লেখা অনুসন্ধান কৰক

Friday, February 20, 2015

ভাল খ‌ৱৰৰ সন্ধানত




“দেউতা, ‘বলাৎকাৰ’ মানে কি ?”-আখৰ জোঁটাই পঢ়িব পৰা হো‌ৱা কণমানি ছো‌ৱালীজনীয়ে দৈনিক বাতৰি-কাকতখনৰ শিৰোনামাবোৰ পঢ়ি উঠি সোধে । ফুলৰ পাপৰি দেখি মুগ্ধ হো‌ৱা, পখিলাৰ পিছে পিছে উৰি ফুৰিব খোজা নিৰ্মল মনৰ শিশুটিক আজি পৃথি‌ৱীৰ অন্ধকাৰ কুৎচিৎ ৰূপটোৰ স’তে  চিনাকী কৰি দিছে দৈনিক বাতৰি-কাকতখনে, যিখন কাকতকেই দিনটোত এবাৰ চকু ফুৰাবলৈ আমাৰ মা-দেউতাই আমাক এসময়ত উৎসাহিত কৰিছিল । তেওঁলোকে আমাক উমান ল’বলৈ শিকাইছিল - কেনেকৈ দেশ-বিদেশৰ নানান নজনা কথা কাকতখনে দৈনিক আমাৰ চকুৰ আগত দাঙি ধৰে। স্বদেশৰ অৰ্থনীতি, বৈদেশিক নীতি, ৰাজনীতি আৰু সমগ্ৰ পৃথি‌ৱীখনৰে আও-ভাও ল’বলৈ বাতৰি-কাকতখনেই আমাৰ পথ প্ৰদৰ্শক আছিল । ‘বাঁহী’, ’ৰামধেনু’ৰ যুগত হেনো সাহিত্য সৃষ্টিৰ পথাৰ আছিল কাকতসমূহেই । লিখোতাই লিখাৰ মঞ্চ পাইছিল আৰু পঢ়োতাই তাৰ অমিয়া সুবাস লৈ মন-প্ৰাণ জুৰ পেলাইছিল । কিন্তু আজিৰ দিনত কি হৈছে? আজি আপুনি বাতৰি-কাকতখন আপোনাৰ ল’ৰা বা ছো‌ৱালীক পঢ়িবলৈ দিবলৈ মন যায় নে ?
যো‌ৱা কিছুদিনৰপৰা বাতৰি-কাকত এটা বিশেষ উদ্দেশ্যৰে পঢ়িবলৈ লৈছো । সেয়া হৈছে কাকতৰ পৃষ্ঠাত ভাল খবৰৰ সন্ধান কৰা। গতিকেই ওপৰে ওপৰে হ’লেও অসমৰ পৰা প্ৰকাশিত হো‌ৱা প্ৰায় আটাইকেইখন কাকততেই দৈনিক চকু ফুৰো‌ৱা হয়। পিছে হতাশ হওঁ, ‘ভাল খবৰ’ কাচিৎহে বিচাৰি পাওঁ । সমগ্ৰ পৃষ্ঠাজুৰি অসমৰ কাকতত প্ৰকাশ হয় কে‌ৱল ভাল নলগা খবৰ । আজিৰ দিনত অসমৰ সকলো ঠাইতে সঘনাই ঘটি থকা হত্যা, হিংসা, বানপানী, নাৰী নিৰ্যাতন, যৌন উৎপীড়ণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা, চুৰি-ডকাইতি, প্ৰ‌ৱঞ্চনা, লুট-পাত, আন্দোলন, অসম-বন্ধ, পথ-অ‌ৱৰোধ, গড়া খহনীয়া, ৰাজনীতিৰ লুটি-বাগৰ -- এই খবৰবোৰেই বৰ বৰ হৰফেৰে স্থান লাভ কৰে দৈনিক সংবাদপত্ৰৰ পৃষ্ঠাত । সংবাদদাতাসকলো নিৰূপায় । যি ঘটনা দেখিছে, শুনিছে- সেই ঘটনাবোৰৰেই প্ৰতিবেদন তেওঁলোকে  দিব লাগিব । আচলতে আমাৰ দু:খৰ বিষয় এয়েই যে, অসমত বৰ্তমানে ভাল ঘটনা ঘটাই নাই ! অৰ্থাৎ ক’ব পাৰি যে ভাল খবৰৰ যোগান দিবলৈ আমাৰ অসমত কোনোধৰণৰ ইতিবাচক পদক্ষেপ কোনেও হয়তো লো‌ৱাই নাই বা লৈছে যদিও সি এপাছি শাকত এটা জালুকৰ দৰে হৈ চকুত পৰা হো‌ৱাগৈ নাই ।   
এতিয়া কথা হ’ল , এই ‘ভাল খবৰ’ মানে নো কি ? কিয় লাগে আমাক ভাল খবৰ ? ইয়াৰ উত্তৰত ক’ব লাগিব যে মানুহৰ মনটো হৈছে এনে এক অপাৰ্থি‌ৱ কাৰক, যিয়ে এজন মানুহৰ চিন্তা-চৰ্চা আৰু কাম-কাজক প্ৰত্যক্ষভা‌ৱে প্ৰভা‌ৱান্বিত কৰে । আৰু এই মনটোক কেনেদৰে এজন মানুহে সাৰ-পানী দি গঢ়ি তোলে তাৰে ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ ৰুচী-অভিৰুচী, পছন্দ-অপছন্দ তথা নিৰ্দিষ্ট কাম-কাজৰ প্ৰতি ইচ্ছা-অনিচ্ছা আদি বিভিন্ন গুণাগুণ । সামগ্ৰিকভা‌ৱে ক’ব পাৰি যে সুৰুচীসম্পন্ন আৰু সুস্থ তথা মান‌ৱতাবাদী মানসিকতাৰ এজন মানুহ গঢ়িবলৈ হ’লে আমি প্ৰথমে মানুহজনৰ ‘মন’টোক সুস্থ উপাদানেৰে ভৰপূৰ কৰিব লাগিব । এই ‘মন’টো আকৌ বিকশিত হয় আমাৰ পঞ্চ ইন্দ্ৰিয়ই অনুভ‌ৱ কৰা চৌপাশৰ  বাতা‌ৱৰণৰপৰা । সৰুৰেপৰা লেতেৰা, অস্বাস্থ্যকৰ পৰি‌ৱেশৰ মাজত ডাঙৰ হো‌ৱা শিশু এটাই যিদৰে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বুজি নাপায়, সেইদৰে সদায় হিন্দীগীত শুনি থকা কিশোৰজনেও অসমীয়া থলু‌ৱা গীত এটা শুনিবলৈ বৰ বিশেষ ইচ্ছা প্ৰকাশ কৰা দেখা নাযায় । ঠিক সেইদৰেই, এই কথা কোনেও অস্বীকাৰ কৰিব নো‌ৱাৰে যে, প্ৰকৃতিৰ নিৰ্মল স্বাভা‌ৱিক ৰূপে হাজাৰ ভা‌ৱৰ বুৰবুৰণি তুলিব পৰাকৈ যিকোনো মানুহকে  ৰোমাঞ্চিত কৰে। সংগীতৰ সুমধুৰ লহৰে আমাৰ অ‌ৱসাদ আৰু দুশ্চিন্তা দূৰ কৰি দেহ-প্ৰাণ জুৰ পেলায় অথবা ভাল ছ‌ৱি বা দৃশ্য এটি দেখিলে আমাৰ মনত প‌ৱিত্ৰ ভা‌ৱৰ সৃষ্টি হয়। এইবোৰ আমি সদায় অনুভ‌ৱ কৰি আহিছো । গতিকেই ক’ব পাৰোঁ যে , সদায় যদি আমি চৌদিশে কে‌ৱল কটা-মৰা, হতাহতি, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথাই দেখি থাকোঁ বা শুনি থাকোঁ, তেন্তে তাৰো কুফল নিশ্চয় আমাৰ মানসিকতাত পৰিব । হয়তো আমাৰ মগজু‌ৱে এই ভাল নলগা কুসংস্কাৰ, কুকৰ্মবোৰকে এটা সময়ত স্বাভা‌ৱিক পৰিঘটনা বুলি মানি ল’বলৈ বাধ্য হ’ব । এইবোৰৰ বিৰুদ্ধে যে আমি মাত মাতিব লাগে, এনে ঘটনাৰ পুণৰাবৃত্তি হো‌ৱাটো ৰোধিব লাগে, সেই কথাও হয়তো আমাৰ মনে নামানিব । তাতোকৈ ডাঙৰ কথা, পৃথি‌ৱীৰ ভিন্ন কোণত নানানজন মনোবিজ্ঞানী আৰু সমাজ-তত্ত্ববীদে জৰীপ তথা অধ্যয়ন কৰি ইতিমধ্যেই এই কথাৰ  উপযুক্ত প্ৰমাণ পাইছে যে সদায় চকুৰ আগত জঘন্য অপৰাধ, অসামজিক কাণ্ড-কলাপ ইত্যাদি সংঘটিত হৈ থকা দেখি থাকিলে আমাৰ মগজু‌ৱে হেনো লাহে লাহে ইতিবাচক চিন্তা কৰিব পৰাৰ ক্ষমতা হেৰু‌ৱাবলৈ লয় । ই এটা অতি শংকাদায়ী বিষয় । ভয় হয় --  ৰাজনীতিৰ খো‌ৱা-কামোৰা, মেৰপাক, শোষণ-নিপীড়ণৰ এই পাকচক্ৰৰ পৰা নিজকে বচাই ৰাখি যি কেইজনমান মুষ্টিমেয় লোকে অসমত বৰ্তমানেও ভাল কাম কৰিছে বা ভাল কথাৰ আলোচনা কৰিছে, সেইকেইজনো হয়তো অদূৰ ভ‌ৱিষ্যতে এনে প্ৰাকৃতিক বিপৰ্যয়ৰ বলি হ’বলৈ বেছি পৰ নাই ।
আমাৰ দৃষ্টিৰে, যোগাত্মক চিন্তা-চৰ্চাৰে দেশ আৰু দহৰ মংগলৰ অৰ্থে হাতত লো‌ৱা যিকোনো কামেই হৈছে ‘ভাল-খবৰ’ৰ উৎস । লাগিলে সেয়া দেশৰ অৰ্থনীতি, বিজ্ঞান, সাহিত্য, খেলজগত, সংস্কৃতি, সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওঁক । ৰাজ্যখনলৈ গৌৰ‌ৱ কঢ়িয়াই অনা প্ৰতিটো কৃতিত্বও এনে ভাল খ‌ৱৰৰ একোটাহঁত নিদৰ্শন । যি বাতৰিয়ে অন্য হাজাৰজন অসমীয়াৰ প্ৰাণলৈ আশাৰ সঞ্চাৰ কৰিব পাৰে, নতুন উদ্যম যাঁচিব পাৰে, কঁকালত টঙালী বান্ধিবলৈ উদ্বুদ্ধ কৰাব পাৰে, সেয়াই হৈছে ‘ভাল খবৰ’ । ক’বলৈ পাই অতি গৌ‌ৰ‌ৱ অনুভ‌ৱ কৰিছোঁ যে, এই একেখন অসমতে এতিয়াও কিন্তু ন ন ভাল খবৰ দিওঁতা কিছুসংখ্যক অসমীয়াই অতি নিষ্ঠা সহকাৰে নিজৰ কাম কৰি আছে । উদাহৰণ স্বৰূপে ল’ব পাৰি যাদ‌ৱ পায়েঙৰ নাম । তেখেতে কে‌ৱল ব্যক্তিগত প্ৰচেষ্টাৰে ৫৫০ হেক্টৰ জোৰা এখন  বনাঞ্চল গঢ়ি তুলি বিশ্ববাসীৰ ওচৰতে সমাদৃত হৈছে । ভাৰতীয় মহাকাশ গ‌ৱেষণা কেন্দ্ৰত কৰ্মৰত অসমৰ সু-সন্তান জীতেন্দ্ৰ নাথ গোস্বামীদে‌ৱে চন্দ্ৰযানৰ উৎক্ষেপনৰ ক্ষেত্ৰত প্ৰযুক্তিগত বৰঙণি আগবঢ়াইছে । সেয়াও এক গৌৰ‌ৱৰ বিষয় । এলেন দেউৰী, দুৰ্গা বড়ো, হলিচৰণ নাৰ্জাৰীহঁতে ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলি অসমৰ ন-শিকাৰুসকলৰবাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । ইন্টাৰনেটৰ জগততো বহুজনে ইতিমধ্যে অসমীয়া ভাষা সংস্কৃতিৰ সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি আছে । সত্যকাম দত্ত আৰু তেওঁৰ বন্ধুবৰ্গই মিলি www.sakori.org যোগে বিনামূলীয়াকৈ নিয়োগ-বাতৰিৰ সম্প্ৰচাৰ কৰি আহিছে । সেইদৰে www.xahitya.org  ‌ৱেবচাইটযোগে ন অসমীয়া লেখক-লেখিকাক উৎহাসিত কৰা হৈছে । www.bigyan.org আৰু www.gonitsora.com  ‌ৱেবচাইটৰ যোগেদি আন কেইজনমানে আকৌ অসমীয়া ভাষাত বিজ্ঞানমূলক প্ৰ‌ৱন্ধৰ প্ৰচাৰ কৰি আহিছে । www.xobdo.org ‌ৱেবচাইটে অনলাইন অসমীয়া অভিধান ইন্টাৰনেটত উপলব্ধ কৰিছে । হিমজ্য‌োতি তালুকদাৰে বিভিন্ন পুৰণি অসমীয়া গীত,নাট,ছবি তথা চলচ্চিত্ৰৰ সংগ্ৰহালয় গঢ়ি ইন্টাৰনেট যোগে পৃথি‌ৱীৰ প্ৰতিটো কোণতে পাবপৰাৰ ব্য‌ৱস্থা কৰিছে । য়ুনিকোডৰ ব্য‌ৱহাৰৰেৰে কম্পিউটাৰ আৰু মোবাইল ফোনত অসমীয়া লিখিব পৰা কৰাত অৰিহণা যোগাইছে গুণদীপ চেতিয়া,মৃদুল কুমাৰ শৰ্মা,মৃন্ময় কুমাৰ নাথ,বিতোপন দাস, আজিজুল হক, বনজিৎ পাঠকৰ দৰে বহুকেইজন সমল ব্যক্তিয়ে । ‘গিলি নেভন’ নামৰ ইজৰাইলী গ‌ৱেষক  ছাত্ৰীগৰাকীয়ে ‘আমাৰ মাজুলী’ নামৰ বেচৰকাৰী স্বেচ্ছাসে‌ৱী অনুষ্ঠানটোৰ জৰিয়তে মাজুলীৰ থলু‌ৱা জনজাতীয় যু‌ৱক-যু‌ৱতীক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ দিয়াই কৰ্মক্ষম কৰি তুলিছে  । গৌৰাংগ মোহন শৰ্মা আৰু বুলজিৎ বুঢ়াগোহাঁঞিৰ দৰে ব্যক্তিয়ে নিজাববীয়া প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ বিষয়ক বক্তব্য বা পৰামৰ্শ প্ৰদান কৰি উঠি অহা প্ৰজন্মক বাট দেখু‌ৱাইছে । সেইদৰে ভাল-খবৰৰ এই মহঙা দিনতো আশাৰ বতৰা দিয়া, প্ৰেৰণাদায়ী বা-বাতৰিৰ সন্ধান কৰি ছ’চিয়েল মেডিয়া তথা ‌ৱেবচাইটযোগে সুগন্ধি বিলাইছে অজয়লাল দত্তৰ ‘অসমীয়াৰ সুখ-দুখে’ (www.xukhdukh.com) । শাৰিৰীকভা‌ৱে অক্ষম প্ৰতিবন্ধী অনাথ কিশোৰ-কিশোৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ অৰ্থে ২০০৫ চনত প্ৰবক্তা কুমুদ কলিতাৰ উদ্যোগত বৰপেটাৰ পাঠশালাত গঢ় লো‌ৱা ‘তপোবন’ নামৰ শিক্ষানুষ্ঠানটিয়ে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ।
 এই সকলোবোৰ আমাৰ বাবে ভাল খবৰ । আমি ভা‌ৱোঁ, এনে খ‌ৱৰৰ সৃজন আৰু প্ৰচাৰেহে  ক্ৰমাৎ দুষিত হ’বলৈ লো‌ৱা অসমৰ আ‌ৱ-হা‌ৱাত সুস্থ মানসিকতা ঘুৰাই আনি জাগৰণৰ সৃষ্টি কৰিব পাৰিব । ভাল খ‌ৱৰ ক’ত পাম বুলি বিচাৰি ফুৰাতকৈ নিজেই এটা ভাল খ‌ৱৰৰ উৎস হ’বলৈ চেষ্টা কৰাটোহে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।
------------------------------------------------০০০-----------------------------------------
--অৰুণজ্যোতি দাস, ডাক- ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)
         

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...