লেখা অনুসন্ধান কৰক

Showing posts with label Bus. Show all posts
Showing posts with label Bus. Show all posts

Friday, February 20, 2015

মৃত্যুদূতৰূপী ‌ৱিংগাৰক ৰোধিব কোনে ?

মৃত্যুদূতৰূপী ‌ৱিংগাৰক ৰোধিব কোনে ?
          
  যো‌ৱা ৮ ফেব্ৰু‌ৱাৰী তাৰিখে বোকাখাতত হো‌ৱা পথ-দুৰ্ঘটনাত ১৩ জনকৈ ধৰ্মপ্ৰাণ লোকে ঠিতাতে মৃত্যুক সা‌ৱতি ল’ব লগা হো‌ৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে । শংকৰ শংঘৰ অধি‌ৱেশনৰপৰা উভতি অহাৰ পথত দেৰগাঁৱৰ এই লোককেইজনক লৈ আহি থকা ‌ৱিংগাৰ গাড়ীখনে ৰৈ থকা এখন ট্ৰাকৰ পাছফালে তীব্ৰবেগে খুণ্ডা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । নিশ্চয় ক’ব পাৰি যে ভগ‌ৱানৰ ভক্ত হৈয়ো তেৰাস‌ৱে অপ্ৰাকৃতিক মৃত্যুক সা‌ৱতি ল’বলগীয়া হ’ল কে‌ৱল এজন মানুহৰ ভুলৰ বাবেই । এনে শোকা‌ৱহ দুৰ্ঘটনা এয়ে প্ৰথম নহয় । কিছু দিনৰে পৰা লক্ষ্য কৰা গৈছে যে চাৰি-লেনযুক্ত ৰাজপথ হো‌ৱাৰ পাছৰে পৰা এনে ‌ৱিংগাৰ গাড়ীসমূহে সঘনাই দুৰ্ঘটনা সংঘটিত কৰি আহিছে । আৰু আটাইতকৈ দুখৰ কথা এয়ে যে ‌টাটা কোম্পানীৰ এই ‌ৱিংগাৰ মডেলৰ গাড়ীখনত যাত্ৰীৰ বাবে বিশেষ সুৰক্ষা ব্য‌ৱস্থা নাথাকে আৰু সেয়ে এনে গাড়ীয়ে সংঘটিত কৰা দুৰ্ঘটনাত যাত্ৰীৰ আঘাটৰ পৰিমাণ অতি বেছি হয়, যাৰ পৰিণামতেই বহু দুৰ্ভগীয়া মানুহে ইতিমধ্যেই প্ৰাণ হেৰু‌ৱাবলগীয়াত পৰিছে । যান-বাহন আৰক্ষীৰ সমীক্ষামতেও যাত্ৰীবাহী বাহনসমূহৰ ভিতৰত এনে ‘ৱিংগাৰ’ গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰাৰ হাৰ আটাইতকৈ বেছি । যদিও সুৰাপান কৰি গাড়ী চলো‌ৱা, মোবাইল ফোন লৈ গাড়ী চলো‌ৱা ইত্যাদিবোৰ দুৰ্ঘটনাৰ একো একোটা কাৰণ, তথাপি পথ-দুৰ্ঘটনাৰ মূল গুৰুতৰ কাৰণটো হৈছে তীব্ৰ বেগত গাড়ী চলো‌ৱাহে । এই ‌ৱিংগাৰ গাড়ীসমূহৰ বিশেষত্ব হৈছে এয়ে যে ইহঁতৰ ‘পিক-আপ’ অতি বেছি । অৰ্থাৎ শূন্যৰপৰা ৬০ কি.মি. প্ৰতিঘন্টা বেগ ল’বলৈ এনে গাড়ী এখনক সময় লাগে মাত্ৰ ২-৩ ছেকেণ্ড । গতিকেই ৰাষ্টা ভাল হো‌ৱাৰ অজুহাতত আজিকালি বহু গাড়ী-চালকেই কম সময়তে বেছি দূৰত্ব অতিক্ৰম কৰিবৰ বাবে গাড়ীৰ গতিবেগ তীব্ৰ কৰি তোলে । দেখা যায় যে চাৰিলেনযুক্ত ৰাজপথত এখন ‌ৱিংগাৰ চালকে গঢ়ে ৮৫-৯৫ কি.মি. প্ৰতি ঘন্টা বা ততোধিক বেগত গাড়ী চলায় । এনে বেগত যো‌ৱা এখন গাড়ীয়ে  কোনো কাৰণবশ:ত আকস্মিকভা‌ৱে ৰখাবলৈ হ’লে সেয়া চালকৰ নিয়ন্ত্ৰণৰ বাহিৰত হ’ব । যাৰ ফলত গাড়ীখনে অন্য কোনো গাড়ী , মানুহ বা দাঁতিত খুণ্ডা মাৰিবলৈ বাধ্য হয় ।

           সৰ্বসাধাৰণ ৰাইজলৈ আমাৰ অনুৰোধ, একমাত্ৰ কম সময়তে পাবৰ বাবেই এনে বিপদযুক্ত ‘ৱিংগাৰ’ গাড়ীসমূহত উঠা পৰিহাৰ কৰক । ইয়াৰ সলনি নিৰ্ধাৰিত সময়তকৈ বহু আগতেই সাজু হৈ নিৰাপদ বাহনত ভ্ৰমণ কৰাটোহে শ্ৰেয় । চালকসকলেও গাড়ীৰ তীব্ৰবেগ পৰিহাৰ কৰিলে নিজৰ লগতে আনৰো অমূল্য জী‌ৱন বচাব পাৰিব ।যান-বাহন আৰক্ষী বিভাগেও গাড়ীৰ মডেল আৰু ৰাষ্টাৰ গুণাগুণ ভেদে উচ্চতম বেগৰ সীমা নিৰ্ধাৰণ কৰি ৰাজপথৰ বিভিন্ন ঠাইত চিচিটিভিযোগে গতিবেগ নিৰীক্ষণ কৰাটো এটা উচিত পদক্ষেপ হ’ব বুলি আমি গণ্য কৰিছোঁ ।          
               
---অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত , গোলাঘাট -৭৮৫৬১২
                   দূৰভাষ-৯৪৩৫১৫২৭৬৮

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...