লেখা অনুসন্ধান কৰক

Showing posts with label সমাজ. Show all posts
Showing posts with label সমাজ. Show all posts

Wednesday, September 16, 2015

উপাধিবিহীন নাম

কালি এজন আচৰিত ধৰণৰ মানুহ লগ পালো । তেওঁ জাগীৰোডৰ কাগজ কলত কাম কৰে । মই আগতে লগ নোপোৱা এই মানুহজন আমাৰ অফিচলৈ আহিছিল ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা বিচাৰি । তেওঁৰ হাতত ইতিমধ্যেই ১৯৫১চনৰ এন. আৰ. চি.ৰ নথি আৰু লিগেছি কোড আছিলেই । গতিকে মই সুধিলো ভোটাৰ তালিকা কিয় লাগে বুলি । তেওঁ ক’লে যে পাছপোৰ্টৰ বাবে লাগে , তাত হেনো ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি হ’লেহে হ’ব । পাছপোৰ্ট কাৰ বাবে লাগে বুলি সোধাত ক’লে যে তেওঁৰ জীয়েকৰ বাবে লাগে । স্বাভা‌ৱিকতেই সুধি পেলালো তেওঁৰ ছো‌ৱালীয়ে কি কৰি আছে বা ক’ত আছে । দুগৰাকী ছো‌ৱালীৰ এজনীয়ে এন. আই. টি.ত এম. টেক. কৰি আছে আৰু এজনীয়ে মেডিকেল পঢ়ি আছে । এম. টেক. কৰি থকা গৰাকীয়ে ক’ৰপৰা পঢ়া-শুনা কৰিছিল বুলি সোধাত ক’লে যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বি. ই. পঢ়িছিল । যিহেতু মইও তাতেই পঢ়িছিলো,গতিকে নামটো জানিবলৈ বিচাৰিলো । নামটো ‘কাকলি’। চিনি পাব পাৰো নেকি ভা‌ৱি সুধিলো, ‘কাকলি’ কি লিখে ? তেওঁ ক’লে যে কাকলি কাকলিয়েই । উপাধি নাই । জী‌ৱনত প্ৰথমবাৰ এই উপাধিবিহীন নাম শুনিলো । তেতিয়া মই সুধিলো, কিয় আপুনি তেনে নাম ৰাখিছে ? তেওঁ ক’লে-
“মই আচলতে উপাধি দাস লিখো। মোৰ ঘৰ বৰপেটাত । সৰুৰে পৰাই মা-দেউতাহঁতক সুধিছিলো,আমি এই ‘দাস’টো কিয় লিখো? মাঁহতে কৈছিল যে আমি সকলো‌ৱেই হেনো ঈশ্বৰৰ দাস। মই প্ৰশ্ন কৰিছিলো, তেন্তে সকলো‌ৱে কিয় উপাধিটো দাস বুলি নিলিখে? তাৰ উত্তৰ মাঁহঁতে সঠিকভা‌ৱে দিবপৰা নাছিল । কিন্তু ডাঙৰ হৈ যেতিয়া বুজিলো, তেতিয়া ভা‌ৱি পালো যে এই দাস উপাধিটো‌ৱে মোক লটি-ঘটি কৰিছে বা কৰিব পাৰে । বাস্ত‌ৱিকতে মই কাৰো দাস নহয় যেতিয়া Why should I be a দাস ? আমাৰ সমাজত এই উপাধিটো লৈয়ে মানুহে মানুহক শ্ৰেণীবিভাজিত কৰে , যিবোৰৰ কোনো প্ৰয়োজন নাই । অথচ সেইবোৰে সমাজত বহুতো সামাজিক-মানসিক বিভ্ৰান্তি আৰু অসুবিধাৰহে সৃষ্টি কৰিছে । গতিকে মই সিদ্ধান্ত ল’লো যে মোৰ ন-প্ৰজন্মক এই সাতামপুৰুষীয়া বদনামৰ ভাগী হ’বলৈ কাহানিও নিদিওঁ। ”
ইয়াৰ পাছত তেওঁক মই দুটা প্ৰশ্ন আকৌ কৰিলোঁ । এটা হ’ল,-“নাথ,কলিতা,শইকীয়া বা আন কিবা উপাধি হো‌ৱাহেঁতেন আপুনি তেতিয়াও এনে কৰিলেহেঁতেন নে?” তেওঁ ক’লে –“ তেতিয়া চাগে নকৰিলোহেঁতেন”। আৰু দ্বিতীয়টো প্ৰশ্ন আছিল- “উপাধিবিহীন হৈ কিবা অসুবিধা পাইছে নেকি ছোৱালীকেইজনীয়ে?” । তেওঁ জনালে যে অসমত অলপ অচৰপ হৈছে, যেনে শুদ্ধভা‌ৱে লিখি দিয়াৰ পাছতো মানুহবোৰে উপাধিটো থাকি গ’ল বুলি ভা‌ৱি নিজে নিজেই লগাই দিয়ে, কিন্তু অসমৰ বাহিৰত ক’তো তেনেকু‌ৱা হো‌ৱা নাই ।
তেখেকত মোৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলো । কিন্তু মানুহজনৰ কৰ্ম-কাণ্ডই মোক অলপ ভা‌ৱিবলৈ বাধ্য কৰালে ।(সম্পূৰ্ণ সঁচা ঘটনা)

Friday, July 24, 2015

মুৰ্খৰ বাকচটো‌ৱে আমাক বিপথে পৰিচালিত কৰিছে নেকি ?





সভ্যতাৰ ইতিহাসত মানুহৰ জী‌ৱন-ধাৰণৰ মান অভূতপূৰ্বভা‌ৱে উন্নত কৰাৰ ক্ষেত্ৰত যিকেইটা পাৰ্থি‌ৱ সামগ্ৰী বা অপাৰ্থি‌ৱ সূত্ৰৰ আৱিষ্কাৰ অথ‌ৱা উদ্ভা‌ৱণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ ভিতৰত অন্যতম হিচাপে আজিও স্বীকৃত হৈ থকা অ‌ৱদানটিয়েই হ’ল সতাঁৰ আৰু বেতাঁৰ সংযোগ ব্য‌ৱস্থা । অন্য বহু গ‌ৱেষকৰ কাম-কাজ আৰু অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে ১৮৩৬ চনত চেমু‌ৱেল মৰ্ছ নামৰ আমেৰিকান চিত্ৰশিল্পী তথা গ‌ৱেষকজনে সংযোজন ঘটাইছিল ইলেক্ট্ৰনিক টেলিগ্ৰাফ ব্য‌ৱস্থাৰ । সেইসময়লৈকে সফলতা লাভ কৰা কে‌ৱল যন্ত্ৰব ‘বিপ’ শব্দৰ সঞ্চালনৰ বাহিৰে মানুহৰ নিজা ভা‌ৱ-ভাষাক এটি বিশেষ সংকেতেৰ(মৰ্ছ কোড) দুই-চাৰি কি.মি. অঞ্চললৈকে বিস্তাৰিত কৰিব পৰাকৈ মৰ্ছে কপাৰৰ তাঁৰ ব্য‌ৱহাৰ কৰি সাজি উলিয়াইছিল নিজা এক সঞ্চাৰ-ব্য‌ৱস্থালাহে লাহে এই সংযোগ ব্য‌ৱস্থাত প্ৰথমে টেলিগ্ৰাফ, ৰেডিঅ’ চিগনেল, আৰু ‌ৱাৰলেছ ফোনকে অন্তৰ্গত কৰা হৈছিল যদিও শেহতীয়াকৈ তালিকাখনত সোমাবলৈ পালে দূৰদৰ্শন যন্ত্ৰ বা টেলিভিছনে যদিও জন লগি বেয়াৰ্ড নামৰ স্কটিছ বৈজ্ঞানিকজনে ‘টেলিভিজৰ’ নাম দি প্ৰথম যন্ত্ৰবৎ দূৰদৰ্শন ব্য‌ৱস্থা এটাৰ প্ৰদৰ্শনী কৰিছিল তথাপি কিন্তু বহুতো বিজ্ঞানীৰ সমূহীয়া পৰীক্ষা-নিৰীক্ষা তথা প্ৰযুক্তিগত উন্নয়নৰ কেইবাটাও ঢাপ পাৰ হৈ আহিহে আজি আমি পাবলৈ সক্ষম হৈছো দূৰদৰ্শনৰ ন‌ৱতম অ‌ৱতাৰস্বৰূপ এই এল.চি.ডি. টি.ভি., এল.ই.ডি. টি.ভি., বক্ৰ টি.ভি., ত্ৰিমাত্ৰিক টি.ভি. ইত্যাদিবোৰ । ইয়াৰ লগতে আকৌ সমান্তৰালভা‌ৱে উপলব্ধ হৈছে কেবোল,ডাইৰেক্ট-টু-হোম,হাই-ডেফিনেশ্বন,শ্বো ৰেকৰ্ডিং ইত্যাদি নিত্য-নতুন সা-সুবিধাসমূহ । সেয়েহে আজিৰ সময়ত এই টেলিভিছন নামৰ যন্ত্ৰটো বিশ্বজুৰি কিমান জনপ্ৰিয় হ’ব পাৰিছে তাক ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় নাই ।


        ভাৰতত ইং. ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে  প্ৰথম দূৰদৰ্শনৰ অনুষ্ঠান পৰীক্ষামূলকভা‌ৱে প্ৰচাৰ কৰা হৈছিল । তেতিয়া এই কাৰ্যক্ৰম অল-ইণ্ডিয়া-ৰেডিঅ’ৰ অধীনতে চলিছিল আৰম্ভণিতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৃষকসকলৰ উদ্দেশ্যি সপ্তাহত মাত্ৰ দুটা দিনত এঘন্টীয়া অনুষ্ঠানৰ প্ৰচাৰ কৰা হৈছিল ।  ইং. ১৯৭০ চনত ভাৰতৰ আন আন ঠাইতো দূৰদৰ্শন কেন্দ্ৰ পাতিবলৈ লো‌ৱা হ’ল আৰু ইং. ১৯৭৬ চনত ভাৰত চৰকাৰৰ বৰ্তমানৰ ‘দূৰদৰ্ছন’-এ অল-ইণ্ডিয়া-ৰেডিঅ’ৰপৰা ফালৰি কাটি স্বয়ংক্ৰিয় সংস্থা হিচাপে ভুমুকি মাৰিলে । ভাৰতৰদৰে এখন অনুন্নত দেশত দূৰদৰ্শনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে যি পৃষ্ঠপোষকতা আগবঢ়াই জনসাধাৰণৰ মাজলৈ এটি ন‌ৱতম সংযোগ ব্য‌ৱস্থা আগবঢ়াই দিলে, এই কথা নিশ্চয়কৈ স্বীকাৰ কৰিব লাগিব যে সেই আস্থা আৰু ভৰসাৰ প্ৰতি সম্পূৰ্ণ  সঁহাৰি জনাই দূৰদৰ্শনে আমাৰ দেশত সাংবাদিকতা, গণ-সংযোগ আৰু জ্ঞান প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব পাৰিছে ।

যি ঠাইলৈ আমি কাহানিও গৈয়েই পো‌ৱা নাই, যাৰ পৰি‌ৱেশ-পাৰিপাৰ্শ্বিকতাৰ বিষয়ে আমাৰ সম্যক ধাৰণাও নাই,  তেনে এখন ঠাইত সংঘটিত হো‌ৱা ঘটনা এটাও একে সময়তে আমাৰ ঘৰৰ ভিতৰতে চকুৰ আগত দাঙি ধৰিব পৰাটো নিসন্দেহে বিজ্ঞান-প্ৰযুক্তিৰ এটা বৃহৎ সাফল্য । আমাৰ ককা-আইতাহঁতৰ বাবে যি কথা সপোনৰো অগোচৰ আছিল, যি হয়তো তেওঁলোকৰ হিচাপত একপ্ৰকাৰৰ অলৌকিক আছিল, তেনে এটা অসম্ভ‌ৱকো আজি সম্ভ‌ৱ কৰিব পাৰিছে মানুহে । যো‌ৱা মাত্ৰ কেইটিমান দশক পূৰ্বে যি উদ্ভা‌ৱণৰ বিষয়ে কে‌ৱল পাঠ্যপুথিত পঢ়িবলৈ পো‌ৱা গৈছিল,সি আজি আমাৰ অসমৰে গা‌ৱেঁ-ভূঁঞে চুকে-কোণে পাব পৰাকৈ উপলব্ধ হ’ল । ক’বলৈ গ’লে এয়াই হৈছে প্ৰযুক্তিৰ জয়যাত্ৰা । আৰু জনা শুনাকৈয়ে হওঁক অথবা নজনাকৈয়ে হওঁক, সেই যাত্ৰাত আজি আমি সকলো মানুহেই অংশীদাৰ হৈ পৰিছোহঁকএই অংশগ্ৰহণৰ নামত আমি আমাৰ সুবিধা কৰিবলৈ বুলিয়ে আওপুৰণি ৰেডিঅ’ বা খবৰ-কাকতখন দলিয়াই থাওকতে দূৰদৰ্শনৰ পৰ্দাৰ দৃশ্যা‌ৱলীক আঁকো‌ৱালি লৈছো হয়; কিন্তু তাৰ মাজতে আমি অনাকাংক্ষিতভা‌ৱে কিছুমান মানুহৰ স্বাৰ্থজড়িত কু-অভিসন্ধি আৰু মুনাফা লুটা ব্য‌ৱসায়িক অভিপ্ৰায়ৰ বলি হৈ নিজৰ বিচাৰ-ক্ষমতা অথবা নিজা সৃষ্টিশীলতা বা স্বকীয়তাক হেৰু‌ৱাই পেলাইছো নেকি সেয়া ভা‌ৱি-গুণি চো‌ৱাৰ সময়ো বৰ্তমানে আহি পৰিছে ।

পূৰ্বতে আমাৰ গা‌ৱঁৰ ৰাস্তাৰে গ’লে পু‌ৱাৰ বেলিকা বৰগীত,লোকগীত বা আন ভক্তিমূলক গীত আৰু সন্ধ্যা বা আবেলি পৰত চিৰসেউজ অসমীয়া গীতৰ সুৰ হয়তো গায়ক-গায়িকাৰ স্ব-কণ্ঠতেই নতুবা ৰেডিঅ’ৰ যোগেদি শুনা গৈছিল কিন্তু সেই একেটা ৰাস্তাৰে গ’লে  আজিকালি কি শুনা যায় আপুনি লক্ষ্য কৰিছে নে ? হয়তো আপুনি শুনিবলৈ পাব- “হয়,আপুনি ঠিকেই শুনিছে, ৰজাগা‌ৱঁত এতিয়া এটা নহয়,দুটা নহয়,তিনিটাকৈ বাঘৰ সন্ত্ৰাস!” নতুবা “তেওঁলোকে আজিৰ অসম-বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এয়া জ্বলাবলৈ লৈছে ৰাজপথৰ সোমাজতে টায়াৰ আৰু মন্ত্ৰীৰ প্ৰতিমূৰ্তি । আপো‌নালোকে আৰু কি কি কাৰ্যসূচীৰে আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি ভা‌ৱিছে?” অথবা দহোজনমান মানুহৰ অনৰ্গল তৰ্কাতৰ্কি যি শুনি শুনি আপোনাৰ ভা‌ৱ হ’ব যেন ওচৰতে ক’ৰবাত কোনোবাই কাজিয়াহে লাগিছে । এনে নহয় যে এইধৰণৰ পৰি‌ৱেশ কে‌ৱল অশিক্ষিত গঁঞা মানুহৰ চুবুৰীতহে বিৰাজমান, ভা‌ৱ-ভাষা আৰু সাজসজ্জাৰে নিজকে তথাকথিত ‘আধুনিক’ বুলি চিনাকী দিয়া, চহৰত বাস কৰা অনেক মানুহৰ ঘৰতো আজিকালি এই দূৰদৰ্শনে লম্ফ-জম্ফ কৰি ওচৰ-চুবুৰীয়াৰ নিদ্ৰা হৰণ কৰা সততেই দেখা যায় । আৰু এখোজ আগু‌ৱাই গৈ এইটোও ক’ব পাৰি যে গা‌ৱঁতেই হওঁক অথবা চহৰতেই হওঁক, বৰ্তমানে মানুহে আভিজাত্যৰ গাঢ়তা বা ‘ষ্টেটাছ’ নিৰ্ণয় কৰিবৰ বাবেও এই দূৰদৰ্শন নামৰ সজুলীবিধৰ আকাৰ আৰু প্ৰকাৰক মানদণ্ড হিচাপে ব্য‌ৱহাৰ কৰিবলৈ লো‌ৱা হৈছে যেনে ধৰক- আপোনাৰ ঘৰত যদি ক’লা-বগা টিভি আছে, তেন্তে আপুনি এজন ‘আউট-দেটেড’ মানুহ । আকৌ আপোনাৰ ঘৰত যদি ৰঙীণ, অথচ বাকচটোৰ দৰে টিভিহে আছে, তেন্তে আপুনি হৈছে সমাজৰ মধ্য‌ৱন্ত শ্ৰেণীৰ মানুহ । ঠিক তেনেকৈ আপোনাৰ ঘৰত যদি বেৰত ওলমাব পৰা চেপেটা টিভি আছে, তেন্তে আপুনি হৈ পৰিব পাৰে ধনী মানুহ । আৰু যিসকলৰ ঘৰত বিয়াগোম আকাৰৰ এল.চি.ডি. টিভিয়ে হোম থিয়েটাৰৰ সৈতে চ’ৰাকোঠা শু‌ৱনি কৰিব পাৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত আঢ্য‌ৱন্ত পুৰুষ 

এই ফোঁপোলা মাপকাঠিৰ কথা সদ্যহতে বাদ দি আমি যদি দূৰদৰ্শনে প্ৰভা‌ৱ পেলো‌ৱা আমাৰ সমাজিক জী‌ৱনটোৰ কথালৈ আহোঁ, তেন্তে দেখা পাম যে, আমাৰ সমাজৰ যিসকল লোকে দৈনিক ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ কাম কৰিব লগা নহয়, সেইসকল লোকক কে‌ৱল ঘৰৰ মাজতে বন্দী হৈ থাকিবলৈ দূৰদৰ্শনে একপ্ৰকাৰে উচতনি জগাইছে। বিশেষকৈ বিবাহিত মহিলাসকলক এই শাৰীত ৰাখিব পাৰি । মহিলাসকলৰপৰা যি সৃষ্টিশীলতা আমি আশা কৰিব পাৰোঁ, তাত সমূলি চেঁচাপানী ঢালি টিভিটো‌ৱে তেওঁলোকক আমাৰ স্থানীয় পৰি‌ৱেশ তথা সংস্কৃতিৰ লগত খাপ নোখো‌ৱা কিছুমান মহানগৰীয়া-জী‌ৱনৰ মায়া-লালসা অথবা অতি-বস্তুবাদিতাৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ শিকাইছে । যিসময়ত মহিলাসকলে ঘৰত থাকিয়েই জাম-জেলি-আচাৰ তৈয়াৰ কৰি অথবা চু‌ৱেটাৰ-মাৰ্ফলাৰ গুঠি নিজৰ ল’ৰা-ছো‌ৱালী বা পৰিয়ালৰ লোকক পিন্ধাব পাৰিলেহেঁতেন,তাঁতশালত গামোচা-চাদৰ বৈ অথবা এমব্ৰইডাৰী,ফেব্ৰিক ৰং কৰি সুন্দৰ ৰুচীপূৰ্ণ মনৰ পৰিচয় দিব পাৰিলেহেঁতেন, সেই সময়বোৰত তেওঁলোকৰ মনত সুমো‌ৱাই দিয়া হৈছে জটিল কৃত্ৰিম জী‌ৱন এটাৰ আদিপাঠ – ধাৰাবাহিকৰ চৰিত্ৰবোৰৰ পৰা শিকো‌ৱা হৈছে সম্পৰ্ক ভঙা-গঢ়াৰ আখৰা । ঠিক প্ৰতিগৰাকী মহিলাই এই অভিসন্ধিৰ চিকাৰ হৈছে বুলি ডাঠি ক’ব নো‌ৱাৰিলেও ভাৰতত অশিক্ষিতা আৰু নিবনু‌ৱা মহিলাৰ সংখ্যাগৰিষ্ঠতালৈ চাই আমাৰ অনুমান সত্য বুলি প্ৰমাণিত হয় । আমি দাবী কৰিব পাৰো যে দূৰদৰ্শনে ভাৰতৰ কোটি কোটি মহিলাক(তথা যু‌ৱ প্ৰজন্মক) তেওঁলোকৰ কাৰ্যদক্ষতা হ্ৰাস কৰি দেশত গঢ় ল’ব পৰা ক্ষুদ্ৰ উদ্যোগৰ সম্ভা‌ৱনীয়তাক মষিমূৰ কৰিছে । ঠিক একেদৰেই পৃথি‌ৱীৰ কোনো এঠাইত অনুষ্ঠিত হো‌ৱা ২২জন মানুহৰ এখন খেলা চাবৰ বাবেই কোটি কোটি নাগৰিকে নিজৰ কাম-কাজ এৰি দূৰদৰ্শনৰ সমুখত গোটেই দিনটো বা কেতিয়াবা কেইবাদিনো বহি থকাটো‌ৱেও দেশৰ প্ৰগতিত যে বাধাৰ সৃষ্টি কৰিছে সি ধুৰূপ সত্য।  

        অসমৰ প্ৰেক্ষাপটত দেখা যায় যে বাতৰি চো‌ৱাৰ নামত পু‌ৱাই হওঁক বা গধূলি, ঘন্টাজুৰি হো‌ৱা উচ্চ স্বৰৰ বাৰ্তালাপে, ল’ৰা-ছো‌ৱালীৰ পঢ়া-শুনাত অলপ হ’লেও ব্যাঘাট জন্মাইছেআৰু আমাৰ বহু পৰিয়ালত ল’ৰা-ছো‌ৱালী, মাক-দেউতাক, ককা-আইতাক সকল‌ো‌ৱে একেলগে বহি বাতৰি চো‌ৱাৰ অভ্যাস আছে । এই বাতৰি সমূহত শিশুৰ বৌদ্ধিক বিকাশ হ’ব পৰা কিমানটা ভাল-খবৰ প্ৰচাৰ কৰা হয়, তাত সন্দেহ আছে। বৰঞ্চ চৰম শিহৰণকাৰী ঘটনা, হত্যা-লুন্ঠন, নাৰী-নিৰ্যাতনৰ দৃশ্যা‌ৱলী দূৰদৰ্শনৰ পৰ্দাত প্ৰচাৰ কৰিবলৈহে আমাৰ বহু ব্যক্তিগত নিউজ-চেনেলে আগ্ৰহ প্ৰকাশ কৰা দেখা যায়- যিবোৰৰ পৰা শিশু মনস্তাত্তিক জগতত বহুলভা‌ৱে নেতিবাচক প্ৰভা‌ৱ পৰিব পাৰে বুলি আমি আশংকা প্ৰকাশ কৰোঁ । আৰু এটা কথা এইখিনিতে ক’ব লাগিব, কে‌ৱল চাঞ্চল্যকৰ খবৰ প্ৰচাৰ কৰি টি.আৰ.পি. ৰেটিং বঢ়ো‌ৱাৰ প্ৰতিযোগিতাত দৌৰা দূৰদৰ্শনৰ নিউজ-চেনেলসমূহৰ কৰ্মকৰ্তাসকলে এইটো কথা কাহানিও ভা‌ৱি নাচায় যে, এটা হিংস্ৰ বা উগ্ৰ দৃশ্যা‌ৱলীয়ে এখন উঠি অহা সমাজৰ গুৰি ধৰোতা আমাৰ শিশুসকলৰ মানসিকতাত এনে এটা চাপ পেলাব পাৰে,যাৰ কুফল হয়তো আমাৰ সমাজে কেইবাদশকৰ পাছতহে দেখিবলৈ পাব । অৰ্থাৎ, আমাৰ নিজৰ ভ‌ৱিষ্যৎ আমি নিজেই ধ্বংস কৰাত আগভাগ লৈছো– এই চেনেলসমূহৰ পৃষ্ঠপোষকতাত । 

        যিসময়ত সবাতোকৈ শ্ৰেষ্ঠ গণ-মাধ্যম হিচাপে স্বীকৃতি পাবলৈ আমাৰ চেনেলসমূহৰ কৰ্মকৰ্তাসকলে মানুহক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰি, শাৰিৰীকভা‌ৱে অক্ষম হৈয়ো কিদৰে বহু মনিষীয়ে নিজকে মান‌ৱ-সম্পদলৈ উন্নিত কৰিব পাৰিছে,  কিদৰে সৎ আৰু পৰোপকাৰী হৈ মান‌ৱতাৰ নিদৰ্শন দাঙি ধৰিব পাৰি তাৰ নীতিশিক্ষা প্ৰতিটো কাৰ্যসূচীৰে এটা অন্তৰ্নিহিত উদ্দেশ্য হিচাপে ল’ব পাৰিব লাগিছিল, সেই সময়ত কে‌ৱল ৰাজনীতিৰ শেষ নোহো‌ৱা অকো‌ৱা-পকো‌ৱা আলোচনা, অদ্ভুত কিবা এটাক প্ৰতিভা বুলি প্ৰচাৰ কৰা অথবা ভণ্ড ব্য‌ৱসায়ী সাধু-জ্যোতিষীৰ ভেল্কীবাজীক গুৰুত্ব সহকাৰে প্ৰচাৰ কৰি মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিবলৈ কুন্ঠাবোধ নকৰাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে বুলি আমাৰ বিশ্বাস নহয়।  নিউজ-চেনেলসমূহে টকা অৰ্জনৰ বাবে যে যিকোনো লাগ-বান নথকা কথাকেই প্ৰচাৰ কৰিবলৈ যে আগ্ৰহী সেই কথা বুজিব পাৰি কিছুদিন আগৰে পৰা প্ৰচাৰ হ’বলৈ লো‌ৱা ‘ৰকেট কেপচুল’ৰ দৰে দুগুণ ব্য‌ৱসায়িক মুনাফা বিচৰা কোম্পানীৰ বিজ্ঞাপনৰপৰাই । নগ্নতা আৰু যৌনতা হৈছে ব্য‌ৱসায়ৰ ব্ৰহ্মাস্ত্ৰস্বৰূপ । এনে বিজ্ঞাপনৰপৰা উৎপাদনকাৰী কোম্পানীসমূহ আৰু সেই বিজ্ঞাপন প্ৰচাৰ কৰা মাধ্যমসমূহ ভালদৰে লাভান্বিত হয় ঠিকেই, কিন্তু এইবোৰে সমাজত কেনেধৰণৰ বিৰূপ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে, তাৰ প্ৰতি নজৰ ৰখাটোও গণ-মাধ্যমসমূহৰ নৈতিক দায়িত্ব হো‌ৱা উচিত । বহু নিউজ-চেনেলে বহু সময়ত শিশুৰ উদ্দেশ্যি প্ৰচাৰ কৰা অনুষ্ঠান এটিৰ মাজতো সস্তীয়া হিন্দি চলচ্চিত্ৰৰ শৰীৰ-উন্মুক্ত কৰি গো‌ৱা আইটেম-চং বা অন্য যৌনগন্ধি বিজ্ঞাপন প্ৰচাৰ কৰা পৰিলক্ষিত হয় । এনে ক্ষেত্ৰত দূৰদৰ্শনৰ কৰ্মকৰ্তাক আমি দোষাৰোপ কৰিম নে অভিভা‌ৱকক তেনে সময়ত শিশুক চকু ঢাকি ৰাখিবলৈ অনুৰোধ কৰিম, আমাৰ ক্ষুদ্ৰ মগজু‌ৱে সেয়া বিচাৰ কৰিবলৈ অপাৰগ হওঁ ।

         ‘লাইট-কেমেৰা-একছন্’ বুলি কো‌ৱা মাত্ৰকে হাঁহি মাৰি সদায় পু‌ৱা কেমেৰাৰ আগত হাজিৰ হো‌ৱা সেইসকল জ্যোতিষীক আপুনি কি বুলি ভা‌ৱে, যিসকলে আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হ’ব কৈ দিব পাৰে ? সঁচাকৈয়ে আপোনাৰ মংগলৰ বাবে তেৰাসকল ইমান যত্নপৰ নে ? সঁচাকৈয়ে পাৰে নে তেওঁলোকে আপোনাৰ জী‌ৱনৰ সমস্যাৰ সমাধান দিবলৈ ? সকলো মানুহৰে ভ‌ৱিষ্যৎবক্তা ব্যক্তিজনে নিজৰ জী‌ৱনটোকে দেখোন সজাই-পৰাই স্বৰ্গসম সুখত দিন কটাব পাৰিলেহেঁতেন ! আৰু এইটো সম্ভ‌ৱপৰ নহয় বাবেই তেৰাসকলৰ ষ্টুডিঅ’লৈ এই  ঘনে ঘনে অহা-যো‌ৱা । টিভিৰ পৰ্দাত চাই আপুনি যেতিয়া বিশ্বাস কৰিবলৈ ল’ব যে সেইজন জ্যোতিষীৰ হাততে আপোনাৰ জী‌ৱনৰ চাবি-কাঠি আছে, তেতিয়া তেওঁৰ শৰণাপন্ন হৈ আপুনি লাহে লাহে তেওঁ কো‌ৱা সকলো কাম-কাজ কৰিবলৈ বাধ্য হ’ব । আৰু এই সময়তে আপোনাৰ হাতত মূল্যবান বুলি দাবী কৰা দহোটা হৰেক ৰকমৰ সাধাৰণ পাথৰ পিন্ধাই তেওঁলোকে টকা-সিকি সৰকাবলৈ সমৰ্থবান হ’ব । এনে জ্যোতিষীসকল যদি ইমানেই সমাজ-সে‌ৱাৰ  প্ৰতি আগ্ৰহী, তেন্তে তেওঁলোকৰ সে‌ৱাসমূহ হ’ব লাগিছিল বিনামূলীয়া । কিন্তু আপোনাৰ বা মোৰ চিনাকী মানুহেই হয়তো বহুত ওলাব, যিসকলে ইতিমধ্যেই জ্যোতিষী-কবিৰাজৰ হাতত নিজৰ সাঁচতীয়া বহুখিনি ধন গতাই দি সৰ্বস্বান্ত হো‌ৱাৰ উপক্ৰম হৈছেবৰ্তমানে ভণ্ড কবিৰাজ-জ্যোতিষীবোৰে এনে কৌশলপূৰ্ণ ব্য‌ৱসায়ৰ প্ৰসাৰ আৰু প্ৰচাৰ চলো‌ৱাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আহিলা হিচাপ বাচি লৈছে আমি ঘন্টাৰ পাছত ঘন্টা ধৰি উপভোগ কৰি থকা এই টিভিটোক । আৰু ব্যক্তিগত চেনেলসমূহে মোটা অংকৰ মাননি লৈ এইবোৰকে বিজ্ঞাপন হিচাপে আমাৰ আগত প্ৰদৰ্শন কৰি আঁভু‌ৱা ভাৰি আছে। ধৰ্মৰ নামত ব্য‌ৱসায় কৰাসকল আৰু টিভি-চেনেল কৰ্তৃপক্ষবোৰৰ বুজাবুজি ইমানেই বাঢ়ি গৈছে যে কিছুদিন আগতে এজন কবিৰাজে ফুঁ মাৰি ফোনযোগেই বেমাৰ ভাল কৰি দিয়াৰ কথাও ‘গৰম খবৰ’ হিচাপে ঘন্টাৰ পাছত ঘন্টা ৰাইজক দেখু‌ৱাই থকা হৈছিল । এইবোৰ প্ৰকৃততে কোনো খবৰ নহয়, এয়া হৈছে বিজ্ঞাপন । ধৰ্মৰ নাম লৈ কৰা ব্য‌ৱসায়ৰ বিজ্ঞাপন । কিন্তু আমাৰ অশিক্ষিত সাধাৰণ মানুহক ধৰ্মৰ কথাৰে ঠগিবলৈ ইমানেই সহজ যে,- যিকোনো অসম্ভ‌ৱক‌ো সম্ভ‌ৱ বুলি ভা‌ৱিবলৈ মানুহবোৰ বাধ্য হয় । আৰু এনেও এটা মিছা কথাক এশবাৰ সঁচা বুলি আপোনাৰ কাণত কৈ থাকিলে আপুনি স্বাভা‌ৱিকতেই ভা‌ৱিবলৈ বাধ্য হ’ব যে সঁচাকৈয়ে সি এটি সঁচা কথা এনেদৰে নিউজ-চেনেলসমূহে পৰোক্ষভা‌ৱে সমাজত অন্ধ-বিশ্বাস বৃদ্ধি কৰাত অৰিহণা যোগো‌ৱা নাই নে ?

        তিলটোকে তালটো কৰা স্বভা‌ৱৰ বাবেই আজিৰ সময়ত দেখা গৈছে, প্ৰতিবাদকাৰী জনতাইও টিভিৰ ৰিপোৰ্টাৰ আহিব বুলি অপেক্ষা কৰি থাকেযেতিয়াই কেমেৰামেন আহি পায়, তেতিয়াই তেওঁলোকৰ প্ৰতিবাদ গাঢ়তৰ হয় । শ্লোগানৰ চিঞঁৰ বাঢ়ি যায়, তেজৰ চলাচল বৃদ্ধি হয়, শিলগুটি-বাটলুগুটিৰ প্ৰক্ষেপ ঘটে আৰু কোনোবা এজনে গাড়ীত তেল ঢালি জুই জ্বলাই দিয়ে । তাৰ পাছত সাংবাদিকৰ প্ৰশ্ন –“আপোনালোকে আৰু কি কি পদক্ষেপ ল’ম বুলি ভা‌ৱিছে?” । এনে ক্ষেত্ৰত আপুনি কি বুলি ক’ব, দূৰদৰ্শনে মানুহক মানুহৰ ওচৰ চপাই অনাত সহায় কৰিছে নে মানুহৰ মাজত সুপ্ত হৈ থকা হিংস্ৰ প্ৰাণীটোক জগাই তোলাত বৰঙণি যোগাইছে ? এনে নহয় যে, দূৰদৰ্শনৰ নিউজ-চেনেলে সৃষ্টি কৰা এই ‘নিজকে প্ৰকাশ কৰা’ বা সহজ অৰ্থত যাক আমি শ্ব-বাজী বুলি কওঁ, সেই ধাৰণাটো কে‌ৱল উচ্ছৃংখল কাম-কাজ বা নেতিবাচক কাণ্ড-কাৰখানাবোৰতে প্ৰস্ফুটিত হৈছে ; আমাৰ সমাজৰ প্ৰতিজন মানুহৰে মন-মগজুত এই কথাটো এনেভা‌ৱে সোমাই পৰিছে যে আমি এটা ইতিবাচক পদক্ষেপ লো‌ৱাৰ সময়তো, টিভিৰ কেমেৰামেন-সাংবাদিক আহিছে নাই সেয়া লক্ষ্য কৰিহে আমি কামটো কৰোঁ । মোদী ডাঙৰীয়াৰ ‘স্বচ্ছ-ভাৰত মিছন’ৰ অংশহিচাপে যিসকলে অলপ-অচৰপ চাফাই কৰি দেখু‌ৱালে, তাৰে অধিক সংখ্যক মানুহে কিন্তু ঠাইখিনি চাফা হো‌ৱাতকৈ টিভিত ওলাবলৈ পাব বুলিহে হাতত ঝাৰু লো‌ৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল  

        কে‌ৱল নিউজ-চেনেলেই যে আমাৰ মানসিক পৰি‌ৱেশ দুষিত কৰিছে,ঠিক তেনে নহয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় বহু টিভি-চেনেল আছে, যিবোৰৰ জনপ্ৰিয়তা বহুতেই বেছি। কিন্তু সিবোৰতো এনে কিছুমান শিহৰণকাৰী দৃশ্য,দৃশ্যাংশ বা কাহিনী দেখুও‌ৱা হয় যিবোৰে আমাৰ মনস্তাত্তিক স্খলনত অৰিহণা যোগায়। উদাহৰণস্বৰূপে ‘বিগ-বছ’ নামৰ অনুষ্ঠানটো বা এনেকি ‘ছা‌ৱধান ইণ্ডিয়া’ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ নামেই ক’ব পাৰি । বহুতেই ক’ব বিচাৰিব যে, ‘ছা‌ৱধান ইণ্ডিয়া’ই মানুহক অপৰাধৰ পৰা বাছি থাকিবৰ বাবে আগতীয়াকৈ কিছুমান হ’বপৰা পৰিস্থিতিৰ জাননী দি আমাক সা‌ৱধান  কৰি তুলি পৰম উপকাৰহে সাধিছে । কিন্তু সেই যুক্তিৰপ্ৰতি পূৰ্ণ সমৰ্থন জনাই আমি ক’ম যে, ইয়াৰ লগতে ‘ছা‌ৱধান ইণ্ডিয়া’ই মানুহক কিছুমান অমান‌ৱীয় অপৰাধৰ প্ৰতি আকৰ্ষিত হ’বলৈও কোনো কোনো ক্ষেত্ৰত আগ্ৰহ জন্মাইছে ‘ছা‌ৱধান ইণ্ডিয়া’ত দেখু‌ৱাৰ আগলৈকে বহুতো মানুহে কল্পনাও কৰিব নো‌ৱাৰে যে, এনেধৰণেও এটা অপৰাধ সংঘটিত কৰিব পাৰি। গতিকে সহজে দুষ্ট বুদ্ধিক কামত লগো‌ৱা বা অতি সোনকালেই বিবেকৰ বিচাৰ নকৰাকৈ মনৰ দুৰ্বল অংশটোৰ কথামতে কাম কৰিব বিচৰা যিকোনো মানুহৰদ্বাৰা এনে অপৰাধপ্ৰীতিয়ে বিপদ ঘটো‌ৱাৰ সম্ভা‌ৱনাক প্ৰবল কৰি তোলে । 

        আমি ভা‌ৱোঁ, দূৰদৰ্শনৰ কাৰ্যসূচী প্ৰচাৰ কৰা ব্যক্তিসকলে সন্মিলিত হৈ সমাজ আৰু দেশৰ উন্নতিৰ স্বাৰ্থত কিছু ব্য‌ৱসায়িক লাভালাভক এৰা-ধৰা কৰিও দুই চাৰিটা বিশেষ নীতিৰ অ‌ৱতাৰণা কৰি সেয়া মানি অনুষ্ঠানসমূহ প্ৰচাৰ কৰিলে সকলোপ্ৰকাৰৰ মংগল হো‌ৱাৰ সম্ভা‌ৱনা আছে । আজিৰ বিশ্বায়নৰ সময়ত এটা বাস্ত‌ৱ ঘটনাক সকলো দিশৰেপৰাই চালিজাৰি চাপ পৰাটো আৰু অভিজ্ঞ মন্তব্যৰে তাক সমালোচনা কৰাটো নি:সন্দেহে প্ৰয়োজনীয় কথা । কিন্তু একেটা সময়তে আমি আমাৰ শিপাৰ পৰা আঁতৰি, লোকসংস্কৃতি বা পৰম্পৰাক পাহৰি একেকোবেই বিশ্বজনীন ধাৰণা এটাক আঁকো‌ৱালি ল‌ো‌ৱাটোও সিমান এটা সমিচীন নহ’ব। সেয়া কৰিবলৈ গৈ প্ৰতিজন দৰ্শককে অভিজ্ঞ আৰু উচ্চ স্তৰীয় ধ্যান ধাৰণাৰ অধিকাৰী বুলি ভা‌ৱি স্পৰ্শকাতৰ বিষয় বা দৃশ্যক মুকলি কৈ প্ৰচাৰ কৰাটোও কিমান গ্ৰহণযোগ্য সেয়া বিচাৰ্য বিষয় । মাজে মাজে ইংৰাজী বা হিন্দী ভাষাত কথা ক’লেই যে এটা অনুষ্ঠান মনোগ্ৰাহী হ’ব নো‌ৱাৰে, বৰঞ্চ সহজ-সৰল ভাষাৰেও অনুষ্ঠান এটা দৰ্শকৰ বাবে উপযোগী তথা সফল কৰি তুলিব পাৰি, সেয়া আমাৰ নিউজ-চেনেলবোৰৰ সূত্ৰধাৰসকলে বুজি পো‌ৱা উচিত তেওঁলোকৰ খিছিৰি ভাষাই বৰ্তমানে অসমীয়া-ভাষাটোক এক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব, কাৰণ ব্যাকৰণ আৰু বাক্য-গাঁঠনিলৈ সমূলি গুৰুত্ব নিদিয়াকৈ প্ৰচাৰ কৰা বাতৰি সমূহৰ শিৰোনামা পঢ়ি আমাৰ বহুতো কিশোৰ-কিশোৰীয়ে সেই ভুল শব্দ বা বানানসমূহকে শুদ্ধ বুলি ভা‌ৱিবলৈ বাধ্য লৈছে ।    

কো‌ৱা হয় যে বৰ্তমানে ৰামো নাই, আৰু অযোধ্যাও নাই । বিশ্বায়ন, প্ৰযুক্তি,ই-কমাৰ্ছ আদিয়ে কথাবোৰ ইমান সহজ আৰু সাধাৰণ কৰি ৰখা নাই । প্ৰতিটো কথাতে বৰ্তমানে হয় ৰাজনীতিৰ পাক, নহয় ব্যক্তিগত স্বাৰ্থ, ব্য‌ৱসায়িক মুনাফা নতুবা কোনো অদৃশ্য শক্তিৰ প্ৰভা‌ৱ কিবা নহয় কিবা প্ৰকাৰে পৰি থকা দেখা পো‌ৱা যায়েইসেয়েহে একেটা ঘটনাকে আগেয়ে আমি যিদৰে দেখিবলৈ পাইছিল‌ো,সেই একেদৰেই আজি আমি দেখিবলৈ নাপাওঁ । আগেয়ে কো‌ৱা হৈছিল- ‘যিটো দেখা পাবা, সেইটোহে বিশ্বাস কৰিবা’কিন্তু বৰ্তমানে আপুনি দেখা পো‌ৱাটোও  যে বিশ্বাস কৰিব পাৰিব , তাৰ কোনো নিশ্চয়তা নাই কিয়ণো, আপোনাৰ চকুৰ সমুখতে সেই দৃশ্যটোৰো জালিয়াতি হ’ব পাৰে । তদুপৰি আজিকালি একেটা ঘটনাকে বিভিন্ন চেনেলে আপোনাক বিভিন্ন ব্যাখ্যাৰে দেখু‌ৱাই থাকে  গতিকে ইমানদিনে ৰাইজে বিজ্ঞাপনত দেখু‌ও‌ৱাৰ নিচিনাকৈ বগা সাজ পিন্ধি গ’লেই বা সাদিনত ছালৰ ৰং ক’লাৰপৰা বগা কৰিলেই যে সফল হ’ব নো‌ৱাৰি সেই কথা বুজি উঠাৰ দৰে, সাধাৰণ শ্ৰোতা-দৰ্শক হিচাপে একেটা ঘটনাকে বিভিন্ন দৃষ্টিভংগীৰে ফঁহিয়াই নিজাববীয়া এটা শুদ্ধ ধাৰণা গ্ৰহণ কৰিব পৰাটোহে বৰ্তমান সময়ৰ জটিল জী‌ৱন-যাত্ৰাত এটা অত্যন্ত প্ৰয়োজনীয় অৰ্হতা হিচাপে বিবেচিত হৈ পৰিছে ।

Monday, October 20, 2014

“আইন হাতত লো‌ৱাৰ প্ৰ‌ৱণতা আৰু আন্দোলন কৰাৰ ফেশ্যন ”


আজিকালি খবৰ-কাকতেই হওঁক বা দূৰদৰ্শনেই হওঁক, সকলোতে সততেই দেখা পোৱা বহু সংখ্যক বাতৰিৰ শিৰোনামা হয় এনে ধৰণৰ-“ক্ষুব্ধ জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন”, “গাড়ীচোৰক ৰাইজৰ উত্তম-মাধ্যম”, “জনতাৰ আদালতত প্ৰাণদান ধৰ্ষণকাৰীৰ” অথবা “সমৰ্থকে লণ্ড-ভণ্ড কৰিলে কাৰ্যালয় ” ইত্যাদি । ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে ঘটনা কি হাৰত কিমান সঘনাই ঘটে, সেয়া সঠিকভা‌ৱে ক’ব নো‌ৱাৰি যদিও আমাৰ অসম মুলুকত এনে ঘটনা বৰ্তমানে অতি অবিশ্বাস্যভা‌ৱে বাঢ়িবলৈ ধৰিছে । বহু লোকে এনে ঘটনা-দুৰ্ঘটনাবোৰৰ পৰ্যালোচনা কৰি এইবুলি আশাবাদী হয় যে এয়া হৈছে মানুহৰ সমাজ-সচেতনতাৰ পৰিচায়ক আৰু জনতাৰ এনে সমুচিত প্ৰত্যুত্তৰ বা নিজাববীয় বিচাৰৰ দ্বাৰাহে এদিন নহয় এদিন এই দুৰ্নীতিকাৰী,ঠগ-প্ৰ‌ৱঞ্চকৰ হাঁতোৰাৰ পৰা সাধাৰণ নিৰপৰাধী নাগৰিকে অলপ হ’লেও পৰিত্ৰাণ পাব পাৰিব । কিন্তু কিছু গভীৰভা‌ৱে চিন্তা কৰিলে এই ধাৰণাৰ সম্পূৰ্ণ বিপৰীত এটি দিশহে বেছি প্ৰকটমান হয় । সি হৈছে এয়ে যে এখন গণতান্ত্ৰিক দেশত সাধাৰণ মানুহৰ এনেধৰণৰ আইন হাতত তুলি লো‌ৱাৰ মানসিকতাই দেশত সুস্থ প্ৰশাসন আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভা‌বুকি অনাৰ লগতে শান্তিৰ পৰি‌ৱেশ আৰু একতাকো প্ৰকৃতাৰ্থত বিনষ্টহে কৰিব ।


ই এক সত্য যে, দেশ পৰাধীন হৈ থকাৰ সময়ৰে পৰা ভাৰতৰ জনগণক বিভিন্নজনে বিভিন্ন ধৰণে শোষণ আৰু নিপীড়ণ চলাই আহিছিল । বৃটিছৰ শাসনৰ সময়ত খাতি খো‌ৱা জনতাৰ ওপৰত ভিন ভিন ৰকমৰ কৰ-কাটলৰ ব্য‌ৱস্থা আৰোপ কৰি আৰু সেই ৰুঢ় নীতি-নিয়ম সমূহৰ বিৰুদ্ধাচৰণ কৰা সকলক চূড়ান্ত শাস্তি প্ৰদান কৰি ইংৰাজ সকলে যি প্ৰকাৰৰ বৰ্বৰতা চলাইছিল সেয়া সো‌ৱঁৰি আজিও আমাৰ ককা-আইতাহঁতে চকুপানী টুকে । নতুন প্ৰজন্মৰ সৌভাগ্য যে তেনে সময় আজি আৰু নাই । পৰাধীনতাৰ শিকলিৰপৰা দেশ মুক্ত হ’ল আৰু ইংৰাজৰ কুশাসনৰ অৱসান ঘটিল । কিন্তু প্ৰশ্ন হয়, আজিৰ স্বাধীন ভাৰতৰ নাগৰিকে মুক্তভা‌ৱে স্বদেশত বিচৰণ কৰিব পাৰিছে নে ? প্ৰতিজন নাগৰিকেই নিজৰ প্ৰাপ্য অধিকাৰ ৰক্ষা কৰি দুৰ্নীতি,কুসংস্কাৰ,শোষণ আৰু ভিন্ন কোণৰপৰা উদ্ভত হো‌ৱা নিপীড়ণৰপৰা বাচি থাকিব পাৰিছে নে ?

গান্ধীজীৰ সপোনৰ যি ভাৰতবৰ্ষ সেয়া আজি স্বাধীনতাৰ কেইবা দশকৰ পাছতো সমূলি হৈ নুঠিল । দেশ প্ৰকৃততে পৰাধীন হৈয়েই থাকিল । বৃটিছৰ ঠাই ল’লে খোদ ভাৰতীয়ই । আৰু শোষণ ,অত্যাচাৰ একে গতিৰেই চলি থাকিল । বহুতৰেই মনত খুদু‌ৱনিৰ সৃষ্টি হয়,আম্বেদকাৰৰ সংবিধানতে কিবা কেৰোণ থাকি গ’ল নে এই গণতান্ত্ৰিক ব্য‌ৱস্থাটোতেই কিবা এটা আঁসো‌ৱাহ আছে !? আজিৰ ভাৰতত, কালিলৈকে দুখীয়া-নিচলাৰ সতে মিলি থকা মানুহজনেই, নিৰ্বাচনৰ ঠিক পিছৰেপৰাই যেন কিবা সৰ্বশক্তিমান,অহংকাৰী আৰু দুৰ্নীতিগ্ৰস্ত শোষক ‘ৰজা’ একোজনহঁত হৈ পৰে । ক’বলৈ গ’লে প্ৰতিজন জনপ্ৰতিনিধিয়েই লংকালৈ গৈ ৰা‌ৱণ হো‌ৱাৰ দৰে হয় গৈ । আৰু এই ব্যৱস্থাটো বছৰৰ পিছত বছৰ চলি থাকে বাবেই দেশৰ প্ৰতিজন নাগৰিকৰ মনত সুপ্তভা‌ৱে হ’লেও এজন ‘নেতা’ হো‌ৱাৰ বাসনা সোমাই আছে । এই প্ৰচেষ্টাত যিসকল সফল হৈছে, তেওঁলোকৰ ‘ফৰ্মূলা’ মাথো একেটাই । নিৰ্বাচনৰ আগতে দুই-চাৰিটা ভাল কাম টোপ হিচাপে কৰি দেখু‌ৱাই জনতাৰ মন জয় কৰা আৰু নিৰ্বাচনৰ পিছত একেখিনি মানুহৰ ওপৰত শোষণ কৰা তথা চৰকাৰী কাম-কাজৰ ধন আত্মসাৎ কৰা । অৱশ্যে এই প্ৰচেষ্টাক যিমান সৰল বুলি ভ‌ৱা হয়, সিমান নহয় ।বহু বছৰৰ আগৰেপৰাই নিৰ্বাচনী অংকবোৰৰ অনুশীলন আৰু যোগ-বিয়োগ কৰি থকা হয় । শেষ ৰাতিলৈকে মানুহক আঁভু‌ৱা ভৰাৰ কূটকৌশল ৰচনা কৰা হয় । কোনোবাই যদি ভোটাৰক সুৰাৰে মাতাল কৰি ভোট কাঢ়িছে, আনজনে আকৌ আঁঠু‌ৱা-কম্বল বিলাইছে । এজনে যদি ৰিগিং কৰি জিকিছে, অন্যজনে হয়তো টকা সিঁচি জিকিছে । মুঠতে ‘ৰজা’ হো‌ৱাৰ প্ৰক্ৰিয়াটোত সৰ্বত্ৰ দুৰ্নীতি সোমাই পৰিছে । গতিকেই এইসকল সে‌ৱকে দুৰ্নীতিৰ ধাৰাটোক তেওঁলোকৰ সমগ্ৰ কাৰ্যকালতে অক্ষুন্ন ৰাখিবলৈ অকণমানো কৃপণালি কৰাৰ প্ৰশ্নই নুঠে ।

ইয়াৰ ফলতে দেশখনৰ প্ৰতিটো কাৰ্যালয়তে কোষে কোষে দুৰ্নীতি বিয়পি পৰাটো পৰিলক্ষিত হয় । চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও অলপ অতিৰিক্ত ধনৰ মোহত হাত উজান দিয়ে প্ৰক্ৰিয়াটোত । “আমাৰ চাৰেই যদি টকা লয়, তেন্তে আমি লো‌ৱাতনো কিহৰ আপত্তি ?” –এই স্বগতোক্তিৰে আমাৰ দেশৰ প্ৰায় প্ৰতিজন চৰকাৰী কৰ্মচাৰী, বিষয়া , মন্ত্ৰী -আমোলাই কে‌ৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে ৰাইজৰ টকা হস্তগত কৰে , দুৰ্নীতি কৰে ,ঘোঁচ বিচাৰে । ফলত মৰণ হয় সাধাৰণ জনতাৰ । এইহেন অনুন্নত এখন দেশৰ কোটি কোটি জনতাই চৰকাৰৰ ওচৰত হাত নপতাকৈ কাহানিও থাকিবও নো‌ৱাৰে । চৰকাৰী শাসন-ব্য‌ৱস্থাৰ উৰ্দ্ধত কোনো‌ৱে কাম কৰিবও নো‌ৱাৰে । গতিকেই আজিৰ ভাৰতীয় নাগৰিকে য’লৈকে যাওঁক, যিহকে বিচাৰক, তাতেই দুৰ্নীতি আৰু নিপীড়ণৰ পৰা নিস্তাৰ পো‌ৱাৰ কোনো গত্যন্তৰ নাই । চৰকাৰে যিমানেই ন ন অভিন‌ৱ আঁচনি তৈয়াৰ নকৰক কিয়, নানা স্তৰত নানাজন সুবিধাবাদীৰ লোলুপ দৃষ্টিৰে সৰকি আহিহে সেয়া জনতাৰ ওচৰত পায়হি । সাধাৰণ বৃদ্ধ পেঞ্চন এটা পাবলৈও পঞ্চায়তৰ প্ৰতিনিধিয়ে কিবা এটা ‘হাত-খৰছ’ বিচাৰে । দুখীয়া-নিচলাৰ বাবে মুকলি কৰা আই.এ.‌ৱাই ঘৰ,জ‌ৱ-কাৰ্ড,দুটকীয়া চাউল ,বান-সাহাৰ্য ইত্যাদি এই সকলোবোৰতে দুৰ্নীতিকাৰীৰ টিঘিলঘিলনি । নিযুক্তিৰ নামত প্ৰতিটো কাৰ্যালয়তেই ঘোঁচ দিয়া-লো‌ৱাৰ ৰমৰমীয়া বেহা চলে । একে আষাৰে ক’ব পাৰি, অসম চৰকাৰৰ সাধাৰণ চতুৰ্থ বৰ্গৰপৰা বিষয়া পদবীলৈকে যিকোনো এটা পদতে যে মেধাৰ সলনি অন্য হিচাপ-নিকাচেৰেহে নিযুক্তি হয়, এই কথা আজি সৰ্বজনবিদিত । ই এটা অপ্ৰকাশিত সত্য।

ইখনৰ পিছত সিখন চৰকাৰ বদলি হয় , মন্ত্ৰীৰো সালসলনি হয় । কিন্তু সলনি নহয় এই দেশ । একেই থাকে চৰকাৰৰ অমনোযোগিতা, কামত গাফিলতা তথা গুণগত নিকৃষ্টতা । ষাঠি বছৰেও সমাধান নোলায় বানপানীৰ । জিলা ঘোষণাৰ ২০ বছৰ পিছতো একেই থাকে সদৰলৈ যো‌ৱা বাট-ঘাট । একেই থাকে ভূমিস্খলন, কৃত্ৰিম বানপানী, গঁড়-হত্যা, চুৰি-ডকাইতি,হত্যা-গুপ্তহত্যা, শিশুৰ ওপৰত অত্যাচাৰ,বনাঞ্চলৰ ধ্বংসপাত,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা,অনিয়ম-দুৰ্নীতি,দৰমহাবিহীন চাকৰি,নাৰী-নিৰ্যাতন, উগ্ৰপন্থীৰ তাণ্ড‌ৱ আৰু স্থ‌ৱিৰ উন্নয়ণ। তাহানিৰে পৰা আমাৰ সহজ-সৰল অসমীয়াই এই অতবোৰ অত্যাচাৰ,নিপীড়ণ,শোষণ আৰু চৰকাৰী নিৰ্লিপ্ততাক বিধা-বাক্যে সহ্য কৰি আহিছে । কিন্তু কিমানদিন সহি থাকিব পাৰে এনেদৰে ? সহ্যৰ সীমাৰেখা পাৰ হো‌ৱাৰ পাছত সেয়েই আজিকালি কোনো কোনো‌ৱে আস্ফালন কৰি উঠে,বিদ্ৰোহ কৰিব খোজে । এইখিনি মানুহৰ ওপৰত যদি কোনো প্ৰণালীগত গ‌ৱেষণা বা অধ্যয়ন কৰা যায়, তেন্তে নিশ্চয় এই কথা প্ৰতীয়মান হ’ব যে ইমান দুখ-দুৰ্দশাৰে বছৰ বছৰ ধৰি জুৰুলা হো‌ৱা মানুহৰ ধৈৰ্যশক্তি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লয় । আৰু ইয়েই হৈছে এটা কাৰণ, যাৰ বাবে আজিৰ অসমীয়াই অতি সৰু সৰু ঘটনাতে প্ৰতিবাদ, বাক-বিতণ্ডা কৰিবলৈ শিকিছে । বান-সাহাৰ্যত পো‌ৱা চোলাটো ফটা ওলো‌ৱাত বা শিক্ষকে ছাত্ৰক দুচাত কোবাওতে আগতে কাহানিও প্ৰতিবাদ হো‌ৱা নাছিল । কিন্তু আজি সেয়াও হ’বলৈ ধৰিছে । ই জাতিটোৰ বাবে অতিশয় দুৰ্ভাগ্যজনক পৰিস্থিতি ।

অৱশ্যে সমস্যা-জৰ্জৰ ৰাজ্য বুলিলে ভাৰতৰ ভিতৰত কে‌ৱল অসমেই আছে বুলিও ঠিক ক’ব নো‌ৱাৰি । কাশ্মীৰ ,বিহাৰ বা আন বহু ৰাজ্যও অনুৰূপ সমস্যাৰে ভৰপূৰ । কিন্তু সেই সকলোতে আমাৰ অসমীয়াৰ বৰ্তমানৰ এই অসন্তুষ্টি তথা প্ৰতিবাদৰ মানসিকতা দেখা পো‌ৱা যায় নে ? ক’ব পাৰি , দেখা পালেও অসমতকৈ বেছি হ’ব নো‌ৱাৰে । তেন্তে কিহে আমাৰ ৰাইজক ইমান উচতনি জগায় যে বিদ্ৰোহ বা প্ৰতিবাদৰ নামত তেওঁলোকে প্ৰশাসন,আৰক্ষী,কৰ্মৰত বিষয়াকো আওকাণ কৰি প্ৰতি-আক্ৰমণ বা অসভ্য ব্য‌ৱহাৰ কৰিবলৈ তৎপৰ হয় ? আমাৰ বিচাৰত ইয়াৰ অন্যতম এটা কাৰক হৈছে অসমত যো‌ৱা পাঁচ-ছয়বছৰমানৰ পৰা গা-কৰি উঠা চেটেলাইট সংযোগ ব্য‌ৱস্থাৰ নিউজ-চেনেলকেইটা ।

কাৰোবাৰ ঘৰত সাপ এটা ওলালেও, মৃতকৰ শ্ৰাদ্ধ পাতিলেও ,কলেজত ন‌ৱাগত আদৰণী সভা বা একতা-সভাৰ নিৰ্বাচন হ’লেও অথবা কোনোবা এজন তাৰকাই বিয়া এখন পাতিলেও তেওঁলোক গৈ হাজিৰ হৈ যায় । মূহুৰ্তৰ বাতৰি মূহুৰ্ততে আপোনাৰ ওচৰত দিয়াৰ নামত এওঁলোকে “কেমেৰা-মেনিয়া” নামৰ বিষ-বাস্প সমাজলৈ এৰি দি এক প্ৰকাৰৰ অপৰাধ কৰিছে । যিটো কথা কালি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নাছিল, আজি নিউজ-চেনেলত শতাধিকবাৰ শুনি শুনি আপুনিও তাক গুৰুত্ব দিবলৈ লৈছে । আৰু ক্ষীপ্ৰ প্ৰতিক্ৰিয়া তথা বৃহত্তৰ দৰ্শক পো‌ৱাৰ আশাত বহুতেই আজিকালি নিউজ-চেনেলৰ যোগেদিহে অনুষ্ঠান পাতিবলৈ লৈছে । ধৰি লওঁক, প্ৰধান মন্ত্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোনো কোনো দল-সংগঠনে চাফাই-অভিযান আৰম্ভ কৰিছে । ইয়াৰ বাবে তেওঁলোকে চাৰি-পাঁচজন মানুহ গোট খাই প্ৰথমে নিউজ-চেনেলৰ সাংবাদিক-কেমেৰামেনক মাতিব ; তেওঁলোক আহি পো‌ৱালৈকে অপেক্ষা কৰিব । আৰু অহাৰ পিছতহে কেমেৰাৰ আগত ওলাবৰ বাবেই দুই মিনিটৰ বাবে চাফাই কৰি দেখু‌ৱাব । তাৰ পিছত ডাঙৰ ডাঙৰ কথাৰে এটা বক্তব্য ৰাখিব। কেমেৰামেন গ’ল কি নগ’ল,এইলোকৰ চাফাই শেষ! ইয়াৰ পিছৰ কাৰ্যসূচীত থাকে চাহ-চিংৰাৰ জুতি লো‌ৱা । এতিয়া কওঁকচোন, গোটেই প্ৰক্ৰিয়াটোৰদ্বাৰা কোন কিমান লাভান্বিত হ’ল ?নিউজ-চেনেলৰ সাংবাদিক আহিছে বুলিয়েই যিকোনো কাৰ্যসূচীতে দুই-চাৰিজন অত্যুৎসাহী ডেকাই উচাত মাৰি অতিৰিক্ত কিছু কাণ্ড-কলাপেৰে আৱাহা‌ৱা গৰম কৰি তোলাও পৰিলক্ষিত হয় । দূৰদৰ্শনৰ বাতৰিৰ অংশ হো‌ৱাটো আজিকালি আমাৰ গাঁৱৰ নদাই-ভদাইৰপৰা আৰম্ভ কৰি নামী-দামী তাৰকা,ৰাজনীতিবিদ সকলোৰে বাহ্ বাহ্ লো‌ৱাৰ এটা পন্থা হৈ পৰিছে । বিভিন্ন ক্ষেত্ৰত নিজকে বিখ্যাত কৰিবলৈ অহৰহ প্ৰচষ্টা চলাই ৰখাসকলৰ বাবেও ই অতি ফলপ্ৰসু আহিলা হৈ দেখা দিছে ।অন্যহাতে আজিকালি এটা খবৰ বা ঘটনা সংঘটিত হো‌ৱাৰ পিছত প্ৰকাশ হো‌ৱাটোতকৈ সংঘটনৰ আগেয়েই প্ৰকাশ কৰাৰ প্ৰ‌ৱণতা আমাৰ ব্যক্তিগত চেনেলসমূহৰ সংবাদসে‌ৱক সকলৰ মাজত বৃদ্ধি পাইছে । গতিকেই ‘খবৰ’ৰ সৃষ্টি অপ্ৰাকৃতিকভা‌ৱেও হ’বলৈ লৈছে । অথবা কোনো কোনো ক্ষেত্ৰত ‘অখবৰ’ হে প্ৰকাশ পো‌ৱা দেখা গৈছে ।

সেই হেতুকেই সাধাৰণ মানুহৰ মনত এনে এটা ভা‌ৱ ইতিমধ্যেই গা কৰি উঠিছে যে আমি অমুক কামটো সাধাৰণ ধাৰাৰে নকৰি অলপ ব্যতিক্ৰমী ৰূপত কৰিলে দূৰদৰ্শনত সেয়া প্ৰচাৰ হ’ব আৰু তাৰ ফলতহে আমি জনপ্ৰিয়তা লাভ কৰিব পাৰিম বা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ম । এইবোৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকাও যথোচিতভা‌ৱে গ্ৰহণযোগ্য নহয় ।বহু সাংবাদিকে প্ৰতিবাদকাৰীক প্ৰশ্ন কৰে এইবুলি–“অমুকে অমুকটো কৰাৰ ফলতেই আপোনালোকৰ এনে হ’ল। গতিকে আপোনালোকে এতিয়া তেওঁৰ বা তেঁওলোকৰ বিপক্ষে কি কৰিম বুলি ভা‌ৱিছে?” । আৰু ইয়াৰ উত্তৰ প্ৰত্যাশিতভা‌ৱেই আহে এনেদৰে-“এতিয়া আমি অমুক অমুক কাৰ্যসূচী ল’ম, যেনে কাৰ্যালয় ধ্বংসাভিযান,বাহনত অগ্নিসংযোগ,প্ৰতি-আক্ৰমণ ইত্যাদি” । এনে ধৰণৰ প্ৰশ্নোত্তৰ হয়তো কেমেৰাৰ পিছফালেও হ’ব পাৰে, বা আগফালেও হ’ব পাৰে । সাংবাদিকৰ উদ্দেশ্য ইয়াত মাথো এটাই, সেয়া হৈছে তেওঁলোকৰ প্ৰতিযোগী চেনেলটোতকৈ তেওঁ অধিক আৰু কি কি চৰম মুহুৰ্তৰ দৃশ্যৰ ৰেকৰ্ডিং কৰিব পাৰে তাৰ প্ৰচেষ্টা চলো‌ৱা । অৰ্থাৎ মানুহে যিবোৰ দৃশ্য চাই উত্তেজিত হ’ব তেওঁ সেইবোৰহে ৰেকৰ্ডিং কৰিব খোজে । ইয়াৰ ফলত চেনেলটোৰ টি.আৰ.পি. ৰেটিং বাঢ়িব আৰু সাংবাদিকজনৰো পদোন্নতিও হ’ব । অতি সৰু বুলি ভ‌ৱা এনে কৰ্ম-কাণ্ডই কিন্তু সমাজত যে বহুখিনি কু-প্ৰভা‌ৱ পেলাইছে , সি ধুৰূপ ।

সাম্প্ৰতিক সময়ত অসমত দল-সংগঠনৰ সংখ্যা অভা‌ৱনীয় হাৰত বৃদ্ধি পাইছে । যো‌ৱা দহোটা বছৰে কিমানটা যে সন্থা বা সংগঠন বা পৰিষদৰ আৱিৰ্ভা‌ৱ হ’ল তাৰ কোনো হিচাপ নাই । ই এটা অতিশয় উদ্বেগজনক আৰু চিন্তনীয় বিষয় । এনে সন্থাবোৰৰ জন্ম আচলতে কি স্বাৰ্থ সিদ্ধিৰ বাবে হয়,সেয়াও আজিকালি সহজেই অনুমেয় হৈ পৰিছে । নিজ নিজ গোষ্ঠীৰ ভেঁটি আৰ্থসামাজিক আৰু ৰাজনৈতিকভা‌ৱে মজবুত কৰাৰ নামত সন্থাসমূহৰৰ মুখীয়ালকেইজনৰ পকেট গৰম কৰা আৰু ৰাজনৈতিক দলৰ সতে মিতিৰালি পাতি নানা ব্যক্তগত অভিসন্ধি পূৰণ কৰাই হৈছে এই গোটসমূহৰ স্বাৰ্থ । এনে গোট কিছুমানৰ প্ৰৰোচনা আৰু ৰাজনৈতিক চল-চাতুৰিৰ বিপাকত মতিভ্ৰম হৈও বহু সমাজৰ তিৰোতাকে আদি কৰি বৰমূৰীয়াই হওঁক অথবা ডেকাচামেই হওঁক বুজনসংখ্যক অদূৰদৰ্শী লোকে কিছুমান অগণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত হয় ।কে‌ৱল জাতীয়তাবাদেই নহয় ,ধৰ্ম আৰু সম্প্ৰদায়িকতাকো দোহাৰি আমাৰ দেহ-মনত আৱেগিক জোঁৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হো‌ৱা এইধৰণৰ উচতনিবোৰৰ আঁৰতো যে নানান চলনা আৰু মঞ্চৰ আঁৰৰ মন্ত্ৰণা চলি থাকে সেয়া আমাৰ বহু নাগৰিকে উপলব্ধি কৰিব নো‌ৱাৰে । সেয়ে বিবেকেৰে বিচাৰ নকৰাকৈ এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সমূলি অনুচিত ।

সঘনাই দেখি থকা আমাৰ সকলোৰে চিনাকী এই ‘অসম বন্ধ’ ব্য‌ৱস্থাটোৰ কথাই ধৰি লো‌ৱা হওঁক । আজিকালি এটা ‘অসম বন্ধ’ৰ আহ্বান জনাব পৰা সংগঠন মানেই এটা যথেষ্ঠ ডাঙৰ সংগঠন বুলি বুজাবলৈ চেষ্টা কৰা হয় । আৰু কেইবাটাও অঞ্চলত সফল ভা‌ৱে ‘বন্ধ পালন’ হো‌ৱা মানেই বুজিব লাগিব যে সেই অঞ্চলবোৰত এই সংগঠনটোৰ প্ৰভা‌ৱ অতিকেই বেছি । গতিকে অসম বন্ধৰ আহ্বানে এটা দল বা সংগঠনক “ফ’কাচত আহিবলৈ” সুযোগ দিয়ে । নিউজ চেনেলসমূহৰ ঘন্টাৰ পিছৰ ঘন্টাৰ প্ৰতিবেদনেও তাত বিশেষ অৰিহণা যোগায় । কিন্তু মন কৰিব যে ,যিবোৰ দাবী জনাই এটা ‘অসম বন্ধ’ আহ্বান কৰা হয়,সেই দাবীবোৰৰ এক শতাংশও এই কাৰ্যপন্থাৰে পূৰণ হো‌ৱা দেখা নাযায় । এই সত্যটোৰ বিষয়ে আচলতে দলটো বা সংগঠনটো‌ও জ্ঞাত । কিন্তু ‘অসম বন্ধ’ৰ আহ্বান কৰাটো‌ৱেই হৈছে আজিৰ এই সংগঠনবোৰৰ এটা ফেছন । আমি ভা‌ৱোঁ, ৰাষ্টাত টায়াৰ জ্বলাই পথ অৱবৰোধ কৰি, যাত্ৰীবাহী বাছৰ দৰজা-খিৰিকি ভাঙি ,ঘন্টাৰ পিছত ঘন্টা সাধাৰণ মানুহক আৱোদ্ধ কৰি ৰাখি কোনোধৰণৰ ন্যায় বা প্ৰাপ্য অধিকাৰ আদায় কৰিব নো‌ৱাৰি । তাতোকৈ অধিক ফলপ্ৰসু হ’ব যদিহে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ বা প্ৰশাসনৰ লগত মুকলিমূৰীয়াকৈ নিজৰ সমস্যা আৰু দা‌ৱীৰ বিষয়ে আলোঙিচনাত বহিব পাৰে । দলৰ বিষয়ববীয়া সকলে গণতান্ত্ৰিক পদ্ধতিৰে কিদৰে আ‌‌ৱেদন-আলোচনাৰ মাজেৰে সকলো সুবিধা আদায় কৰিব পাৰে তাৰেহে চিন্তা-ভা‌ৱনা কৰা উচিত । উদণ্ড মানুহৰ অসভ্যালি প্ৰদৰ্শেনেৰে চৰকাৰক কিদৰে ভা‌বুকি দিব পাৰে,সেয়া নহয় ।

গোলাঘাটৰ ৰঙাজানৰ ঘটনাটোৰ বাবে আজি সদৌ অসমবাসীয়ে আৰক্ষীৰ বৰ্বৰতাক গৰিহণা দিছে সঁচা । কিন্তু জনসাধাৰণৰ এনে অগণতান্ত্ৰিক প্ৰতিবাদ আৰু উচ্ছৃংখল আৱে গিক পদক্ষেপৰো পৃষ্ঠপোষকতা কৰা আমি উচিত নহয় । নাগৰিক-বিদ্বেষী শাসকক ক্ষমতাচ্যুত কৰাৰ অধিকাৰো আমাক যিহেতু দিয়া হৈছে, গতিকে সেই ব্য‌ৱস্থাৰেই আমি দেখোন অপশাসনৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কথা বিবেচনা কৰিব পাৰোহঁক ।এই কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ দেশত বহু সময়ত গুৰুতৰ অপৰাধৰো বিচাৰৰ ৰায়দান দিয়াত বছৰৰ পিছত বছৰ বিলম্ব হয় । আৰু আইনৰ সুৰুঙাৰে বহু অপৰাধী সাৰি যো‌ৱাৰো অৱৰকাশ থাকে । কিন্তু সৌ সিদিনা এজন উচ্চ পদস্থ মুখ্যমন্ত্ৰীকো যদি আমাৰ দেশৰ শাসন-ব্য‌ৱস্থাই জেলৰ ভাত খু‌ৱাব পাৰে ,নামী-দামী তাৰকাইও যেতিয়া আদালতৰ ওচৰত মূৰ দো‌ৱাবলগীয়া হয়, তেন্তে সেই ন্যায়পালিকাক আমি সন্মান জনাবই লাগিব । দেশৰ সংবিধানৰ প্ৰতি আমি আনুগত্য স্বীকাৰ কৰিবই লাগিব । বহু নিষ্কৰ্মা প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বহি যো‌ৱা একেখন আসনতে বহি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখোন দেশবাসীৰ অন্তৰ জয় কৰিব পাৰিছে আৰু ন ন জনকল্যাণমূলক আঁচনিক হাতে-কামে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰিছে । মোদীৰ কাৰ্যা‌ৱলীত দেশৰ সাধাৰণ জনতাইও সক্ৰিয় অংশ লো‌ৱা দেখা গৈছে । গতিকে নিসন্দেহে ক’ব পাৰি যে সমস্যাটো আচলতে প্ৰশাসন ব্য‌ৱস্থাটোত নাই । গোটেই পৃথি‌ৱীতে এই গণতান্ত্ৰিক পদ্ধতিটো‌ৱেই আজি আটাইতকৈ সফল আৰু জনপ্ৰিয় সমাজ-ব্য‌ৱস্থা হিচাপে পৰিগণিত হৈছে । প্ৰকৃত সমস্যা আছে আমাৰ নিজৰ মাজত ।

প্ৰতিটো ঘটনাৰ অন্তৰালত কিছুমান কাৰক থাকে । সেই কাৰকসমূহ বিশ্লেষণ নকৰাকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা বা কাৰোবাক দোষী সাব্যস্ত কৰাটো অনুচিত । আৰু সেই সকলো কাৰক ফঁহিয়াই চাই অধ্যয়ন কৰিব পৰাৰ ক্ষমতা তথা অৰ্হতা আমাৰ প্ৰতিজনৰে নাথাকিবও পাৰে । এতিয়াও অসমৰ বুজনসংখ্যক মানুহক সাক্ষৰতাৰ পোহৰে চুব পৰা নাই । আন বহু ঠাই আকৌ উন্নত সংযোগ-ব্য‌ৱস্থাৰপৰা বহু যোঁজন আঁতৰত । এইবোৰ বিষয়েও এজন মানুহৰ বিচাৰ-বুদ্ধি বা বুজনশক্তিক প্ৰভা‌ৱান্বিত কৰে । গতিকেই ডেকা-বুঢ়া আমি কো‌নো‌ৱেই যিকোনো এটা ঘটনাৰ পৰিপেক্ষিতত এটা গোট,সম্প্ৰদায় বা এজন মানুহক আমাৰ নিজা বিচাৰ-বিবেচনাৰে প্ৰৰোচিত কৰা অনুচিত । এনে প্ৰৰোচনা বা ব্ৰেইন-‌‌ৱাছে অপসংস্কৃতি বা কু-সংস্কাৰৰ পোষকতা কৰি সমাজত বহু দীৰ্ঘস্থায়ী কুপ্ৰভা‌ৱ পেলাব পাৰে । প্ৰতিজন নাগৰিকেই যদি আমি স্বচ্ছ,সৎ আৰু দায়িত্বৰ প্ৰতি নিষ্ঠাবান হ’ব পাৰোঁ,তেন্তে হয়তো কাৰোবাক দোষাৰোপ কৰিবলৈ আমাৰ মাজত কোনো এজনো‌ৱেই নাথাকিব । আৰু তেনে এক সামাজিক বাতা‌ৱৰণতহে দেশৰ প্ৰগতিয়ে অন্য এক দিগন্তলৈ গতি কৰিব পাৰিব ।

যদিও এনে এক ধাৰণাক অধিকেই অমূলক আৰু অসম্ভ‌ৱ আখ্যা দিব, তথাপি আমাৰ দৰে হয়তো হাজাৰজনে এই কল্পনাকে লৈ শান্তি আৰু সমৃদ্ধিৰ মাতৃভূমিখনৰ সপোন দেখে ।
------------------------------------------০০০০---------------------------------------

Sunday, March 18, 2012

‘ধৰ্ম আৰু ধৰ্মাচাৰ’-আজিৰ যুগৰ এক প্ৰহসন তথা ব্যৱসায়



     অতি প্ৰাচীন কালৰে পৰা পৃথি‌ৱীত এচাম ধূৰ্ত আৰু চতুৰ মানুহৰ জন্ম হৈ আহিছে ,যিয়ে কে‌ৱল ঠগ-প্ৰৱঞ্চনা আৰু কৌশলেৰে নিজৰ লাভালাভৰ হিচাপ কৰিবলৈ শিকিছে ।পৃথি‌ৱীৰ প্ৰতিখন সমাজতে এনে ধুৰন্ধৰ মানুহ বৰ্তমান । এওঁলোকৰ মগজুৰ তিক্ষ্ণতা আন বহুজনতকৈ বেছি বুলিব লাগিব, কাৰণ চলে-বলে-কৌশলে আন এজনক লুটি ল’ব পৰাৰ হাজাৰটা উপায় এওঁলোকৰ হাতৰ মুঠিত

এনে প্ৰৱঞ্চকসকলৰ পাৰ্গতালিৰ প্ৰয়োগক্ষেত্ৰ ঠাইবিশেষে বেলেগ বেলেগ হয় ।যদি জাপানত কোনো এজনে অন্য এজনৰ ৰবট এটাক কু-কৰ্ম শিকাইছে তেন্তে আমেৰিকাত আন এজনে হয়তো আন্তৰ্জালৰ তথ্য ‘হেক্’ কৰি টকা লুটি
লৈছে ।  শতাধিক কোটি জনসংখ্যাৰে ভাৰতবৰ্ষ এখন এনে অনুন্নত অশিক্ষিত দেশ,য’ত এই প্ৰবঞ্চকৰ সংখ্যাটোও তুলনামূলক ভা‌ৱে বহুতেই বেছি।

আজিৰ সমাজত নিবনু‌ৱাৰ সংখ্যা বাঢ়ি গৈছে ।
শিক্ষিত আৰু বুদ্ধিহীনসকলৰ বাবে দৈনিক জী‌ৱন-ধাৰণ একোটা বোজাস্বৰূপ হৈছে ।শিক্ষিত সকলৰো নিজৰ ওপৰত আস্থা নাইকীয়া হৈছে । কাৰণ এইটো গুপ্ত সত্য যে টকা অবিহনে এটা চৰকাৰী চাকৰি পো‌ৱাটো আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰায় অসম্ভ‌ৱ হৈ পৰিছে । এলেহু‌ৱা অসমীয়াৰ চিন্তাধাৰাৰ মতে হেনো চৰকাৰী চাকৰী নহ’লে জীয়াই থকাই বৃথা । আৰু আমাৰ তথাকথিত শিক্ষিত সকলে কেন্দ্ৰীয় চৰকাৰৰ ঘোঁচবিহীন চাকৰিৰ বিষয়ে সঁচা অৰ্থত গমেই নাপায় । গতিকে তাৰবাবে আবেদন কৰা আৰু প্ৰস্তুত হো‌ৱাৰ প্ৰশ্নই উত্থাপিত নহয় । সেয়েহে হ’বলা আমাৰ ন‌-প্ৰজন্ম অথবা বৰ্তমান প্ৰজন্মৰ ‘সহজতে আৰ্জিবপৰা ধন’ৰ প্ৰতি মোহ বেছি । ই নিতান্তই স্বাভা‌ৱিক কথা যেন হৈ পৰিছে । তাৰে ফলস্বৰূপে আমাৰ সৰহসংখ্যকেই  সংগঠন খুলি,ঠিকা লৈ,দাবী-ধমকিৰে সৰকাই,প্ৰলোভন দি ইত্যাদি নানানটা ৰাষ্টা সহজেই পছন্দ কৰিবলৈ লৈছে আৰু বিনা দ্বিধাৰে তেনে পথত বহু যু‌ৱক-যু‌ৱতীয়ে ইতিমধ্যেই বাট লৈছে ।কাৰণ এনে পন্থাৰে প্ৰকৃতাৰ্থত অতি কম সময়তে চাকৰিতকৈ বহু বেছি ধন অৰ্জন কৰিব পাৰি ।অসমৰ নৈতিক জলবায়ুৰ এনে প্ৰদুষণ ঘটিছে যে, বিয়াৰ বজাৰত এনেকে সেইজন চাকৰিয়ালকহে উচ্চ স্থান দিয়া হয়, যাৰ ‘বাহিৰা টকা’ উপাৰ্জন কৰাৰ সুৰুঙা আছে ।এয়া হৈছে আমাৰ মূল্যাঙ্কনৰ মাপকাঠি ।
    
গতিকে সৰু-সুৰা মানুহবোৰ ,যাৰ শিক্ষা-দিক্ষা কম অথবা একেবাৰে নাই আৰু যিসকলক তথাকথিত উচ্চ সমাজৰ মাজত নিজকে মূৰ দাঙি থিয় হ’বলৈ সুযোগেই দিয়া নহয়,তেঁওলোকে চুৰি-ডকাইটি কৰিবলৈ বাধ্য হৈছে । আজিৰ সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ জ্ঞান,কৰ্মতকৈ টকাৰহে প্ৰয়োজন বেছি । গতিকে নিজকে প্ৰতিষ্ঠা কৰা আৰু বৰ্তি থকাৰ এই যুঁজত এইসকলে নিজৰ মগজুৰ অ‌ব্যৱহৃত স্থিতিশক্তিৰ উচিত প্ৰয়োগ কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰ আৰু ৰাষ্টা বিচাৰি উলিয়াইছে ।
তেনে টকা ঘটাৰ ভিন্ন পথ অন্বেষণৰ ফলতে কিছুমান বুধিয়ক মানুহে বিচাৰি পাইছে এটা সহজতম উপায়সি হৈছে-‘ধৰ্মৰ নামত ব্যৱসায়’,য’ত আপোনাক মূলধনৰো প্ৰয়োজন নহয়, আৰু নালাগে কোনো অৰ্হতাৰো !মাথো লাগে এটা চতুৰ মগজু আৰু উচিত কাৰ্যপন্থা ।
   
আপুনি সদায় চাৰিআলিৰ তামোলখো‌ৱা দোকানখনৰ কাষত অথবা ওখ বটজো‌পাৰ তলতে সৰুকৈ এখন শি‌ৱৰ আলোকচিত্ৰৰে আপোনাৰ ব্যৱসায়ৰ আধাৰশিলা স্থাপন কৰক । এলেকাটো পু‌ৱা গধূলি ধুপ-ধুনা-চাকিৰে শুশোভিত কৰি কিছু প্ৰাৰ্থনা
  বা আৰতি জাতীয় কাৰ্যা‌ৱলীৰে মাংগলিক পৰি‌ৱেশ এটা গঢ়ি তুলিবলৈ যপৰোনাস্তি কৰক । আপোনাক নিৰাশ নকৰি ভক্তগণে লাহে লাহে আপোনাৰ মন্দিৰত দৰ্শন দিবলৈ ল’ব । দুটিমান টিলিঙা আৰু ৰঙা পতাকা আঁৰি দিয়ক । হয়তো কোনো এজন ভক্তৰ আশীৰ্বাদত আপোনাৰ সপোনৰ মন্দিৰটোত এদিন টিনৰ চালি আৰু বেৰাও হৈ উঠিব ।এখন দুখনকৈ ৰাষ্টাৰে পাৰহৈ যো‌ৱা বিলাসী গাড়ীৰ আৰোহীসকলৰ আগমণে (আৰু তেৰাসকলৰ বৰঙণিয়ে) আপোনাৰ বুকুখন লাহে লাহে ওখ কৰি তুলিব । ভগ‌ৱানৰ সে‌ৱাত নিজকে উচৰ্গিত কৰিবলৈ পাই আপুনি নিজকে ধন্য মানিব । আৰু ভগ‌ৱানেও আপোনাৰ সে‌ৱাত পৰম সন্তোষ লভি আপোনাক লাহে লাহে ধনী-মানী কৰি তুলিব !
     সিদিনা পৰীক্ষা এটা দিবৰ বাবে ঘৰৰপৰা ওলাই যাবলৈ লৈছোপদূলিমুখতে দুজন সাধুৰ ‌আৱিৰ্ভা‌ৱ হ’ল । পিতবস্ত্ৰ পৰিহিত আৰু চুলি-দাৰিৰ ভাঁজে ভাঁজে সন্যাসিত্বৰ চিন মূৰ্তমান । মই ক’লো, ঘৰ মে অভি আদমী নহি হেঁআপলৌগ কৃপয়া বাদ মে আয়িয়ে ।” তেওঁলোকে ক’লে –‘চাধু কৌ এইছে বিনা হাথছে যানে মদ দিজিয়ে । ঈশ্বৰ আপকৌ ভলাঈ কৰেগা এনে এটা বাক্যবাণে যিকোনো ধৰ্মপ্ৰাণ মানুহৰে অন্তৰ গলাব পাৰিব । তাৰমানে তেওঁলোকে কিবা এটা দক্ষিণা বা দান বিচাৰিছে । (ঈশ্বৰে মোক সহায় কৰিব, আৰু বিনিময়ত মই তেওঁলোকক সহায় কৰিব লাগে !)

তেওঁলোকে হয়তো যদি নিজৰ দুখ দুৰ্দশা বৰ্ণাই আপোনাক কিছু সহায়ৰ বাবে ‌আৱেদন কৰিলেহেঁতেন তেন্তে নিশ্চয় আপুনি ফুটাকড়ি এটাও নিদিলেহেঁতেন !কিন্তু যিহেতু ইয়াত আপোনাৰ ঈশ্বৰ ভক্তিৰ কথা আহি পৰিছে,
গতিকে আপুনি চকু মুদি পাচঁ টকা হ’লেও দিবই । এইটো‌ৱেই এই ব্য‌ৱসায়ৰ আধাৰ সূত্ৰ ।ধনী মানুহ এজনক আন মানুহৰ দুৰ্দশাৰ বিলাপ আপুনি কাহিনী হিচাপেই কওঁক অথবা চকুৰে দেখুও‌ৱাই পতিয়ন নিয়াবলৈ চাওক ;অথবা জী‌ৱনত হঠাতে আপুনি সম্মুখীন হো‌ৱা প্ৰাকৃতিক/অপ্ৰাকৃতিক দুৰ্যোগৰ কথাকে কওঁক , তেওঁ কাহানিও আপোনাক কিছু টকাৰে সহায় কৰিবলৈ আগবাঢ়ি নাহে ,কিন্তু আপুনি ধৰ্মীয় অনুষ্ঠানৰ বাবে আহিছোঁ বুলি এবাৰ কৈ চাওঁক –তেওঁমূহুৰ্ততে হাজাৰ টকা দান হিচাপে দিবলৈ ৰাজী ।

‘ধৰ্মৰ বাবে’ বুলি কিবা এটা যেতিয়া এজন মানুহৰ মনত সোমাই যায়,তেতিয়া তেওঁ লাখটকাৰ দান দিবলৈও কুন্ঠাবোধ নকৰে ,কাৰণ সেই দানে তেওঁক স্বৰ্গগামী কৰিব বুলি তেওঁ দৃঢ়ভা‌ৱে বিশ্বাস কৰে ।
অথচ একেজন মানুহেই খাবলৈ নোপো‌ৱা ৰাষ্টাৰ ভিক্ষাৰীজনক ১টকা এটাৰে সহায় কৰিবলৈ,তেওঁৰ প্ৰতিবেশী দুখীয়া ছাত্ৰজনক কিতাপ এখন কিনি দিবলৈ ইচ্ছাবোধ নকৰে ,কাৰণ তেওঁৰ মতে ঈশ্বৰ মন্দিৰ/মছজিদ/গীৰ্জাত হে থাকে । আৰু আমাৰ সকলো‌ৰে মনত ধৰ্মৰ প্ৰতি থকা এই আস্থাৰ সুযোগ লৈছে ধুৰন্ধৰ বেজ/পণ্ডিত আৰু আন বহুতে ।

আজিকালি দেখা যায়,
ৰেল‌-স্থানৰ সমীপতে হওঁক অথবা বজাৰৰ ভিৰতে হওঁক,হঠাতে আপোনাৰ ইচ্ছা-অনিচ্ছালৈ কেৰেপ নকৰি মূহুৰ্তৰ বাবে ভক্তিভা‌ৱেৰে মন-প্ৰাণ উচপচপ্ কৰাই তুলিব পাৰে প্ৰসাদ আৰু ৰঙা ফোঁটৰ অলংকৰণকাৰী দুই একোজন ভক্ত পূজাৰীয়ে । আপোনাৰ মংগলাৰ্থে সে‌ৱা আগবঢ়ো‌ৱা এনে চলমান ক্ষুদ্ৰ মন্দিৰত তাক্ষণিক ঈশ্বৰ-সে‌ৱাৰ বাবে আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনৰ অতিৰিক্ত কোনো সময়ৰ প্ৰয়োজন নহয় , সকলো সম্মুখতে হাজিৰ ; আপুনি মাথোঁ অৰিহণা হিচাপে কিছু টকা দান কৰিলেই হ’ল !

কোনোবা
এখন বাতৰি-কাকতত পঢ়িবলৈ পালো যে দুদিনমান আগতে  এজন মানুহে ত্ৰিশূল আৰু দম্বৰু লৈ হঠা আহি গাড়ীৰ আগতে হওঁক বা মানুহৰ ঘৰৰ আগতে হওঁক ৰৈ দিয়ে আৰু নাচিবলৈ লয় । তেওঁৰ ভাষ্য এয়ে যে তেওঁৰ গাত সদাশিৱই দেখা দিছে আৰু মানুহৰ মংগলৰ অৰ্থে পঠাইছে । কোনো কোনোজনক তেওঁ বিধানো দিলে মংগলৰ্থে কি কি নীতি-নিয়ম পালিব লাগিব । আমাৰ বিশ্বাস , কিছুমান চতুৰ মানুহৰ ধৰ্মৰ গইনা লৈ টকা ঘটাৰ বিভিন্ন পথ অন্বেষণৰ বাবে কৰা ৱেষণাৰে এয়া এক পৰীক্ষা-নিৰীক্ষা !

বিহু,পূজা,জন্মোৎস‌ৱ আদিৰ আগে আগে গাঁৱে-চহৰে সকলোতে চান্দা তোলাৰ ধূম উঠে । পুলিছে ‌ট্ৰাক-মটৰৰপৰা কৰ সংগ্ৰহ কৰা আৰু পূজা সমিতিয়ে এনে চান্দা তোলাৰ মাজত আজিকালি একো প্ৰাৰ্থক্য নাই যেনেই লাগে ।আপুনি যদি পাঁচটকা এটা অৰিহণা হিচাপে আগবঢ়ায়, তেনেহ’লে তেওঁলোকৰ তীৰ্যক বাক্যবাণ তথা হুমকিৰে আপোনাৰ অ‌ৱস্থা তথৈবচ হৈ পৰিব । ধৰ্মীয় অনুষ্ঠানৰ বাবে আগবঢ়ো‌ৱা দান-বৰঙণিত দেখোন কোনো  নিন্ম-সীমা থাকিব নালাগিছিল ,যাৰ যি ইচ্ছা বা যিমান পাৰে ;সিমানেই দিব পাৰিব লাগিছিল !

আৰু এই যে পূজাৰ মণ্ডপ গলিয়ে প্ৰতি একোটাকৈ হয় ,তাৰ কিবা ধৰা-বন্ধা নিয়ম আছে নেকি ? যে আমাৰ চুবুৰীত নাপাতিলে আমাক পাপে চুব ! কিয় আমি এখন চহৰৰ বা গাঁৱৰ আটাইখিনি মানুহে গোট খাই সম্প্ৰীতিৰে মাত্ৰ এঠাইতে পূজা পাতিব নো‌ৱাৰো ? কিয় ? কাৰণ সকলোৰে সেই একেই ইচ্ছা, নিজৰ পকেট গৰম কৰা ! চান্দা-অৰিহণাৰ টকা আৰু খৰছৰ হিচাপবোৰ কিমান ৰাজহু‌ৱা হয় সেয়া সকলো‌ৱে জানে ।

ধৰ্মীয়া অনুষ্ঠান,উৎস‌ৱে হেনো একতাৰ দোলেৰে সমাজখন বান্ধে । আজিৰ সমাজত এনে ভাগে ভাগে  হো‌ৱা এই উৎস‌ৱবোৰে আমাক চোন বিচ্ছিন্ন হে কৰিছে ।

আজিকালিৰ মন্দিৰবোৰত
আধুনিকতাৰ ইমানেই পৰশ পৰিছে যে এটা মন্দিৰ বনাবলৈ কোটি টকালৈকে খৰছ কৰা হয় ,যি সময়ত হাজাৰ হাজাৰ গৃহহীন নৰ-নাৰীয়ে তাৰ কাষতে মুকলি আকাশৰ তলত বাস কৰে ।মাৰ্বল-পাথৰ, ‘টাইলছ’ৰে নিৰ্মিত গৃহটিৰ চৌপাশে আকৌ সন্ধ্যা বেলা চকু চাঁট মাৰি ধৰা উজ্জ্বল ৰঙীন পোহৰৰ খেলা ! ঈশ্বৰ আৰাধনাৰ বাবেতো ইমান ৰাজকীয় পৰি‌ৱেশৰ প্ৰয়োজন নাছিল ! কিয় লাগে এইবোৰ ? এইবোৰ আচলতে একো একোটা বিজ্ঞাপন । সেই ধৰ্মানুষ্ঠানটোৰ অ‌ৱস্থিতি আৰু উপস্থিতিৰ বিষয়ে যাতে অধিক মানুহ জ্ঞাত হয় । অধিক মানুহ আকৰ্ষিত হওঁক –অধিক দান বৰঙণি উঠক । আৰু দানকৰ্তাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰা হওঁক-যাতে মন্দিৰ সমিতি(তথা বিষয়ববীয়াসকল) তাৰপৰা উপকৃত হ’ব পাৰে । আমি শংকা কৰো কিছুদিন পিছত চাগৈ দুখীয়া মানুহৰ প্ৰ‌ৱেশ এইবোৰত  নিষিদ্ধ কৰা হ’ব ।

এটকীয়া পইচা দলি মাৰি দিয়া হনুমান মন্দিৰৰ দৈনিক
শ শ টকাবোৰ ক’লৈ যায় ? ভগ‌ৱানে কাহানিও দৈনিক হিচাপত ইমান টকাৰ বৰঙণি গ্ৰহণ নকৰে । শুদ্ধ মনোকামনাৰে দিয়া যসামান্য অৰিহণাতে হেনো তেৰা সন্তোষিত হয় । যেনেদৰে দে‌ৱীলৈ আগবঢ়াই দিয়া বলিৰ পাথা ছাগলী বা হাঁহ-কুকুৰাবোৰ প্ৰসাদস্বৰূপে ভক্তস‌ৱেই গ্ৰহণ কৰে । সেইদৰেই এই হাজাৰ হাজাৰ দানৰ মুদ্ৰাবোৰো নিশ্চয় কাৰোবাৰ পকেতস্থ হয় ।

নতুনকৈ গঢ় লো‌ৱা সৰু সৰু মন্দিৰ/মঠবোৰ ৰাষ্টাৰ কাষতে যে হ’বলৈ পায় ,কি কাৰণে ?অলপ ভিতৰতো হ’ব পাৰিছিল । কাৰণ , তেওঁলোকৰ ‘টাৰ্গেত’ হ’ল এইসকল ‘ফ্লাইং কাষ্টমাৰ’ । অৰ্থা এখন গাওঁ,চহৰ বা এটা এলেকাৰ সীমিত জনসংখ্যাৰে উপাৰ্জন বা লাভালাভৰ অংকটো সদায় সৰু হৈয়েই থাকিব, গতিকে কিছুমান যদি ‘উৰণীয়া গ্ৰাহকে’ দৈনিক ভূমুকি মাৰেহি তেওঁলোকৰ চোতালত,তেন্তে সেই লাভালাভৰ অংকটো‌ৱেও মোটা পৰিমাণলৈ ৰূপান্তৰিত হ’ব । এইবোৰ হৈছে ব্যৱসায়ৰ সৰলতম সূত্ৰ ।

শনি মন্দিৰবোৰ দেখা যায় বজাৰৰ চুকত
বা গলিৰ কাষত । মহানগৰত এহাত মানৰ আঁতৰে আঁতৰে শনি মন্দিৰ ।তোমাৰ শণি বেয়া ।শণি লাগিছে ।গতিকে শনি মন্দিৰত গৈ ইমান টকা আৰু এনে বিধানেৰে তেওঁক সন্তোষিত কৰিব লাগিব । ’-এইবোৰ কথাত আমাৰ মানুহ ভোল যায় আৰু নিজৰ ভাগ্যক দোষ দি নেদেখাজনক সন্তুষ্ট কৰিবলৈ উঠিপৰি লাগি যায় ।আচলতে কোনো মানুহৰে শনি নালাগে (বা শনি বেয়া নহয়) । তেওঁলোকক আপাতত বিশ্বাস কৰো‌ৱা হয় এইবোৰৰ সপক্ষে , যাৰ আঁৰত কিছু সুবিধাবাদী চতুৰ মানুহৰ অভিসন্ধি লুকাই থাকে ! নিজৰ হাত দুখনক বিশ্বাস কৰা আৰু বিবেকক প্ৰাধান্য দিয়া যিকোনো মানুহে তথাকথিত শনিৰ উপদ্ৰ‌ৱৰ পৰা নিজকে সকলো সময়তে বচাই ৰাখিব পাৰে !

আপুনি নিশ্চয়
মোবাইল ফোন’এচ.এম.এচ. পায় –“আপুনি ব্যৱসায়ত কিয় সফল হো‌ৱা নাই /আপোনাৰ পঢ়া-শুনা তথা কেৰিয়াৰত ক’ত বাধা আছে/চাকৰি কিয় পো‌ৱা নাই” –এইবোৰৰ উত্তৰ পাবলৈ অমুক নম্বৰত ডায়েল কৰক । যেন তেওলোক সাজু হৈ আছে আপনাৰ সহশ্ৰ সমস্যাৰ সমাধান এক মিনিটতে দি আপোনাক সুখী কৰি তলিবলৈ । ধন-মান-ঐশ্বৰ্যৰে আপোনাক সমৃদ্ধিবান কৰিবলৈ ।দূৰদৰ্শনৰ পৰ্দাত হাজাৰটা বিজ্ঞাপন –আমাৰ অমুক অমুক ৰক্ষাকবচ লওক আৰু নানান অশুভ শক্তিৰ পৰা নিজকে দূৰত ৰাখক ।এই মালা পৰিধান কৰক –কোনোধৰণৰ কূপদৃষ্টিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক চুব নো‌ৱাৰে ।ইত্যাদি । আটাইতকৈ আমোদজনক কথা এয়ে যে এনে বিজ্ঞাপনত কেতিয়াবা সন্যাসী একোজনেও ভাগ লয় ;যাৰ কথা কো‌ৱাৰ ধৰণতে কোনো কোনো ধৰ্মভীৰুয়ে সেই মালা বা ৰক্ষাকবচ কিনিবলৈ মন মেলে । ধৰ্মৰ বাণিজ্যিকিকৰণৰ এনে প্ৰভা‌ৱ যে এনে ধৰ্মীয় সা-সৰন্জামৰ লগতো আকৌ ‘বিনামূলীয়া সামগ্ৰী বা উপধৌকন উপলব্ধ হয় ।

শংকৰী সমাজ বা অন্য ব্ৰাহ্মণ সমাজত
কিছুমান বিধি-বিধান মানি চলা দেখা যায় ।তেনে দুই এটা হ’ল--গাহৰি বা কুকুৰা চৰাই ঘৰত পোহা নিষিদ্ধ ,সম্বন্ধীয় মানুহৰ লগত আৰু অন্য জাত-কুল-ধৰ্মৰ মানুহৰ লগত বিয়া হো‌ৱাটো নিষিদ্ধ । ঠিক তেনেদৰে সমাজে এৰি থো‌ৱা অথবা অন্য ধৰ্মা‌ৱলম্বী বা অন্য পন্থাৰ মানুহৰ লগত খা‌ৱন-শো‌ৱনো নিষিদ্ধ বা ছো‌ৱালী পলু‌ৱাই নিয়াও পাপ । এনে বিধানবোৰৰ যুক্তিগত বা বিজ্ঞানসন্মত দিশ সদ্যহতে আলোচনা নকৰি একে সময়তে আমি যদি লক্ষ্য কৰোঁ,এনে নীতি-নিয়ম ভংগ কৰাসকলক, পুণৰ একে সমাজতে সসন্মানে থকাৰ অধিকাৰ দিয়া হৈছে প্ৰায়শ্চিত্তৰ জৰিয়তে ।প্ৰায়শ্চিত্তৰ বাবে দোষীয়ে কৰিবলগীয়া কাজ হ’ল মাথো নিৰ্ধাৰিত পৰিমাণৰ শুল্ক(Penalty Fine)ৰে সৈতে ৰাইজৰ ওচৰত আঁঠু লো‌ৱা আৰু নাম-কীৰ্তনসহ ভকতসকলক ভোজন কৰো‌ৱা (সমাজভেদে কিছু বেলেগ হ’ব পাৰে) । সঁচা ধৰ্মানুভ‌ৱেৰে এই প্ৰায়শ্চিত্ত যথাৰ্থ ।কিন্তু আজিৰ সমাজৰ ৰেহ-ৰূপলৈ লক্ষ্য কৰিলে এনে লাগে এই প্ৰায়শ্চিত্ত যেন এটা তেনেই টুলুঙা ভেলেকীবাজী !কাৰণ প্ৰায়শ্চিত্ত আছে বুলি জানিয়েই বহুতো সাহসী ডেকাই উপৰোক্ত বিধি-বিধানবোৰ হেলাৰঙে উলংঘণ কৰি আহিছে । তেওঁলোকৰ মতে ‘বুঢ়াভকত কেইটাক ফিটিং কৰিলেই হ’ল!’। এয়া একপ্ৰকাৰৰ অধৰ্ম নহয়নে ?

বহু সমাজত দেখা যায়, নামঘৰৰ মুখীয়াল বুঢ়া ভকত কেইজন,যিয়ে সমাজখন সুধৰ্ম সুসংস্কৃতিৰে আগু‌ৱাই নিয়াত আগভাগ ল’ব লাগিছিল ,তেওঁলোকেই নানান বেমেজালিত লিপ্ত হৈছে ।
গাভৰু ছো‌ৱালীয়ে ৰন্ধা ভাত তেৰা সকলে নাখায়, বিবাহিত আৰু দিক্ষা লো‌ৱা ভক্ত বৈষ্ণ‌ৱে ৰান্ধিলেহে খাব । কিন্তু দেখা পাব, তেনে দুজনমানেচোন  চহৰৰ হোটেলত আপোনমনে উদৰ পূৰাই খো‌ৱা বোৱা কৰে, য’ত ৰান্ধনীৰ জাত-পাত আৰু চাফ-চিকুণতাৰ অলপো প্ৰশ্ন কৰা নহয় ! ভাঁওনাৰ ৰাতি কোনোবাজনে হয়তো সেই পনীয়াবিধেৰেই আত্মশুদ্ধি কৰিছে ।

অ‌ৱশ্যে এই ধৰ্মস্খলন অকল হিন্দু সমাজতে নহয়, ইছলাম বা খ্ৰীষ্ট ধৰ্মও নৈতিক প্ৰদূষণৰ বলি হৈছে । পৃথি‌ৱীৰ বহু মছজিদ জেহাদি সকলৰ শিবিৰ হৈ পৰিছে । বহু ঠাইত ‘ফাদাৰ/চিষ্টাৰ’সকলৰ অনৈতিক কাণ্ড-কাৰখানাৰ কথাও শুনা যায় ।

ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা থকাতো নিতান্তই অপৰিহায্য ।
কিয়ণো ধৰ্ম হৈছে এনে এক অস্ত্ৰ যাক সকলো মানুহেই একপ্ৰকাৰৰ ভয় আৰু ভৰসা কৰে । ধৰ্ম অবিহনে আজিৰ পৃথি‌ৱীত মানুহ বৰ্তি থকাই অসম্ভ‌ৱ হ’লহেঁতেন । নিজৰ মাজতে কটা-চিঙা আৰু মাৰ-ধৰ,কাজিয়া কৰি ‘মানুহ’ নামৰ জী‌ৱবিধ ডাইনোছৰৰ দৰে বিলুপ্ত হৈ পৰিলহেঁতেন । কাৰণ, ‘পাপ লাগিব’ বা ‘নাপায়’ বোলা কথাষাৰে মানুহৰ আদিম চেতনা আৰু বহুক্ষেত্ৰত কাম-ক্ৰোধ-লোভ-মোহ আদিকো দমন কৰি ৰাখিবলৈ সক্ষম হৈছে ।ই অতিকেই জৰুৰী ।

আমি আশা কৰোঁ,
সাধাৰণ মানুহে যাতে ধৰ্মৰ নামত চলি থকা ব্যভিচাৰ তথা প্ৰহসনবোৰ চিনি পায় আৰু যেন েইবোৰলৈ সহযোগিতা আগ নবঢ়ায় । সমাজত ধৰ্মই একতা বঢ়াওক । মানুহক নম্ৰ ,বিনয়ী, পৰো‌পকাৰী হ’বলৈ শিকাওক । মান‌ৱতাৰ জয়গান গাওঁক ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...