ক’বলৈ গ’লে কিছুদিনৰ আগলৈকে মাটি-বাৰী সম্বন্ধীয় কিবা চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লেই মনলৈ এটা ভয় ভাৱ আহিছিল- এতিয়া বা কোনজন দালালক লগ ধৰিব লাগিব, মণ্ডলে বা কিমান ল’ব, কাৰ্যালয়ত বা আৰু কিমান যাব ইত্যাদি। আচলতে কেৱল মোৰেই নহয়, সকলো মানুহৰেই মনত এই একেই ভাৱ । আৰু এই ভাৱনাবোৰ প্ৰকৃততে আমি নাগৰিকবোৰে নিজে নিজে সাজি লোৱা একোটা চিন্তা কাহানিও নহয় । এইবোৰ হৈছে আজি অত বছৰে আমি দেখি শুনি চলি থকা বস্তু । অৰ্থাৎ আমি সকলোৱেই পাকে-প্ৰকাৰন্তে জানোৱেই যে চক্ৰ-বিষয়াৰ কাৰ্যালয়ত টেবুলৰ এইফালে নহ’লে সেইফালে হ’লেও টকাৰ আদান-প্ৰদান চলেই । আমি এইটোও জানো যে সৰুৰ পৰা ডাঙৰলৈকে, কেৱল সকলো পদবীৰ চৰকাৰী কৰ্মচাৰীয়েই নহয়, কাৰ্যালয়ৰ বাহিৰৰ সেই দোকানীটোৰ পৰা আৰম্ভ কৰি দালালটোলৈকে আটায়েই এটা অঘোষিত অথচ প্ৰতিষ্ঠিত প্ৰণালীৰে প্ৰতিটো কামৰ বাবে টকা লোৱাৰ এটা সুন্দৰ ব্যৱস্থা চলাই ৰাখিছে । নহ’লে অতি সামান্য দৰমহা পোৱা মণ্ডল একোজনে বিলাসী গাড়ী কিনিবলৈ বা চহৰত দুই তিনিটা অট্টালিকা সাজিবলৈ ধন ক’ৰপৰা পায় সেয়া নিশ্চয় অনুমেয় ।
কিন্তু কথাটো একপক্ষীয়ভাৱে চোৱাও অনুচিত । আজি মই যেনেকৈ সেই কাৰ্যালয়টোলৈ যাবলৈ হ’লেই ‘কিবা’ এটা হাতত লৈ যাব লাগিব বুলি ভাৱিছো, তেনেকে নিশ্চয় আপুনিও ভাৱিছে । আৰু তেনেকৈ আমি সকলোৱেই ভাৱিছো । এইটোৱেই হৈছে আমাৰ ভুলটো । আমি যদি কোনো এজনেও কাহানিও এটা ফুটা কড়ি ঘোঁচ হিচাপে নিদিওঁ, তেতিয়া তেওঁলোকে ল’ব পাৰিবনো কেনেকৈ ? আৰু যদিহে আমি মাত্ৰ এজন মানুহে কোনো এদিন ‘কিবা’ এটা ঘোঁচ হিচাপে দিয়া আৰম্ভ কৰি দিলো, তেন্তে সেইদিনাৰ পৰাই তেওঁলোকে অন্য সকলোকে সেই ‘কিবা’টোৰ বাবে হাত পাতিব । গতিকে তেওঁলোকে আমাক শুহি শুহি খোৱাৰ বাবে দোষটো আমাৰেই । কাৰণ – আমিয়েইতো তেওঁলোকৰ তেনে লুতুৰা স্বভাৱটোৰ সৃষ্টি কৰিছো । এতিয়া এনেকি এনে হৈছে, আমি ভাৱিবলৈ বাধ্য হৈছো যে, মই যদি টকা নিদিওঁ, তেন্তে মোৰ কামটো কাহানিও নহ’ব - কিন্তু টকা দি অন্য মানুহে একেটা কাম সোনকালে কৰাই লৈ যাব ! আমি কিয় ভাৱিব নোৱাৰোঁ যে , টকা নিদিয়াকৈয়ে তেওঁলোকে আমাৰ কামটো কৰিব লাগিব। কাৰণ, তেওঁলোক কৰিবলৈ বাধ্য । এজন চৰকাৰী চাকৰিয়ালে চৰকাৰী কাম বছৰৰ পাছত বছৰ পেলাই থ’ব নোৱাৰে। আৰু কামৰ বিনিময়ত টকা বিচাৰিলে আমি তেওঁলোকৰ বিপক্ষে গোচৰ তৰিম বা অভিযোগ কৰিম ।
আগেয়ে এনেকে আমি ভাৱিব পৰাটোও অসম্ভৱ আছিল । কিন্তু আজিৰ তাৰিখত অনুভৱ হয় যে, এনেকৈয়ে আমি ভাৱিব পাৰো দেখোন ! কিয়নো, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বৰ্তমানে এই শোষণ ব্যৱস্থাটোত নাকী লগাবলৈ যত্ন কৰা দেখা গৈছে । তেখেতে দালালসকলক কৰায়ত্ত কৰি অন্য জীৱিকাৰ প্ৰতি আকৰ্ষিত হ’বলৈ বাধ্য কৰাইছে আৰু চক্ৰ-বিষয়াসকলকো অতি নিষ্ঠাৰে , সততাৰে কাম কৰিবলৈ বিনম্ৰ গোহাৰি (তথা একপ্ৰকাৰৰ ধমক!) জনাইছে । ই সঁচাই অতি শলাগিবলগীয়া পদক্ষেপ । মুখ্যমন্ত্ৰীৰ এনে সদিচ্চাৰে এটি বহিৰ্প্ৰকাশ হৈছে মিছন বসুন্ধৰা । এই প্ৰকল্পৰ জৰিয়তে এটা ৱেৱ পৰ্টেল জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে য’ত নাগৰিকে নিজেই ঘৰত বহি মাটি সম্বন্ধীয় ৯ টা বিশেষ সেৱা ( নামজাৰি, বাটোৱাৰা, ম্যাদিকৰণ ইত্যাদি)ৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব আৰু পৰ্যায়ক্ৰমে চৰকাৰী বিষয়াই সেই আবেদনসমূহ নিষ্পত্তি কৰিব। ইয়াৰ বাবে নিৰ্দিষ্ট সময়-সীমাও চৰকাৰে বান্ধি দিছে । এনেহেন সুবিধা আগেয়ে কেতিয়াবা হৈছিল বুলি আমাৰ শুনা মনত নপৰে । গতিকে চৰকাৰে দিয়া এনে সুবিধাবোৰ আমাৰ নাগৰিকে লোৱা উচিত আৰু এক পইচাৰো ঘোঁচ দিয়াৰ পৰা বিৰত থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ চৰকাৰক সহযোগিতা কৰা উচিত ।
এই আপাহতে জনাওঁ যে, চৰকাৰখনে অসম লোকসেৱা অধিকাৰ আইন(২০১৯- সংশোধনী)ৰ অধীনত যিকেইটা অতি ফলপ্ৰসু সেৱা ৰাইজলৈ আগবঢ়াই দিছে সেয়াও অতি চমকপ্ৰদ আৰু কাৰ্যকৰী । নিয়োগ বিনিময় কেন্দ্ৰত অনলাইনযোগে পঞ্জীয়ন বা নৱীকৰণ কৰা ,সম্পত্তিৰ বেচা-কিনাৰ আপত্তীহীনতাৰ প্ৰমানপত্ৰ, সম্পত্তিৰ পঞ্জীয়ন , বিবাহ পঞ্জীয়ন , জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্ৰ, পৰিবহন বিভাগৰ অধীনৰ ভিন্ন ৰকমৰ পঞ্জীয়ন আৰু যোগ্যতা –পত্ৰৰ আবেদন আদি কেইটাবাও সুবিধা অনলাইন পোৰ্টেল https://rtps.assam.gov.in ৰ জৰিয়তে অসমৰ নাগৰিকে বৰ্তমানে লাভ কৰিব পাৰিছে । তথ্য-প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰেৰে অসম চৰকাৰে এনে অভূতপূৰ্ব সা-সুবিধা অসমৰ জনসাধাৰণলৈ আগবঢ়াই দিয়াৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট চৰকাৰী বিষয়াসকল নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ । লগতে আমি গৌৰৱবোধ কৰিছো যে , এনে পোৰ্টেল সমূহ কোনো ব্যক্তিগত খণ্ডৰ ফাৰ্ম বা কোম্পেনীৰ দ্বাৰা খন্তেকতে প্ৰস্তুত নকৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ‘ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ’ বা চমুকৈ NIC ৰ সহায়তহে সম্পূৰ্ণ পূৰ্ব-প্ৰস্তুতি আৰু পৰ্যালোচনাৰে সৈতে প্ৰস্তুত কৰিছে । ইয়াৰ বাবে আমি NICৰ অসম ৰাজ্যিক কেন্দ্ৰৰ কৰ্মকৰ্তাসমূহলৈও ধন্যবাদ আৰু অভিনন্দন জনাইছো ।
আশা কৰোঁ চৰকাৰে এনেধৰণে ন ন প্ৰযুক্তিৰ ব্যৱহাৰেৰে জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰি যাব।