লেখা অনুসন্ধান কৰক

Showing posts with label অসমীয়া. Show all posts
Showing posts with label অসমীয়া. Show all posts

Tuesday, April 21, 2015

‘সংগঠন’ কৰাৰ মানসিকতা -- কোন দিশে অসমীয়া ?



            বৰ্তমান অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰি‌ৱেশ ইমানেই কলুষিত হৈ পৰিছে যে সাধাৰণ জনসাধাৰণেও ন্যাৰ্য প্ৰাপ্যটো পাবৰ বাবে হয় অনিশ্চিত অপেক্ষা কৰিব লাগিব নহ’লে তাক টানি-আজুৰি কাঢ়ি আনিব লাগিব । বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চৰকাৰৰ সমাজমুখিতা ক্ৰমান্বয়ে হ্ৰাস পাইছে । মন্ত্ৰীসকলে নিজ নিজ বিভাগৰ অনুমোদিত ধনসমূহ ব্য‌ৱহাৰ নকৰাকৈয়ে সকলো‌ৱে কাগজ-কলমে হিচাপ-নিকাচ মিলাই আত্মসাৎ কৰাত ব্য‌স্ত হৈছে । সেইদৰে কেৰাণী-পিয়নৰপৰা আৰম্ভ কৰি বৰবাবু-সৰুবাবুসকলে খোজতে খোজ মিলাই তলৰ স্তৰৰপৰাই সৰু-ডাঙৰ অংকবোৰ মিলো‌ৱাত লাগিছে দলপতি বা নেতা সকলে আঁচনি তৈয়াৰ কৰে কে‌ৱল ভোটৰ আশাত– মানুহক আঁভু‌ৱা ভাৰিবলৈহে । ফলত মৰণ মিলিছে মূলত: দেশৰ খাঁটি খো‌ৱা সাধাৰণ  মানুহখিনিৰ বহু শিক্ষিত আঢ্য‌ৱন্তই কিবা সকামত যদি কোনো কাৰ্যালয়লৈ যাবলগীয়া হয়, তেন্তে সাধাৰণতেই কামটোৰ বাবে প্ৰয়োজনীয় সময়খিনিলৈ অপেক্ষা নকৰাকৈ বা অনুমোদিত পদ্ধতিটো অনুসৰণ নকৰাকৈ অন্য কোনো উপায়েৰে নিজৰ কামফেৰা কৰাই আনে । গতিকেই যাৰ হাতত টকা নাথাকে, তেনে দুখীয়া নিচলা মানুহবোৰৰ হৈ চিন্তা কৰিবলৈহে কোনো নাথাকে । এনেকি তেওঁলোকৰ প্ৰাপ্যৰ অংশক লৈও খো‌ৱা-কামোৰা হয় অন্য বিষয়া-কৰ্মচাৰীৰ মাজতনিজৰ দৰমহাৰ টকাৰে কাহানিও নোজোৰা এইসকল লোকৰ বাবেই যুঁজিব লগা হয় বহুতেই । দেখা যায় যে যিকোনো এটা কামতেই আপুনি যদি বাৰে বাৰে খাতি নাথাকে আৰু ওপৰ‌ৱালাৰ সতে মুখামুখি হৈ কথা নাপাতে তেন্তে সৰু হ’লেও কোনো এটা কামেই হৈ নুঠেগৈ । সেয়া লাগিলে পেঞ্চনৰ কাম-কাজেই হওঁক, মাটিৰ পট্টাই হওঁক, এনৰেগাৰ টকাকেইটাই হওঁক নতুবা আপোনাৰ ল’ৰা-ছো‌ৱালীহঁতৰ স্কুলত দিয়া চাউলকেইমুঠিয়েই হওঁক । ছাত্ৰ-ছাত্ৰীৰ জলপানী, নামভৰ্তি, আসন সংৰক্ষণ – এইবোৰৰ কথাতো বাদেই, ঘুৰাই পাবলগীয়া টকাটোও নুখুজিলে ওভোটাই নিদিয়ে বাচৰ কণ্ডাক্টৰে আজিকালি । এয়াই হৈছে আজিৰ অসম দেশৰ বিষম পৰিস্থিতি
         
 এই কথা আমাৰ বহুতেই ইতিমধ্যেই বুজি উঠিছে যে অন্যায়ৰ বিৰুদ্ধে আপুনি যদি অকলেই মাত মাতি থাকে, তেন্তে তাৰ পৰা কাহানিও কোনো ভাল ফলাফল বা পৰি‌ৱৰ্তন হো‌ৱাৰ আশা কৰিব নো‌ৱাৰিৰন্ধন গেছৰ ক্ষেত্ৰতে হওঁক বা বেংকৰ লেন-দেনৰ ক্ষেত্ৰতে হওঁক, কোনোবা এজনে শাৰীৰ আগত নীতিবহিৰ্ভূতভা‌ৱে গৈ যদি সুযোগ ল’ব বিচাৰিছে, এনেকি তেওঁকো আপুনি অকলে কৈ সৈ মনাব নো‌ৱাৰে যে এঘন্টা আগৰে পৰা আপুনি সেই শাৰীটোত থিয় হৈ আছে বুলি । উপস্থিত গোটেইখিনি মানুহে সমোচ্চৰে টেটুঁ ফালিলেহে যদি তেখেত লাইনৰ পাছলৈ আহিবলৈ বাধ্য হয় । গতিকেই ৰাজ্যখনৰ বৰ্তমানৰ কৰ্মসংস্কৃতিৰ ৰেহ-ৰূপ দেখি-শুনি-বুজি আমাৰ ৰাইজে নিশ্চয় বুজি উঠিছে যে সংগঠন খুলি ঐক্যবদ্ধ হৈ মাত নামাতিলে  আমাৰ গত্যোন্তৰ নাই । নিজৰ নিজৰ জাতিভিত্তিক, অঞ্চলভিত্তিক বা সে‌ৱাভিত্তিক দাবীসমূহ উৰ্ধতম মহলৰ ওচৰত উত্থাপন কৰিবৰ বাবে সংগঠন খোলাৰ বাদে বিকল্প নাই । সেয়েহে অসমত বৰ্তমানে ধুম উঠিছে সংগঠন খোলাৰ – পদপথৰ দোকানীৰ পৰা আৰম্ভ কৰি গৰিয়া-মৰিয়া,অনুসূচিত জাতি-জনজাতি,সাধাৰণ জাতি, টেট শিক্ষক, নাপিত সন্থা, কলেজ শিক্ষক, ড্ৰাইভাৰ সংস্থা, ছাত্ৰ পৰিষদ, জাতীয়তাবাদী, মৌলবাদী সকলো‌ৱেই আজি নিজা নিজা সংগঠন এটাৰেহে যেন সুৰক্ষিত অনুভ‌ৱ কৰিছে
        
বহু ডেকাল’ৰাৰ বাবে জনপ্ৰিয় সংগঠনত যোগদান কৰা বা নতুনকৈ এটা সংগঠন খুলি তাৰ বিষয়ববীয়া হো‌ৱাটোও একপ্ৰকাৰৰ উচ্চাকাংক্ষা দেখা যায়, শিক্ষিতই হওঁক বা নিৰক্ষৰেই হওঁক - এটা সংগঠনৰ সদস্য বা মূৰব্বী হ’বলৈ মানুহবোৰৰ কিমান যে হাবিয়াস ! সংগঠনৰ কাম-কাজৰ মাজেৰে নিজৰ স্থিতি(!) সমাজত দাঙি ধৰিব পাৰিব আৰু নিউজ-চেনেলে তাত ঘিঁউ ঢালি তিলটোকে তাল কৰিব পাৰিব –এইবোৰৰ বাবেই বহুজনে এতিয়া উঠিপৰি লাগিছে । (আমাৰ বহু অভিভা‌ৱকে আকৌ দূৰদৰ্শনত ওলাই থকা ডেকাটোলৈহে জীয়েকক বিয়া দিবলৈ বিচাৰে ।) মহাবিদ্যালয়, বিশ্ববিদ্যালয়তো ডেকাসকলে ছোৱালীৰ অন্তৰ জিকিবলৈও সক্ষম হয় এই সংগঠন ‘খেলা’ৰ জৰিয়তেই । সেইবাবেই আজি বহু নিবনু‌ৱা যু‌ৱকৰ বাবে ‘সংগঠন’ৰ সক্ৰিয় সদস্য বা ৰাজ্যিক পৰ্যায়ৰ পদবী লাভ কৰাটো হেনো ‘এইম ইন লাইফে’ই হৈ পৰিছে ইয়াৰ কাৰণ হৈছে, বৰ্তমানে এটা সংগঠনে এটা বৃহত্তৰ জনসমষ্টিৰ দা‌ৱীসমূহৰ হকে যুঁজাতকৈ বেছিকৈ যুঁজিব পাৰে বিষয়-ববীয়াসকলৰ ব্যক্তিগত স্বাৰ্থসিদ্ধি বা অৰ্থ উপাৰ্জনৰ বাবেহে । সংগঠনৰ নাম লৈ চান্দা তোলাটো আজিকালিৰ সক্ৰিয় ডেকাল’ৰা এজনৰ স্বভা‌ৱজাত প্ৰবৃত্তিলৈ পৰ্যবেসিত হৈছে । এনেকি সমগ্ৰ অসমীয়া জাতিটোৰ হৈ মাত মাতি অহা কেইবাটাও ঐতিহ্যপূৰ্ণ সংগঠনৰ বহু শাখা সমিতিবোৰেও অসমৰ নানান ঠাইত অনা-অসমীয়াসকল, ব্য‌ৱসায়ীসকল বা সমাজৰ আঢ্য‌ৱন্তসকলকে লক্ষ্য হিচাপে লৈ বছৰৰ পিছত বছৰ বিভিন্ন অজুহাতেৰে শকত পৰিমাণৰ চান্দা উঠাই হাৰাশাস্তি কৰি আহিছে ।  এইধৰণৰ অৰ্থ সংগ্ৰহৰ কোনো হিচাপ-নিকাচ ৰাজহু‌ৱা কৰা নহয় আৰু বিনা দ্বিধাৰে ক’ব পাৰি যে এনে বৃহৎ পূঁজিৰ অধিকাংশই কে‌ৱল বিষয়-ববীয়াসকলে আত্মসাৎ কৰে । গতিকেই আমাৰ এলেহু‌ৱা ডেকাসকলৰ বাবে এইটো এটা “কম কষ্টৰেই সোনকালে ধনী হ’বপৰা” এটা সহজতম উপায়
         
 বহু শিক্ষিত ডেকাই নিজৰ বাবে চাকৰি এটাৰ ‘যোগাৰ’ কৰিবৰ বাবে সংগঠনৰ পথ গ্ৰহণ কৰে । উচ্চতম কৰ্তৃপক্ষৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰি আৰু জাতিগত সংৰক্ষণ ,স্থানীয় নিবণু‌ৱাক প্ৰাধান্য দিয়া অথবা অন্য স্পৰ্শকাতৰ বিষয় উত্থাপন কৰি নিজৰ বা আত্মীয়-স্বজনৰ চাকৰিটো সুনিশ্চিত কৰাৰ পাছত আন দহোজনকো চাকৰি দিয়াবলৈ ঠিকা লাভ কৰে । এইসকল শিক্ষিত যু‌ৱকে অধিকাৰ সাব্যস্ত কৰাৰ নামত যে সমাজত দুৰ্নীতিৰ পাশা খেলিছে, সেয়া নিশ্চিত ।
         
 আন বহুতো যু‌ৱ-সংগঠনে আকৌ ৰাজনৈতিক দলসমূহৰ পোনপটিয়া দালাল হিচাপে কাম কৰা দেখা যায়। এনে যু‌ৱ-সংগঠনসমূহে মহাবিদ্যালয়ৰ নিৰ্বাচনত নিজা প্ৰাৰ্থীক অৰ্থসাহাৰ্য দান কৰাৰ লগতে শাৰিৰীক বলপ্ৰয়োগেৰেও প্ৰভুত্ব দেখু‌ৱাবলৈ যো‌ৱা পৰিলক্ষিত হয় । সেইদৰে দেখা পো‌ৱা গৈছে যে অসমৰে বহু নামী-দামী বিশ্ববিদ্যালয়ত নিজা ৰাজনৈতিক কূটকৌশল প্ৰয়োগ কৰি বহুকেইটা সংগঠনে বিভিন্ন পাঠ্যক্ৰম তথা ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসৰ আসন নিজৰ দখলত ৰাখে । এনে সংৰক্ষিত আসনসমূহৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংগঠনসমূহে বহু লাখটকাৰ ব্য‌ৱসায় চলাই থাকে বুলি গম পো‌ৱা যায়  এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠানত এইধৰণে ৰাজনীতি আৰু দুৰ্নীতিৰ বিষবাস্প বিয়পো‌ৱা কাৰ্য অতিকেই গৰিহণাযোগ্য । আমাৰ ছাত্ৰ-নেতাসকলে এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰত থাকিব পাৰিলেহে নিকা আৰু সৎভা‌ৱে ছাত্ৰসমাজৰ সে‌ৱা আগবঢ়াব পাৰিব ।
      
 সংগঠিত হো‌ৱাটো নি:সন্দেহে এটা ভাল কথা । একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ বাবে এটা সংগঠনৰ প্ৰয়োজনীয়তাক নুই কৰিব নো‌ৱাৰি । কিন্তু সংগঠনৰ নামত কে‌ৱল দুই-চাৰিজন বিপুলভা‌ৱে উপকৃত হো‌ৱা আৰু হাজাৰজনক অন্য প্ৰকাৰে নিস্পেষিত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য ধাৰণা নহয় । সংগঠনকেই নিজৰ পেট-মোকলো‌ৱাৰ আহিলা বা জী‌ৱনৰ পেছা হিচাপে লো‌ৱাটো এটা অতি লজ্জাকৰ কাৰ্য চাকৰি নাপাই অ‌ৱশেষত সংগঠনত যোগ দিয়াটো তাতোকৈ পুতৌলগা কাম । চাকৰি এটা নহ’লেও নিজৰ জী‌ৱনটো সুন্দৰভা‌ৱে গঢ়ি তুলিবলৈ আৰু আন বহু পন্থা আছে যিবোৰৰ বিষয়ে আমাৰ ডেকা-গাভৰু‌ৱে এতিয়াও অনুসন্ধান কৰিবলৈ ইচ্ছুক হো‌ৱা নাই । প্ৰকৃত সমাজ-সে‌ৱাৰ উদ্দেশ্য কাহানিও ব্যক্তিগত মুনাফা লাভ হ’ব নো‌ৱাৰে ।
     
 শিপা নোহো‌ৱা জাতি এটাৰ দৰে বৰ্তমানে অঞ্চলভিত্তিত বা সম্প্ৰদায়ভিত্তিত ছিন্ন-বিচ্ছিন্ন হৈ আমি নিজা নিজা দা‌বীৰে বড়োলেণ্ড, কমতাপুৰ বিচৰাৰ সলনি যদি একেখনি অসম ভূমিতে  সমিলমিলেৰে বসবাস কৰি বৃহত্তৰ অসমীয়া জাতি এটা গঢ়ি তুলিব পাৰো, তাতোকৈ সুখৰ মূহুৰ্ত আৰু কি হ’ব পাৰে? তাৰ বাবেহে আমি সংগঠিত হো‌ৱা উচিত । অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিটো সমস্যাৰ বাবে আমি একগোট হৈ মাত মতা উচিত । বানপানী, গৰাখহনীয়া, সন্ত্ৰাসবাদ, বন্যপ্ৰাণী হত্যা, ডাইনী হত্যা, ধৰ্ষণ, অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা- এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈহে বৰ্তমানে আমাক এটা অনানুষ্ঠানিক সংগঠনৰ দৰকাৰ, য’ত প্ৰতিজন অসমীয়াই হ’ব সক্ৰিয় সদস্য আৰু প্ৰতিজনেই হ’ব বিষয়ববীয়া -- যিয়ে আমাক দহোজনৰ দুখত সমভাগী হ’বলৈ শিকাব আৰু দুৰ্নীতি, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস দিব ।
                                  -------------------০০০------------------

Friday, February 20, 2015

"সমাজসে‌ৱা কৰাৰ হেঁপাহ"




সম্প্ৰতি অসমত দেখা পো‌ৱা অতি সুলভ দৃশ্য হৈছে নিৰ্বাচন উপলক্ষে হো‌ৱা উলহ-মালহ । আসনখন লাগিলে পঞ্চায়তৰ সভাপতি পদৰেই হওঁক, পৌৰসভাৰ সদস্য পদৰেই হওঁক অথবা বিধায়ক-সাংসদৰে হওঁক, কোনে কিমান আসন অধিকাৰ কৰিব পাৰে, তাৰেই প্ৰতিযোগিতা চলে অবিৰত। প্ৰাৰ্থীসকলৰো খদমদম লাগে । কোনফালে কেনেকৈ  অংক মিলাব পাৰি তাৰেই হিচাপ-নিকাছে সকলো প্ৰাৰ্থীৰে খা‌ৱন-শো‌ৱন হৰণ কৰে । তেৰাস‌ৱৰ নিৰ্বাচনী প্ৰচাৰ দেখি এনে লাগে যেন কোনে কিমান সাঁচতীয়া ধন খৰছ কৰিব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে । পোষ্টাৰ-বেনাৰৰ পৰা আৰম্ভ  কৰি,বেণ্ড-পাৰ্টী,চাহ-পানী আৰু মদ-মাংসৰ ‘খানা’লৈকে সকলো তেওঁলোকে যোগান ধৰে । আৰু ভা‌ৱি আচৰিত লাগে, নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰিবলৈও কোনো এজনে যেন কণমানো কুন্ঠাবোধ নকৰে । কাৰণ, তেওঁলোক অতি নিশ্চিত যে, এবাৰ জয়ী হ’ব  পাৰিলেই এই খৰছ হো‌ৱা পইচাখিনিৰ বিনিময়ত তাৰ হাজাৰগুণৰ মুনাফা লুটিব পাৰিব ।

এনে লাগে যেন, নিৰ্বাচনৰ দিনকেইটাত প্ৰাৰ্থীসকলৰ সাংগোপাংগ নেতা,  পালি-নেতাসকলো কিবা এক অজান ৰাগীৰে মতলীয়া হয়, যি নিচাৰ আমেজ সাধাৰণ মানুহৰ বাবে হয়তো বোধগম্য নহয় । প্ৰাৰ্থীগৰাকীৰ বাবে কাম কৰা প্ৰতিজনেই
যেন তেওঁক জিকাবৰ বাবে প্ৰাণ দিবলৈও সাজু আছে । কিন্তু আজিৰ দিনত  স্বাৰ্থবিহীন এনে আনুগাত্য সহজে দেখা পো‌ৱা নাযায়। স্বাভা‌ৱিকতেই প্ৰশ্ন হয়, তেওঁলোকে সঁচাই নিস্বাৰ্থভা‌ৱে তেওঁলোকৰ জনপ্ৰিয়(!) দলপতিজনৰ বাবে  কাম কৰিব বিচাৰিছে নে ? আচলতে এই প্ৰশ্নৰ উত্তৰ সকলো‌ৱে জানেই  – সেয়া হৈছে তেওঁলোকৰ দলপতিজন জিকাৰ পাছত তেওঁলোকক নিশ্চয় ঠিকা-ঠুকলি বা অন্য কোনো সংস্থাপনৰ ব্য‌ৱস্থা প্ৰাৰ্থীজনে দিব লাগিব । শুনিবলৈ পো‌ৱামতে,  চুব্বা ডাঙৰীয়াৰ দৰে বিয়াগোম শক্তিশালী প্ৰাৰ্থীৰ ক্ষেত্ৰত অনুগামীসকলৰ বন্দো‌ৱস্তবোৰো হেনো বৰ আকৰ্ষণীয় হয় !  গতিকেই এই কথা অতি সহজেই অনুমেয় যে, এনে বন্দো‌ৱস্তৰে দায়বদ্ধ হৈ থকা জননেতা এজনে নিৰ্বাচনত জিকাৰ পাছত নিশ্চয় সেই  প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবেই নানান প্ৰকাৰে দুৰ্নীতিত লিপ্ত হ’বলগীয়াত পৰে । নিৰ্বাচনৰ প্ৰচাৰ  তথা অন্য কুটনীতিত নিজৰ খৰছ হো‌ৱা ধন(মূলধন!) সমুদায় হস্তগত  কৰাৰ পাছতহে তেখেতে চিন্তা কৰিবপৰা হয় লাভ-লোকচানৰ হিচাপ । বহুতো ধনকুবেৰে আকৌ এইসকলক নিৰ্বাচনৰ আগেয়ে ‘ফাইনেঞ্চ’ৰ সুবিধা প্ৰদান কৰে । গতিকে ক’ব পাৰি,  ভাৰতবৰ্ষত বৰ্তমানে ৰাজনীতি ‘খেলা’ বিষয়টো এটা উত্তম বিনিয়োগৰ আহিলা হিচাপেই বিবেচিত হৈ আহিছে । নহ’লে মাত্ৰ পাঁচবছৰতে সীমিত দৰমহাৰে এজন মন্ত্ৰী বা বিধায়কে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সুযোগ পায় ক’ত ? আৰু এই  ধাৰাটোকেই লক্ষ্য কৰি বহু চতুৰ ধুৰন্ধৰ লোকে দুৰ্নীতিৰ বিষবাস্প ৰাজনীতিৰ প্ৰতিটো চুকে-কোণে বিয়পাই পেলাইছে । সেয়া হ’বলা আজিকালি গা‌ৱেঁ-ভূঞেঁ, চহৰে–নগৰে জনপ্ৰতিনিধি হো‌ৱাৰ উজান উঠিছে । তেওঁলোকৰ দৃষ্টিত পদবীটো  কিমান গুৰুতৰ, সেয়া সিমান ডাঙৰ কথা নহয়, মাথো তেওঁ জনসে‌ৱা(!) কৰিবলৈ পালেই হ’ল ।    এনে জনসে‌ৱকৰ পৰা সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰিব ? আমাৰ সন্দেহ হয়, এনে প্ৰাৰ্থী এজন নিৰ্বাচনত জিকাৰ পাছত হয়তো তেওঁ নিজৰ ঘৰৰ কাষেৰে যো‌ৱা  ৰাষ্টাটোৰ মেৰামতিও কৰাবলৈও যেন পাহৰি যাব । 

এখন স্বচ্ছ নিকা দেশ গঢ়িবলৈহ’লে নাগৰিকসকলে কৰ্মক্ষম আৰু সৎ প্ৰতিনিধি নিৰ্বাচন কৰাটো অতিকেই জৰুৰী  । কিন্তু যেতিয়ালৈকে এই দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ভোটটিৰ মূল্য বুজি নাপাব,তেতিয়ালৈকে আমি নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰেই দশা হৈ থাকিব । অৱশ্যে ইয়াৰ বাবে প্ৰকৃত সমাজমুখী, পৰোপকাৰী অন্তৰৰ যোগ্য মানুহে  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোও অতিকেই দৰকাৰী । আমাৰ দেশত দেখা যায় যে, নিৰ্বাচনৰ আগদিনা কোনো‌ এজন লোকে মাত্ৰ দহ টকা এটাও প্ৰাৰ্থী এজনৰ পৰা লৈ যদি নিজৰ ভোটটো বিক্ৰী কৰিছে, তেন্তে নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছত তেনে  দহটকীয়া হাজাৰটা নোটৰ বিনিময়তহে তেওঁ নিজৰ প্ৰমাণপত্ৰখন বা অন্য ৰাজ-সাহাৰ্য এটা প্ৰাৰ্থীজনৰপৰা পাবলৈ সক্ষম হয় । এইধৰণৰ শিক্ষা চকুৰ
আগতে পাই থাকিও আমাৰ ভোটাৰসকলৰ জ্ঞান নহয়, কাৰণ ভাৰতৰ অধিকাংশ অশিক্ষিত  লোকেই ক্ষণিকৰ ভোগ নিবাৰণৰ বাবেই ব্য‌স্ত থাকে, যাৰ কোনো দূৰদৰ্শিতা নাই । আৰু এই সুযোগৰ পূৰামাত্ৰেই সদ্ব্য‌ৱহাৰ কৰি আহিছে বছৰৰ পাছত বছৰ ধৰি
আমাৰ ধুৰন্ধৰ ৰাজনীতিকসকলে ।
         আমাৰ আহ্বান, দেশৰ সে‌ৱাৰ বাবে ,দহৰ মংগলৰ বাবে নি:স্বাৰ্থভা‌ৱে কাম  কৰিবলৈ যু‌ৱপ্ৰজন্ম ওলাই আহক । ৰাজনীতি এটা এনে বিষয়, যাক সম্পূৰ্ণভা‌ৱে অৱহেলা কৰি আমাৰ অৰ্থনীতি বা সমাজ-ব্য‌ৱস্থা চলিব নো‌ৱাৰে । গতিকে ইচ্ছা  থাকিলে আমিয়েই আমাৰ দেশৰ ভ‌ৱিষ্যৎ গঢ়িব পাৰো । কুশাসনৰ কবলৰ পৰা দেশখনক বচাব পাৰো । যিসকলে প্ৰত্যক্ষ ৰাজনীতিৰপৰা দূৰত থাকিব খোজে, তেওঁলোকে স্বেচ্ছাসে‌ৱী সংগঠন খুলি সমাজসে‌ৱা কৰিব পাৰে । মুঠৰ ওপৰত, সুঁতি যিয়েই
নহওঁক লাগিলে, বৰ্তমান সময়ত আমাক নেতাৰ প্ৰয়োজন হো‌ৱা নাই ; প্ৰয়োজন হৈছে  সুদক্ষ সমাজসে‌ৱকৰহে ।
                -------------------------------০০০----------------------------
               -অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২
               (দূৰভাষ=৯৪৩৫১৫২৭৬৮)

ছিট বেল্ট আৰু মুৰ্খ অসমীয়া





কৰ্মসূত্ৰে মই মৰিগাঁৱত থাকো । বিভিন্ন সকামত মৰিগাঁৱৰ পৰা গু‌ৱাহাটীলৈ  প্ৰায়ে অহা-যো‌ৱা কৰা হয় । ‌এটা কথা লক্ষ্য কৰিছো যে , ‌ৱিংগাৰ বা ট্ৰেভেলাৰ জাতীয় যাত্ৰীবাহী গাড়ীবোৰৰ চালকে গু‌ৱাহাটী মহানগৰ পো‌ৱাৰ ঠিক আগে আগে ছিটবেল্ট ডাল মাৰি লয় আৰু গু‌ৱাহাটী এৰি যো‌ৱাৰ লগে লগে তাক এৰু‌ৱাই দিয়ে । এনে আচহু‌ৱা কাণ্ডৰ কাৰণ সোধোতে গম পালো, ছিটবেল্ট নলগালে ট্ৰেফিক  পুলিছে বোলে ‘ফাইন’ ল’ব । সেইকাৰণেই এই ব্য‌ৱস্থা । এতিয়া কথা হ’ল , সেই চালকজনক আমি কি আখ্যা দিম, ‘বুধিয়ক’ নে ‘ধুৰ্ত’ নে ‘মুৰ্খ’ ?
অকল পেছাগত চালকেই নহয়, ব্য‌ক্তিগত যান-বাহন থকা আমাৰ উচ্চশিক্ষিত ভদ্ৰলোক সকলৰ মাজতো এনে ৰীতি অতিকেই জনপ্ৰিয় । ‘ছিটবেল্টডাল মাৰি গ’লে দেখিবলৈ অশু‌ৱনি লাগে’ , ‘গঁঞাইহে পাগলৰদৰে ছিটবেল্ট লগাই ড্ৰাইভিং কৰে’ –এইধৰণৰ এটা ধাৰণা অসমীয়া মানুহৰ মনত কেনেকৈ কেতিয়াৰ পৰা সোমাল ঠিক ক’ব পৰা নাযায় । বোধহয় অতি-আধুনিকতাৰ অন্ধ অনুকৰণৰ দৌৰত আমাৰ অসমীয়াই নিজৰ বিচাৰ-বুদ্ধিকণো হেৰু‌ৱাই পেলাইছে । ত্ৰিছ ছেকেণ্ড সময়ৰ প্ৰয়োজন হো‌ৱা এটা সাধাৰণ কাম ইচ্ছাকৃতভা‌ৱে নকৰাৰ বাবেই যে আজি কতজনে দুৰ্ঘটনাত মৃত্যু বৰণ কৰিব লগীয়াত পৰিছে, সেই কথা কোনো এজনেও অনুধা‌ৱন কৰিব পৰা হো‌ৱাগৈ নাই । আমাৰ দেশত গড় হিচাপে ৪৬১ জন মানুহ এনেবোৰ কাৰণতে প্ৰতিদিনে কে‌ৱল যান-বাহনজনিত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে । (২০১২ বৰ্ষৰ তথ্যমতে- উৎস:-ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ চৰকাৰী প্ৰতিবেদন http://ncrb.gov.in/CD-ADSI-2012/ADSIHome2012.htm)
এডাল ছিটবেল্টে বহি যো‌ৱা যাত্ৰী বা চালক জনক আসনৰপৰা ওলাই যাব নো‌ৱাৰাকৈ খামোচ মাৰি ধৰি থাকে । তাৎক্ষণিক সংঘৰ্ষৰ সময়ত মানুহজনক নিৰাপদে ৰখাত ইয়াৰ অৰিহণা অতিকেই গুৰুত্বপূৰ্ণ । ঠিক একেদৰে দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেটটো‌ৱে আমাৰ শৰীৰৰ মূল চালিকা অংগ মূৰটোক সম্ভা‌ব্য ক্ষতিৰপৰা বচাব পাৰে । জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ট্ৰেফিক পুলিচক এনে আইন উলংঘনকাৰীৰ পৰা শুল্ক আদায় কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । কিন্তু আমাৰ দুৰ্ভাগ্য এয়ে যে যিসময়ত এনে আইনে নাগৰিকক গাড়ী-চালনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি এক নিৰাপদ বাতা‌ৱৰণৰ সৃষ্টি কৰিব পাৰিব লাগিছিল, সেই সময়ত দেশৰ জনগণই কে‌ৱল ‘ফাইন’ৰ পৰা বাচিবলৈহে তাক ক্ষন্তেকৰ বাবে ব্য‌ৱহাৰ কৰিবলৈ শিকা দেখা গৈছে আৰু ৰক্ষকসকলে সেই সুবিধাকে সাৰোগত কৰি দুপইচা অতিৰিক্ত অৰ্জনেৰে মাছে-মঙহে খাবলৈ লো‌ৱা দেখা গৈছে ই এটা অতি পৰিতাপৰ বিষয় ।
দুই-এটা সা‌ৱধানীয়তা বা নীতি-নিয়ম মানি চলিলে আমি নিজকে দুৰ্ঘটনাৰপৰা যে বচাব পাৰিম,সেয়া নিৰ্ঘাট সত্য । গাড়ী চলাওঁতে মোবাইল-ফোন ব্য‌ৱহাৰ নকৰা, মদ্যপান কৰি গাড়ী নচলো‌ৱা –এইধৰণৰ সাধাৰণ কেইটামান সতৰ্কতায়েই যান-বাহনৰ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট পৰিমাণে কমাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ ক’বলৈ গ’লে গাড়ী-চালনাৰ নীতি-নিয়ম, হৰ্ণ ব্য‌ৱহাৰৰ প্ৰয়োজনীয়তা, ৰাতিৰ সময়ত বা দিশ সলাওতে দিব লগীয়া ‘চিগনেল’সমূহৰ বিষয়ে ধাৰণা আদিৰ ওপৰত আমাৰ অসমীয়া মানুহৰ জ্ঞান তেনেই সীমিত । জ্ঞান অ‌ৱশ্যে ওপজিবই বা কেনেকৈ - বিনা পাৰদৰ্শিতা, বিনা পৰীক্ষণেৰে যেতিয়া ড্ৰাইভিং লাইচেন্সেই পো‌ৱা যায় !
বছৰেকত এবাৰ মাত্ৰ ‘পথ-সুৰক্ষা সপ্তাহ’ৰ ( 11-17 জানুৱাৰী ) নামত সভা অনুষ্ঠিত কৰাতকৈ চৰকাৰেও জনসাধাৰণক নিৰাপদ গাড়ী-চালনা, নীতি-নিয়ম, চিহ্ন-চিনাকী ইত্যাদি বিষয়ক চুটি চলচ্চিত্ৰ প্ৰদৰ্শন, বক্তৃতা অনুষ্ঠান, ব্য‌ৱহাৰিক শিক্ষাদান আদি কাৰ্যসূচী গা‌ৱেঁ-ভূঁঞে ৰূপায়ণ কৰি সচেতনা বৃদ্ধিৰ যথোপচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ।
--অৰুণজ্যোতি দাস, ৰজাবাৰী , বোকাখাত , গোলাঘাট -৭৮৫৬১২  (দূৰভাষ – ৯৪৩৫১৫২৭৬৮ )

Tuesday, March 20, 2012

How to see and write Assamese in mobile Phones


The various regional languages can be written in the Computer by using various Unicode Softwares which can also see and write in the internet enabled Nokia Mobile Devices. Though the writing regional languages in mobile devices is very complicated but by using some steps and softwares it also can be possible in the mobile devices. In this article, we will try to mention some useful steps which helps to the users to write and read the various regional languages in their mobiles. After follow the below mentioned steps one can write their message, update etc. in selected Indian languages for which some configuration needed in the mobile device.
Please remember one important thing that it is available for those mobiles which has the facility of internet browsing or for the internet enabled handset because some softwares need to be download during the configuration process. The various steps is as follows..

► At first you have to download the 'Opera Mini' web browser in your mobile (If the same is available in your mobile then avoid this step and go to the Opera Mini).

► Open Opera Mini Web Browser and type 'about:config' in the address bar and click go and you will get 'Power-User Settings'.

► Go to the last option 'use bitmap fonts for complex scripts' and mark it as 'Yes' and save it.

The screenshot of the above steps are attached below for your convenience..




Note : After completing the above steps users will be able to see the regional languages in any websites. Please remember that the above facility is available only for 'Opera Mini' browser which is not available for 'Opera Mobile' web browser. For writing any regional language in any website or in the social networking sites you have to configure and follow some other steps mentioned below...

► Now you have to download a software called 'Panini Keypad' which can be download Here(. www.paninikeypad.com/download.php) (With the Panini keypad you can write various regional languages like Hindi, Bengali, Marathi, Tamil, Gujarati, Kannada, Malayalam, Oriya, Punjabi, Assamese and Telegu).
► After Downloading the same, go to 'Panini Keypad' in your installation folder and go to the very first option 'Write Message'.
► In the Write Message Menu, go to the options and select 'Change Language' where you will get the list of different Indian Languages.
► After select the Language, go to the Mode option and select 'Mode A' where you will get the keyboard layout of the selected language.
► Now type your message by using the keyboard of the phone (Touch screen mobile users can use the joystick to select the letters).
► After completion of the message, go to Option and select 'View Text' and copy the full text by go to the editing options.

Here is the screenshot of the above procedures for your convenience and help..








Now go to the Opera Mini browser and open the website or the site where you want to post your message and paste (Ctrl+V) the copied texts in the status or comments on your site or wherever you want to post by going to the 'Fullscreen Edit' option. The message will display in the language which you have select earlier after posted it.

Note : Please note that, for those mobiles which doesn't support the selected language the copied text will be shown as a 'Box' but still copied it and then paste it. The message will be shown in the proper font after got posted in your site or in your status.

Most of the internet enable handset is working properly with the above process. This method is working fine in Nokia mobiles and as well as in the other brand mobile handset too. Though it is a little bit complicated method but it is working properly in the 'Multi-tasking QWERTY keypad mobiles'.

Tuesday, November 1, 2011

মোবাইল ফোনত কেনেকৈ অসমীয়া লিখিব পাৰি


দ্ৰষ্টব্য: তলৰ কথাখিনি কে‌ৱল Non-Android আৰু Non-Windows ফোনসমূহৰ বাবেহে প্ৰযোজ্য


১) আপুনি প্ৰথমে মোবাইলত থকা ব্ৰাউজাৰ যোগে এই জালস্থান খোলক:
http://www.paninikeypad.com/download.php
২) অথবা www.google.co.in খুলি “Panini keypad for mobile ” বা ‘Panini Bengali R’ বুলি বিচাৰিব পাৰে ।
৩) এতিয়া Panini Keypad Bengali নামৰ চফ্ট‌ৱেৰটো আপোনাৰ মোবাইললৈ ‘ডাউনলোড’ কৰক ।
৪) (স্বয়ংক্ৰীয়ভা‌ৱে) ই আপোনাৰ মোবাইলত ইনষ্টল হ’ব ।
৫) ইয়াক ব্য‌ৱহাৰ কৰিবৰ বাবে আপুনি (Nokia ত) Applications-> Games লৈ গৈ খুলিব লাগিব ।
৬) তাৰ পিছত Write Message কৰিলে আপুনি বাংলা ভাষাত লিখিব পাৰিব ।
৭) ‌’ৱ’ আৰু ‘ৰ’ৰ বাবে ‘Change Language ’ কৰিলে “Assamese ” দেখা পাব ।
৮) গোটেই বাক্যবোৰ লিখি হো‌ৱাৰ পাছত ‘View Text ’ কৰিলে আপুনি লিখা বাক্য দেখা পাব ।এতিয়া ‘Options’ ত গৈ ‘Mark All’ কৰি ‘Copy’ কৰক ।
৯) এতিয়া ব্ৰাউজাৰ খুলি যিকোনো জালস্থানত “Paste” কৰি দিয়ক অথবা আপুনি SMS হিচাপেও অসমীয়াত পঠিয়াব পাৰে

Friday, August 5, 2011

'অসমীয়া' গঢ়া আৰু মাধ্যম



 শেহতীয়াকৈ এটা পৰিঘটনা সততেই দেখা গৈছে ,কোনোজনে যদি বিষ্ণু ৰাভাৰ গীত সংগ্ৰহ কৰাত লাগিছে,আন কোনোজনে আকৌ অসমীয়া ভাষাৰ ঐতিহ্য আৰু বৰ্তমানক লৈ চিন্তিত হৈছে ।কোনোজনে যদি লিপিৰ বাবে যুঁজিছে,আনজনে আকৌ সাহিত্যক বিশ্বজনীন কৰাৰ প্ৰয়াস কৰিছে ।এইবোৰ কিয় কৰিব লাগে ?নকৰিলে নহয় নে?

        এইবোৰ এইবাবেই কৰা হৈছে, কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এনে পয়ালগা দিন আৰম্ভ হৈছে যে তাৰ সংৰক্ষণ,প্ৰসাৰণ আৰু জনপ্ৰিয়কৰণৰ সময় আহি পৰিছে বুলি আমি আটাইয়ে বুজি পাইছোহঁক ।আৰু এই কামৰ সফল ৰূপায়নৰ বাবেই আমি লাহে লাহে সকলো মানুহকে ইয়াৰ বিষয়ে অৱগত কৰি হাতে-কামে আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিছোহঁক ।ইতিমধ্যেই সৰু-ডাঙৰ পদক্ষেপেৰে বহু ক্ষেত্ৰত আমি সফলো হৈছোঁ ।

        মই কব খুজিছোঁ, কিয়নো আমি এনে প্ৰচেষ্টা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ নকৰোহঁক? আৰু কিমান মানুহক বুজাব?মানুহবোৰক নিজে নিজে বুজি পো‌ৱা কৰি নোতোলো কিয়?
       
     হয়।মই বিদ্যালয় স্তৰৰপৰা এজন অসমীয়াগঢ় দিয়াৰ কথা কৈছোঁ।সন্তানৰ সু-শিক্ষাৰ বাবে পিতৃ-মাতৃ সচেতন হো‌ৱাটো অতিকেই জৰুৰী কথা। আৰু সমানেই জৰুৰী তেওঁলোকে সন্তানক মাতৃভাষাটোক ভালপাবলৈ শিকো‌ৱাটো, এই দেশৰ সাহিত্য-সংস্কৃতিৰ লগত পৰিচয় কৰো‌ৱাটো তথা বিভিন্ন সামাজিক ৰীতি-নীতি,পৰম্পৰা,উৎস‌ৱত জড়িত কৰো‌ৱাটো ।
       
      এনে প্ৰেক্ষাপটত সন্তানক কি মাধ্যমত পঢ়ু‌ৱাব,সেয়া এটা জটিল প্ৰশ্ন- আজিৰ যুগৰ প্ৰতিজন সচেতন অসমীয়া অভিভা‌ৱকৰ বাবে। অসমীয়া মাধ্যমত পঢ়িলে বাহিৰত গৈ লৰা-ছো‌ৱালীয়ে চাকৰি কৰিব নো‌ৱাৰিব,’স্মাৰ্টবলৈ নিশিকিব,ইংৰাজী কব নো‌ৱাৰিব ।হাজাৰ অভিযোগ!কথাবোৰ সিমান মিছাও নহয় ।কিন্তু আমাৰ ব্যক্তিগত অনুভ‌ৱ, অসমীয়া মাধ্যমত পঢ়িলে মূল অসুবিধা হয় ইংৰাজী কো‌ৱাতহে(লিখা-পঢ়াত নহয়)।আৰু তাৰ বাহিৰে অন্য যিবোৰ অতিৰিক্ত গুণ বা প্ৰতিভা বা ব্যক্তিত্ত্ব বিকাশৰ কথা কো‌ৱা হয়,সেয়া অসমীয়া মাধ্যমত পঢ়া লৰা বা ছো‌ৱালী এজনীয়েও অনায়াসে আয়ত্ত্ব কৰি লব পাৰে-যদিহে নিজাববীয়া কিছু প্ৰচেষ্টা লয় তথা অভিভা‌ৱকে মনোযোগ দিয়ে ।এইটো অনস্বীকাৰ্য যে অসমীয়া মাধ্যমৰ যিকোনো বিদ্যালয়তে ইংৰাজী শিক্ষাৰ মান অতিকৈ শোচনীয় আৰু যাৰ ফলস্বৰুপেই অসমীয়া মাধ্যমত খুব সুন্দৰ ফলাফল কৰা ছাত্ৰজনেই উচ্চ-শিক্ষা লাভ কৰিবলৈ গৈ উজুতি খাব লগা হয়,যিয়ে হয়তো কেতিয়াবা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জী‌ৱনত সফলতাৰ এটা অন্তৰায় হিচাপে থিয় দিয়ে ।গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী শিক্ষাৰ বাবে গুণগতভা‌ৱে পাৰ্গত ইংৰাজী শিক্ষক নিযুক্তি তথা শিকণ-প্ৰণালীৰ সাল-সলনিৰ সময় আহি পৰিছে।
       
        কিন্তু আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসমৰ চুকে-কোণে পাবত-গজা কিছুমান ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা দেখা গৈছে ।ব্য‌ৱসায়িক লাভালাভৰ উদ্দেশ্যেৰে স্থাপন কৰা এনে শিক্ষানুস্থান সমূহে কেনে মানৰ শিক্ষা প্ৰদান কৰিব,সেয়াও এক সন্দেহৰ বিষয় ।অভিভা‌ৱকে ভ‌ৱাৰ দৰেই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিলেই নিজৰ সন্তানে চমকপ্ৰদ ফলাফলেৰে পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব,তেনেও নহয় ।অসমৰ বহুতো গাঁও অঞ্চলত আজিকালি এটা এনে প্ৰ‌ীৱণতা দেখা যায় যে একে গাঁৱৰ আন বহুতৰ দৰে অসমীয়া মাধ্যমত নিজৰ সন্তানক নামভৰ্তি নকৰি চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰো‌ৱাটো এটা গৌৰ‌ৱৰ বিষয় বুলি চিহ্নিত কৰে ,উচ্চ হাৰৰ মাচুল দিবলৈ লাগিলে তেৰাস‌ৱে দুসাজ লঘোনে থাকিবলৈও সাজু।
       
        এই কথা মই ডাঠি কম যে, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰি‌ৱেশ বা অইন যি কাৰকৰ বলতেই নহওক কিয়,এনে কিছুমান অনা-বিদ্যায়তনিক শিক্ষা লাভ কৰে,যিবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে কাহানিও লাভ নকৰে । তেওঁলোকে অন্ত:ত চিনি পায়-বিষ্ণুৰাভা সংগীত,বৰগীত,লোকগীত কি বস্তু ।শঙ্কৰদে‌ৱ,মাধ‌ৱদে‌ৱ,জ্যোতি-বিষ্ণু,অম্বিকাগিৰি কোন আছিল ।সাহিত্য-জগতৰ কোন কোন তাৰকা অসমীয়াৰ গৌৰ‌ৱ সেয়া অন্ত:ত কব পাৰে ।কীৰ্তন-ঘোষা,নাম-ঘোষা নপঢ়িলেও জানে সেয়া খায় নে পিন্ধে ।
       
      আজি বিদ্যালয়ত পঢ়ি থকা লৰা-ছো‌ৱালীমখাই এদিন আমাৰ সমাজৰ গুৰিধৰোঁতা হব । এইসকলক পোনাই থৈ গলেহে আমি দেখা গৌৰ‌ৱময় অসমীয়া ভাষা,সাহিত্য,পৰম্পৰা আৰু সংস্কৃতি জীয়াই থাকি জগতত জ্যোতি বিলাব পাৰিব। অসমীয়া মাধ্যমত পঢ়া বহু ছাত্ৰই খ্যাতি আৰু মেধা অৰ্জন কৰি অসমীয়াৰ নাম উজ্জ্বল কৰিছে ।তেনেস্থলত যদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাৰ প্ৰয়োজনীয়তা সঁচাকেই আছে, তেন্তে সেইবোৰ ৰাজহু‌ৱা হোহ‌ৱা উচিত । আপুনি যদি আপোনাৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ু‌ৱাই গুণী-জ্ঞানী কৰিব বিচাৰিছে, তেন্তে কিয় বিচাৰে সেয়া জনাওঁক । আমাৰ নদাই-ভদাই সকলো‌কে তেনে সুবিধা লো‌ৱাৰ পৰা বঞ্চিত নকৰিব ,সকলোও‌ৱে পঢ়ু‌ৱাওক ।আৰু যদি সঁচাই ইংৰাজী মাধ্যমত পাঠগ্ৰহণ কৰাৰ বাদে আমাৰ গত্যন্তৰ নাই,তেন্তে সেয়াও হৈ উঠক । প্ৰয়োজনসাপেক্ষে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিধিগত ভা‌ৱে বন্ধ হওক।

        কৰ্ণাটক,তামিলনাডুৰ দৰে উন্নত ৰাজ্যত কিন্তু স্থানীয় ভাষাৰহে ব্য‌ৱহাৰ বেছি ।তেওঁলোকে ইংৰাজী নজনাকৈও থকা নাই । 

        আমি বিচাৰিছো,এই বিষয়ে বহুল-আলোচনা হওক,বিতৰ্ক হওক আৰু সকলো মাধ্যমৰে যোগেদি এনে আলোচনা সৰ্বসাধাৰণ অসমীয়া মানুহৰ কাণত পৰক।তেওঁলোকে অন্ত:ত বিবেচনা কৰিবলৈ শিকক । যিবোৰ কাৰণত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সচেতন মহলৰ আস্থা হেৰু‌ৱাইছে,সেয়া পুনৰুদ্ধাৰৰ বাবে আলোচনা হওক আৰু সুস্থ কৰ্মপন্থাৰ সূচনা কৰক । চৰকাৰে কি পদক্ষেপ লব পাৰে,তাৰো আলোচনা হোব‌ৱা উচিত ।
   

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...