কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক –
এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ
বুলি ওলাই যোৱা ধুনীয়া ছোৱালীকেইজনীক জোকাই ভাল লাগে , ধাবাত
বহি একেবাৰে অন্তৰংগ বন্ধু কেইটাৰ লগত অকণমান ৰঙীন হৈয়ো ভাল লাগে । এনেকৈ ভিন ভিন
ৰকমে আমি, অৰ্থাৎ আমাৰ বহুতেই, জীৱনটোত
কিবা এটা আনে নকৰা ‘মন মতলীয়া’ কাম কৰি ভাল পায়। এবাৰ মোৰ ভাইটিক দেউতাই সুধিছিল-
‘কোনো কথাতে যে তোৰ গা নলৰে,একো এটা ভাল কামতে যে তই মন
নিদিয়, এনেকৈ হ’লে জীৱনত কি কৰি খাবি ? তই আচলতে কি কৰিব বিচাৰ জীৱনত’ ?ভাইটিয়ে
নিসংকোচে কৈছিল – ‘মই জীৱনত এনজয় কৰিব বিচাৰো। ’হয়,
আমাৰ ভাইটিৰ দৰেই জীৱনটোক এটা ‘এনজয়’ কৰা বস্তু বুলি ভৱা
মানুহো বহুত ওলাব । দৰাচলতে ক’বলৈ গ’লে যিসময়ত আজি আপুনি ‘জীৱনটোত কিনো পালো’ বুলি
হাঁ-হুমুনিয়াহ কাঢ়ি আছে, সেই সময়তে বহুজনে আকৌ জীৱনটোকহাঁহি
হাঁহি ‘এনজয়’ কৰি আছে ।জ্ঞানী জনে হেনো কৈয়ো গৈছে যে যি
পাইছা, তাৰেই তুমি সন্তুষ্ট হোৱা, তাৰেই তুমি জীৱনটো ‘উপভোগ’ কৰা । এতিয়া কথা হৈছে আপুনি জীৱনটো
কেনেদৰে উপভোগ কৰিব?
মদৰ প্ৰতি ৰাগিয়াল হোৱা মানুহবোৰে সততে কয়- ‘মোৰ টকাৰে মই মদ
খাইছো। তই ক’বলৈ কোন?’ । তেওঁক আমি ক’ম যে, ‘হয়, যিহেতু তুমি তোমাৰ টকাৰেই কিবা খাইছা বা
পিন্ধিছা, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু
এইযে গালি-গালাজ পাৰি, অভব্য আচৰণ কৰি তুমি তোমাৰ পৰিয়ালৰ
লগতে সমাজৰ সকলোকে অসুবিধাত পেলাইছা, পৰিৱেশ বিনষ্ট কৰিছা,
নতুন ল’ৰা-ছোৱালীক বেয়া পথ দেখুৱাইছা, কিশোৰ-কিশোৰীয়ে তোমাৰ আচৰণত হতবাক হ’বলগীয়া হৈছে- তাতহে আছে আমাৰ
ক’বলগীয়া । তুমি অকলে এটা নিৰ্জন দ্বীপত গৈ মাতাল অৱস্থাৰে নাচি-বাগিও যদি থাকা,
তেতিয়া অৱশ্যেই আমাৰ ক’বলগীয়া একো নাথাকিলহেঁতেন’। কথাবোৰ ঠিক এনেকুৱাই
! আপুনি জীৱনটো উপভোগ কৰাৰ নামত আপোনাৰ প্ৰতিবেশীক বা এলেকাৰ মানুহক অনিষ্ট কৰিছে
নেকি, বিপদত পেলাইছে নেকি সেয়াও এবাৰ ভাৱক । বহু সময়ত
আপুনি বজোৱা উচ্চ-স্বৰৰ সংগীতে, গাড়ীত বজোৱা হৰ্ণটোৱেও
ৰোগীজন বা পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক আমনি দিয়ে । তাৰ প্ৰতি মন দিয়াটোও এজন সচেতন
নাগৰিকৰ দায়িত্ব, যিটো হয়তো কেৱল নিজৰ বাবেই ‘উপভোগ’ কৰিব বিচৰা এজন লোকে অনুধাৱন কৰিব নোৱাৰে ।
আমাৰ চিনাকী কোনোবাই যদি সৎ বা অসৎ যি পথেৰেই হওঁক, দুপইচা ভালদৰে ঘটি ভাল এটা ঘৰ সাজিছে, গাড়ী
কিনিছে,নামী-দামী বস্তু খাইছে, বিদেশত
ফুৰিবলৈ গৈছে, দামী কাপোৰ-কানি পিন্ধিছে আৰু আলাস-বিলাসত
দিন কটাইছে, তেতিয়া আমি প্ৰায়ে কওঁ যে, সি বা তাই কিন্তু ভাল ‘মস্তি’ কৰিছে দেই, বা
ভাল ‘এনজয়’ কৰিছে দেই ! জীৱনত ‘এনজয়’ কৰা বুলিলে আমি তেনেকুৱা এটা জীৱনশৈলীয়েই
বুজি পাওঁ । আৰু সেইবাবেই তেনে এক বিলাসী জীৱন-ধাৰণ আমাৰ বহুতৰে বাবে এক
উচ্চাকাংক্ষা হৈ পৰে । ক’বলৈ গ’লে কোনো কোনোৰবাবে সেয়া জীৱনৰ এটা উদ্দেশ্যও হৈ
পৰে । আৰু সেই উদ্দেশ্য সিদ্ধিৰ বাবেই আমি উঠি-পৰি লাগি যাওঁহঁক। কেনেকৈ সেই প্ৰতিযোগিতাৰ
দৌৰত জিকিব পাৰোঁ, কাষৰজনক গতা এটা মাৰি মই নিজে কেনেকৈ
আগত যাব পাৰোঁ, প্ৰতিবেশীৰ সম্পত্তিতকৈ অধিক সা-সম্পদ
কিদৰে ঘটিব পাৰোঁ তাৰে আলেখ-লেখ প্ৰতিনিয়ত গণিবলৈ ধৰোঁ। এনে দৌৰৰ শেষতকোনোবাজন জিকি
যায় আৰু কোনোবাজন হয়তো হাৰি যায় । হৰাজনে হুমুনিয়াহ কাঢ়ে আৰু জিকাজনে হিন্দীত
ক’বলে হ’লে ‘মৌজ’ কৰে । কথা হ’ল, আনৰ দুখলৈ কেৰেপ নকৰি,
আনৰ প্ৰাপ্যখিনি কাঢ়ি আনি নিজৰ কৰি লোৱা – এই চিন্তাধাৰাৰ জীৱনেই
আমাৰ লক্ষ্য হোৱা উচিত নে ? সেই জীৱন আদৰ্শনীয়, মহৎ আৰু অনুপ্ৰেৰণীয় হয় নে ? নিশ্চয়কৈ নহয় ।
হ’ব নোৱাৰেও । তেন্তে আমি কেনে শৈলীৰেনো জীৱন যাপন কৰা উচিত ? কি কৰিলে আমি দহোজনৰ প্ৰেৰণা হোৱাকৈ নিজৰ জীৱনটোক উপভোগ কৰিব পাৰিম ?
জীৱনৰ এটা ডাঙৰ সত্য হ’ল এয়ে যে ঈশ্বৰে আমাৰ প্ৰতিজনকেই
অদ্বিতীয়ভাৱে সৃষ্টি কৰাৰ পাছতো আমাৰ প্ৰায় ৯৯.৯ শতাংশ মানুহেই উপলব্ধি কৰিবলৈ
অপাৰগ হওঁ যে আমি আনতকৈ পৃথক, ভিন্ন। আৰু ফলস্বৰূপে আমি
একেবোৰ কামেই কৰি থাকো, যিবোৰ অন্য হাজাৰজনে কৰি আছে ।
সকলো গতানুগতিক । আমি খাইছো, শুইছো, পঢ়িছো, চাকৰি কৰিছো, টকা
ঘটিছো , ঘৰ সাজিছো, গাড়ী-মাটি
কিনিছো – কৰিব লাগে বাবেই যেন সকলোখিনি কৰি গৈছো । আমি কি এনেকৈয়ে মৰব বিচাৰো নে?
আমাৰ পদৱী, আমাৰ দৰমহা বা আমাৰ জীৱন-ধাৰণৰ
ঢং(ষ্টাইল) – এইবোৰে আমাৰ জীৱনটোৰ মহত্ত্ব দিব পাৰিব নে ? জীৱনৰ শেষ সময়খিনিত নিজকে যেতিয়া প্ৰশ্ন কৰিম, ‘মই জীৱনত কি কৰিলো’ বুলি, তেতিয়া মই নিজকে
এটা সন্তুষ্ট হোৱা উত্তৰ দিব পাৰিম নে? আনে সেই প্ৰশ্নৰ
উত্তৰ বা কি বুলি দিব আমি এবা ভাৱি চাইছো নে ? যদিও
মানুহৰ জীৱনটো অতিকেই ক্ষণস্থায়ী, তথাপি এজন মানুহে গড়
হিচাপত ৬০ বছৰ জীয়াই থাকে বুলি ধৰিলেও এই ষাঠি বছৰ সময়ত এজন মানুহে কিমান কি কৰিব
পাৰে, সেয়া আমি কেতিয়াবা উপলব্ধি কৰিব পাৰিছো নে ?
জন্মগত প্ৰতিভা বাৰু নাই বুলিয়েই ধৰি ল’লো, কৰ্ষণ কৰা বিদ্যাৰেও অভ্যাসৰ বলত মানুহে কিমান কি যে কৰিব পাৰে অনুমান
কৰিবলৈকে আমি অপাৰগ ! তেনে কিমান কি কাম আজি আজিৰ তাৰিখলৈকে কৰিছো? মোৰ কৰ্মই মই কাৰোবাক ধনাত্মকভাৱে প্ৰভাৱিত কৰিব পাৰিছো নে ? হাতাশাগ্ৰস্ত ল’ৰাটোক মই জীৱনৰ নতুন অৰ্থ চিনি পোৱাব পাৰিছো নে ?
নে ওচৰৰ আটাইমখা ল’ৰা-ছোৱালীকে মই পৃথিৱীৰ ভিন্ন সাহিত্যৰাজীৰ
কিবা স্বাদ দিব পাৰিছো ? প্ৰযুক্তিৰে জীৱন সলাই দিব পৰা
যাদুবোৰ মই কাক কাক দেখুৱাব পাৰিছো ? যদি এনে প্ৰশ্নবোৰৰ
উত্তৰ আমি একেবাৰে নঞাৰ্থক পাইছো, তেন্তেক’ব লাগিব যে আমি
এতিয়ালৈকে নিজকে চিনিয়েই পোৱা নাই । নিজৰ সম্ভাৱনীয়তাক হয়তো জানিবই পৰা নাই ।
আমাৰ বিচাৰ মতে, মানুহৰ জীৱনটো অলেখ অযুত সম্ভাৱনাৰে পৰিপূৰ্ণ
। সেইবোৰৰ সন্ধান কৰা, অনুসৰণ কৰাআৰু উৎকৰ্ষ সাধন কৰা
আমাৰ জীৱনৰ এটা সুন্দৰ অৰ্থপূৰ্ণ উদ্দেশ্য হ’ব পাৰে। আমাৰ হাতত থকা এই অতি কম সময়খিনিকে
কোনে কেনেকৈ ‘খৰছ’ কৰিছে, তাৰ খতিয়ানতে জীৱনৰ মহত্ত্ব
লুকাই আছে ।
কিছু দিন আগতে আমাৰ শ্ৰীমতীৰ সহকৰ্মী ড০ মুনমুন বৰা বাইদেউৰ ঘৰলৈ
গৈছিলো, অসুখৰ খবৰ ল’বলৈ । ঘুৰি আহি ঘৰত শ্ৰীমতীয়ে কৈছিল
– “আমি জীৱনটোত কেৱল জীয়াইহে আছো, নহয় নে? তেওঁলোকে দেখিলা, কিদৰে জীৱনটো উদযাপন কৰিছে”! শ্ৰীমতীৰ এইষাৰ কথাই মইয়ো মৰ্মে মৰ্মে
উপলব্ধি কৰিছিলো । তেওঁলোকৰ ঘৰখন তেনেই সাধাৰণ। নাই কোনো আভিজাত্যৰ চিন, নাই কোনো অহংকাৰৰ চিন । বাহিৰৰ
অৱয়বত গম পোৱা নাযায় ভিতৰখন কি সম্পদৰে ভৰপূৰ। সেইখন ঘৰত আমি বিচাৰি পাইছিলো জীৱনটো
উদযাপন কৰাৰ উপাদান । চ’ৰাঘৰত আনক দেখুৱাবলৈ তেওঁলোকে বিলাসী সামগ্ৰী কিনি আনি
সজাই ৰখা নাই । অথচ নিজৰ জীপাল মনৰ পৰিসৰেৰে তেওঁলোকে সজাই-পৰাই লৈছে এটা
পঢ়া-শুনা কৰা কোঠা । কোঠাটো চাই আমাৰ মন ভৰি গ’ল । আটোমটোকাৰিকৈ ৰখা কোঠালিটোত
তিনিটামান কিতাপৰ আলমাৰি আছে। তেওঁলোকৰ ১২ বছৰীয়া ল’ৰাইও তাত এটা সৰু-সুৰা
লাইব্ৰেৰী গঢ়ি তুলিছে, য’ত সি ভালপোৱা সকলো গল্প-কবিতা-উপন্যাস
আৰু শিক্ষায়তনিক পুথি সযতনে ৰাখিছে। ভিনদেউ শ্ৰীহেমন্ত কুমাৰ শইকীয়াদেৱেও আমাক
দেখুৱালে তেওঁ কিদৰে অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কলা আৰু লোক-সংস্কৃতি
সংৰক্ষণৰ বাবে কাম কৰি গৈছে । তেওঁৰ
সম্পাদিত কিতাপবোৰ আমাক দেখুৱালে। দুই-এটি লেখা পঢ়িয়ে গম পালো, ভিনিয়ে বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈ কামবোৰ কৰিছে । আমি ক’লো -
‘আপুনি কৰা এইবোৰ কাম গৱেষণাতকৈ কোনো গুণেই কম নহয়চোন । সাউৎ কৰি Ph.D.তে নামটো লগাই নলয় কিয় ?’উত্তৰত তেওঁ যিষাৰ
কথা ক’লে সেয়াই মন ভৰি গ’ল । তেওঁ ক’লে, কিদৰে মানুহবোৰে
কেৱল দৰমহাৰ টকা বঢ়াবলৈ , চাকৰি পাবলৈ বা পদোন্নতিৰ বাবেহে
Ph.D. কৰে । তেওঁ সেইধৰণৰ চিন্তাৰ পৰা বৰ্তমানে বহু যোজন
আঁতৰত । সেই ‘ধান্দা’ত লাগি গ’লে বোলে তেওঁ কৰিবলগীয়া কামবোৰ কৰিবই নোৱাৰিব । কথাখিনিয়ে
আমাক এনে প্ৰচাৰবিমুখ নিষ্ঠাৱান মানুহৰ কৰ্মস্পৃহাৰ বিষয়ে ভাৱিবলৈ বাধ্য কৰালে ।
তাৰ পাছত তেওঁলোকৰ ল’ৰা ধুনুৰ বাবে সাজি দিয়া কোঠাটো চাবলৈ গ’লো । কোঠাটো মূলত:
সংগীত সাধনাৰ বাবে সজোৱা হৈছে । সি আমাক তিনিটামান ৰাগ শুনালে । তাৰ লগত বহি আমিও
তিনি চাৰিটা জ্যোতিসংগীত-ৰাভাসংগীত, জয়ন্ত হাজৰিকাৰ গীত
আওঁৰালো ।ভিনদেৱে আমাক দেখুৱালে কিদৰে সি তাৰ নিজৰ সঞ্চিত পইছাৰে ভিন্ন
জনগোষ্ঠীৰ লোক-বাদ্যবোৰ কিনি আনি ৰাখিছে আৰু সেয়া বজাই কিমান যে সি ৰং পাইছে । ল’ৰাটোৱে
কিদৰে কবিতা আবৃত্তি , আকস্মিক বক্তৃতা এইবোৰত যোগদান কৰি
সফল হৈছে তাৰো আমি গম ল’লো । সন্তানৰ যোগেদিয়ে যে, নিজৰ
জীৱনটো আকৌ এবাৰ ঘুৰাই পাব পাৰি, ইচ্ছা কৰিলে আমি সংসাৰৰ
ব্যস্ততাৰ কথা দোহাৰি পেলাই থোৱা কামবোৰ যে কৰি পেলাব পাৰি, তেওঁলোকে যেন তাৰেই আৰ্হি হৈ দেখুৱালে- আমাৰ এনে অনুভৱ হ’ল ।
এতিয়া আপুনিয়ে কওঁকচোন- এইযে আমি পৰিৱেশ এটা তৈয়াৰ কৰি
সৃষ্টিশীল মন এটাৰ লালন-পালন কৰিছো, জীৱনৰ সতে জড়িত
কলা-সংস্কৃতিৰ মাজত আমি নিজকে বিচাৰি পাইছো- এইবোৰেই আচল জীৱন নহয় নে ? এটা কবিতাই , এটা গীতে , এখন ছৱিয়ে , এটা নৃত্যই, এখন কিতাপে আমাক যি ৰসাস্বাদন কৰাৰ সুবিধা দিছে, পাৰিবনে সেয়া এটা আইপড-আইফোনৰ যান্ত্ৰিক শব্দই দিবলে ? যন্ত্ৰৰ পৃথিৱীয়ে পাৰিবনে আমাক মানুহৰ সতে, প্ৰকৃতিৰ
সতে, সমাজ-জীৱনৰ সতে, লোক
কলা-সংস্কৃতিৰ সতে কটোৱা সময়ৰ সমতুল্য অনুভৱ দিবলে ? আহক
–কেৱল ‘উপভোগ’ নহয়, উদযাপন কৰোঁ আমাৰ জীৱন। কংক্ৰিটৰ
পৃথিৱীত যান্ত্ৰিকতাৰ মাজত, বৈ যোৱা সময়ৰ সোঁতত আপোনাৰ জীৱনটো
নি:শ্চিহ্ন হ’বলৈ, উটি-ভাঁহি যাবলৈ এৰি নিদিব।
-- অৰুণজ্যোতি দাস,
ৰজাবাৰী, বোকাখাত । ফোন : ৯৪৩৫১৫২৭৬৮
লেখা অনুসন্ধান কৰক
Friday, May 20, 2022
জীৱনটো কিদৰে উদযাপন কৰিব ?
Subscribe to:
Comments (Atom)
আপোনাৰ জীৱনৰ সংকল্প কি?
কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...
-
হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ ...
-
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘ থ্ৰী ইডিয়টচ্ ’ ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “ মোৰ ল ’ ৰা ডাক্তৰ হ ’ ব ” বুলি ঘোষণা...
-
কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...