লেখা অনুসন্ধান কৰক

Showing posts with label অসম লোকসে‌ৱা আয়োগ. Show all posts
Showing posts with label অসম লোকসে‌ৱা আয়োগ. Show all posts

Monday, June 1, 2015

লোকসে‌ৱা আয়োগৰ নিযুক্তি নিকা কৰাৰ স্বাৰ্থত ল’বপৰা কেইটামান ব্য‌ৱস্থা


যদিও কিছুবছৰৰ আগলৈকে অসমৰ মানুহে লোকসে‌ৱা আয়োগে পৰিচালনা কৰা পৰীক্ষাসমূহৰ প্ৰতি যথেষ্ট আস্থা প্ৰকাশ কৰিছিল, এতিয়া কিন্তু প্ৰায় সকলো‌ৱেই আয়োগৰদ্বাৰা নিযুক্তি লাভ কৰা প্ৰতিটো পদবীতেই টকা-পইচাৰ লেন-দেন বা স্বজন-প্ৰীতিৰ পয়োভৰ ঘটিছে বুলি ধাৰণা কৰি লৈছে । ই নিতান্তই স্বাভা‌ৱিক । যি আয়োগে নিকাভা‌ৱে মেধা‌ৱী ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ বিষয়-বাব গতাব পাৰিব লাগিছিল,  সেই আয়োগে দুৰ্নীতিত পোত গৈ কে‌ৱল নিজা ভা‌ৱমূৰ্তিহে যে ম্লান কৰিছে তেনে নহয়; সমগ্ৰ ৰাজ্যখনতে কিছু অকামিলা আৰু অযোগ্য প্ৰাৰ্থীক দায়িত্ব তথা ক্ষমতা প্ৰদান কৰি অসমৰ সামগ্ৰিক আ‌ৱহা‌ৱা কলুষিত কৰি পেলো‌ৱাত অগ্ৰণী ভূমিকা লৈছে । আমি ভা‌ৱোঁ যে কে‌ৱল আয়োগৰ শীৰ্ষপদস্থ বিষয়াসকলক সালসলনি কৰিলেই এনে এক দুৰ্নীতিৰ প্ৰক্ৰিয়া হঠাতে এদিন নাইকীয়া হৈ এটা নতুন নিকা ব্য‌ৱস্থাই গা কৰি উঠাটো সম্ভ‌ৱপৰ নহয়লংকালৈ যিয়ে যায়, সিয়ে ৰা‌ৱণ হো‌ৱাৰ দৰে এজন সৎ বিষয়াইও যে লাহে লাহে ব্য‌ৱস্থাটোৰ লগত সনা-পিতিকা হৈ দুৰ্নীতিত হাত উজান দিব পাৰে, তাৰ অ‌ৱকাশ সদায়েই থাকি যায়সেয়েহে ন্যায়পালিকাই এইক্ষেত্ৰত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোতে কিছু সালসলনি ঘটাই অলপ প্ৰযুক্তিগত পৰি‌ৱৰ্তন অনাটো খু‌ৱেই প্ৰয়োজনীয় আৰু বাঞ্চনীয় হৈ পৰিছে ।

       অভিযোগ উত্থাপিত হৈ আহিছে যে লিখিত পৰীক্ষাৰ উত্তৰ-বহীসমূহ পৰীক্ষাগৃহৰ বাদে অন্য ঠাইত নি লিখো‌ৱা হৈছে । এইধৰণৰ দুষ্কাৰ্যৰপৰা নিস্তাৰ পাবলৈ এটি পন্থা ইতিমধ্যেই ভাৰতীয় ষ্টেট বেংক বা অন্য বেংকসমূহৰ বাচনী পৰীক্ষাসমূহত যো‌ৱা ছয়-সাত বছৰৰপৰা অ‌ৱলম্বলন কৰি অহা হৈছে সেয়া হৈছে - লিখিত পৰীক্ষাসমূহ উত্তৰ-বহীৰ পৰি‌ৱৰ্তে কম্পিউটাৰত জমা দিব লাগিব, অৰ্থাৎ অনলাইন পৰীক্ষা । এইধৰণৰ পৰীক্ষাবোৰৰ ক্ষেত্ৰত সুৰক্ষাৰ বিষয়টোত অতি পৰিকল্পিত আৰু কাৰ্যকৰীভা‌ৱে গুৰুত্ব দিয়া হয় । প্ৰথম কথাটো হৈছে পৰীক্ষাৰ পাছত উত্তৰ-বহীসমূহ কোনো নিৰীক্ষকেই অন্য ঠাইলৈ নিব নো‌ৱাৰে, কাৰণ ইয়াত কোনোধৰণৰ অ’.এম.আৰ. পত্ৰ বা উত্তৰ লিখাৰ বাবে খালী বহীৰ যোগান ধৰা নহয় । প্ৰতিজন পৰীক্ষাৰ্থীক একোটাকৈ কম্পিউটাৰৰ সমুখত বহো‌ৱা হয় আৰু মাউচেৰে ক্লিক কৰাৰ লগেলগেই পৰীক্ষা আৰম্ভ হয় । পৰীক্ষাৰ্থীয়ে সকলো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কম্পিউটাৰৰ বুটন টিপি উত্তৰ দিব লাগে । এই ব্য‌ৱস্থাত এনে নহয় যে পৰীক্ষাৰ্থীয়ে এফালৰপৰা এটা এটাকৈ প্ৰশ্নৰ উত্তৰ কৰি যাব লাগিব আৰু এবাৰ উত্তৰ লিখাৰ পাছত শুধৰণিৰ কোনো সম্ভা‌ৱনীয়তা নাথাকিব । পৰীক্ষাৰ্থীজনে নিজৰ ইচ্ছামতে মাজৰ বা শেষৰ প্ৰশ্ন এটাৰ উত্তৰো আগতে কৰিব পাৰিব আৰু সময়ৰ ভিতৰত মিলাব পাৰিলে কোনো প্ৰশ্নৰ এবাৰ দিয়া উত্তৰটোও সালসলনি কৰিব পাৰিব । এনে অনলাইন পৰীক্ষাৰ প্ৰশ্নসমূহ মূলত: চাৰিটা বা পাঁচোটা উত্তৰৰ মাজৰ পৰা শুদ্ধটো বাছি উলিয়াবলগীয়া (Multiple Choice / Objective Type) ধৰণৰ হয় । যদিও এই ব্য‌ৱস্থাটোত পৰীক্ষাৰ্থীয়ে বহলাই লিখিবপৰাবিধৰ প্ৰশ্নকো সাঙুৰি লৈ প্ৰশ্নকাকত তৈয়াৰ কৰিব পৰা যায়, তথাপি যিহেতু উত্তৰটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কম্পিউটাৰত টাইপ কৰিহে দিব পাৰিব, সেয়ে এনে দীঘলীয়া উত্তৰৰ প্ৰশ্ন সোধা নহয় । কাৰণ সকলো পৰীক্ষাৰ্থীয়েই কম্পিউটাৰৰ টাইপিঙত পাৰ্গত হ’ব লাগিব বুলি আমি দা‌ৱী কৰিব নো‌ৱাৰি আৰু ই যুক্তিসংগতও নহয় । বহু লোকে নিশ্চয় ক’ব বিচাৰিব যে, কে‌ৱল বস্তুনিষ্ঠ প্ৰশ্নৰে এজন পৰীক্ষাৰ্থীৰ  প্ৰকৃত মেধাৰ পৰিচয় পো‌ৱাটো সম্ভ‌ৱপৰ নহয় আৰু সেয়েহে বৰ্ণনাত্মক প্ৰশ্ন অবিহনে এনে পৰীক্ষা মূল্যহীন । কিন্তু মগজুৰ পৰীক্ষা সন্দৰ্ভত যথেষ্ট অধ্যয়ন আৰু গ‌ৱেষণা কৰা বহু উন্নত দেশৰ গ‌ৱেষকে এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে যে প্ৰশ্ন সোধাৰ ধৰণ আৰু বিষয়-বস্তুৰ গভীৰতাক লৈ অলপ পৰিকল্পিতভা‌ৱে প্ৰশ্নকাকত তৈয়াৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ মেধাৰ প্ৰমাণ ল’বলৈ বস্তুনিষ্ঠ প্ৰশ্নক কোনোগুণেই মানবিহীন বুলি ক’ব নো‌ৱাৰি ।

       এইধৰণৰ অনলাইন পৰীক্ষাৰ বাবে চৰকাৰে কিছু অতিৰিক্ত খৰছ যে কৰিব লাগিব,সেয়া নিশ্চিত । কিয়নো, এনে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সৰহীয়া কম্পিউটাৰ ব্য‌ৱস্থা থকা কলেজ বা অনুষ্ঠান অসমৰ প্ৰতিখন জিলাতে নাই । গু‌ৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ দৰে কেইখনমান জিলাতহে এনে প্ৰতিষ্ঠান পো‌ৱাৰ সম্ভা‌ৱনা আছে । গতিকে আগৰেপৰা চলি অহাৰদৰে প্ৰতিখন জিলাতে পৰীক্ষা-কেন্দ্ৰ পতাটোতো কিছু সমস্যা আহি পৰিব । অন্যহাতে চুক্তিবদ্ধ হো‌ৱা অনুষ্ঠানটোকো বুজন পৰিমাণৰ ভাড়া আদায় কৰিব লাগিব । তথাপি , ছাত্ৰ-ছাত্ৰীৰ ভ‌ৱিষ্যত বা ৰাজ্যখনত সুস্থ পৰি‌ৱেশ এটা গঢ়ি তোলাৰ স্বাৰ্থত এনে এটা ব্য‌ৱস্থা চৰকাৰে হাতত লো‌ৱাটো অতিকেই অপৰিহাৰ্য । এই অনলাইন পৰীক্ষাত পৰীক্ষাৰ্থীজনৰ ফটো কেমেৰাৰে ধৰি ৰখাৰ ব্য‌ৱস্থা কৰা হয় । তাৰোপৰি ইয়াতকৈ বেছি ভাল ব্য‌ৱস্থা এটি হৈছে ‘ডিজিটেল ফিংগাৰপ্ৰিন্ট’ বা ‘ৰেটিনা স্কেন’ পদ্ধতি । এই পদ্ধতিৰে পৰীক্ষাৰ্থীজনৰ হাতৰ আঙুলিৰ চাপ বা চকুৰ ৰেটিনাৰ ফটো কম্পিটাৰত সংৰক্ষিত কৰা হ’ব যাতে কোনো ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ সলনি অন্য কোনো ব্যক্তিক পৰীক্ষাটোত অ‌ৱতীৰ্ণ হো‌ৱাই দুৰ্নীতি কৰিব নো‌ৱাৰে ।

       অন্যহাতে দেখা যায় যে, বহুক্ষেত্ৰত লিখিত পৰীক্ষাত কোনোধৰণৰ বেমেজালি কৰিব নো‌ৱাৰি বহুতো দুৰ্নীতিকাৰীয়ে মৌখিক পৰীক্ষাটোতেই ডাঙৰ ডাঙৰ অংকৰ হিচাপ-নিকাচবোৰ কৰিবলৈ লয় । কিয়নো লিখিত পৰীক্ষাত সৰ্বোচ্চ  নম্বৰ লাভ কৰিলেও যদি এজন প্ৰাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰত উত্তীৰ্ণ হ’ব নো‌ৱাৰে, তেন্তে তেওঁ নিৰ্দিষ্ট পদবীটোৰ বাবে কোনোপধ্যেই নিৰ্বাচিত হ’ব নো‌ৱাৰিব । অন্যহাতে লিখিত পৰীক্ষাত অলপ কম নম্বৰ পো‌ৱা এজন প্ৰাৰ্থীয়ে যদি মৌখিক পৰীক্ষাত বেছি নম্বৰ পাব পাৰে, তেন্তে তেওঁ নিৰ্বাচিতসকলৰ তালিকাত অন্তৰ্ভুক্ত হো‌ৱাৰ সম্ভা‌ৱনা প্ৰ‌ৱল । যদিও লিখিত পৰীক্ষাৰ তুলনাত এই মৌখিক পৰীক্ষাটোৰ নম্বৰ যথেষ্ট কম থাকে, তথাপি কিন্তু এই সকলো কথা চালি-জাৰি যদি লিখিত পৰীক্ষাৰ সমানে সমানে মৌখিক পৰীক্ষা বা সাক্ষাৎকাৰটোৰ পদ্ধতিটোতো কিছু সুৰক্ষাৰ মাপ লো‌ৱা হয়, তেন্তে দুৰ্নীতি হো‌ৱাৰ সম্ভা‌ৱনা কিছু কমাব পৰা যাব । যিহেতু ভাৰত চৰকাৰে ‘তথ্য জনাৰ আইন’যোগে সকলো তথ্য ৰাজহু‌ৱা কৰিবপৰা এটা ব্য‌ৱস্থা ইতিমধ্যেই কৰি থৈছে, গতিকে কোনো বেমেজালিৰ সৃষ্টি হ’লেই সাক্ষাৎকাৰসমূহৰো মূল্যাংকণৰ বিষয়ত আইনৰ ওচৰ চাপিব পৰা যাব। ইয়াৰ বাবে যদি চৰকাৰে অথবা ন্যায়পালিকাই প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে এটা বিশষ ব্য‌ৱস্থা হাতত ল’ব লাগিব, সেয়া হৈছে মৌখিক পৰীক্ষাটোৰ সমগ্ৰ সময়খিনিৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা । ই বৰ এটা ব্য‌য়বহুল বা কঠিন প্ৰযুক্তিৰ প্ৰক্ৰিয়া নহয় ।

অ‌ৱশ্যে এনে ধৰণৰ সুৰক্ষা ব্য‌ৱস্থা হাতত লো‌ৱাৰ পাছতো ক’ৰবাত নহয় ক’ৰবাত কিবা অলপ সুৰুঙা থাকি যো‌ৱাৰ অ‌ৱকাশ সদায়েই থাকিব আৰু সেই সুযোগবোৰতেই আমাৰ অভ্যস্ত কুটনীতিবিদ বা দুৰ্নীতিবিদসকলে হাতোঁৰা লগাবলৈ অনবৰত সাজু থাকে । কিন্তু এনে প্ৰযুক্তিগত ব্য‌ৱস্থাবোৰত সুবিধা এয়ে যে , মূল যন্ত্ৰ-পাতি যি ঠাইৰপৰা নিয়ন্ত্ৰণ কৰা হয়, যেনে চাৰ্ভাৰ-ৰুম বা দেটাবেচ-ৰুম ; সেই ঠাইবোৰত অধিক সুৰক্ষাৰ প্ৰতি যত্ন ল’লেই সমগ্ৰ প্ৰক্ৰিয়াটো‌ৱেই নিকা আৰু স্বচ্ছ কৰি ৰাখিব পৰা যাব বুলি আশা কৰিব পাৰি । অন্যহাতে পৰম্পৰাগতভা‌ৱে চলি অহা ব্য‌ৱস্থাটোৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো পৰীক্ষাকেন্দ্ৰৰ লগতে অন্যান্য সংশ্লিষ্ট সকলো ব্যক্তি তথা স্থানৰ ওপৰত বিশেষ নজৰ ৰখাটো প্ৰয়োজনীয় হৈ পৰে ।
ওপৰত উল্লেখিত সুৰক্ষা-ব্য‌ৱস্থাৰে পৰীক্ষা-পাতি চলাই নিবলৈ আমাৰ দেশত ইতিমধ্যে কেইবাটাও সংস্থাই কাম কৰি আছে । ‘টাটা কনচাল্টেন্সী চাৰ্ভিছ’ বা ‘‌ৱিপ্ৰো’ৰ দৰে শীৰ্ষস্থানীয়  স্বদেশী কোম্পানীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত জোঁট বান্ধি এনে উন্নতৰ সে‌ৱা দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰি আহিছে । আমি আশা কৰোঁ, অসম চৰকাৰেও এই বিষয়ত কিছু অধ্যয়ন কৰি  অচিৰেই এনে প্ৰযুক্তিগত সুৰক্ষা-ব্য‌ৱস্থা ৰাজ্যখনৰ নিযুক্তি-প্ৰক্ৰিয়াত অ‌ৱলম্বন কৰি ৰাইজৰ হেৰু‌ৱা আস্থা পুণৰুদ্ধাৰ কৰিব পাৰিব ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...