লেখা অনুসন্ধান কৰক

Showing posts with label ছাত্ৰ-ছাত্ৰী. Show all posts
Showing posts with label ছাত্ৰ-ছাত্ৰী. Show all posts

Wednesday, March 25, 2015

গু‌ৱাহাটী বিশ্ববিদ্যালয়ত সঁচাই শৈক্ষিক পৰি‌ৱেশ আছে নে?



গু‌ৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰায় এবছৰ পাছতো বৰ্তমানেও ছাত্ৰা‌ৱাস আৰু ছাত্ৰীনি‌ৱাসসমূহত কৰ্তৃপক্ষৰ দৃষ্টিৰ পৰা আঁতৰত পৰোক্ষভা‌ৱে ‘ৰেগিং’ চলি থকা কাৰ্যটো‌ৱে অভিভা‌ৱকৰ লগতে সচেতনমহলৰো চকু কপালত তুলিছে । ইতিমধ্যে একাধিক ভুক্তভোগী ছাত্ৰই সৎসাহসেৰে সংবাদ মাধ্যমযোগে এই কথা স্বীকাৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে। ছাত্ৰকেইজনৰ স্বীকাৰোক্তি কে‌ৱল ছাত্ৰা‌ৱাসৰ ক্ষেত্ৰতহে যে প্ৰযোজ্য তেনে নহয়, ছাত্ৰী-নি‌ৱাসতো ‘যু‌ৱ-মহোৎস‌ৱ’ আৰু ‘বিশ্ববিদ্যালয়-সপ্তাহ’ৰ নাম দোহাৰি ন‌ৱাগত সকলক শাৰিৰীকভা‌ৱে অতিৰিক্ত বোজা দিয়াৰ লগতে মানসিকভা‌ৱেও হেঁচা প্ৰয়োগ কৰা হৈছে । অনুশীলনৰ নামত যদি ঠাণ্ডাৰ দিনত পু‌ৱা ৪ বজাতে উঠি খেলাৰ অভ্যাস নথকা ছাত্ৰীগৰাকীকো খেলিবৰ বাবে বাধ্য কৰো‌ৱা হয়, পাঠগ্ৰহণ কৰি অহাৰ পাছৰে পৰা যদি ৰাতি এঘাৰ বজালৈকে নাচ-গানৰ অনুশীলন কৰো‌ৱা হয়, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পঢ়া-শুনা কৰিবলৈ সময় পাব কেতিয়া ? ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত থকা বহু ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ পাঠদানত মনোযোগ দিয়াৰ সলনি ভাগৰত টোপনি যো‌ৱাহে পৰিলক্ষিত হয় । তেনে অ‌ৱস্থাত সন্দেহ হো‌ৱাটো স্বাভা‌ৱিক, কিদৰে গু‌ৱাহাটী বিশ্ববিদ্যালয়ে এটা সুন্দৰ শৈক্ষিক পৰি‌ৱেশ ছাত্ৰ-ছাত্ৰীক দিবলৈ সমৰ্থ‌ৱান হ’ব ?

          কটন মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে সুনামধাৰী মহাবিদ্যালয়ৰ ছাত্ৰা‌ৱাসতো কিদৰে ৰেগিং চলে সেয়া নিজ অভিজ্ঞতাৰে আমি দেখি আহিছো । ৰেগিং যদিও বৰ্তমান সময়ত এক অপৰাধ হিচাপে গণ্য কৰা হয়, তথাপি ৰেগিং কৰা জ্যেষ্ঠ আ‌ৱাসীকেইজনৰ লগতেই ঘনিষ্ঠতা গঢ়ি উঠাৰ দৰে মধুৰ অভিজ্ঞতা নোপো‌ৱাজনে হয়তো বুজিব নো‌ৱাৰে । ইয়াৰ বাবে জ্যেষ্ঠসকলৰ মনত যি মিলা-প্ৰীতিৰ ভা‌ৱ (হোষ্টেল ছেন্টিমেন্ট) থাকিব লাগিছিল, সেই ভা‌ৱৰ যেন গু‌ৱাহাটী-বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত অভা‌ৱ ঘটিছে, আমি তেনে অনুমান কৰিছো । চিনাকী-পৰ্ব বা ফুৰ্তি-তামাচাৰ বাবে যিসময়ত মাত্ৰ এমাহ সময়েই যথেষ্ঠ হ’ব লাগিছিল, সেইসময়ত সম্পূৰ্ণ এবছৰ ধৰি এনে নিপীড়ন চলা কাৰ্য সঁচাই গৰিহণাযোগ্য ।

          আমাৰ সম্বন্ধীয় ভন্টি দুগৰাকীমানৰ ক্ষেত্ৰত লক্ষ্য কৰিছো, স্নাতক পৰ্যায়ত সুফলাফল লাভ কৰিও তেওঁলোকে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম দুটি ষান্মাষিকৰ ফলাফল সন্তোসজনক নহ’ব বুলি নিশ্চিতভা‌ৱে পতিয়ন গৈছে । ইয়াৰ বাবে আমি এতিয়া কাক দায়ী কৰিম ? ‘এন্টি-ৰেগিং কমিটি’য়ে যদিও ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত মেল-মিটিং অনুষ্ঠিত কৰি ৰেগিঙৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰা দেখা গৈছে, তথাপি তেনে সভাত ভোক্তভোগীসকলে মুকলিমুৰীয়াকৈ নিজৰ ব্যক্তব্য প্ৰকাশ কৰিব নো‌ৱাৰাকৈ জ্যেষ্ঠ আ‌ৱাসীসকলে সু-বন্দো‌ৱস্ত কৰাৰ কথা গম পো‌ৱা গৈছে । সৎসাহসী আৰু নিৰ্ভীক কেইজন মান ছাত্ৰ বা ছাত্ৰীয়ে যদি ৰেগিঙৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰিবলৈ যায় , তেন্তে তেনে ছাত্ৰ-ছাত্ৰীক নিজৰ লগৰীয়া কেইজনেই সহযোগিতা আগবঢ়াবলৈ অপাৰগ হৈ পৰে । কাৰণ, প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়েই নিজৰ কেৰিয়াৰত বা ব্যক্তিগত জী‌ৱনত যাতে কোনো চেকা নালাগে , সেই স্বাৰ্থতে মানসিকভা‌ৱে ভাগি পৰিলেও ভৃত্যৰদৰে সকলো সহ্য কৰি যাবলৈ বাধ্য হয় ।
          আমাৰ বোধেৰে ভুক্তভোগীসকলে এনে অন্যায়ৰ বিৰুদ্ধে একগোট হৈ সম্পূৰ্ণ প্ৰমাণ সহকাৰে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদ জনো‌ৱাৰ লগতে প্ৰয়োজন হ’লে আইনৰ সহায় লো‌ৱা উচিত । ন‌ৱাগতসকলে নিজে জ্যেষ্ঠ আ‌ৱাসী হো‌ৱাৰ সময়ত এনেধৰণৰ অমান‌ৱীয় কাৰ্য-কলাপৰপৰা বিৰত থাকিব পাৰিলেহে বিশ্ববিদ্যালয়খনিত এক সুস্থ শৈক্ষিক পৰি‌ৱেশ ঘুৰি আহিব আৰু অভিভা‌ৱকসকলে বিনাদ্বিধাই নিজৰ সন্তানক গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত ৰাখি পঢ়ু‌ৱাবৰ বাবে মন মেলিব পাৰিব।  (অসমীয়া খ‌ৱৰ, ২৫ মাৰ্চ,২০১৫ ত প্ৰকাশিত)

Sunday, June 22, 2014

“অভিভা‌ৱকৰ শাসন আৰু শিক্ষা-ব্য‌ৱস্থাৰ মেৰপাকত আমাৰ ল’ৰা-ছো‌ৱালী”



স্কুলৰপৰা উভটি আঁহোতে, কণমানিটিলৈ আপোনাৰ পুতৌ নজন্মেনে বাৰু ? কেনেকৈ যে ইমান গধুৰ কিতাপৰ মোনাটো কঢ়িয়াই আনে , আপোনাৰ ভা‌ৱি দুখ নালাগে নে ? পৰীক্ষা-নিৰীক্ষাৰ যোগেদি ডাক্তৰসকলে পাইছে যে সোতৰ বছৰৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত, যদি স্কুললৈ সদায় অনা-নিয়া কৰা মোনাটোৰ ওজন তাৰ শৰীৰৰ ওজনৰ  দহ শতাংশতকৈ বেছি হয়, তেন্তে তেনে শিশুৰ কঁকালৰ ‘পেশীজনিত-হাঁড়ৰ বিষ’ ( Musculoskeletal Pain) হো‌ৱাৰ সম্ভা‌ৱনা খু‌ৱেই বেছি । ( উৎস : http://www.iea.cc/ECEE/pdfs/art0212.pdf ‌ৱেবচাইট ) এনে ৰোগীৰ সংখ্যা বৰ্তমানে বিদেশতহে ক্ৰমাগতভা‌ৱে বৃদ্ধি পাইছে যদিও আমাৰ দেশত‌ো সেই একে দশা হ’বলৈ বেছি পৰ নাই ! এৰা, দৰাচলতে আমাৰ শিক্ষা ব্য‌ৱস্থাটো‌ৱেই যেন এটা গধুৰ বোজা , যাৰ ভাৰ আমি কঢ়িয়াই লৈ ফুৰিবলগীয়া হয় ফুলকুমলীয়া শৈশ‌ৱৰ পৰা সোনালী যৌ‌ৱন পৰ্যন্ত !

        ইয়াৰ উপৰিও ভূতৰ ওপৰত দান‌ৱ পৰাদি অভিভা‌ৱকসকলৰ অবিৰামভা‌ৱে চলা কৰ্তৃত্ব তথা কঠোৰ শাসনে এটি শিশুক ভাৰাক্ৰান্ত কৰি তোলে । বহু শিশু‌ৱে অভিভা‌ৱকৰ এনে কঠোৰ শাসন আৰু ব্যভিচাৰৰ বিৰোধিতাচৰণ কৰি অপৰাধ সংঘটিত কৰাৰ কথাও জানিবলৈ পো‌ৱা যায় । আপুনি বাৰু আপোনাৰ শিশুটিক এটি হত্যাকাৰী, অপৰাধী অথবা সন্ত্ৰাসবাদী হো‌ৱাটো কাহানিবা বিচাৰে নেকি ? দৰাচলতে, আপোনাৰ দৰেই কোনো পিতৃ-মাতৃয়েই এনে হো‌ৱাটো কদাপি নিবিচাৰে । কিন্তু সমাজ-ব্য‌ৱস্থা, শিক্ষা-ব্য‌ৱস্থা এইবোৰৰ মেৰপাকত পৰি আপুনি যে আপোনাৰ সন্তানৰ মানসিক ক্ষেত্ৰখনক একোটা চাৰিসীমাৰ মাজত বন্দী কৰি ৰাখে, সেয়া হয়তো আপুনি নিজেও নাজানে । আপুনি নিশ্চয় তাৰ মংগলৰ বাবেই কিছুমান ৰীতি-নীতি বান্ধি দিয়ে, যিবোৰ সি আখৰে আখৰে পালন কৰিবলৈ বাধ্য হয় আৰু যাৰ অমান্য কৰিলেই আপুনি তাক উচিত শাস্তিও প্ৰদান কৰে এয়াও এক প্ৰকাৰৰ বৰ্বৰতা । শিশুৰ কোমল মনে এনে বান্ধোন কেতিয়াও মানি নলয় । শিশু‌ৱে সদায় স্বাধীনতা ভাল পায় । ন ন অভিজ্ঞতাৰ বাবেই শিশু‌ৱে ভিন ভিন কাম কৰি ভাল পায় । ইয়েই শিশুৰ স্বভা‌ৱ । ‘জুইয়ে পুৰিব’ বুলি আপুনি ক’লেও সি নুবুজে, এদিন সঁচাকৈয়ে পুৰিলেহে সি বুজি পায় ।
        আজিৰ ল’ৰা-ছো‌ৱালীয়ে আকৌ বাৰীত বা হাবি-বননিত আম-জামু-পনিয়ল বিচাৰি নাযায় । কাৰণ, মাক-দেউতাকেও সন্তানক এৰি দিবলৈ ভয় কৰে কিবা এটা অঘটন হো‌ৱাৰ আশংকাতআজিকালিৰ ল’ৰা-ছো‌ৱালীয়ে চিলা উৰু‌ৱাব নাজানে, বৰশী বাব নাজানে ,নদীত সাঁতুৰিবও নাজানে । আনকি অনেকেই টাংগুটি,মাৰ্বল গুটিও খেলিবলৈ নাজানে । লগৰীয়াৰ লগত টলৌ টলৌকৈ ঘুৰি ফুৰিলে কিজানি ‘সোনটো’ বা ‘সোনজনী’য়ে বেয়া হ’বলৈ শিকিব ,তাৰ ভয়তে ঘৰত শিশুটিক সুম‌ু‌ৱাই ৰাখে । নিজৰ চুবুৰীটোৰে মাটি-পানীক চিনি নোপ‌ো‌ৱা এজন শিশু‌ৱে ডাঙৰ হৈ কিদৰে দেশৰ কথা ভা‌ৱিব, সেয়াও আশ্চৰ্যকৰ ! এইদৰে ঘৰগোনা ল’ৰা-ছো‌ৱালীমখাই যিমানেই পঢ়ি-শুনি ডাঙৰ নহওঁক কিয়, সিহঁত কিন্তু আমাৰ ব্ৰইলাৰ মুৰ্গীকেইটাৰ দৰেই নিশকটীয়াই হ’ব । মুকলি বতাহৰ ভু নো‌পো‌ৱা, ৰ’দ-বৰষুণ গাত নপৰা সন্তান শাৰীৰিক আৰু মানসিক দুয়ো ফালৰ পৰাই অতি অসুখী হয় । ই অতি স্বাভা‌ৱিক ঘটনা। সেয়েহে আপোনাৰ সন্তানক মুকলিমুৰীয়াকৈ ফুৰিবলৈ, তাৰ মতে চিন্তা কৰিবলৈ, কিছু স্বাধীনতা দিয়ক । এই ধুনীয়া পৃথি‌ৱীখনৰ অপূৰ্ব ৰূপ উপভোগ কৰিবলৈ দিয়ক । কোনটো বেয়া, কোনটো ভাল সেয়া বিচাৰ কৰিবলৈ তাক নানান পৰিস্থিতিৰ সতে মুখামুখি হ’বলৈ দিয়ক । অভিজ্ঞতা তাৰ জ‌ী‌ৱনৰ শিক্ষক হ’বলৈ দিয়ক ।
        সেইদৰে শিশুক ইতিকিং বা উপহাস কৰাতকৈ উৎসাহ জনো‌ৱাটো বেছি প্ৰয়োজনীয় । কিবা এটা ভুল কৰাটো তেনেই স্বাভা‌ৱিক, কাৰণ সি এতিয়াও পৰিপক্ক হো‌ৱা নাই কিন্তু নিজৰ মাক-দেউতাকৰ পৰাই পো‌ৱা উপহাস আৰু গালি-গালাজে শিশুটিৰ অভিমানী মনত তীব্ৰভা‌ৱে ৰেখাপাত কৰে । বহু ক্ষেত্ৰত এনেবোৰ কাৰণতে শিশুটি ভীষণ লজ্জাবোধ  আৰু নীচাত্মিকাবোধত ভোগে, যিবোৰৰ পৰিমাণ বেছি হ’লেই  ই মানসিক বিকাৰলৈ পৰিণত হ’ব পাৰে কিন্তু সৰু ভুলটোক সহানুভূতিৰে শুধৰাই দি ভাল কাম কৰিবলৈ উৎসাহ দিলে শিশুৰ প্ৰাণত নতুন সঞ্জী‌ৱনীৰ সৃষ্টি হয়, যিয়ে তাক আকৌ এবাৰ ভালদৰে কৰিবলৈ অনুপ্ৰেৰিত কৰে সমাজত আপোনাৰ নিজৰ স্থিতি তথা সন্মানতকৈ শিশুটিৰ আনন্দক বেছি গুৰুত্ব দিবলৈ শিকক ।
        পৰ্যবেক্ষণ কৰিলে এই কথা ধৰা পৰে যে, বহু অভিভা‌ৱকে সন্তানক এনেধৰণে শাসন কৰিবলৈ আচলতে বাধ্য হ’বলগীয়াত পৰে । কাৰণ অধিকাংশ অভিভা‌ৱকেই শিশুটিক নিজে বিচৰা ধৰণে ‘বনাই’ ল’ব খোজে । সমাজত পিতৃ-মাতৃৰ যি স্থান, তাৰ লগত ৰজিতা খু‌ৱাই সন্তানটিৰ ধৰণ-কৰণ ,আচাৰ–ব্য‌ৱহাৰ হো‌ৱাটো বিচাৰে । তাৰ ফলতেই সন্তানটিয়ে অভিভা‌ৱকৰ ইচ্ছা অনুযায়ী উঠা-বহা কৰিবলৈ বাধ্য হ’বলগীয়া হয় । ই একপ্ৰকাৰে পাপ অ‌ৱশ্যে প্ৰচলিত সমাজ-ব্য‌ৱস্থাৰ লগতে সমানে সমানে আমাৰ শিক্ষা-ব্য‌ৱস্থাইও অভিভা‌ৱকসকল ভুল পথে পৰিচালিত কৰিছে । তাৰে ফলত বিদ্যালয়ৰ কঠিন পাঠ্যক্ৰমৰ বোজা শিশুটিৰ লগতে মাক-দেউতাকেও কান্ধ পাতি ল’ব লগীয়া হয় । মাত্ৰ ৫-৬ বছৰীয়া ল’ৰা-ছো‌ৱালীয়ে যদি ৯-১০ টা বিষয়ৰ পাঠ পঢ়িবলগীয়া হয়, তেন্তে তেনে পাঠ্যক্ৰমৰ গৃহকাৰ্য সম্পূৰ্ণ কৰিবলৈ মাক-দেউতাক তৎপৰ হ’বলগীয়া হো‌ৱাটো অতি স্বাভা‌ৱিক কথা । আৰু এই অতিৰিক্ত বোজাৰ বাবেই ঘৰ এখনত জন্ম লয় কিছুমান ৰুঢ় নীতি-নিয়ম,বান্ধোন আৰু ৰুটীনমাফিক জী‌ৱন । গতিকেই ক’ব পাৰি যে, আমাৰ শিক্ষা-ব্য‌ৱস্থাৰ আঁসো‌ৱাহৰ বাবেই আমাৰ ন-প্ৰজন্মই জীয়াতু ভুগিছে, এই কথা  ধুৰূপ ।
        আমাৰ দৃষ্টিৰে ভাৰতবৰ্ষৰ শিক্ষা-ব্য‌ৱস্থাৰ দুই-এটা আঁসো‌ৱাহ হৈছে এনে ধৰণৰ-
১) আমাৰ ল’ৰা-ছো‌ৱালীয়ে কে‌ৱল পৰীক্ষাত নম্বৰ গোটাবৰ বাবেহে পঢ়া-শুণা কৰে  এই ব্য‌ৱস্থাত উচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী গৰাকীকেই চূড়ান্ত মেধাসম্পন্ন বুলি ধৰি লো‌ৱা হয়, যিটো সদায় সত্য নহ’বও পাৰে । কাৰণ আমি সকলো‌ৱে জানো, আমাৰ দেশত পৰীক্ষাত সৰহ নম্বৰ পাবলৈকে হাজাৰ জনে হাজাৰটা অসৎ উপায় অ‌ৱলম্বন কৰে গতিকেই এই ব্য‌ৱস্থাত মেধা নথকাকৈয়ো এজন ছাত্ৰ বা ছাত্ৰীয়ে উচ্চ নম্বৰ পাব পাৰে ।
২) মুখস্থ-বিদ্যা কাহানিও প্ৰকৃত শিক্ষা নহয় । কিন্তু আমাৰ শিক্ষা ব্য‌ৱস্থাত এইবোৰকেই প্ৰাধান্য দি অহা হৈছে । আনকি বহু শিক্ষকে ছাত্ৰ-ছাত্ৰীয়ে বুজি নাপালে মুখস্থ কৰি পৰীক্ষাত হুবহু লিখিবলৈকে প্ৰত্যক্ষভা‌ৱে উপদেশ দিয়ে ।
৩) যদি আমাৰ দেশত আই.আই.টিৰ দৰে ভাল শিক্ষানুষ্ঠান কেইখনমান আছে, তেন্তে তাৰ তুলনাত কৌটিখন নিম্ন মানৰ মহাবিদ্যালয় আছে , যাৰ ফলত মুষ্টিমেয় কেইজন মান শিক্ষাৰ্থীয়েহে উচিত শিক্ষা লাভ কৰিবলৈ সমৰ্থবান হৈছে, সৰহসংখ্যকেই কিন্তু সীমিত সা-সুবিধা,সঁজুলী,কিতাপ-পত্ৰেৰেই পঢ়া-শুনা সাং কৰিবলগীয়া হৈছে ।
৪) এজন সফল ছাত্ৰ বা ছাত্ৰী মানেই আমি এজন সফল চাকৰিয়ালক বুজো পাওঁএনে চাকৰিমুখী শিক্ষা-ব্য‌ৱস্থাই এজন ভাল শিক্ষাৰ্থীক হয়তো এটা ভাল চাকৰি যোগাৰ কৰি দিব পাৰিছে, কিন্তু ইয়েই তেওঁক এজন প্ৰকৃত সৎ ‘মানুহ’ হিচাপে গঢ়ি নুতুলিবও পাৰে ।
আমি এনে এখন দেশৰ বাসিন্দা য’ত এজন পিতৃয়ে জী‌ৱনজো‌ৰা অৰ্জন আৰু লাখটকীয়া ঋণ সন্তানৰ শিক্ষাৰ নামতেই খৰচ কৰে আৰু যাৰ বিনিময়তো প্ৰকৃত শিক্ষা পো‌ৱাৰ পৰা শিক্ষাৰ্থীজন বঞ্চিত হয়আৰু এনে ডিগ্ৰী লাভৰ পিছতো দেশৰ কোটি কোটি ল’ৰা-ছো‌ৱালীয়ে নিবনু‌ৱা হৈ দিন কটায় । নম্বৰৰ বাবে হো‌ৱা প্ৰতিযোগিতাৰ দৌৰত ভাগৰি আৰু তথাকথিত ভাটৌ-শিক্ষাৰে শিক্ষিত হৈ আমাৰ বহু যু‌ৱক-যু‌ৱতীয়ে স্বকীয় সৃষ্টিশীলতাক বিনষ্ট কৰাই  নহয় বহুজনে  হতাশাত ভুগি আত্মজাহ কৰিবলৈও বাধ্য হৈছে ।
সেইহেতুকেই, অচিৰেই ভাৰতীয় শিক্ষা ব্য‌ৱস্থাত অভূতপূৰ্ব পৰি‌ৱৰ্তনৰ অতিকেই প্ৰয়োজন । আমাৰ বিচাৰ-বুদ্ধিৰে তেনে দুই-চাৰিটা সংস্কাৰকামী পদক্ষেপ তলত উল্লেখ কৰিলো—
ক) দক্ষতা-ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান: “এজন মানুহক তুমি এটা মাছ দিয়া, তেওঁ এদিনৰ বাবে খাব । কিন্তু তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া, তেওঁ আজী‌ৱন খাব পাৰিব । ” দক্ষতা অৰ্জন শিক্ষাৰ এটা মূল উদ্দেশ্য হো‌ৱা উচিত ,যিটো আমাৰ সমাজত আজিকোপতি হৈ উঠা নাই । সেয়েহে, আমি ভা‌ৱোঁ, চৰকাৰে  দক্ষতা-ভিত্তিক পাঠ্যক্ৰম বা আঁচনি যুগুত কৰা উচিত য’ত লিখা-লিখিতকৈ হাতে-কামে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় ।
খ) সৃষ্টিশীলতা,স্বকীয় ধ্যান-ধাৰণা,গ‌ৱেষণা আৰু উদ্ভা‌ৱনৰ প্ৰতি উৎসাহ যোগো‌ৱা:  শিক্ষাজগতলৈ বিশেষ অৰিহণা যোগো‌ৱা অধ্যাপক-গ‌ৱেষকক আমাৰ চৰকাৰে কাচিৎহে পুৰস্কিত কৰা পৰিলক্ষিত হয় । এনেকি কোনো এজনে ব্ৰহ্মাণ্ডৰ তত্ত্ব আৱিষ্কাৰ কৰিলেও তেওঁ আমাৰ চৰকাৰৰ চকুত নপৰে । আমাৰ পৰীক্ষা পদ্ধতিৰ এনে সালসলনি ঘটো‌ৱা উচিত য’ত সমস্যাৰ সমাধান উলিও‌ৱাৰ সামৰ্থ্য, নিজা সৃষ্টি, বাস্ত‌ৱিক দৃষ্টিভংগী ইত্যাদিৰ উচিত মূল্যায়ন কৰা হয় ।
গ) প্ৰাথমিক–শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ :  এটি শিশুৰ ভ‌ৱিষ্যতৰ ভেঁটি নিৰ্মাণ হয় সি লাভ কৰা প্ৰাথমিক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰিয়েই । প্ৰাথমিক শিক্ষাই শিশুটিক জী‌ৱনৰ প্ৰতি তাৰ দৃষ্টিভংগী গঠন কৰে, চিন্তা-ভা‌ৱনা কৰিবলৈ শিকায় । কিন্তু অতি দুৰ্ভাগ্যৰ কথা এয়ে যে আমাৰ দেশত প্ৰাথমিক শিক্ষাক ন্যুনতম গুৰুত্বও প্ৰদান কৰা নহয় । চৰকাৰী বিদ্যালয়বোৰত শিক্ষাৰ মান অতিকেই শোচনীয় । শিক্ষাৰ মান বাদেই, সা-সুবিধা আৰু শিক্ষকৰ অভা‌ৱেই দেখোন আমাৰ দেশত আজিকোপতি দূৰ হো‌ৱা নাই ।
ঘ) শৈক্ষিক ক্ষেত্ৰত মেধা-সম্পন্ন লোকৰ নিযুক্তি: চৰকাৰে লাহে লাহে শিক্ষাৰ ক্ষেত্ৰত নতুন শিক্ষকক নিযুক্তি দিছে হয়, কিন্তু খালী পদসমূহ সম্পূৰ্ণৰূপে পূৰণৰ স্বাৰ্থতে হওঁক অথবা সংৰক্ষণৰ নীতিৰ বলি হৈয়েই বহু ৰাজ্যত বহু নিকৃষ্ট মানৰ যু‌ৱক-যু‌ৱতীকো শিক্ষক হিচাপে মকৰল কৰিবলগীয়াত পৰিছে । ইয়েই দেশখনৰ শিক্ষাৰ মানক বহু নিম্নগামী কৰিবলৈ অৰিহণা যোগাব , কাৰণ যিজন শিক্ষকৰ শৈক্ষিক বিষয় এটাত নিজৰেই স্পষ্ট ধাৰণা নাথাকে,তেওঁ ছাত্ৰ-ছাত্ৰীক কি শিকাব পাৰিব সেয়া সহজেই অনুমেয় । চৰকাৰে উপযুক্ত সা-সুবিধা,পাৰিতোষিক, পৰি‌ৱেশ আৰু আন্ত:গাঁঠনি গঢ়ি তুলি আমাৰ দেশৰ অতি মেধা‌ৱী ন‌ৱ-প্ৰজন্মক শৈক্ষিক ক্ষেত্ৰলৈ আকৰ্ষিত কৰা উচিত
         এইখিনিতে ড০ মাৰিয়া মন্টেছৰী নামৰ ইটালীৰ প্ৰথম মহিলা ‘ফিজিছিয়ান’ গৰাকীয়ে যুগুতাই উলিও‌ৱা  এটা প্ৰাথমিক-শিক্ষাৰ ব্যৱস্থা, যি সমগ্ৰ বিশ্বৰে আদৰ পাবলৈ সক্ষম হৈছে ; তাৰ মূল আদৰ্শৰ বিষয়ে উল্লেখ কৰাটো সমিচীন হ’ব ‘মন্টেছৰী শিক্ষা’ নামেৰে জনপ্ৰিয় এই ব্য‌ৱস্থাই আনুষ্ঠানিক শৈক্ষিক পদ্ধতিৰ পৰি‌ৱৰ্তে শিশুৰ স্বাভা‌ৱিক ৰাপ আৰু কাৰ্য-কলাপক গুৰুত্ব দিয়ে ।
সন্মান: আমি কাহানিও শিশুসকলক সন্মান নকৰোঁ । সিহঁতে কি বিচাৰে সেয়া বিচাৰ নকৰাকৈয়ে আমি বিচাৰো যে সিহঁতে আমাৰ কথা শুনক আৰু আমি বিচৰা মতেই চলক আমি সিহঁতক সকলো সময়তে মানসিক চাপত ৰাখোঁ আৰু শাসনৰ নামত বহু ৰুঢ় হওঁ । আৰু তাৰ পিছতো আমি বিচাৰোঁ, সিহঁত আমাৰ একান্ত বাধ্য আৰু শিষ্ট হো‌ৱাটো । সিঁহতৰ অনুকৰণ কৰাৰ গুণ সৰ্বাধিক । সিহঁতে আমাকেই অনুকৰণ কৰি যি কোনো ক্ষেত্ৰতে আমাৰ দৰেই ব্য‌ৱহাৰ কৰিবলৈ শিকিব গতিকেই সিঁহতক সিমানেই মৰম আৰু সহানুভূতিৰে আপডাল কৰা উচিত , যিমানখিনি আমি সিহঁতৰ হিয়াত থিতাপি লো‌ৱাটো বিচাৰোঁ । শিক্ষকসকলেও ছাত্ৰ-ছাত্ৰীক সন্মান জনাবলৈ শিকা উচিত ।
দেখি-শুনি শিকা: কো‌ৱা হয় যে আমি আমাৰ মন ব্য‌ৱহাৰ কৰিহে শিকোঁ কিন্তু দেখা যায় যে শিশু‌ৱে সদায় দৈনন্দিন কাম-কাজৰ মাজেৰেই স্বাভা‌ৱিক জী‌ৱন-শৈলীৰেই দেখোন নিজৰ মাতৃভাষা শিকি পেলায় । অৰ্থাৎ শিশু‌ৱে পৰি‌ৱেশৰ পৰাই শিকে । শিশুসকলৰ প্ৰকৃততে শিকিবৰ বাবেই জন্ম শিশুৰ শিকাৰ ক্ষমতা  বৰ মন কৰিবলগীয়া কিন্তু শিশু‌ৱে কি শিকিব সেয়া মূলত: নিৰ্ভৰ কৰে শিক্ষক,অভিজ্ঞতা আৰু পৰি‌ৱেশৰ ওপৰত ।
শিকাৰ বাবে প্ৰস্তুত পৰি‌ৱেশ: এনে এটা পৰি‌ৱেশ য’ত শিশু‌ৱে নিজেই নিজৰ সতে কিবা এটা কৰিব পাৰে ,অৰ্থাৎ খেলিব পাৰে; তেনে পৰি‌ৱেশতে শিশু‌ৱে আটাইতকৈ বেছিকৈ শিকে । গতিকে শিক্ষাৰ বাবেও এনে এক পূৰ্ব-প্ৰস্তুত পৰি‌ৱেশ এটাত শিকণ-সামগ্ৰী সমূহ থাকিব লাগে আৰু তাত হো‌ৱা শিশুৰ নিজা অভিজ্ঞতাসমূহ নিয়াৰিকৈ হো‌ৱাটো নিশ্চিত কৰাব লাগে । এনে পৰি‌ৱেশতেই শিশু-কেন্দ্ৰিক শিক্ষা প্ৰদান কৰা উচিত আৰু তাত শিক্ষকৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত হো‌ৱা উচিত ইয়াত শিশুটিক মুকলিমুৰীয়াকৈ স্ব-ইচ্ছাৰে ইটো সিটো কৰিবলৈ এৰি দিলেই সি সুন্দৰভা‌ৱে প্ৰকৃতিৰ পৰা শিক্ষা লাভ কৰিবলৈ সমৰ্থ হয়
শিক্ষকৰ কৰণীয়খিনি:  শিক্ষকজনৰ উপস্থিতি অনুভ‌ৱ নকৰাকৈয়ে সিহঁতক পৰিচালিত কৰাটো অতি প্ৰয়োজনীয় । শিক্ষকজনে সিহঁতে বিচৰা যিকোনো সময়তে সহায় কৰিবৰ বাবে সাজু থাকিব লাগে, কিন্তু সিহঁতৰ কাম-কাজ,খেলা-ধূলা তথা পৰীক্ষা-নিৰীক্ষাৰ মাজত শিক্ষকজন হেঙাৰস্বৰূপ হ’ব নালাগে । মন্টেছৰী শিক্ষাত এজন শিক্ষকৰ দায়িত্ব হৈছে ক) শিশুক উৎসাহ জগো‌ৱা, খ) শিশুক লক্ষ্য কৰা- সিহঁতৰ চলন-ফুৰণ চালি জাৰি চাই, কোনজনক কেনে ধৰণৰ ব্য‌ৱহাৰ কৰা উচিত তাক বাচি উলিও‌ৱা গ) শৈক্ষিক পৰি‌ৱেশ এটা গঠন কৰা ঘ) ন-ন শিক্ষাৰ সঁজুলী যোগাৰ দিয়া আদি
কবিগুৰু ৰবীন্দ্ৰনাথে প্ৰতিষ্ঠা কৰা কলকাতাৰ শান্তিনিকেতনত অ‌ৱস্থিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত আজিও মুকলি পৰি‌ৱেশত শিক্ষা দান হয় আৰু তাত গুৰু-শিষ্যৰ পৰম্পৰা মানি চলা হয় । অ‌ৱশ্যে চৰকাৰে শিক্ষা-ব্য‌ৱস্থাৰ আমূল পৰি‌ৱৰ্তন আনিব বুলি আমি হাত সা‌ৱতি বহি থকাও উচিত নহয় । আমাৰ ল’ৰা-ছো‌ৱালীয়ে প্ৰচলিত ব্য‌ৱস্থাৰ মাজেৰি শিক্ষা অৰ্জন কৰিব লাগিব । গতিকেই এই ক্ষেত্ৰত অভিভা‌ৱকৰ সবল আৰু সক্ৰিয় ভূমিকা নিতান্তই প্ৰয়োজনীয় । নামী-দামী বিদ্যালয়ত নাম-ভৰ্তি কৰি দি সকলো সা-সুবিধা আৰু ঘৰু‌ৱা-শিক্ষকৰ ব্য‌ৱস্থা কৰি দিছো বুলি ভা‌ৱি হাত সা‌ৱতি বহি থাকিলেই আমাৰ সন্তান কিন্তু সু-শিক্ষিত হৈ নুঠে । তাক আপুনি তিল তিল কৈ গঢ়ি তোলক, শিকি থকা সমগ্ৰ প্ৰক্ৰিয়াটোৰে আপুনি অংশীদাৰ হওঁক ।
পৰীক্ষাত নম্বৰ বেছি পো‌ৱাতকৈ আপুনি গুৰুত্ব দিয়া উচিত সি বিষয়টোৰ প্ৰাথমিক ধ্যান-ধাৰণাবোৰ বুজি পাইছে নে নাই সেই কথাটোৰ ওপৰতহেকাৰণ এটা বিষয়ৰ ওপৰত স্পষ্ট ধাৰণা সৃষ্টি হ’লেহে সি সেই বিষয়ত স‌ৱিশেষ অধ্যয়ন কৰিবলৈ সক্ষম হ’ব ।  পুথিগত বিদ্যাক আয়ত্ত্ব কৰো‌ৱাতকৈ আপুনি আপোনাৰ সন্তানক সমাজৰ হিতাৰ্থে ব্য‌ৱহাৰ হ’বপৰা জ্ঞান অন্বেষী অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰাওঁক 
অভিভা‌ৱকসকলে এইটো আশা কৰাও অনুচিত যে তেওঁৰ সন্তানে প্ৰতিটো বিষয়তে সমানেই উচ্চ নম্বৰ লাভ কৰিব। কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ জ্ঞান আয়ত্ব কৰাৰ ক্ষিপ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে তেঁওৰ ভিন্ন বিষয়ত থকা দখল বা মনোযোগৰ গুণাগুণ। প্ৰতিবেশীৰ সন্তানে খেলাত সোনৰ পদক পালে বুলিয়েই আপোনাৰ সন্তানেও যে পাব লাগিব, তেনে আশা কৰাটো মুৰ্খামীৰ পৰিচায়ক মাথোন । প্ৰতিজন শিশুৰেই জন্মগত প্ৰতিভা থাকে । আপোনাৰ শিশুটি কি সেই বিশেষ প্ৰতিভাৰ অধিকাৰী, তাক বিচাৰি উলিয়াই কৰ্ষণ কৰিবলৈ তেওঁক সুযোগ দিয়ক । কোনে জানে আপোনাৰ সন্তানতেই লুকাই আছে কিজানি আন এজন ভুপেন হাজৰিকা,শচীন তেণ্ডুলকাৰ,লতা মাংগেশকাৰ অথবা ৰতন টাটা !
--------------------------০০০০--------------------------





Thursday, June 12, 2014

“আপোনাৰ সন্তানক ক’ত নামভৰ্তি কৰাব ?”




উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল বাহিৰ হো‌ৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰী তথা অভিভা‌ৱকৰ চিন্তাৰ বিষয়বস্তু হৈ পৰে তেওঁ কোনখন মহাবিদ্যালয়ত পঢ়িব খোজে আৰু কোনকেইখনত আসন প‌ো‌ৱাৰ সম্ভা‌ৱনা আছে । আজিৰ প্ৰেক্ষাপটত এই চিন্তা সঁচাকৈয়ে এক উদ্বেগকাৰী বিষয় হিচাপে পৰিগণিত হৈছে ।
ভাল শিক্ষানুষ্ঠানৰ সংজ্ঞা :-  এখন ভাল মহাবিদ্যালয়ত পঢ়িবলৈ সুযোগ পালেই  এজন শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল ফলাফল দেখু‌ৱাব পাৰে বুলি আমাৰ সমাজত ইতিমধ্যেই এক দৃঢ় ধাৰণাই খোপনি পুতি আছে । সেয়েহে , একমাত্ৰ উচ্চ শতাংশৰ নম্বৰ দখল কৰি পৰীক্ষাত সুকীৰ্তিৰে উত্তীৰ্ণ হ’বৰ বাবেই আমি আমাৰ সন্তানক এখন ভাল শিক্ষানুষ্ঠানত পঢ়ুৱাব খোজোঁ । পিছে এই ‘ভাল শিক্ষানুষ্ঠান’ৰ সংজ্ঞাটোনো কি ? আমাৰ অধিকাংশ অভিভা‌ৱকেই এই সংজ্ঞাটো মূলত: দুটা কথাৰ ভিত্তিত নিৰ্ধাৰণ কৰে –ক) যিখন শিক্ষানুষ্ঠানত উচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীৰ সংখ্যা বেছি হয় খ) যিখন শিক্ষানুষ্ঠানৰ নাম কাগজে পত্ৰই অথবা মানুহৰ মুখে মুখে ‘ভাল’ বুলি জনাজাত ।
       আৰু আমাৰ বোধেৰে এখন ভাল শিক্ষানুষ্ঠান হৈছে এনে এক অনুষ্ঠান যি এটি মান‌ৱ কিশোৰক তাৰ জন্মভূমিৰ সতে পৰিচয় কৰায়, তাৰ যিসকল ককাক-আজোককাকৰ জী‌ৱন-জোৰা সাধনা তথা অৰিহণাৰ বাবে সি তাৰ বৰ্তমানক পাইছে, সিবোৰৰ বিষয়ে জ্ঞান দিয়ে, মান‌ৱ-জাতিয়ে আ‌ৱিষ্কাৰ কৰা প্ৰকৃতিৰ চূড়ান্ত সত্যবোৰৰ সতে চিনাকী কৰি দিয়ে ,অনা‌ৱিষ্কৃত ৰহস্যবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভা‌‌বুক আৰু দাৰ্শনিক কৰি তোলে , সতেজ আৰু প্ৰফুল্লিত মন এটাৰ বাবে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকায় ,সকলো প্ৰাণীৰে প্ৰতি সহানুভ‌ৱ হ’বলৈ শিকায়,  অভিজ্ঞতা আৰু অধ্যয়নৰ পৰা ওপজা জ্ঞানৰ যথাৰ্থ মূল্যায়ণ কৰিবলৈ শিকায়, দয়া-মমতা সহনশীলতা আদি মান‌ৱীয় গুণেৰে বিভূষিতা হৈ নিজৰ ব্যক্তিত্বক গঢ় দি সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে অৰ্জিত বিদ্যাৰ প্ৰকৃত ব্য‌ৱহাৰিক প্ৰয়োগ কৰিবলৈ শিকায় এনে শিক্ষানুষ্ঠানেই হৈছে মানুহ গঢ়াৰ কমাৰশাল । সমসাময়িক সময়ত সমগ্ৰ পৃথি‌ৱীতে সুখ্যাতিৰে জিলিকি ৰো‌ৱা প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূ্হক বাদ দি বৰ্তমানে এনে আদৰ্শ শিক্ষানুষ্ঠান কেইখননো আছে সেয়াও বিচাৰ্যৰ বিষয় ।
       গভীৰ আদৰ্শগত ধ্যান-ধাৰণাৰে বিচাৰ নকৰি,আমি যদি ব্য‌ৱহাৰিক দৃষ্টিভংগীৰে লক্ষ্য কৰোঁ, তেন্তে আজিৰ দিনত এখন ভাল শিক্ষানুষ্ঠান বুলিলে ভাল শৈক্ষিক পৰি‌ৱেশে বিৰাজ কৰা;  উচ্চ শিক্ষিত আৰু শিক্ষাদান নিয়াৰী তথা শুদ্ধকৈ কৰিব পৰা, ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰক বুজিবপৰা ভাল Communicator শিক্ষক থকা, শৈক্ষিক আঁচ-বাব তথা সঁজুলী পূ্ৰ্ণমাত্ৰাই উপলব্ধ হো‌ৱা শিক্ষানুষ্ঠানকেই আমি বুজি প‌ো‌ৱা উচিতঅ‌ৱশ্যে আমাৰ বহু শিক্ষানুষ্ঠানে আজিকালি এই তিনিটা কাৰকৰ যিকোনো এটা থাকিলেই নিজকে বহু ভাল শিক্ষানুষ্ঠান বুলি জাহিৰ কৰি ফুৰে ।
       এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে, মেধাসম্পন্ন শিক্ষাৰ্থীয়ে অ‌ৱশ্যে এজন ভাল Guide অথবা গুৰুৰ সংস্পৰ্শত নিয়াৰীকৈ পঢ়া-শুনা কৰিলেই যিকোনো শিক্ষানুষ্ঠান অথবা অনানুষ্ঠানিকভা‌ৱেই পৰীক্ষাত ভাল ফলাফল দেখু‌ৱাবলৈ সক্ষম হয় ।
ভাল শিক্ষানুষ্ঠান কেনেকৈ বাচি উলিয়াব ?:-  সুনিৰ্দ্দিষ্ট কিছুমান মাপ-কাঠিৰে চালি-জাৰি চাই দেশজুৰি চলো‌ৱা সমীক্ষাৰ ভিত্তিত আমাৰ দেশৰ কেইবাখনো বহুল-প্ৰচাৰিত আলোচনী তথা বাতৰি-কাকতে ভিন-ভিন শৈক্ষিক ক্ষেত্ৰৰ ‘শ্ৰেষ্ঠ শিক্ষানুষ্ঠান’ কেইখন প্ৰতি বছৰে বাচনি কৰি তালিকা প্ৰকাশ কৰে ।এই সমীক্ষাবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ো আমি দেশৰ উৎকৃষ্ট শিক্ষানুষ্ঠানসমূহৰ বিষয়ে জানিব পাৰোঁ ।
এই আপাহতে জনাওঁ যে , জনপ্ৰিয় আলোচনী ‘ইণ্ডিয়া টুডে’ ৰ ইং. ২০১৩ বৰ্ষৰ সমীক্ষাত ইঞ্জিনীয়াৰিঙৰ শাখাত  ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৯ম স্থান দখল কৰিছে আমাৰ উত্তৰ গু‌ৱাহাটীস্থ I.I.T., Guwahati য়ে । যো‌ৱা ৫ বছৰ ধৰি এই শিক্ষানুষ্ঠানখনে প্ৰথম দহোটা স্থানত আছে ই আমাৰ বাবে গৌৰ‌ৱৰ কথা আৰু আমাৰ ল’ৰা-ছো‌ৱালীয়ে এনে অনুষ্ঠানত পঢ়িবৰ বাবে যৎপৰোনাস্তি কৰা উচিত ।
তদুপৰি, সাধাৰণ স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে যদি আমি অসমৰে মহাবিদ্যালয় কেইখনৰ ভিতৰত বাচনি কৰিবলগীয়াত পৰোঁ, তেন্তে যো‌ৱা পাঁচ-ছয় বছৰত সেই অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল পৰ্যালোচনা কৰাটো যদিও প্ৰাৰম্ভিক আৰু মূল কথা, তথাপি আন দুই চাৰিটা কাৰকো অভিভা‌ৱকসকলে চালি-জাৰি চো‌ৱাটো বাঞ্চনীয় । ইয়াৰ ভিতৰত পৰে ১) মহাবিদ্যালয়খনৰ শিক্ষাগুৰু তথা প্ৰধান-শিক্ষকৰ সতে বাৰ্তালাপ ২) শিক্ষাৰ্থীজনৰ মহাবিদ্যালয়-চৌহদ ভ্ৰমণ ৩) থকা আৰু খো‌ৱাৰ সা-সুবিধা ৪) সেই মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থীৰ মতামত অধ্যয়ন ।
       কেতিয়াবা এনে হয়, ভাল ফলাফল হো‌ৱাৰ লগে লগেই আমি সেই মহাবিদ্যালয়ৰ সকলো শিক্ষক ভাল হ’ব বুলি ধাৰণা কৰি লওঁ; কিন্তু এনে নহ’বও পাৰে । আপোনাৰ সন্তানে যি বিভাগত নামভৰ্তি কৰিব বিচাৰে ,সেই বিভাগৰ শিক্ষকসকলনো কেনে তাৰ এটা গম ল’বৰ বাবেই নামভৰ্তিৰ আগয়ে এবাৰ শিক্ষাগুৰুসকলক লগ ধৰাটো অতিকেই প্ৰয়োজনীয় । তেতিয়াহে আপুনি তেওঁলোকৰ মানসিকতা,ব্যক্তিত্ব,শিক্ষাদানৰ প্ৰতি আগ্ৰহ ইত্যাদিৰ বিষয়ে  কিছু আভাস পাব ।
       পৰীক্ষাগাৰ-শ্ৰেণীকোঠা পৰিদৰ্শনো সমানেই দৰকাৰী । শিক্ষণৰ সা-সঁজুলী,আচঁ-বাব ভালদৰে নথকা এখন মহাবদ্যালয়ত পঢ়িলে আপোনাৰ সন্তানে বিষয়টোৰ খুঁটি-নাটি মাৰি জ্ঞান লাভ কৰিবলৈ অসুবিধা পাব পাৰে ।সেইদৰে থকা-খো‌ৱাৰ সা-সুবিধাৰ প্ৰতিও মন দিয়া উচিত । যদিও আমি ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসৰ আহাৰ ঘৰৰ দৰে বিচৰাটো অমূলক কথা, তথাপিও ন্যূনতম পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা স্বাস্থ্যসন্মত খাদ্যাভাসৰ প্ৰতি সজাগতা আমাৰ সকলোৰে একান্তই কাম্য
       আমাৰ বহু ল’ৰা-ছো‌ৱালীয়ে আকৌ বন্ধু-বান্ধ‌ৱীৰ অধিকাংশই যিখন মহাবিদ্যালয়ৰ প্ৰ-পত্ৰ পূৰণ কৰে, সেইখনতেই পঢ়িবলৈ খোজে আৰু নাচোৰবান্দা হৈ মাক-দেউতাককো সৈমান কৰে । ই এটা অতি অশুভ কাৰ্য । যদিও বিদ্যালয়ত লগপো‌ৱা বন্ধুসকল বহু হেঁপাহৰ আৰু পৰস্পৰ সহায়কাৰী হয়, তথাপি ই এটা ভ্ৰান্ত ধাৰণা যে এইসকল অবিহনে এজন শিক্ষাৰ্থী নিজৰ জী‌ৱনত আগু‌ৱাই যাব নো‌ৱাৰিব । এজন সমাজমুখী খোলা মনৰ শিক্ষাৰ্থীয়ে তেওঁৰ অনাগত জী‌ৱনত প্ৰতিখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে বহু ভাল বন্ধু-বান্ধ‌ৱীৰ সান্নিধ্য লাভ কৰে, যিসকলে আনকি সঁচা বন্ধুত্বৰে তেওঁক জী‌ৱনজুৰি  উপচাই ৰাখে
       কেতিয়াবা আকৌ উৎকৃষ্ট শিক্ষানুষ্ঠানত পঢ়িও কোনো কোনো শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নো‌ৱাৰা দেখা যায়। এই কথাই প্ৰমাণ কৰে যে নিজাববীয়া প্ৰচেষ্টা আৰু মনোযোগিতা অবিহনে হাজাৰ সুযোগ-সুবিধা লাভ কৰিও পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰা সম্ভ‌ৱ নহয় । অ‌ৱশ্যে , যিদৰে এটা গণিতীয় সমীকৰণৰ সোঁফালৰপৰা বাঁওফাল আৰু বাঁওফালৰ পৰা গৈ সোঁফালক প্ৰতিপন্ন কৰিব পাৰি ,সেইদৰে ওপৰৰ কথাটিৰ ক্ষেত্ৰটো আমি ক’ব পাৰো যে ; উপযুক্ত শিক্ষাগুৰু তথা শৈক্ষিক পৰি‌ৱেশ পো‌ৱা, নিয়মিত আৰু নিয়াৰীকৈ অধ্যয়ন কৰা শিক্ষাৰ্থী এজনৰ ভাল ফলাফলৰ বাবে ভাল শিক্ষানুষ্ঠানো অপৰিহাৰ্য নহয় ।
নামভৰ্তিৰ সময়ত ল’বলগীয়া সা‌ৱধানীয়তা:-
আজিকালি শিক্ষা এক লাভজনক ব্য‌ৱসায়লৈ পৰ্যবসিত হৈছে । উন্নত শিক্ষাৰ নামত বহু চতুৰ ব্য‌ৱসায়ীয়ে উচ্চমানৰ আধুনিক কলা-কুশলীযুক্ত ঘৰ-দু‌ৱাৰ বনাই অভিভা‌ৱকক আকৰ্ষণ কৰে । বহুতে আকৌ নানা আনুসংগিক সুবিধা (যেনে শীত-তাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠা, বিনামূলীয়া ব্যক্তিগত পাঠদান/টিউশ্যন , নৃত্য-গীতৰ শ্ৰণী সংযোজন আদি) যুগুত কৰি অভিভা‌ৱকক মোহিত কৰিবলৈ বিচাৰে ।   যিহেতু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যিকোনো অভিভা‌ৱকেই দুপইচা বেছিকৈয়ে খৰছ কৰিবলৈ সদা-সষ্টম হৈ থাকে ,গতিকেই এই ব্য‌ৱসায়ীসকলেও নানাধৰণৰ টো‌প দেখু‌ৱাই মূৰত টাঙোন মাৰিবলৈ সুবিধা পায় সেয়েহে হ’বলা বাতৰি-কাকত, দূৰদৰ্শন, ইন্টাৰনেট সকলোতে চমকলগা বিজ্ঞাপনেৰে ব্য‌ৱসায়ীসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানৰ গুণ-গান বখালে আৰু আমাৰ বহুতেই কে‌ৱল বিজ্ঞাপনৰ ভিত্তিতে ল’ৰা-ছো‌ৱালীক লাখ লাখ টকা খৰছ কৰি কোনো অখ্যাত শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দি মানসিক প্ৰশান্তি লাভ কৰে । ইয়াৰ ফলত কিন্তু আটাইতকৈ বেছি আঘাটপ্ৰাপ্ত হয় শিক্ষাৰ্থীজনহে । 
       আমাৰ অভিভা‌ৱকসকলৰ ল’ৰা-ছো‌ৱালীক কে‌ৱল ডাক্তৰ বা ইঞ্জিনীয়াৰ ‘বনো‌ৱা’ৰ যি মানসিকতা, সিয়েই কিন্তু কালগ্ৰাসী হৈ এইধৰণৰ অধ:পতনত মুখ্য অৰিহণা যোগাইছে । ‘লাইন’ লগাই পঢ়িলেহে যে ল’ৰাটো‌ৱে বা ছো‌ৱালীজনীয়ে কিবা এটা কৰি খাব পাৰিব, তেনে কথা সম্পূৰ্ণ ভিত্তিহীনআমাৰ অভিভা‌ৱকসকলে নাজানে যে , শিক্ষাৰ্থীগৰাকীৰ যদি আগ্ৰহ থাকে তেন্তে আজিকালিৰ এই গোলকীকৰণৰ যুগত যিকোনো এটা বিষয় বা ‘ক্ষেত্ৰ’তে যদি উচ্চ তথা উচ্চতম শিক্ষা লাভ কৰে , তেন্তে তেওঁৰ বাবে কোনো চাকৰিৰে অভা‌ৱ নহ’ব । মাথো জানিব লাগিব, কোনটো বিষয়ত কি কি সুবিধা চৰকাৰৰ পৰা ল’ব পাৰি , বৃত্তি কোন কোন অনুষ্ঠান –প্ৰতিষ্ঠানে প্ৰদান কৰে , কি কি পাঠ্যক্ৰমৰ চাহিদা কেনেকু‌ৱা, বিদেশত পঢ়িবলৈ কি কৰিব লাগে, আমাৰ দেশৰ ক’ত ক’ত স্নাতকোত্তৰ বা গ‌ৱেষণা কৰাৰ সুবিধা আছে ইত্যাদি । মুঠতে আগ্ৰহ আৰু অধ্যা‌ৱসায়ৰ  বলত যিকোনো এজন শিক্ষাৰ্থীয়ে যিকোনো এটা বিষয়তে পঢ়া-শুনি কৰি প্ৰতিষ্ঠিত হ’ব পাৰে ।
ভাৰত চৰকাৰৰ মান‌ৱ-সম্পদ বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ ‘য়ুনিভাৰ্ছিটি গ্ৰান্ট কমিছন’ হৈছে আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহৰ অভিভা‌ৱকস্বৰূপ । এই কমিছনেই দেশৰ সকলো বিশ্ববিদ্যালয় (তথা ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়) সমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰে , শৈক্ষিক বাতা‌ৱৰণ নিৰীক্ষণ কৰে, তথা পাঠ্যক্ৰমবোৰৰ বৈধতাৰ স্বীকৃতি প্ৰদান কৰে । যো‌ৱা কেইবাবছৰো ধৰি ভাৰতত কিছুমান পাবত গজি উঠা  বিশ্ববিদ্যালয় এই কমিছনৰ দৃষ্টি গোচৰ হৈছে আৰু তেনে ‘অবৈধ শিক্ষানুষ্ঠান’বোৰৰ তালিকা তেওঁলোকে ‌ৱেবচাইটযোগে প্ৰকাশ কৰিছে ।  এই ‌ৱেবচাইটটো হ’ল –http://www.ugc.ac.in/page/fake-universities.aspx
শিক্ষানুষ্ঠান এটা বাছনি কৰোতে এই কথাও চাব লাগে যে , তাৰ পাঠ্যক্ৰমবোৰ চৰকাৰৰ সংশ্লিষ্ট কতৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে নে নাই । বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ বাবে এনে কতৃপক্ষও সুকীয়া সুকীয়া । যেনে অভিযান্ত্ৰিক শিতানত ‘All India Council for Technical Education’, মুক্ত শিক্ষাৰ শিতানত ‘Directorate of Distance Education’, সাধাৰণ স্নাতক/স্নাতকোত্তৰৰ শিতানত University Grant Commission , চিকিৎসাৰ শিতানত ‘Medical Council of India আজিকালি স্বীকৃতি নথকা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ হো‌ৱাৰ পিছত অন্য শিক্ষানুষ্ঠানে সেই ডিগ্ৰীক নামভৰ্তিৰ বাবে অযোগ্য বুলি ঘোষণা কৰে ।
গতিকে ছাত্ৰ-ছাত্ৰী তথা অভিভা‌ৱক সা‌ৱধান নহ’লে জী‌ৱনৰ বহুমূ্লীয়া কেইবাটাও বছৰ অবাবত নষ্ট হো‌ৱাৰ ভয় থাকে । আমাৰ ল’ৰা-ছো‌ৱালীয়ে য’তেই নপঢ়ক,যিয়েই নপঢ়ক কিয় ; মন দি পঢ়ক, সফল হ’বই ।  কিতাপৰ কথাবোৰে অকল পৰীক্ষাতেই  নহয় , কামত লগালে সিবোৰে আমাৰ বাস্ত‌ৱ জী‌ৱনতো সুফল দিব ।
     -------------------------------------০০০------------------------------------
 

Monday, June 9, 2014

“চৰকাৰে কম্পিউটাৰৰ সলনি কিতাপ-বহী দিয়ক!"



মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই যো‌ৱা ইং. ২০০৫ বৰ্ষৰ মাৰ্চ মাহত বিধানসভাৰ মজিয়াত ‘আনন্দৰাম বৰু‌ৱা বঁটা’ নামৰ এক অভিন‌ৱ বঁটাৰ কথা ঘোষণা কৰে আৰু সেইবছৰৰ পৰাই অসম চৰকাৰে এই বঁটা আজিপৰ্যন্ত প্ৰদান কৰি আহিছে । আৰম্ভণিতে এই বঁটা অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) অনুষ্ঠিত কৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হো‌ৱা শিক্ষাৰ্থীসকলক দিয়া হৈছিল যদিও,  যো‌ৱা ইং. ২০০৮ বৰ্ষৰপৰা  হাইমাদ্ৰাছাসমূহৰ চূড়ান্ত  পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো এই বঁটাৰ অন্তৰ্গত সামৰি লো‌ৱা হৈছে । বঁটাটিত আছে এখনি মানপত্ৰ আৰু এটা কম্পিউটাৰ । ইং.২০০৯ বৰ্ষৰপৰা এই কম্পিউটাৰৰ সলনি একোটিকৈ ‘লেপটপ’ দিয়াৰ ব্য‌ৱস্থা কৰা হয় আৰু বৰ্তমানে ৫০%ৰ ওপৰত পো‌ৱা অথচ প্ৰথম বিভাগ নো‌প‌ো‌ৱা ছাত্ৰ-ছাত্ৰীসকলকো এই বঁটাৰ অধীনত একোটাকৈ ‘মিনি লেপটপ’ বা ‘নোটবুক’ দিয়াৰ বন্দো‌ৱস্ত কৰা হৈছে । চৰকাৰী তথ্যমতে এতিয়ালৈকে প্ৰায় ডেৰ লাখটা কম্পিউটাৰ/নোটবুক এই বঁটাৰ শিতানত প্ৰদান কৰা হৈছে ।

অভূতপূৰ্ব এই বঁটাটিৰ প্ৰ‌ৱৰ্তনে কোনসকলক উপকৃত কৰিছে সেয়া যদি আমি পৰ্যালোচনা কৰিবলৈ যাওঁ, তেন্তে ক’ব লাগিব যে নি:সন্দেহে চৰকাৰে ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ অন্তৰ জয় কৰাত কিঞ্চিৎ হ’লেও সফলতা লাভ কৰিছে,কিয়নো আজিৰ এই মহঙা দিনত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কম্পিউটাৰ এটা নিজে কিনি ব্য‌ৱহাৰ কৰাটো ইমান এটা সহজ কথা নহয় ।

তথ্য-প্ৰযুক্তিৰ চূড়ান্ত উন্নতি আৰু প্ৰসাৰৰ এই যুগত কম্পিউটাৰে যে আমাৰ দৈনন্দিন জী‌ৱনতো অবিশ্বাস্যভা‌ৱে প্ৰভা‌ৱ বিস্তাৰি আছে ,সি অনস্বীকাৰ্য । মোবাইল ফোনত গান ভৰো‌ৱা,আৱেদন-পত্ৰৰ ডি.টি.পি. কৰা,পাছপোৰ্ট ফটো উলিও‌ৱা,ৰেলৰ টিকট কিনা ইত্যাদিৰ পৰা আৰম্ভ কৰি মহাকাশযানৰ উৎক্ষেপনলৈকে সকলোতে এই কম্পিউটাৰ নামৰ যন্ত্ৰবিধ বহুল ভা‌ৱে ব্য‌ৱহৃত হৈ আহিছে । সঁচা কথা ক’বলৈ গ’লে  উদ্ভা‌ৱন হো‌ৱাৰে পৰা আজিলৈকে কম্পিউটাৰৰ ব্য‌ৱহাৰেই মান‌ৱ-জাতিৰ প্ৰগতিৰ হাৰক উচ্চমুখী কৰি ৰাখিছে  ।কৃষি-কৰ্ম,বিজ্ঞান,আধুনিক কলা,শিক্ষাজগত,প্ৰতিৰক্ষা,চিকিৎসা,চলচ্চিত্ৰ-বিনোদনকে আদি কৰি এনে এটা ক্ষেত্ৰ নাই য’ত কম্পিউটাৰৰ প্ৰয়োগ হো‌ৱা নাই ।

সেই হিচাপে চাবলৈ গ’লে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে । তাৰ বাবে চৰকাৰক আমি অন্তৰৰ পৰা  ধন্যবাদ জনো‌ৱা উচিত ।  কিন্তু আমি যদি অসমৰ প্ৰেক্ষাপটত,জাতীয় জী‌ৱনৰ প্ৰকৃত ছবিখনৰ মাজেৰে বঁটাটিৰ যথোপযুক্ততা চালি-জাৰি চাওঁ, তেন্তে ক’ব লাগিব যে –আনন্দৰাম বৰু‌ৱা বঁটা অসম চৰকাৰৰ ৰাজনৈতিক মুনাফা লাভৰ এক হাথিয়াৰ মাত্ৰ যি বৰ্তমানে এক ভেকোঁভাওনাত পৰিণত হৈছে । এটা জৰীপ কৰিলে এনে বহু পৰিয়ালৰ কথা পোহৰলৈ আহিব ,যিসকলে হয়তো চৰকাৰৰ পৰা পুৰষ্কাৰ হিচাপে পো‌ৱা কম্পিউটাৰটো মাত্ৰ এদিনৰ বাবেও ব্য‌ৱহাৰ কৰিব নো‌ৱাৰি প্ৰদৰ্শনীৰ সামগ্ৰী হিচাপে নিজৰ চ’ৰাঘৰ শু‌ৱনি কৰি সজাই থ’বলগীয়াত পৰিছে । যিমূহুৰ্তত অসমৰ হাজাৰ হাজাৰ গাঁও এতিয়াও বিদ্যুতৰ সুবিধাৰপৰা বঞ্চিত হৈ আছে, সেই সময়ত বিনামূলীয়া কম্পিউটাৰ প্ৰদান একপ্ৰকাৰৰ প্ৰহসন নহয় যদি কি ?

সেইদৰে আন বহুতেই আকৌ ইয়াক কে‌ৱল চলচ্চিত্ৰ তথা বিহুৰ ভিচিডি চাবৰ বাবেই ব্য‌ৱহাৰ কৰি আহিছে । অন্য যন্ত্ৰবোৰৰ দৰেই কম্পিউটাৰো এটা পাৰ্থিৱ যন্ত্ৰই মাথোন,যাৰ চালনা-বিদ্যা আয়ত্ব নকৰাকৈ তাক কোনো কামতেই লগাব নো‌ৱাৰি । আৰু ই এটা কেলকুলেটৰ বা টিভিৰ ৰিমোটৰ দৰে অতি সহজ যন্ত্ৰও নহয় যে আনুষ্ঠানিক শিক্ষা নোহো‌ৱাকৈয়ে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াৰ ব্য‌ৱহাৰ ঘৰতে বহি শিকি ল’ব পাৰিব । বিদেশৰ কথাতো বাদেই, আমাৰ ভাৰতবৰ্ষৰে বিভিন্ন প্ৰগতিশীল ৰাজ্যত দেখা প‌ো‌ৱা যায় যে কম্পিউটাৰৰ শিক্ষা প্ৰাথমিক শ্ৰেণীৰে পৰা প্ৰতিজন শিশুকে দিয়া হয় আৰু তেনে শিক্ষাৰ্থীয়ে মজলীয়া বিদ্যালয়তে কম্পিউটাৰৰ উচ্চ-স্তৰীয় ধ্যান-ধাৰণাবোৰ আয়ত্ব কৰে । গতিকে আমাৰ অসম মুলুকতো অন্ত:ত পঞ্চম শ্ৰেণীৰপৰা প্ৰতিখন বিদ্যালয়তে কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় । চৰকাৰে এই বিষয়ক দুই-এক  আঁচনি যুগুত কৰি ৰূপায়ণো কৰিছে যদিও ই অসমৰ প্ৰতিখন বিদ্যালয়কে সামৰি ল’ব পৰা নাই ।

বঁটাটিৰ প্ৰাসংগিকতাৰ ক্ষেত্ৰত সবাতোকৈ ডাঙৰ কথাটো হ’ল , মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ এজন শিক্ষাৰ্থীৰ বাবে এই পুৰষ্কাৰ যিমান প্ৰয়োজনীয় তাতোকৈ বেচি প্ৰয়োজনীয় আছিল এজন স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বাবেহে ; যিসকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰে কিন্তু একো ব্য‌ৱস্থা হাতত লো‌ৱা নাই । আমাৰ শৈক্ষিক পাঠ্যক্ৰমতো কম্পিউটাৰৰ ব্য‌ৱহাৰ কৰি প্ৰস্তুত কৰিবলগীয়া নানা প্ৰকল্প,আ‌ৱেদন বা চেমিনাৰ আদি উচ্চতৰ মাধ্যমিকতকৈ ওপৰৰ স্তৰতহে  সন্নিবিষ্ট হৈ আছে ।

আৰু যদি আমি অলপ প্ৰযুক্তিগত দিশৰ পৰা লক্ষ্য কৰোঁ, চৰকাৰে দিয়া এই কম্পিউটাৰবোৰৰ চফ্ট‌ৱেৰ অথবা হাৰ্ড‌ৱেৰতো কিছু আঁসো‌ৱাহ বিচাৰি পাওঁ । ‘মুক্ত চফ্ট‌ৱেৰ’ৰ ওপৰত গুৰুত্ব দি চৰকাৰে এই কম্পিউটাৰবোৰত ‘লিনাক্স অপাৰেটিং চিষ্টেম’ দিছে । সামগ্ৰিক ভা‌ৱে চাবলৈ গ’লে ই বহুত ভাল কথা যে এনে মুক্ত চফ্ট‌ৱেৰবোৰৰ ওপৰত আমি গুৰুত্ব দি তাক শিকি-বুজি ব্য‌ৱহাৰ কৰিলে  চফ্ট‌ৱেৰ ব্য‌ৱসায়ত ৰাজত্ব কৰা কোম্পানীসমূহৰ একছত্ৰী শাসনৰ ওৰ পৰিব ।কম্পিউটাৰৰ বিশেষ শিক্ষা লো‌ৱা শিক্ষাৰ্থী সকলক বাদ দি যদি আমাৰ যিকোনো অফিচ –কাছাৰীলৈ যাওঁ দেখা পাম যে সাধাৰণ কম্পিউটাৰ-সাক্ষৰ লোক এজনে এই ‘লিনাক্স অপাৰেটিং চিষ্টেম’ৰ বিষয়ে ন্যূনতমখিনিও নাজানে অ‌ৱশ্যে শুনিবলৈ বেয়া লগা এটা সঁচা কথা হ’ল এয়ে যে , অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ BE, MCA ডিগ্ৰীধাৰী কম্পিউটাৰ ইঞ্জিনীয়াৰ এজনৰো এই লিনাক্স অপাৰেটিং চিষ্টেমৰ বিষয়ে জ্ঞান তেনেই সীমিত থাকে । লিনাক্সৰ কঠিন User-Interface আৰু Command লিখি কাম সম্পাদন কৰিবলগীয়া  গুণৰ বাবেই ই অতি কম জনপ্ৰিয় ।  তাৰ পৰি‌ৱৰ্তে বহুল প্ৰচলন আৰু কাম কৰাৰ সুবিধাৰ বাবে কম্পিউটাৰ শিকিবলৈ আৰম্ভ কৰা এজন লোকে প্ৰথমে সেয়ে Microsoft Windows OS ত হে কাম কৰিবলৈ বিচাৰে । কাজেই বটাঁ হিচাপে পো‌ৱা এই কম্পিউটাৰটোত শিক্ষাৰ্থীজনে নিজাববীয়াকৈ হাজাৰ টকা খৰছ কৰি Microsoft Windows OS ভৰাই লয়, নতুবা একো কাম নকৰাকৈ পেলাই থৈ দিয়ে , আৰু নতুবা চাৰি-পাঁচ হাজাৰ টকাৰ বিনিময়ত বিক্ৰি কৰি দিয়ে ।

নতুনকৈ  সংযোজন ঘটো‌ৱা উচ্চ দ্বিতীয় বিভাগত উত্তীৰ্ণ সকলৰ বাবে যি নোটবুক দিয়া হৈছে , সেইবোৰ HP, DELL, ACER ,SONY বা আন কোনো জনপ্ৰিয় বিখ্যাত কোম্পানীৰ সলনি  কোনো এক অখ্যাত কোম্পানীৰ দ্বাৰা প্ৰস্তুত ,যাৰ সে‌ৱা-কেন্দ্ৰ অসমত নাই । গতিকে এনে অখ্যাত কোম্পানীৰ সতে কেনেধৰণৰ চুক্তিৰে এই বেচা-কিনা চলিছে,সেয়াও সন্দেহৰ আ‌ৱৰ্তত ।

এই বটাঁৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অপবাদটো হৈছে, ই শিক্ষাক্ষেত্ৰত ল’ৰা-ছো‌ৱালীৰ মাজত প্ৰতিযোগিতাৰ মনোভা‌ৱ মুঠেও বঢ়াব পৰা নাই ; বৰঞ্চ  ই পৰোক্ষভা‌ৱে তাৰ ওলোটা ফল হে দিছে ।  চৰকাৰী তথ্যতে(উৎস: http://www.amtron.in/htmls/Anundoram-barooah-award.html            ) স্পষ্টভা‌ৱে প্ৰকাশ যে ২০০৫ বৰ্ষত প্ৰথম বিভাগ উত্তীৰ্ণ মুঠ ছাত্ৰ-ছাত্ৰী ১২,৭৫৬ জনৰ বিপৰীতে এই সংখ্যা ২০০৬ আৰু ২০০৭ বৰ্ষত ক্ৰমে ১৩,৪৯৩ আৰু ১২,৬৯২ জন হয় ( ৱশ্যে ২০০৮ বৰ্ষত ১৭,৩৩১ জনে কম্পিউটাৰ লাভ কৰিছিল যদিও ইয়াত হাই-মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত আছিল ) বৰ্তমান সময়ত শতকৰা ৯০-৯৫ পাইয়ো এজন শিক্ষাৰ্থীয়ে ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে হাবাথুৰি খাব লগীয়া হয় ।কাৰণ আজিকালি প্ৰতিযোগিতাৰ যুগ । এই সময়ত চৰকাৰে মাত্ৰ ৫০% নম্বৰেৰে উত্তীৰ্ণ হ’লেই যদি সাদৰেৰে পুৰষ্কৃত কৰে, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে সিমান খিনিক লৈয়েই অতি সন্তুষ্ট হ’বলৈহে শিকে , অধিক ভাল ফলাফলৰ বাবে চেষ্টা কৰাৰ হেঁপাহ তেওঁলোকৰ কেতিয়াও নাবাঢ়ে । আমি আচৰিত হওঁ, ন-শিক্ষাৰ্থীক উভোতনি উৎসাহ জগোৱা এয়া কেনে চৰকাৰী পৃষ্ঠপোষকতা ?এনে ভেঁকোভাওনাৰ সলনি চৰকাৰে যদি সঁচাকৈয়ে ৰাজ্যখনৰ বিজ্ঞান তথা তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনলৈ গুৰুত্ব দিলেহেঁতেন তেন্তে কৰ্ম-সংস্থানৰ সন্ধানত বছৰি বাহিৰলৈ ওলাই যো‌ৱা ৰাজ্যখনৰ মেধা‌ৱী ছাত্ৰ-ছাত্ৰীসকলে আজি নিজ জন্মভূমিতে প্ৰযুক্তিৰ সৎ প্ৰয়োগেৰে প্ৰগতিৰ হকে কাম কৰিব পাৰিলেহেঁতেন ।

আমাৰ প্ৰস্তা‌ৱ, চৰকাৰে যদি এই বঁটা একান্তই প্ৰচলন কৰি ৰাখিব খুজিছে, তেন্তে মেট্ৰিক বা হাইমাদ্ৰাছাত শীৰ্ষ স্থান লাভ কৰা কেইজনক বিশেষ সাহায্য আৰু প্ৰথম বিভাগ অধিকাৰ কৰা সকলক উচ্চতৰ মাধ্যমিকৰ সমুদায় পাঠ্যপুথি,বহী,বেগ,জোতা-মোজা,পেঞ্চিল-কলম আৰু মহাবিদ্যালয়ৰ মাচুল দিয়ক ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...