লেখা অনুসন্ধান কৰক

Showing posts with label চৰকাৰ. Show all posts
Showing posts with label চৰকাৰ. Show all posts

Monday, November 10, 2014

চৰকাৰী আঁচনিবোৰ সফল নহয় কিয়?



যো‌ৱা সপ্তাহত জিলা পৰ্যায়ৰ এখন চৰকাৰী বৈঠকত উপস্থিত থকাৰ সৌভাগ্য আমাৰ দ্বাৰা হৈছিল । বৈঠকৰ উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা প্ৰকল্পৰ সফল ৰূপায়ণৰ অৰ্থে জিলা পৰ্যায়ত এখন তদাৰকী সমিতি গঠন কৰা আৰু বৰ্তমানলৈকে বাস্ত‌ৱায়িত হো‌ৱা কাম-কাজখিনিত সমুখীন হো‌ৱা সুবিধা-অসুবিধাসমূহৰ পৰ্যালোচনা কৰা । চৰকাৰী নীতি-নিৰ্দেশনা মানিয়েই বৈঠকখনলৈ মুঠ ছজন বিষয়াক নিমন্ত্ৰণ কৰা হৈছিল । পঞ্চলিশ মিনিট সময়ৰ এই বৈঠকখনত মূল বিষয় সন্দৰ্ভত কৰা আলোচনাই কৰা স্থান পালে মাথো পাঁচ মিনিটৰ বাবে । বাকী চল্লিশ মিনিটত চলিল ঘৰু‌ৱা সমস্যা আৰু হাস্যৰসৰ আদ্দা তথা চাহ-জলপানৰ পৰ্ব । উপস্থিত আছিলো যেতিয়া নি:সন্দেহে আমিও সেই আদ্দাৰ  অংশগ্ৰহকাৰী আছিলো , কিন্তু চিনাকী-পৰ্ব আৰু দুই-এষাৰ এৰাব নো‌ৱাৰা কথাৰ বাদে  মিচিকীয়া হাঁহিৰে তাত এজন নীৰ‌ৱ দৰ্শকৰ ভূমিকাই লৈছিলো । কাৰণ, মোৰ বাহিৰে বাকী সকলো‌‌ৱেই পৰস্পৰৰ চিনাকী মানুহেই আছিল । এইখিনিতে উল্লেখ কৰিব পাৰি যে বৈঠকৰ মূল আহ্বানকাৰী বিষয়া সহিতে তাত চাৰিগৰাকী মহিলা উপস্থিত আছিল ।
          এতিয়া কথা হ’ল, এই নমুনাৰেই যদি এখন চৰকাৰী আঁচনি ৰূপায়ণ কৰা হয়,তেন্তে সি অসফল নহ’বই বা কিয়? চৰকাৰী কাৰ্য-ব্য‌ৱস্থাৰ সৈতে যো‌ৱা পাঁচ বছৰৰ পৰাহে জড়িত হো‌ৱাৰ সুযোগ পাইছো যদিও ব্যক্তিগত অভিজ্ঞতা ,ক্ষেত্ৰ –অধ্যয়ন আৰু পৰ্যবেক্ষণৰপৰা এই কথা নিশ্চিতভা‌ৱে ক’ব পাৰি যে আঁচনিসমূহৰ সঠিক আৰু সফল ৰূপায়ণৰ ক্ষেত্ৰত যিসকল আমোলা-বিষয়া তথা কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰা হয়, তেওঁলোকৰ অকৰ্মণ্যতা আৰু হেমাহীৰ বাবেই আজি দেশখনৰ ৰাজ্যিক পৰ্যায়ৰেই হওঁক অথবা কেন্দ্ৰীয় পৰ্যায়ৰে হওঁক, কোনো এটা আঁচনিয়েই সম্পূৰ্ণভা‌ৱে আৰু সুচাৰুৰূপে বাস্ত‌ৱায়িত হো‌ৱা নাই ; যাৰ বাবেই আমাৰ অগণন নাগৰিকে চৰকাৰী সা-সুবিধাসমূহ সঠিকভা‌ৱে পো‌ৱাৰপৰা বঞ্চিত হৈ আহিছে । সহকৰ্মী দুই চাৰিজনে এই মন্তব্য কৰাও শুনিছো‌ যে চৰকাৰী বৈঠক সমূহ বোলে মূলত: দুই প্ৰকাৰৰ । প্ৰথমবিধ হৈছে আমি ওপৰত উল্লেখ কৰা ধৰণৰ – অৰ্থাৎ চাহ-মিঠাই আৰু লঘু আহাৰত বিশেষ গুৰুত্ব দি বিষয় সন্দৰ্ভত ন্যুনতমখিনিহে আলোচনা কৰা আৰু দ্বিতীয়বিধ হৈছে  তাৰ সম্পূৰ্ণ ওলোটা । অৰ্থাৎ বিষয় সন্দৰ্ভত যথোচিত গুৰুত্ব দিয়া আৰু জলপানৰ নামত নামমাত্ৰ ব্য‌ৱস্থা কৰা । এই দ্বিতীয় ধৰণৰ বৈঠকত ভাগ লো‌ৱাৰ পিছত হেনো এনে লাগে যেন কাইলৈৰ পৰা দেশৰ প্ৰতিটো কোণতে সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে সকলো কাম-কাজ চলিব আৰু আঁচনি বা প্ৰকল্পটোৰ ৰূপায়ণত যেন একো‌ৱেই অসুবিধা নাহিব । কিন্তু দিন যো‌ৱাৰ লগে লগে শুনি ভাল লগা ,যথেষ্ট প্ৰতিশ্ৰতিবদ্ধ বক্তব্য ৰখা সকলো বিষয়াৰে ফোঁপোলা স্বৰূপটো ওলাই পৰে আৰু আঁচনিবোৰ পুণৰ ধোঁৱাচাঙত উঠে । অথচ, কাগজে-কলমে সকলো সঠিক আৰু পুৰ্ণোদ্যমে চলি থাকে ,যেন অ‌ৱজ্ঞা আৰু বিলম্বৰ চিন-মোকাম ক’তো‌‌ৱেই নাই !
          অসমত চৰকাৰী আঁচনিসমূহ সমূলি ৰূপায়িত হো‌ৱা নাই বুলি আপুনি পোনচাতেই কৈ দিবও নো‌ৱাৰে । প্ৰতিটো আঁচনিয়েই চেকা-চোৰোগাকৈ অসমত চলি আছে । প্ৰতিখন আঁচনিৰ খতিয়ান যদি আপুনি মুখ্য বিষয়াৰ পৰা বিচাৰে ,তেন্তে তেওঁ তথ্য সম্বলিত এখন ডাঙৰ তালিকা আপোনাক উপহাৰ দিব যাৰ পৃষ্ঠাই পৃষ্ঠাই সফলতাৰ নিদৰ্শন দেখা পাব । কিন্তু যাৰ হিতাৰ্থে এই আঁচনিসমূহ প্ৰস্তুত কৰা হয়, তেওঁলোকেহে আপোনাক সঠিক উত্তৰটো দিব পাৰিব - ইয়াৰ জৰিয়তে কিমান লাভান্বিত হৈছে তেওঁলোক । অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এইটো‌ৱেই হৈছে আটাইতকৈ ডাঙৰ সমস্যা । পাইয়ো যেন একো নাপায় হিতাধীকাৰীসকলে ।
আঁচনি এখন নিৰ্ধাৰণ আৰু প্ৰণয়ণ কৰোতে চৰকাৰে  ‘উচ্চৰ-পৰা-নিম্নলৈ’(Top-to-Bottom) ৰীতিৰে আলোচনা বা পৰীক্ষা-নিৰীক্ষাসমূহ কৰি কে‌ৱল উচ্চ-পদস্থ বিষয়াৰ মাজতে সিদ্ধান্তসমূহ গ্ৰহণ কৰে আৰু তেওঁলোকৰ ইচ্ছা-অনিচ্ছামতেই আঁচনিৰ নীতি-নিয়মসমূহ ধ্যাৰ্য কৰা হয়।           কিন্তু এই ব্য‌ৱস্থাত প্ৰণালীগত কিছু আঁসো‌ৱাহ থাকি যো‌ৱাৰ অ‌ৱকাশ সদায়েই থাকে ,কাৰণ উচ্চ-পদস্থ বিষয়াসকলে চৰকাৰী কাৰ্যালয়ৰ একেবাৰে নিম্ন স্তৰত,য’ত হিতাধীকাৰীসকলৰ যোগাযোগ চৰকাৰী কৰ্মচাৰীৰ সতে হয় - তাত কিদৰে কাৰ্যসূচী ৰূপায়িত হয় তাৰ একো ভূ-ভা নাপায় । সেয়েহে আমাৰ বোধেৰে , নাগৰিকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা যিকোনো সে‌ৱা (G2C--Government to Citizen Service) প্ৰণয়ণ কৰাৰ আগেয়ে নাগৰিকৰ সতে যোগাযোগ কৰি তেওঁলোকৰ মতামত আৰু পৰামৰ্শ লো‌ৱাটো অতিকেই জৰুৰী । এনেকৈ অতি-নিম্ন-স্তৰ (Grass-Root Level) ত অধিক গুৰুত্ব দি ‘নিম্নৰ-পৰা-উচ্চ’(Bottom-to-Top) ৰীতিৰে এটা আঁচনি প্ৰণয়ন কৰিলেহে সি সম্পূৰ্ণভা‌ৱে সফল হো‌ৱাৰ সম্ভা‌ৱনা থাকে বুলি ক’ব পাৰি । কাৰণ, ভাৰতবৰ্ষত যিকোনো ক্ষেত্ৰতে দুৰ্নীতি আৰম্ভ হয় অতি তলৰপৰাই । য’ত সে‌ৱাৰ প্ৰাপ্তি-স্থল(Service Delivery Point),তাত যদি আমি দুৰ্নীতি নিৰ্মূল কৰিব পাৰো,তেন্তে সমগ্ৰ ব্য‌ৱস্থাটোৰপৰাই যি ই আঁতৰি যাব,সি নিশ্চিত ।
কো‌ৱা হয় যে , ঘোঁচ দিয়া আৰু লো‌ৱা দুয়োজন সমানেই দোষী । কথাটো নোহো‌ৱাও নহয় । কাৰণ সাধাৰণ নাগৰিকে কোনো চৰকাৰী সে‌ৱা ল’বলৈ যাওঁতে তেওঁ যদি কোনো ধৰণৰ উপঢৌকন কৰ্মচাৰীজনক নেযাঁচেই তেন্তে দেখোন এই ঘোঁচ বোলা বস্তুটোৰ উদ্ভ‌ৱ হ’বলৈকে নাপায় ! কিন্তু সমস্যাটো হয় ইয়াতেই যে, আমাৰে কোনোবা এজনে এবাৰ এই ব্য‌ৱস্থাটোৰ আৰম্ভণি কৰি থৈ আহে আৰু সি বছৰ বছৰ জুৰি চলিব ধৰে । আনফালে বাহিৰা পইচা পো‌ৱাৰ ৰাস্তাটো দেখা পাই কৰ্মচাৰীজনে আন ৰাষ্টাৰে একেবাৰে বাট নোবোলাই হয় । তাৰ ফলত একোজন সৎ নাগৰিকেও প্ৰয়োজনীয়তাৰ খাতিৰত উপঢৌকন আগবঢ়াবলৈ বাধ্য হয় । এই ঘোঁচ দিয়া-লো‌ৱাটো‌ৱেই আজিৰ ভাৰতীয় সংস্কৃতিৰ অংগ হৈ পৰিছে । যেতিয়ালৈকে এনে ব্যাধি সমাজৰ পৰা আমি গুচাব নো‌ৱাৰিম তেতিয়ালৈকে কোনো এটা চৰকাৰী আঁচনিৰ সুবিধায়েই প্ৰকৃততে পাবলগীয়াজনে নাপাব বা পালেও টকাৰ বিনিময়তহে পাব । গতিকেই এই ক্ষেত্ৰত চৰকাৰৰ লগতে সৰ্বসাধাৰণ নাগৰিকৰো যথেষ্ঠখিনি কৰণীয় আছে । প্ৰতিজন ভাৰতীয়ই এই কথা বুজি পো‌ৱা উচিত যে টকা-সিকি দি কোনো চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ যো‌ৱা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।
চৰকাৰেও দুৰ্নীতিৰ প্ৰতি কঠোৰ হ’ব পৰাকৈ নাগৰিকক ন্যায়িক ক্ষমতা প্ৰদান কৰা উচিত । এই ক্ষেত্ৰত ‘তথ্য-জনাৰ-অধিকাৰে’  যদিও জনসাধাৰণক যথেষ্টখিনি সহায় কৰিছে ,তথাপি কিছু ক্ষেত্ৰত দেখা যায় যে এনে  আ‌‌ৱেদনৰ প্ৰতিও বহু বিষয়াই আওকাণ কৰে আৰু ফলত সঠিক তথ্যৰ যোগেদি পাবলগীয়া ন্যায়ৰ পৰা নাগৰিকজন বঞ্চিত হয় । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশানুসৰি প্ৰতিটো চৰকাৰী কাৰ্যালয়তে নাগৰিকৰ বাবে প্ৰাপ্য সে‌ৱা সমূহৰ খতিয়ান(Citizen-Charter) কাৰ্যালয়ৰ বাহিৰত স্পষ্টভা‌ৱে আঁৰি থো‌ৱা দৰকাৰ যদিও এয়া কে‌ৱল কাগজৰ নিৰ্দেশনা হৈয়েই পৰি থকা পৰিলক্ষিত হয় । অন্যহাতে প্ৰতিটো বিভাগতেই নাগৰিকৰ অভিযোগ খণ্ডন কোষ (Grievance Redressal Cell) চৰকাৰে গঠন কৰি দিছে যদিও এই কোষবোৰৰপৰা সদুত্তৰ পো‌ৱ‌াৰ উদাহৰণ খুব কমেইহে দেখা যায় । কৰ্মকৰ্তাৰ অমনোযোগিতাকেই কে‌ৱল দোষাৰোপ কৰিলেও নহ’ব , আমি কেইজনেনো এইবিষয়ে সঠিকভা‌ৱে জানো,সেয়াও চাব লাগিব । এজন বিষয়া বা কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰিলে বা নাগৰিকক সঠিকভা‌ৱে সে‌ৱা আগবঢ়ো‌ৱাত কৃপণালী কৰিলে তেখেতৰ উৰ্ধতৰ কোনগৰাকী বিষয়াক কেনেদৰে জনাব লাগিব,সেয়া আমাৰ শিক্ষিত বহুতো নাগৰিকেও ভালদৰে নাজানে ।
    ক’ব পাৰি যে,চৰকাৰী আঁচনিসমূহ অসফল হো‌ৱাৰ মুখ্য কাৰকটো হৈছে ক) বিষয়া-কৰ্মচাৰীৰ কাম-কাজৰ উচিত তদাৰকী ব্য‌ৱস্থা এটাৰ অভা‌ৱ  আৰু ইয়াৰ লগতে খ) বিভাগ এটাৰ তলৰপৰা ওপৰলৈকে সকলো স্তৰতে থাকিবলগীয়া আনুষ্ঠানিক-সমন্বয়‌ আৰু আন্ত:বিভাগীয় সহযোগিতাৰ অভা‌ৱ। এখন আঁচনি ৰূপায়িত হওঁতে নানা স্তৰত নানা পদবীৰ বিষয়ববীয়া জড়িত হৈ থাকে । এই সকলো কৰ্মচাৰীৰ নিষ্ঠাবান অৰিহণাৰেহে এখন আঁচনিয়ে সফলতাৰ মুখ দেখিব পাৰে । গতিকেই সকলো‌ৰে মাজত এটা সমন্বয় বৰ্তি থকাটো অতি প্ৰয়োজনীয় । কিন্তু চৰকাৰী কাৰ্যালয়বোৰত ইয়াৰ বিপৰীতে ইজনে সিজনৰ দোষ খুঁচৰা, আনুষ্ঠানিক অসহযোগ কৰা,ৰাজনৈতিক বৈষম্যৰ সৃষ্টি কৰা ইত্যাদি এশ-এবুৰি ওলট-পালট কাণ্ড-কাৰখানা দেখা পো‌ৱা যায় । আৰু বহুক্ষেত্ৰত যিহেতু এটা আঁচনিৰ লগত  কেইবাটাও বিভাগ জড়িত হৈ থাকে, গতিকে তেনেক্ষেত্ৰত আন্ত:বিভাগীয় সহযোগিতা অবিহনে কোনো কামেই সহজভা‌ৱে সম্পন্ন হো‌ৱাৰ আশা কৰিব নো‌ৱাৰি।
আমাৰ দেশত চৰকাৰী বিভাগ এটাই যিমান কাম কৰিব পাৰে,তাতোকৈ হাজাৰগুণে বেছি কাম অতি কম সময়তে কৰি পেলাব পাৰে এটা ব্যক্তিগত কোম্পানীয়ে । আৰু এই কথাটো ইমানেই সঁচা যে বৰ্তমানে চৰকাৰেও গুৰুত্বপূৰ্ণ বহু কাম নিজা কৰ্মচাৰীৰ সলনি ব্যক্তিগত কোনো কোম্পানীৰ হতু‌ৱাই কৰো‌ৱাতহে গুৰুত্ব আৰোপ কৰিছে । আপোনালোকে নিশ্চয় দেখিছে , ‘অৰুণোদয় কেন্দ্ৰ’ৰ যোগেৰে এজন নাগৰিকে প্ৰয়োজনীয় ভিন্ন ৰকমৰ চৰকাৰী প্ৰমাণ‌-পত্ৰ অতি কম সময়তে পাব পাৰে । এই কামটো হৈছে ‘চৰকাৰ-আৰু-ব্যক্তিগত খণ্ডৰ- বুজাপৰা’(Public-Private-Partnership)ৰ এক উদাহৰণ । ঠিক সেইদৰে ভাৰতীয় পাৰপত্ৰ বা পাছপোৰ্টৰ বাবেও ‘টাটা কনছাল্টটেন্সী চাৰ্ভিছ’ নামৰ কোম্পানীটোৰপৰা বহুখিনি কাম-কাজ চৰকাৰে আদায় কৰিছে । এইধৰণৰ কোম্পানীবোৰত নিয়াৰি ভা‌ৱে আৰু সময়মতে কাম হো‌ৱাৰ প্ৰধান কাৰণ হৈছে তাত থকা সঠিক তদাৰকী ব্য‌ৱস্থা । ‘টাৰ্গেট’ (লক্ষ্য) আৰু ‘ডেড-লাইন’(সময়-সীমা) কোম্পানীৰ কৰ্মচাৰী এজনৰ বাবে এনে দুটি ভয়ংকৰ অস্ত্ৰ যাৰ বিনিময়তে সকলো কাম সঠিক সময়ত সম্পূৰ্ণ হো‌ৱাটোৰ নিশ্চয়তা প্ৰদান কৰিব পাৰি অথচ এইকেইটা শব্দ কি বস্তু, খায় নে পিন্ধে ;সেয়া চিনিও নাপায় কোনো এজন চৰকাৰী কৰ্মচাৰীয়ে । ইয়াৰ ফলতেই আনকি কাৰ্যালয়ত উপস্থিত থকাৰ পিছতো চৰকাৰী কাম এটা কোনোপধ্যেই আগনাবাঢ়ে । চৰকাৰী কাৰ্যালয়বোৰত ব্য‌ৱস্থাপকৰ হেঁচা নাথাকে বাবেই আজি কৰিবলগীয়া কামটো কাইলৈৰ বাবে বা বছৰ বছৰৰ বাবে পৰি থাকে ; কাৰণ কাম কৰক বা নকৰক, তেওঁ দৰমহাৰ টকাকেইটা ঠিকমতে পাবই ।
ক’ব নো‌ৱাৰি যে একোজন আই.এ.এছ. বা এ.চি.এছ. বিষয়াই নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰে । দেখা-শুনাকৈ কৰা গাফিলতিসমূহ বাদ দিলেও এখেতসকলৰ এনে কিছুমান অমনোযোগিতা বা অ‌ৱজ্ঞা দেখা পো‌ৱা যায় যাৰ জৰিয়তে দুৰ্নীতি হো‌ৱাৰ সম্ভা‌ৱনাক নুই কৰিব নো‌ৱাৰি । এজন প্ৰশাসনিক বিষয়াই এটা চহী কৰি অনুমোদন জনালেহে এটা কামৰ বাবে ধ্যাৰ্য হো‌ৱা ধন মুকলি হয় । তেনেক্ষেত্ৰত সেই কাম স্বচক্ষে পৰ্যবেক্ষণ কৰি সন্তুষ্টিৰ ভিত্তিতহে অনুমোদন কৰা বা নকৰাৰ সিদ্ধান্ত লো‌ৱাৰ অধিকাৰ চৰকাৰে তেওঁক দিছে । কিন্তু কাম পৰ্যবেক্ষণ নকৰাকৈয়ে চহী কৰি অনুমোদন জনো‌ৱা মানেও একপ্ৰকাৰৰ দুৰ্নীতিয়েই হয় । ঠিক সেইদৰে উচ্চস্তৰীয় কিছুমান কাম-কাজ নিজে নকৰি সহায়কাৰীৰ হতু‌ৱাই কৰাটোতো সততাৰ ইফাল-সিফাল হো‌ৱাৰ সম্ভা‌ৱনা লুকাই থাকে ।
          অনাগত দিনত আমি আশা কৰোঁ,চৰকাৰী কৰ্মচাৰীয়েও যেন অন্য নহ’লেও নিজৰ চাকৰিটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নিষ্ঠাৰে কৰ্তব্য পালন কৰিব আৰু জনসাধাৰণেও দুৰ্নীতিমুক্ত প্ৰগতিশীল ভাৰত এখন গঢ়িবলৈ চৰকাৰক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াব ।  
      বি.দ্ৰ. :- লেখাটোত প্ৰকাশিত মন্তব্য লেখকৰ সম্পূৰ্ণ ব্যক্তিগত ।


Monday, June 9, 2014

“চৰকাৰে কম্পিউটাৰৰ সলনি কিতাপ-বহী দিয়ক!"



মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই যো‌ৱা ইং. ২০০৫ বৰ্ষৰ মাৰ্চ মাহত বিধানসভাৰ মজিয়াত ‘আনন্দৰাম বৰু‌ৱা বঁটা’ নামৰ এক অভিন‌ৱ বঁটাৰ কথা ঘোষণা কৰে আৰু সেইবছৰৰ পৰাই অসম চৰকাৰে এই বঁটা আজিপৰ্যন্ত প্ৰদান কৰি আহিছে । আৰম্ভণিতে এই বঁটা অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) অনুষ্ঠিত কৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হো‌ৱা শিক্ষাৰ্থীসকলক দিয়া হৈছিল যদিও,  যো‌ৱা ইং. ২০০৮ বৰ্ষৰপৰা  হাইমাদ্ৰাছাসমূহৰ চূড়ান্ত  পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো এই বঁটাৰ অন্তৰ্গত সামৰি লো‌ৱা হৈছে । বঁটাটিত আছে এখনি মানপত্ৰ আৰু এটা কম্পিউটাৰ । ইং.২০০৯ বৰ্ষৰপৰা এই কম্পিউটাৰৰ সলনি একোটিকৈ ‘লেপটপ’ দিয়াৰ ব্য‌ৱস্থা কৰা হয় আৰু বৰ্তমানে ৫০%ৰ ওপৰত পো‌ৱা অথচ প্ৰথম বিভাগ নো‌প‌ো‌ৱা ছাত্ৰ-ছাত্ৰীসকলকো এই বঁটাৰ অধীনত একোটাকৈ ‘মিনি লেপটপ’ বা ‘নোটবুক’ দিয়াৰ বন্দো‌ৱস্ত কৰা হৈছে । চৰকাৰী তথ্যমতে এতিয়ালৈকে প্ৰায় ডেৰ লাখটা কম্পিউটাৰ/নোটবুক এই বঁটাৰ শিতানত প্ৰদান কৰা হৈছে ।

অভূতপূৰ্ব এই বঁটাটিৰ প্ৰ‌ৱৰ্তনে কোনসকলক উপকৃত কৰিছে সেয়া যদি আমি পৰ্যালোচনা কৰিবলৈ যাওঁ, তেন্তে ক’ব লাগিব যে নি:সন্দেহে চৰকাৰে ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ অন্তৰ জয় কৰাত কিঞ্চিৎ হ’লেও সফলতা লাভ কৰিছে,কিয়নো আজিৰ এই মহঙা দিনত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কম্পিউটাৰ এটা নিজে কিনি ব্য‌ৱহাৰ কৰাটো ইমান এটা সহজ কথা নহয় ।

তথ্য-প্ৰযুক্তিৰ চূড়ান্ত উন্নতি আৰু প্ৰসাৰৰ এই যুগত কম্পিউটাৰে যে আমাৰ দৈনন্দিন জী‌ৱনতো অবিশ্বাস্যভা‌ৱে প্ৰভা‌ৱ বিস্তাৰি আছে ,সি অনস্বীকাৰ্য । মোবাইল ফোনত গান ভৰো‌ৱা,আৱেদন-পত্ৰৰ ডি.টি.পি. কৰা,পাছপোৰ্ট ফটো উলিও‌ৱা,ৰেলৰ টিকট কিনা ইত্যাদিৰ পৰা আৰম্ভ কৰি মহাকাশযানৰ উৎক্ষেপনলৈকে সকলোতে এই কম্পিউটাৰ নামৰ যন্ত্ৰবিধ বহুল ভা‌ৱে ব্য‌ৱহৃত হৈ আহিছে । সঁচা কথা ক’বলৈ গ’লে  উদ্ভা‌ৱন হো‌ৱাৰে পৰা আজিলৈকে কম্পিউটাৰৰ ব্য‌ৱহাৰেই মান‌ৱ-জাতিৰ প্ৰগতিৰ হাৰক উচ্চমুখী কৰি ৰাখিছে  ।কৃষি-কৰ্ম,বিজ্ঞান,আধুনিক কলা,শিক্ষাজগত,প্ৰতিৰক্ষা,চিকিৎসা,চলচ্চিত্ৰ-বিনোদনকে আদি কৰি এনে এটা ক্ষেত্ৰ নাই য’ত কম্পিউটাৰৰ প্ৰয়োগ হো‌ৱা নাই ।

সেই হিচাপে চাবলৈ গ’লে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে । তাৰ বাবে চৰকাৰক আমি অন্তৰৰ পৰা  ধন্যবাদ জনো‌ৱা উচিত ।  কিন্তু আমি যদি অসমৰ প্ৰেক্ষাপটত,জাতীয় জী‌ৱনৰ প্ৰকৃত ছবিখনৰ মাজেৰে বঁটাটিৰ যথোপযুক্ততা চালি-জাৰি চাওঁ, তেন্তে ক’ব লাগিব যে –আনন্দৰাম বৰু‌ৱা বঁটা অসম চৰকাৰৰ ৰাজনৈতিক মুনাফা লাভৰ এক হাথিয়াৰ মাত্ৰ যি বৰ্তমানে এক ভেকোঁভাওনাত পৰিণত হৈছে । এটা জৰীপ কৰিলে এনে বহু পৰিয়ালৰ কথা পোহৰলৈ আহিব ,যিসকলে হয়তো চৰকাৰৰ পৰা পুৰষ্কাৰ হিচাপে পো‌ৱা কম্পিউটাৰটো মাত্ৰ এদিনৰ বাবেও ব্য‌ৱহাৰ কৰিব নো‌ৱাৰি প্ৰদৰ্শনীৰ সামগ্ৰী হিচাপে নিজৰ চ’ৰাঘৰ শু‌ৱনি কৰি সজাই থ’বলগীয়াত পৰিছে । যিমূহুৰ্তত অসমৰ হাজাৰ হাজাৰ গাঁও এতিয়াও বিদ্যুতৰ সুবিধাৰপৰা বঞ্চিত হৈ আছে, সেই সময়ত বিনামূলীয়া কম্পিউটাৰ প্ৰদান একপ্ৰকাৰৰ প্ৰহসন নহয় যদি কি ?

সেইদৰে আন বহুতেই আকৌ ইয়াক কে‌ৱল চলচ্চিত্ৰ তথা বিহুৰ ভিচিডি চাবৰ বাবেই ব্য‌ৱহাৰ কৰি আহিছে । অন্য যন্ত্ৰবোৰৰ দৰেই কম্পিউটাৰো এটা পাৰ্থিৱ যন্ত্ৰই মাথোন,যাৰ চালনা-বিদ্যা আয়ত্ব নকৰাকৈ তাক কোনো কামতেই লগাব নো‌ৱাৰি । আৰু ই এটা কেলকুলেটৰ বা টিভিৰ ৰিমোটৰ দৰে অতি সহজ যন্ত্ৰও নহয় যে আনুষ্ঠানিক শিক্ষা নোহো‌ৱাকৈয়ে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াৰ ব্য‌ৱহাৰ ঘৰতে বহি শিকি ল’ব পাৰিব । বিদেশৰ কথাতো বাদেই, আমাৰ ভাৰতবৰ্ষৰে বিভিন্ন প্ৰগতিশীল ৰাজ্যত দেখা প‌ো‌ৱা যায় যে কম্পিউটাৰৰ শিক্ষা প্ৰাথমিক শ্ৰেণীৰে পৰা প্ৰতিজন শিশুকে দিয়া হয় আৰু তেনে শিক্ষাৰ্থীয়ে মজলীয়া বিদ্যালয়তে কম্পিউটাৰৰ উচ্চ-স্তৰীয় ধ্যান-ধাৰণাবোৰ আয়ত্ব কৰে । গতিকে আমাৰ অসম মুলুকতো অন্ত:ত পঞ্চম শ্ৰেণীৰপৰা প্ৰতিখন বিদ্যালয়তে কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় । চৰকাৰে এই বিষয়ক দুই-এক  আঁচনি যুগুত কৰি ৰূপায়ণো কৰিছে যদিও ই অসমৰ প্ৰতিখন বিদ্যালয়কে সামৰি ল’ব পৰা নাই ।

বঁটাটিৰ প্ৰাসংগিকতাৰ ক্ষেত্ৰত সবাতোকৈ ডাঙৰ কথাটো হ’ল , মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ এজন শিক্ষাৰ্থীৰ বাবে এই পুৰষ্কাৰ যিমান প্ৰয়োজনীয় তাতোকৈ বেচি প্ৰয়োজনীয় আছিল এজন স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বাবেহে ; যিসকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰে কিন্তু একো ব্য‌ৱস্থা হাতত লো‌ৱা নাই । আমাৰ শৈক্ষিক পাঠ্যক্ৰমতো কম্পিউটাৰৰ ব্য‌ৱহাৰ কৰি প্ৰস্তুত কৰিবলগীয়া নানা প্ৰকল্প,আ‌ৱেদন বা চেমিনাৰ আদি উচ্চতৰ মাধ্যমিকতকৈ ওপৰৰ স্তৰতহে  সন্নিবিষ্ট হৈ আছে ।

আৰু যদি আমি অলপ প্ৰযুক্তিগত দিশৰ পৰা লক্ষ্য কৰোঁ, চৰকাৰে দিয়া এই কম্পিউটাৰবোৰৰ চফ্ট‌ৱেৰ অথবা হাৰ্ড‌ৱেৰতো কিছু আঁসো‌ৱাহ বিচাৰি পাওঁ । ‘মুক্ত চফ্ট‌ৱেৰ’ৰ ওপৰত গুৰুত্ব দি চৰকাৰে এই কম্পিউটাৰবোৰত ‘লিনাক্স অপাৰেটিং চিষ্টেম’ দিছে । সামগ্ৰিক ভা‌ৱে চাবলৈ গ’লে ই বহুত ভাল কথা যে এনে মুক্ত চফ্ট‌ৱেৰবোৰৰ ওপৰত আমি গুৰুত্ব দি তাক শিকি-বুজি ব্য‌ৱহাৰ কৰিলে  চফ্ট‌ৱেৰ ব্য‌ৱসায়ত ৰাজত্ব কৰা কোম্পানীসমূহৰ একছত্ৰী শাসনৰ ওৰ পৰিব ।কম্পিউটাৰৰ বিশেষ শিক্ষা লো‌ৱা শিক্ষাৰ্থী সকলক বাদ দি যদি আমাৰ যিকোনো অফিচ –কাছাৰীলৈ যাওঁ দেখা পাম যে সাধাৰণ কম্পিউটাৰ-সাক্ষৰ লোক এজনে এই ‘লিনাক্স অপাৰেটিং চিষ্টেম’ৰ বিষয়ে ন্যূনতমখিনিও নাজানে অ‌ৱশ্যে শুনিবলৈ বেয়া লগা এটা সঁচা কথা হ’ল এয়ে যে , অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ BE, MCA ডিগ্ৰীধাৰী কম্পিউটাৰ ইঞ্জিনীয়াৰ এজনৰো এই লিনাক্স অপাৰেটিং চিষ্টেমৰ বিষয়ে জ্ঞান তেনেই সীমিত থাকে । লিনাক্সৰ কঠিন User-Interface আৰু Command লিখি কাম সম্পাদন কৰিবলগীয়া  গুণৰ বাবেই ই অতি কম জনপ্ৰিয় ।  তাৰ পৰি‌ৱৰ্তে বহুল প্ৰচলন আৰু কাম কৰাৰ সুবিধাৰ বাবে কম্পিউটাৰ শিকিবলৈ আৰম্ভ কৰা এজন লোকে প্ৰথমে সেয়ে Microsoft Windows OS ত হে কাম কৰিবলৈ বিচাৰে । কাজেই বটাঁ হিচাপে পো‌ৱা এই কম্পিউটাৰটোত শিক্ষাৰ্থীজনে নিজাববীয়াকৈ হাজাৰ টকা খৰছ কৰি Microsoft Windows OS ভৰাই লয়, নতুবা একো কাম নকৰাকৈ পেলাই থৈ দিয়ে , আৰু নতুবা চাৰি-পাঁচ হাজাৰ টকাৰ বিনিময়ত বিক্ৰি কৰি দিয়ে ।

নতুনকৈ  সংযোজন ঘটো‌ৱা উচ্চ দ্বিতীয় বিভাগত উত্তীৰ্ণ সকলৰ বাবে যি নোটবুক দিয়া হৈছে , সেইবোৰ HP, DELL, ACER ,SONY বা আন কোনো জনপ্ৰিয় বিখ্যাত কোম্পানীৰ সলনি  কোনো এক অখ্যাত কোম্পানীৰ দ্বাৰা প্ৰস্তুত ,যাৰ সে‌ৱা-কেন্দ্ৰ অসমত নাই । গতিকে এনে অখ্যাত কোম্পানীৰ সতে কেনেধৰণৰ চুক্তিৰে এই বেচা-কিনা চলিছে,সেয়াও সন্দেহৰ আ‌ৱৰ্তত ।

এই বটাঁৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অপবাদটো হৈছে, ই শিক্ষাক্ষেত্ৰত ল’ৰা-ছো‌ৱালীৰ মাজত প্ৰতিযোগিতাৰ মনোভা‌ৱ মুঠেও বঢ়াব পৰা নাই ; বৰঞ্চ  ই পৰোক্ষভা‌ৱে তাৰ ওলোটা ফল হে দিছে ।  চৰকাৰী তথ্যতে(উৎস: http://www.amtron.in/htmls/Anundoram-barooah-award.html            ) স্পষ্টভা‌ৱে প্ৰকাশ যে ২০০৫ বৰ্ষত প্ৰথম বিভাগ উত্তীৰ্ণ মুঠ ছাত্ৰ-ছাত্ৰী ১২,৭৫৬ জনৰ বিপৰীতে এই সংখ্যা ২০০৬ আৰু ২০০৭ বৰ্ষত ক্ৰমে ১৩,৪৯৩ আৰু ১২,৬৯২ জন হয় ( ৱশ্যে ২০০৮ বৰ্ষত ১৭,৩৩১ জনে কম্পিউটাৰ লাভ কৰিছিল যদিও ইয়াত হাই-মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত আছিল ) বৰ্তমান সময়ত শতকৰা ৯০-৯৫ পাইয়ো এজন শিক্ষাৰ্থীয়ে ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে হাবাথুৰি খাব লগীয়া হয় ।কাৰণ আজিকালি প্ৰতিযোগিতাৰ যুগ । এই সময়ত চৰকাৰে মাত্ৰ ৫০% নম্বৰেৰে উত্তীৰ্ণ হ’লেই যদি সাদৰেৰে পুৰষ্কৃত কৰে, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে সিমান খিনিক লৈয়েই অতি সন্তুষ্ট হ’বলৈহে শিকে , অধিক ভাল ফলাফলৰ বাবে চেষ্টা কৰাৰ হেঁপাহ তেওঁলোকৰ কেতিয়াও নাবাঢ়ে । আমি আচৰিত হওঁ, ন-শিক্ষাৰ্থীক উভোতনি উৎসাহ জগোৱা এয়া কেনে চৰকাৰী পৃষ্ঠপোষকতা ?এনে ভেঁকোভাওনাৰ সলনি চৰকাৰে যদি সঁচাকৈয়ে ৰাজ্যখনৰ বিজ্ঞান তথা তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনলৈ গুৰুত্ব দিলেহেঁতেন তেন্তে কৰ্ম-সংস্থানৰ সন্ধানত বছৰি বাহিৰলৈ ওলাই যো‌ৱা ৰাজ্যখনৰ মেধা‌ৱী ছাত্ৰ-ছাত্ৰীসকলে আজি নিজ জন্মভূমিতে প্ৰযুক্তিৰ সৎ প্ৰয়োগেৰে প্ৰগতিৰ হকে কাম কৰিব পাৰিলেহেঁতেন ।

আমাৰ প্ৰস্তা‌ৱ, চৰকাৰে যদি এই বঁটা একান্তই প্ৰচলন কৰি ৰাখিব খুজিছে, তেন্তে মেট্ৰিক বা হাইমাদ্ৰাছাত শীৰ্ষ স্থান লাভ কৰা কেইজনক বিশেষ সাহায্য আৰু প্ৰথম বিভাগ অধিকাৰ কৰা সকলক উচ্চতৰ মাধ্যমিকৰ সমুদায় পাঠ্যপুথি,বহী,বেগ,জোতা-মোজা,পেঞ্চিল-কলম আৰু মহাবিদ্যালয়ৰ মাচুল দিয়ক ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...