লেখা অনুসন্ধান কৰক

Showing posts with label অসম সাহিত্য সভা. Show all posts
Showing posts with label অসম সাহিত্য সভা. Show all posts

Thursday, December 31, 2015

সাম্প্ৰতিক সময়ত সাহিত্য সভাই কোনখিনি কামক কৰণীয় বুলি ভ‌ৱা উচিত?





“এসময়ত ‘অসম সাহিত্য সভা’ নামৰ অনুষ্ঠানটি অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল ।”- কথাফাঁকি লিখোতে বৰ্তমান কালত লিখিবলৈ লৈও কোনো এক সংকোচবোধেৰে ইয়াক কে‌ৱল অতীত কালৰ বাক্যৰূপেই মানি ল’বলৈ বাধ্য হ’বলগীয়াত পৰিছো । ই অতি দু:খজনক সত্য যে, বৰ্তমানে অসম সাহিত্য সভাই যিদৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ আদৰ আৰু বিশ্বাসৰ পাত্ৰ হ’ব পাৰিব লাগিছিল, সেইদৰে কোনো এক আস্থাভাজন বলিষ্ঠ স্থিতি ল’ব পৰা হো‌ৱা নাই । বাৰু সেয়া যিয়েই নহওঁক বা কেৰোণ য’তেই নালাগক, তাৰ কাৰণসমূহ ফঁহিয়াই দোষ-ত্ৰুতিৰ হিচাপ ল’বলৈ যো‌ৱা অথবা কৈফিয়ৎ তলব কৰাটো আমাৰ উদ্দেশ্য হো‌ৱা উচিত নহয় । বৰঞ্চ, মাতৃভাষাটোৰ এই দুৰ্যোগময় সময়ত ভাষাটো জনপ্ৰিয়কৰণ, প্ৰসাৰ আৰু প্ৰচাৰ, বিশুদ্ধতা সংৰক্ষণ ইত্যাদিৰ ক্ষেত্ৰত অসম আৰু অসমীয়াৰ স্বাৰ্থত সাধাৰণ জনতাৰ ব্যক্তিগত প্ৰচেষ্টাক সম্মিলিত কৰি অসম সাহিত্য সভাই কিদৰে কিছু ইতিবাচক পদক্ষেপেৰে আগু‌ৱাই যো‌ৱাৰ সোপান ৰচিব পাৰ সেই কথাহে আমি বিচাৰ কৰি চো‌ৱা উচিত
সাহিত্য সভাই অনাগত বছৰ ইয়াৰ প্ৰতিষ্ঠাৰ শতবৰ্ষ উদযাপন কৰিব । সভাৰ লগত জড়িত থকা আৰু  ভাষাটোক ভালপো‌ৱা প্ৰতিজন অসমীয়াৰ বাবে নি:সন্দেহে ই এটা অতি গৌৰ‌ৱময় বাৰ্তা । সৌ তাহানিতেই পদ্মনাথ গোঁহাঞিবৰু‌ৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰু‌ৱাদে‌ৱৰদৰে পুৰোধা ব্যক্তিসকলৰ সাহিত্য-চৰ্চা আৰু আনুসংগিক কাৰ্যপন্থাৰে যিদৰে অসমত এক বৌদ্ধিক জাগৰণৰ সূচনা কৰি জাতিটোক নতুন দিগন্তৰ মুখ দেখু‌ৱাইছিল, সেই ধাৰা বৰ্তমানে স্তিমিত হৈ আহি শূণ্যসম হৈছেহি বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । অ‌ৱশ্যে এই কথা স্বীকাৰ নকৰাকৈ থাকিব নো‌ৱাৰি যে যো‌ৱা দশকটোত সাহিত্য সভাই নাই বুলি ক’লেও সৰু-বৰ কেইবাটাও প্ৰকল্প সম্পাদন কৰিছে স্মৃতিগ্ৰন্থ, অভিধান, প্ৰ‌ৱন্ধ-পাতি ইত্যাদি প্ৰকাশৰ উপৰিও সাহিত্য সভাই কেইবাটাও বঁটা প্ৰদান, কবি-সন্মিলন, অভিবৰ্তন, কৰ্মশালা আদি সময়ে-সময়ে অনুষ্ঠিত  কৰি আহিছে । ভাষা-আইনৰ সমৰ্থনত সাহিত্য সভাই মাজে-সময়ে ভিন্ন ঠাইত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক অসমীয়া ভাষাত নামফলক আঁৰিবলৈ অনুৰোধ কৰাও পৰিলক্ষিত হৈছে । তাৰোপৰি শেহতীয়াভা‌ৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত থলু‌ৱা সম্প্ৰদায়ৰ মানুহখিনিক পোনপটীয়াভা‌ৱে তালিকাত সন্নিবিষ্ট কৰিবলৈও সভাই মাননীয় উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে । এই সকলোখিনিৰ উৰ্ধত আমি ভা‌ৱোঁ যে বৰ্তমান সময়ত সাহিত্য সভাৰ ওচৰত আন কিছু কৰণীয় আহি পৰিছে । প্ৰচলিত পৰম্পৰাৰে সভাই লিখা-লিখি কৰি যি অলপ কাম-কাজ কৰি আহিছে, সেই একেখিনিকে দোহাৰি থকাৰ সময় বৰ্তমানে নাই । কাৰণ, বৰ্তমান যুগটো‌ৱেই হৈছে এনেকু‌ৱা যে তথ্য-প্ৰযুক্তিৰ উপলব্ধতা আৰু যু‌ৱ-প্ৰজন্মৰ বেপৰু‌ৱা স্বভা‌ৱে কোনো এটা অনুষ্ঠান বা সংগঠনে ‘ধীৰ গতি’ৰে বা সুপ্তভা‌ৱে কৰি থকা কিবা এটা কামক কাহানিও উপযুক্ত মান্যতা নিদিয়ে আৰু তাৰ ফলতেই তেনে সৎ প্ৰচেষ্টাও কাহানিবা স্তিমিত হৈ পৰা দেখা যায় । গতিকে সাম্প্ৰতিক সময়ত সভাই জাতিটোৰ হৈ, ভাষাটোৰ হৈ কিবা এটা কৰিবলৈ যদি ইচ্ছা কৰে, তেন্তে তেনে প্ৰকল্প এটাৰ ৰূপায়ণৰ পন্থা কিছু উন্নত হ’ব লাগিব । অ‌ৱশ্যে আমি ইয়াৰদ্বাৰা এইটো কাহানিও বুজাব খোজা নাই যে সভাই নিজা উন্নয়ন পূঁজি বৃদ্ধিৰ বাবে কোনো ৰাজনৈতিক নেতাৰ ওচৰত হাত পাতিব লাগিব । সমজু‌ৱা কাম-কাজত যথেষ্ঠ পা-পইচাৰ প্ৰয়োজন হয়, সেই কথা ঠিক । কিন্তু সেইবুলিয়ে কে‌ৱল লক্ষ লক্ষ টকা হাতত থাকিলেই যে যিকোনো অনুষ্ঠানে, বা যিকোনো নেতাই সমাজৰ হিতৰ বাবে, জাতিটোৰ মংগলাৰ্থে তাক প্ৰকৃতাৰ্থত কামত লগাব পাৰিব তাতো যথেষ্ট সন্দেহৰ অ‌ৱকাশ থাকে । কাৰণ, পৰিকল্পনাবিহীন আঁচনিত সদায় ধন আৰু মান‌ৱ-সম্পদৰ অপব্য‌ৱ‌হাৰৰ সুৰুঙা থাকি যায় । ইয়াৰোপৰি নি:স্বাৰ্থভা‌ৱে কাম কৰিবপৰা দহোজন মানুহ বিচাৰি উলিও‌ৱাটোও আজিৰ সময়ত এক দু:সাহস ।
আজিৰ ইন্টাৰনেট-সৰ্বস্ব বিশ্বায়ন-ধাৰণাৰ সময়ত, পৃথি‌ৱীত একোটা জাতিয়ে নিজৰ পৰিচয় প্ৰতিষ্ঠাৰ বাবে প্ৰযুক্তিৰ থলু‌ৱাকৰণ এটা মুখ্য আহিলা হিচাপে গণ্য কৰিছেইয়াৰ বাবেই অসমীয়া ভাষাটোক কে‌ৱল কাগজে-কলমেই নহয়, কম্পিউটাৰ-ইন্টাৰনেটেৰেও বিশ্ববাসীৰ আগত উদঙাই দিয়াটো আমাৰ কাৰণে এক প্ৰাৰম্ভিক লক্ষ্য হো‌ৱা উচিত । আৰু এইখিনিতেই এটা সমস্যাৰ উদ্ভ‌ৱ হৈছে যিটোৰ স‌ৱিশেষ হয়তো সাহিত্য সভাৰ দৰে বৰ্ষীয়মান অনুষ্ঠান এটাৰ বিষয়-ববীয়াসকলে বিশেষভা‌ৱে গম নাপায় বা তেৰাসকলে ইয়াক গভীৰভা‌ৱে বুজিব পৰা হো‌ৱা নাই । সমস্যাটো হৈছে এয়ে যে ভাষা সমূহৰ মান্যতা প্ৰদানকাৰী সংস্থা ‘য়ুনিকোড কনচৰ্টিয়ামে’ অসমীয়া ভাষাটোক বাংলাৰে অপভ্ৰংশ বুলি ভা‌ৱি ইয়াক স্বকীয় সুকীয়া ভাষা হিচাপে স্বীকৃতি দিয়া নাই । এই স্বীকৃতি অবিহনে ইন্টাৰনেটত যদিও অসমীয়াত লেখা-মেলা সম্ভ‌ৱ হ’ব, তথাপি কিন্তু ভাষা হিচাপে ই ‘বাংলা’ ভাষাৰে অন্তৰ্ভুক্ত হৈ থাকিব । যিসময়ত বাংলাৰ সমানে সমানে মূলত: সংস্কৃতৰপৰাই উদ্ভ‌ৱ হৈ বি‌ৱৰ্তনৰ নানানটা স্তৰ বাগৰি অসমীয়া ভাষাটো আজিৰ এই সুমধুৰ মসৃণ এটি ভাষালৈ ৰূপান্তৰিত হৈছে, য’ত কে‌ৱল বৰ্ণ আৰু কিছু শব্দাৰ্থৰ সাদৃশ্যৰ বাদে বাক্য-গাঁঠনিত সম্পূৰ্ণ ভিন্নতা প্ৰকটমান, যি ভাষাৰে মান‌ুহৰ হৃদয় আলোড়িত কৰা হাজাৰ-বিজাৰ গ্ৰন্থ ৰচিত হৈ আহিছে-  তেনে এটা ভাষাক অন্য ভাষাৰে ধৰু‌ৱা বুলি অপবাদ দি নিজস্ব স্থান আৰু মান নিদিয়াটো জাতিটোৰ বাবে এক অসহনীয় গ্লানি । এই গ্লানিৰ বিপক্ষে যুঁজি জাতি তথা ভাষাটোক উদ্ধাৰৰ বাবে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰ উপৰিও মূলত: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰপৰা সেই কনচৰ্টিয়ামলৈ কিছু হেঁচা তথা ন্যায্য স্বীকৃতি বিচাৰি দাবী জনো‌ৱাৰ প্ৰয়োজন আছে । গতিকে এইখিনিৰ বাবে কিছু প্ৰশাসনীয় তৎপৰতাৰ দৰকাৰ । বৰ্তমানে সাহিত্য সভাৰ লগত বিশেষ ঘনিষ্ঠ সম্পৰ্ক নথকা কেইজনমান ভাষাপ্ৰেমী গ‌ৱেষকেহে এই কামটোত জড়িত হৈ দেহে-কেহে লাগি আছে । অথচ অসম সাহিত্য সভা হ’ব লাগিছিল এনে এটা অনুষ্ঠান যিয়ে এই য়ুনিকোডৰ ক্ষেত্ৰত বিশ্বত অসমীয়া ভাষাটোক স্বীকৃতি দিয়াবৰ বাবে আৰম্ভ হো‌ৱা বিপ্ল‌ৱৰ গুৰি বঁঠা মাৰিব পাৰে । আমাৰ বোধেৰে সভাই পতাকা উত্তোলনেৰে অভিলেখ গঢ়া , সমবেত সংগীতেৰে আকাশ-বতাহ কঁপাই তোলা , পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সুৰ বজো‌ৱা, ন‌ৱ-প্ৰজন্মক সশ্ৰদ্ধ আদৰণি জনো‌ৱা, দেশৰ মাটিত বিশ্বজয়ৰ সমন্বিত শব্দ-ঝংকাৰ তোলা ইত্যাদি কে‌ৱল চিত্তোকৰ্ষক কাৰ্যসূচীৰে নিজকে নিজে বাহ্ বাহ্ দিয়াৰ সলনি এনে কিছু গুৰুত্বপূৰ্ণ কাম-কাজতহে মনোনি‌ৱেশ কৰা উচিত ।
প্ৰযুক্তিৰ কথা ক’বলৈ লওঁতে আৰু এটি উপাদানৰ কথা উল্লেখ নকৰিলে নহ’ব । সি হৈছে দূৰদৰ্শনৰ নিউজ চেনেল । ডাঁৰৰ বাতৰি ডাঁৰে সম্প্ৰচাৰ কৰিবলৈ দেশত বৰ্তমানে নিউজ চেনেলৰ অভা‌ৱ নো‌হ‌ো‌ৱা হ’ল । কাৰোবাৰ ঘৰত মাজৰাতি কেঁচু‌ৱাই কান্দিলেও, ৰাষ্টাৰ কুকুৰকেইটাই বৰকৈ ভুকিলেও আজিকালি অসমৰ ৰাইজে সেয়া ‘ব্ৰেকিং নিউজ’ হিচাপে পাবপৰা অ‌ৱস্থা এটা হ’ল । প্ৰগতিৰ নিচান উৰু‌ৱা এই চেনেলসমূহে ব্য‌ৱসায়িক মুনাফা লুটাৰ মোহত বন্দী হৈ বাতৰিৰ নামত এশ এবুৰি ভুল শব্দৰ লিখিত ৰূপ তথা বিকৃত উচ্চাৰণ প্ৰচাৰ কৰি বৰ্তমানে অসমীয়া ভাষাটোৰ শৰাধ পাতিছে । দূৰদৰ্শনৰ পৰ্দাত “সুধি”ৰ সলনি “সোধি”, “কাইলৈ”ৰ সলনি “অহা-কালি”, “কালি”ৰ সলনি “যো‌ৱাকালি”, “২ বজাৰ অনুষ্ঠান”ৰ সলনি “২টাৰ অনুস্থান ”,  ওফণ্ডি উঠিছে”ৰ সলনি “উফণ্ডি ঠিছে” ইত্যাদি ভুল শব্দ দেখি দেখি আমাৰ ন-শিকাৰু কণমানিহঁতেও এনেদৰেই শিকিবলৈ লৈছে । মাতৃভাষাটোৰ এইহেন দুৰ্গতিৰ সময়ত এনে বিষয়বোৰত চৰকাৰে যদি চকু মুদা কুলিৰ ৰূপ লৈ মৌনতা অ‌ৱলম্বন কৰে , তেন্তে সাধাৰণ জনতাইনো কাৰ ভৰসাত মাতৃভাষাটোৰ ভ‌ৱিষ্যত সুৰক্ষিত বুলি আশ্বাসিত হ’ব পাৰিব ? ভা‌ৱি চালে ব্য‌ৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ এইহেন মইমতালিক নাকী লগাবৰ বাবে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান এটা বাদ দি আন কোনো অনুষ্ঠান জানো উপযুক্ত হ’ব পাৰে ? কিন্তু সাহিত্য সভাই এইহেন জ্বলন্ত বিষয়তো আজিকোপতি নিমাতে থাকি অপদাৰ্থ বুলি নিজকে প্ৰমাণিত কৰি আহিছে । চৰকাৰী কাৰ্যালয়ৰ নথি-পত্ৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামফলক, বেনাৰ, চাইনবোৰ্ড ইত্যাদিত ইংৰাজী বা হিন্দী ভাষাৰ লগতে মূল শিৰোনামাসমূহ অন্ত:ত  অসমীয়াত লিখাৰ বাবে সভাই মাজেসময়ে খবৰ-কাগজত গোহাৰি অথবা দে‌ৱালে দে‌ৱালে পোষ্টাৰ লগো‌ৱা দেখা যায় । কিন্তু আমি নাভা‌ৱোঁ যে আজিৰ দিনত কে‌ৱল অনুৰোধ বা অনুনয়-বিনয়েৰে এনে এটা কাম সমাধা কৰিব পৰা যাব । গতিকে ল’ৰা-ছো‌ৱালীয়ে দুষ্টামী কৰিলে যিদৰে আমি দুই-এটা কাণ-চেঁপাৰেও সিহঁতক শিকনি দিও, সেইদৰেই অনুষ্ঠান-প্ৰতিষ্ঠানে এই অনুৰোধ অ‌ৱজ্ঞা কৰিলে আইনগত ব্য‌ৱস্থাৰে অথবা উচ্চস্তৰীয় প্ৰশাসনীয় নিৰ্দেশনা জাৰিৰে হ’লেও সেই কামফেৰা সাহিত্য সভাই কৰাব পৰাৰ যোগ্যতা অৰ্জন কৰিব লাগিব । অ‌ৱশ্যেই স্বীকাৰ কৰিব লাগিব, অন্ত:কৰণেৰে ভাষাটোক ভালপো‌ৱা মানুহৰ সংখ্যা ক্ৰমাগতভা‌ৱে হ্ৰাস পো‌ৱা বাবেই স্বভাষাপ্ৰীতিৰ এই সামান্যতম উদাহৰণটিও আজিকোপতি অসমীয়া মানুহে স্বত:স্ফুৰ্তভা‌ৱে দেখু‌ৱাবলৈ সমৰ্থ হো‌ৱা নাই ; যিটো সঁচাকৈয়ে কিছু হাতাশাজনক ।
সাহিত্য সভাই বহল পৰিসৰেৰে যদি নিজৰ কৰ্মদলত আজিৰ যু‌ৱ-প্ৰজন্মক আকৰ্ষিত কৰি সন্নিবিষ্ট কৰি ল’ব পাৰে, তেন্তে অনাগত সময়ত ‘অসম সাহিত্য সভা’ অসমৰ এক অন্যতম শক্তিশালী জাগৰণকাৰী অনুষ্ঠান হিচাপে পৰিগণিত হ’ব । ইয়াৰ বাবে ন-প্ৰজন্মৰ কাষ চাপি তেওঁলোকৰ মতামতক মূল্য দিয়া আৰু উপযুক্ত দায়িত্ব অৰ্পণ কৰাটোও সাহিত্য সভাৰ জনপ্ৰিয়কৰণৰে এক পন্থা হ’ব পাৰে । তাৰ বাবে সাহিত্য সভাৰ বিষয়ববীয়াসকলে কিন্তু নিজৰ আওপুৰণি চিন্তাধাৰাৰ আ‌ৱৰণি গুচাই চ’চিয়েল মেডিয়াৰ যোগেদি প্ৰচাৰ চলো‌ৱাৰদৰে প্ৰযু্ক্তিগত পদ্ধতিকো আঁকো‌ৱালি ল’বলৈ কুন্ঠাবোধ কৰিব নালাগিব ।  সেই হিচাপত চাবলৈ গ’লে সাহিত্য সভাই অসমীয়া ভাষাটোৰ ‘ডিজিটেল’ সংস্কৰণকো চকু-কাণ ফুৰাব লগীয়া পাৰিপাৰ্শ্বিকতা এটা বৰ্তমানে সৃষ্টি হৈছে । খুব বেছি দীঘলীয়া নকৰি দুটিমান এনে দায়িত্বৰ কথা যদি সংক্ষেপে উল্লেখ কৰো তেন্তে সেই তালিকাত সোমাব- ১) অসমীয়া সাহিত্যৰ উল্লেখনীয় গ্ৰন্থৰাজী আটোমটোকাৰীকৈ অনন্ত কালকৈ অক্ষত অ‌ৱস্থাত সংৰক্ষণ কৰাৰ স্বাৰ্থত আৰু বিশ্বৰ ভিন্নপ্ৰান্তৰ অসমীয়া বা অসমীয়া-ভাষাপ্ৰেমী তথা গ‌ৱেষকসকলে থাউকতে পাব পৰাৰ বন্দো‌ৱস্ত হো‌ৱাকৈ এই গ্ৰন্থসমূহৰ য়ুনিকোড ৰূপান্তৰকৰণ তথা ‘ইন্টাৰনেট ‌ৱেব চাৰ্ভাৰ’ত ইয়াৰ উপস্থাপন । ২) ‘গুগল’ বা ‘য়াহু’ৰ দৰে চাৰ্চ ইঞ্জিনে মূহুৰ্তৰ ভিতৰত হাতৰ মুঠিতে অসমীয়া সাহিত্যৰ ভিন্ন পৃষ্ঠা খুলিব পৰাকৈ ‘অসমীয়া ‌ৱিকিপেডিয়া’ বা অন্য ই-আলোচনীসমূহত সাহিত্যৰ সমল বঢ়ো‌ৱাত গুৰুত্ব দিয়া । ৩) প্ৰথম অসমীয়া সতাঁৰ অভিধান ‘শব্দ ডট অৰ্গ’(www.xobodo.org) ক আনুষ্ঠানিক মান্যতা দিয়া আৰু ইয়াৰ অৰিহণাৰ ওপৰত নজৰ ৰখা ৪) ‘ড্য চানডে ইণ্ডিয়ান’ নামৰ আলোচনীখনে দেখু‌ৱাই দিয়া উদাহৰণেৰে অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকতৰ ইন্টাৰনেট সংস্কৰণবোৰত বাতৰিসমূহৰ আলোকচিত্ৰৰ সলনি ‘য়ুনিকোড’ৰ আখৰ ব্য‌ৱহাৰ কৰিবলৈ জোৰ দিয়া(অন্তৰ্নিহিত কাৰণ- চাৰ্চ ইঞ্জিনে আলোকচিত্ৰত থকা আখৰ বিচাৰি উলিয়াব নো‌ৱাৰে, অথচ য়ুনিকোডত লিখা আখৰ বিচাৰি পাব পাৰে) ৫)  বৰ্ণশুদ্ধি, ব্যাকৰণ আদিৰ প্ৰাথমিক জ্ঞান প্ৰতিজন অসমীয়াক শিকাবৰ বাবে অতি কাৰ্যক্ষম মাধ্যম হিচাপে চ’চিয়েল মেডিয়াক ব্য‌ৱহাৰ কৰা ইত্যাদি । এই কাৰ্যা‌ৱলীসমূহ ৰূপায়নৰ ক্ষেত্ৰত সভাৰ বিষয়ববীয়াসকলে প্ৰয়োজন সাপেক্ষে প্ৰযুক্তি-বিশাৰদৰপৰা কাৰিকৰী প্ৰশিক্ষণ ল’ব পাৰে  আৰু ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰি ন-প্ৰজন্মক কামবোৰৰ প্ৰতি উছাহ জগাব পাৰে ।
ক’ব পাৰি, অনুৰাগী আৰু স্বেচ্ছাসে‌ৱীৰ অভা‌ৱতে জিলাসমূহৰ ভিন্ন ঠাইত পূৰ্বে গঠিত শাখা সাহিত্য সভাসমূহো বৰ্তমানে কে‌ৱল নমৰিহে জীয়াই আছে । এই শাখাসমূহ পুণৰোজ্জী‌ৱিত হৈ উঠিবলৈ সভাই প্ৰত্যেককে যোগাত্মক আৰু জনতা-সহযোগী কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিব পাৰে । গাঁৱে-ভূঞেঁ সভাই অসমীয়া হাতৰ-আখৰৰ প্ৰশিক্ষণ দিয়া, সংস্কৃত ভাষাৰ আদিপাঠ দিয়া, ৰচনা-প্ৰবন্ধ লিখাৰ কৌশল শিকো‌ৱা, ছাত্ৰ-ছাত্ৰীক ভাষা-জ্ঞান প্ৰদান কৰা, শিক্ষানুষ্ঠানত শ্ৰেষ্ঠ সাহিত্যিক বাছি উলিও‌ৱা ইত্যাদি নানান তৃণমূল পৰ্যায়ৰ পদক্ষেপ হাতত ল’ব পাৰে । এক কথাত, ঘৰে ঘৰে চাহৰ জুতি আৰু ৰাজনীতিৰ আলোচনাৰে কবিতা-মেল পতাতকৈ আমি ক’ম যে সাহিত্য সভাই গুণগত কবিতাৰ বৈশিষ্ট, ধাৰা, অন্য ভাষাৰ কবিতাৰ মান ইত্যাদি বিষয়ত আলোচনা পতাটোহে আমাৰ কাম্য ইয়াৰোপৰি কিছু আগু‌ৱাই গৈ সাহিত্য সভাই আধুনিক শিক্ষাৰ মান আৰু পদ্ধতি সম্পৰ্কে আলোচনা, বিদেশৰ মাটিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰশিক্ষণ, মানসম্পন্ন সাহিত্যৰ চৰ্চা আৰু সৃষ্টিৰ বাবে ন-পুৰুষক অনুপ্ৰেৰণা জগোৱা ইত্যাদি কাৰ্য হাতত ল’ব পাৰিলে খুবেই ভাল হ’ব বুলি আমি বিশ্বাস কৰোঁ ।
অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ থকা ইয়াৰ উদ্দেশ্যসমূহৰ ভিতৰত অন্যতম দুটি মান হৈছে-  সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা , সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা , সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দূৰ কৰা  আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা  । এই আটাইকেউটা বিষয়তে অসমৰ মানুহে অসম সাহিত্য সভাই চকুত পৰা ধৰণে কিবা অলপ-অচৰপ কাম কৰা দেখিবলৈ পালে নিশ্চিতভা‌ৱে সন্তোষিত হ’ব । সাহিত্য সভাই প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, প্ৰকাশ আৰু গ‌ৱেষণাৰ হেতু নিৰ্বাচিত কিছু ঠাইত চৰ্চা কেন্দ্ৰ স্থপন কৰি ক্ষুদ্ৰ সংগ্ৰহালয় গঢ়ি তুলিব পাৰিলেও জাতিটো আৰু ভাষাটোৰ বাবে বহুজনে কৰি অহা অশেষ কষ্ট সাৰ্থক হ’ব বুলি ক’ব পাৰিসাহিত্য অকাডেমীয়ে মাজে সময়ে অনুষ্ঠিত কৰাৰদৰে  ভাৰতৰ অন্য ৰাজ্যৰ বা বিদেশৰ সাহিত্যিকৰ সতে স্থানীয় সাহিত্যপ্ৰেমী তথা অনুৰাগীৰ মত-বিনিময়ৰ ব্য‌ৱস্থা এটা ছমাহে-বছৰেকে অনুষ্ঠিত কৰিব পাৰিলে আমাৰ সাহিত্য সভাইও বহু  শুভাকাংক্ষীৰ হৃদয় জয় কৰিবলৈ সমৰ্থবান হ’ব   সেইদৰে সাহিত্যৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰতো অসমীয়াৰ প্ৰতি খোজৰ সতে সভাই নিজকে সংযোজিত আৰু প্ৰসাৰিত কৰিব পাৰিলে অতি শীঘ্ৰেই ই অসমীয়াৰ হেৰু‌ৱা আস্থা ঘুৰাই আনিব পাৰিব বুলি আমি অন্ত:কৰণেৰে বিশ্বাস কৰোঁ।
------------------------------------০০০--------------------------------------

Tuesday, July 8, 2014

অসম সাহিত্য সভাৰ বাস্ত‌ৱ সমস্যা আৰু সমাধান বিষয়ক এটি কথোপকথোন


চাকৰিসূত্ৰে মই যো‌ৱা চাৰি-পাঁচ বছৰে ঘৰৰপৰা দূৰত আছো । গতিকে যেতিয়াই ঘৰলৈ যো‌ৱা হয় তেতিয়াই আমাৰ চুবুৰী,গাওঁ তথা এলেকাটোৰ ভাল-বেয়া সকলোধৰণৰ পৰি‌ৱৰ্তন সততেই চকুত পৰে । মই স্কুল-কলেজত পঢ়ি থকালৈকে দুই চাৰিটা অনুষ্ঠান সাহিত্য সভাৰ স্থানীয় শাখাটো‌ৱে অনুষ্ঠিত কৰা মনত আছে আৰু তাত পাৰ্যমানে আমিবোৰে সক্ৰিয় ভা‌ৱে অংশগ্ৰহণো কৰিছিলো । কিন্তু সময় বাগৰাৰ লগে লগে যেন সাহিত্য সভা লাহে লাহে নিস্ক্ৰিয় আৰু নিস্প্ৰভ হৈ পৰিছে,এনে অনুভ‌ৱ হয় ।কাৰণ, আগৰ দৰে আজিকালি উঠি অহা চামটোক সাহিত্য সভাই সাহিত্যমুখী কৰি তুলিব পৰাকৈ কিবা এটা কৰা আমি দেখিবলৈ পো‌ৱা নাই ।

এইবেলি ঘৰলৈ যাওঁতে তথাকথিত কবি তথা লেখক এজনক লগ পাই খা-খবৰ লওঁতে জনালে যে তেওঁ আজিকালি অলপ ওপৰ-খাপৰ কাম-কাজত হে ব্যস্ত । মই সুধিলোঁ,-“কেনেকু‌ৱা কাম?”
-“নাই মানে অলপ বঁটা-চটাৰ কাৰণে লাগি আছো ।”
-“হয় নেকি ?”
-“অ’,বায়’ডাটা বনাই আছো । কাইলৈ ডিব্ৰুগড়ত মোক বিশিষ্ট অতিথি হিচাপে মাতিছে । সেইবোৰো সোমাই যাব তাত। ”
-“কিহৰ সভা পিছে ?”
-“নাজানো । কিবা এখন পাতিছে আৰু মোক মুঠতে মাতিছে ।”

খা বাপ্পেকে ! দুখন-মান কবিতা পুথি নিজাববীয়া প্ৰচেষ্টাৰে প্ৰকাশ কৰি এওঁ এইবাৰ ডাঙৰ কামত লাগিলগৈ !
এইবোৰ ভা‌ৱি-চিন্তি চাৰিআলিৰপৰা ঘৰলৈ আহিয়েই চ’ৰাকোঠাত দুজনমান ভদ্ৰলোকে দেউতাৰ স’তে সাহিত্য সভা বিষয়ক আলোচনা কৰি থকা কাণত পৰিল । গম পালো,তেওঁলোক স্থানীয় শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু দ্বিবাৰ্ষিক অধি‌ৱেশন পাতিবৰ বাবে কিছু সাহাৰ্য বিচাৰি আহিছে । স্বাভা‌ৱিকভা‌ৱেই আকৰ্ষিত হৈ ওলাই আহিলো দুআষাৰ কথা পাতো বুলি ।কিন্তু বিষয়ববীয়া দুজনৰ চেহেৰা চকুত পৰাৰ লগে লগে মোৰ মুখেৰে অজানিতেই বিদ্ৰুপসূচক বেঁকা হাঁহি এটা ওলাই আহিল । পৰিস্থিতিটোত বৰ কঠিনভা‌ৱেহে নিজকে সংযত কৰিব পাৰিলো । কাৰণ জন্মৰেপৰা দেখি আহিছো, তেওঁলোক কোনোকালে কোনোদিনে সাহিত্য চৰ্চা নকৰা মানুহ । আৰু আজি সাহিত্য সভাৰ তেওঁলোকেই গুৰি-ধৰোঁতা। অলপ মৰ্মাহতও হ’লো । ক্ষোভতেই নে কি নাজানো,মোৰ মুখেৰে প্ৰথম প্ৰশ্নটি ওলাই আহিল এনেদৰে -

-“বাৰু কওঁকচোন, দুবছৰীয়া শাসনকালত আপোনালোকে সাহিত্য সভাৰ কাম কি কি কৰিলে ” ?
প্ৰশ্নটো অলপ আক্ৰমণাত্মক হ’ল বুলি নিজেই বুজিব পাৰি পুণৰ সংযোজন কৰিলোঁ-
-“মানে মই ঠিক জ‌ৱাব-দিহি বিচৰা নাই,এনেয়ে জানিবহে খুজিছোঁ ।”
তেওঁলোক বয়সীয়াল মানুহ ।এজন অৱসৰপ্ৰাপ্ত ডাক-বিভাগৰ কৰ্মচাৰী,আনজন কৰ্মৰত শিক্ষক । অভিজ্ঞতাৰে পুষ্ট লোক দুজনে চেঙেলীয়া ডেকা এজনৰ এনে এটা প্ৰশ্নবাণত অকণো বিচলিত নহৈ শান্তভা‌ৱে ক’লে-
-“চা পাপু, আমি কিন্তু মোটামুটি ভালেমান খিনি কাম কৰিছোঁ । মাহেকে-পষেকেই স্ব-ৰচিত কবিতা-পাঠ,গল্প-পাঠৰ অনুষ্ঠান হৈয়েই আছে ।তেনে অনুষ্ঠান কবিসকলৰ ঘৰে ঘৰে কিমান যে পতা হ’ল তাৰ হিচাপেই নাই । নাই নাই বুলিও আমি গোটেইকেইটা দি‌ৱস অন্ত:ত পাতিছোঁ ।এই ধৰ্ শিশু-দি‌ৱস,শিল্পী-দি‌ৱস,ৰাভা-দি‌ৱস ,চুকাফা-দি‌ৱস ...এইবিলাক। আৰু হেৰি নহয়, আমি এই মামনি বাইদেউৰ তিথি আৰু ভূপেন হাজৰিকাৰ আটাইকেউটা তিথি কিন্তু বৰ জাকজমকতাৰে পাতিলো দেই!”
দুয়োজনৰে মুখত সন্তুষ্টিৰ হাঁহি ।
-“জাকজমকতাৰে মানে ?”
-“মানে সঁচাকেই বহুত বঢ়িয়া প্ৰগ্ৰেম হৈছিল আকৌ ! আবেলি ৫ বজাত শেষ হ'বলগীয় অনুষ্ঠান ৰাতি ১০ বজাতহে ভাগিলগৈ!”
-“কিয়?”
-“কি ক'বি আৰু ? ভূপেন হাজৰিকাৰ গান ৰাইজে গায়েই আছে, গায়েই আছে । আন কি তঁহতৰ বাপেৰেও গালে । ইচ,চাৰিআলিত গোট খো‌ৱা সবেই গালে আৰু কৈছো নহয়,হিচাপেই নাই !”
-“হয় নেকি?”
-“অ’ ।”
-“সেয়াই আপোনালোকৰ জাকত-জিলিকা সো‌ৱঁৰণী-সভা? দুঘন্টীয়া অনুষ্ঠান এটা ছঘন্টীয়া হ’লেই আৰু তাত মাইক লগাই টেঁটু ফালিলেই মই ভা‌ৱোঁ সি ‘হিট’ হৈ নাযায় । আপুনি ক’ব পাৰিবনে আপোনালোকৰ মাল্যাৰ্পণ আৰু বেসুৰা বাদ্যযন্ত্ৰবিহীন ভূপেন্দ্ৰ সংগীত পৰি‌ৱেশনে কেইজন শিশুক হাজৰিকাদে‌ৱৰ বিশাল সাহিত্যিক তথা সাংগীতিক অৱদানৰ প্ৰতি সন্মান জনাবলৈ শিকালে ? আৰু এজন ভূপেন হাজৰিকা জন্ম হ’বলৈ কিমানজনে অনুপ্ৰেৰণা পালে? আপোনালোকে আয়োজন কৰিব পাৰিব লাগিছিল ভূপেন হাজৰিকাদে‌ৱৰ কৰ্মৰাজী তথা গীতৰ ওপৰত এখন আলোচনা-চক্ৰ আৰু পাৰিলে দুজনমান বিশিষ্ট পাৰ্গত শিল্পীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ তথা কৰ্মশালা । তেহে আমাৰ লৰা-ছো‌ৱালীমখাই সেই বিশাল সত্ত্বাক অনুধা‌ৱন কৰিবলৈ সুবিধাকণ পালেহেঁতেন ! মই এটা গান গাই দিম আৰু তেওঁক চিনি পাওঁ বুলি ক’ম—এইটো কিবা কথা হ’ল নেকি ? ক'ৰবাৰ বিহাৰী এটাইও দেখোন বিহুগীত এফাঁকি পতক কৈ গাই দিব পাৰে আজিকালি ! বাৰু যিয়েই নহওঁক, সিদিনাৰ অনুষ্ঠানত অন্ত:ত মানুহে হিন্দী গীত বা জুবিনৰ গীতক বাদ দি এজন আওকলীয়া মানুহৰ জী‌ৱনমুখী গীতক এবাৰৰ বাবে হ’লেও আওঁৰালে :- ইও কম কথা নহয় বাৰু!"
"আৰু এটা কথা, এই যে পাঁচ-দহজন গোট খাই কোনোবা এজনৰ ঘৰৰ কোঠাত ‘কবিতাৰ আবেলি’ নাম দি স্ব-ৰচিত কবিতা -পাঠৰ কথা ক’লে ,এইবোৰৰপৰাও জানো কিবা লাভ হয় ? প্ৰকৃত সাহিত্য-চৰ্চা হয় নে ? চাহ-মিঠাই আৰু আড্ডাৰ জুতি লো‌ৱাযেন হে লাগে চোন মোৰ !লগতে কিছুমান হাত-চাপৰি ,মিছামিছি বাহ্ বাহ্ ! কবিতা মাতি থকাজনেও নাজানে সেইটো কবিতা হৈছে নে নাই ! আৰু শুনাজনেও !
কবিতা লিখা বা চৰ্চা হো‌ৱাটো মই বেয়া কথা বুলি কো‌ৱা নাই ! কিন্তু মই ভা‌ৱোঁ, আজিকালি পাবতে গজি উঠা কবিহে বহুত হৈছে । আমাৰ গা‌ৱঁতেই দেখোন বিশ-ত্ৰিশটামান ডেকাই সাংঘাটিক আৰু সাংকেতিক প্ৰেমৰ কবিতা লিখিছিল বা লিখি আছে । এইবোৰৰ কোনো এজনকে দেখোন পিছৰ সময়ত হীৰেণ ভট্ট,অৱইনী চক্ৰ‌ৱৰ্তী,সমীৰ তাঁতীহঁতৰ শাৰীলৈ উন্নীত হো‌ৱা নেদেখিলো । ইয়াৰ কাৰণবোৰ ফঁহিয়াই উলিয়াব লাগে ।আমাৰ ল’ৰা-ছো‌ৱালীমখাক সঁচাসঁচি কবিতাৰ জুতি দিব লাগে,সেইবোৰৰ গভীৰতাত থকা কবিৰ অনুভূতিক স্পৰ্শ কৰিবলৈ শিকাব লাগে আৰু সঁচা কথা ক’বলৈ গ’লে কবিতাৰ ব্যাকৰণৰো পাঠ দিব লাগে ।এই সাৰ-পানীবোৰ নাপালে সিহঁতে ক’ৰপৰা বাৰু আগু‌ৱাব পাৰিব? ”
-“বুজিলো । তই এতিয়া যিবোৰ কথা  কৈছ ; বৰ ধুনীয়া কথা কৈছ । কিন্তু এটা কথা কচোন যো‌ৱা কেইবছৰে সভাৰ কাম তই কিবা কৰিছ নে ? কাইলৈ তই কো‌ৱামতেই অনুষ্ঠান পাতিম , তই লাগি দিব পাৰিবি নে ? ক ।”
মই নিমাত । তেওঁ আকৌ ক’লে-
-“যিকেইটা ল’ৰাই আগতে লিখা –মেলা বোৰ কৰিছিল,ইটো সিটো কৰিছিল এতিয়া সবেই নিজৰ নিজৰ ধান্দাত ! হয় সাহিত্য-চৰ্চা বাদ দি পেট-মোকোলো‌ৱাত লাগিছে ,নহ’লে চাকৰি কৰি দূৰত আছাগৈ । এখন সাহিত্য সভাৰ মিটিং পাতিলে কিমানটা মানুহ আহিব তাৰ ঠিকনা নাই !
আচলতে উদ্যোক্তাও নাই , অংশগ্ৰহণকাৰীও নাই ! আমাৰ কি গৰজ পৰিছে অ’ এইবোৰত লাগি ফুৰিবলৈ ? আমাৰো নিজৰ নিজৰ পৰিয়াল আছে,অন্য কামো বহুত আছে ।কিন্তু এই অনুষ্ঠানটোৰ চাওঁতা কোনো নাই বুলিহে লাগি আছো । ক’ব পাৰ যে আমি নিজেই পদবী লৈছো বুলি,কিন্তু সেয়া অনুষ্ঠানটো জীয়াই ৰখাৰ স্বাৰ্থতহে লৈছো ! ৰাইজৰ কামেই কৰা মানুহ নাই,সাহিত্য সভা কোনে কৰেহে ? নে কি কয় ?” –ইজনলৈ চাই ক’লে । এইবাৰ আনজনে আৰম্ভ কৰিলে ।
-“হেৰি অ’ ,আচলতে মানুহবোৰৰ ইন্টাৰেষ্ট নোহো‌ৱা হৈছে ।সমাজৰ বৰমূৰীয়া সকলো‌ৱেই সাহিত্য কে‌ৱল ফেছনৰ বাবেহে কৰে ।বিশিষ্ট অতিথিৰূপত মাতিলে ভাল পায়,দেহে –কেহে খাটি নিজে পাতিবলৈ টান পায় । আজিকালিৰ মানুহবোৰে কিতাপ ঘৰত সজাবলৈহে কিনে । কলম চুবলৈ মানুহৰ আহৰিয়েই নাই । টিভি,কম্পুটাৰ,মোবাইল ফো ন থাকিলে তোক আকৌ কিতাপখন কিয় লাগে ?”
-“ঐ চা , জান নাই ? সাহিত্য সভাৰ মূল অধিবেশনলৈ প্ৰতিনিধি হিচাপে পঠিয়াবলৈ হ’লে শাখাত ন্যূনতম ৭৫ জন সদস্য থকা হ’ব লাগে । এতিয়া ইমান ডাঙৰ গাওঁখনত ৭৫ টা মানুহেই নাই নহয়! যো‌ৱাবাৰ কেলেই মই ১২ জনৰ নাম এনেয়ে সুমো‌ৱাই ভৰ্তি মাচুল ভৰি দি অহা নাই জানো ? এতিয়া সৌ‌ৱা সোনটি ,মৃদুল,অপূৰ্ব হঁতে ইনকামতো কৰিয়েই আছে ,কিন্তু বছেৰেকীয়া ভৰ্তি মাচুল ১৫ টকাকেই দিব পৰা নাই !”
-“আৰু এই অনুষ্ঠানবিলাক ফুটা-কড়ি এটাও নোহো‌ৱাকে তই পাতিব পাৰিবি জানো ক?”
মই ক’লো-
-“কেলেই আপোনালোকৰ ওপৰৰপৰা একো নাহে নেকি?”
-“ওহো! টকা এটিও নাপাওঁ । তেনেস্থলত তই কিহৰ মেল-মিটিং পাতিবি আৰু ? এতিয়া সৌ‌ৱা চকী নিবলৈ থেলা‌ৱালাটোক পইচা নিদিও নহয়,হোটেলত চাহ-মিঠাই খু‌ৱাই দিম আৰু হ’ব ।হে:হে:! মাইকতো লো‌ৱাই নাই!”
মই অলপ সময় তভক মাৰি ভা‌ৱিলো আৰু ক’লো –
-“এই টকা-পইচাৰ সমস্যাটো বাৰু এটা সঁচাকৈয়ে গুৰুতৰ সমস্যা ।তাৰ এটা সমাধান মই বিচাৰি পাইছো । ”
-“কি?”
-“আপোনালোকে দান-বৰঙণি বিচাৰিব লাগিব ।”
মই যেন আগেয়েই গম পো‌ৱা কৌতুক এটাহে ক’লো । মানুহদুজনে গিৰ্জনী মাৰি হাঁহি উঠিল । মই আকৌ ক’লো –
-“আপোনালোকে এইটো কামকে অতদিনে কৰি আছে ,মই জানো ।তথাপিও টকা গোট নাখায় ,নহয় জানো ?”
-“চান্দা বিচাৰিবলৈ লাজ লগা হৈছেগৈ । মানুহবোৰেও আৰু কিমান চান্দা দিব অ’? আজি বোলে বিহু ফাংছন,কাইলৈ বোলে থিয়েটাৰ,পৰহিলে কিবা ক্ৰিকেট খেল ! হা:হা:!”
-“ৰ’ব,ৰ’ব । চাওঁক, মই কো‌ৱা বুদ্ধিটোত আপোনালোকৰ সকলো খৰছ-পাতি ওলাই যাব ।বহুত মানুহৰে সাহিত্য-চৰ্চা বা অইন ভাল কামৰ প্ৰতি এতিয়াও আগ্ৰহ আৰু ইচ্ছা আছে ।মাথোঁ তেওঁলোকক আমি পতিয়ন নিয়াব পাৰিব যে তেওঁলোকে দিয়া দান-বৰঙণিখিনি কাৰোবাৰ পকেতস্থ হো‌ৱা নাই,বৰঞ্চ তাক ভাল কামতহে লগো‌ৱা হৈছে ।সেইটো কৰিবলৈ হ’লে আপোনালোকে অন্ত:ত তিনিটা অনুষ্ঠান খুব সুন্দৰভা‌ৱে পাতক । ল’ৰা-ছো‌ৱালীৰে সভাঘৰ ভৰ্তি হো‌ৱাকে পাতক । চিত্ৰাংকণ,কবিতা,গল্প প্ৰতিযোগিতা যিয়েই নাপাতক,অংশগ্ৰহনকাৰী ভালে সংখ্যক হ’ব লাগিব । স্কুলে স্কুলে যাওঁক । মইনা-মেল,মইনা-পাৰিজাতত জনাওঁক ।ইংৰাজী মাধ্যমৰ ল’ৰা-ছো‌ৱালীখিনিকো আনক ।কলেজবোৰলৈও যাওঁক ।অলপ প্ৰাইজ-মানিও দিব পাৰে । নতুবা ভাল কিতাপৰ টোপোলাৰে সন্মানিত কৰাওঁক ।মানুহক আকৰ্ষিত কৰাওঁক ।বাতৰি-কাকততো বিজ্ঞাপন দিয়ক ।বিশিষ্ট বিচাৰকক মাতক । সাংস্কৃতিক কৰ্মশালাও পাতিব পাৰে ,যেনে বিহুগীত-নৃত্যৰ কৰ্মশালা,ঢোল-খোল-তালৰ কৰ্মশালা বা কোনোবা এজন জনপ্ৰিয় লেখক-লেখিকাৰে অন্তৰংগ আলাপৰো ব্য‌ৱস্থা কৰিব পাৰে । মুঠৰ ওপৰত তিনিটা এনে অনুষ্ঠান পাতক,যাক সকলো‌ৱে শলাগে আৰু বহুখিনি লোক উপকৃতও হয় । এই তিনিটা অনুষ্ঠানৰ ফটো তথা ভিডিঅ’ ৰেকৰ্ডিংও কৰাই থওক । সুকলমে পাৰ হো‌ৱাৰ পিছত দেখিব ,অন্ত:ত সাহিত্য সভাৰ বিষয়ে মানুহে জনা হৈছে আৰু শলাগিছেও । ইয়াৰ পিছত আপোনালোকে এখন লিষ্ট বনাই লওঁক । এই অঞ্চলত থকা ক) ধনী মানুহখিনিৰ তালিকা (সাহিত্যানুৰাগী নহ’বও পাৰে ) খ)ওচৰতে থকা ডাঙৰ প্ৰতিষ্ঠানবোৰৰ তালিকা (চৰকাৰী বা বেচৰকাৰী) গ) চৰকাৰী চাকৰিয়াল সকল ঘ) স্কুলকেইখনৰ মাষ্টৰসকল ঙ)প্ৰকৃত সাহিত্যানুৰাগী সকল চ) ৰাজনীতিক সকল । এতিয়া এইসকল মানুহৰ ওচৰলৈ ফটো এলবাম তথা বাতৰি-কাকতত থকা আপোনালোকৰ সুকীৰ্তিৰ প্ৰমাণখিনি লৈ যাওঁক । তেওঁলোকে কি নিদিব টকা ? নিশ্চয় দিব । আৰু আপোনালোকে মানুহখিনিৰ সেই আস্থাটো কিন্তু জীয়াই ৰাখিব লাগিব ।”
চাহ-তামোল খাই তেওঁলোকে বিদায় ল’লে । মই বহি থাকিলো ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...