লেখা অনুসন্ধান কৰক

Showing posts with label অপ-সংস্কৃতি. Show all posts
Showing posts with label অপ-সংস্কৃতি. Show all posts

Monday, December 28, 2015

বিয়াৰ কোলাত উঠি অপসংস্কৃতি



এতিয়া বিয়াৰ বতৰ । কেইবাখনো বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকি এটা কথা অনুভ‌ৱ কৰিছো যে, বৰ্তমানে আধুনিকতাৰ নাম দোহাৰি সাংস্কৃতিক বা মাণ্ডলিক অনুষ্ঠানৰ জৰিয়তেও কিছু অপসংস্কৃতিয়ে আমাৰ সমাজত গা-কৰি উঠিছে । মহানগৰীৰৰ ধন-কুবেৰ অভিজাত পৰিয়াল অথবা আমোলা-বিষয়াৰ কথা নকলোৱেই,  আনহে নালাগে সঘনাই শংকৰী সংস্কৃতিৰ চৰ্চা হৈ অহা নগাঁও চহৰৰ মাজমজিয়াতে দেখা গৈছে আজিকালি বিয়াৰ অভ্যৰ্থনাত আয়োজকসকলে ‘ডিজে’ নামৰ অপদাৰ্থ প্ৰদূষণকাৰী শব্দযন্ত্ৰীক নিমন্ত্ৰিত কৰি আনি কে‌ৱল ওচৰ-চুবুৰীয়াক অশান্তি কৰাই নহয়, সমগ্ৰ অসমৰে সামাজিক তথা সাংস্কৃতিক পাৰিপাৰ্শ্বিকতাকে কলুষিত কৰাৰ এটি ধূম উঠিছে । এতিয়া পৰীক্ষাৰ সময়ত কোনো কোনো ছাত্ৰ-ছাত্ৰীৰ বাবে অসুবিধা হ’ব পাৰে নেকি সেয়াও বিচাৰ নকৰাকৈ আজিকালি বিয়াঘৰত ৰাতি দুপৰলৈকে বুকুৰ কলিজা ওলাই সৰি পৰো পৰো হো‌ৱাকৈ বজো‌ৱা হয় ‘ডিজে’ৰ ৰিমিক্সযুক্ত   বাৰেভচহু‌ৱা গান । নিশাৰ নৈশব্দতাৰ মাজত উচ্চস্বৰৰ এনে গান-বাজনাই বয়োজ্যষ্ঠ লোককেই নহয়, বাঢ়ি অহা শিশুটোকো আমি ভা‌ৱোঁ, মানসিকভা‌ৱে অতি আমনি কৰে । শিশুক তাৰ থলু‌ৱা গীত-মাতৰ সলনি এনে পাঞ্জা‌ৱী ভাংড়া, ৰক-পপ বা অতি উশৃংখলীয় বাদ্যযন্ত্ৰীয় সংগীতৰ সো‌ৱাদ দিয়াৰ অৰ্থ হৈছে আমি তাক বা তাইক অপসংস্কৃতিৰ প্ৰতি আকৃষ্ট হ’ব পৰাকৈ সাৰ-পানীৰ যোগান ধৰা । এনে কাণ্ড-কাৰখানাই ৰাজ্যখনত অচিৰেই মেৰুদণ্ডবিহীন এখন বস্তুবাদী সমাজহে গঢ়ি তোলাত অৰিহণা যোগাব সি নিশ্চিত । গতিকে সময় থাকোতেই আমি আমাৰ নিজৰ ল’ৰা-ছো‌ৱালীক প্ৰয়োজনত কাণচেঁপা একোটা দি সঠিক পথ যদি দেখু‌ৱাব নো‌ৱাৰোঁ, তেন্তে আজি ‘এইয়া তোমালোকৰ জামানা নহয় ডেড্ডী, এইয়া হৈছে নিউ জেনেৰেশ্যনৰ চ্চইছ্’ বুলি সততে তিৎকাৰী মাৰি ফুৰা আমাৰ চেঙেলীয়াসকলেই সাতামপুৰুষীয়া কলা-সংস্কৃতিক চিঙি-মোহাৰি ধূলিসাৎ কৰাৰ লগতে বিদেশী সংস্কাৰেৰে দেশত মেলা পাতিব সি খাটাং।

      
      অন্যহাতে, আজিকালিৰ অসমীয়া বিয়াসমূহতো মধ্য-ভাৰতৰ পৰম্পৰাৰদৰে ফটকা-ফুলজাৰী জ্বলো‌ৱা প্ৰথাটো কেতিয়াৰপৰা প্ৰ‌ৱৰ্তিত হ’ল জনা নাযায় । সেইদৰে বিয়াৰদৰে এটি মাংগলিক কাৰ্যটো আমাৰ বহু উতনু‌ৱাই ৰঙীণ পানীৰ নিচাৰে ৰঙীয়াল হৈ কাজিয়া, মাৰপিত কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো প্ৰায় স্বাভা‌ৱিক ঘটনা হৈ পৰিছে । ডেকা চামে উদ্যোগ লো‌ৱা সাংস্কৃতিক কাৰ্যসূচীবোৰতো পৰ্দাৰ সিপাৰে বহু অনৈতিক , অসামাজিক কাণ্ড-কলাপৰ উপৰিও মদ-জু‌ৱাৰ মুকলি বেহা চলে বুলি জানিব পাৰিছো । এনে সামাজিক-নৈতিক স্খলনৰ সময়ছো‌ৱাত জাতিক পোহৰাব পৰা ন-প্ৰজন্মক গঢ় দিয়াটো একোজন অভিভা‌ৱকৰ বাবে গধুৰ দায়িত্ব হৈ পৰিছে ।


আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...