু কৰ্মপন্থাৰ বাবেই এনে পৰি‌ৱেশ আহিছে ।  এই সুযোগ আমাৰ প্ৰতিজন মেধা‌ৱী ছাত্ৰ-ছাত্ৰীয়ে লো‌ৱা উচিত । কে‌ৱল ৰাজ্য চৰকাৰৰেই নহয়, অসমৰ ল’ৰা-ছো‌ৱালীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বভাৰতীয় পৰীক্ষাসমূহত বহিবৰ বাবে অন্ত:ত প্ৰস্তুতি চলো‌ৱা উচিত । তাৰ বাবে আমাৰ অভিভা‌ৱকসকলো কিছু সচেতন হো‌ৱাৰ সময় আহি পৰিছে । অভিভা‌ৱকে ল’ৰা-ছো‌ৱালীয়ে মোবাইলত কি চায় , তালৈও ধ্যান দিয়া উচিত । মোবাইলটোৰ পৰাই এই সকলো পৰীক্ষাত বহিব পৰা সমল গোটাব পাৰি । তাকে নকৰি যদি কে‌ৱল পৰ্ণগ্ৰাফী চাই , নাচ-বাজনাৰ ভিডিঅ’ চাই , কৌতুক-ৰহঘৰাৰে সময় পাৰ কৰে তেন্তে তেনে অবাবত সময় নষ্ট কৰা ল’ৰা-ছো‌ৱালীৰ বাবে চাকৰি এটা পো‌ৱাটো নিশ্চয়কৈ পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা হ’ব। উই.পি.এছ.চি., বেংক, বিভিন্ন পি.এচ.ইউবোৰ, এচ.এচ.চি., কোৰ্ট-কাছাৰী এইবোৰে উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতক বা স্নাতকোত্তৰ আদি ভিন-ভিন পৰ্যায়ত বছৰত কেইবাবাৰো পৰীক্ষা পাতিয়েই থাকে । সেইবোৰৰ পাঠ্য-তালিকাত কি কি বিষয়ৰ প্ৰশ্ন আহিব আমাৰ ল’ৰা-ছো‌ৱালীয়ে খৰছি মাৰি চো‌ৱা উচিত । সাধাৰণ জ্ঞান, সাংখ্যিক দক্ষতা,  যুক্তিগত দক্ষতা , ৰচনা লিখা, ইংৰাজী ভাষাৰ দক্ষতা, শেহতীয়া ঘটনা‌ৱলীৰ বিষয়ে সম্যক জ্ঞান ইত্যাদি প্ৰতিজন চাকৰি-প্ৰত্যাশীৰ বাবে দৈনন্দিন কুচ-কা‌ৱাজৰ বিষয় হো‌ৱা উচিত । আগতে আমি কোনো বিষয়ত জানিবৰ বাবে কিতাপৰ বাদে অন্য একো মাধ্যম নাছিল । কিতাপ এখন মগাবলৈও দহবাৰ ভা‌ৱিবলগা হৈছিল ।  আজিকালি সমগ্ৰ-বিশ্বৰ খবৰ যেতিয়া আপোনাৰ হাতৰ মুঠিত, তেন্তে চাকৰিৰ ক্ষেত্ৰত এনে সু-অভ্যাসৰ বাবেনো পিছপৰা থাকিব লাগে কিয় ? কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নোত্তৰৰ বাবে শিক্ষাৰ্থীয়ে সমিধান নামৰ বেচৰকাৰী স্বেচ্ছাসে‌ৱী অনুষ্ঠানটোৰ (য’ত আমিও এজন কেৰিয়াৰ পৰামৰ্শদাতা) ‌ৱেবচাইট xomidhan.org চকু ফুৰাব পাৰে ।

শেষত আমি ক’ম যে, ৰাজ্যখনৰ নিবনু‌ৱা সমস্যা সমাধনৰ ক্ষেত্ৰত চৰকাৰে যিমান ব্য‌ৱস্থা ল’ব পাৰে, তাতোকৈ বেছি অৰিহণা যো‌গাব পাৰে আমাৰ যু‌ৱ-প্ৰজন্মই । চৰকাৰে ইতিমধ্যেই আত্ম-সহায়ক গোটলৈ, ক্ষুদ্ৰ ব্য‌ৱসায়ীলৈ, কৃষকলৈ, ভিন্ন অনুন্নত জাতি-জনজাতিলৈ অনুদান আৰু ঋণ দি আহিছে ।  কে‌ৱল চাকৰি চাকৰি বুলি হাত সা‌ৱতি বহি নাথাকি কৃষি-বিজ্ঞান-সমাজ-সংস্কৃতি এই সকলো দিশতে যদি আমাৰ ডেকা-ডেকেৰীয়ে সমান উদ্যমেৰে হাতে-কামে লাগি যায় , কোনে ক’ব যে অসম এখন কৰ্ম-সংস্কৃতি-উদ্যমীৰে ভৰপূৰ এখন জাকত-জিলিকা ৰাজ্য হ’ব নো‌ৱাৰিব ? 

Wednesday, October 20, 2021

‘বসুন্ধৰা’ক লৈ ৰাইজৰ আশা-প্ৰত্যাশা

 


ক’বলৈ গ’লে কিছুদিনৰ আগলৈকে মাটি-বাৰী সম্বন্ধীয় কিবা চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লেই মনলৈ এটা ভয় ভা‌ৱ আহিছিল- এতিয়া বা কোনজন দালালক লগ ধৰিব লাগিব, মণ্ডলে বা কিমান ল’ব, কাৰ্যালয়ত বা আৰু কিমান যাব ইত্যাদিআচলতে কে‌ৱল মোৰেই নহয়, সকলো মানুহৰেই মনত এই একেই ভা‌ৱ । আৰু এই ভা‌ৱনাবোৰ প্ৰকৃততে  আমি নাগৰিকবোৰে নিজে নিজে সাজি লো‌ৱা একোটা চিন্তা কাহানিও নহয় । এইবোৰ হৈছে আজি অত বছৰে আমি দেখি শুনি চলি থকা বস্তু । অৰ্থাৎ আমি সকলো‌ৱেই পাকে-প্ৰকাৰন্তে জানো‌ৱেই যে চক্ৰ-বিষয়াৰ কাৰ্যালয়ত টেবুলৰ এইফালে নহ’লে সেইফালে হ’লেও টকাৰ আদান-প্ৰদান চলেই । আমি এইটোও জানো যে সৰুৰ পৰা ডাঙৰলৈকে,  কে‌ৱল সকলো পদবীৰ চৰকাৰী কৰ্মচাৰীয়েই নহয়, কাৰ্যালয়ৰ বাহিৰৰ সেই দোকানীটোৰ পৰা আৰম্ভ কৰি দালালটোলৈকে আটায়েই এটা অঘোষিত অথচ প্ৰতিষ্ঠিত প্ৰণালীৰে প্ৰতিটো কামৰ বাবে টকা লো‌ৱাৰ এটা সুন্দৰ ব্য‌ৱস্থা চলাই ৰাখিছে । নহ’লে অতি সামান্য দৰমহা পো‌ৱা মণ্ডল একোজনে বিলাসী গাড়ী কিনিবলৈ বা চহৰত দুই তিনিটা অট্টালিকা সাজিবলৈ ধন ক’ৰপৰা পায় সেয়া নিশ্চয় অনুমেয় ।

        কিন্তু কথাটো একপক্ষীয়ভা‌ৱে চো‌ৱাও অনুচিত । আজি মই যেনেকৈ সেই কাৰ্যালয়টোলৈ যাবলৈ হ’লেই ‘কিবা’ এটা হাতত লৈ যাব লাগিব বুলি ভা‌ৱিছো, তেনেকে নিশ্চয় আপুনিও ভা‌ৱিছে । আৰু তেনেকৈ আমি সকলো‌ৱেই ভা‌ৱিছো । এইটো‌ৱেই হৈছে আমাৰ ভুলটো । আমি যদি কোনো এজনেও কাহানিও এটা ফুটা কড়ি ঘোঁচ হিচাপে নিদিওঁ, তেতিয়া তেওঁলোকে ল’ব পাৰিবনো কেনেকৈ ? আৰু যদিহে আমি মাত্ৰ এজন মানুহে কোনো এদিন ‘কিবা’ এটা ঘোঁচ হিচাপে দিয়া আৰম্ভ কৰি দিলো, তেন্তে সেইদিনাৰ পৰাই তেওঁলোকে অন্য সকলোকে সেই ‘কিবা’টোৰ বাবে হাত পাতিব । গতিকে তেওঁলোকে আমাক শুহি শুহি খ‌ো‌ৱাৰ বাবে দোষটো আমাৰেই । কাৰণ – আমিয়েইতো তেওঁলোকৰ তেনে লুতুৰা স্বভা‌ৱটোৰ সৃষ্টি কৰিছো । এতিয়া এনেকি এনে হৈছে, আমি ভা‌ৱিবলৈ বাধ্য হৈছো যে, মই যদি টকা নিদিওঁ, তেন্তে মোৰ কামটো কাহানিও নহ’ব - কিন্তু টকা দি অন্য মানুহে একেটা কাম সোনকালে কৰাই লৈ যাব ! আমি কিয় ভা‌ৱিব ন‌ো‌ৱাৰোঁ যে , টকা নিদিয়াকৈয়ে তেওঁলোকে আমাৰ কামটো কৰিব লাগিব। কাৰণ, তেওঁলোক কৰিবলৈ বাধ্য । এজন চৰকাৰী চাকৰিয়ালে চৰকাৰী কাম বছৰৰ পাছত বছৰ পেলাই থ’ব নো‌ৱাৰে। আৰু কামৰ বিনিময়ত টকা বিচাৰিলে আমি তেওঁলোকৰ বিপক্ষে গোচৰ তৰিম বা অভিযোগ কৰিম ।

        আগেয়ে এনেকে আমি ভা‌ৱিব পৰাটোও অসম্ভ‌ৱ আছিল । কিন্তু আজিৰ তাৰিখত অনুভ‌ৱ হয় যে, এনেকৈয়ে আমি ভা‌ৱিব পাৰো দেখোন  ! কিয়নো, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বৰ্তমানে এই শোষণ ব্য‌ৱস্থাটোত নাকী লগাবলৈ যত্ন কৰা দেখা গৈছে তেখেতে দালালসকলক কৰায়ত্ত কৰি অন্য জী‌ৱিকাৰ প্ৰতি আকৰ্ষিত হ’বলৈ বাধ্য কৰাইছে আৰু চক্ৰ-বিষয়াসকলকো অতি নিষ্ঠাৰে , সততাৰে কাম কৰিবলৈ বিনম্ৰ গোহাৰি (তথা একপ্ৰকাৰৰ ধমক!) জনাইছে । ই সঁচাই অতি শলাগিবলগীয়া পদক্ষেপ । মুখ্যমন্ত্ৰীৰ এনে সদিচ্চাৰে এটি বহিৰ্প্ৰকাশ হৈছে মিছন বসুন্ধৰা । এই প্ৰকল্পৰ জৰিয়তে এটা ‌ৱে‌ৱ পৰ্টেল জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে য’ত নাগৰিকে নিজেই ঘৰত বহি মাটি সম্বন্ধীয় ৯ টা বিশেষ সে‌ৱা ( নামজাৰি, বাটো‌ৱাৰা, ম্যাদিকৰণ ইত্যাদি)ৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব আৰু পৰ্যায়ক্ৰমে চৰকাৰী বিষয়াই সেই আবেদনসমূহ নিষ্পত্তি কৰিব। ইয়াৰ বাবে নিৰ্দিষ্ট সময়-সীমাও চৰকাৰে বান্ধি দিছে । এনেহেন সুবিধা আগেয়ে কেতিয়াবা হৈছিল বুলি আমাৰ শুনা মনত নপৰে । গতিকে চৰকাৰে দিয়া এনে সুবিধাবোৰ আমাৰ নাগৰিকে লো‌ৱা উচিত আৰু এক পইচাৰো ঘোঁচ দিয়াৰ পৰা বিৰত থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ চৰকাৰক সহযোগিতা কৰা উচিত ।

        এই আপাহতে জনাওঁ যে, চৰকাৰখনে অসম লোকসে‌ৱা অধিকাৰ আইন(২০১৯- সংশোধনী)ৰ অধীনত যিকেইটা অতি ফলপ্ৰসু সে‌ৱা ৰাইজলৈ আগবঢ়াই দিছে সেয়াও অতি চমকপ্ৰদ আৰু কাৰ্যকৰী ।  নিয়োগ বিনিময় কেন্দ্ৰত অনলাইনযোগে পঞ্জীয়ন বা ন‌ৱীকৰণ কৰা ,সম্পত্তিৰ বেচা-কিনাৰ আপত্তীহীনতাৰ প্ৰমানপত্ৰ, সম্পত্তিৰ   পঞ্জীয়ন , বিবাহ পঞ্জীয়ন , জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্ৰ, পৰিবহন বিভাগৰ অধীনৰ ভিন্ন ৰকমৰ পঞ্জীয়ন আৰু যোগ্যতা –পত্ৰৰ আবেদন আদি কেইটাবাও সুবিধা অনলাইন পোৰ্টেল https://rtps.assam.gov.in ৰ জৰিয়তে অসমৰ নাগৰিকে বৰ্তমানে লাভ কৰিব পাৰিছে । তথ্য-প্ৰযুক্তিৰ উপযুক্ত ব্য‌ৱহাৰেৰে অসম চৰকাৰে এনে অভূতপূৰ্ব সা-সুবিধা অসমৰ জনসাধাৰণলৈ আগবঢ়াই দিয়াৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট চৰকাৰী বিষয়াসকল নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ । লগতে আমি গৌৰ‌ৱবোধ কৰিছো যে , এনে পোৰ্টেল সমূহ কোনো ব্যক্তিগত খণ্ডৰ ফাৰ্ম বা কোম্পেনীৰ দ্বাৰা খন্তেকতে প্ৰস্তুত নকৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ‘ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ’ বা চমুকৈ NIC ৰ সহায়তহে সম্পূৰ্ণ পূৰ্ব-প্ৰস্তুতি আৰু পৰ্যালোচনাৰে সৈতে প্ৰস্তুত কৰিছে । ইয়াৰ বাবে আমি  NICৰ অসম ৰাজ্যিক কেন্দ্ৰৰ কৰ্মকৰ্তাসমূহলৈও ধন্যবাদ আৰু অভিনন্দন জনাইছো ।

        আশা কৰোঁ চৰকাৰে এনেধৰণে ন ন প্ৰযুক্তিৰ ব্য‌ৱহাৰেৰে জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰি যাব।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...