লেখা অনুসন্ধান কৰক

Tuesday, March 24, 2015

‘উৎকোচ নিদিয়াকৈয়ো চাকৰি পাব পাৰি’ সন্দৰ্ভত দুআষাৰ (সম্পাদকলৈ চিঠি)

প্ৰসংগ: আমাৰ অসম কাকতত ২৩ মাৰ্চ,২০১৫ তাৰিখে প্ৰকাশিত এখন চিঠি


প্ৰতি,

সম্পাদক মহোদয়, 
'আমাৰ অসম' কাকত ।
 
বৰপেটাৰ দে‌ৱজিৎ নাথে যো‌ৱা ২৩ মাৰ্চ তাৰিখে এই কাকতযোগে প্ৰকাশ কৰা বক্তব্যখিনিয়ে অসম লোকসে‌ৱা আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত বৰ্তমান সময়ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মনত যি কলুষিত ভা‌ৱমূৰ্তি বিৰাজ কৰিছে, তাক আকৌ এবাৰ চালি-জাৰি চাবলৈ বাধ্য কৰালে । নাথৰ অকপট স্বীকাৰোক্তিত প্ৰতীয়মান হয় যে, অধিকাংশ লোকেই বিশ্বাস কৰাৰ দৰে আয়োগৰ প্ৰতিটো পদবীৰ নিযুক্তিতে টকা-পইচাৰ লেন-দেন হো‌ৱা কথাটো এশ শতাংশ শুদ্ধ ধাৰণা নহয় । সততা আৰু একাগ্ৰতাৰে নিজৰ মেধাৰ ভিত্তিত উপযুক্ত চাকৰি প্ৰত্যাশীসকলৰ বাবে নি:সন্দেহে  ই এটা সুখ‌ৱৰ যিয়ে তেওঁলোকক আৰু দুগুণ উৎসাহেৰে এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগাব ।

        কিন্তু এনে সুখ‌ৱৰৰ মাজতো দুখ লগা আৰু চিন্তা কৰিবলগীয়া কথাটো হৈছে এয়ে যে উপযুক্ত প্ৰাৰ্থী হিচাপে নিযুক্ত হো‌ৱাৰ পাছতো নাথে নিজকে পদবীটোৰ বাবে ‘মিছফিট’ বুলি কিয় ভা‌ৱিছে বা তেওঁৰ লগৰ কেইবাজনো নিৰ্বাচিত প্ৰাৰ্থীয়ে অসম চৰকাৰৰ এনে ‘লোভনীয়’ পদ স্বেচ্ছাই কিয় এৰি দিলে । এই বিষয়টো‌ৱেই অসমৰ বৰ্তমান সামাজিক প্ৰেক্ষাপটৰ সামগ্ৰিক ছ‌ৱি এখন আমাৰ মাজত উদঙাই দিছে । সহজ কথাত ক’বলৈ গ’লে অসমৰ প্ৰতিজন মানুহৰ মানসিকতাৰ এনে স্খলন ঘটিছে যে আমি দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাম-কাজতে সাংঘাটিকভা‌ৱে এটা বিকল্প চুটী বাটৰ সন্ধান কৰিবলৈ লৈছো যিয়েই আমাৰ সমাজত উৎকোচ লো‌ৱা আৰু দিয়া দুয়োটাকে সমানেই আগবঢ়াই নিয়াত তীব্ৰভা‌ৱে ইন্ধন যোগাইছে । ইয়াৰ ফলত সৎ আৰু আদৰ্শবাদী মানুহবোৰৰ হয় মৰণ মিলিছে নহ’লে তেৰাসকলো নৈতিক স্খলনৰ এই যাত্ৰাত চামিল হৈছে ।

        আমাৰ বোধৰে ‘কথা-বাৰ্তা’ অনুষ্ঠানত বৰগোহাঞিদে‌ৱে কৰা প্ৰশ্নত লেশমানো ভুল নাই । অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক বা বৌদ্ধিক সকলো ক্ষেত্ৰতে কেইবাদশকৰো অভিজ্ঞতা সম্বলিত অনুভুতিৰে বৰগোহাঞিয়ে এই অনুষ্ঠানত খুব শান্তভা‌ৱে আৰু পূৰ্বপৰিকল্পিতভা‌ৱেই অতিথিজনক এনে প্ৰশ্নৰ অ‌ৱতাৰণা কৰে । কাৰণ বৰগোহাঞিদে‌ৱে ভালকৈয়ে জানে যে, আচম্বিতে এটা অপ্ৰত্যাশিত প্ৰশ্নৰ সমুখীন হৈ দিয়া তাৰ উত্তৰতেই লুকাই থাকে সেই মানুহজনৰ প্ৰকৃত ভা‌ৱানুভূতি, তেওঁৰ অন্তৰৰ ভাষা। গতিকেই সংবাদ-মাধ্যমৰ সমুখত, মুকলিমূৰীযাকৈ এনে এক স্পৰ্শকাতৰ বিষয়ক প্ৰশ্ন উত্থাপন কৰি সত্য অন্বেষণৰ চেষ্টা কৰিবলৈ যো‌ৱা বৰগোহাঞিদে‌ৱ প্ৰকৃততে ধন্যবাদৰহে পাত্ৰ ।

        আমি নিজেও সৰ্বভাৰতীয় পৰ্যায়ত লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাত অ‌ৱতীৰ্ণ হৈ কেন্দ্ৰীয় চৰকাৰৰ এজন ৰাজপত্ৰিত বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰি আছো । যিসময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় সকলোখিনি নিযুক্তিয়েই স্বচ্ছভা‌ৱে মেধাৰ ভিত্তিত হো‌ৱা দেখা যায়, সেইসময়ত আমাৰ ৰাজ্যত নিযুক্তিৰ নামত চলা এনে অনিয়ম আৰু দুৰ্নীতি দেখি আমি মৰ্মাহত হওঁ । লোকসে‌ৱা আয়োগে পৰিচালনা কৰা নিযুক্তিসমূহ বাদ দি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰা আৰম্ভ কৰি অন্য বিষয়া পদবীৰ চাকৰিসমূহৰ নিযুক্তি সংক্ৰান্তীয় সকলো কাম-কাজ পৰিচালনা কৰে সংশ্লিষ্ট বিভাগটো বা জিলাধিপতিয়ে । এই পৰ্যায়ত মকৰল হওঁতে কিন্তু মন্ত্ৰী-আমোলাৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিত কাম কৰা পিয়নজনলৈকে সকলোৰে যে অদৃশ্য হাতৰ কৰ্তৃত্ব আৰু দুৰ্নীতি চলে সেয়া আমি বহু ওচৰৰপৰা দেখি আহিছো । গতিকে ক’ব পাৰি যে, অসমত বৰ্তমানে উৎকোচ নিদিয়াকৈ চাকৰি পাব পৰা কথাটোত বহুকেইটা আপেক্ষিক ধাৰণা অন্তৰ্নিহিত হৈ আছে ।

        নিজে উৎকোচ দিয়েই বা নিদিয়াকেই যিদৰেই আমি চাকৰি নাপাওঁ কিয়, আমাৰ নতুন প্ৰজন্মৰপৰা যদি আমি এটা সিকিও নোলো‌ৱাকৈ সিহঁতক মেধাৰ ভিত্তিতে চাকৰি দিব পাৰোঁ, তেন্তে সিয়েই হ’ব দুৰ্নীতিবিহীন এখন অসম গঢ়াৰ মূল আধাৰস্বৰূপ যাউতিযুগীয়া উপহাৰ ।

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...