লেখা অনুসন্ধান কৰক

Monday, April 25, 2011

মাতৃভাষা সজাগতা

বৰ্তমানৰ সমাজৰ আদ‌ৱ-কায়দাবোৰ দেখি-শুনি-বুজি অসমীয়া ভাষাটোক সকলো‌ৱেই যে বেপেৰু‌ৱা ভংগীৰে ব্য‌ৱহাৰ কৰিবলৈ লৈছে এই কথা আপোনাস‌ৱে ইতিমধ্যেই বুজি উঠিছে ।দু:খ প্ৰকাশ কৰিছো যে এই বিষয়ে হাঁ-হুমুনিয়াহ কঢ়াৰ বাদে অন্য কোনো উপায় সুধীবৃন্দই বিচাৰি পো‌ৱা নাই।
কিয়,আপোনাসবেই দেখোন সক্ৰিয় অংশগ্ৰহণ কৰি মাতৃভাষাৰ উদ্ধাৰ অভিযানত অৰিহণা যোগাব পাৰে ।
মই প্ৰস্তা‌ৱ আগবঢ়াওঁ, আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাটোৰ ক্ষেত্ৰত অলপ হ’লেও সজাগ হওঁ আহক!আনৰ ভুল উচ্চাৰণ/বাক্য গাঁঠনি/অশুদ্ধ শব্দৰ ব্য‌ৱহাৰ/প্ৰলাপ ইত্যাদি দেখিলে অনতিপলমে শুধৰাই দিয়ক। যদিহে তেওঁ আপোনাৰ দৰেই স্বদেশপ্ৰেমী,তেওঁ কেতিয়াও তাৰ বাবে বেয়া নাপায়।বাতৰি-কাকত/অনাতাঁৰ/দূৰদৰ্শনত ভুল অসমীয়া দেখিলে অযথা মূৰ ঘমো‌ৱাৰ পৰি‌ৱৰ্তে সংশ্লিষ্টসকলক টেলিফোনযোগে শুধৰাবৰ বাবে অনুৰোধ কৰক ।এনেদৰে আজি আপুনি কৰিব,কাইলৈ আন এজনে যেতিয়া কৰিবলৈ ল’ব,বাতৰি-কাকত/দূৰদৰ্শনৰ বিভাগীয় কৰ্তৃপক্ষই এদিন ভা‌ৱিবলৈ বাধ্য হ’ব যে তেওঁলোকৰ আলাসতে চাউল মোকলো‌ৱাৰ দিন উকলিল,অনাগত দিনত ভাষাৰ প্ৰতি সজাগ নহ’লে তেওঁলোকৰ চাকৰি তথা ব্য‌ৱসায় চলো‌ৱাৰ ক্ষেত্ৰত হেঙাৰৰ সমুখীন হ’ব পাৰে ।
এই বিষয়ে আপুনি লিখা মেলা কৰিবলৈ আজিয়েই আৰম্ভ কৰক ।যদিহে আপুনি সাহিত্য ৰচনাৰ ক্ষেত্ৰত অনভ্যস্ত,তথাপিও আপুনি লিখিবলৈ ভয় নকৰিব,আপোনাৰ মনৰ কথা মাথো নিজৰ মাতৃভাষাত প্ৰকাশ কৰিব লাগে,যিটো আপোনাৰ বাবে তেনেই সহজ!
সামাজিক গোটবন্ধক জালস্থানৰ যদি আপুনি সদস্য,তাতো আপোনাৰ স্থিতি সবল কৰি তোলক।
এনে এটা আন্দোলন বা সজাগতা সৃষ্টি কৰাটো তেনেই সহজ,যদিহে আপুনি,কে‌ৱল আপুনি আজিয়েই সজাগ হয় ।আঁহক,আমি শুদ্ধ অসমীয়া ভাষা কওঁ,লিখো আৰু প্ৰচাৰ কৰো।

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...