লেখা অনুসন্ধান কৰক
Thursday, January 22, 2026
আপোনাৰ জীৱনৰ সংকল্প কি?
কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক খুণ্ডা মাৰিব পাৰে ! বৰষুণৰ বতৰত পিচল বাটত পৰিও আপোনাৰ কঁকালটো ভাগিব পাৰে । কোনে জানে, কাইলৈ লেবৰেটৰীৰ ৰিপোৰ্টত আপোনাৰ শৰীৰৰ কোনো এটা কোণত হয়তো কেন্সাৰৰ উপস্থিতি ধৰা পৰিব পাৰে। হয় , শুনিবলৈ বৰ ভাল নলগা, বৰ আমনিদায়ক আৰু নিষ্ঠুৰ । কিন্তু এয়াই সত্য। সত্যটোক স্বীকাৰ কৰিব পৰাকৈ আপুনি কঠোৰ হওঁক। মানুহৰ জীৱনটো অতি ঠুনুকা! আজি যে উশাহ লৈ জীয়াই আছোঁ, কালিলৈ বা একেদৰে থাকিম নে নাই তাৰে গ্যেৰান্টি নাই!
জীৱনটো তেনেই চুটি। চকুৰ আগতে ১৬-১৭ বছৰীয়া ছোৱালীৰ জীৱন নি:শেষ হোৱা দেখিছোঁ, ৩০ -৩২ বছৰীয়া চফল ডেকা হেৰাই যোৱা দেখিছোঁ। পত্নীয়ে পতিক, পতিয়ে পত্নীক হেৰুওৱা দেখিছোঁ। নিজৰ পিতাক হেৰুৱাৰ বেদনাত ভুগি পাইছোঁ। এনেকি নিজৰ সন্তানৰ নিথৰ দেহ কোলাত লৈ ভাগি পৰা পিতৃ-মাতৃও দেখিছোঁ। আচৰিত হওঁ যে- এইবোৰ দেখি-শুনি, বুজিও আমিবোৰে কেৱল জীয়াই থাকোঁ। জীয়াই থাকিবৰ বাবেই জীয়াই থাকোঁ !! সৃষ্টিকৰ্তাই প্ৰতিজনকেই আনতকৈ বেলেগ অৰ্থাৎ ‘অনন্য’ কৰি জন্ম দিয়াৰ পাছতো, আমি সকলোৱেই সেই একেখিনিকেই কৰি থাকোঁ! সকলো একেই হৈ পৰোঁ ! সুন্দৰভাৱে খাওঁ,সুন্দৰভাৱে শোওঁ।স্বাস্থ্যও ঠিকে ৰাখোঁ-যাতে আৰু দুদিনমান বেছিকৈ খাৱ পাৰোঁ! অৱশ্যে এটা কথা ঠিক যে আনতকৈ কিদৰে দুপইছা বেছি অৰ্জিব পাৰোঁ, কিদৰে ভালৰো ভাল বস্তুটো ল'ব পাৰোঁ, তাৰ প্ৰতিযোগিতা কিন্তু আমি ভালদৰেই কৰিব জানোঁ । আপুনি সঁচাকৈয়ে ভাৱে নে, যে 'আনতকৈ অধিক' উপাৰ্জনেৰে অৰ্জি 'আনতকৈ অধিক আৰামদায়ক' জীৱন কটোৱাই আমাৰ জীৱনৰ উদ্দেশ্য বা বিধেয় ? অধিক আৰমামদায়ক জীৱনৰ বাবেই আমি জানো সকলোখিনি কৰি থকা নাই নে ? এই যে ভালদৰে ঘৰটো সাজোঁ, এইযে বিলাসী গাড়ী এখন লওঁ, এই যে কুলাৰ-হিটাৰ কিনোঁ, গা ধুবলৈ গৰম পানীৰ গীজাৰ কিনোঁ? সৎ পথেৰে অথৱা অসৎ পথেৰেই হওঁক, প্ৰতি মাহে মোটা অংকৰ ঘটি, অতি স্বচ্ছলভাৱে ,অতি বিলাসীতাৰে জীৱন কটাই আপুনি যদি ১০০ বছৰ বয়সতো ইহলীলা সম্বৰণ কৰে,আপুনি ভাৱে নেকি যে, আপোনাৰ জীৱনৰ মহত্বৰ কথা ভৱিষ্যতৰ প্ৰজন্মই মনত ৰাখিব বুলি ? নিশ্চয়কৈ নাৰাখে ,যেতিয়ালৈকে আপুনি আপোনাৰ জীৱনটোক 'মহান' কৰি নুতোলে!
জ্ঞানী লোকে কয় - " আমি আমাৰ মানৱ জীৱন কেৱল আৰু কেৱল মাথোঁ এবাৰৰ বাবে পাওঁ। কিন্তু সেই এবাৰেই আমাৰ জীৱনটোক অনন্য আৰু মহান কৰি সজাবলৈ যথেষ্ট" ! কিন্তু প্ৰশ্ন হয় , আমাৰ এই সাধাৰণ জীৱনটোক আমিনো কিদৰে 'অনন্য' আৰু 'মহান' কৰিব পাৰোঁ? উত্তৰটো অতি সহজ! আপুনি ভাৱি চাওঁক- আমাৰ দৰে একেই জীৱন কটাবলৈ সুযোগ পোৱা কোনকেইজন মানুহক অৰ্থাৎ মনিষীক আমি আজিও মনত ৰাখিছোঁ? কাৰ কি কি অতুলনীয় অৱদানৰ বাবে আমাৰ অসমীয়া জাতিটো, ৰাষ্ট্ৰখন বা সমগ্ৰ মানৱ প্ৰজাতিটো সভ্যতাৰ জখলাৰে আগুৱাই আহি আজিৰ এই পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হ'ল? আপুনি ভাৱি আচৰিত নহয়নে ,কুইণ্টল কুইণ্টল ওজনৰ আকাশীযানখন কিদৰে হাজাৰফুট উচ্চতাৰে পেতত মানুহ এসোপা ভৰাই ঘণ্টাত ৭০০-৮০০ কিলোমিটাৰ বেগেৰে উৰি গুছি যায়? কিদৰে চুইছটো টিপিলেই লাইটটো জ্বলি আপোনাৰ ঘৰখন,থকা ঠাইকণ পোহৰায় ? কিদৰে ঘন্টাত ২৮,০০০ কি.মি. বেগেৰে পৃথিৱীৰ চৌদিশে ঘুৰি ISS নামৰ কৃত্ৰিম উপগ্ৰহটোৱে ভূ-বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ তথ্য আহৰণ কৰে -য’ত থাকি আপুনি ২৪ ঘন্টাৰ ভিতৰতে ১৬ বাৰ সূৰ্যাস্ত আৰু ১৬ বাৰ সূৰ্যোদয় উপভোগ কৰিব পাৰে ? কেৱল যোগ-বিয়োগৰ উপৰিও, লোণ-বেংকিঙৰ বাদেও আপুনি জানি আচৰিত নহয় নে যে, সংগীতৰ তাল আৰু মহাজাগতিক তৰংগতো গণিতৰ সূত্ৰ সোমাই থাকে বুলি ? কিদৰে এখন ভাৱোদ্দীপক নাটক বা চিনেমা উপভোগ কৰাৰ বহু সময়ৰ পাছতো আপোনাৰ মনটো চিন্তাৰ আবেষ্টনীত ডুব গৈ থাকে । কিদৰে এখন ছবিয়ে বা এটা গীতেও আপোনাৰ চিন্তাক্লিষ্ট, হতাশাগ্ৰস্ত মন ত্বৰিৎ গতিৰে জগাই তুলি হঠাতে উৎফুল্লিত কৰিব পাৰে ! কিদৰে ৰবাৰ্ট ফ্ৰস্তৰ এটি কবিতাই আপোনাক প্ৰকৃতিৰ নিৰ্মল সৌন্দৰ্যত বিলীন কৰোৱাৰ লগতে ইয়াৰ নিষ্ঠুৰ আৰু ৰহস্যময় ৰূপটোকো অগ্ৰহণীয়ভাৱে উদঙাই দিব পাৰে? ভায়োলিনৰ কৰুণ সুৰে আপোনাক বুকুত কঁপনি নোতোলে নে কাহানিও ? হীৰুদাই আপোনাক এবাৰৰ বাবে হ’লেও প্ৰেমিক কৰি তোলা নাই নে কাহানিও ? বিহুৰ নাচত মতলীয়া হোৱা নাচনীৰ চেওঁ আৰু কঁকালৰ ভাঁজ দেখিলে আপোনাৰ মনে দল্ দোপ হেন্দোল দোপ নকৰে নে সঁচাকৈয়ে ? এই সকলো বিজ্ঞান , সাহিত্য , কলা-সংস্কৃতিৰ প্ৰতি আপোনাৰ অৱদান কি আপুনি এবাৰলৈও ভাৱি চাইছে নে?
আমি সকলোৱে সদায়ে কৰিব পৰা এটা সাধাৰণ কাম কৰিও দেখোন আমাৰ মাজৰে হিমা দাসে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নাই নে ? ড° ৰুবুল মাউতে বজাৰত শাক-পাছলি বিক্ৰি কৰি, ৰাস্তাৰ বনুৱা হিচাপে কাম কৰি সাধাৰণ এখন অসমীয়া গাৱঁৰ পৰাই গৈ আজি বিশ্বখ্যাত হাৰ্ভাৰ্ড মেডিকেল স্কুলত গৱেষণাৰে খলকনি তোলা নাই নে ? জিতেন্দ্ৰ নাথ গোস্বামীয়ে এই অসমৰ বতাহ পানী খায়েই চন্দ্ৰযান অভিযানৰ গুৰি ধৰিব পৰা হোৱা নাই নে? এইখন অসমতেই দেখোন দাদাচাহেব ফাল্কে বটা পোৱা , জ্ঞনপীঠ বটা পোৱা সাহিত্যিক-গীতিকাৰে জনম লোৱা নাই নে? এই সকলোবোৰৰ পৰা,তেওঁলোকৰ জীৱনগাঁথাৰ দ্বাৰা আপুনি অনুপ্ৰেৰিত হওঁক, অনুৰণিত হওঁক । নিজৰ সত্ত্বা, নিজৰ অস্তিত্বক অন্ত:ত এবাৰলৈ অনুভৱ কৰক, অনুধাৱন কৰক । আৰু আমাৰ বিশ্বাস, যিদিনাই আপুনি আপোনাক বিচাৰি পাব, সিদিনাৰে পৰা এই সুন্দৰ পাৰাপাৰহীন পৃথিৱীত আপোনাৰ পুনৰ্জনম হ’ব। আৱিষ্কাৰ কৰিব পাৰিব এই বৃহত্তৰ, সৌন্দৰ্যপূৰ্ণ , অবাক মায়াৰে ভৰপূৰ এই পৃথিৱীত আপোনাৰ অস্তিত্বৰ মূল্য কিমান ! আৱিষ্কাৰ কৰিব পাৰিব, আপোনাৰ কাম-কাজে, সৰু সৰু পদক্ষেপেই কিদৰে পৃথিৱীৰ ৰূপ সলাই পেলাব পাৰে । কিদৰে হাঁহি বিৰিঙিব পাৰে -হাজাৰজন নি:কিনৰ মুখত , কোটিজন বিশ্ববাসীৰ মুখত । অতি সৰু যেন লগা, অতি নিৰৰ্থক যেন লগা আপোনাৰ জীৱনটিও অন্য হাজাৰজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে ! এনে এটা সপোনৰ আঁত-ধৰোঁতা, আৰু তাত সাৰ-পানী দি সপোনটোক সাকাৰ কৰিবলৈ উচতনি দিয়া মানুহ কিন্তু আন কোনো নাই , তেনে কোনো মানুহো নহয় আপোনাৰ মা-দেউতা, অঙহী-বঙহী । সকলো শক্তিৰ উৎস হ’ব লাগিব কেৱল আৰু কেৱল আপুনিয়েই । মনত ৰাখিব, আপুনি মই কৰিব পৰা একেটা কাম অতি সহজভাৱে কৰি হিমা দাসে একে ৰাতিতে ‘হিমা দাস’ হোৱা নাই । তাৰ বাবে কঠোৰ সাধনা , কঠোৰ অধ্যৱসায় আৰু এটা দৃঢ় মনোবাঞ্চাৰ প্ৰয়োজন । আপোনাৰ মনৰ শক্তিক অৱহেলা নকৰিব। মনৰ দুৰ্দান্ত ইচ্ছাৰেই পৃথিৱীত বিকলাংগ হৈয়ো স্টিফেন হকিংছে ব্ৰহ্মাণ্ড সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিছিল । হাত আৰু ভৰি নোহোৱাকৈ জন্ম হোৱা নিক ভুজিচিক বিশ্ববিখ্যাত গ্ৰন্থলেখক আৰু অনুপ্ৰেৰণাদাযী বক্তা হ’ব পাৰিছে । আনন্দ আৰ্ণল্ড নামৰ লুধিয়ানাৰ ব্যক্তিজন, যি কঁকালৰ কেন্সাৰৰ বাবে হুইল-চেয়াৰৰপৰা উঠিব নোৱাৰে , তেওঁও শৰীৰ-চৰ্চাত বিশ্বখ্যাত খিতাপ অৰ্জন কৰিব পাৰিছে যাৰ জীৱন-বিষয়ক কাহিনী আমেৰিকান লেখকে লিখি উলিয়াইছে । সৃষ্টিকৰ্তাই এটা সুস্থ-সৱল মস্তিষ্ক আৰু শৰীৰ দিয়াৰ পাছতো আমি কি কৰি আছোঁ- এবাৰ চিন্তা কৰি চাইছে নে ?
যদিও মাইলৰ খুটা বুলিবলৈ আমাৰ ওচৰত নতুন ‘বছৰ’, নতুন ‘মাহ’, আৰু নতুন ‘সপ্তাহ’ আছে , আমাৰ বোধেৰে সেই জ্ঞানবোধ উদয়ৰ বাবে , কোনো এটা লক্ষ্য বা উদ্দেশ্যৰ প্ৰতি ধাৱমান হ’বলৈ আমাক কোনো এটা নিৰ্দিষ্ট ‘শুভাৰম্ভণিৰ দিন’ৰ প্ৰয়োজন নাই । শুভ কাম আৰম্ভ কৰিবলৈ আজিয়েই, এই ক্ষণেই শুভ ক্ষণ! মোবাইলটো যদি চাইছে, চাওঁক! কিন্তু সময়ৰ অপব্যৱহাৰ নকৰিব । কিবা এটা শিকিবৰ বাবে, জানিবৰ বাবে তাক ব্যবহাৰ কৰক । অৱশ্যে ‘আজিৰেপৰাই মই কেৱল ফলপ্ৰসূ আৰু উৎপাদনমুখী কামহে কৰিম’ বুলি প্ৰতিজ্ঞা লোৱাটোও মুৰ্খামী হ'ব । কাৰণ সুস্থ মানসিক সন্তুলনৰ বাবে আমাক মনোৰঞ্জনৰো প্ৰয়োজন । সমাজৰ পৰাও আঁতৰি নাযাব , কাৰণ সুস্থ সামাজিক পৰিৱেশতহে সুস্থ চিন্তাই ঠাই পায় ।
আপুনি যদিহে কৰ্মৰত, তেন্তে আপুনি আপোনাৰ কৰ্মক নিয়াৰীভাৱে কৰিও সমাজলৈ সেৱা আগবঢ়াব পাৰে । অফিচৰপৰা আহিও যদি দুটা ল'ৰাক দুটা অংক শিকাই দিয়ে ,সেয়াও আপোনাৰ মহান জীৱনৰে এটা ক্ষুদ্ৰতম প্ৰয়াস! আপুনি যদিহে এজন চিকিৎসক, সপ্তাহত এটা দিন দুখীয়া নিচলাক বিনামূলীয়াকৈ সেৱা কৰাটোৱেও আপোনাৰ জীৱনৰ মহানতাকে সূচাব। নৃত্য-গীত,চাৰুকলা-কাৰুকলা,লিখা-মেলা, খেলা-ধূলা ইত্যাদিত যদি আপোনাৰ প্ৰতিভা আছে বা আপোনাৰ মন আছে- তেন্তে তাৰ কৰ্ষণ কৰি চৰ্চা কৰা আৰু সেই বিষয়ত অধিক অধ্যয়ন কৰি সুন্দৰ সৃষ্টিকৰ্মত ব্যস্ত হোৱাটোও একপ্ৰকাৰৰ অৰ্থপূৰ্ণ জীৱনৰে পৰিচয় । পৰিৱেশৰ প্ৰতি সচেতন হোৱা, সমাজসেৱাৰে সামাজিক চেতনা জাগ্ৰত কৰা ,সমাজত একতাৰ ভাৱ সঞ্চাৰ কৰা তথা বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটোৱাও এটি সুন্দৰ জীৱনবোধৰ উদাহৰণ! আপোনাৰ পিছে সংকল্প কি ?
—------------------------------------------------------০০০—------------------------------------------------------
Subscribe to:
Post Comments (Atom)
আপোনাৰ জীৱনৰ সংকল্প কি?
কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...
-
হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ ...
-
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘ থ্ৰী ইডিয়টচ্ ’ ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “ মোৰ ল ’ ৰা ডাক্তৰ হ ’ ব ” বুলি ঘোষণা...
-
কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...
No comments:
Post a Comment