‘আমাৰ অসম’ কাকতৰ ২৯
ডিচেম্বৰ,২০১৫ তাৰিখৰ ১২ পৃষ্ঠাৰ বাতৰিটোৱে আন মন্ত্ৰী-বিষয়াৰ কথা নাজানো, আমাৰদৰে
সৰ্বসাধাৰণ পাঠকক চূড়ান্তভাৱে মৰ্মাহত কৰিলে । যিসময়ত অসমত ক্ৰীড়া প্ৰতিভাৰ অভাৱ
বুলি সততেই অভিযোগ শুনা যায়, সেই সময়ত বিটিএডিৰ শালমাৰী সমষ্টিৰ খাটালমৰা গাঁৱৰ
লীলাৱতীয়ে আমাৰ সকলো অভিযোগ ভুল বুলি প্ৰমাণিত কৰি কত বছৰৰ আগতেই ৰাজ্যখনৰ নাম
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিছিল সেই কথা জানি গৌৰৱ অনুভৱ হোৱাৰ লগতে
বেদনাত হিয়া দগ্ধ হৈছে । বাতৰিটোত লীলাৱতীৰ সফলতাৰ বিতং খবৰ তথ্য সহকাৰে ৰাজীৱ
তালুকদাৰে প্ৰকাশ কৰিছে । জেভেলিন থ্ৰো বা যাঠি দলিওৱা খেলত সাতোটা ৰাষ্ট্ৰীয়
বঁটা, ১৮টা ৰাজ্যিক বঁটা আৰু ১৪টাকৈ জিলা পৰ্যায়ৰ বঁটাৰে গৌৰৱ কঢ়িয়াই অনা লীলাৱতী
দৈমাৰী সদৌ অসমৰ ৰাইজ তথা ন-প্ৰজন্মৰ বাবে
সদায়ে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব । কিন্তু অতি পৰিতাপ আৰু দুখৰ খবৰ এইটোৱেই যে
ক্ৰীড়াৰ ক্ষেত্ৰত চৰম প্ৰতিভাধাৰী হৈও ৰাজ্যখনত আজি সেইগৰাকী নাৰীয়ে সংসাৰৰ কঠিন
পৰিস্থিতিত এজন ২৬ বছৰীয়া মানসিকভাৱে ভাৰসাম্যসীন পুত্ৰ আৰু শাৰিৰীক-মানসিকভাৱে
জৰ্জৰিত স্বামীৰ সতে আনৰ ৰোৱনী-দাৱনী হৈ জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছে ।
কৰ্ণাটক,গুজৰাটৰদৰে ৰাজ্যসমূহত হোৱাহ’লে চৰকাৰেই অত বছৰে এনে স্বীকৃতিপ্ৰাপ্ত
খেলুৱৈক উপযুক্ত সা-সুবিধা দি পৰ্যাপ্ত প্ৰশিক্ষণেৰে আন এশজনী লীলাৱতীৰ জন্ম
দিবলৈ বদ্ধ পৰিকৰ হ’লহেঁতেন । কিন্তু
আমাৰে দুৰ্ভাগ্য যে লীলাৱতীয়ে অসমৰদৰে এখন ৰাজ্যত জনম ল’লে য’ত খোদ কেন্দ্ৰীয়
ক্ৰীড়া মন্ত্ৰী এই মুলুকৰে হৈও ৰাজ্যখনত ক্ৰীড়াৰ এক সুস্থ বাতাবৰণ গঢ়ি তুলিব পৰা নাই । জনসভা আৰু
সাংবাদিক-মেলত সততেই কেন্দ্ৰীয় চৰকাৰৰ ঢাক-ঢোল বজোৱা সৰ্বানন্দ সোনোৱালে লীলাৱতীৰদৰে
বোকাৰ পদুমক আদৰেৰে তুলি লৈ উপযুক্ত মান্যতা আৰু ক্ৰীড়া-প্ৰতিভা বিকাশৰ ক্ষেত্ৰত
প্ৰাপ্য মঞ্চ এখন প্ৰদান কৰিব পাৰিব নে ?
লেখা অনুসন্ধান কৰক
Showing posts with label minister. Show all posts
Showing posts with label minister. Show all posts
Thursday, December 31, 2015
Thursday, April 2, 2015
মন্ত্ৰীসকলৰ জনমুখিতা
উদাত্ত কণ্ঠেৰে আৱেগ-বিহ্বল ভাষাৰে এজন জননেতাই আমি দৈনন্দিন জীৱনত ভুগি থকা যাতনা বা বঞ্চনাৰ
বিৰুদ্ধে যেতিয়া মাত মাতে, দূৰদৰ্শনৰ পৰ্দাতেই হওঁক অথবা মুকলি মঞ্চতেই হওঁক, সেয়া
দেখি আমাৰ মনৰ কোনো একোণত সেই নেতাৰ প্ৰতি সহৃদয় ভাৱ জাগি উঠে । আমি এইবুলি ভাৱিবলৈ
লওঁ যে – হয়, কোনেও নুবুজিলেও, কোনেও নুযুঁজিলেও অন্ত:ত সেই নেতাজনেই আমাৰ
দুখ-কষ্টৰ কথা বুজিছে । আমাৰ সকলোৰে হৈ তেওঁকেই আগুৱাই দিলে আমি অন্যায়ৰ বিৰুদ্ধে
হোৱা যুঁজত জিকিম আৰু ন্যায়েৰে আমাৰ প্ৰাপ্যখিনি আদায় কৰিব পাৰিম । কিন্তু আজিৰ
সময়ত অৰ্থসৰ্বস্ব আৰু স্বাৰ্থজড়িত এই ৰাজনীতিত আমি সম্পূৰ্ণ ভৰসা কৰা আমাৰ নেতাজনে সঁচাকৈয়ে
আমাৰ আশা পূৰণ কৰিব পাৰিছে নে ? ৰাইজৰ সেই পৱিত্ৰ আকাংক্ষাৰ প্ৰতি তেখেতৰ নিষ্ঠাপূ্ৰ্ণ
সহযোগিতা দূৰদৰ্শনৰ কেমেৰা বা মঞ্চৰ মাইক্ৰোফোনৰ পৰা নিলগত ব্যক্তিগত স্বভাৱ-চৰিত্ৰ
বা আচৰণ-বিধিত আমি প্ৰতিফলিত হোৱা দেখিছো নে ? বৰ্তমানে সেই প্ৰশ্নৰ উত্তৰ ৰাইজে চালিজাৰি
চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।
জাগীৰোডত অৱস্থিত নগাওঁ কাগজ কলে বহু বছৰধৰি লোকচানৰ
সমুখীন হৈ থকা বাবে সংস্থাটোৰ পৃষ্ঠপোষকতাত চলি থকা কেন্দ্ৰীয় বিদ্যালয়খনি বন্ধ
কৰি দিয়াৰ প্ৰস্তাৱ উত্থাপিত হৈছে । যিহেতু বিদ্যালয়খনৰ লগত বহু ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীৰ ভৱিষ্যৎ জড়িত হৈ আছে
আৰু কেন্দ্ৰীয় বিদ্যালয় এখনে অঞ্চল এটাৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ভালেখিনি অৱদান আগবঢ়ায়,
গতিকেই স্থানীয় ৰাইজে বিচাৰিছে যে সেই বিদ্যালয়খনি সুকলমে চলি থাকক । কিন্তু ইয়াৰ বাবে কেন্দ্ৰীয় মানৱ-সম্পদ বিকাশ মন্ত্ৰালয়ৰ সতে যোগাযোগ কৰি
সংশ্লিষ্ট মন্ত্ৰীৰ ওচৰত আৱেদন দাখিল কৰা আৰু আলোচনাত বহা কামটো অতিকেই জৰুৰী । এনে
এটা গুৰুত্বপূৰ্ণ কামৰ বাবে আমাৰ স্থানীয় অনভিজ্ঞ ৰাইজে ৰাজধানীলৈ নিজে যোৱাৰ
আগতে দিল্লীৰ লগত সদায় উঠা-বহা কৰি থকা স্থানীয় সাংসদ এগৰাকীকে সূত্ৰধাৰ হিচাপে
ল’বলৈ আলচ কৰিলে আৰু সেইমৰ্মে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰৱীণ সাংসদজনৰ বাসভৱনত
আগতীয়াকৈ সাক্ষাৎকাৰৰ সময়-সূচী থিৰাং কৰি যথাসময়ত বিদ্যালয়ৰ মূৰব্বী প্ৰমুখ্যে পাঁচ-ছয়জনমান
মুখিয়াল ব্যক্তি উপস্থিত হ’ল । কিন্তু দাৰোৱান তথা ব্যক্তিগত সহায়কাৰীয়ে তেওঁলোকক
জনালে যে সাংসদ আজি ঘৰত নাই ! পূৰ্বে-নিৰ্ধাৰিত সময়তে উপস্থিত হৈয়ো জনপ্ৰতিনিধিজনক
লগ কৰিবলৈ নাপাই আটাইকেইজনেই হা-হুমুনিয়াহ কাঢ়িলে । আধাঘন্টামান সময় বাহিৰৰ ফুলনিতে
ঠিয় হৈ কি কৰিব কি নকৰিব তাৰে গুণা-গঁঠা কৰি থাকোতেই সাংসদৰ ঘৰত উপস্থিত হ’ল তেখেতৰ ঘনিষ্ঠ কোনো অতিথিৰ দল। মুহুৰ্ততে ঘৰৰ
ভিতৰৰ পৰা সাংসদ ওলাই আহিল আৰু অতিথিক উষ্ম আদৰণি জনাই আথে-বেথে ভিতৰলৈ লৈ গ’ল। বিদ্যালয়ৰ দলটিক দেখা পাই সাংসদে ধমকি দি ক’লে- “হেৰৌ গাধহঁত, তহঁতক মই
আগেয়েই আহিবলৈ কৈছিলো, নাহিলি। এতিয়া কাৰ লাওখোলাটো কৰিবলৈ আহিছ? এতিয়া মোৰ সময়
নাই ”। ইয়াৰ আগতে এবাৰো লগ নোহোৱাকৈয়ে তেখেতে কেতিয়ানো
আগতীয়াকৈ আহিবলৈ কৈছিল সেই কথা ভাৱি দলটি অপ্ৰস্তুত হ’ল । তথাপি সুযোগ উলিয়াই এজনে জনালে যে তেখেতক শুভেচ্ছা
জনাবৰ বাবে গামোচা আৰু শৰাই অনা হৈছিল, অন্ত:ত সেয়া যদি তেওঁ গ্ৰহণ কৰে, তেন্তে
দলটি নথৈ আনন্দিত হ’ব । কিন্তু হাজাৰ হাজাৰ গামোচা উপহাৰ হিচাপে পোৱা সাংসদজনৰ
বাবে বিনা শ্ৰোতা-দৰ্শকেৰে ছজন মানুহে নিজৰ ঘৰতে এখন গামোচা বা শৰাই যঁচা কাৰ্যটো
আছিল যেন এক অপমানৰ সমান । গতিকেই মঞ্চ আৰু কেমেৰাত ৰাইজৰ সুখ-দুখৰ হিচাপ লোৱা জননেতাগৰাকীয়ে
এইবাৰ নিজ ব্যক্তিত্বৰ ফোঁপোলা স্বৰূপ উদঙাই যি বাক্যবাণেৰে দলটিক থকা-সৰকা কৰিলে,
তাৰ পাছত আৰু এবাৰো নেতাৰ কথাত বিশ্বাস নকৰিবলৈ পণ লৈ দলটি বিফল মনোৰথে ঘুৰি
আহিবলৈ বাধ্য হ’ল । কোনো ব্যক্তিগত স্বাৰ্থ নথকা, এক পইচাৰো ইফাল-সিফাল কৰিব নোৱাৰা,
এটা সামাজিক কামৰ বাবে এজন জননেতাক লগ কৰিবলৈ যোৱা কথাটো নিতান্তই স্বাভাৱিক আৰু
প্ৰয়োজনীয় আছিল, য’ত আমাৰ অহংকাৰী নেতাই সহায়ৰ হাত আগবঢ়োৱাৰ সলনি দি পঠালে দাবী-ধমকি
। এই সঁচা ঘটনাটোৰ
দৰে অনুৰূপ উদাহৰণ এয়াই একমাত্ৰ নহয় । নেতাৰ পাছে পাছে দৌৰি নুফুৰা, সমাজত ৰাজনৈতিক দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাত
অংশগ্ৰহণ নকৰা, আঁচনিৰ কামত কমিছনৰ অংকৰ লগত জড়িত নোহোৱা আৰু ভোটবেংকৰ সন্ধান দিব
নোৱাৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আমাৰ দেশৰ প্ৰতিজন নেতাৰে এনেধৰণৰ হেমাহি তথা অৱজ্ঞা
দেখা পোৱা যায় । কাৰণ , নেতাৰ দৃষ্টিত তেনে এজন মানুহ তেওঁৰ ‘কুচ্ছ কাম’ৰে মানুহ
নহয় । আচৰিত হ’বলগীয়া কথাটো এয়ে যে সেই একেজন নেতাই কিন্তু আন বহুজনৰ বাবে হয়তো ভগৱানতকৈ
এখোপ ওপৰৰ স্তৰৰ ত্ৰাণকৰ্তা হিচাপে ৰূপ ধাৰণ কৰিব পাৰে ।
অতি দুখৰ কথা যে আমাৰ দেশৰ প্ৰায়
নব্বৈ শতাংশতকৈয়ো অধিক নাগৰিকক নিৰ্বাচনৰ
আগে আগে নিজৰ চল-চাতুৰি,বাক-পটুতা বা
লেপ-কম্বলেৰে প্ৰভাৱান্বিত কৰি এইসকল নেতাই ভোট সৰকাবলৈ সক্ষম হয় । এনেকি বহু বিবেকবান
মানুহো নেতাৰ এই অভিনয়বোৰত ভোল যোৱা দেখা যায় । যদিওবা কোনো কোনো নেতা এটা সময়ত সঁচা অৰ্থত সৰ্বসাধাৰণৰ বন্ধু
বা সুহৃদ হ’ব পাৰিছিল, এবাৰ মাত্ৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছতে তেখেতৰো আৱাস-চৌহদৰ
চাৰিবেৰৰ উচ্চতা বাঢ়ে ; ঘৰ গৈ প্ৰাসাদোপম অট্টালিকাত পৰিণত হয় । গতিকেই কিজানি বহু প্ৰাৰ্থী বা
নেতাই গাৱেঁ-ভূঞেঁ খেতিয়কৰ লগত কৃষিকৰ্ম কৰি, বিহুৱাৰ লগত বিহু নাচি, খেলুৱৈৰ
লগত খেল খেলি বা সাহিত্য সম্বন্ধীয় মেল-মিটিঙতো তত্ত্বগধুৰ বক্তৃতা দি ৰাইজক নিজৰ
সমাজমুখিতাৰ প্ৰমাণ দেখুৱাবলৈ তৎপৰ হয় । কাহানিও নিজৰ ঘৰত ঘৰুৱা কাম এটা কৰি
নোপোৱা নেতাজনেও নিজকে মাটিৰ মানুহ বুলি বুজাবৰ বাবেই কেমেৰাৰ আগত দুই মিনিটৰ
বাবে হাতত ঝাৰু তুলি লোৱা দেখা যায়।
প্ৰশ্ন হয়, নিজকে ৰাইজৰ
বন্ধু বুলি দাবী কৰা আমাৰ দেশৰ নেতা পালিনেতাসকলে বিলাসী গাড়ী বা বাতানুকুল ঘৰৰ
ভিতৰত বহি কিদৰে সৰ্বসাধাৰণৰ দুখ-কষ্ট বুজিবলৈ সক্ষম হয় ? আমি কাহানিও দাবী কৰিব
নোৱাৰো যে মন্ত্ৰী-বিধায়কে সা-সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰিব বুলি । আৰু আমি এই
দাৱীও কৰা নাই যে আমাৰ নেতাজনে আমি সদায় খোৱাৰ দৰে শাকে-পিতিকাৰেই ভাত খাব
লাগিব, আমাৰ দৰেই উৰুখা পঁজাত থাকি আমাৰ বাবে যুঁজিব লাগিব । এইটোও নিবিচাৰো যে,
মন্ত্ৰী-বিধায়কে নিজৰ পকেটৰপৰা টকা খৰছ কৰি আমাক উদ্ধাৰ কৰকহি । কিন্তু আমি কামনা
কৰো, খাতি খোৱা ৰাইজৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া প্ৰতিটো সুবিধা যাতে প্ৰতিজন
উপযুক্ত নাগৰিকে পাওঁক, চৰকাৰী ধনৰ উচিত ব্যৱহাৰ হওঁক আৰু বিনামূলীয়া কোনো আঁচনিৰ
বাবে যাতে উপভোক্তাই এটা টকাও খৰছ নকৰাকৈ উপকৃত হওঁক ।
মৰিগাওঁ, নগাওঁ, জাগীৰোডৰ
দৰে গুৱাহাটীৰ দাঁতিকাষৰীয়া ঠাইলৈও বিভিন্ন সকামত যাবলগীয়া হ’লে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰীজনে যাতায়তৰ বাবে চৰকাৰী
উৰাজাহাজ ব্যৱহাৰ কৰে ।
ওপৰে ওপৰে চাবলৈ গ’লে, এখন ৰাজ্যৰ মুখ্য মন্ত্ৰী এজনে এনে সুবিধা লোৱাত কাৰো আপত্তি
থাকিব নালাগিছিল । কিন্তু যিটো কামৰ বাবে মাত্ৰ এঘন্টা-দেৰঘন্টা সময় বচাই
ৰাজকোষৰপৰা লাখ টকাৰ (অপ)ব্যৱহাৰ কৰা হৈছে, সেই কামটোৱে নিকাভাৱে জনতাৰ চোতাল
ছুব গৈ পাৰিছে নে নাই সেয়া মুখ্য মন্ত্ৰী
মহোদয়ে এবাৰ ভাৱি চায় নে ? এই সৰু উদাহৰণটোৱেই নিশ্চয় মন্ত্ৰীসকলৰ জনমুখিতাৰ
প্ৰমাণ দিয়ে । যাৰ হৃদয়ত খাতি খোৱা দৰিদ্ৰজনৰ ক্ষুধাৰ অনুৰণন ঘটে, যিয়ে এটোপাল
বৰষুণৰ বাবে অপেক্ষাৰত কৃষকৰ হাহাঁকাৰ চিত্তৰ কৰুণ বিননি শুনে, যিয়ে সেই লুন্ঠিত
আৰু নিৰ্যাতিত অবলা নাৰীৰ ক্ৰন্দনত দুখী হয়, লুইতৰ বুকুত জাহ যোৱা ঘৰ-বাৰীৰে
শূন্য হোৱাজনৰ বুকুৰ ধপধপনিয়ে যাৰ মনত বেজাৰ দিব পাৰে, --তেনে এজন প্ৰকৃত জননেতাই
কিন্তু কাহানিও আলাস-বিলাসৰ এই আড়ম্বৰপূৰ্ণ ৰাজকীয় জীৱন কটোৱাৰ পক্ষপাতিতা নকৰিব
। বৰ্তমান ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰধান প্ৰাৰ্থক্যটো
এইখিনিতেই । প্ৰায় সমান কাৰ্যকালত বহি থকা এই দুজন মুখ্য মন্ত্ৰীৰ এজনে
মন্ত্ৰীসকলৰ দৰমহা দেশৰ ভিতৰতে অভিলেখকাৰী হাৰত বৃদ্ধি কৰিছে আৰু আন এজনে নিজৰ
প্ৰাপ্য দৰমহাৰ সকলোখিনি ৰাইজৰ কামত লগোৱাৰ উদ্দেশ্যে দলক দান কৰি আহিছে ।
এতিয়া নিৰ্বাচনৰ আগে আগে
পুণৰ ঢৌ উঠিছে, যোৱা ১৪ টা বছৰে কিমান খিনি ‘ৰাইজৰ কাম’ চৰকাৰখনে ৰূপায়িত কৰিলে
তাৰ হিচাপ সমাজৰ আগত দাঙি ধৰাৰ । বাতৰি-কাকত, নিউজ-চেনেল সকলোতে এনে সফল কাম কাজৰ
খতিয়ানবোৰ চালে এনে লাগে যেন অসমৰ কোনো এটা অঞ্চলেই কাহানিও কোনো ক্ষেত্ৰতে পিছ
পৰি থকা নাই । পিছে সেই আঁচনিবোৰ কাগজৰ হিচাপমতেই সফল আৰু দুৰ্নীতিমুক্ত হৈছে নে ?
আমাৰ বোধেৰে, নিত্য নতুন আঁচনিৰ ঘোষণা বা চলি থকা আঁচনিৰ সংখ্যাগত তথ্য
প্ৰচাৰৰদ্বাৰা অসমৰ ৰাইজক পুণৰ এবাৰ মিছা আশা দিয়াৰ পৰিৱৰ্তে জনপ্ৰতিনিধিসকলে যদি
ৰাইজৰ কাষলৈ গৈ মুকলিমূৰীয়াকৈ তেওঁলোকৰ অভিযোগ-আপত্তি শুনিবলৈ আৰু নেতাৰ দৃষ্টিত
তেনেই সাধাৰণ যেন লগা সেই ৰাজহুৱা অসুবিধাসমূহ যদি যথাসাধ্য অতি সোনকালে আঁতৰাবলৈ
চেষ্টা কৰে, তেতিয়াহে তেনে এখন চৰকাৰ ৰাইজৰ প্ৰিয়ভাজন হ’ব পাৰিব ।
Subscribe to:
Posts (Atom)
আপোনাৰ জীৱনৰ সংকল্প কি?
কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...
-
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘ থ্ৰী ইডিয়টচ্ ’ ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “ মোৰ ল ’ ৰা ডাক্তৰ হ ’ ব ” বুলি ঘোষণা...
-
হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ ...
-
কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...
