লেখা অনুসন্ধান কৰক

Tuesday, July 19, 2011

‘জী‌ৱন’

মানুহ পঢ়িব শিকিছো
কৰুণ মুখবোৰ সঁচা নে মিছা
ওঁঠৰ হাঁহিবোৰ আচল নে সজা
...জুখি চাব খুজিছোঁ ।

ফুলবোৰ ফুলি উঠা
ৰঙীন ছবিখন
কেমেৰাবদ্ধ মৰিচিকা নে বাগিছা
চাকি চাবলে’ শিকিছোঁ ।

ৰামায়নৰ কাহিনীটো
মহাভাৰতৰ খেলখন
আকৌ পঢ়িছোঁ
আকৌ সুধিছোঁ
কিমান দূৰলৈ সত্য
ব্যাস-বাল্মীকী
আজিৰ ৰত্নাকৰ-

শুবলৈ নিদিয়া গানটো
বুকুত সোমো‌ৱা গৰখীয়া বাঁহীটো
যন্ত্ৰবৎ নে স্বাভা‌ৱিক
কাণ পাতি শুনিছোঁ

মৃত-ঘোষিত মানুহজন
জী‌ৱিত নেকি
হৃদয়ৰ শ‌ৱদেৰে সুধিছোঁ
তিৰবিৰ সাজ দেখি
পৰী বুলি ভ্ৰম ভাঙিছোঁ ।

মানুহ পঢ়িব শিকিছোঁ
সপোন নহয়,বাস্ত‌ৱ দেখিছোঁ-
শিশুৰ মুখৰ হাঁহিটো,
স্বত:স্ফূৰ্ত কৰিব খুজিছোঁ ।।

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...