লেখা অনুসন্ধান কৰক

Friday, July 24, 2015

“কলা, সংস্কৃতি আৰু সামাজিক দায়বদ্ধতা” (জাহ্নু বৰু‌ৱাৰ বক্তৃতা)



বাংগালোৰৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধীনস্থ আজিম প্ৰেমজী ফাউণ্ডেছন নামৰ স্বেচ্ছাসে‌ৱী সংগঠনটো‌ৱে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ লগত আলাপ কৰিব পৰাকৈ প্ৰতিবছৰে এক বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত কৰে, য’ত আমাৰ দেশৰ ভিন ভিন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা প্ৰতিভাধাৰী ব্যক্তিসকলক আমন্ত্ৰণ কৰি অনা হয় । যো‌ৱা ইং.২০১২ চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে এই অনুষ্ঠানত এটি বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত হৈছিল অসমৰ যশস্বী বোলছবি নিৰ্মাতা জাহ্নু বৰু‌ৱাদে‌ৱ । বক্তৃতাৰ বিষয়বস্তু আছিল –“কলা, সংস্কৃতি আৰু সমাজিক দায়বদ্ধতা” । অনুষ্ঠানটিত বৰু‌ৱাদে‌ৱে নিজস্ব জী‌ৱনৰ সাৰগৰ্ভ অভিজ্ঞতাৰ ভিত্তিত বিষয়-বস্তুৰ ওপৰত তেখেতৰ চিন্তা-ভা‌ৱনাক ব্যক্ত কৰে আৰু প্ৰসংগক্ৰমে বৰ্তমান বোলছ‌ৱি নিৰ্মাণৰ ঢং, বোলছবিয়ে সমাজত পেলাব পৰা প্ৰভা‌ৱ, দৰ্শকৰ ৰুচি,নিৰ্মাতাৰ দায়িত্ব ইত্যাদি বিষয়কো সামৰি লয় ।  পাঠকক শ্ৰীবৰু‌ৱাই দিয়া ইংৰাজী বক্তৃতাটো তৰ্জমা কৰি অসমীয়াত দাঙি ধৰাৰ উদ্দেশ্যেৰে এই লেখাটি যুগুত কৰা হ’ল  ।-- অনুবাদক 


প্ৰাক্কথন: বন্ধুসকল, সৰ্বপ্ৰথমে মই আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু মোক মোৰ মনৰ দুআষাৰ কথা আপোনাস‌ৱৰ আগত ব্য‌ক্ত কৰিবলৈ সুযোগ দিয়াৰ বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো । দ্বিতীয়তে সকলোকে স্বাগতম জনাইছো তথা ইয়াত উপস্থিত থকাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিছো ।
       মোৰ প্ৰিয় বান্ধ‌ৱ তথা সুহৃদ বোলছবি নিৰ্মাতা, কৰ্ণাটকৰ গৌৰ‌ৱ গিৰিশ কাসৰৱালীক ইয়াত লগ পো‌ৱাৰ বাবে  মই আজি আচলতে দুগুণে সুখী । ধন্যবাদ গিৰীশ ! মই এজন বোলছবি নিৰ্মাতা । মোৰ দৰে আৰু বহুতো ছ‌ৱি নিৰ্মাতা ইয়াত আজি উপস্থিত আছে । সাধাৰণতে বোলছ‌ৱি-নিৰ্মাতাসকল প্ৰায়ে অলপ সাধাৰণ মানুহতকৈ অস্বাভা‌ৱিক যেন দেখা যায় । তেওঁলোকে মানুহক সাংঘাটিক ধৰণে প্ৰভা‌ৱান্বিত কৰিব পাৰে । তেওঁলোকক প্ৰায় সকলো সময়তে কিবা নহয় কিবা এটা চিন্তা কৰি থকা দেখা যায় । তেওঁলোক ভীষণ অনুভূতিপ্ৰ‌ৱণ আৰু কেতিয়াবা বৰ খেয়ালী মনৰো হয় । মাজে-সময়ে এনেকু‌ৱাও হয় যে তেনে মানুহৰ লগত উঠা-বহা কৰিবলৈকো বহুখিনি অসুবিধা হয়  । কিন্তু আপোনাস‌ৱক কথা দিছো, মই খুব স্বাভা‌ৱিক ব্য‌ৱহাৰ কৰিবলৈ যত্নপৰ হ’ম ।
       মোক যেতিয়া এই নিমন্ত্ৰণৰ বিষয়ে জনো‌ৱা হৈছিল, তেতিয়া মই বহু পৰিমাণে সুখী হৈছিলো আৰু যদিও মোৰ সময়ৰ অভ‌া‌ৱ, তথাপি তাৎক্ষণিকভা‌ৱেই মোৰ সমৰ্থন আগবঢ়াইছিলো । ইয়াৰ পাছত যেতিয়া মোক বক্তৃতাৰ বিষয়-বাছনি কৰিবলৈ দিয়া হ’ল, তেতিয়াহে মই কিছু চিন্তা-চৰ্চা কৰিবলৈ ধৰিলো । মই উদ্যোক্তাসকলক জনালো যে এই বিষয়ে মই পাছত স‌ৱিশেষ জনাম । কিন্তু দুই-এটা ই-মেইলৰ আদান-প্ৰদানৰ পাছতে মই বক্তৃতাৰ শিৰোনামাটো সোনকালেই ধ্যাৰ্য কৰি পেলালো । ক’লো যে মই ‘কলা, সংস্কৃতি আৰু সামাজিক দায়বদ্ধতা’ৰ ওপৰতে কিছু ক’ম । কিন্তু কো‌ৱাৰ পাছতহে ভা‌ৱিবলৈ ধৰিলো যে মই শিৰোনামাটো থিৰাং কৰিলো হয়, পিছে মই ক’ম কি?
       সাধাৰণতে যেতিয়া মই বহু শ্ৰোতা-দৰ্শকৰ আগত কথা কওঁ, তেতিয়া মোৰ মনৰপৰা স্বত:স্ফুৰ্তভা‌ৱে যি ওলায়, সেয়াই ক’ব খোজো । লিখিত কিবা এটা পঢ়ি শুনো‌ৱাৰ মোৰ কোনো অভ্যাস নাই । তথাপি মই অনুভ‌ৱ কৰিলো যে, যিহেতু আজিৰ এই অনুষ্ঠানটো এটা বিশ্ববিদ্যালয়ৰ শৈক্ষিক-ক্ষেত্ৰৰ লগত জড়িত ঘটনা, গতিকে মই এই বিষয়ত কিছু শৃংখলাবদ্ধতা বজাই ৰখাৰ প্ৰয়োজনীয়তা আছে । আৰু সেই হেতুকেই বক্তৃতাটো কিছু পৰিমাণে লিখি আনিবলগীয়া  হ’ল । মই বিষয়-বস্তুৰ লগত সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিম । আপোনাস‌ৱে বক্তৃতাটোৰ ভিন্ন অংশত ভিন্ন দৃষ্টিভংগী দেখিবলৈ পাব পাৰে। শ্ৰোতা-দৰ্শকলৈ মোৰ অনুৰোধ, সেয়া যেন এজন বোলছ‌ৱি-নিৰ্মাতাৰ অনুভ‌ৱ বুলিহে গণ্য কৰে । এতিয়া, মোৰ বক্তব্যখিনি হ’ল এনেধৰণৰ –

“কলা, সংস্কৃতি আৰু সামাজিক দায়বদ্ধতা”
মই এজন চলচ্চিত্ৰ-নিৰ্মাতা । ‘মেডিয়া’ৰ এজন ব্যক্তি । বন্ধুসকল, আজিৰ বিষয়-বস্তুলৈ অহাৰ আগতে, মই ক’ব খুজিছো মোৰ বাবে এই ‘মেডিয়া’ শব্দটো‌ৱে কি বুজায় । ময়েই কিজানি একমাত্ৰ ব্যক্তি যিয়ে ক’ব খুজো যে যিকোনো বস্তু বা মাধ্যম যিয়েই আপোনাক  সংযোগ কৰে আৰু কিবা এটা জানিবলৈ দিয়ে ,সিয়েই হৈছে ‘গণসংযোগ মাধ্যম’ বা ‘মেডিয়া’ । মানুহৰ এইটো এটা সাধাৰণ ধাৰণা যে মেডিয়া বুলিলে কে‌ৱল টিভি,ৰেডিঅ’,বাতৰি-কাকত বা চিনেমাকে বুজায় । কিন্তু মোৰ বাবে ‘মেডিয়া’ই আৰু আন বহু কথাকে সাঙুৰি লয় । মই ভা‌ৱোঁ, পোষ্টাৰ, হৰ্ডিং, বেনাৰ,দে‌ৱাল-লিখন বা এনেকি এজন নেতাৰ ভাষণো আচলতে এক প্ৰকাৰৰ মেডিয়া বা মেডিয়াৰে অন্য এক ৰূপ । আজিকালি আমাৰ দৈনন্দিন জী‌ৱনতো আমি বিভিন্ন তথ্যপাতিৰ সতে উঠা-বহা কৰোহঁক । কোনো ঠাইত নিৰ্দিষ্ট কোনোবা এজনে তেনে এটা তথ্য সৃষ্টি কৰে। যিসকলে সেই তথ্যৰ সৃষ্টি কৰিছে, তেওঁলোক দ্বায়িত্বশীল ব্যক্তি হো‌ৱাটো একান্তই প্ৰয়জনীয় । কিয়ণো, তেওঁলোকৰ সৃষ্টিয়েই সমাজত প্ৰত্যক্ষ প্ৰভা‌ৱ পেলায় ।
       মানুহৰ মনটো প্ৰকৃততে এটা দৈত্যৰ দৰে, যাৰ লালন-পালনৰ অৰ্থে প্ৰয়োজন হয় নিয়মিতভা‌ৱে খাদ্যৰ । আৰু মনৰ ৰুচী-অভিৰুচীবোৰেই হৈছে এজন মানুহৰ ভা‌ৱনা-চিন্তাৰ পৰিচায়ক । গতিকে এই মনটো‌ৱে লাভ কৰা খাদ্যসমূহৰ ওপৰতে নিৰ্ভৰ কৰে তাৰ উৎকৰ্ষ সাধনৰ হাৰ । আপুনি যিমানেই মন-সন্মত খাদ্য দিব পাৰিব, সিমানেই নম্ৰ,শিষ্ট আৰু সৎ হ’ব আপোনাৰ মনটো । আৰু আমি এই কথা পাহৰা উচিত নহয় যে, আমাৰ এই মনবোৰেই অ‌ৱশেষত জন্ম দিয়ে এখন সমাজৰ ।
       এজন চলচ্চিত্ৰ-নিৰ্মাতা হিচাপে মই উপলব্ধি কৰো যে, মানুহৰ অন্তৰত এনেধৰণৰ ব্যক্তিগত চেতনা গঢ় দিয়াটো মোৰ এটা নৈতিক দায়িত্ব তথা কৰ্তব্য – যিয়ে এজন মানুহক তেওঁৰ সমাজ আৰু জাতিৰ প্ৰতি দ্বায়িত্ববোধৰ জ্ঞান দিব পাৰে। আৰু মই ভা‌ৱোঁ যে; ছ‌ৱি, কলা, সাহিত্য বা যিকোনো সৃষ্টিশীল কামেই হৈছে সামাজিক নৈতিকতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় আটাইতকৈ ডাঙৰ অনুঘটক ।  মোৰ বিশ্লেষণমতে, আমাৰ সকলো মানুহৰে এই সৃষ্টিশীল কাম-কাজসমূহ কৰাৰ ইচ্ছা কম-বেছি পৰিমাণে থাকে । লাগিলে সেয়া সৃজনীশীল কিবা এটা কৰাৰ বাবেই হওঁক নতুবা সৃষ্টিৰ অৰ্থ-ৰসাস্বাদানৰ বাবেই হওঁক । ইয়াত মানুহজন নিজে কি হয় বা তেওঁ কি পদবীত অধিস্থিত, সেই কথাই কোনো প্ৰভা‌ৱ নেপেলায় ।
       এতিয়া কথা হ’ল- কেনেকৈ মই এখন সমাজৰ সতে নৈতিকভা‌ৱে বা বৌদ্ধিকভা‌ৱে জড়িত হ’ব পাৰিম ?  এই প্ৰশ্নৰ উত্তৰ অতি সহজ । ইয়াৰ বাবে প্ৰথমে মই নিজকে নিজে চিনি পাব লাগিব । উদাহৰণস্বৰূপে ধৰি ললো, মই এজন চলচ্চিত্ৰ-নিৰ্মাতা । গতিকে স্বাভা‌ৱিকতেই মোৰ প্ৰথম সমাজখন হ’ল মই আৰু মোৰ দৰ্শকসকল । মই এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছো- যিখন ধৰা হ’ল হাজাৰৰ বেছি মানুহে চাব । এতিয়া চলচ্চিত্ৰৰ মাজেৰে যিখিনি কথা বা দৃষ্টিভংগী মই প্ৰকাশ কৰিছো, সেইখিনিৰ বাবে যদি নিজকে নৈতিকভা‌ৱে দায়বদ্ধ বুলি ধৰি ল’ব পাৰোঁ আৰু যদি মোৰ সৃষ্টিৰাজীয়ে সমাজৰ মংগলৰ হকে কিছু হ’লেও অৰিহণা যোগাব পাৰিব বুলি নিশ্চিত হ’ব পাৰো, তেন্তে সেয়াই এজন চলচ্চিত্ৰ-নিৰ্মাতা হিচাপে মোৰ সামাজিক দায়বদ্ধতাক সম্পূৰ্ণ কৰিব । ঠিক একেধৰণে, এজন শিক্ষকৰ ক্ষেত্ৰত তেওঁৰ প্ৰথম সমাজখন হৈছে তেওঁ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকল । অন্যহাতে, এজন দলং নিৰ্মাণ কৰা অভিযন্তাৰ বাবে তেওঁৰ প্ৰথম সমাজখন হৈছে তেওঁ আৰু সেই দলঙৰ ওপৰেৰে পাৰ হৈ যো‌ৱা হাজাৰ-হাজাৰ মানুহবোৰ । ইত্যাদি ।
       আপোনাস‌ৱৰ দৰেই মইও মোৰ দৈনন্দিন জী‌ৱনত শিকিবলগীয়া কথাখিনি তিনিটা মূল উৎসৰপৰা আয়ত্ব কৰিবলৈ চাওঁ । সেয়া হৈছে –জ্ঞান, অভিজ্ঞতা আৰু পৰ্যবেক্ষণ । এই তিনিবিধ উৎসই মোক অনবৰত সমল যোগান ধৰি আহিছে । কিন্তু এটা কথা মই নিশ্চিতভা‌ৱে ক’ব পাৰো যে, আজি পৰ্যন্ত মোৰদ্বাৰা যিখিনি প্ৰাপ্তি হৈছে, সেই আটাইখিনি মই পাইছো অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ যোগেদিহে । কিয়নো, যি কোনো অভিজ্ঞতা বা পৰ্যবেক্ষণৰ ক্ষেত্ৰতে মই প্ৰত্যক্ষভা‌ৱে জড়িত আছো আৰু সেইবোৰৰ সত্যতা সন্দৰ্ভত মোৰ অকণো সন্দেহ নাই।  কিন্তু এই একেটা কথাকে মই ‘জ্ঞান’ৰ বিষয়ে ডাঠি ক’ব নো‌ৱাৰো-- যাৰ কোনো সুনিৰ্দিষ্ট সীমা নাই বা যাৰ উৎসৰো কোনো ঠিকনা নাই । আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এইটো যে, এই বিশাল জ্ঞান-সমুদ্ৰৰপৰা আহৰণ কৰা মোৰ সামান্য জ্ঞানকণক মই কেনেকৈ কামত লগাইছো ।
       কিছু বছৰৰ আগেয়ে, মোৰ কলেজীয়া দিনৰ সময়ত এটা প্ৰ‌ৱন্ধৰদ্বাৰা মই বাৰুকৈয়ে প্ৰভা‌ৱান্বিত হৈছিলো ।  Can A Scientific Society Be Stable?বাৰ্ট্ৰাণ্ড ৰাছেলৰ এই শিৰোনামাৰ লেখাটো‌ প্ৰথম প্ৰকাশিত হৈছিল ১৯৪২ চনত বৃটিছ চিকিৎসা বিজ্ঞানৰ এখন জাৰ্ণালত । কিন্তু লেখাটোৰ বক্তব্যখিনি মান‌ৱ-সমাজৰ বৌদ্ধিক উত্তৰণৰ বাবে আজিও যথেষ্ট প্ৰাসংগিক । এই প্ৰ‌ৱন্ধটো‌ৱে মোক ইমানেই আকৰ্ষিত কৰিলে যে মই আজিও তাক অতি সযতনে ৰাখিছো আৰু এতিয়ালৈকে কেইবাবাৰো পঢ়িছো । প্ৰতিটো পঠনেই মোৰ বাবে জ্ঞানৰ অভিজ্ঞতাৰ এক নতুন স্বাদ হৈ ধৰা দিয়ে । ইয়াৰপৰা মাত্ৰ দুটা শাৰী উদ্ধৃত কৰিব খুজিছো,-
জ্ঞানেই হৈছে শক্তি। কিন্তু ই সজ্জনৰ বাবে যিমান শক্তিদায়ক হ’ব পাৰে, সিমানেই সমানে শক্তিদায়ক হিচাপে ধৰা দিব পাৰে দুৰ্জ্জনৰ বাবেও।অন্য এটা লেখা – ‘Impact of Science on Society(1952)’ত তেওঁ কৈছে – “যেতিয়ালৈকে মানুহে জ্ঞানৰ পৰা প্ৰজ্ঞা আহৰণ কৰিব নো‌ৱাৰে, বৰ্ধিত জ্ঞান কে‌ৱল মাথোঁ বৰ্ধিত দু:খৰ বাদে আন একো নহয় ।”
       “জ্ঞান আৰু প্ৰজ্ঞা আহৰণৰ আছে মান‌ৱিক তথা সামাজিক পৰিণতি আৰু ইয়াৰ ধাৰা‌ৱাহিকতাক এই পৰিণতিসমূহৰ পৰা বিচ্ছিন্ন কৰিব নো‌ৱাৰি”। এই বিষয়ত আপোনাস‌ৱ অৰ্থাৎ বিশ্ববিদ্যালয়ে চলাই অহা নিৰ‌ৱিচ্ছিন্ন ঐকান্তিক প্ৰচেষ্টা আৰু ৰাছেলৰ উক্ত বক্তব্যৰ মাজত যে কিছু সাদৃশ্য আছে, সেই কথা  মোৰ দৰেই আপোনাস‌ৱৰ মাজৰ বহুতেই বিচাৰি উলিয়াব পাৰিব বুলি মই নিশ্চিত । হয়তো আৰু বহুতো বৈপ্ল‌ৱিক ভা‌ৱনা-চিন্তা মোৰ এই বক্তব্যৰ মাজত আপোনাস‌ৱে পাব পাৰে । সেয়ে অনাগত মাত্ৰ ৩০/৪০ মিনিট সময়ৰ বাবে মই আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছো।
       মই যি ক’ব বিচাৰিছো, সেয়া হয়তো হ’ব পাৰে মোৰ মনৰ কোনো অংশত অন্ত:নিহিত হৈ থকা সুপ্ত ভা‌ৱনা অথবা এইবোৰক মোৰ পাগলামি বুলিও আপোনাস‌ৱে ভা‌ৱিও পাৰে ।
 বন্ধুসকল, সমাজ আৰু ইতিহাসৰ বি‌ৱৰ্তনৰ পৰাই মানুহে প্ৰতিযোগিতা কৰিবলৈ , সহযোগিতা কৰিবলৈ আৰু ঐশ্বৰ্যশালী হ’বলৈ শিকি আহিছে । মানুহৰ এই গুণটো কে‌ৱল পাৰ্থি‌ৱ সামগ্ৰীৰ ক্ষেত্ৰতে সীমাবদ্ধ কৰিলে ভুল হ’ব । মানুহৰ এই গুণ কলা বা সৃষ্টিশীলতাৰ মাজতো দেখা পো‌ৱা যায় । যিহেতু সৃষ্টিশীলতা আৰু পাৰ্থি‌ৱতা দুয়োটাই একেসময়তে প্ৰায় সমান হাৰতে উৎকৰ্ষ লাভ কৰিছে , গতিকেই আজি মানুহৰ জী‌ৱনটো কাহানিও একঘেয়ামীৰ অথবা হিংস্ৰ অথবা তেনেই চুটী যেনো অনুভূত হো‌ৱা নাই । দৰাচলতে, দুয়োটাই পৰস্পৰে পৰস্পৰক আগবঢ়াই নিয়াত ইটো সিটোৰ পৰিপূৰক হিচাপে গণ্য হৈ আহিছে  । যি কি নহওঁক, দ্বিতীয় মহাযুদ্ধৰ পাছত মানুহৰ আগ্ৰহ পাৰ্থি‌ৱতাৰ প্ৰতিহে যথেষ্ট পৰিমাণে বাঢ়ি আহিল, আৰু সমান্তৰালভা‌ৱে সৃষ্টিশীলতা, সাহিত্য বা কলাৰ প্ৰতি মানুহৰ আকৰ্ষণ ক্ৰমাৎ কমি আহিল ।
       আমেৰিকাৰ বহু লেখকৰ লেখা-মেলাত মহাযুদ্ধৰ পাছৰ এই ক্ৰমবৰ্ধমান নেতিবাচক দিশটোও উন্মোচিত হ’ল আৰু ইউৰোপত মাৰ্ছাল পৰিকল্পনাৰ জৰিয়তে এই সমস্যাৰ সমাধান-সূত্ৰ ওলাবলৈ ধৰিলে। কলা আৰু সংস্কৃতি এতিয়াৰে পৰা একে বুলি গণ্য কৰা নহ’ব । যদিও সিহঁতক নিত্য নতুন ‘অ‌ৱতাৰ’ত দেখা পো‌ৱা যায়, তথাপিও সৃজনীশীলতাৰ সৌন্দৰ্যই হৈছে যে, স্বকীয় গুণাগুণ বিনষ্ট নোহো‌ৱাকৈয়ে ইটো‌ৱে সিটোৰ সৈতে সনা-পিটিকা হ’ব পৰা গুণ দুয়োটাৰে আছে । সংস্কৃতিৰ বৈপৰিত্যৰ জন্ম হো‌ৱা আৰু ন-প্ৰজন্মই সমসাময়িক প্ৰচলিত ৰাজনীতি, অৰ্থনীতি, বা কলা-সংস্কৃতিৰ সোপাধিলা নীতিসমূহক প্ৰত্যাহ্বান জনো‌ৱা এটা পৰিস্থিতিৰ সাক্ষী হ’ল বিশ্ববাসী। মোৰ বিশ্বাস যে, তেতিয়াৰে পৰা এই পৃথি‌ৱীত বস্তুবাদৰ (materialism) ধাৰণাটো‌ৱে কলা আৰু সংস্কৃতিৰ আদৰ্শক নেউচি অধিক  গা কৰি উঠিল । বন্ধুসকল, কলা-সংস্কৃতি,সাহিত্য বা যিকোনো সৃষ্টিশীল কৰ্মৰাজিয়েই হৈছে নৈতিক জাগৰণৰ বাবে আহিলাস্বৰূপ । এইবোৰেই মানুহৰ মগজুত সুপ্ত হৈ থকা শৃষ্টিশীলতাক জগাই তুলিবৰ বাবে  অনুঘটক হিচাপে কাম কৰিব পাৰে আৰু সেয়ে এখন সুস্থ মান‌ৱ-সমাজ গঢ়াৰ লাইখুটাস্বৰূপ হ’ব পাৰে । অনুগ্ৰহ কৰি এইখিনিতে মোক অসমৰ সমাজ-ব্য‌ৱস্থাৰ সৈতে আপোনালোকক চিনাকী কৰি দিবলৈ সুযোগ দিয়ক । ১৬শতিকাৰ গুৰুনানক,কবীৰ,চৈতন্য মহাপ্ৰভুৰ সমসাময়িক  যুগজয়ী মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱে উপলব্ধি কৰিছিল যে কলা আৰু সংস্কৃতিয়ে  সমাজত সমন্বয়ৰ ভা‌ৱ বিস্তাৰ কৰি উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত এক মহাজাগৰণ আনিব পাৰে। তেওঁ এই কথাত বিশেষভা‌ৱে পতিয়ন গৈছিল যে, ধৰ্মতকৈ কলা-সংস্কৃতি তথা সৃষ্টিশীলতাইহে হৈছে মানুহক আটাইতকৈ বেছি প্ৰভা‌ৱান্বিত কৰিব পৰা শক্তি । তেওঁৰ বিচাৰত কলা,সংস্কৃতি,নাটক,সাহিত্য,ছ‌ৱি,নৃত্য বা আন পৰিৱেশ্য কলাসমূহ- এইধৰণৰ  সৃষ্টিশীলতাৰ মাধ্যমবোৰেই আছিল সমাজ সংস্কাৰৰ মূল আহিলা । সেই দৃষ্টিভংগীৰে চাবলৈ গ’লে ক’ব লাগিব যে শংকৰদে‌ৱে তেওঁৰ সময়ৰ আন ধৰ্মগুৰু বা সন্তসকলতকৈ বৌদ্ধিকভা‌ৱে বহু ওপৰত অ‌ৱস্থান কৰিছিল । এই কথা ক’ব লাগিব যে, সেই তেতিয়াৰেপৰা অসমবাসীয়ে এখন সুশৃংখলাবদ্ধ সমাজত বসবাস কৰি আহিছে  য’ত মহিলাসকলে সম পদমৰ্যাদা আৰু সন্মানেৰে জী‌ৱন-ধাৰণ কৰিব পাৰিছে, যিটো ভাৰতৰ অন্য বহু ঠাইতে সততে দেখা পো‌ৱা নাযায় । আৰু আপোনাস‌ৱে জানি হয়তো প্ৰশংসা কৰিব যে, অসমীয়া সমাজত কোনোধৰণৰ যৌতুক ব্য‌ৱস্থা নাই । এনেকি যো‌ৱা ষাঠি দশকলৈকো বিয়া-বাৰুৰ ক্ষেত্ৰত কইনাঘৰীয়াই কইনাৰ লগত মূলত: আচ-বাব জাতীয় কিবা সামগ্ৰী দিব বিচাৰিলে দৰাঘৰীয়াৰ অনুমতি লো‌ৱাটো এটা পৰম্পৰা আছিল আৰু দৰাঘৰীয়াৰ সিদ্ধান্ত লো‌ৱাৰ স্বাধীনতা আছিল যে তেওঁলোকে সেয়া গ্ৰহণ কৰিব নে নকৰিব । বহুক্ষেত্ৰত দৰাঘৰীয়াই এনে সামগ্ৰী ল’বলৈ অস্বীকাৰ কৰিছিল । এনে অভিজ্ঞতা মোৰ নিজৰ পৰিয়ালৰ ক্ষেত্ৰতো হৈছে । আৰু এই ৰীতি-নীতিৰ বাবে শ্ৰীমন্ত শংকৰদে‌ৱকেই আমি আমাৰ কৃতিত্ব দিব লাগিব ।
       কিন্তু দুৰ্ভাগ্যবশত: এনে সুন্দৰ ৰীতি-নীতিবোৰো লাহে লাহে মানুহে পাহৰি যাবলৈ ধৰিছে । বৰ্তমান সময়ত পৰিলক্ষিত হৈছে যে, কইনাই যদি লগত কিছু সামগ্ৰী লৈ আহে তেতিয়াহে মানুহবোৰ সুখী হ’বলৈ আৰম্ভ কৰিছে ।  তথাপিও মই ক’ম যে, আজিৰ তাৰিখলৈকে কিন্তু অসমত এই প্ৰথাটোত এটা ‘দা‌ৱী’ সংলগ্ন হৈ পৰা নাই । যদিহে কেতিয়াবা এই ৰীতিৰ মাজত এটা ‘দাবী’ জড়িত হৈ পৰে তেন্তে সেয়াহে আটাইতকৈ দু:খজনক কথা হ’ব আৰু আমি ভা‌ৱোঁ, তেতিয়াই হয়তো যো‌ৱা ৫০০ বছৰে অসমৰ সমাজ-ব্য‌ৱস্থাক বিশ্ববাসীৰ আগত চিনাকী কৰি দিয়া, অসমীয়াৰ মেৰুদণ্ডস্বৰূপ শংকৰদে‌ৱৰ এই নীতি-আদৰ্শবোৰ চিৰদিনৰ বাবে কালৰ বুকুত হেৰাই যাব । যদিও মই ইয়াক কাকতালীয় বুলি ক’ব নোখোজোঁ তথাপি চাগে ই এটা কাকতালীয়-সংযোগেই হ’ব যে, যেতিয়া মহাপুৰুষ শংকৰদে‌‌ৱে তেওঁৰ ভগ‌ৱন্তস‌ম প্ৰতিভাৰে অসমক সজাই-পৰাই উঠিছিল, তেতিয়াই কিন্তু প্ৰাশ্চাত্যত আটাইতকৈ যুগান্তকাৰী সৃষ্টি কিম্বা ঘটনাসমূহো বাস্ত‌ৱায়িত হৈছিল । মোৰ বিচাৰত, অসমীয়া সমাজৰ হকে শংকৰদে‌ৱে যিখিনি কৰি থৈ গ’ল,সেয়া কলা-সংস্কৃতিৰ জৰিয়তে সমাজৰ হকে কৰিব পৰা সকলোখিনিৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট আৰু সফলতম উদাহৰণ বুলি ক’ব পাৰি ।
 অনুগ্ৰহ কৰি মোক অসমৰ প্ৰেক্ষাপটতে কিছু ক’বলৈ দিয়ক, কিয়নো মই এতিয়াও অসম-বুৰঞ্জীৰে এজন ছাত্ৰ । শংকৰদে‌ৱে এই কলা বা সৃষ্টিশীলতাৰ ধাৰণাটো জনপ্ৰিয় কৰাৰ আগতেই, পাটকাই পাৰ হৈ আহি অসমত ৰাজত্ব কৰা আহোমসকলে, স্ব-শাসনৰ “সোণালী চাৰি-ঢাপ-নীতি” গঠন কৰিছিল –যাক ব্ৰিটিছ অহাৰ আগলৈকে ৬০০ বছৰ কাল শাসন কৰা আহোম সাম্ৰাজ্যৰ সফলতাৰ মূল চাবি-কাঠি বুলি আমি ক’ব পাৰো । এই “চাৰি-ঢাপ-নীতি”টো সেইসময়ত যিমানে প্ৰ‌ৱলভা‌ৱে প্ৰযোজ্য হৈছিল, সমানেই গুৰুত্বপূৰ্ণভা‌ৱে ই আজিৰ আমাৰ সমাজ-জী‌ৱনত প্ৰাসংগিক হৈ আছে । এই ছেগতে মই আপোনাস‌ৱক “চাৰি-ঢাপ-নীতি”টোৰ বিষয়ে কিছু কথা কৈ লওঁ । ১২২৯ চনত যেতিয়া আহোম এই দেশলৈ আহিছিল, তেওঁলোকৰ দলপতি আছিল চুকাফা (যিয়ে অসমৰ প্ৰথম ৰজা বুলি জনাজাত) । যিহেতু তেতিয়া তেওঁলোক সংখ্যাত মাত্ৰ কেইবাশহে আছিল আৰু সেইসময়ত অসমত ভিন ভিন জনগোষ্ঠীৰ নানান সুকীয়া গোট আছিল তথা সেই গোটবোৰৰ নিজৰ মাজতে লুটি-বাগৰ চলি থকাটো একপ্ৰকাৰৰ স্বভা‌ৱেই হৈ পৰিছিল,  গতিকে এই সকলো গোটকে নিয়ন্ত্ৰিত আৰু একত্ৰিত কৰি এখন সাম্ৰাজ্য গঠন কৰাটো আহোমসকলৰ সমুখত এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল । ৰজা চুকাফাই তেতিয়া চিন্তা কৰিবলৈ ধৰিলে, তেওঁৰ শাসন-তন্ত্ৰত সুদূৰপ্ৰসাৰী প্ৰভা‌ৱ পেলাব পৰাকৈ কেনেকৈ তেওঁ নিজৰ প্ৰজাসকলক একো একোজন দ্বায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব। সেয়েহে সকলো ভা‌ৱি-গুনি চুকাফাই এটা প্ৰখ্যাত ৰাজনৈতিক-নীতিৰ সূচনা কৰিলে । এই নীতিক শাসন-ভাৰ চলাওতা শাসকসকলৰ বাবে যদিও এটা কূটনৈতিক কৌশল বুলিব পাৰি,তথাপি সাধাৰণ প্ৰজাৰ বাবে কিন্তু সেই নীতিয়ে এক আ‌ৱেগজড়িত ৰীতি হিচাপেহে খ্যাতি লাভ কৰিলে । বহু কৌশলপূৰ্ণভা‌ৱে তেওঁ নিজৰ প্ৰজাসকলক ক’লে –“তোমালোকে যি কৰিব বিচাৰা, তাকেই কৰিব পৰাৰ স্বাধীনতা মই তোমালোকক দিছো ; তাত মোৰ কোনো বাধা-নিষেধ নাই । যিয়ে তোমালোকক আনন্দ দিয়ে, তাকেই তোমালোকে কৰিব পাৰিবা । কিন্তু মোৰ একমাত্ৰ অনুৰোধ এয়ে যে- তোমালোকে কামটো কৰাৰ আগেয়ে নিজকে নিজে মাত্ৰ চাৰিটা প্ৰশ্ন সুধিবা । সেই প্ৰশ্ন চাৰিটাৰ উত্তৰেই তোমাক কৈ দিব, তুমি সেই কামটো কৰিবা নে নকৰা। ইয়াৰে প্ৰথম প্ৰশ্নটো হ’ল- ক) তুমি যিটো কাম কৰিবলৈ গৈ আছা, সেই কামটো দেশৰ কাৰণে অহিতকাৰী নেকি ? যদি তোমাৰ উত্তৰটো সন্মতিসূচক হয়, তেন্তে সেই কাম তুমি নকৰিবা । আৰু যদি নহয়, তেন্তে তুমি নিজকে দ্বিতীয়টো প্ৰশ্ন সোধা- খ) এই কামটো‌ৱে মোৰ পাৰিপাৰ্শ্বকতা বা চৌপাশৰ পৰি‌ৱেশৰ কিবা বিনষ্ট কৰিব নেকি ? – এই প্ৰশ্নটোৰো উত্তৰ যদি তুমি ‘হয়’ বুলি পো‌ৱা, তেন্তে সেই কাম নকৰিবা। আৰু যদি তোমাৰ উত্তৰ ‘নহয়’ বুলি পো‌ৱা, তেন্তে তুমি এতিয়া তৃতীয় প্ৰশ্নটো সুধিব পাৰা। সেইটো হ’ল – গ) কামটো‌ৱে অন্য কোনো মানুহ অথবা মোৰ সকলো আত্মীয়-স্বজন,বন্ধু-বান্ধ‌ৱক কিবা ক্ষতি কৰিব পাৰে নেকি? এই প্ৰশ্নৰ উত্তৰো যদি তুমি ‘হয়’ বুলি পো‌ৱা তেন্তে তেনে কাম নকৰিবা । আৰু যদি ইয়াৰ উত্তৰত তুমি ভা‌ৱা যে কামটো‌ৱে কোনো মানুহক কোনোধৰণৰ ক্ষতি নকৰে, তেন্তে তুমি নিজকে শেষ প্ৰশ্নটো কৰা –ঘ) এই কামটো মোৰ নিজৰ পক্ষেও ক্ষতিকৰ হ’ব নেকি ? ইয়াৰো উত্তৰ যদি তুমি ‘হয়’ বুলি পো‌ৱা, তেন্তে তেনে কাম পৰিত্যাগ কৰা । আৰু যদি এই শেষ প্ৰশ্নটোৰ উত্তৰো তুমি ‘নহয়’ বুলি পো‌ৱা, তেন্তে তুমি কামটো নি:চিন্তে কৰিব পাৰা ।” – এনেধৰণেই স্বৰ্গদেউ চুকাফাই মানুহৰ মনত দেশভক্তি আৰু সামাজিক চেতনাৰ বীজ সিঁচি ছশ বছৰীয়া ৰাজত্বকালৰ এক গৌৰ‌ৱপূৰ্ণ ইতিহাসৰ পাতনি মেলিছিল । মই ভা‌ৱোঁ, এয়াও আছিল মানুহক দায়িত্বশীল আৰু সমাজমুখী কৰাৰ কলাত্মক নেতৃত্বৰ এক উদাহৰণ ।
ইয়াৰ পৰি‌ৱৰ্তে, এজন নেতাই যদি কোনো মান‌ৱ-সমষ্টিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একমাত্ৰ ত্ৰাণকৰ্তা হিচাপে ধৰা দিয়ে, তেন্তে ইয়ে কিন্তু সেই লোকসকলক কে‌ৱল মানসিকভা‌ৱে দুৰ্বলী কৰি তোলাই নহয়,  সমস্যা সমাধানৰ ক্ষেত্ৰত মানুহৰ যি ব্যক্তিগত উদ্যম বা চেতনা থাকে, তাকো সমূলঞ্চে ধ্বংস কৰি পেলায় ।  মই মোৰ ব্যক্তিগত জী‌ৱনৰ এটি পৰ্যবেক্ষণ আপোনাস‌ৱৰ আগত ক’বলৈ বিচাৰিছো। আপোনাস‌ৱে জানেই যে অসম হৈছে এখন বানপানী ধূষৰিত ৰাজ্য । গতিকে প্ৰায় প্ৰতি বছৰেই অসমত বানপানী হৈ থাকে । সৰু হৈ থাকোতে আমাৰ গা‌ওঁখন বানে বুৰাই পেলো‌ৱা মই নিজে দেখিছো । বান অহাৰ সময়ত গা‌ৱঁৰ সকলো মানুহে গম পায় যে অহা দুদিনত তেওঁলোকৰ গাঁৱত পানীৰ প্ৰ‌ৱেশ ঘটিব । গতিকে সেইখিনি সময়তে আগতীয়াকৈ চাউল-দালিৰ পৰা আৰম্ভ কৰি যিকেইপদ অত্যা‌ৱশ্যকীয় সামগ্ৰী নহ’লে জীয়াই থকাতো কঠিন হৈ পৰে, তেনে বস্তুবোৰ গোটাই-পিটাই কোনো ওখ ঠাইলৈ যাবৰ বাবে সাজু হৈ থাকে বা থাউকতে গড়াৰ দৰে ওখ অঞ্চল এটা সাজি উলিয়ায় আৰু যেতিয়া বান অহা যেন গম পায়, লগেলগে সকলো তেনে নিৰাপদ আশ্ৰয়লৈ ঢাপলি মেলে । এনেকৈ চাৰি বা পাঁচদিন কটো‌ৱাৰ পাছত সকলো আকৌ নিজৰ নিজৰ ঠাইলৈ ঘুৰি আহি ঠাইবোৰ চাফ-চিকুণ কৰি লৈ পুণৰ স্বাভা‌ৱিক জী‌ৱন কটাবলৈ লয় । মই জী‌ৱনত চাৰিটা বছৰে তেনে বানৰ সমুখীন হৈছো আৰু প্ৰত্যক্ষ কৰিছিলো যে – গাওঁখনৰ এজন মানুহেও সেই সময়ত বান সংক্ৰান্তত কিবা প্ৰতিবাদ কৰিব লাগে বুলি অথবা কাৰোবাৰ ওচৰত হাত পাতিব লাগে বুলি নাজানিছিল বা তাৰ প্ৰয়োজনবোধো কৰা নাছিল । নিজেই নিজৰ প্ৰতিৰক্ষাৰ ব্য‌ৱস্থা কৰি ল’বলৈ প্ৰতিজনেই যত্নপৰ হৈছিল । অ‌ৱশ্যে কোনো বছৰত যদি একান্তই চৰকাৰী সাহাৰ্য দিয়াটো প্ৰয়োজনীয় হৈছিল, তেন্তে সেয়া তেওঁলোকে গ্ৰহণ কৰিছিল । আচলতে মই ক’ব বিচাৰিছো তেওঁলোকৰ নিজৰ সমস্যাটো সমাধা কৰাৰ ক্ষেত্ৰত তেওঁলোকে দেখুও‌ৱা আদৰ্শ বা ‘Attitude’টোৰ কথাহে । সেই আদৰ্শ কিন্তু আজি আৰু নাই ! আজি সেই একেখন গা‌ৱঁতে যদি এক মূহুৰ্তৰ বাবেও বানপানী হয়, তেন্তে তেওঁলোকে চৰকাৰক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰি দিয়ে । এইটো এই কাৰণেই হৈছে যে, আজিৰ আমাৰ সমাজত কিছুমান নেতাৰ আৱিৰ্ভা‌ৱ হৈছে যিসকলে গৈ মানুহক কয় যে –‘আমি আছো যেতিয়া আপোনালোকে চিন্তা নকৰিব।সমস্ত দুখ-কষ্টৰপৰা আমি  আপোনালোকক পৰিত্ৰাণ দিম ।’ আৰু সেই ‘চিন্তা নকৰিব,চিন্তা নকৰিব’ বুলি কো‌ৱাৰেপৰা মানুহবোৰে সঁচাকৈয়ে নিজৰ বাবে সমূলি চিন্তা কৰিবলৈ এৰি দিছে । এই কথাটো যে অকল অসমতেই হৈ আছে, তেনে নহয় । আমাৰ দেশৰ সকলো ঠাইতে যে অনুৰূপ ঘটনা ঘটি আছে, সেয়া ধূৰূপ ।
আৰু এটি মোৰ ব্যক্তিগত অভিজ্ঞতা আপোনাস‌ৱৰ আগত দাঙি ধৰিব খুজিছো। প্ৰায় এটা দশক পূৰ্বে, ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে মই এখন চলচ্চিত্ৰ সাজিছিলো । ইয়াৰ বাবে সম্পূৰ্ণ ছটা বছৰে মই চীন,অসম, বাংলাদেশকে ধৰি নদীখনৰ সমগ্ৰ অঞ্চলটো ভ্ৰমণ কৰি শ্বুটিং ল’বলগীয়া হৈছিল । মূলত: মই নদীৰ কাষৰীয়া অঞ্চলৰ মানুহখিনি আৰু নদীখনৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঠন কৰাত জোৰ দিছিলো ।এইটো কৰিবলৈ যাওঁতে মই নদীখনৰদ্বাৰা প্ৰভা‌ৱান্বিত দাঁতিকাষৰীয়া মানুহখিনিৰ মাজত যথেষ্টখিনি অন্তৰংগতাপূৰ্ণ বাৰ্তালাপ বা অনানুষ্ঠানিক সাক্ষাৎকাৰ ল’বলগীয়া হৈছিল । আপোনালোকে নিশ্চয় জানে, ব্ৰহ্মপুত্ৰ এখন বহুত ডাঙৰ নদী আৰু এক অৰ্থত ক’বলৈ গ’লে ই স্বেচ্চাচাৰী প্ৰাকৃতিক শাসনকৰ্তা । সাক্ষাৎকাৰ মুহুৰ্তত মই যেতিয়া পোনপ্ৰথমেই নদীখনৰ বিষয়ে মাত্ৰ দুআষাৰমান ক’বলৈ কোনোবা এজনক কওঁ, তেতিয়া তেওঁ নিজৰ জী‌ৱনৰ গোটেই ইতিহাস ক’বলৈ আৰম্ভ কৰে এইদৰে – “এই নদীখনে আমাৰ সকলো কাঢ়ি নিলে । ইয়াৰ বানপানীয়ে আমাক একেবাৰে ধ্বংস কৰি পেলালে । মোৰ ঘৰ নিলে, গৰু-ছাগলী নিলে, খেতি-বাৰী চাউল-দাইল, ধন-সম্পদ সকলোখিনিয়েই লৈ গ’ল ।” তেতিয়া মই তেওঁক সোধোঁ যে তেওঁ তালৈ অহাৰ আগতে ক’ত আছিলে । বেছিভাগ মানুহেই কয় যে নদীৰ দাঁতিলৈ অহাৰ আগতে তেওঁলোক কোনো পাহাৰত আছিলে বুলি । মই আকৌ প্ৰশ্ন কৰোঁ যে তেন্তে তেওঁ ইয়ালৈ কি কাৰণে আহিব লগীয়া হ’ল ? ইয়াৰ উত্তৰত মানুহবোৰে যি কয়, তাৰ সাৰমৰ্ম হ’ল এনেকু‌ৱা যে – পাহাৰত হেনো ভাল কৃষি-কৰ্ম কৰিব নো‌ৱাৰি, মাটিবোৰ উৰ্বৰ নহয় , পানী নাথাকে । খো‌ৱা বস্তুৰো আকাল ,যাতায়তৰো অসুবিধা । গতিকে তেনেহেন অঞ্চলত জী‌ৱন-ধাৰণ কৰাটো বৰ কষ্টসাধ্য কাম । এইবাৰ মই সোধো-“তেন্তে ভৈয়ামৰ এই নদীৰ দাঁতিত আহি তুমি কি পালা ?” মানুহবোৰে ক’বলৈ ধৰে –“ইয়াত মাটিবোৰ সাৰু‌ৱা। নদীখনে প্ৰতিবছৰে পলস-মাটি পেলাই থৈ যায় । গতিকে খেতি-বাতি ভাল হয় । নদীৰপৰা মাছ খাবলৈ পাওঁ। ইত্যাদি ইত্যাদি।” আৰু এইবাৰ মই চকু পকাই সোধোঁ- “তেন্তে তুমি ক্ষোভ উজাৰি কে‌ৱল নদীখনক দোষাৰোপ কৰিছা কিয়”? তেতিয়াহে তেওঁৰ ভুল ভাগে যে অতদিনে তেওঁ মিছাই নদীখনৰ ওপৰত অভিমান কৰি আহিছিল । সেই নদীয়েই তেওঁৰ জীয়াই থকাটোক অৰ্থপূৰ্ণ কৰিছে আৰু সেই নদীৰ লগতেই তেওঁ সহা‌ৱস্থান কৰিব লাগিব ।   এনেকৈ মই আচলতে নদী আৰু মানুহৰ একাত্মতাবোধ বঢ়াবলৈ চেষ্টা কৰি আহিছিলো । কিন্তু যি কথাত মই আচৰিত হওঁ, সেয়া হৈছে এই যে অত যুগ-যুগান্তৰ ধৰি নদী এখন বৈ থাকে, অথচ আমি  কাহানিও নদীৰ সতে বন্ধুত্ব গঢ়িবলৈ নিশিকোঁ । মানুহে এইটো বুজি নাপায় যে, নদীখনৰ কোবাল সোঁতক বাধা দিয়া বা অন্য দিশলৈ বো‌ৱাই নিয়াটো আমাৰ বাবে সহজসাধ্য নহয় । কিন্তু এই নদীৰ উপাদান লৈয়েই আমি যদি আমাৰ জী‌ৱন ৰঙীয়াল আৰু উপভোগ্য কৰিব বিচাৰোঁ, তেন্তে তাৰ বাবে আমি নিজৰ জী‌ৱন-শৈলীৰ লগতেই কিছু বুজাপৰা কৰি ল’ব লাগিব ।     
এতিয়া মই এটা বেলেগ বিষয়-বস্তুলৈ আহিছো । ইতিহাসত এনে কিছুমান উদাহৰণ দেখা পো‌ৱা যায়, যিবোৰত আমি আমোদ পাওঁ অথচ বহু কথা তাৰপৰা শিকিবও পাৰো।  তেনে এটা উদাহৰণ হ’ল বিনিময় প্ৰথা । বিনিময় প্ৰথাক কে‌ৱল আমি এক উৎকৃষ্ট আদান-প্ৰদানৰ ব্য‌ৱস্থা বুলি ভা‌ৱিলেই নহ’ব । ইয়াক অন্য প্ৰাসংগিক দৃষ্টিৰেও আমি চাব পাৰিব লাগিব । বিনিময়-প্ৰথাৰ মূল তত্ত্বটোৰ ভেঁটি আছিল –প্ৰয়োজনীয়তা, ইয়াত লোভ-মোহৰ স্থান কাহানিও নাছিল (need, not greed)। এমুঠি চাউলৰ বিনিময়ত তুমি যিমান পৰিমাণৰ বিচাৰা, সিমান পৰিমাণৰেই ঘেঁহু পাব পাৰিছিলা বা এমুঠি ঘেঁহুৰ বিনিময়ত যিমান চাউল লাগিছিল, সিমানেই পাব পৰা গৈছিল । তাত সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছিল; আৰু সেই হেতুকেই মানুহৰ মাজত সমস্যাৰ উদ্ভ‌ৱ প্ৰায় নহৈছিল । কিন্তু বৰ্তমান সময়ত ইয়াৰ সম্পূৰ্ণ ওলোটা পৰিস্থিতিটোহে আমাৰ সমাজত দেখা পো‌ৱা গৈছে । এটা দা‌ৱী নিস্পত্তিকৰণৰ বাবে অথবা এটা বুজা-পৰালৈ আহিবৰ বাবে প্ৰয়োজন হো‌ৱা দলিলৰ সংখ্যা বৰ্তমানে দিনক দিনে বাঢ়ি যাব ধৰিছে । এনেকু‌ৱা কিয় হৈছে ?  ইয়াৰ মূল কাৰণ হৈছে - মানুহৰ মাজত ক্ৰমাগতভা‌ৱে হ্ৰাস পো‌ৱা বিশ্বাস তথা ভৰসাৰ বান্ধো‌ন আৰু এইবোৰৰ সুযোগ লৈ ক্ৰমাৎ বাঢ়ি অহা মানুহৰ অসৎ অভিলাপ্সা । পূৰ্বৰ সমাজ-ব্য‌ৱস্থাটোৰ ভিত্তি আছিল সংস্কৃতি আৰু বিশ্বাস । কিন্তু আজিৰ সমাজখনৰ ভিত্তিটো হৈছে বস্তুবাদ আৰু অবিশ্বাস । প্ৰায়ে দেখা গৈছিল যে, আগৰ দিনৰ মানুহখিনিয়ে এটা সৎ আৰু পৰোপকাৰী চৰিত্ৰ বহন কৰিছিল । কিন্তু আজিৰ দিনত এই ধাৰণাটোক একেবাৰেই অৰ্থহীন যেন বুলিব পাৰি ।
কোনো সুনিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে জোৰ-জবৰদস্তি শাসন চলো‌ৱাতকৈ, গণতন্ত্ৰ প্ৰকৃততে হ’ব লাগে স্বয়ংক্ৰিয় স্ব-শাসনৰ এক ব্য‌ৱস্থা । এনে এক ব্য‌ৱস্থা লাভ কৰিবৰ বাবে উৎকৃষ্টতম উপায়টো হৈছে এনে এখন সমাজৰ প্ৰয়োজনীয়তা য’ত কলা-সংস্কৃতিৰ ওপৰত ভিত্তি কৰি মানুহে জী‌ৱন যাপন কৰে । এটা সাধাৰণ উদাহৰণ ল’লেই কথাবোৰ স্পষ্ট হ’ব । মই যেতিয়া জী‌ৱনত প্ৰথমবাৰ উৰাজাহাজত উঠি গু‌ৱাহাটীৰপৰা কলকাতালৈ গৈছিলো, তেতিয়া টিকটৰ বাদে আন কোনোধৰণৰ নিৰীক্ষণ কৰা নহৈছিল । কিন্তু আজিৰ তাৰিখত আপুনি যদি উৰাজাহাজত ভ্ৰমণ কৰিবলৈ যায়, তেন্তে আপোনাক বিভিন্ন সময়ত বিভিন্ন জনে বিভিন্ন ধৰণে পৰীক্ষণ-নিৰীক্ষণ কৰাৰ পাছতহে আপুনি বিমানত ভৰি পেলাব পাৰিব । ইয়াৰ অৰ্থ কি ? তাৰ মানে আপোনাক আজি প্ৰতিটো পদক্ষেপতেই সন্দেহৰ দৃষ্টিৰেই চো‌ৱা হয় । কিজানি আপুনি এজন সন্ত্ৰাসবাদী বা ডকাইত হ’ব পাৰে । এজন ঠগ-প্ৰবঞ্চক বা হত্যাকাৰী হ’ব পাৰে । এনেকৈ আমাৰ মাজত বিশ্বাস বা ভৰসা আজি একেবাৰে নাইকীয়া হৈ গৈছে ।
ব্য‌ৱসায়-বাণিজ্যৰ ক্ষেত্ৰত চাবলৈ গ’লেও আমি যদি ভাল ভাল ডাঙৰ কোম্পানী বা অনুষ্ঠানবোৰৰ বোৰ্ড মেম্বাৰ অথবা মুখ্য কাৰ্যকৰী বিষয়াসকলৰ ৰাপ, কাম-কাজ বা পূৰ্বৰ অভিজ্ঞতাৰ এক খতিয়ান লওঁ, তেন্তে দেখা পাওঁ যে, বাণিজ্য আৰু সংস্কৃতিৰ মাজত যোগসূত্ৰ বজাই ৰাখিব পৰাকৈ তেওঁলোকৰ মাজতো সাহিত্য-সংস্কৃতি বা কলাপ্ৰেমী মানুহ একদমেই দেখা পো‌ৱা নাযায় । ৰাজনীতিৰ ক্ষেত্ৰতো একেটাই হৈ থকা দেখা যায় আৰু বৰ্তমানে আপোনাস‌ৱে তাৰ মাজত কোনো যোগসূত্ৰও দেখা পাব পাৰে (এই মন্তব্যটো আচলতে প্ৰকাশ্য নোহো‌ৱাটো‌ৱে মংগলজনক !) মই এনেকৈ কো‌ৱাৰ কাৰণ হৈছে এইটো যে – চৰকাৰে কলা-সংস্কৃতিৰ চৰ্চা কৰা অনুষ্ঠান-প্ৰতিস্থানবোৰক কে‌ৱল ‘লাভ’ হো‌ৱা বা ৰাজহ সংগ্ৰহ হো‌ৱা কামহে কৰিবলৈ হেঁচা প্ৰদান কৰিছে, - আৰু যদি সেয়া কৰা নহয়, তেন্তে কে‌ৱল নিজাববীয়া প্ৰচেষ্টাৰে কাম কৰিবলৈ কৈছে নতুবা অনুষ্ঠানটোক একেবাৰেই বন্ধ কৰি দিবলৈ কৈছে । সাহিত্য অকাডেমী, সংগীত-নাটক অকাডেমী, ললিত কলা অকাডেমী, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰযোজনা সংস্থা(NFDC) বা মোৰ একেবাৰে ঘনিষ্ঠ Film and Television Institute of India কে ধৰা যাওঁক- এই সকলো‌ সংস্থাই বৰ্তমানে ক্ৰমাগত বৰ্ধিত হাৰত মুখামুখি হৈ থকা একমাত্ৰ হেঁচাটি হৈছে – ‘কাম প্ৰদৰ্শন কৰা’ । আমাৰ হিচাপত, য়াৰ অন্তৰ্নিহিত মূল ধাৰণাটো‌ৱেই হৈছে ত্ৰুটিপূৰ্ণ । এই ভা‌ৱি মই প্ৰায়ে আচৰিত হওঁ - কিয় আমি বুজি নাপাওঁ যে , এনে অনুষ্ঠানবোৰৰ সাৰ্থকতা কে‌ৱল ৰাজহ বা চৰকাৰী আয় বৃদ্ধি কৰাত নহয় বৰঞ্চ, সৃষ্টিশীল ভা‌ৱনা বা কৰ্মৰাজীৰ প্ৰচাৰ,প্ৰসাৰ আৰু সৃষ্টিতহে । আৰু যদি সিঁহতি সঁচাই সলনি হ’বলগীয়া হয়, তেন্তে ক’ব পাৰি যে, সমাজখনকো স্বাভা‌ৱিকতেই পুৰি ধ্বংস কৰি পেলো‌ৱাৰ নিচিনাই হ’ব । এনে অনুষ্ঠানৰপৰা চৰকাৰে টকাৰ হিচাপেৰে মুনাফা লাভ কৰিবলৈ আশা কৰাটো ভুল -  নিশ্চিতভা‌ৱে আশা কৰিব লাগিব কে‌ৱল কলাৰ যোগেদিহে এই অনুষ্ঠানসমূহে আচলতে এনে এটা পৰি‌ৱেশৰ সূচনা কৰে য’ৰপৰা দস্যু-দান‌ৱৰ সলনি সজ মানুহৰ প্ৰাথমিক স্বভা‌ৱ-চৰিত্ৰসমূহৰ গঠন হ’ব পাৰে। আৰু এই চৰিত্ৰটো হৈছে এনে এটা সম্পদ, যাক কিনিব বা বেচিব নো‌ৱাৰি । কোম্পেনীৰ চি.ই.অ’.সকলতকৈ আমাৰ চৰকাৰখনতহে আজি প্ৰয়োজন হৈছে আৰু কিছু অবস্তুবাদী তথা কলা-প্ৰেমী মন-মগজুৰ । অন্যহাতে, ইয়াৰ বিপৰীতমুখী কোনো ৰকমৰ চৰকাৰী পৃষ্ঠপোষকতাকেই আমি ভয়ংকৰ প্ৰলয়ৰ উক-মুকনি বুলি ধৰি ল’ব লাগিব ।
এজন সৃষ্টিশীল মানুহক তেওঁৰ চিন্তা-ভা‌ৱনাক সলনি কৰিবৰ বাবে কো‌ৱা মানেই ইয়াৰ অৰ্থ হৈছে এখন সমাজক অন্য এটা দিশেৰে আগু‌ৱাই নিবলৈ চেষ্টা কৰা । সাধাৰণতে এজন সৃষ্টিশীল মনৰ মানুহ সদায়েই শান্ত,সৎ আৰু উন্নয়ণকামী হয়। অন্য কোনো বল প্ৰয়োগেৰে তেওঁৰ এই সৃষ্টিশীলতাক ব্যাঘাত জন্মো‌ৱাটো সমাজৰ পক্ষে অনিষ্টকাৰী হিচাপে পৰিগণিত হ’ব পাৰে । কোনো এজন শিল্পীয়েই সাধাৰণতে নিজৰ সৃষ্টিকৰ্মৰ লগত আন কোনো চৰ্তৰে বুজাপৰা কৰিবলৈ  ৰাজী নহয় ।গতিকেই আমি এই ধাৰণাৰ পক্ষপাতী যে, এজন শিল্পীৰ হৃদয়ত সঞ্চিত হৈ থকা শক্তিক যাতে অন্য কোনো নেতিবাচক দিশেৰে ধ্বংস কৰা নহয় সেই উদ্দেশ্যে সকলো‌ৱেই সৰ্বতোপ্ৰকাৰে অৰিহণা যোগ‌োৱা উচিত। কিন্তু যদিহে এনে ক্ষেত্ৰত খোদ চৰকাৰেই কিছুমান ওলোটা-উভোটা নীতি-নিৰ্দেশনা জাৰী কৰিবলৈ লয়, তেন্তে সি হৈ পৰিব দুগুণে ভয়ংকৰী । গতিকে ক’ব পাৰি, শক্তিৰ মুক্তিকৰণৰ বেলিকা চৰকাৰী সংস্কাৰ অথবা গোলকীকৰণ, যি বুলিয়েই কো‌ৱা নহওঁক কিয়, যদি সেয়া মানুহৰ স্বাভা‌ৱিক অভিৰুচি আৰু চৰিত্ৰৰ লগত খাপ নাখায়, তেন্তে আমি বেপাৰ-বাণিজ্য আৰু কলা-সংস্কৃতিৰ মাজত সামঞ্জস্য কাহানিও বজাই ৰাখিব নো‌ৱাৰিম ।
কলা-সংস্কৃতি প্ৰকৃততে সকলোতেই বিৰাজমান । কিন্তু আমি গুৰুত্ব দিব লগীয়া কথাটো হ’ল তাক চিনাক্ত কৰি উলিও‌ৱা, তাৰ বিকাশ সাধন কৰা আৰু শ্ৰদ্ধা কৰা । নিজৰ গা‌ৱঁৰপৰা কাহানিও বাহিৰৰ পৃথি‌ৱীখন দেখি নো‌পো‌ৱা মোৰ অশিক্ষিত খুড়া এজন আছিল শিল্পী । আৰু ঠিক একেধৰণৰে আছিল- পাবলো পিকাছোও । তেওঁলোকৰ মাজত থকা তফাৎটো কিন্তু তেওঁলোকৰ মানসিক স্তৰত নাছিল, আছিল দুয়োৰে সৃষ্টিকৰ্মত মাত্ৰ । পিকাছো‌ৱে নিজৰ সৃষ্টিৰাজীৰ ফলত যশস্যা লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু মোৰ খুড়াৰ ক্ষেত্ৰত নহয় । কিন্তু  আটাইতকৈ ভাল লগা কথাটো হ’ল এয়ে যে – পিকাছো‌ৱেই হওঁক বা মোৰ খুড়াই হওঁক- তেওঁলোকে জী‌ৱনত সমুখীন হো‌ৱা পৰিস্থিতিটো যিমানেই কঠোৰ,বিপদসংকূল অথ‌ৱা দুৰ্দশাদায়ী নহওঁক কিয়, কোনো এজনোও কিন্তু এক মুহুৰ্তৰ বাবেও অসৎ বা দুষ্ট বুদ্ধিৰ মানুহলৈ ৰূপান্তৰিত হ’ব নো‌ৱাৰিছিল । কিয়ণো, তেওঁলোকৰ মানসিকতাই এনে এক বিপৰীতমুখী আচৰণ কৰিবলৈ সকলো সময়তে বাধা প্ৰদান কৰি আহিছিল ।
সৃজনীশীলতাৰ ক্ষেত্ৰত বস্তুবাদিতা হৈছে বহিৰাগত উপাদান । কিন্তু যিয়েই নহ’লেও এই বস্তুবাদিতাকো সৃজনীশীলতাৰ উৎকৰ্ষ সাধনৰ বাবে ব্য‌ৱহাৰ কৰিব পৰা যায় । বস্তুবাদিতাৰ মূল ভেটিটো হৈছে কে‌ৱল মাথো- ল‌ো‌ৱা,লো‌ৱা আৰু লো‌ৱা । অন্যহাতে সৃষ্টিশীলতাৰ অৰ্থই হৈছে –দিয়া,দিয়া আৰু দিয়া । ভিনছেন্ট ভেনগখে মান‌ৱতাৰ সীমনাক বহু উচ্চ স্তৰলৈ উন্নীত কৰি থৈ স্বৰ্গগামী হ’ল ।কৌটি কৌটিটকীয়া মূল্যৰ তেওঁৰ ছ‌ৱিসমূহে আজিও আমাৰ মনত হাজাৰটা ন‌ৱ-চিন্তাৰ দ্বাৰ উন্মোচন কৰে,এনে লাগে যেন শ শ ফুল ফুলি উঠে । এইধৰণৰ কিছুমান চেতনাৰ বাবেই আজিৰ এই পৃথি‌ৱীখন এতিয়াও জীয়াই থকাৰ উপভোগ্য হৈ আছে । কিন্তু আমাৰ দুৰ্ভাগ্য এয়ে যে, পৃথি‌ৱী সুন্দৰ কৰাৰ স্বাৰ্থত সৃজনশীল মানুহে চলাই অহা এনে সদিচ্ছাসমূহ কে‌ৱল ব্যক্তিগত প্ৰচেষ্টাতেই সীমিত হৈ আছে । এইবোৰক কাহানিও যথাৰ্থভা‌ৱে  আনুষ্ঠানিক বা সাংগঠনিক ৰূপ দিয়া হো‌ৱা নাই 
বিশ্ব অৰ্থনীতিয়ে এনে এটা পাৰিপাৰ্শ্বিকতাৰ সৃষ্টি কৰিছে য’ত  ব্য‌ৱসায়ী আৰু বৃহৎ কোম্পেনীবোৰত কাম কৰা মানুহৰ সৰু ভগ্নাংশ এটিয়ে বিশ্বৰ সাত বিলিয়ন মানুহক ভিন্ন ধৰণে নিয়ন্ত্ৰিত কৰিবলৈ ধৰিছে । বিত্তীয় ব্য‌ৱস্থা আৰু কলা-সংস্কৃতিৰ মাজৰ এই অসমতা বা যোগসূত্ৰহীনতাই হৈছে বৰ্তমানে এনে এক বিষয় যি আমাৰ কাহানিও কাম্য নহয়  । এজন শিল্পীক কোনো নিৰ্দিষ্ট ব্যক্তি বা অনুষ্ঠানৰ আদেশ মতে উঠা-বহা কৰি সৃষ্টিকৰ্ম কৰিবলৈ দিয়া উচিত নহয় ; তেওঁক নিজৰ স্বাধীনতা দিয়াৰহে অতীব প্ৰয়োজন । বিশ্বাস কৰক, তেনে কৰিলেহে তেওঁ দায়বদ্ধশীল আৰু সৃজনীশীল হ’ব পাৰিব ।
মই এতিয়া এনে এটা বিষয়ৰ ওপৰত ক’ব বিচাৰিছো, যিটোৰ প্ৰত্যক্ষ সংযোগ আমাৰ সমাজৰ যু‌ৱপ্ৰজন্মৰ লগত আছে । মাদকদ্ৰব্য বা ৰাগীয়াল দ্ৰব্যই কেনেকৈ আমাৰ সমাজৰ বিশেষকৈ যু‌ৱপ্ৰজন্মক ধ্বংস কৰি আহিছে সেই কথাত আমি সকলো‌ৱেই গুৰুত্ব দিওহঁক । এই মাদকদ্ৰব্যৰ অপকাৰিতাসমূহে যিখিনি প্ৰভা‌ৱ আমাৰ সমাজত পেলাইছে, সেইখিনি দেখি-শুনিয়েই আমাৰ বোধশক্তিয়ে এই দ্ৰব্যবোৰৰ প্ৰচলনৰ বিপক্ষে যুঁজিবলৈ আমাক উৎসাহিত কৰে । আৰু আমি সঁচাকৈয়ে সেইবাবেই কেঁচু‌ৱাটোৰপৰা ডেকাটোলৈকে সকলোকে এনে ৰাগীয়াল দ্ৰব্যৰপৰা আঁতৰি থাকিবলৈ উপদেশ দিও বা হাতে-কামেও প্ৰতিবাদ সাব্যস্ত কৰো । এইবোৰ আমি এইকাৰণেই কৰো, কিয়নো ইয়াৰ কুফল আমাৰ চকুৰ সমুখতে ঘটি থকা দেখি আহিছো বা দেখি আছো । আৰু এনেকৈ আমি মাদক-দ্ৰব্য নিবাৰণৰ বাবে কিছু পন্থা হাতত লওঁ । এনে মাদক-দ্ৰ‌ৱ্য নি‌ৱাৰণী অভিযানবোৰত আমি সেই দ্ৰ‌ৱ্যবোৰ ক’ৰপৰা আহে বা কেনেকৈ আহে তাৰ অনুসন্ধান কৰোঁ আৰু উৎখাত কৰিবলৈ তৎপৰ হওঁ । কিন্তু এনে নিবাৰণী অভিযানবোৰত আমি প্ৰায়ে পাহৰি যাওঁ সেইবোৰ ড্ৰাগছ বা ড্ৰাগছজাতীয় মাৰাত্মক উপাদানসমূহৰ কথা,যিবোৰক সঁচৰাচৰ আমি চকুৰে দেখা নাপাওঁ ।  সেইবোৰ হৈছে মানসিক স্তৰৰ ড্ৰাগছ । মোৰ দৃষ্টিৰে, যদিহে আমি  পাৰ্থি‌ৱ ড্ৰাগছৰ প্ৰতি সচেতন হ’বলৈ শিকিছো, তেন্তে সেইবোৰ অপাৰ্থি‌ৱ ড্ৰাগছৰ প্ৰতিও এতিয়াৰেপৰা সজাগ আৰু সচেতন হো‌ৱা উচিত যিবোৰে সমাজত ভিন ভিন ৰূপত ক্ৰীয়া কৰি দূৰাৰোগ্য ব্যাধিৰ সূচনা কৰিছে । প্ৰকৃততে ক’বলৈ গ’লে বহু ক্ষেত্ৰত দেখা যায় যে এনে অদৃশ্য ড্ৰাগছসমূহে সৃষ্টি কৰা অপকাৰিতাসমূহ পাৰ্থি‌ৱ ড্ৰাগছৰ টুকুৰা এটাই কৰা ক্ষয়-ক্ষতিতকৈ বেছি ভয়ংকৰীহে হ’ব পাৰে । মানসিক ড্ৰাগছসমূহে বিভিন্ন মাধ্যমৰ জৰিয়তে মানুহৰ সমাজত স্থান লৈ ইয়াৰ বিষবাস্প বিয়পাব পাৰে । আমি দৃশ্য-শ্ৰাব্য মাধ্যমৰ অংশীদাৰ । আৰু মই এই কথা স্বীকাৰ কৰিবলৈ কুন্ঠাবোধ নকৰো যে,বহু সময়ত এই মানসিক ড্ৰাগছসমূহ কিন্তু চলচ্চিত্ৰৰ জৰিয়তেও সমাজত সোমাই পৰিব পাৰে । উদাহৰণস্বৰূপে, অত্যাধিক হিংসা বা সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰদৰ্শিত হো‌ৱা এখন চলচ্চিত্ৰ বা এনেকি একোখন আপত্তিজনক পোষ্টাৰেও উঠি অহা বহু যু‌ৱক-যু‌ৱতীৰ মনত বিৰূপ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে । দুৰ্ভাগ্যজনক যে, এনে ধৰণৰ ধ্বংসাত্মক প্ৰভা‌ৱবোৰ চকুৰে প্ৰত্যক্ষভা‌ৱে কাহানিও দেখা নোপো‌ৱাকৈয়ে সংঘটিত হয় আৰু তাৰেই ফলস্বৰূপে আমি এইধৰণৰ নেতিবাচক উৎপাদনসমূহৰ বিপক্ষে কাহানিও প্ৰতিবাদ নকৰো বা প্ৰকৃতাৰ্থত আমাৰ কোনো প্ৰতিক্ৰীয়াই পৰিলক্ষিত নহয় । আৰু অতি শংকাজনক কথা যে আমাৰ এনে নিৰ্লিপ্ততাই সেই মানসিক ড্ৰাগছ প্ৰস্তুতকাৰীসকলক পৰোক্ষভা‌ৱে উৎসাহিতহে কৰে । আমি সকলো‌ৱে জানো যে , সমাজৰ এনে দুষ্কৃতিকাৰী শক্তিসমূহৰ সমুখত তিষ্ঠি থাকিবৰ বাবে প্ৰয়োজনীয় হো‌ৱা আমাৰ একমাত্ৰ অস্ত্ৰটি হৈছে-- চকুৰ সমুখত উপলব্ধ হো‌ৱা যিকোনো উপাদান,মাধ্যম,মনোৰঞ্জন,সুবিধা বা তথ্যকে গ্ৰহণ কৰিব নে প্ৰত্যাখ্যান কৰিব সেয়া বিচাৰ কৰিব পৰাকৈ আমাৰ প্ৰতিজন নাগৰিকৰ মানসিকতাৰ উত্তৰণ ঘটো‌ৱাটো । ইয়াত হতাশাজনক সত্যটো হ’ল এয়ে যে, সমাজত বিষবাস্প ছটিও‌ৱা মানসিক ড্ৰাগছসমূহৰ  প্ৰচাৰ চলো‌ৱা মানুহখিনিক একেকো‌বেই নিষ্ক্ৰীয় কৰি পেলো‌ৱাটোও প্ৰায় অসম্ভ‌ৱ কথা। ইয়াৰ গুৰিতেই আছে এটা জনপ্ৰিয় প্ৰচলিত ধাৰণা- সি হৈছে ড্ৰাগছসমূহ নীতি-আদৰ্শতকৈ সদায়েই বেছি আকৰ্ষণীয় । ড্ৰাগছক বিক্ৰি কৰা হয়, কিন্তু নীতি-আদৰ্শক বেচিব নো‌ৱাৰি ।  কিন্তু এই কথাই ইয়াকে বুজাই জানো যে নীতি-আদৰ্শক জনপ্ৰিয়কৰণৰ বাবে আমাৰ আৰু কৰণীয় একো নাই? মোৰ ফালৰপৰা ‘কদাপি নহয়’ বুলি উত্তৰ এটা দিয়াৰ পাছতো, এই প্ৰশ্নৰ  উত্তৰ আন কি হ’ব পাৰে সেয়া এবাৰ চালি-জাৰি চাবৰ বাবে মই আপোনাস‌ৱলৈ এৰি দিলো ।
এইবাৰ মই মোৰ অন্তৰৰ একোণত থকা এটি স্থানীয় অভিজ্ঞতাপ্ৰদত্ত শিক্ষালৈ উভতি আহিছো । মোৰ মা যদিও মাত্ৰ দ্বিতীয়মান শ্ৰেণীলৈকে পঢ়া এগৰাকী সাধাৰণ মহিলা আছিল,তথাপি তেওঁ মোৰ বাবে জ্ঞানৰ সঁফুৰাস্বৰূপ আছিল । তেওঁ এনে এগৰাকী সৰবৰাহী মহিলা আছিল যাৰ অবিহনে আমাৰ অঞ্চলটোত কোনো এটা অনুষ্ঠানেই সুচাৰুৰূপে পৰিচালিত নহৈছিল । বনৌষধিৰ ক্ষেত্ৰত তেওঁ এগৰাকী স্বশিক্ষিত কবিৰাজ আছিল আৰু পৰিয়ালৰ যিকোনো কথাতে বিচাৰ-বিবেচনা কৰি শেষ সিদ্ধান্ত লওঁতা আছিল । লগতে কও যে, আমাৰ গ্ৰামাঞ্চলত তেওঁ কিছু পৰিমাণে আইনী পৰামৰ্শদাতাও আছিল । ইয়াৰ উপৰিও সন্তান জন্মৰ ক্ষেত্ৰত সফল প্ৰস‌ৱ সুনিশ্চিত কৰাৰ বাবে বিশেষ পাৰদৰ্শী হিচাপে মাৰ সুনাম আছিল । মায়ে এই কথা আমাক জনাইছিল যে, যেতিয়া স্নাতকোত্তৰ ডিগ্ৰীধাৰী স্থানীয় চিকিৎসকজনৰ পত্নীৰ প্ৰস‌ৱৰ সময় হৈছিল, তেতিয়া তেওঁও হেনো উধাতু খাই আহি মাৰ ওচৰ পাইছিলহি । মোৰ মায়ে যেতিয়া তেওঁক স‌ৱিশেষ সুধিছিল, তেতিয়া গম পো‌ৱা গৈছিল যে চিকিৎসকজনৰ পত্নীয়ে হেনো  নিজৰ স্বামীতকৈ বেছি ভৰসা কৰিছিল আমাৰ মাৰ সক্ষমতাৰ ওপৰতহে । মোৰ মা অতি পাৰ্গতভা‌ৱে মধ্যস্থতাকাৰী আৰু শান্তিৰ পৃষ্ঠপোষক আছিল । আৰু এখোজ আগু‌ৱাই গৈ মই এইবুলিও ক’ম যে, ক’ফি আন্নানৰ সলনি যদি তেওঁ ৰাষ্ট্ৰসংঘৰ সেই সময়ৰ সচি‌ৱ-প্ৰধান হ’লহেঁতেন, তেন্তে ইৰাকৰ যুদ্ধখন নিশ্চয়কৈ নহ’লহেঁতেন । এইটো মই এইকাৰণেই কৈছো যে তেওঁৰ ভা‌ৱাদৰ্শত স্থান পায় কে‌ৱল, আৰু কে‌ৱল শান্তি-সম্প্ৰীতিয়েহে। নৈতিকভা‌ৱে শুদ্ধ বুলি গণ্য কৰা কামটো বাস্তবায়িত নোহো‌ৱালৈকে তেওঁ মানসিক শান্তি নাপাইছিল । এই ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাই মোৰ মাক কোনোধৰণে প্ৰভা‌ৱ পেলাব পৰা নাই ; কে‌ৱল সামাজিক দায়বদ্ধতা আৰু মানুহৰ প্ৰতি থকা টানেহে তেওঁক সমাজৰ এগৰাকী নমস্য ব্যক্তি হ’বৰ বাবে উপযোগী কৰি তুলিলে । ‘শিল্পী’ শব্দটোৰ আভিধানিক অৰ্থৰে যদিও তেওঁ এগৰাকী শিল্পী নাছিল, তথাপি তেওঁ মানুহৰ সৃজনশীলতা, কলা-সুলভতা আদি গুণবোৰক প্ৰাধান্য দিছিল আৰু সেইবোৰৰ উৎকৰ্ষ সাধনৰ বাবে গা‌ৱঁৰ মানুহবোৰক উৎসাহিত কৰিব পাৰিছিল ।
এইখিনিতে মই বাৰ্ট্ৰাণ্ড ৰাছেলে বিশ্ববাসীক সতৰ্ক কৰি দিয়া সেই বিখ্যাত উক্তিদুফাঁকিক আকৌ এবাৰ দোহাৰিব বিচাৰো -“Knowledge is power. But it is power for evil just as much as for good. With every increase of scientific knowledge man’s power for evil is increased in the same proportion as his power of good.  আৰু কো‌ৱা হৈছে যে - “Unless man increases in wisdom as much as knowledge, increase of knowledge will only be increase of sorrow.
পৃথি‌ৱীৰ সকলো পঢ়ু‌ৱৈ সাঙুৰি ক’ব পাৰি যে তেওঁলোকে জ্ঞান গোটাব পাৰিছে সঁচা, কিন্তু প্ৰজ্ঞা লাভ কৰিব পৰা হো‌ৱা নাই । কিয়ণো তেওঁলোকে কৌটি কৌটিটা নিৰপৰাধ দে‌ৱশিশুক নিমিষতে হত্যা কৰা যুদ্ধসমূহ বন্ধ কৰিব পৰা নাই । আৰু নিশ্চিতভা‌ৱে ক’ব লাগিব, এই ক্ষেত্ৰত পঢ়ু‌ৱৈসকলৰ কোনো সামাজিক দায়বদ্ধতা প্ৰতিফলিত হো‌ৱা নাই । আমাৰ নেতাসকলৰ ক্ষেত্ৰত যিটো গুণৰ অভা‌ৱ বাৰুকৈয়ে পৰিলক্ষিত হয়,সেয়া হৈছে সমাজৰ প্ৰতি থকা সদিচ্ছা আৰু সেই   সদিচ্ছা সদায় অবস্তুবাদী ধ্যান-ধাৰণাৰপৰাহে উৎপত্তি হ’ব পাৰে । আমি আমাৰ নিজৰ বাবে কিদৰে কি পদক্ষেপ লৈছো অথবা কিদৰে আমাৰ সতি-সন্ততিক শিক্ষাদান কৰিছো, তাৰ ওপৰত সমাজে বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে । আমি এনেকু‌ৱা প্ৰজন্মৰ সৃষ্টি কৰিছো যিসকলে শ্বপিং মলত গৈ নিজকে সুখী অনুভ‌ৱ কৰে, অথচ নিজৰ ঘৰত থাকি নহয় । সিহঁতৰ মুখবোৰলৈ চায়েই ক’ব পাৰি যে সিহঁতক তীব্ৰ হেঁচাৰে আ‌ৱদ্ধ কৰি ৰখা হৈছে । সিহঁত কোন পথেৰে আগবাঢ়িব, সেয়া নিজে বিচাৰ কৰিবই নো‌ৱাৰা হৈছে । এই ভাৰসাম্যহীনতাৰ পৰিস্থিতিটো অনাগত সময়ত অধিক গাঢ় হ’ব বুলি আশংকা কৰা হৈছে । আৰু সমাজত ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ’ব বুলি ক’ব পাৰি ।
উদাহৰণস্বৰূপে, আমাৰ ল’ৰা-ছো‌ৱালীয়ে নিবনু‌ৱাৰ চেকা গুচাই এজন সুখী চাকৰিয়াল হ’বৰ বাবেই যো‌ৱা কেইবাটাও বছৰত আমি নানান ঠাইত নানান ধৰণৰ ‘কল চেন্টাৰ’ খুলিবলৈ ল’লো । কিন্তু গোটেই নিশাটো উজাগৰে থাকি কেনেকৈ আমাৰ যু‌ৱক-যু‌ৱতীসকলৰ লাহে লাহে স্বাস্থ্যৰ অ‌ৱনতি ঘটিছে সেই কথা হ’লে আমি কাহানিও ভা‌ৱি নাচালো । এজন আমেৰিকান নোহো‌ৱাকৈয়ে আমেৰিকান জী‌ৱন-শৈলী গ্ৰহণ কৰি নিজৰ পৰিচয় আৰু স্বাভিমানক এক নতুন ব্যাখ্যা দিবলৈ চেষ্টা কৰাটো কিমান যুক্তিসংগত সেয়াও অতি বিচাৰ্য্য বিষয় । জৈ‌ৱিক সময়-সূচীৰ পৰি‌ৱৰ্তন ঘটাই অপ্ৰাকৃতিক সময়-সূচীৰে স্বাভা‌ৱিক জী‌ৱন কটো‌ৱাটোও অতি আলোচ্য কথা হৈছে । এটা চাকৰি গোটাই টকা ঘটাটো‌ৱেই মানুহৰ জী‌ৱনৰ চূড়ান্ত উদ্দেশ্য হো‌ৱা উচিত নহয় । চালুকীয়া অ‌ৱস্থাৰে নিজৰ জী‌ৱনটো আৰম্ভ কৰিবলৈ লো‌ৱা এনে হাজাৰ-হাজাৰ ডেকা-ডেকেৰীৰ জী‌ৱন বা কাৰ্য-কলাপকলৈ চৰকাৰেও সামান্যতম চিন্তা কৰা দেখা নাযায়। আমাৰ উঠি অহা ন-প্ৰজন্মৰ মাজত যি একো একোজন সম্ভা‌ৱনাপূৰ্ণ তাৰকা লুকাই আছে, তেওঁলোকৰ উজ্জ্বল মুখতো দু:শ্চিন্তাৰ প্ৰচ্ছায়া দেখি আমি চিন্তিত হওঁ ।
এই বক্তৃতাৰ শেষত মই আপোনাস‌ৱলৈ এটি মাথো নিবেদন জনাব বিচাৰো যে, আজিৰ এই অপ্ৰতিৰোধ্য বস্তুবাদী পৃথি‌ৱীত সকলোপ্ৰকাৰৰ অবস্তুবাদী সৃষ্টিমূলক উপাদানৰ সম্ভা‌ৱনীয়তাৰ প্ৰতি সজাগ হৈ আমি নিজৰ চেতনাক জাগৃত কৰি স্বকীয় ধ্যান-ধাৰণা তথা কলা-সংস্কৃতিৰে জীপাল এনে এখন সমাজ গঠন কৰাৰ এইয়াই হৈছে উপযুক্ত সময়-  যি সমাজে আমাক মান‌ৱতাৰ পৰিসীমাৰে আ‌ৱদ্ধ ৰাখি পৃথি‌ৱীত শান্তিৰ বাণী বিলাব ।
----------------------------------------০০০-----------------------------------
বক্তা:- জাহ্নু বৰু‌ৱা, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা          অনুবাদক- অৰুণজ্যোতি দাস
                                                       ৰজাবাৰী, বোকাখাত
                                                       গোলাঘাট -৭৮৫৬১২
                                                       দূৰভাষ :- ৯৪৩৫১৫২৭৬৮

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...