লেখা অনুসন্ধান কৰক

Monday, March 2, 2015

বিচাৰিলেই বাইক কিনি নিদিব

দুদিন আই.চি.ইউ.ত ভেন্টিলেশ্যনত থকাৰ পিছত ল’ৰাটো‌ৱে এই ইহ-সংসাৰৰপৰা মেলানি মাগিলে । ন‌ৱম শ্ৰেণীত পঢ়িছিল সি -জাগীৰোড কাগজ কল কেন্দ্ৰীয় বিদ্যালয়ত । যেতিয়া পৃথি‌ৱীৰ সকলো সুখ-দুখৰ সতে পৰিচয় হো‌ৱাৰ সময় হৈছিল, যৌ‌ৱনৰ আটাইতকৈ ধুনীয়া আৰু ৰঙীন  স্বপ্নময় জগত এখনৰ সতে মিতিৰালি পতাৰ কথা আছিল, সেই সময়তে সি এই ধৰা এৰি গুছি গ’ল বহু দূৰলৈ । মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল সি ।

       লগৰ সকলোৰে ঘৰে ঘৰে বাইক হৈছে । টিউছন কৰিবলৈ যাবলৈও বাইক এখন লাগে । বহুদিনৰে পৰা ল’ৰাটো‌ৱে বাপেকক বাইক এখন কিনি দিবৰ বাবে কুটুৰি আছিল । কেইবাদিনো ঘৰত সৰু-সুৰা কাজিয়া কৰি ভাত নোখো‌ৱাকৈ আছিল । এইবোৰ দেখি শুনিয়েই দেউতাকে বেংকৰ ঋণ এটা লৈ তাক বাইক এখন কিনি দিছিল । বাইকখন পাই সি পঢ়া-শুনাতো মন দিছিল। সেয়েই হ’বলা দেওবাৰে আবেলি বাইকখন লৈ লগৰ কোনোবা এটাৰ ঘৰলৈ যাবলৈ মন কৰিলেও মাকে বিশেষ বাধা নিদিছিল । কিন্তু তেওঁলোকে জনা নাছিল কাহানিও যে সেই বাইকখনেই আজি বাবুলৰ বাবে যম-দূত স্বৰূপ হ’ব।
ঘটনাটো মাত্ৰ তিনিদিন আগৰ । তেনেকেই এদিন ৰক্তিমহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ সি ওলাই গৈছিল । তাৰ দুঘন্টাৰ পিছতে দেউতাকে ফোনত খবৰটো পালে সিহঁতৰ দুৰ্ঘটনাটোৰ বিষয়ে । দেউতাকে দেখা মুহুৰ্তত বাবুলক ইতিমধ্যেই কাগজ-কলৰ চিকিৎসালয়ত ভৰ্তি কৰো‌ৱা হৈছিল । তাৰ যন্ত্ৰণাকাতৰ মুখখনলৈ মাকজনীয়ে চাই হু-হু‌ৱাই কান্দি দিছিল । লগৰীয়া আৰু দুজনো আঘাটপ্ৰাপ্ত হৈছিল ।
তেওঁলোকে গম পাইছিল, বাবুলে হেনো সমনীয়াৰ সতে বাইক-ৰে’চ পাতিছিল । ১২০ কিমি. প্ৰতি ঘন্টা বেগত যো‌ৱা বাবুলে লগৰটো কিমান দূৰ আহি পাইছে বুলি পিছলৈ ঘুৰি চাইছিল আৰু খুণ্ডা মাৰিছিল ফোৰ-লে’ন ঘাইপথৰ দাঁতিত থকা ডিভাইদাৰটোত । লগে লগে চেতনাহীন হৈছিল সি ।
উচুপি থকা ৰক্তিমক বাবুলৰ দেউতাকে সুধিলে-‘তোমালোক কাৰ ঘৰলৈ গৈছিলা?’ । ৰক্তিমে কান্দি কান্দিয়েই ক’লে যে সিঁহতে বোলে বাইক-ৰে’চ পাতিছিল আৰু যিয়ে হাৰিব, সিয়ে সোনাপুৰত থকা ধা‌ৱাত মাল-পাৰ্টী খু‌ৱাব লাগিব বুলি কথা হৈছিল । তাৰ হাতত পইচা নাছিল বাবে সি ৰে’চত জিকিবলৈ চেষ্টা কৰিছিল ।
এইটো এটা সঁচা ঘটনা । বহু শলঠেকত পৰি আমাৰ বহু অভিভা‌ৱকেই ল’ৰাবোৰক অতি কম বয়সতে বাইক কিনি দিয়ে । চিনেমাৰ প্ৰভা‌ৱেই হওঁক অথবা বয়সৰ ছাপৰ বাবেই হওঁক, চেঙেলীয়াসকলে কিন্তু এই বাইকখনৰ মূল্য বুজি নাপায় । বাইকখন হৈ পৰে তেওঁলোকৰ বাবে এটা ফেশ্যন । বাইক থাকিলেহে বোলে সুন্দৰী যু‌ৱতীয়ে প্ৰেমত পৰে । গতিকে এনে কিছুমান ধ্যান-ধাৰণাক অভিভা‌ৱকে পৃষ্ঠপোষকতা কৰাটো উচিত নহয়, যাৰ ফলত  হয়তো আমাৰ নতুন চেঙেলীয়া ডেকা-ল’ৰা বিপথে যো‌ৱাই নহয়, জী‌ৱন পৰ্যন্ত হেৰু‌ৱাব লগীয়া হ’ব পাৰে ।

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...