লেখা অনুসন্ধান কৰক

Showing posts with label Durga Puja. Show all posts
Showing posts with label Durga Puja. Show all posts

Monday, November 10, 2014

“পূজাৰ চান্দাৰ সদ্ব্য‌ৱহাৰ”



সাম্প্ৰতিক সময়ত পৃথি‌ৱীত এটা মান‌ৱ জাতিৰ ওপৰত প্ৰাকৃতিক বা অপ্ৰাকৃতিকভা‌ৱে হ’ব পৰা সকলো ধৰণৰ বিপৰ্যয়ৰ জী‌ৱন্ত উদাহৰণ হৈছে অসমীয়া জাতি । ভুমিস্খলন, বানপানী,বন্যপ্ৰানী নিধন,চুৰি-ডকাইতি,নাৰী-নিৰ্যাতন,শিশু-নিৰ্যাতন,প্ৰতিদিনে হ’বলৈ লো‌ৱা ধৰ্ষণ,উগ্ৰপন্থীৰ দ্বাৰা নিৰীহ জনতাৰ হত্যা, গুপ্তহত্যা, ধন-দাবী,অপহৰণ ,শাসকীয় দলৰ শোষণ আৰু বৰ্বৰতা, প্ৰদূষণ ,গোষ্ঠী সংঘৰ্ষ ,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা -- এই সকলোখিনিয়ে অসম আৰু অসমৰ জনসাধাৰণক এনেধৰণে জুৰুলা কৰিছে যে ৰাজ্যখনত কোনো ধৰণৰ ধনাত্মক চিন্তা তথা আদৰ্শমূলক কৰ্মৰ আজি অভা‌ৱ ঘটিছে । নিশ্চিতভা‌ৱে ক’ব পাৰি যে সুস্থ পৰি‌ৱেশৰ অভা‌ৱেই এনে দৈন্যতাৰ মূল কাৰক ।
ইয়াৰ মাজতো প্ৰকৃতিয়ে চিৰাচৰিত ৰীতি মানি ধৰাৰ বুকুত নতুন সাজেৰে নামি আহি ন উদ্দীপনাৰ সৃষ্টি কৰিছে । নৈৰ পাৰত কঁহু‌ৱা ফুলাৰ বতৰত পু‌ৱাৰ দুবৰি বনত যেতিয়া নিয়ৰে মুকুতা গাঁঠে তেতিয়া যিকোনো ইতৰ প্ৰাণীৰে মনত কিবা এটা বুজাব নো‌ৱাৰা  আৱেগৰ সৃষ্টি হয় । নতুন ভা‌ৱ আৰু ন আশাৰে প্ৰতিজন মানুহেই সজী‌ৱ আৰু প্ৰাণ‌ৱন্ত হয়  । এনে এক প্ৰতি‌ৱেশেই মানুহক উৎস‌ৱৰ প্ৰতি আকৃষ্ট কৰি তোলে । সেয়েহে আজিৰ এই মহঙা দিনতো ,প্ৰতিকূল বতৰ নেউচি , দুৰ্গাপূজাৰ আয়োজন চলিছে । মানুহবোৰে হাজাৰ দুখ-কষ্ট, আলাই –আথানিকো পাহৰি যেন অকনমাণ হাঁহি-স্ফুৰ্তি তথা সন্তুষ্টিৰ ভাগ ল’বলৈ যেন উদ্বাউল হৈ পৰিছে ।
দুৰ্গাপূজা বুলিলেই সকলো‌ৱে লগে-ভাগে ওলাই গৈ দে‌ৱীৰ আশীষ লো‌‌ৱা তথা ভিন ভিন ঠাইত পূজা চো‌ৱাৰ তীব্ৰ হেঁপাহ জাগে । সেয়া লাগিলে কোনো ধনী-মানী মন্ত্ৰী-আমোলাৰ সন্তানেই হওঁক অথবা আমাৰ গাঁৱৰ  কোনো নদাই-ভদাইৰ ল’ৰা-ছো‌ৱালীয়েই হওঁক ! অ‌ৱশ্যে কণমানিহঁতৰ সমানে সমানে আমাৰ বহু মাক-বাপেকৰো পূজা বুলি বিশেষ বজাৰ-সমাৰ কৰাৰো ‘বিশেষ চখ’ আছে । আৰু সেই হেতুকেই পূজাথলীৰ চৌপাশে এখন আটকধুনীয়া অস্থায়ী হাট-বজাৰে গা কৰি উঠে, য’ত উভৈনদী হয় ল’ৰা-ছো‌ৱালীৰ মন ৰঙীয়াল কৰি তুলিব পৰা নানান খেলা-সামগ্ৰী তথা কাপোৰ-কানি । চাহ-বাগিচাৰ কৰ্তৃপক্ষ বা আন কোম্পানী কিছুমানে আকৌ কৰ্মচাৰীৰ মন ভোলাবলৈ এনে সময়তে কিছুমান বোনাচ ঘোষণা কৰে । গতিকে এনে ‘অতিৰিক্ত উপাৰ্জন’ খিনিৰে ৰং-ৰহইচৰ উপাদান কিনিবলৈ বহুতৰে মন থৌকি-বাথৌ হো‌ৱাও পৰিলক্ষিত হয় । এই ৰঙত বহুতেই আকৌ ৰঙীণ পানীয়কো অন্তৰ্ভুক্ত কৰি ঘৰৰ বাহিৰে-ভিতৰে তথা বাটে-পথেও বিশেষ ভাওনাৰ আয়োজন কৰে । আমাৰ বহু আঢ্য‌ৱন্ত পৰিয়ালত পূজাৰ ‘চপিঙ’ৰ নামত কিবা যেন অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হয়, তেনে অনুমান হয় । সেয়েহে এনে কাৰকবোৰলৈ চাই ক’ব পাৰি যে-দুৰ্গাপূজা আজিকালি কে‌ৱল ‘পূজা’ হৈ থকা নাই , ই এটা ‘ব্য‌ৱসায়’লৈও পৰ্যবসিত হৈছে ।
        দূৰদৰ্শনত প্ৰতি মূহুৰ্তত দেখু‌ৱাই আছে - অমুক পূজা সমিতিৰ এইবাৰৰ বাজেট ইমান লাখ ,তমুকৰ আকৌ সিমান লাখ। কোনোবা এখন পূজা সমিতয়ে সগৌৰ‌ৱে ঘোষণা কৰিছে ,তেওঁলোকৰ বাজেট ২৫ লাখ বুলি । এতিয়া কথা হ’ল, সাধাৰণ এখন পূজা পাতিবৰ বাবে মানুহক ইমান টকাৰ সঁচাকৈয়ে প্ৰয়োজন হয় নে ? সেই টকাখিনি ক’ৰ পৰা আহে ? ইয়াৰ উত্তৰ অতি স্পষ্ট । পূজাৰ মূল খৰছৰ ভিতৰত পৰে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপ নিৰ্মাণ তথা ইয়াৰ সাজ-সজ্জা । চাবলৈ গ’লে এইখিনি কাম অতি সহজে হ’ব লাগিছিল আৰু ইয়াৰ বাবে ইমান অতি বেছি খৰছো হ’ব নালাগিছিল । কিন্তু খৰছৰ আচল ৰহস্যটো হৈছে এয়ে যে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপৰ সাজসজ্জাৰ বাবে পূজা সমিতিবোৰৰ মাজত প্ৰতিযোগিতা হয় আৰু এই প্ৰতিযোগিতাত জিকি নিজৰ ‘মান’  অক্ষুন্ন ৰাখিবৰ বাবে উদ্যোক্তাসকলে বিশেষ কাৰিকৰী প্ৰযুক্তি ব্য‌ৱহাৰ কৰি অতি চমকপ্ৰদ, চালে চকু থৰ হৈ যো‌ৱা বিধৰ মণ্ডপ সাজিবলগীয়াত পৰে । তাৰ বাবে কলকাতাৰপৰা  বিশেষ ভা‌ৱে পাকৈত ,দক্ষ কলা-কুশলীক ব্যয়বহুল ভা‌ৱে নিমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকে এমাহ আগৰে পৰা অশেষ কষ্ট কৰি এনে সুবৃহৎ আৰু সুশোভিত মণ্ডপ তৈয়াৰী কৰে । তাৰোপৰি পূজাৰ মঞ্চত বহুতেই আকৌ নামী-দামী তাৰকা-শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে । পূজাৰ নৈবিদ্য,পূজাৰীৰ দক্ষিণা তথা মাননি,প্ৰসাদৰ ৰন্ধন-প্ৰকৰণ,পৰি‌ৱহণ ইত্যাদিৰ কথাকো এনে বৃহৎ বাজেটৰ ভিতৰত সামৰি ল’ব লগীয়া হয় ।
আমি প্ৰশ্ন কৰোঁ, দহ দিনজোৰা এই পূজাৰ সময়ত কে‌ৱল চকুৰ চা‌ৱনিৰে মন জুৰ পেলো‌ৱাৰ বাদে এনে লক্ষ লক্ষ টকা খৰছ কৰি তৈয়াৰ কৰা পূজাথলীয়ে প্ৰকৃততে আমাক কেনেদৰে লাভান্বিত কৰিছে ? দে‌ৱীয়ে সঁচাকৈয়ে মণ্ডপৰ সাজ-সজ্জা বিচাৰ কৰে নে ? দে‌ৱীপূজা হৈ যো‌ৱাৰ পিছতো দেখোন এইখন দেশত আগৰদৰেই হিংসা-বিদ্বেষ ,হত্যা-লুন্ঠন,নিৰ্যাতন হৈয়েই থাকে ? অগণন টকা আৰু অমূল্য সময় দে‌ৱীৰ পূজা-অৰ্চনাৰ নামত খৰছ কৰাৰ পাছতো দেখোন আমাৰ মনৰপৰা ঠগ-প্ৰ‌ৱঞ্চনাৰ প্ৰ‌ৱণতা,দুৰ্নীতি কৰাৰ প্ৰ‌ৱণতা নিমিষতে নাইকীয়া হৈ নাযায় কিয় ?
এই কথাবোৰ সঁচাকৈয়ে গমি-পিতি চাবৰ সময় সমাগত । এষাৰ কথা আছে,-‘ভগ‌ৱানে সেইজনকহে ৰক্ষা কৰে , যিয়ে নিজৰ ৰক্ষা কৰে ।’ আমি পূজা-অৰ্চনা,নাম-কীৰ্তন কৰিব নালাগে বুলি ঠিক কো‌ৱা নাই; কিন্তু আজিৰ সময়ত,চন্দ্ৰ-মংগলক লৈ মানুহে অভিযান আৰম্ভ কৰাৰ সময়ত, সকলো কাম-কাজৰে যথাৰ্থতা অনুধা‌ৱন কৰি উঠিহে যিকোনো পদক্ষেপ লো‌ৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । চৰকাৰক অনবৰত দোষাৰোপ কৰি যদি আমি হাত সা‌ৱতি বহি থাকো, তেন্তে সেয়াও একপ্ৰকাৰৰ অপৰাধ । আমাৰ নিজৰ পদূলিটো লেতেৰা হৈছে, সেয়া চাফ-চিকুণ কৰি লো‌ৱাটো আমাৰ দায়িত্ব । গতিকেই আমি ভা‌ৱোঁ, পূজাৰ নামত খৰছ কৰা এনে লক্ষ লক্ষ টকাৰ যদি আমি সদ্ব্য‌ৱহাৰ কৰিব জানো, তেন্তে আমাৰ বহুখিনি সমস্যা নিমিষতেই নাইকীয়া হ’ব । এতিয়া বৰষুণৰ পাছত জমা হো‌ৱা গু‌ৱাহাটীৰ বোকাখিনিৰ কথাই ভা‌ৱকচোন । এটা অঞ্চল চাফা কৰিবলৈ প্ৰয়োজন হো‌ৱা ‘জেচিবি’ গাড়ীখন যদি আমি নিজেই যোগাৰ কৰি ল’ব পাৰো, সেয়া দেখোন এদিনতেই হৈ উঠিব । নলা –চাফা কৰা, দাস্টবিনৰ জা‌ৱৰ সময়মতে দূৰত নি পেলো‌ৱা,ভূমিস্খলন ৰোধিবলৈ শিল-চিমেন্টেৰে বেৰ দিয়া আদি সামাজিক কাম যদি এনে পূজাৰ নামত গোট খো‌ৱা টকাৰে কৰিব পৰা যায় , তেন্তে ভা‌ৱি চাওঁকচোন আমি কিমান খিনি সকাহ পাবলৈ সমৰ্থ হ’ম ? আমাৰ পইচাৰে আমাৰ নিজৰ কাম নিজেই কৰি লো‌ৱাতকৈ আৰু কিবা ডাঙৰ গৌৰ‌ৱ থাকিব পাৰে নেকি ?
আৰু যদি আমি একে ঠাইতে দহোখন পূজা পতাৰ সলনি মাথো এখনতে সকলোখিনিয়ে সমিলমিলেৰে লগ খাও তেন্তে দেখোন বহু টকা তেনেকৈয়ো ৰাহি কৰিব পাৰি ? পূজা সমিতিবোৰে চান্দা উঠাই পইচা তোলাত আপত্তি কাৰোৰে নাথাকিব , যদিহে  সেই টকাৰ উচিত ব্য‌ৱহাৰ হয় । বহু পূজা সমিতিয়ে চান্দাৰ টকাৰে নিজৰ নিজৰ পকেট গৰম কৰে বুলিও জনা যায় । আৰু চান্দাৰ নামত ডকা-হকা কৰাৰো উদাহৰণ পো‌ৱা যায় । এইবোৰৰ বিপক্ষে আইনী ব্য‌ৱস্থা প্ৰশাসনে লো‌ৱা উচিত । প্ৰশাসনে নিয়ম কৰি দুই কি.মি. ব্যাসাৰ্ধৰ ভিতৰত মাত্ৰ এখনহে পূজা মাতিবলৈ অনুমতি প্ৰদান কৰা উচিত ।
আমি আশা কৰোঁ, এইবেলি দুৰ্গাপূজাই আমাৰ প্ৰত্যেকৰে জী‌ৱনলৈ যেন শান্তি আনে , প্ৰতিজনৰে মনত যেন নতুন আশাৰ সঞ্চাৰ কৰে আৰু উচিত কৰ্মৰ প্ৰতি উদাৰ হ’বলৈ, সৎ হ’বলৈ যেন আমাক শক্তি দিয়ে ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...