লেখা অনুসন্ধান কৰক

Showing posts with label সমাজসে‌ৱা. Show all posts
Showing posts with label সমাজসে‌ৱা. Show all posts

Thursday, April 28, 2016

নিৰ্বাচনী প্ৰচাৰত অপব্য‌ৱহৃত টকাৰ সদ্ব্য‌ৱহাৰ


আজিকালি দেখা যায় যে, নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলেই হওঁক বা ব্যক্তিবিশেষেই হওঁক, ভোটাৰক আকৃষ্ট কৰিবৰ বাবে বেনাৰ-পোষ্টাৰৰপৰা আৰম্ভ কৰি বৈদ্যুতিন মাধ্যম, চ’চিয়েল মেডিয়া, ছপা মাধ্যম ইত্যাদি সকলো মাধ্যমেৰেই নিজৰ নিজৰ গুণ-গান বখানি প্ৰচাৰ চলাবলৈ উঠি-পৰি লাগি যায় । কোনো এটা দলে যদি বাতৰি-কাকতত পৃষ্ঠাজোৰা বিজ্ঞাপন দিয়ে, তেন্তে আন এটা দলে দূৰদৰ্শনত দীঘলীয়া বক্তব্য ৰাখে । এটা দলে যদি নিজৰ সুকীৰ্তিৰ কথা দোহাৰে, আন এটা দলে সিটো দলৰ দোষ খোঁচৰে । আৰু এইখিনি কৰিবৰ বাবেই চহৰে-নগৰে গাঁ‌ৱেঁ-ভূঞেঁ বিয়াগোম আকাৰৰ হোৰ্ডিং অঁৰা হয় । হেলিকপ্তাৰত উঠি হ’লেও আগেয়ে কাহানিও গৈ নো‌পো‌ৱা ঠাইলৈ গৈ ভোট ভিক্ষা কৰা হয় । একো-একোজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবৰ বাবে নামী-দামী ‘ষ্টাৰ কেম্পেইনাৰ’ বা ‘চিলেব্ৰিটী’ক নিমন্ত্ৰণ জনাই ৰাজহু‌ৱা সভা পতা হয় । এই সভাবোৰ আয়োজন কৰোতে কোটিৰ ওপৰত টকা খৰছ কৰা হয়, যিবোৰৰ দৰ্শক-শ্ৰোতাসকলকো দিনটোৰ হাজিৰা আৰু অহা-যো‌ৱাৰ খৰছ তথা খো‌ৱা-বো‌ৱা দি ‘হায়াৰ’ কৰি অনা হয় । সুকীৰ্তিৰ গুণগান কৰা সম্প্ৰচাৰ সকলোখিনিৰ কিন্তু ভোটদানৰ আগে আগেই সামৰণি পৰে । ইয়াৰ অৰ্থ এয়ে যে কে‌ৱল ভোট পো‌ৱাৰ স্বাৰ্থতে সকলো দল বা প্ৰাৰ্থীয়ে এনে বৰশীত দিয়া টোপৰ দৰে সৰ্বসাধাৰণক অধিক প্ৰাপ্তিৰ স্বপ্ন দান কৰে ।
      এই টোপ দিয়াৰ নামতো এক বিশাল অংকৰ টকা-পইছা খৰছ কৰা হয় । কাৰণ, বৰ্তমানে ৰাজনীতিত নমা প্ৰতিজন প্ৰাৰ্থীয়ে অন্ত:কৰণে বিশ্বাস কৰে যে সাধাৰণ ভোটাৰক উপৰিউক্ত সকলো প্ৰকাৰৰ প্ৰচাৰ অভিযানেৰে মোহিব নো‌ৱাৰিলেও এটা অস্ত্ৰই নিশ্চিতভা‌ৱে মোহিব পাৰে, সেয়া হ’ল :-  মদ-সূতা-কম্বল-আঁঠু‌ৱা আৰু টকা । এইকেইটা প্ৰাথমিক(!) প্ৰয়োজন পূৰণ হ’লে আমাৰ বহুতো অশিক্ষিত(তথা শিক্ষিত) ভোটাৰ যথেষ্ট পৰিমাণে সন্তুষ্টও যে হয়, সেই কথাটো অ‌ৱশ্যে একেবাৰে অস্বীকাৰ কৰিব নো‌ৱাৰি । কিন্তু ৰাজনীতিবিদসকলে জানি আমোদ পাব যে, আজিকালিৰ সৰ্বসাধাৰণ অশিক্ষিত ভোটাৰো সেই পুৰণিকলীয়া নদাই-ভদাই হৈ থকা নাই যে আপোনাৰপৰা টকা-কম্বল লৈ ভোটটি আপোনাকেই দিব । এনে সুবিধাবাদী ভোটাৰে আজিকালি প্ৰতিজন প্ৰাৰ্থীৰপৰাই এনেদৰে টকা বা উৎকোচ লৈ নিৰ্বাচনৰ আগেয়েই চহকী হৈ লয় । তাৰ পাছত ভোটটো কাক দিয়ে সেয়া কে‌ৱল বেলট-বাকচেহে জানে । অসমৰ মানুহ পূৰ্বতে কাহানিও এই ধৰণৰ সুবিধাবাদী চৰিত্ৰৰ নাছিল । এনে এটা পৰি‌ৱেশ ৰাজ্যখনত সৃষ্টি কৰাৰ বাবে প্ৰকৃততে দায়ী উৎকোচ দিবলৈ আগবাঢ়ি অহা সেই চতুৰ ৰাজনীতিবিদসকলেই ।
      আমাৰ প্ৰশ্ন হৈছে, যিবোৰ সভা-সমিতি পাতিবলৈ কোটিৰ ঘৰত টকা খৰছ কৰা হৈছে আৰু যিবোৰ ভাষণৰ সাৰ-মৰ্ম উপস্থিত থকা কোনো এজন শ্ৰোতা-দৰ্শকেও হৃদয়েৰে বুজিবলৈ কাহানিও চেষ্টাই নকৰে, তেনে আয়োজনৰ প্ৰয়োজনেই বা কি ? কোনো এটা আঁচনিৰ বাবে যদি এটা দলে কৃতিত্ব ল’ব খোজে,  তেন্তে সিটো দলে আকৌ জনতাক পতিয়ন নিয়াব খোজে যে আচলতে সফলতাৰ দাবীদাৰ তেওঁলোকহে ! গতিকেই একেখন ফটো, একেখিনি কথাকে ভিন্ন দৃষ্টিকোণেৰে ভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ মতেৰে ৰাইজৰ আগত প্ৰকাশ কৰে। এনে ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে কোনো সিদ্ধান্ত ল’ব নো‌ৱাৰা এটা বাতাবৰণৰহে সৃষ্টি হয় । গতিকে ক’ব পাৰি যে, বৰ বৰ হৰফেৰে ঢাক-ঢোল বজো‌ৱা বিজ্ঞাপনসমূহেও সাধাৰণ মানুহৰ বিচাৰ-বুদ্ধি বা জ্ঞানৰ কোনো ধৰণৰ পৰিবৰ্ধন বা পৰিবৰ্তন কৰিব পৰা নাই । সেই হেতুকেই আমাৰ এনে অনুভ‌ৱ হয় যে,এই প্ৰচাৰ অভিযানৰ নামত উৰু‌ওৱা টকাখিনিয়ে প্ৰকৃতাৰ্থত দলৰ বাদেই, আন কোনো এজন সাধাৰণ মানুহকে লাভান্বিত কৰিব পৰা নাই । ভা‌ৱি আচৰিত লাগে, এঘন্টাত ষাঠি-সত্তৰ হাজাৰ টকা ভাড়া দি হেলিকপ্তাৰত উঠি ঘুৰি ফুৰিব পৰা কোটিপতি এজনে ব্যক্তিগতভা‌ৱে হয়তো ৰাইজৰ নামত ফুটা কড়ি এটাও খৰছ কৰি নাপায়, অথচ তেওঁ ৰাইজৰ সে‌ৱাৰ বাবেই মন্ত্ৰী,বিধায়ক হ’ব খোজে। কিমান নিৰ্ল্লজ্জ ৰাজনীতি! আমি ক’ব খোজো যে যিসময়ত অসমত নিৰ্বাচনী-প্ৰচাৰৰ নামত আজি কোটি কোটি টকা প্ৰাৰ্থীসকলে খৰছ কৰি আছে আৰু যিবোৰ টকাৰ খৰছেৰে কোনো সামগ্ৰিক বা সামাজিক উন্নয়ণ আজিকোপতি হো‌ৱা নাই, তেনে ক্ষেত্ৰত সেই টকাৰ উচিত ব্যৱহাৰেৰে সমাজৰ বহুখিনি উন্নতি কৰিব পাৰি । কোনো কোনোজনৰ পকেট গৰম হো‌ৱাৰ সলনি যদি কিবা প্ৰকাৰে টকাখিনি ৰাইজৰ সমূহীয়া উন্নয়ণৰ বাবে খটু‌ৱাব পৰা যায়, তেন্তে প্ৰতি নিৰ্বাচনৰ আগে আগে অসমৰ চেহেৰাই সলনি হৈ থাকিব । যদি কোনো ধনী সে‌ৱকৰ ইমানেই জনসে‌ৱা কৰিবলৈ মন আছে, তেন্তে তেওঁ নিৰ্বাচনৰ বাবে সাঁচতীয়া টকাখিনিৰে নিজৰ অঞ্চলত  সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাষ্টা-ঘাট, বজাৰ-সমাৰ, দলং,দমকল, সমূহীয়া ভ‌ৱন, গ‌ৱেষণাগাৰ, পুথিভঁৰাল ইত্যাদি স্থাপন তথা মেৰামতিৰ বাবে চিন্তা কৰিব পাৰে । আৰু এনে সমাজসে‌ৱাৰ উদাহৰণ স্বচক্ষে প্ৰত্যক্ষ কৰিলে সমাজৰ প্ৰতিজনেই তেখেতক ভোট দি জিকাবৰ বাবে স্বয়ংক্ৰিয়ভা‌ৱে সচেতন হ’ব ।
      আৰু এটা অতি কম-খৰছী তথা দৰকাৰী প্ৰচাৰ অভিযান হৈছে একেখন মঞ্চতে সকলো প্ৰাৰ্থীয়ে একেলগে ভাষণ ৰখা কামটো । এই প্ৰথাৰে নিৰ্বাচনী-প্ৰচাৰ চলো‌ৱাটো প্ৰায় সকলো উন্নত গণতান্ত্ৰিক দেশতে দেখা যায় । এনে অনুষ্ঠানত জনসাধাৰণে প্ৰতিজন প্ৰাৰ্থীকে মুখামুখিকৈ প্ৰশ্ন কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলেও জনতাৰ প্ৰকৃত দুখ-কষ্ট বা প্ৰয়োজনসমূহৰ বুজ ল’ব পাৰিব । গতিকে, ইয়ে জনসাধাৰণক প্ৰাৰ্থীৰ প্ৰকৃত যোগ্যতা নিৰূপণ কৰিবলৈ সুযোগ দিয়ে আৰু প্ৰাৰ্থীসকলক এক প্ৰকাৰে সৎ তথা সমাজসে‌ৱী হ’বলৈ বাধ্য কৰায় । আমাৰ দেশতো ভোটাৰ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰি আমি এইদৰে দুই-এটা মিতব্যয়ী পদ্ধতিৰ সদ্ব‌্য‌ৱহাৰ কৰিব জানিলে আজিৰ ৰাজিনীতিবিদসকলে ভ‌ৱাৰ দৰে “ৰাজনীতি এক ব্য‌ৱসায়, য’ত লাখৰ ঘৰত বিনিয়োগ কৰিলে কোটিৰ ঘৰত আয় কৰিব পাৰি”- এই ধৰণৰ কু-সংস্কাৰ উফৰাই পেলাই সমাজত প্ৰকৃত গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰিব পৰা যাব ।
----------------------------------------০০০------------------------------------

Friday, February 20, 2015

"সমাজসে‌ৱা কৰাৰ হেঁপাহ"




সম্প্ৰতি অসমত দেখা পো‌ৱা অতি সুলভ দৃশ্য হৈছে নিৰ্বাচন উপলক্ষে হো‌ৱা উলহ-মালহ । আসনখন লাগিলে পঞ্চায়তৰ সভাপতি পদৰেই হওঁক, পৌৰসভাৰ সদস্য পদৰেই হওঁক অথবা বিধায়ক-সাংসদৰে হওঁক, কোনে কিমান আসন অধিকাৰ কৰিব পাৰে, তাৰেই প্ৰতিযোগিতা চলে অবিৰত। প্ৰাৰ্থীসকলৰো খদমদম লাগে । কোনফালে কেনেকৈ  অংক মিলাব পাৰি তাৰেই হিচাপ-নিকাছে সকলো প্ৰাৰ্থীৰে খা‌ৱন-শো‌ৱন হৰণ কৰে । তেৰাস‌ৱৰ নিৰ্বাচনী প্ৰচাৰ দেখি এনে লাগে যেন কোনে কিমান সাঁচতীয়া ধন খৰছ কৰিব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে । পোষ্টাৰ-বেনাৰৰ পৰা আৰম্ভ  কৰি,বেণ্ড-পাৰ্টী,চাহ-পানী আৰু মদ-মাংসৰ ‘খানা’লৈকে সকলো তেওঁলোকে যোগান ধৰে । আৰু ভা‌ৱি আচৰিত লাগে, নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰিবলৈও কোনো এজনে যেন কণমানো কুন্ঠাবোধ নকৰে । কাৰণ, তেওঁলোক অতি নিশ্চিত যে, এবাৰ জয়ী হ’ব  পাৰিলেই এই খৰছ হো‌ৱা পইচাখিনিৰ বিনিময়ত তাৰ হাজাৰগুণৰ মুনাফা লুটিব পাৰিব ।

এনে লাগে যেন, নিৰ্বাচনৰ দিনকেইটাত প্ৰাৰ্থীসকলৰ সাংগোপাংগ নেতা,  পালি-নেতাসকলো কিবা এক অজান ৰাগীৰে মতলীয়া হয়, যি নিচাৰ আমেজ সাধাৰণ মানুহৰ বাবে হয়তো বোধগম্য নহয় । প্ৰাৰ্থীগৰাকীৰ বাবে কাম কৰা প্ৰতিজনেই
যেন তেওঁক জিকাবৰ বাবে প্ৰাণ দিবলৈও সাজু আছে । কিন্তু আজিৰ দিনত  স্বাৰ্থবিহীন এনে আনুগাত্য সহজে দেখা পো‌ৱা নাযায়। স্বাভা‌ৱিকতেই প্ৰশ্ন হয়, তেওঁলোকে সঁচাই নিস্বাৰ্থভা‌ৱে তেওঁলোকৰ জনপ্ৰিয়(!) দলপতিজনৰ বাবে  কাম কৰিব বিচাৰিছে নে ? আচলতে এই প্ৰশ্নৰ উত্তৰ সকলো‌ৱে জানেই  – সেয়া হৈছে তেওঁলোকৰ দলপতিজন জিকাৰ পাছত তেওঁলোকক নিশ্চয় ঠিকা-ঠুকলি বা অন্য কোনো সংস্থাপনৰ ব্য‌ৱস্থা প্ৰাৰ্থীজনে দিব লাগিব । শুনিবলৈ পো‌ৱামতে,  চুব্বা ডাঙৰীয়াৰ দৰে বিয়াগোম শক্তিশালী প্ৰাৰ্থীৰ ক্ষেত্ৰত অনুগামীসকলৰ বন্দো‌ৱস্তবোৰো হেনো বৰ আকৰ্ষণীয় হয় !  গতিকেই এই কথা অতি সহজেই অনুমেয় যে, এনে বন্দো‌ৱস্তৰে দায়বদ্ধ হৈ থকা জননেতা এজনে নিৰ্বাচনত জিকাৰ পাছত নিশ্চয় সেই  প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবেই নানান প্ৰকাৰে দুৰ্নীতিত লিপ্ত হ’বলগীয়াত পৰে । নিৰ্বাচনৰ প্ৰচাৰ  তথা অন্য কুটনীতিত নিজৰ খৰছ হো‌ৱা ধন(মূলধন!) সমুদায় হস্তগত  কৰাৰ পাছতহে তেখেতে চিন্তা কৰিবপৰা হয় লাভ-লোকচানৰ হিচাপ । বহুতো ধনকুবেৰে আকৌ এইসকলক নিৰ্বাচনৰ আগেয়ে ‘ফাইনেঞ্চ’ৰ সুবিধা প্ৰদান কৰে । গতিকে ক’ব পাৰি,  ভাৰতবৰ্ষত বৰ্তমানে ৰাজনীতি ‘খেলা’ বিষয়টো এটা উত্তম বিনিয়োগৰ আহিলা হিচাপেই বিবেচিত হৈ আহিছে । নহ’লে মাত্ৰ পাঁচবছৰতে সীমিত দৰমহাৰে এজন মন্ত্ৰী বা বিধায়কে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সুযোগ পায় ক’ত ? আৰু এই  ধাৰাটোকেই লক্ষ্য কৰি বহু চতুৰ ধুৰন্ধৰ লোকে দুৰ্নীতিৰ বিষবাস্প ৰাজনীতিৰ প্ৰতিটো চুকে-কোণে বিয়পাই পেলাইছে । সেয়া হ’বলা আজিকালি গা‌ৱেঁ-ভূঞেঁ, চহৰে–নগৰে জনপ্ৰতিনিধি হো‌ৱাৰ উজান উঠিছে । তেওঁলোকৰ দৃষ্টিত পদবীটো  কিমান গুৰুতৰ, সেয়া সিমান ডাঙৰ কথা নহয়, মাথো তেওঁ জনসে‌ৱা(!) কৰিবলৈ পালেই হ’ল ।    এনে জনসে‌ৱকৰ পৰা সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰিব ? আমাৰ সন্দেহ হয়, এনে প্ৰাৰ্থী এজন নিৰ্বাচনত জিকাৰ পাছত হয়তো তেওঁ নিজৰ ঘৰৰ কাষেৰে যো‌ৱা  ৰাষ্টাটোৰ মেৰামতিও কৰাবলৈও যেন পাহৰি যাব । 

এখন স্বচ্ছ নিকা দেশ গঢ়িবলৈহ’লে নাগৰিকসকলে কৰ্মক্ষম আৰু সৎ প্ৰতিনিধি নিৰ্বাচন কৰাটো অতিকেই জৰুৰী  । কিন্তু যেতিয়ালৈকে এই দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ভোটটিৰ মূল্য বুজি নাপাব,তেতিয়ালৈকে আমি নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰেই দশা হৈ থাকিব । অৱশ্যে ইয়াৰ বাবে প্ৰকৃত সমাজমুখী, পৰোপকাৰী অন্তৰৰ যোগ্য মানুহে  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোও অতিকেই দৰকাৰী । আমাৰ দেশত দেখা যায় যে, নিৰ্বাচনৰ আগদিনা কোনো‌ এজন লোকে মাত্ৰ দহ টকা এটাও প্ৰাৰ্থী এজনৰ পৰা লৈ যদি নিজৰ ভোটটো বিক্ৰী কৰিছে, তেন্তে নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছত তেনে  দহটকীয়া হাজাৰটা নোটৰ বিনিময়তহে তেওঁ নিজৰ প্ৰমাণপত্ৰখন বা অন্য ৰাজ-সাহাৰ্য এটা প্ৰাৰ্থীজনৰপৰা পাবলৈ সক্ষম হয় । এইধৰণৰ শিক্ষা চকুৰ
আগতে পাই থাকিও আমাৰ ভোটাৰসকলৰ জ্ঞান নহয়, কাৰণ ভাৰতৰ অধিকাংশ অশিক্ষিত  লোকেই ক্ষণিকৰ ভোগ নিবাৰণৰ বাবেই ব্য‌স্ত থাকে, যাৰ কোনো দূৰদৰ্শিতা নাই । আৰু এই সুযোগৰ পূৰামাত্ৰেই সদ্ব্য‌ৱহাৰ কৰি আহিছে বছৰৰ পাছত বছৰ ধৰি
আমাৰ ধুৰন্ধৰ ৰাজনীতিকসকলে ।
         আমাৰ আহ্বান, দেশৰ সে‌ৱাৰ বাবে ,দহৰ মংগলৰ বাবে নি:স্বাৰ্থভা‌ৱে কাম  কৰিবলৈ যু‌ৱপ্ৰজন্ম ওলাই আহক । ৰাজনীতি এটা এনে বিষয়, যাক সম্পূৰ্ণভা‌ৱে অৱহেলা কৰি আমাৰ অৰ্থনীতি বা সমাজ-ব্য‌ৱস্থা চলিব নো‌ৱাৰে । গতিকে ইচ্ছা  থাকিলে আমিয়েই আমাৰ দেশৰ ভ‌ৱিষ্যৎ গঢ়িব পাৰো । কুশাসনৰ কবলৰ পৰা দেশখনক বচাব পাৰো । যিসকলে প্ৰত্যক্ষ ৰাজনীতিৰপৰা দূৰত থাকিব খোজে, তেওঁলোকে স্বেচ্ছাসে‌ৱী সংগঠন খুলি সমাজসে‌ৱা কৰিব পাৰে । মুঠৰ ওপৰত, সুঁতি যিয়েই
নহওঁক লাগিলে, বৰ্তমান সময়ত আমাক নেতাৰ প্ৰয়োজন হো‌ৱা নাই ; প্ৰয়োজন হৈছে  সুদক্ষ সমাজসে‌ৱকৰহে ।
                -------------------------------০০০----------------------------
               -অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২
               (দূৰভাষ=৯৪৩৫১৫২৭৬৮)

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...