লেখা অনুসন্ধান কৰক

Showing posts with label সন্তান. Show all posts
Showing posts with label সন্তান. Show all posts

Thursday, June 12, 2014

“আপোনাৰ সন্তানক ক’ত নামভৰ্তি কৰাব ?”




উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল বাহিৰ হো‌ৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰী তথা অভিভা‌ৱকৰ চিন্তাৰ বিষয়বস্তু হৈ পৰে তেওঁ কোনখন মহাবিদ্যালয়ত পঢ়িব খোজে আৰু কোনকেইখনত আসন প‌ো‌ৱাৰ সম্ভা‌ৱনা আছে । আজিৰ প্ৰেক্ষাপটত এই চিন্তা সঁচাকৈয়ে এক উদ্বেগকাৰী বিষয় হিচাপে পৰিগণিত হৈছে ।
ভাল শিক্ষানুষ্ঠানৰ সংজ্ঞা :-  এখন ভাল মহাবিদ্যালয়ত পঢ়িবলৈ সুযোগ পালেই  এজন শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল ফলাফল দেখু‌ৱাব পাৰে বুলি আমাৰ সমাজত ইতিমধ্যেই এক দৃঢ় ধাৰণাই খোপনি পুতি আছে । সেয়েহে , একমাত্ৰ উচ্চ শতাংশৰ নম্বৰ দখল কৰি পৰীক্ষাত সুকীৰ্তিৰে উত্তীৰ্ণ হ’বৰ বাবেই আমি আমাৰ সন্তানক এখন ভাল শিক্ষানুষ্ঠানত পঢ়ুৱাব খোজোঁ । পিছে এই ‘ভাল শিক্ষানুষ্ঠান’ৰ সংজ্ঞাটোনো কি ? আমাৰ অধিকাংশ অভিভা‌ৱকেই এই সংজ্ঞাটো মূলত: দুটা কথাৰ ভিত্তিত নিৰ্ধাৰণ কৰে –ক) যিখন শিক্ষানুষ্ঠানত উচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীৰ সংখ্যা বেছি হয় খ) যিখন শিক্ষানুষ্ঠানৰ নাম কাগজে পত্ৰই অথবা মানুহৰ মুখে মুখে ‘ভাল’ বুলি জনাজাত ।
       আৰু আমাৰ বোধেৰে এখন ভাল শিক্ষানুষ্ঠান হৈছে এনে এক অনুষ্ঠান যি এটি মান‌ৱ কিশোৰক তাৰ জন্মভূমিৰ সতে পৰিচয় কৰায়, তাৰ যিসকল ককাক-আজোককাকৰ জী‌ৱন-জোৰা সাধনা তথা অৰিহণাৰ বাবে সি তাৰ বৰ্তমানক পাইছে, সিবোৰৰ বিষয়ে জ্ঞান দিয়ে, মান‌ৱ-জাতিয়ে আ‌ৱিষ্কাৰ কৰা প্ৰকৃতিৰ চূড়ান্ত সত্যবোৰৰ সতে চিনাকী কৰি দিয়ে ,অনা‌ৱিষ্কৃত ৰহস্যবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভা‌‌বুক আৰু দাৰ্শনিক কৰি তোলে , সতেজ আৰু প্ৰফুল্লিত মন এটাৰ বাবে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকায় ,সকলো প্ৰাণীৰে প্ৰতি সহানুভ‌ৱ হ’বলৈ শিকায়,  অভিজ্ঞতা আৰু অধ্যয়নৰ পৰা ওপজা জ্ঞানৰ যথাৰ্থ মূল্যায়ণ কৰিবলৈ শিকায়, দয়া-মমতা সহনশীলতা আদি মান‌ৱীয় গুণেৰে বিভূষিতা হৈ নিজৰ ব্যক্তিত্বক গঢ় দি সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে অৰ্জিত বিদ্যাৰ প্ৰকৃত ব্য‌ৱহাৰিক প্ৰয়োগ কৰিবলৈ শিকায় এনে শিক্ষানুষ্ঠানেই হৈছে মানুহ গঢ়াৰ কমাৰশাল । সমসাময়িক সময়ত সমগ্ৰ পৃথি‌ৱীতে সুখ্যাতিৰে জিলিকি ৰো‌ৱা প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূ্হক বাদ দি বৰ্তমানে এনে আদৰ্শ শিক্ষানুষ্ঠান কেইখননো আছে সেয়াও বিচাৰ্যৰ বিষয় ।
       গভীৰ আদৰ্শগত ধ্যান-ধাৰণাৰে বিচাৰ নকৰি,আমি যদি ব্য‌ৱহাৰিক দৃষ্টিভংগীৰে লক্ষ্য কৰোঁ, তেন্তে আজিৰ দিনত এখন ভাল শিক্ষানুষ্ঠান বুলিলে ভাল শৈক্ষিক পৰি‌ৱেশে বিৰাজ কৰা;  উচ্চ শিক্ষিত আৰু শিক্ষাদান নিয়াৰী তথা শুদ্ধকৈ কৰিব পৰা, ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰক বুজিবপৰা ভাল Communicator শিক্ষক থকা, শৈক্ষিক আঁচ-বাব তথা সঁজুলী পূ্ৰ্ণমাত্ৰাই উপলব্ধ হো‌ৱা শিক্ষানুষ্ঠানকেই আমি বুজি প‌ো‌ৱা উচিতঅ‌ৱশ্যে আমাৰ বহু শিক্ষানুষ্ঠানে আজিকালি এই তিনিটা কাৰকৰ যিকোনো এটা থাকিলেই নিজকে বহু ভাল শিক্ষানুষ্ঠান বুলি জাহিৰ কৰি ফুৰে ।
       এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে, মেধাসম্পন্ন শিক্ষাৰ্থীয়ে অ‌ৱশ্যে এজন ভাল Guide অথবা গুৰুৰ সংস্পৰ্শত নিয়াৰীকৈ পঢ়া-শুনা কৰিলেই যিকোনো শিক্ষানুষ্ঠান অথবা অনানুষ্ঠানিকভা‌ৱেই পৰীক্ষাত ভাল ফলাফল দেখু‌ৱাবলৈ সক্ষম হয় ।
ভাল শিক্ষানুষ্ঠান কেনেকৈ বাচি উলিয়াব ?:-  সুনিৰ্দ্দিষ্ট কিছুমান মাপ-কাঠিৰে চালি-জাৰি চাই দেশজুৰি চলো‌ৱা সমীক্ষাৰ ভিত্তিত আমাৰ দেশৰ কেইবাখনো বহুল-প্ৰচাৰিত আলোচনী তথা বাতৰি-কাকতে ভিন-ভিন শৈক্ষিক ক্ষেত্ৰৰ ‘শ্ৰেষ্ঠ শিক্ষানুষ্ঠান’ কেইখন প্ৰতি বছৰে বাচনি কৰি তালিকা প্ৰকাশ কৰে ।এই সমীক্ষাবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ো আমি দেশৰ উৎকৃষ্ট শিক্ষানুষ্ঠানসমূহৰ বিষয়ে জানিব পাৰোঁ ।
এই আপাহতে জনাওঁ যে , জনপ্ৰিয় আলোচনী ‘ইণ্ডিয়া টুডে’ ৰ ইং. ২০১৩ বৰ্ষৰ সমীক্ষাত ইঞ্জিনীয়াৰিঙৰ শাখাত  ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৯ম স্থান দখল কৰিছে আমাৰ উত্তৰ গু‌ৱাহাটীস্থ I.I.T., Guwahati য়ে । যো‌ৱা ৫ বছৰ ধৰি এই শিক্ষানুষ্ঠানখনে প্ৰথম দহোটা স্থানত আছে ই আমাৰ বাবে গৌৰ‌ৱৰ কথা আৰু আমাৰ ল’ৰা-ছো‌ৱালীয়ে এনে অনুষ্ঠানত পঢ়িবৰ বাবে যৎপৰোনাস্তি কৰা উচিত ।
তদুপৰি, সাধাৰণ স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে যদি আমি অসমৰে মহাবিদ্যালয় কেইখনৰ ভিতৰত বাচনি কৰিবলগীয়াত পৰোঁ, তেন্তে যো‌ৱা পাঁচ-ছয় বছৰত সেই অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল পৰ্যালোচনা কৰাটো যদিও প্ৰাৰম্ভিক আৰু মূল কথা, তথাপি আন দুই চাৰিটা কাৰকো অভিভা‌ৱকসকলে চালি-জাৰি চো‌ৱাটো বাঞ্চনীয় । ইয়াৰ ভিতৰত পৰে ১) মহাবিদ্যালয়খনৰ শিক্ষাগুৰু তথা প্ৰধান-শিক্ষকৰ সতে বাৰ্তালাপ ২) শিক্ষাৰ্থীজনৰ মহাবিদ্যালয়-চৌহদ ভ্ৰমণ ৩) থকা আৰু খো‌ৱাৰ সা-সুবিধা ৪) সেই মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থীৰ মতামত অধ্যয়ন ।
       কেতিয়াবা এনে হয়, ভাল ফলাফল হো‌ৱাৰ লগে লগেই আমি সেই মহাবিদ্যালয়ৰ সকলো শিক্ষক ভাল হ’ব বুলি ধাৰণা কৰি লওঁ; কিন্তু এনে নহ’বও পাৰে । আপোনাৰ সন্তানে যি বিভাগত নামভৰ্তি কৰিব বিচাৰে ,সেই বিভাগৰ শিক্ষকসকলনো কেনে তাৰ এটা গম ল’বৰ বাবেই নামভৰ্তিৰ আগয়ে এবাৰ শিক্ষাগুৰুসকলক লগ ধৰাটো অতিকেই প্ৰয়োজনীয় । তেতিয়াহে আপুনি তেওঁলোকৰ মানসিকতা,ব্যক্তিত্ব,শিক্ষাদানৰ প্ৰতি আগ্ৰহ ইত্যাদিৰ বিষয়ে  কিছু আভাস পাব ।
       পৰীক্ষাগাৰ-শ্ৰেণীকোঠা পৰিদৰ্শনো সমানেই দৰকাৰী । শিক্ষণৰ সা-সঁজুলী,আচঁ-বাব ভালদৰে নথকা এখন মহাবদ্যালয়ত পঢ়িলে আপোনাৰ সন্তানে বিষয়টোৰ খুঁটি-নাটি মাৰি জ্ঞান লাভ কৰিবলৈ অসুবিধা পাব পাৰে ।সেইদৰে থকা-খো‌ৱাৰ সা-সুবিধাৰ প্ৰতিও মন দিয়া উচিত । যদিও আমি ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসৰ আহাৰ ঘৰৰ দৰে বিচৰাটো অমূলক কথা, তথাপিও ন্যূনতম পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা স্বাস্থ্যসন্মত খাদ্যাভাসৰ প্ৰতি সজাগতা আমাৰ সকলোৰে একান্তই কাম্য
       আমাৰ বহু ল’ৰা-ছো‌ৱালীয়ে আকৌ বন্ধু-বান্ধ‌ৱীৰ অধিকাংশই যিখন মহাবিদ্যালয়ৰ প্ৰ-পত্ৰ পূৰণ কৰে, সেইখনতেই পঢ়িবলৈ খোজে আৰু নাচোৰবান্দা হৈ মাক-দেউতাককো সৈমান কৰে । ই এটা অতি অশুভ কাৰ্য । যদিও বিদ্যালয়ত লগপো‌ৱা বন্ধুসকল বহু হেঁপাহৰ আৰু পৰস্পৰ সহায়কাৰী হয়, তথাপি ই এটা ভ্ৰান্ত ধাৰণা যে এইসকল অবিহনে এজন শিক্ষাৰ্থী নিজৰ জী‌ৱনত আগু‌ৱাই যাব নো‌ৱাৰিব । এজন সমাজমুখী খোলা মনৰ শিক্ষাৰ্থীয়ে তেওঁৰ অনাগত জী‌ৱনত প্ৰতিখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে বহু ভাল বন্ধু-বান্ধ‌ৱীৰ সান্নিধ্য লাভ কৰে, যিসকলে আনকি সঁচা বন্ধুত্বৰে তেওঁক জী‌ৱনজুৰি  উপচাই ৰাখে
       কেতিয়াবা আকৌ উৎকৃষ্ট শিক্ষানুষ্ঠানত পঢ়িও কোনো কোনো শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নো‌ৱাৰা দেখা যায়। এই কথাই প্ৰমাণ কৰে যে নিজাববীয়া প্ৰচেষ্টা আৰু মনোযোগিতা অবিহনে হাজাৰ সুযোগ-সুবিধা লাভ কৰিও পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰা সম্ভ‌ৱ নহয় । অ‌ৱশ্যে , যিদৰে এটা গণিতীয় সমীকৰণৰ সোঁফালৰপৰা বাঁওফাল আৰু বাঁওফালৰ পৰা গৈ সোঁফালক প্ৰতিপন্ন কৰিব পাৰি ,সেইদৰে ওপৰৰ কথাটিৰ ক্ষেত্ৰটো আমি ক’ব পাৰো যে ; উপযুক্ত শিক্ষাগুৰু তথা শৈক্ষিক পৰি‌ৱেশ পো‌ৱা, নিয়মিত আৰু নিয়াৰীকৈ অধ্যয়ন কৰা শিক্ষাৰ্থী এজনৰ ভাল ফলাফলৰ বাবে ভাল শিক্ষানুষ্ঠানো অপৰিহাৰ্য নহয় ।
নামভৰ্তিৰ সময়ত ল’বলগীয়া সা‌ৱধানীয়তা:-
আজিকালি শিক্ষা এক লাভজনক ব্য‌ৱসায়লৈ পৰ্যবসিত হৈছে । উন্নত শিক্ষাৰ নামত বহু চতুৰ ব্য‌ৱসায়ীয়ে উচ্চমানৰ আধুনিক কলা-কুশলীযুক্ত ঘৰ-দু‌ৱাৰ বনাই অভিভা‌ৱকক আকৰ্ষণ কৰে । বহুতে আকৌ নানা আনুসংগিক সুবিধা (যেনে শীত-তাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠা, বিনামূলীয়া ব্যক্তিগত পাঠদান/টিউশ্যন , নৃত্য-গীতৰ শ্ৰণী সংযোজন আদি) যুগুত কৰি অভিভা‌ৱকক মোহিত কৰিবলৈ বিচাৰে ।   যিহেতু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যিকোনো অভিভা‌ৱকেই দুপইচা বেছিকৈয়ে খৰছ কৰিবলৈ সদা-সষ্টম হৈ থাকে ,গতিকেই এই ব্য‌ৱসায়ীসকলেও নানাধৰণৰ টো‌প দেখু‌ৱাই মূৰত টাঙোন মাৰিবলৈ সুবিধা পায় সেয়েহে হ’বলা বাতৰি-কাকত, দূৰদৰ্শন, ইন্টাৰনেট সকলোতে চমকলগা বিজ্ঞাপনেৰে ব্য‌ৱসায়ীসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানৰ গুণ-গান বখালে আৰু আমাৰ বহুতেই কে‌ৱল বিজ্ঞাপনৰ ভিত্তিতে ল’ৰা-ছো‌ৱালীক লাখ লাখ টকা খৰছ কৰি কোনো অখ্যাত শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দি মানসিক প্ৰশান্তি লাভ কৰে । ইয়াৰ ফলত কিন্তু আটাইতকৈ বেছি আঘাটপ্ৰাপ্ত হয় শিক্ষাৰ্থীজনহে । 
       আমাৰ অভিভা‌ৱকসকলৰ ল’ৰা-ছো‌ৱালীক কে‌ৱল ডাক্তৰ বা ইঞ্জিনীয়াৰ ‘বনো‌ৱা’ৰ যি মানসিকতা, সিয়েই কিন্তু কালগ্ৰাসী হৈ এইধৰণৰ অধ:পতনত মুখ্য অৰিহণা যোগাইছে । ‘লাইন’ লগাই পঢ়িলেহে যে ল’ৰাটো‌ৱে বা ছো‌ৱালীজনীয়ে কিবা এটা কৰি খাব পাৰিব, তেনে কথা সম্পূৰ্ণ ভিত্তিহীনআমাৰ অভিভা‌ৱকসকলে নাজানে যে , শিক্ষাৰ্থীগৰাকীৰ যদি আগ্ৰহ থাকে তেন্তে আজিকালিৰ এই গোলকীকৰণৰ যুগত যিকোনো এটা বিষয় বা ‘ক্ষেত্ৰ’তে যদি উচ্চ তথা উচ্চতম শিক্ষা লাভ কৰে , তেন্তে তেওঁৰ বাবে কোনো চাকৰিৰে অভা‌ৱ নহ’ব । মাথো জানিব লাগিব, কোনটো বিষয়ত কি কি সুবিধা চৰকাৰৰ পৰা ল’ব পাৰি , বৃত্তি কোন কোন অনুষ্ঠান –প্ৰতিষ্ঠানে প্ৰদান কৰে , কি কি পাঠ্যক্ৰমৰ চাহিদা কেনেকু‌ৱা, বিদেশত পঢ়িবলৈ কি কৰিব লাগে, আমাৰ দেশৰ ক’ত ক’ত স্নাতকোত্তৰ বা গ‌ৱেষণা কৰাৰ সুবিধা আছে ইত্যাদি । মুঠতে আগ্ৰহ আৰু অধ্যা‌ৱসায়ৰ  বলত যিকোনো এজন শিক্ষাৰ্থীয়ে যিকোনো এটা বিষয়তে পঢ়া-শুনি কৰি প্ৰতিষ্ঠিত হ’ব পাৰে ।
ভাৰত চৰকাৰৰ মান‌ৱ-সম্পদ বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ ‘য়ুনিভাৰ্ছিটি গ্ৰান্ট কমিছন’ হৈছে আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহৰ অভিভা‌ৱকস্বৰূপ । এই কমিছনেই দেশৰ সকলো বিশ্ববিদ্যালয় (তথা ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়) সমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰে , শৈক্ষিক বাতা‌ৱৰণ নিৰীক্ষণ কৰে, তথা পাঠ্যক্ৰমবোৰৰ বৈধতাৰ স্বীকৃতি প্ৰদান কৰে । যো‌ৱা কেইবাবছৰো ধৰি ভাৰতত কিছুমান পাবত গজি উঠা  বিশ্ববিদ্যালয় এই কমিছনৰ দৃষ্টি গোচৰ হৈছে আৰু তেনে ‘অবৈধ শিক্ষানুষ্ঠান’বোৰৰ তালিকা তেওঁলোকে ‌ৱেবচাইটযোগে প্ৰকাশ কৰিছে ।  এই ‌ৱেবচাইটটো হ’ল –http://www.ugc.ac.in/page/fake-universities.aspx
শিক্ষানুষ্ঠান এটা বাছনি কৰোতে এই কথাও চাব লাগে যে , তাৰ পাঠ্যক্ৰমবোৰ চৰকাৰৰ সংশ্লিষ্ট কতৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে নে নাই । বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ বাবে এনে কতৃপক্ষও সুকীয়া সুকীয়া । যেনে অভিযান্ত্ৰিক শিতানত ‘All India Council for Technical Education’, মুক্ত শিক্ষাৰ শিতানত ‘Directorate of Distance Education’, সাধাৰণ স্নাতক/স্নাতকোত্তৰৰ শিতানত University Grant Commission , চিকিৎসাৰ শিতানত ‘Medical Council of India আজিকালি স্বীকৃতি নথকা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ হো‌ৱাৰ পিছত অন্য শিক্ষানুষ্ঠানে সেই ডিগ্ৰীক নামভৰ্তিৰ বাবে অযোগ্য বুলি ঘোষণা কৰে ।
গতিকে ছাত্ৰ-ছাত্ৰী তথা অভিভা‌ৱক সা‌ৱধান নহ’লে জী‌ৱনৰ বহুমূ্লীয়া কেইবাটাও বছৰ অবাবত নষ্ট হো‌ৱাৰ ভয় থাকে । আমাৰ ল’ৰা-ছো‌ৱালীয়ে য’তেই নপঢ়ক,যিয়েই নপঢ়ক কিয় ; মন দি পঢ়ক, সফল হ’বই ।  কিতাপৰ কথাবোৰে অকল পৰীক্ষাতেই  নহয় , কামত লগালে সিবোৰে আমাৰ বাস্ত‌ৱ জী‌ৱনতো সুফল দিব ।
     -------------------------------------০০০------------------------------------
 

Wednesday, May 28, 2014

মেট্ৰিক পৰীক্ষাই জী‌ৱনৰ সৰ্বোচ্চ পৰীক্ষা নহয়



আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলো‌ৱাৰ লগেলগেই চৌদিশে এটা উৎস‌ৱমুখৰ পৰি‌ৱেশ সৃষ্টি হৈছে । কেমেৰামেন-সাংবাদিকে গৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে । আলোচনী, বাতৰি–কাকতত ডাঙৰ ডাঙৰ হৰফেৰে তেওঁলোকৰ হাঁহিমুখীয়া মুখৰ আলোকচিত্ৰ প্ৰকাশিত হ’ব । বিদ্যালয় কেইখনতো এসপ্তাহমানলৈ মানুহৰ লানি নিচিগা সোঁত বৈ থাকিব । আৰু নিশ্চয়কৈ তেওঁলোকৰ অভিভা‌ৱকসকলে কষ্টৰ যথোচিত ফল প্ৰাপ্তিৰ আনন্দ আৰু গৌৰ‌ৱৰ মিশ্ৰিত অনুভূতিত সামান্য চকুপানী  টুকিছে।

জীু‌ৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত উচ্চ স্থান দখল কৰি পিতৃ-মাতৃ, বিদ্যালয় তথা নিজৰ এলেকাটোলৈ গৌৰ‌ৱ কঢ়িয়াই অনাটো নি:সন্দেহে এটা ভাল কথা । ছাত্ৰজনে তেওঁৰ সফলতাক অনুধা‌ৱন কৰিব পৰাতকৈ অধিক বেছি সুখী হয় তেওঁৰ শুভাকাংক্ষী, অঙহী-বঙহী আৰু স্থানীয় ৰাইজ । এই সকলোকে সন্তোষিত কৰিব পৰাটোও এটা ডাঙৰ কৃতিত্বই ।

এতিয়া কথা হৈছে এই যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহোটা বা কুৰিটা স্থান দখল কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় , তেওঁলোকে এই একে গতিৰেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অথবা বিশ্ববিদ্যালয় শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিব পাৰে নে ? দেখা যায় যে এওঁলোকৰ মাত্ৰ ২০% মান ছাত্ৰ-ছাত্ৰীয়েহে এনে ধাৰা অক্ষুন্ন ৰাখিব পাৰে । ইয়াৰ পিছত এই মেধা‌ৱী ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে ক’ত আছে কোনেও গম নোপো‌ৱা হয় । মই নিজে দেখিছো, ২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কটন মহাবিদ্যালয়ৰপৰা ৪৯ জন ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছিল ,যিসকলে মেট্ৰীক পৰীক্ষাত উচ্চ নম্বৰ পায়েই সেই মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল । অৱ শ্যে এজন মেধা‌ৱী ছাত্ৰ বা ছাত্ৰীৰ এনে অধ:পতনৰ আঁৰতো বহু কাৰক জড়িত হৈ থাকে ,যিবোৰৰ প্ৰতি আমি সতৰ্ক হো‌ৱা উচিত অথচ যাৰ বিষয়ে বহু অভিভা‌ৱক সম্পূৰ্ণৰূপে অজ্ঞ হৈয়েই থাকে ।


যি কি নহওঁক, আমি ভা‌ৱোঁ জী‌ৱনৰ শৈক্ষিক অৰ্হতাৰ ভেঁটিটো গঢ়াত  মেট্ৰিক পৰীক্ষাটো এটা আধাৰস্বৰূপ । প্ৰাক-প্ৰাথমিক শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে বিদ্যালয়ত যি শিকো‌ৱা হয়,সেইখিনিয়েই এজন মানুহৰ বোধ-শক্তি সৃজন কৰিবৰ বাবে যথেষ্ট । ‘বিদ্যালয়ত যি শিকো‌ৱা হয়’ বুলি ক’লে ভুল হ’ব , কাৰণ আমাৰ বহু বিদ্যালয়ত একো‌ৱেই শিকো‌ৱা নহয় ; গতিকে ক’ব লাগিব, পাঠ্যক্ৰমত যিবোৰ শিক্ষা সন্নিবিষ্ট কৰা হয় ,সেইবোৰ ।  এইখিনি শিক্ষাই আমাৰ সতেজ মগজুটোত যুক্তি-তৰ্ক কৰিবপৰা বোধ-শক্তিৰ আধাৰ দিয়ে , জটিল গণিতীয় হিচাপ-নিকাচ তথা উপপাদ্যবোৰ বুজিবৰ বাবে সহায় কৰে , বিজ্ঞানৰ চমকপ্ৰদ সূত্ৰবোৰৰ বিষয়ে অনুসন্ধিৎসু হ’ব পৰাকৈ জ্ঞান দিয়ে আৰু দৰ্শনৰ কথাবোৰ ভা‌ৱিবৰ বাবে মগজুৰ স্নায়ুবোৰক ত্বৰান্বিত কৰে । গতিকেই এই দহোটা বছৰৰ শিক্ষা আমাৰ জী‌ৱনৰ আটাইতকৈ মূল্য‌ৱান শিক্ষা । ইংৰাজী , অসমীয়া বা হিন্দী ভাষাৰ ব্যাকৰণৰ শিক্ষা এইকেইবছৰতেই সমাপ্ত হয় । এই সময়ত যদি কোনো এজন ছাত্ৰই যিকোনো এটা বিষয়ৰ ‘প্ৰাথমিক ধ্যান-ধাৰণা’ বোৰ স্পষ্টভা‌ৱে আয়ত্ব নকৰে  , তেন্তে মহাবিদ্যালয়ত গৈ তেওঁ সেইবিষয়ত বহু কষ্টৰ সমুখীন হ’ব লগীয়াত পৰে । কাৰণ , মহাবিদ্যালয়ত গৈ ছাত্ৰজনে হঠাৎ বহু ডাঙৰ এটা পাঠ্যক্ৰমৰ বোজা ল’ব লগীয়াত পৰে ।

আমি ক’ব খুজিছোঁ যে, মেট্ৰীক পৰীক্ষাই জী‌ৱনৰ সৰ্বোচ্চ পৰীক্ষা নহয় । এজন ছাত্ৰই মেট্ৰীক পৰীক্ষাত আশানুৰূপ ফলাফল লাভ নকৰিলে বুলিয়েই তেওঁৰ জী‌ৱন শূন্য হৈ নাযায় । পিতৃ-মাতৃয়েও অযথা গালি –শপনিৰে তেওঁক দৈনিক আমনি দিয়া উচিত নহয় । এনে বহু পৰিস্থিতিৰ কবলত পৰি দুই একে আত্মহননৰ পথো বাচি লো‌ৱা দেখা যায় । ই চূড়ান্ত মূৰ্খামিৰ চিন । আমাৰ সমাজতে এনে বহু উদাহৰণ ওলাব যে, মেট্ৰিক পৰীক্ষাত হয়তো দ্বিত্বীয় বিভাগত উত্তীৰ্ণ হো‌ৱা ছাত্ৰ বা ছাত্ৰী গৰাকীয়েই গৈ আজিৰ দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হৈছে । সকলো IAS বা APSC  উত্তীৰ্ণ বিষয়াই কিন্তু মেট্ৰীক পৰীক্ষাত খুব উচ্চ স্থানৰ নম্বৰ পাই উত্তীৰ্ণ নহয় । যিকোনো দেশৰে প্ৰখ্যাত অৰ্থনীতিবিদ,বিজ্ঞানী,কূটনীতিবিদ,সংগীতজ্ঞ অথবা খেলু‌ৱৈ, যাৰ নাম আমাৰ বাবে হয়তো প্ৰেৰণা ; তেওঁলোক কেতিয়াও কিন্তু পঢ়া-শুনাত একেলেথাৰিয়ে উচ্চ স্থানৰ গৰাকী  নাছিলে বা নহয় বা নহ’বও । আনুষ্ঠানিক শিক্ষাই আমাক মাত্ৰ এখন প্ৰমাণ-পত্ৰ আৰু নম্বৰ এটোপোলা দিয়ে ; আমাৰ জী‌ৱনত নিজকে এজন ‘মানুহ’ হিচাপে গঢ়িবৰ বাবে, নিজৰ প্ৰতিভাক বিকশিত কৰিবৰ বাবে , সুস্থ সমাজ গঢ়ি এজন সচেতন নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে , মান‌ৱীয় গুণেৰে বিভুষিত হ’বৰ বাবে যাৰ অৰিহণা প্ৰায় শূণ্যসম । জ্ঞানী(Wise) হ’বৰ বাবেও কিন্তু আমাক আনুষ্ঠানিক শিক্ষাৰ একেবাৰেই প্ৰয়োজন নাই । আইনষ্টেইন, এডিচন  আদি কৰি বহু মনীষীৰ কিন্তু আনুষ্ঠানিক শিক্ষা একেবাৰেই কম আছিল ।


জী‌ৱনত সফল হ’বৰ বাবে যে প্ৰত্যেকটো পৰীক্ষাতেই আমি উত্তীৰ্ণ হ’ব লাগিব,তেনে কোনো ধৰা-বন্ধা কথা নাই । দুটিমান উদাহৰণ দিব খুজিছো ।

ক) তেওঁ সেনাবাহিনীত মকৰল হ’বৰ বাবে বিদ্যালয়ৰ শিক্ষা বাদ দিছিল । ‘ৰেড-ক্ৰছ’ত যোগদান কৰি এম্বুলেনছ্ চলাইছিল । এই এম্বুলেনছ্ খনত নানাৰঙী কাৰ্টুনৰ ছবি অঁকা আছিল । পিছত এখন বাতৰি-কাকতে চাকৰিৰপৰা উলিয়াই দিছিল তেওঁক - ‘কল্পনা-শক্তি’ আৰু ‘নিজস্ব ধাৰণা’ নোহো‌ৱাৰ বাবে । তেওঁ হ’ল জনপ্ৰিয় কাৰ্টুন মিকি-মাউচৰ স্ৰষ্টা আৰু ২২টাকৈ অস্কাৰ –বঁটাৰে সন্মানিত ‌ৱাল্ট-ডিজনী।

খ) ‘অলিভাৰ টুইষ্ট’, ‘A Tale of Two Cities ’ আদি বিশ্ববিখ্যাত গ্ৰন্থৰ লিখক চাৰ্লছ ডিকেন্সে অতিপাত ধাৰৰ বোজাত দেউতাক জেললৈ যাব লগা হো‌ৱাত  বাৰ বছৰ বয়সতে বিদ্যালয় এৰি জোতাৰ ফেক্টৰীত দৈনিক ১০ ঘন্টাকৈ কাম কৰিবলগীয়া হৈছিল ।পিছলৈ তেওঁ কেৰাণী হিচাপে কাম কৰিছিল আৰু ২২ বছৰ বয়সতে সাংবাদিক হিচাপে স্বীকৃত হৈছিল ।

গ) থমাছ এডিছন বিশ্বৰ ইতিহাসত চাগৈ সৰ্বোচ্চ উদ্ভা‌ৱণকাৰী বিজ্ঞানী, যাৰ নামত ১০০০ৰো বেছি ‘পেটেন্ট’ আছে , যিয়ে লাইট বাল্ব, ফনোগ্ৰাফ , মুভি-কেমেৰা ইত্যাদিৰ উদ্ভাৱণ কৰি বিশ্ববাসীক আগুৱাই থৈ গৈছে । তেখেতে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা মাত্ৰ তিনিমাহ মানলৈহে ল’বলৈ পালে । ৰোগৰ বাবে শিশু এদিছনৰ মন পঢ়া-শুনাৰ পৰা একেবাৰেই আঁতৰি আহিছিল আৰু এজন শিক্ষকে তেওঁক “একোৱেই শিকিব নোৱাৰা” ল’ৰা বুলি কৈছিল । মাক এগৰাকী শিক্ষয়ত্ৰী হোৱা বাবে পিছত অৱশ্যে মাকে নিজেই এডিছনক শিকাইছিল ।

ঘ) বেঞ্জামিন ফ্ৰেংকলিন একেধাৰে এজন ৰাজনীতিবিদ, লিখক ,উদ্ভাৱক, বিজ্ঞানী, প্ৰকাশক , আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাতা-জন্মদাতা  আছিল ।এওঁ কোনোকালে বিদ্যালয়ৰ শিক্ষা সাং কৰিব পৰা নাছিল ।

ঙ) বাৰ বছৰ বয়সত বিদ্যালয়ত ভৰি দিয়া ছাৰ আইজাক নিউটনে সোতৰ বছৰ বয়সলৈকে কিন্তু অংক শিক্ষা পোৱা নাছিল । তেওঁৰ বিদ্যালয়ত কেৱল লেট্ৰীন ভাষা শিকোৱা হৈছিল । পিছত এওঁ‌ৱেই মধ্যাকৰ্ষণকে ধৰি কেইবাটাও গণিতীয় সূত্ৰ আ‌‌ৱিষ্কাৰ কৰি গৈছে ।


কিন্তু সেইবুলি আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক মেট্ৰীক পৰীক্ষাত অকৃতকাৰ্য হ’লেও বা একেবাৰে নিম্নমানৰ নম্বৰেৰে উত্তীৰ্ণ হ’লেও চলি যাব বুলি মত পোষণ কৰিব খোজা নাই ।  আজিকালি পৰীক্ষাত ভাল নম্বৰ পালেহে এখন ভাল মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পঢ়িবৰ বাবে সুযোগ পাব পাৰি । এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, গতিকে আগৰ তুলনাত পাবলগীয়া নম্বৰৰ পৰিমাণো যথেষ্ট বাঢ়িছে । আহতে য’ত ৭০-৮০ শতাংশ নম্বৰ পালেই হৈছিল, এতিয়া তাত ৯৫-১০০ শতাংস নম্বৰ পাব লগীয়া হৈছে । ইয়াৰ ওপৰিও প্ৰ‌ৱেশিকা পৰীক্ষা(Entrance test)ত উত্তীৰ্ণ হ’ব নো‌ৱাৰিলেও আজিকালি ভাল অনুষ্ঠানত নাম লগাব নো‌ৱাৰি । গতিকে আজিৰ তাৰিখত এজন ছাত্ৰ/ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ‌য়ো কেতিয়াবা বিষাদৰ মুখামুখি হ’ব লগীয়াত পৰে ।


ভাল মহাবিদ্যালয়ে, ভাল বিশ্ববিদ্যালয়ে আমাক পৰীক্ষাত ভাল নম্বৰ গোটাবলৈ সহায় কৰে, যাৰ বিনিময়ত হয়তো এটা ভাল চাকৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিব পাৰে । কিন্তু এটা ভাল চাকৰিয়েই এজন মানুহক সমাজৰ প্ৰতি দায়িত্বশীল , নিজৰ প্ৰতিভাক বিকশিত কৰি আনৰ বাবে প্ৰেৰণা হৈ ৰো‌ৱা এজন আদৰ্শ নাগৰিক তথা এজন সম্পূৰ্ণ ‘মানুহ’ হিচাপে গঢ়ি নুতুলিবও পাৰে ।

Friday, August 5, 2011

'অসমীয়া' গঢ়া আৰু মাধ্যম



 শেহতীয়াকৈ এটা পৰিঘটনা সততেই দেখা গৈছে ,কোনোজনে যদি বিষ্ণু ৰাভাৰ গীত সংগ্ৰহ কৰাত লাগিছে,আন কোনোজনে আকৌ অসমীয়া ভাষাৰ ঐতিহ্য আৰু বৰ্তমানক লৈ চিন্তিত হৈছে ।কোনোজনে যদি লিপিৰ বাবে যুঁজিছে,আনজনে আকৌ সাহিত্যক বিশ্বজনীন কৰাৰ প্ৰয়াস কৰিছে ।এইবোৰ কিয় কৰিব লাগে ?নকৰিলে নহয় নে?

        এইবোৰ এইবাবেই কৰা হৈছে, কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এনে পয়ালগা দিন আৰম্ভ হৈছে যে তাৰ সংৰক্ষণ,প্ৰসাৰণ আৰু জনপ্ৰিয়কৰণৰ সময় আহি পৰিছে বুলি আমি আটাইয়ে বুজি পাইছোহঁক ।আৰু এই কামৰ সফল ৰূপায়নৰ বাবেই আমি লাহে লাহে সকলো মানুহকে ইয়াৰ বিষয়ে অৱগত কৰি হাতে-কামে আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিছোহঁক ।ইতিমধ্যেই সৰু-ডাঙৰ পদক্ষেপেৰে বহু ক্ষেত্ৰত আমি সফলো হৈছোঁ ।

        মই কব খুজিছোঁ, কিয়নো আমি এনে প্ৰচেষ্টা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ নকৰোহঁক? আৰু কিমান মানুহক বুজাব?মানুহবোৰক নিজে নিজে বুজি পো‌ৱা কৰি নোতোলো কিয়?
       
     হয়।মই বিদ্যালয় স্তৰৰপৰা এজন অসমীয়াগঢ় দিয়াৰ কথা কৈছোঁ।সন্তানৰ সু-শিক্ষাৰ বাবে পিতৃ-মাতৃ সচেতন হো‌ৱাটো অতিকেই জৰুৰী কথা। আৰু সমানেই জৰুৰী তেওঁলোকে সন্তানক মাতৃভাষাটোক ভালপাবলৈ শিকো‌ৱাটো, এই দেশৰ সাহিত্য-সংস্কৃতিৰ লগত পৰিচয় কৰো‌ৱাটো তথা বিভিন্ন সামাজিক ৰীতি-নীতি,পৰম্পৰা,উৎস‌ৱত জড়িত কৰো‌ৱাটো ।
       
      এনে প্ৰেক্ষাপটত সন্তানক কি মাধ্যমত পঢ়ু‌ৱাব,সেয়া এটা জটিল প্ৰশ্ন- আজিৰ যুগৰ প্ৰতিজন সচেতন অসমীয়া অভিভা‌ৱকৰ বাবে। অসমীয়া মাধ্যমত পঢ়িলে বাহিৰত গৈ লৰা-ছো‌ৱালীয়ে চাকৰি কৰিব নো‌ৱাৰিব,’স্মাৰ্টবলৈ নিশিকিব,ইংৰাজী কব নো‌ৱাৰিব ।হাজাৰ অভিযোগ!কথাবোৰ সিমান মিছাও নহয় ।কিন্তু আমাৰ ব্যক্তিগত অনুভ‌ৱ, অসমীয়া মাধ্যমত পঢ়িলে মূল অসুবিধা হয় ইংৰাজী কো‌ৱাতহে(লিখা-পঢ়াত নহয়)।আৰু তাৰ বাহিৰে অন্য যিবোৰ অতিৰিক্ত গুণ বা প্ৰতিভা বা ব্যক্তিত্ত্ব বিকাশৰ কথা কো‌ৱা হয়,সেয়া অসমীয়া মাধ্যমত পঢ়া লৰা বা ছো‌ৱালী এজনীয়েও অনায়াসে আয়ত্ত্ব কৰি লব পাৰে-যদিহে নিজাববীয়া কিছু প্ৰচেষ্টা লয় তথা অভিভা‌ৱকে মনোযোগ দিয়ে ।এইটো অনস্বীকাৰ্য যে অসমীয়া মাধ্যমৰ যিকোনো বিদ্যালয়তে ইংৰাজী শিক্ষাৰ মান অতিকৈ শোচনীয় আৰু যাৰ ফলস্বৰুপেই অসমীয়া মাধ্যমত খুব সুন্দৰ ফলাফল কৰা ছাত্ৰজনেই উচ্চ-শিক্ষা লাভ কৰিবলৈ গৈ উজুতি খাব লগা হয়,যিয়ে হয়তো কেতিয়াবা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জী‌ৱনত সফলতাৰ এটা অন্তৰায় হিচাপে থিয় দিয়ে ।গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী শিক্ষাৰ বাবে গুণগতভা‌ৱে পাৰ্গত ইংৰাজী শিক্ষক নিযুক্তি তথা শিকণ-প্ৰণালীৰ সাল-সলনিৰ সময় আহি পৰিছে।
       
        কিন্তু আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসমৰ চুকে-কোণে পাবত-গজা কিছুমান ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা দেখা গৈছে ।ব্য‌ৱসায়িক লাভালাভৰ উদ্দেশ্যেৰে স্থাপন কৰা এনে শিক্ষানুস্থান সমূহে কেনে মানৰ শিক্ষা প্ৰদান কৰিব,সেয়াও এক সন্দেহৰ বিষয় ।অভিভা‌ৱকে ভ‌ৱাৰ দৰেই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিলেই নিজৰ সন্তানে চমকপ্ৰদ ফলাফলেৰে পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব,তেনেও নহয় ।অসমৰ বহুতো গাঁও অঞ্চলত আজিকালি এটা এনে প্ৰ‌ীৱণতা দেখা যায় যে একে গাঁৱৰ আন বহুতৰ দৰে অসমীয়া মাধ্যমত নিজৰ সন্তানক নামভৰ্তি নকৰি চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰো‌ৱাটো এটা গৌৰ‌ৱৰ বিষয় বুলি চিহ্নিত কৰে ,উচ্চ হাৰৰ মাচুল দিবলৈ লাগিলে তেৰাস‌ৱে দুসাজ লঘোনে থাকিবলৈও সাজু।
       
        এই কথা মই ডাঠি কম যে, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰি‌ৱেশ বা অইন যি কাৰকৰ বলতেই নহওক কিয়,এনে কিছুমান অনা-বিদ্যায়তনিক শিক্ষা লাভ কৰে,যিবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে কাহানিও লাভ নকৰে । তেওঁলোকে অন্ত:ত চিনি পায়-বিষ্ণুৰাভা সংগীত,বৰগীত,লোকগীত কি বস্তু ।শঙ্কৰদে‌ৱ,মাধ‌ৱদে‌ৱ,জ্যোতি-বিষ্ণু,অম্বিকাগিৰি কোন আছিল ।সাহিত্য-জগতৰ কোন কোন তাৰকা অসমীয়াৰ গৌৰ‌ৱ সেয়া অন্ত:ত কব পাৰে ।কীৰ্তন-ঘোষা,নাম-ঘোষা নপঢ়িলেও জানে সেয়া খায় নে পিন্ধে ।
       
      আজি বিদ্যালয়ত পঢ়ি থকা লৰা-ছো‌ৱালীমখাই এদিন আমাৰ সমাজৰ গুৰিধৰোঁতা হব । এইসকলক পোনাই থৈ গলেহে আমি দেখা গৌৰ‌ৱময় অসমীয়া ভাষা,সাহিত্য,পৰম্পৰা আৰু সংস্কৃতি জীয়াই থাকি জগতত জ্যোতি বিলাব পাৰিব। অসমীয়া মাধ্যমত পঢ়া বহু ছাত্ৰই খ্যাতি আৰু মেধা অৰ্জন কৰি অসমীয়াৰ নাম উজ্জ্বল কৰিছে ।তেনেস্থলত যদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাৰ প্ৰয়োজনীয়তা সঁচাকেই আছে, তেন্তে সেইবোৰ ৰাজহু‌ৱা হোহ‌ৱা উচিত । আপুনি যদি আপোনাৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ু‌ৱাই গুণী-জ্ঞানী কৰিব বিচাৰিছে, তেন্তে কিয় বিচাৰে সেয়া জনাওঁক । আমাৰ নদাই-ভদাই সকলো‌কে তেনে সুবিধা লো‌ৱাৰ পৰা বঞ্চিত নকৰিব ,সকলোও‌ৱে পঢ়ু‌ৱাওক ।আৰু যদি সঁচাই ইংৰাজী মাধ্যমত পাঠগ্ৰহণ কৰাৰ বাদে আমাৰ গত্যন্তৰ নাই,তেন্তে সেয়াও হৈ উঠক । প্ৰয়োজনসাপেক্ষে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিধিগত ভা‌ৱে বন্ধ হওক।

        কৰ্ণাটক,তামিলনাডুৰ দৰে উন্নত ৰাজ্যত কিন্তু স্থানীয় ভাষাৰহে ব্য‌ৱহাৰ বেছি ।তেওঁলোকে ইংৰাজী নজনাকৈও থকা নাই । 

        আমি বিচাৰিছো,এই বিষয়ে বহুল-আলোচনা হওক,বিতৰ্ক হওক আৰু সকলো মাধ্যমৰে যোগেদি এনে আলোচনা সৰ্বসাধাৰণ অসমীয়া মানুহৰ কাণত পৰক।তেওঁলোকে অন্ত:ত বিবেচনা কৰিবলৈ শিকক । যিবোৰ কাৰণত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সচেতন মহলৰ আস্থা হেৰু‌ৱাইছে,সেয়া পুনৰুদ্ধাৰৰ বাবে আলোচনা হওক আৰু সুস্থ কৰ্মপন্থাৰ সূচনা কৰক । চৰকাৰে কি পদক্ষেপ লব পাৰে,তাৰো আলোচনা হোব‌ৱা উচিত ।
   

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...