লেখা অনুসন্ধান কৰক

Showing posts with label মিজোৰাম. Show all posts
Showing posts with label মিজোৰাম. Show all posts

Sunday, June 22, 2014

মিজোৰামৰ সজ কথা-২





উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ ভিতৰত জলবায়ুৰ ফালৰপৰা মিজো‌ৰামকেই সৰ্বোত্তম বুলিব পাৰি, কিয়নো ইয়াত বছৰৰ যিকোনো সময়তেই নাতিশীতোষ্ণ উষ্ণতাই বিৰাজ কৰে । অকল জলবায়ুৰ বাবেই নহয়,মিজোৰামত থাকি আপুনি শান্তি অনুভ‌ৱ কৰিব আৰু আন কেইবাটাও কাৰকৰ বাবে ।য‌ো‌ৱা কেইবছৰমান মিজো‌ৰামত থাকি হো‌ৱা অভিজ্ঞতাৰে আমি ইয়াৰ শান্তিপূৰ্ণ পৰি‌ৱেশৰ উপাদানসমূহ এনেদৰে বিচাৰি পাইছো ।



ক) মিজোৰাম এখন মহিলা-প্ৰধান ৰাজ্য হো‌ৱা হেতুকে ইয়াৰ দোকান-প‌োহাৰ,বজাৰ –সমাৰত,কাৰ্যালয়সমূহতো মহিলাই আগভাগ লো‌ৱা দেখা যায় । ইয়ে নাৰী সবলীকৰণত অৰিহণা যোগাইছে আৰু নাৰীৰ সমধিকাৰ তথা মুক্ত-বিচৰণৰ পথ সুচল কৰিছে ।ইয়াত আলৰ-বুঢ়ী আইতাগৰাকীয়েও পিঠিত টুকুৰী লৈ পাহাৰ বগাই বস্তু আনি বজাৰত বেচে ।
খ) চাফ-চিকুণতাৰ ফালৰপৰা চাবলৈ গ’লে সাধাৰণতে ইয়াৰ প্ৰায় সকলো মানুহেই পৰিস্কাৰ-পৰিচ্ছন্নতাক গুৰুত্ব দিয়ে । নিজৰ ঘৰ-দু‌ৱাৰ চাফা কৰি ৰখাৰ ওপৰিও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাষ্টা-বজাৰ আদি চাফা কৰি ৰখাত সকলো‌ৱেই মন দিয়ে । চিটিবাচত কমলা-টেঙাৰ বাকলি পেলাবলৈও আপুনি গাড়ী নমালৈকে অপেক্ষা কৰিব লাগিব ।অস্থায়ী দোকানী সকলে সন্ধ্যা দোকান সামৰাৰ সময়ত নিজৰ এলেকাৰ চৌদিশ চাফা কৰি যো‌ৱাটো ইয়াৰ ধৰা-বন্ধা নিয়মৰ নিচিনা ।
গ) ইয়াত প্ৰতি দেওবাৰে প্ৰতিজন মিজো ল‌োকেই পৰিয়াল সহিত গীৰ্জালৈ গৈ ঈশ্বৰ উপাসনা কৰাটো প্ৰায় বাধ্যতামূলক । মাংস-বেপাৰী অথবা ডাঙৰ পদবীৰ চাকৰীয়াল ,যিয়েই নহওঁক গীৰ্জাত সমানে সমানে বহি প্ৰাৰ্থনা সংগীত গায় । দুখীয়াজনেও সিদিনা সুন্দৰ পোছাক পৰিধান কৰে আৰু মাৰ্জিতভা‌ৱে সাজি-কাছি আহে ।ইয়ে এক মিলা-মিছাৰ ভা‌ৱ বজাই ৰাখে । তদুপৰি সামাজিক বহুখিনি কাম-কাজত গীৰ্জাৰ ফালৰপৰা অহিৰণা আগবঢ়ো‌ৱা হয় ।দুখীয়া-নিচলাক গীৰ্জাৰ ফালৰপৰা আৰ্থিক সাহাৰ্যও দিয়া হয় ।
ঘ) মিজোৰামৰ সমাজত এক সুন্দৰ সংস্কাৰ দেখা যায় যে কাৰ্যালয়েই হওঁক অথবা গীৰ্জাতেই হওঁক মাহেকে পষেকে অন্ত:ত এদিনৰ বাবে ‘সামাজিক চাফাই অভিযান’ পালন কৰে । সেইদিনা সকলো‌ৱেই হাতে হাতে দা-কোৰ লৈ সমিলমিলে চাফাই কাম কাজ কৰে ।
ঙ) মিজোসকলে সৌজন্যতাবোধ বাৰুকৈয়ে উপলব্ধি কৰে । আপোনাক প্ৰথমবাৰ লগ পালে ‘চিবাই’(নমস্কাৰ) কৰিব ,যাবৰ সময়ত ‘মাংথা’(বিদায়/শুভ ৰাত্ৰি) বুলি ক’ব আৰু সাধাৰণ এটা সৰু কামতে আপোনাক ‘কা লম এ’(ধন্যবাদ) বুলি ক’বলৈ নাপাহৰে । দোকানত বস্তু এটা কিনিলেও অথবা টেক্সীত বহি গ’লেও আপোনাক তেওঁলোকে ধন্যবাদ জনাব ।
চ) মিজোৰামৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহত সাধাৰণতে দুৰ্নীতিৰ প্ৰভা‌ৱ প্ৰায় নাই বুলিব পাৰি ।কিন্তু আজিকালি অনা-মিজোসকলে এই কু-কৰ্ম মিজোসকলক শিকাই বুজাই দি সমাজখন দুষিত কৰিবলৈ আৰম্ভ কৰিছে ।
ছ) মিজোসকলে সাধাৰণতে মিজোৰামত বসবাস কৰা অনা-মিজো লোকক কোনোপ্ৰকাৰৰ আমনি নিদিয়ে । ৰাতি-বিয়লিও এজন অনা-মিজো লোকে ইয়াৰ ৰাস্তাৰে হাঁহি-ধেমালী কৰি অহা-যো‌ৱা কৰিব পাৰে ।
জ)মিজোসকলে ব্য‌ৱসায়-বাণিজ্যত সম্প্ৰতি অনা-মিজো লোকৰ প্ৰাধান্য ৰোধৰ বাবে বৰ্তমানে কে‌ৱল মিজো লোকক হে ব্য‌ৱসায়ৰ লাইচেন্স দিয়া আৰম্ভ কৰিছে আৰু বিনা লাইচেন্সত ব্য‌ৱসায় চলো‌ৱাসকলক শাস্তি বিধানৰ ব্য‌ৱস্থা কৰিছে ।
ঝ) মিজোসকল অত্যন্ত শান্তিপ্ৰিয় আৰু বিশ্বাসপৰায়ণ । নিজৰ চিনাকী মানুহৰ বাদেও আন যিকোনো মানুহকে সহজতে বিশ্বাস কৰে । টকা-পইচা বা আন গুৰুত্বপূৰ্ণ সা-সম্পত্তিৰ বাবেও যিকোনো লোককে ভৰসা কৰে ।
ঞ) মিজোসকল সহায়কাৰী । একেলগে যো‌ৱা দহখন টেক্সীৰ এখনৰ যদি কাৰিকৰী বিজুতি ঘটে সেইখন সম্পূৰ্ণ কৈ ভাল নোহো‌ৱালৈকে আন ন খন টেক্সী কেতিয়াও আগবাঢ়ি নাযায় । আপোনাক যিকোনো মুহুৰ্ততে সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈও মিজোসকল যেন প্ৰতিশ্ৰুতিবদ্ধ ।
ট) মিজোৰামত ভিক্ষাৰী প্ৰায় নাই বুলিবই পাৰি ।দুই একোজনে অত্যন্ত দুৰ্ভাগ্যৰ বলত যদি ভিক্ষা মাগিব লগা হৈছে,তেন্তে সেয়াও তেনেই ভদ্ৰ আৰু মাৰ্জিত ভা‌ৱে বিচাৰিছে(মুখেৰে মাত নমতাকৈ)। আমাৰ ৰাজ্যবোৰত হো‌ৱাৰ দৰে আপোনাৰ হাতে ভাৰিয়ে ধৰি নহয় ,অথবা অন্ধৰ ভেশচন ধৰি নহয় ।
ঠ) ৰাস্টা ঠেক হো‌ৱা বাবে আইজলত কিছু ‘ট্ৰেফিক জাম’ হো‌ৱা দেখা যায় । কিন্তু হৰ্ণৰ বিকট শব্দ আৰু কন্ডাক্টৰৰ কোলাহল কেতিয়াও প‌ো‌ৱা নাযায় । নিৰ্দিষ্ট বাচ-আস্থানত ২ মিনিটৰ বাবে গাড়ী ৰখায় আৰু মানুহ উঠিলেও নুঠিলেও ২ মিনিটৰ পিচতে গাড়ী চলে ।
---অৰুণজ্যোতি দাস ,চাইহা,মিজোৰাম


Thursday, October 27, 2011

মিজোৰামৰ সজ কথা -১



ঘটনাটো কালিৰ । পু‌ৱা ৭:৩০ বজাত সাধাৰণতে মই ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয়। দাড়ি খুৰো‌ৱাৰপৰা আৰম্ভ কৰি ভাত ৰন্ধা আৰু কাপোৰ-কানি ধো‌ৱালৈকে । তেতিয়া মই ভাত-কেৰেলাৰ বাকলি চুঁচি আছিলো । তেনেতে বাৰান্দাৰপৰা এটা নাৰীকন্ঠ ভাঁহি আহিল । দু‌ৱাৰ খুলি দেখিলোঁ এগৰাকী বৃদ্ধ মহিলা ।পিঠিত তেওঁ কঢ়িয়াই আনিছে আমাৰ বাগিছাৰ বণু‌ৱাসকলে লো‌ৱাধৰণৰ এটা ‘টুকুৰী’। ইয়াৰ খেতিয়ক মহিলাসকলে এনে এটা শংকু আকাৰৰ ‘টুকুৰী’তে তেওঁলোকৰ উৎপাদিত শাক-পাছলি বা অন্য বিক্ৰি কৰিবলগীয়া বস্তু কঢ়িয়াই ফুৰে ।মই সুধিলোঁ, "এঙে অ‌’ম?”(কি আছে?), তাই কিবা কিবি ক’লে ।সিমান এটা বুজি নাপালো,কাৰণ তাই ইয়াৰ স্থানীয় জনজাতীয় ‘মাৰা’ভাষাত কৈছে ,বহুল প্ৰচাৰিত ‘মিজো’ভাষাত নহয় ।

তাইৰ টুকুৰীটো জুমি চালো,কিজানি ভাল কিবা পাছলি আছেইবা! নাই, টুকুৰীটো খালী । মই বুজি পালোঁ, তাই কি বিচাৰিছে । কোনোবা মানুহৰ মৃত্যু হ’লে মৃতকৰ শ্ৰাদ্ধাদি অনুষ্ঠানত ভোজ খুওৱাইৰ নিয়ম আছে ইয়াত। আৰু সেই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় চাউলখিনি ওচৰৰ সকলো মানুহে দান দি যোগাৰ কৰে। এবাৰ তেনে দান দিয়াৰ অভিজ্ঞতা আছে ।গতিকে মই ততালিকে মোৰ চাউল থো‌ৱা মোনাটোৰ কাষলৈ গ’লো আৰু পলম নকৰি আধাকেজি মান চাউল পলিথিনত ভৰাই তাইৰ হাতত তুলি দিলোঁ । তাই ল’লে যদিও কিবাকিবি ভোঁৰভোঁৰায়ে থাকিল ।মই যে বুজি পোল‌ৱা নাই,সেই কথালৈ তাইৰ কাণসাৰেই নাই! তথাপিও নাই নোহযো‌ৱা দেখি মই নিৰ্বাক হৈ থিয় দি থাকিলোঁ ।এইবাৰ তাই মাজে মাজে দুটামান কথা মিজোত ক’লে । আৰু অংগী-ভংগীৰে কিবা এটা বুজাব খুজিলে ।মই বুজিব পাৰিলো যে তাইৰ কোনোবা এজন সম্বন্ধীয়ৰ ভৰিত কিবা এটা হৈছে ,আৰু কাইলৈ মোৰ ওচৰলৈ লৈ আহিব । মই ‘হ’ব বাৰু যা’ বুলি ক’লো, যেনেতেনে তাই যাওকগৈ বুলি । মনতে ভা‌ৱিলোঁ, যি হয় দেখা যাব পিছত । আৰু ৰন্ধা-মেলাত পুণৰ ব্যস্ত হ’লো।

আজি শোৱাপাটীৰপৰাই শুনিলোঁ দু‌ৱাৰত পৰা টোকৰ ।সময়টো চালো,পু‌ৱা ৫:৫৫ ।এই সময়ত সাধাৰণতে মই ৰাতিৰ সপোনবোৰৰ সামৰণি অধ্যায়ত ব্যস্ত থাকোঁ । উপায়বিহীন হৈ দু‌ৱাৰ খুলিলোঁ । দেখিলোঁ, সেই কালি অহা বুঢ়ী মানুহগৰাকী ।আৰু পিছফালে থিয় হৈ আছে এটা ল’ৰা ।বয়সত প্ৰায় ১৪-১৫ বছৰীয়া হ’ব । ‘কি হ’ল?’-বিৰক্তিৰে মই প্ৰশ্ন কৰিলোঁ ।বুঢ়ীজনীয়ে আকৌ কিবা-কিবি বৰ্ণনা কৰিবলৈ লাগি গ’ল । উপায়ন্তৰ হৈ ল’ৰাটোকে সুধিলোঁ ,’হিন্দি তং থিয়াম এম?’(হিন্দী জান নেকি ?) মূৰেৰে নঞবাচক উত্তৰ এটা দিলে সি।ওচৰৰ ঘৰৰ মানুহজনক দেখা পালো কাম কৰি থকা । তেওঁকে মতাই আনি কি কৈছে বুজি ল’লো। সাৰাংশ হ’ল-‘বুঢ়ীৰ স্বামীগৰাকী পাহাৰৰপৰা কাঠ কাটি আনোতে দুৰ্ঘটনাত পতিত হ’ল আৰু ভৰি এখন কাটিব লগীয়া হ’ল । এই নাতি পোৰ‌ৱালীটো‌ৱে মোৰ ঘৰত যিকোনো ধৰণৰ কাম(হাজিৰা) কৰি দিবলৈ সাজু আছে ,তাৰ বিনিময়ত কিছু টকা মই দিব লাগে ।’ আৰু ক’লে যে ‘তোমাৰ ঘৰৰ চৌপাশে ঘাঁহ-বন বেছি হৈ আছে ,সেইবোৰ কটাব পাৰা নতুবা কিবা চাং সজা,দৰ্জা দিয়া,বেৰা দিয়া আদি কামো কৰাই ল’ব পাৰা ।’ ইতিমধ্যে বেটাই খুকুৰীৰ নিচিনা দা এখন উলিয়ালেই ।মই বোলো ‘হেৰৌ মই অকলে থকা মানুহ ,যি সামান্য ঘাঁহ-বন আছে,মই নিজে চাফা কৰি ল’ব পাৰিম ’। বুঢ়ীয়ে দুভাষীজনক কিবা এটা ক’লে । তেতিয়া তেওঁ মোক ক’লে যে, কালি হেনো তুমি ‘হ’ব বাৰু আহিবি’ বুলি কৈছিলা!

মোৰ বেয়া লাগিল মনটো। ভিতৰলৈ আহিলো আৰু সিঁহতকো বহিবলৈ দিলোঁ ।মুখখন ধুই সাউৎকৈ চাহ কৰিলো । সিঁহতক দুকাপ দিলোঁ আৰু নিজেও ল’লো । চাহ খাই উঠি টকা ১০০ উলিয়াই বুঢ়ীৰ হাতত দিলো আৰু কাম কৰিব নালাগে,ল’ৰাটোক পঢ়িবলৈ দিবি বুলি ক’লো । বুঢ়ীয়ে উলাহতে মোক গাত ধৰি আশীৰ্বাদৰ নিচিনা কিবা এটা ক’লে । মনটো ভাল লাগিল ।

মিজোৰামত ভিক্ষাৰী বুলিবলৈ প্ৰায় নায়েই । আমাৰ অসমত বা অন্য ৰাজ্যত এনে দুৰ্দশাগ্ৰস্ত মানুহৰ বাবে ভিক্ষাবৃত্তিটো অন্তিম আৰু সহজতম উপায় । গাওঁবুঢ়াৰপৰা কিবা এখন কাগজ লিখাই সেয়া দেখু‌ৱাই বাটে-পথে ঘুৰি থাকিলেহেঁতেন এই বুঢ়ীগৰাকী ।
কিন্তু একেবাৰে কাম কৰি খাব নো‌ৱাৰা জন্মগতভা‌ৱে বিকলাংগ দুই এজন ইয়াতো নথকা নহয় ।তেওঁলোকে ভিক্ষা খুজিবৰ বাবে ৰাজপথৰ কাষত গীটাৰ এখন লৈ গান গাই গাই ভিক্ষা মাগে । ভদ্ৰ ভা‌ৱে। আপোনাৰ মন গ’লে আপুনি ভিক্ষা দিব,মন নগ’লে নাই! আমাৰ দেশৰ হাতত বাতি এটা লৈ কণ-কণ দুজনীমান লেতেৰী ছো‌ৱালীয়ে আপোনাৰ ভৰিত বা কাপোৰত সা‌ৱটি ধৰি নগুৰ–নাকটি কৰা বিধৰ নহয় ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...