লেখা অনুসন্ধান কৰক

Showing posts with label Bihu. Show all posts
Showing posts with label Bihu. Show all posts

Thursday, April 9, 2015

বিহু শিল্পী, শিল্পীৰ বিহু আৰু আয়োজক


বিহুক অসমীয়াৰ জাতীয় গৌৰ‌ৱ তথা বাপতি-সাহোন বুলি কো‌ৱা হয় । কো‌ৱা হয় যে অসমীয়াৰ ধমনীৰ কোষে কোষে হেনো বিহুৰ অনুভূতি প্ৰ‌ৱাহমান । অ‌ৱশ্যেই এটা জাতীয় উৎস‌ৱ হিচাপে এনে বিভূষণক কোনোপধ্যেই অত্যুক্তি বুলি ক’ব নো‌ৱাৰি । কিন্তু বৰ্তমান সময়ত অসমীয়া ডেকা-ডেকেৰীৰ গাত নিজৰ অতিকেই আপোন এই উছ‌ৱটিৰ প্ৰতি অলপো উছাহ-উদ্দীপনা জাগি উঠা পৰিলক্ষিত হয় নে ? প্ৰকৃতিয়ে এই ন ৰূপ লো‌ৱাৰ সময়ত আমাৰ কিশোৰ-কিশোৰী, ডেকা-গাভৰুৰ মুখেৰে নিজে নজনাকৈয়ে এফাঁকি বিহুনাম ওলাই আহে নে ? তাঁতশালৰ সলনি পঢ়া-মেজ, দূৰদৰ্শন অথবা মোবাইল-কম্পিউটাৰ লৈ ব্যস্ত  থকা আমাৰ সোণজনীকো জানো ঢোলৰ ছে‌ৱে দেহ-মন উতলাব পাৰে নে আজিকালি ?
       আধুনিকতাৰ পৰশ পাই বৰ্তমানে যে পূৰ্বৰ সেই মুকলি বিহুও নাই আৰু বিহু‌ৱে দেহত তোলা পিৰপিৰনিও নাই, সেই কথা আমি অবাঞ্চিত হ’লেও স্বীকাৰ কৰিবই লাগিব । আৰু এনে ৰূপান্তৰণৰ লগতে খাপ খো‌ৱায়েই উছ‌ৱটিক অনাগত সময়ৰ বাবে আমাৰ ন-প্ৰজন্মৰ হাতত তুলি দিব লাগিব। এই মূহুৰ্ততো আমাৰ বহু কৃষ্টিপ্ৰেমী শিল্পীয়ে থলু‌ৱা লোক-বাদ্য যেনে ঢোল,তাল,পেঁপা,গগণা,সুতুলীক জীয়াই ৰাখি তাৰ চৰ্চা কৰি জনপ্ৰিয় কৰাৰ স্বাৰ্থত কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন কৰি যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলক সঁচাই শলাগ ল’ব লাগিব । ইয়াৰ মাজতে বহু প্ৰচাৰবিমুখ থলু‌ৱা শিল্পীয়ে তেখেতসকলৰ জন্মগত প্ৰতিভা ন-প্ৰজন্মৰ হাতত গতাই দিবলৈ নৌপাওঁতেই হয়তো এই সংসাৰৰপৰা মেলানি মাগিছে । তদুপৰি আজিকালিৰ তথাকথিত বহু ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্ৰাজ্ঞী’তকৈ হাজাৰগুণে নিখুঁত আৰু স্বকীয় থলু‌ৱা বিহু নাচ জনা বিহু‌ৱতী হয়তো আমাৰ গা‌ৱেঁ-ভূঞেঁ ওলাব, যিসকলে গ্লেমাৰ বা অৰ্থৰ অভা‌ৱত মঞ্চ নতুবা দূৰদৰ্শনৰ পৰ্দা কঁপাবলৈ সুযোগ পো‌ৱা নাই । আমি কিন্তু তেনে বিহু‌ৱা বা বিহু‌ৱতীকহে প্ৰকৃত বিহু শিল্পী বুলিবলৈ সাহ কৰিম ।
       মঞ্চৰ বিহু‌ৱে নি:সন্দেহে উৎস‌ৱটিক ‘গ্লেমাৰ’মুখী কৰিছে আৰু ন-প্ৰজন্মৰ কাষ চপাইছে । কিন্তু বিহুৰ প্ৰাকৃতিক মাদকতা আৰু স্বয়ংক্ৰিয় এক উৎস‌ৱমুখৰ পৰি‌ৱেশ গঢ়ি তোলাত আজিও কিন্তু আমাৰ বিহু সন্মিলনী বা বিহু উদযাপন সমিতিসমূহ সফল হো‌ৱা নাই । শ্ৰেষ্ঠ হুঁচৰি দল, বৰ বিহু‌ৱা,সৰু বিহু‌ৱা,বৰ বিহু‌ৱতী,সৰু বিহু‌ৱতী, শ্ৰেষ্ঠ বিহু দল, শ্ৰেষ্ঠ বিহু‌ৱতী আদি নানা শিৰোনামাৰে অলেখ-অজস্ৰ প্ৰতিযোগিতা আমি পাতিছো সঁচা; কিন্তু ঢোল-পেঁপাৰ ছে‌ৱত এপাক নাচিবলৈ কিমানজন কিশোৰ-কিশোৰীৰ দেহ-মনক উদ্বুদ্ধ কৰিব পাৰিছো তাৰ জানো কিবা খেয়াল আমি ৰাখিছো ? চাদৰ-মেখেলা বা গামোছা-টঙালি ব’বলৈ আৰু লাড়ু-পিঠা বনাবলৈ আমাৰ কেইজনী ছো‌ৱালীক আমি উৎসাহিত কৰিছো, সেয়াও এক ভা‌ৱি চাবলগীয়া বিষয় । শুনিবলৈ পো‌ৱা যায় যে মঞ্চত বিহু নাচি ‘বিহু‌ৱতী’ বুলি পুৰস্কৃত হ’বলৈও বোলে বৰ্তমানে বহু শকত পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় । এনে দৃষ্টিৰে চাবলৈ গ’লে বিহু পতা, বিহুত নচা, বিহুৰ বিচাৰক হো‌ৱা এই সকলো কথাতে দেখোন কুটনীতিৰ জটিল পাক সোমাই আছে । আৰু যদি সঁচাই সেয়া হৈ আছে, তেন্তে আজিৰ বিহু গৈ যে এদিন কে‌ৱল ‘আঢ্য‌ৱন্ত সকলৰ ফেছন’ হিচাপেহে পৰিগণিত হ’বগৈ, সেয়া নিশ্চিত ।
       বিহুৰ আয়োজকসকলে, স্বেচ্চাসে‌ৱী গোটসমূহে অথ‌ৱা হুঁচৰি দলসমূহে আমাৰ প্ৰতিঘৰতে থকা ল’ৰা-ছো‌ৱালীবোৰক আঁকো‌ৱালি লৈ বিহুৰ অনুশীলন কৰিবলৈ দিয়া উচিত । বিহু উদযাপনত আগৰণু‌ৱাসকলে সমাজৰ প্ৰতিজন মানুহকে যদি বিহুৰ স্বাভা‌ৱিক ৰীতি-নীতি আৰু  পৰম্পৰাখিনিৰ লগত চিনা-পৰিচয় কৰাই অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰাব পাৰে, তেতিয়াহে কিন্তু অসমীয়াৰ এই বাপতি-সাহোন বিহুটিয়ে আমাৰ প্ৰত্যেকৰে অন্তৰত স্থান ল’ব পাৰিব । সমিতিসকলে অঞ্চলৰ প্ৰ‌ৱীণ বিহু‌ৱা বা বিহু‌ৱতীসকলক এই কাৰ্যসূচীবোৰৰ অংশীদাৰ কৰি ল’লে তেওঁলোকৰ পৰা বহুখিনি শিকিবও পাৰিব ।
       যিসময়ত বিহুৰ স্বকীয়তা বজাই ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বঢ়ো‌ৱাৰ বাবে বিহু উদযাপন কৰা সন্মিলনীসমূহৰ ওপৰত আমি আশা আৰু ভৰসা কৰিব বিচাৰোঁ, সেইসময়ত কিন্তু এনে সমিতিসমূহৰ কিছুমান কথা-কাণ্ডই আমাক হতভম্ব কৰিছে । সস্তীয়া জনপ্ৰিয়তা আৰু ব্যক্তিগত মুনাফা লাভৰ অৰ্থে আজিকালি প্ৰায় সকলোবোৰ সমিতিয়েই মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি ব্য‌ৱসায়িক লাভালাভাক লৈ অংক কৰাহে দেখা যায । দা‌ৱী-ধমকিৰে শকত পৰিমাণৰ চান্দা উঠাই এই সমিতিবোৰে বৰ্তমানে ভদ্ৰ ডকাইতৰ ৰূপ লৈছে । কোনে কিমান নামী-দামী তাৰকা-শিল্পীক নিমন্ত্ৰণ জনাই নিউজ-চেনেলৰ চৰ্চাৰ বিষয় হ’ব পাৰি অথবা ‘লাইভ-টেলিকাষ্ট’ কৰাব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে, এনে অনুভ‌ৱ হয় । সেইবাবেই আজিকালি বিহু উদযাপনৰ ক্ষেত্ৰত মুখ্য আকৰ্ষণ বিহু নহয়, হয়গৈ কোনো এজন গায়ক বা গায়িকাহে । বৰ বৰ পোষ্টাৰ-হোৰ্ডিঙত আজিকালি বিহু কঢ়িয়াই আনে জুবিন-পাপন বা দীক্ষু-জুবলীয়েহে । আৰু এই শকত –পাৰিতোষিকেৰে বন্দো‌ৱস্ত হো‌ৱা আমাৰ মৰমৰ শিল্পীসকলে উছ‌ৱৰ নিশা আমাক শুনায় ড্ৰাম,গীটাৰ, ঢুলুকীৰে অলংকৃত হো‌ৱা আধুনিক বিহুগীত ।
       আমাৰ অনুৰোধ, সংশ্লিষ্ট সকলো‌ৱে যেন বিহুৰ নামত ব্য‌ৱসায় কৰা বন্ধ কৰি এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে চিনাকী দিয়ক আৰু আৰ্থ-সামাজিক নানান সমস্যাৰে জৰ্জৰিত এই সংকট মূহুৰ্তত বিহুৰ জৰিয়তেই সমাজত একতা স্থাপন কৰি এক বৃহত্তৰ সুৰুচীসম্পন্ন সংস্কৃতি‌বান জাতি গঠন প্ৰক্ৰিয়াত প্ৰত্যেকেই অহিৰণা যোগাওক।
  -------------------------------------০০০--------------------------------------

Monday, April 18, 2011

বিহুৰ দুখৰীয়া চিন্তা

“বিহুৰ অনুভ‌ৱ”
-------------------------------------
নাজানো ,কিয় এনে হৈছে । ব’হাগ বিহুত ঘৰলৈ যাব নো‌ৱাৰাৰ বাবে সিমান দুখ মোৰ লগা নাই; যিমানখিনি লাগিব বুলি ভ‌ৱা হৈছিল।বিহুৰ প্ৰতি যে মোৰ ব্যক্তিগত টান একেবাৰেই নাই ,তেনেও নহয়।সৰুতে বাঁহৰ ‘টকা’ নিজেই সাজি চুৰীয়া-গেন্জী-টঙালী পিন্ধি সমনীয়াৰ স’তে ঘৰে ঘৰে গৈ হুঁচৰি গো‌ৱা মনত পৰিলে আজিও উৎফুল্লিত হওঁ ।ঢোল পেঁপাৰ শ‌ৱদে আজিও দেহ-মন সাতখন আঠখন কৰে । বিহু‌ৱতী ডেকেৰীৰ সাজোন-কাচোন আৰু কঁকালৰ ভাঁজে আজিও মোক প্ৰথম যৌ‌ৱনৰ মিঠা ৰাগীৰ সমানেই ৰাগিয়াল কৰে ।স্বত:স্ফুৰ্তভা‌ৱে বিহুগীত এফাঁকি মুখেৰে অজানিতে ওলাই আহে ব’হাগৰ কোনো এটা দুপৰীয়া ।

কুলিৰ মাত দুই-এবাৰ শুনাৰ ভাগ্য হ’ল।বিহুগীত দুটিমানও বজাই শুনিলো।তথাপি হঠাৎ আজি এই উপলব্ধি যেন, ‘কিবা এটা নাই’! কিবা এটা নাই আজিৰ এই বিহুৰ বতৰত যিয়ে হয়তো মোৰ বিহুৰ প্ৰতি থকা আকৰ্ষণ হৰি নিছে ।কি এই ‘কিবা’টো?

“হুঁচৰি”
-------------------------------------
আজিৰ ডেকা-গাভৰু একগোট হৈ হুঁচৰি নাগায় ।বিহুৰ বাবে এমাহ আগৰে পৰা হুঁচৰিৰ অনুশীলনো নকৰে ।জেতুকা গঁগণা গোটাবৰ বাবে মন উদ্বাউলো নহয় কাৰো ।জীয়েকক হুঁচৰি গো‌ৱাৰ মানা কৰি কাঢ়া নিৰ্দেশ জাৰী কৰে অভিভা‌ৱকে ।(নিদিবই বা কিয়,বিহুতে যদি কিবা এটা অঘটন ঘটে!কোনে জানে?) হু্ঁচৰি বাকী থাকিলগৈ কণ কণ পেন্দুকণাকেইটাৰ বাবে আৰু গা‌ৱঁৰ বুঢ়া ভকতকেইজনৰ বাবে ।

কিয়, বিহুকতো কো‌ৱা হয যৌ‌ৱনৰ উৎস‌ৱ বুলিহে?মানুহৰ দেহ-মন ৰঙীয়াল কৰা এই বসন্তৰ সুমধুৰ প্ৰকৃতিৰ মাজত বিহু‌ৱে আমাৰ প্ৰত্যেকৰে মনত প্ৰেম-ভালপো‌ৱাৰ বীজ সিঁচি জী‌ৱনটোক নকৈ গঢ়াৰ বাবেহে উৎসাহিত কৰিব পাৰিব লাগিছিল।

অৱশ্যে,আজিৰ অসমীয়া ডেকা-গাভৰু‌ৱে বিহু উদযাপন নকৰে বুলি ক’লে ভুল কো‌ৱা হ’ব ।গা‌ৱঁৰ ডেকাসকলে একগোট হৈ হুঁচৰিও গায়।পিছে সেয়া সন্ধ্যাৰ পাছত বিহু-বিশেষ পানীটুপি গলধ:কৰণ কৰি বিহুৰ ৰাগীৰে মতলীয়া জীনছ্ –টিচাৰ্ট পৰিহিত বিহু‌ৱা হৈহে !তেওঁলোকৰ সন্মিলিত প্ৰচেষ্টাত বিহুগীতেও হিন্দীগীতৰ সুৰ নতুবা কোনো পেৰদী গীতৰ সুৰ হৈ ওলাবলৈ কুন্ঠাবোধ নকৰে।এনে হু্ঁচৰিত উঠা বলপূৰ্বক দান-বৰঙণীয়ে বিলাতী সুৰাৰ দোকানীসকলক তেওঁলোকৰ ঘৰৰ বিহু বজাৰখন সুকলমে কৰাত ভাল অৰিহণা যোগাই আহিছে ।

“বিহুৰ ভিচিডি”
-------------------------------------
ভিচিডিৰ বিহু কাহিনী-চিত্ৰ-গীতবোৰে দুটা ভাল কাম কৰিছে –
ক)মৃত্যুৰ আগে আগে অসমীয়া সমাজৰ ৰীতি-নীতি আদ‌ৱ-কায়দা আৰু প্ৰচলিত প্ৰথা(দেখা যায়নে বিশেষ?)বোৰক অন্ত:ত এটা কালজয়ী ‘ডিজিটেল’ৰূপত বাণীবন্ধিত কৰিছে ।
খ)ন‌ৱপ্ৰজন্মক বিহুনাচ শিকি(চাই চাই!) অভিনেতা-অভিনেত্ৰী হ’বলৈ প্ৰেৰণা দিছে ‌।
আৰু এটা ভাল কাম অৱ্শ্যেই কৰিছে,এই মহঙা দিনত ঘৰতে বহি “অসমীয়া বিহু আৰু কাহিনীচিত্ৰ” দূৰদৰ্শনৰ পৰ্দাত ভিচিডি চাই চাই বিহুৰ দিনকেইটাৰ অৱৰসৰ বিনোদনৰ খোৰাক জগাইছে ।

“মঞ্চৰ বিহু”
-------------------------------------
মঞ্চৰ বিহু‌ৱে বিহুক যিমান আধুনিকীকৰণ কৰি জনপ্ৰিয় কৰিছে,তাতোকৈ বেছি ক্ষতিসাধন কৰিছে ইয়াৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি।ই অসমীয়া সমাজত একপ্ৰকাৰৰ শ্ৰেনীবিভাজনৰ সৃষ্টি কৰিছে।বিহু হৈ পৰিছে সমাজৰ উচ্চ বা উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বাবে এক আভিজাত্যৰ চিন ।
বিহু-প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে দুমাহ আগৰে পৰা ঢুলীয়া-তালিয়া সহ বিহু‌ৱাসকলক আপুনি উচিত মাননি আৰু আপ্যায়ন সহিত অনুশীলন কৰিব লাগিব ।লগতে ইখনৰ পৰা সিখন প্ৰতিযোগিতালৈ যাবৰ বাবে এখন গাড়ীৰ বন্দোবস্ত কৰিব লাগিব ;অংশগ্ৰহণৰ মাচুল ভৰিব লাগিব ।সাজ-পাৰৰ দামৰ কথা নকলো‌ৱেই বা!দুখীয়া প্ৰতিভাশালী বিহু‌ৱা বা বিহু‌ৱতীয়ে এনে মঞ্চৰ বিহুত অংশ ল’বলৈ সাহস কৰিব পাৰিবনে?
অন্যহাতে দেখা গৈছে-দুখীয়াসকলেহে মাথো বিহুৰ পিঠা-পনা বা জলপান তৈয়াৰ কৰে,ধনীসকলে তাক কিনি বিহু পাতে ।

“বিহুববীয়া প্ৰস্তা‌ৱ’
-------------------------------------
১)আগতে মইনা-পাৰিজাত বোৰে বিহুৰ হুঁচৰি উলিয়াইছিল ।তেওঁলোকৰ প্ৰশিক্ষণ আৰু হুঁচৰি বেছ ভাল হৈছিল । এতিয়া আগ্ৰহী স্বেচ্ছাসে‌ৱকৰ অভা‌ৱত এই অনুষ্ঠানবোৰ মৰি গৈছে ।পুনৰ্জ্জী‌ৱিতকৰণৰ ব্য‌ৱস্থা নোলাবনে?
২)বিদ্যালয় স্তৰত অসমত ‘Performing Art’ বিষয়টো বাধ্যতামূলক কৰিব লাগে ।যাৰ প্ৰশ্নকাকতত আহিব “বিলতে হালিছে শীৰ্ষক ৰাভাসঙ্গীতটো গো‌ৱা”,”ঝুমুৰা নাচা”,”এটা পদ গো‌ৱা”,”লোকগীত এটা গো‌ৱা”,”ঢোলৰ ছেও এটা বজো‌ৱা” আদি ।
৩)অসমীয়া পিঠা-পনা আৰু জলপানৰ ইমানেই ভিন্নতা আছে যে সতকাই তালিকাভুক্ত কৰাটো কঠিনেই ।এনে অৱ স্থাতো, আমাৰ বহুতেই আৰু অনা-অসমীয়া প্ৰায়সংখ্যকেই বিহুৰ পিঠা-পনা তথা জলপান খাই সিমান এটা ভাল নাপায় ।এইটো এটা অপ্ৰিয় সত্য ।
মই ভা‌ৱো,বিহুৰ জনপ্ৰিয়তা বঢ়াবলৈ,এই খাদ্যসম্ভাৰৰো কিছু প্ৰস্তুত-প্ৰণালীৰ সালসলনি কৰি সো‌ৱাদভৰা কৰিবলৈ প্ৰচেষ্টা এটা চলাব লাগে ।প্ৰয়োজন হ’লে আমাৰ ভাষা-সাহিত্যৰ গ‌ৱেষকসকলে ইতিহাসতকৈ এনে বিষয়বস্তুত অধিক মনোনিবেশ কৰক ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...