লেখা অনুসন্ধান কৰক

Monday, November 10, 2014

এজন অসমীয়া চিকিৎসকৰ সু-কৰ্ম



আমাৰ দেশত বৰ্তমানেও অন্ধবিশ্বাস আৰু কু-সংস্কাৰে এনেদৰেই সমাজখন ছানি ধৰি আছে যে আজিৰ এই বিজ্ঞানৰ যুগতো অসমীয়া বহু লোকে বেজ-তান্ত্ৰিকৰ জৰা-ফুঁকাৰে ৰোগ নিৰাময় হো‌ৱাৰ আশা কৰে আৰু এইদৰে সু-চিকিৎসাৰ অভা‌ৱত ইতিমধ্যেই বহুজনে প্ৰাণ হেৰু‌ৱাবলগীয়া হৈছে । সেয়েহে আধুনিক চিকিৎসা-বিজ্ঞানৰ ন ন আ‌ৱিষ্কাৰ আৰু ৰোগ নিৰাময়ৰ প্ৰমাণিত পথ্যসমূহৰ বিষয়ে জনাটো আমাৰ প্ৰতিজন নাগৰিকৰে বাবে প্ৰয়োজনীয় । কিন্তু সকলো মানুহৰে নতুন চিকিৎসা-প্ৰযুক্তিৰ সতে চিনাকী হো‌ৱা আৰু তাৰ ব্য‌ৱহাৰৰ সুযোগ লো‌ৱাটো সিমান এটা সহজ কথাও নহয় । কাৰণ আজিকালি সু-চিকিৎসাৰ বাবেও যথেষ্ঠ টকা-পইচাৰ আ‌ৱশ্যক হয় ।
       
এনেক্ষেত্ৰত সেয়েহে আমি নিজকে যিকোনো ৰোগৰপৰা বচাই ৰাখিবলৈ বা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ সেই ৰোগটোৰ কাৰণ বা প্ৰতিৰোধৰ বাবে ল’বলগীয়া সা‌ৱধানীয়তাখিনি জানি থো‌ৱাটো খুবেই ভাল কথা । তাৰোপৰি কিছুমান ঘৰু‌ৱা স্বাস্থ্যসন্মত অভ্যাস বা নীতি-নিয়মেও যে বহু ৰোগৰপৰা আমাক বচাই ৰাখিব পাৰে সেয়াও সঁচা । কিন্তু এই গোটেই কথাবোৰ জানিব ক’ৰপৰা ? নিশ্চয় আপোনাক কোনো এজন ডাক্তৰেই এই কথাবোৰ ক’ব লাগিব । ইয়াৰ বাবে টকা ভৰি ডাক্তৰৰ চেম্বাৰলৈ এতিয়া নগ’লেও হ’ব । কাৰণ, এজন অসমীয়া ডাক্তৰে এতিয়া এনে চিকিৎসা তথা স্বাস্থ্যৰক্ষা সম্বন্ধীয় সকলো প্ৰয়োজনীয় তথ্য দাঙি ধৰিছে আপোনাৰ মোবাইলতে পাব পৰাকৈ সম্পূৰ্ণ বিনামূলীয়াভা‌ৱে ।
      
ইং ২০১২ বৰ্ষৰপৰাই অসমীয়া ভাষাত (য়ুনিকোডত) ইন্টাৰনেটৰ যোগেৰে স্বাস্থ্য সম্বন্ধীয় অজস্ৰ প্ৰ‌ৱন্ধ লিখি প্ৰচাৰ কৰি আহিছে শি‌ৱসাগৰৰ কালুগাঁৱত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰ‌ৱাসী অসমীয়া ডাক্তৰে । নাম তেওঁৰ ডা০ ভূপেন্দ্ৰ শইকীয়া । অতি সঘনাই হৈ থকা সাধাৰণ বেমাৰ-আজাৰ সমূহৰ পৰা আৰম্ভ কৰি নকৈ আৱিষ্কৃত বেমাৰলৈকে, চিকিৎসা-বিজ্ঞানৰ ন ন চিন্তা-চৰ্চাৰ লগতে অসমত উপলব্ধ ঘৰু‌ৱা পথ্যসমূহৰ কথাকো সামৰি সকলো দিহা-পৰামৰ্শ আপুনি পঢ়িবলৈ পাব ডা০ শইকীয়াৰ লেখাৰ জৰিয়তে । এই লেখাসমূহ আপোনাৰ মোবাইলতে আপুনি পঢ়িব পাৰিব www.xahitya.org  নামৰ ‌ৱেবচাইটযোগে । এই ‌ৱেবচাইটটো হৈছে উচ্চ মানবিশিষ্ট এখন অসমীয়া মাহেকীয়া ই-আলোচনী  যাৰ বিভিন্ন শিতানত নতুন লেখকসমূহৰ নিৰ্বাচিত লেখা প্ৰকাশিত হয় । ডা০ শইকীয়াদে‌ৱৰ  স্বাস্থ্যৰক্ষা আৰু ভ্ৰমণ-বিত্তান্ত সম্বন্ধীয় প্ৰায় অৰ্ধ-শতাধিক লেখা  এই আলোচনীখনিত প্ৰকাশিত হৈছে ।
      
উল্লেখ কৰিব পাৰি যে ডা০ শইকীয়াদে‌ৱ এজন প্ৰাক্তন কটনিয়ান । তেখেতে অসম মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী, গু‌ৱাহাটী মেডিকেল কলেজৰপৰা MD ডিগ্ৰী, আৰু ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডপৰা DTM ডিগ্ৰী লাভ কৰে ।  বৰ্তমানে তেওঁ সুদূৰ কাটাৰৰ ৰাজধানী ডোহাত মেডিচিন বিভাগৰ বিশেষজ্ঞ ( Internal Medicine Specialist ) হিচাপে কৰ্মৰত । চিকিৎসা-সে‌ৱাৰ লগতে সমাজসে‌ৱাকো জী‌ৱনৰ অন্যতম মহৎ উদ্দেশ্য হিচাপে লো‌ৱা ডা০ শইকীয়াদে‌ৱ কাটাৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আৰু প্ৰ‌ৱাসী অসমীয়াসকলৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত আগৰণু‌ৱা । মেডিচিন আৰু ট্ৰপিকেল মেডিচিন বিভাগৰ বিশেষজ্ঞ শইকীয়াদে‌ৱ কাটাৰৰ ‘অসম সমাজ’ৰো প্ৰতিষ্ঠাপক সভাপতি । কাটাৰৰ সমাজ-ব্য‌ৱস্থা,চিকিৎসা-ব্য‌ৱস্থা,আৰ্থ-সামাজিক অ‌ৱস্থা ইত্যাদিৰ বিষয়ে অ‌ৱগত কৰি ডা০ শইকীয়াদে‌ৱে ‘কাটাৰৰ ডায়েৰী’ নামেৰে এখন গ্ৰন্থও ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে ।

আমাৰ ৰাইজৰ বাবে আৰু এটি ভাল খবৰ এয়ে যে , ডা০ শইকীয়াদে‌ৱে কৰ্মজী‌ৱনৰ ব্যস্ততাৰ মাজতো সময় আৰু সুবিধা মিলাই বিনামূলীয়াভা‌ৱে বিভিন্ন ৰোগৰ চিকিৎসা তথা স্বাস্থ্যৰক্ষাৰ পৰামৰ্শ আগবঢ়ায় । বিগত কেইবাবছৰ ধৰি তেখেতে মেঘালয়,অসম বা ভাৰতৰে অন্য ঠাইৰ বহুগৰাকী লোকক ইতিমধ্যে ফোনযোগেৰে চিকিৎসাৰ সু-পৰামৰ্শ আগবঢ়াই আহিছে । তদুপৰি ফেচবুক বাৰ্তাৰ জৰিয়তে তেওঁ বন্ধু-বান্ধ‌ৱৰ সতে নিয়মিত ভা‌ৱ-বিনিময় কৰি আহিছে। তেখেতৰ ফেচবুকৰ ঠিকনাটো হৈছে – https://m.facebook.com/dohabhupen  তেখেতৰ লেখা সমূহ ফেচবুকৰ ‘অসমীয়াত কথা বতৰা’ নামৰ গোটটোতো আপোনালোকে পঢ়িব পাৰিব ।

যিসময়ত ডাক্তৰসকলে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰপৰা উপঢৌকনৰ আশাত নিম্ন মানৰ দৰ‌ৱকো ৰোগীৰ পথ্য হিচাপে লিখি দি‌ৱলৈ কুন্ঠাবোধ নকৰে,  কে‌ৱল ধন উপাৰ্জনৰ নামত ব্যস্ত হৈ নাৰ্চিং-হোমৰ ব্য‌ৱসায় খোলা দেখা যায়, তেনে সময়ত এজন সুশিক্ষিত ডাক্তৰৰ এনে স্বদেশপ্ৰীতি আৰু সমাজসে‌ৱা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হো‌ৱা উচিত । ডা০ শইকীয়াদে‌ৱৰ দীৰ্ঘায়ু কামনা কৰিলো ।

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...