লেখা অনুসন্ধান কৰক

Showing posts with label Students. Show all posts
Showing posts with label Students. Show all posts

Thursday, October 27, 2011

“অভিযন্তা হো‌ৱাৰ গৌৰ‌ৱ”



নামভৰ্তিৰ বাবে হো‌ৱা বাছনী-পৰীক্ষাৰ ফলাফল ঘ‌োষণাৰ দিনা নিজৰ নামটো উত্তীৰ্ণসকলৰ তালিকাত দেখি কিমান এটা যে শিহৰণ আৰু আনন্দ অনুভ‌ৱ কৰা যায়, সেয়া নিশ্চয় অভিজ্ঞতা হো‌ৱাসকলেহে ভালদৰে বুজিব পাৰিব হয়,মই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাছনী-পৰীক্ষাৰ কথাই কৈছোঁ ।যিসকল শিক্ষাৰ্থীয়ে  নিজকে এজন অভিযন্ত্ৰা হো‌ৱাৰ সপোন দেখে, তেওঁলোকৰ বাবে উচ্চ-মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনাখন পাৰ হো‌ৱাৰেপৰা আৰম্ভ হয় এই বাছনী -পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অনুশীলন আৰু প্ৰস্তুতি । উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিয়ে যিহেতু এনে বাছনী-পৰীক্ষাৰ সকলো বিষয় সামৰি নলয়,গতিকে নিয়মীয়া পাঠ্যক্ৰমৰ লগতে আন বহুতো সহায়ক সমল গ্ৰন্থৰ বিস্তৰ অধ্যয়ন আৰু নিয়মীয়া অনুশীলনেহে এজন ছাত্ৰ বা ছাত্ৰীক অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উপযুক্ত কৰি তোলে ।সেয়েহে ,আজিকালিৰ প্ৰতিযোগিতাৰ যুগত লাখ লাখ শিক্ষাৰ্থীৰ ভিতৰত মাথ‌োঁ বাছকবনীয়া দুজনমানৰে এজন হৈ নিজৰ পছন্দৰ শিক্ষানুস্থানখনত পঢ়িবলৈ সুযোগ পো‌ৱাটো সঁচাকৈয়ে এটা গৌৰ‌ৱৰ বিষয় হৈ পৰিছে ।

       আৰু সেই দিনটো নিশ্চয় জী‌ৱনৰ এটা উল্লেখনীয় দিন হৈ ৰয়,যিদিনা ভ‌ৱিষ্যতৰ সোনালী সপোন দেখা সদ্যযৌ‌ৱনপ্ৰাপ্ত শিক্ষাৰ্থীগৰাকীয়ে পাঠগ্ৰহনৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰথম খোজ পেলায় ।এনে সময়ত সাফল্যৰ কীৰ্তিয়ে অনবৰত তেওঁৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙাই ৰাখে ।অ‌ৱশ্যে নতুন অচিনাকী পৰি‌ৱেশৰ অনাকাংক্ষিত মূহুৰ্তৰ সম্ভা‌ৱনাৰে কিছু গহীন হৈ নথকাও নহয় । নতুন বন্ধু-বান্ধ‌ৱীৰ স’তে এখন নতুন পৃথি‌ৱীত খোজ পেলায় আৰু জী‌ৱনৰ ৰঙীণ  তথা মাদকতাভৰা অভিযান্ত্ৰিক জগত এখনৰ স’তে কুচ-কা‌ৱাজ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে ।ছাত্ৰা‌ৱাসৰ দৈনিক নিত্য-নতুন ঘটনা,শ্ৰেণীকোঠাৰ ধেমালী,মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰৰ ৰসাল কাহিনী আৰু বিদ্যায়তনিক পাঠৰ বাহিৰৰ অধ্যায়বোৰে তেওঁলোকৰ মন-প্ৰাণ সদা চঞ্চল আৰু উত্তেজিত কৰি ৰাখে । এই সময়তে জী‌ৱন-বাটৰ লগৰী বিচাৰি বহুজনেই আকৌ অতিৰিক্ত চাপ অথবা অতিৰিক্ত ৰোমাঞ্চেৰে সময় পাৰ কৰে সাধাৰণ মহাবিদ্যালয়ৰ জী‌ৱনশৈলীতকৈ  যথেষ্ট তফাৎ থকা এটা পৰি‌ৱেশত জী‌ৱনৰ মধুৰতম সময়বোৰ পাৰ কৰিবলৈ যিজন শিক্ষাৰ্থীয়ে পাইছে ,তেওঁৰ বাবে এই সময়ছো‌ৱা সদায় এক সুন্দৰ নস্তালজীয়া হৈ ৰয় ।

       লাহে লাহে আমি অভিযন্ত্ৰা এজন নিজৰ মাজতে ‌আৱিষ্কাৰ কৰিবলৈ লওঁ আৰু ঠিক সেইদিন ধৰি নিজৰ আদ‌ৱ-কায়দাবোৰো সেই খাপৰ হ’বলৈ ধৰে । যেনে ধৰক,’ৰক্’ সংগীত শুনিবলৈ লো‌ৱা,ইংৰাজী চিনেমাৰ নায়ক-নায়িকাক ভাললগা হো‌ৱা অথবা নগৰীত চলা-ফিৰা কৰি থাকোতে সাধাৰণ মানুহক নিজৰ অধ্যয়নৰত মহাবিদ্যালয়ৰ নামটো কিবা প্ৰকাৰে হ’লেও কৰ্ণগোচৰ কৰো‌ৱা,নামী-দামী ৰেস্তোঁৰাত খাবলৈ আৰম্ভ কৰা আৰু নতুন ফেশ্যনৰ কাপোৰ-কানি তথা আনুসংগিক পিন্ধা-উৰণৰ সামগ্ৰীৰে নিজক সু-সজ্জিত কৰা  ইত্যাদি।

       ইয়াৰ মাজতে  আমি শিক্ষা-প্ৰণালীৰ দোষ-ত্ৰুতিবোৰৰ ব্য‌ৱহাৰিক ফলাফল নিজৰ জী‌ৱনত সংঘটিত হো‌ৱা দেখিবলৈ পাওঁ আৰু প্ৰচণ্ড বিদ্ৰোহত কেতিয়াবা আটাহ পাৰি উঠো । ‘চেচ্ছন্যেল পৰীক্ষা’ ৰ নম্বৰ কম পো‌ৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিবলৈ শিকোঁ ।আৰু কোনোবা এদিন বন্ধুৰ অনুৰোধতে হওঁক অথবা মনৰ ভিতৰত বিভিন্ন জনৰ ওপৰত গুজৰি গুমৰি থকা ক্ষোভৰ বৰ্হি:প্ৰকাশৰ বলতে হওঁক আমি এদিন সুৰাৰ ৰাগীৰে নিজকে পাহৰিবলৈ চেষ্টা কৰোঁ । কাহানিও নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি নথকা ছাত্ৰজনেও বন্ধুৰ স’তে কৰা আনন্দপূৰ্ণ সুৰাপানৰ মাদকতাৰে ৰঙীণ হ’বলৈ শিকে ।আদ্দাৰ সময়ত অথবা নিচাসক্ত অ‌ৱস্থাত নিজৰ প্ৰতিটো ইচ্ছা –আকাংক্ষাক বা‌স্ত‌ৱ কৰাৰ সপোন দেখে ।পিছদিনা সুস্থ মগজুৰে আকৌ শ্ৰেণীকোঠাত নিজৰ সপোনবোৰক বন্দী কৰি ৰাখে ।

       ছো‌ৱাল‌ী জোকো‌ৱাৰপৰা আৰম্ভ কৰি নিষিদ্ধ কিবা এটা কৰাৰ আনন্দ আৰু তাৰ মাজতে নিজৰ নিজৰ ছাত্ৰা‌ৱাস (বা ছাত্ৰীনিবাসৰ ) গৌৰ‌ৱৰ হকে কিবা অলপ অৰিহণা যোগো‌ৱাৰ মানসিকতা প্ৰতিজন আ‌ৱাসী অভিযন্ত্ৰাৰে গঢ় লয় ।সেয়ে হয়তো পঢ়া-শুনা সামৰিও কুচ-কা‌ৱাজ,নাটক,নৃত্য,খেল আদিৰ প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়-সপ্তাহৰ সময়খিনিত প্ৰতিজন অভিযন্ত্ৰাই দেহে-মনে নিজৰ সময় উছৰ্গিত কৰে ।ছাত্ৰা‌ৱাস অথবা ছাত্ৰীনিবাসবোৰত পু‌ৱা তিনি বজাৰে পৰা কুচ-কা‌ৱাজৰ অনুশীলন হো‌ৱাটো এটা স্বাভা‌ৱিক পৰিঘটনালৈ ৰূপান্তৰিত হয় ।

       ই সঁচা কথা যে ,অভিযান্ত্ৰিক মহাবিদ্যালয়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে সামাজিক দায়বদ্ধতা ভালদৰেই অনুধা‌ৱন কৰিবপৰা হয় ।তেওঁলোকে অতিবাহিত কৰা চৌপাশৰ পৰি‌ৱেশ এখন ‌বাস্ত‌ৱ সমাজৰে এটা ক্ষুদ্ৰ সংস্কৰণ বুলি ক’লেও বঢ়াই কো‌ৱা নহ’ব ।আনন্দ-উত্তেজনাৰ সময়তো,কেতিয়াবা কোনো এজন ছাত্ৰই হয়তো পাঠ্যপুথিক লৈ ব্যস্ত থাকিবলৈ ভাল পায়, আন এজনে আকৌ পাঠ্যপুথিৰ সলনি কে‌ৱন চলচ্চিত্ৰ-নাচ-গান-কবিতাতে মূৰ গুজি ভালপায় আৰু আন এজনে আকৌ ৰাস্তাত দাদাগিৰি কৰিহে ভালপায় !ঠিক তেনেদৰে কোনোবা এজনে যদি লেপটপ-দামী মোবাইল ফোন ইত্যাদিৰে পঢ়িবলৈ আহিছে,আন এজনে হয়তো বেংকৰ ঋণ পৰিশোধৰ ভা‌ৱনাত মগ্ন হৈছে ।

       এনেদৰে মিশ্ৰিত অভিজ্ঞতা আৰু হাঁহি-ধেমালীৰ মাজেৰে যেতিয়া সময়ে ৩য় বৰ্ষত ভৰি দিয়ে তেতিয়া শিক্ষাৰ্থী গৰাকীয়ে বুজিব পৰা হয় তেওঁ অধ্যয়ন কৰি থকা বিভাগটোৰ মহত্ত্ব ।অৰ্থাৎ তেওঁ বুজি পায় সেই বিষয়ত পঢ়ি ওলো‌ৱাৰ পিছত তেওঁ কেনেধৰণৰ চাকৰি পাব পাৰে বা কি কি বিভাগীয় কাৰ্যালয়বোৰত তেওঁলোকৰ মকৰলৰ সুবিধা আছে অথবা উচ্চ শিক্ষাৰ বাবে কি কি অনুষ্ঠান আৰু পাঠ্যক্ৰম মজুত আছে --এই সকলোবোৰ কথা । সেইমতে নিজৰ ইচ্ছা-অনিচ্ছা আৰু অৰ্জিত নম্বৰৰ শতাংশবোৰ ঠিক্–ঠাক‌্ কৰিবলৈ যো-জা কৰোতেই আন এটা বছৰ আহি সমুখত থিয় হয় । এই চতুৰ্থ বছৰটো তেওঁৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত থকা শেষৰটি বছৰ ।গতিকে অন্তৰংগ বন্ধুসকলক,যাৰ সতে তেওঁ বহুতো সুখ-দুখৰ সময় ইতিমধ্যেই ভাগ কৰিছে,হেৰু‌ৱাব লগীয়া হো‌ৱাৰ বেদনাই অন্তৰত কিছুমান আ‌‌ৱেগমিশ্ৰিত দুখৰ সৃষ্টি কৰে আৰু কিছু দুখা‌ৱৰণে সময়বোৰ গধুৰ কৰি ৰাখে ।ঠিক তেনে সময়তে মহাবিদ্যালয় গৰকেহি বিভিন্ন নামী-দামী কোম্পানী তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংশ্লিষ্ট কৰ্মকৰ্তাসকলে, নতুন অভিযন্ত্ৰা নিযুক্তিৰ বাবে ।এজন শিক্ষাৰ্থীৰ বাবে এনে ‘চৌহদীয় নিযুক্তি’ অতি সুবিধাজনক সুযোগ হিচাপে চিহ্নিত হয়; কিয়নো এনে প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’লে তেওঁ চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলো‌ৱাৰ লগে লগেই চাকৰিত যোগদান কৰিব পাৰে । দেশৰ অৰ্থনৈতিক অ‌ৱস্থাৰ উত্থান-পতানে মাজে সময়ে সকলো কোম্পানী তথা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানকে প্ৰভা‌ৱান্বিত কৰা আমি দেখি আহিছোহঁক ।গতিকে অভিযান্ত্ৰিক পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হো‌ৱাৰ পাছতো বহুতেই  খালী থকা পদবীৰ অভা‌ৱত  চাকৰি বিচাৰি হাবাথুৰি খো‌ৱা দেখা যায় ।সেয়েহে এনে চৌহদীয় সাক্ষাৎকাৰৰ সুযোগ পূৰ্ণমাত্ৰাত গ্ৰহণ কৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে জী‌ৱনৰ নিশ্চিত সুৰক্ষা প‌‌াব পাৰে বুলি ভা‌ৱিব পাৰি ।

       আৰু স্বাবা‌ৱিকভা‌ৱেই চতুৰ্থ বৰ্ষত শিক্ষাৰ্থীৰ খা‌ৱন-শো‌ৱন হৰি নিয়ে এই শকত দৰমহাৰে নিযুক্তি দিবখোজা কোম্পানীবোৰৰ নিযুক্তি প্ৰক্ৰিয়াইলিখিত-পৰীক্ষা, ব্যক্তিগত সাক্ষাৎকাৰ আদিত সুধিব পৰা সম্ভাব্য প্ৰশ্না‌ৱলী ,বিষয়াসকলৰ আগত কেনে ধৰণৰ শিষ্টাচাৰে শোভা পাব আদি বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ ব্যস্ততা বাঢ়ি যায় ।আৰু দেখা যায়, আজিকালি  নিজৰ বুদ্ধি-মত্তা,উপস্থাপনশৈলী তথা কাৰিকৰী জ্ঞানৰ ভিত্তিত প্ৰায় প্ৰতিজন অভিযন্ত্ৰাই পঢ়া সাং নৌকৰোতেই উচ্চ পদবীৰ সন্মানীয় আৰু মোটা পাৰিশ্ৰমিকৰ চাকৰি পাবলৈ সক্ষম হয় ।

       মহাবিদ্যালয়খনৰ বাবেও        ই এটা গৌৰ‌ৱৰ কথা হিচাপে স্বীকৃত হয় ।কাৰণ তেওঁলোকে পাঠদানৰ যোগেদি কোনো  কৰ্মহীন অভিযন্ত্ৰা সৃষ্টি কৰা নাই , বৰঞ্চ কৰিছে উচ্চ পদবীধাৰী অভিযন্ত্ৰা ,যি চাকৰিৰ বাবে এটা দিনো ‘বেকাৰ’ হৈ বহি থাকিব লগীয়া হো‌ৱা নাই !বহু ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ে আকৌ নামভৰ্তিৰ সময়তে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰে ।এনেকি নিযুক্তিপত্ৰও দিয়ে ।আৰু বৰ্ত্তমানৰ এই অনিশ্চয়তা,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ দুৰ্দিনৰ সময়ত প্ৰতিজন অভিভা‌ৱকেই নিজৰ সন্তানে এনে এটা পাঠ্যক্ৰমত নামভৰ্তি হো‌ৱাটো বিচাৰে, য’ৰ পৰা ‘নিশ্চিত নিযুক্তি’ প‌ো‌ৱাৰ প্ৰতিশ্ৰুতি প‌ো‌ৱা যায় !

       সমস্যাটো হৈছে তাতেই ! হয় ।আমাৰ শিক্ষা-ব্য‌ৱস্থাই আমাক অভিযন্ত্ৰা,ডাক্তৰ,উকীল ‘বনাইছে’ সঁচাই—কিন্তু আমাক শিকো‌ৱা নাই এজন অভিযন্ত্ৰাৰ সামৰ্থ্য কিমান ,এজন ডাক্তৰৰ দায়িত্ব আৰু কৰ্তব্য কি , এজন উকীলৰ বাবে সত্য আৰু ন্যায়ৰ মূল্য কিমান ।

       চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমান-পত্ৰ হাতত পৰাৰ দিনা আমাৰ অভিযন্ত্ৰা সকলে মঙহ  আৰু প্ৰাসঙ্গিক খাদ্য-সূচীৰে আনন্দোল্লাস কৰিবলৈ ভালকৈয়ে শিকিছে হয় ,কিন্তু কোনো এজনে যে নিজৰ বুকুত হাত থৈ নিজকে কিমান মান আৰু প্ৰতিভাধাৰী অভিযন্ত্ৰা হিচাপে নিজকে চিনাকী দিব পাৰিব ,তাত সন্দেহ আছে ।সঁচা অৰ্থত ক’বলৈ গ’লে আমি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰপৰা পাওঁ মাথোঁ এটা ‘ডিগ্ৰী’ আৰু এটা ‘চাকৰি’ !

       আমাৰ দেশৰ সৰহসংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা উত্তীৰ্ণ হো‌ৱা এজন ‘মেকানিকেল ইঞ্জিনীয়াৰে’ নাজানে মটৰ-চাইকেলখনৰ ক্ষুদ্ৰাটিক্ষুদ্ৰ মেৰামতি কৰিবলৈ –যি সময়ত তেওঁ নতুন ইঞ্জিন উৎদ্ভা‌ৱন কৰিবপৰা হ’ব লাগিছিল ।এজন ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰে বিদ্যুৎ উৎপাদনৰ বিকল্প পদ্ধতি উদ্ভা‌ৱনৰ কথা দূৰৰে কথা, ঘৰৰ সাধাৰণ এটা ‘টিউব লাইট’ ভালদৰে লগাবলৈ নাজানে ।ঠিক সেইদৰে কম্পিউটাৰ ইঞ্জিনীয়াৰজনেও এটা কম্পিউটাৰৰ অংশসমূহ সংযোজিত(Assemble) কৰিবলৈও হয়তো অসমৰ্থ! হায়, আমাৰ শিক্ষা –ব্য‌ৱস্থা, আমাৰ ভ‌ৱিষ্যত!

          আচলতে ,আমাৰ শিক্ষা-ব্য‌ৱস্থাটো‌ৱে আমাক প্ৰত্যেককে চাকৰিমুখীহে কৰি তুলিছে—য’ত এটা উচিত চাকৰি পো‌ৱাটো‌ৱেই শিক্ষাৰ্থীৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে । আৰু এই নম্বৰভিত্তিক পৰীক্ষা-প্ৰণালীয়ে ছাত্ৰ-ছাত্ৰীক নম্বৰ গোটাবলৈ সমৰ্থবান কৰিছে ,প্ৰথম-শ্ৰেণীপ্ৰাপ্ত অভিযন্ত্ৰা সাজিছে সঁচাই – কিন্তু ব্য‌ৱহাৰিক জ্ঞানত এজন শিক্ষাৰ্থীক অন্ধকাৰক ৰাখিছে । এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ নিজা কিছু আগ্ৰহৰো প্ৰয়োজন হয় । সেই আগ্ৰহ আমাৰ পাঠ্যপুথিৰ বিষয়-বস্তু আৰু শিক্ষাদানৰ পদ্ধতিয়ে জন্মাব পাৰিব লাগিছিল ,যিটো প্ৰকৃতাৰ্থত হ‌ো‌ৱা নাই ।

       ব্য‌ৱহাৰিক শ্ৰেণীৰ কোঠাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিৰ শিক্ষা ল’বলৈ আহৰিয়েই পো‌ৱা নাই ,কোনোজনে যদি এজনৰ পৰা টুকি লিখিছে, আনজনে নো‌ৱাৰা কথাট‌ো বিশেষজ্ঞৰ হতু‌ৱাই মাননীৰদ্বাৰা কৰো‌ৱাই আনিছেকাৰণ,মুঠৰ ওপৰত তেওঁলোকক নম্বৰহে লাগে ,পাঠ্যক্ৰমৰ সাৰাংশ নহয়!

       এনে হো‌ৱাও দেখা যায় যে, দুৰ্ভাগ্যক্ৰমে কোনোবা এজনে যদি চৌহদীয় নিযুক্তি প্ৰক্ৰিয়াযোগে চাকৰি লাভ নকৰে ,তেন্তে তেওঁ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয় ।অন্য বিভাগৰ বিষয়ে অজ্ঞ যদিও কম্পিউটাৰ অভিযন্ত্ৰাসকলৰ বাবে এই কথা সত্য।আৰু তেনে এজন ছাত্ৰই যিয়ে চাকৰিৰ বাবে মহাবিদ্যালয়ৰ বহি:জগতত অন্বেষণ আৰম্ভ কৰে,তেওঁ হয়তো দুই –তিনিটাৰ পৰা আৰম্ভ কৰি শ-শ সাক্ষাৎকাৰৰো মুখামুখি হ’বলগীয়া হয় ।তেনে অ‌ৱস্থাত তেওঁ উপলব্ধি কৰে ব্য‌ৱহাৰিক কাৰিকৰী জ্ঞানৰ মূল্য কিমান । কাৰণ, যিকোনো কোম্পানী বা প্ৰতিষ্ঠানে এনে এজন লোককহে মকৰল কৰিব খোজে যাৰ অনুসাংগিক অভিজ্ঞতা আছে অথবা প্ৰচুৰ প্ৰায়োগিক কাৰিকৰী জ্ঞান আছে । গতিকে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ১ম শ্ৰেণীৰ ১ম হ’লেও কেতিয়াবা এনে ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজকে জ্ঞানশূন্য ৰূপতহে আ‌‌ৱিষ্কাৰ কৰে ।

       আমি এইবোৰ কথা দেখি-শুনি বুজি উঠিছোঁ যে,প্ৰায়োগিক শিক্ষা বা প্ৰযুক্তিগত জ্ঞানেৰে যি চহকী,ঔদ্যোগিক ক্ষেত্ৰখনত তেওঁৰ আদৰ সকলোতকৈ বেছি । আৰু ক’বলৈ গ’লে তেওঁৰ বাবে চাকৰিৰ আকাল নাই ! তেওঁ চাকৰি বিচাৰিব নালাগে, চাকৰিয়েহে তেওঁক বিচাৰি ফুৰে ! অধ্য‌ৱসায় আৰু অশেষ কষ্টেৰে স্ব-অৰ্জিত প্ৰায়োগিক বিদ্যাৰ বলত কেবাজনো অভিযন্ত্ৰাই দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা একে দিনাই তিনি –চাৰিখন  নিযুক্তিপত্ৰ লাভ কৰা আমি নিজ চকুৰে দেখিছোঁ ।

       গতিকে আমি এই লেখাৰ জৰিয়তে আমাৰ ন-অভিযন্ত্ৰাসকলক এই আবেদন জনাব বিচাৰোঁ যে তেওঁলোকে যাতে নম্বৰ গোটো‌ৱাৰ সমানে সমানে ব্য‌ৱহাৰিক শিক্ষাৰ জ্ঞানো অৰ্জন কৰিবলৈ মনত বল বান্ধে । এনে প্ৰকৃত প্ৰায়োগিক –শিক্ষাৰে চহকী এজন অভিযন্ত্ৰাই তেহে অন্য কোম্পানীৰ মূৰব্বীৰ নিৰ্দেশমতে চলাতকৈ নিজাববীয়া প্ৰচেষ্টাৰে কোনো উদ্যোগৰ জৰিয়তেই বা অন্য মাধ্যমেৰে কিছু অ‌ৱদান সমাজৰ বাবে আগবঢ়াব পাৰিব ।

       কিয়নো আমি আমাৰ নিজৰ সামৰ্থ্যক এবাৰ অনুধা‌ৱন কৰিবলৈ চেষ্টা নকৰোহঁক? কম্পিউটাৰ-মোবাইল ফোনত আমি খেলি ভালপো‌ৱা “গে’ম”বোৰৰে এটা যে নিজেও সৃষ্টি কৰিব পাৰোঁ,সেই কথা এবাৰলৈ হ’লেও এজন তথাকথিত কম্পিউটাৰ অভিযন্ত্ৰাই তেওঁৰ মহাবিদ্যালয়ৰ দিনতেই ভা‌ৱি চাইছেনে ?বেটাৰী-বিহীন অনাতাঁৰ যন্ত্ৰ এটা অথবা ঘৰৰ ইনভাৰ্টাৰ এটা নিজেই সাজিবলৈ আমি কেতিয়াবা যুঁজি পাইছোনে? 

       অভিযন্ত্ৰাসকলেই এখন সমাজৰ উত্তৰণৰ গুৰি-ধৰোঁতা ।এইলোকেই নিত্য-নতুন প্ৰযুক্তিৰে এখন সমাজক উন্নতিৰ চৰম শিখৰলৈ আগু‌ৱাই নিব পাৰে । আজিও পৃথি‌ৱীৰ চুকে কোণে বিজ্ঞানৰ নানান চমৎকাৰী কলা-কৌশল আৰু প্ৰযুক্তিও এনে অভিযন্ত্ৰসকলৰে অ‌ৱদান ।

       যিসময়ত বিদেশৰ ছাত্ৰ—ছাত্ৰীয়ে বিদ্যালয় স্তৰতে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত অৰিহণা যোগাবলৈ সক্ষম হৈছে,তেনে সময়ত আমি সকলো সুবিধা কম-বেছি পৰিমাণে পো‌ৱাৰ পিছত এজন অভিযন্ত্ৰা হৈও কিবা অলপ কিয় কৰিব পৰা হো‌ৱা নাই ?

       প্ৰতিজন অভিযন্ত্ৰাই নিজকে এবাৰ আ‌‌ৱিষ্কাৰ কৰা উচিত আৰু আত্ম-প্ৰত্যয়েৰে নিজ নিজ বিভাগত সঠিক প্ৰায়োগিক শিক্ষা শিকাৰ  বাবে আগ্ৰহী হো‌ৱা উচিত । বিদেশৰ বাবে হাড়ক পানী কৰি কষ্ট কৰাতকৈ স্বদেশক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে আগু‌ৱাই নিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত । কাৰণ ,আমি সেইখন দেশৰ সন্তান য’ত বিশ্ববিখ্যাত বিজ্ঞানীৰ সৃষ্টি অন্য বহু জাতিতকৈ আগতেই হৈছে ।




      

Friday, August 5, 2011

'অসমীয়া' গঢ়া আৰু মাধ্যম



 শেহতীয়াকৈ এটা পৰিঘটনা সততেই দেখা গৈছে ,কোনোজনে যদি বিষ্ণু ৰাভাৰ গীত সংগ্ৰহ কৰাত লাগিছে,আন কোনোজনে আকৌ অসমীয়া ভাষাৰ ঐতিহ্য আৰু বৰ্তমানক লৈ চিন্তিত হৈছে ।কোনোজনে যদি লিপিৰ বাবে যুঁজিছে,আনজনে আকৌ সাহিত্যক বিশ্বজনীন কৰাৰ প্ৰয়াস কৰিছে ।এইবোৰ কিয় কৰিব লাগে ?নকৰিলে নহয় নে?

        এইবোৰ এইবাবেই কৰা হৈছে, কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এনে পয়ালগা দিন আৰম্ভ হৈছে যে তাৰ সংৰক্ষণ,প্ৰসাৰণ আৰু জনপ্ৰিয়কৰণৰ সময় আহি পৰিছে বুলি আমি আটাইয়ে বুজি পাইছোহঁক ।আৰু এই কামৰ সফল ৰূপায়নৰ বাবেই আমি লাহে লাহে সকলো মানুহকে ইয়াৰ বিষয়ে অৱগত কৰি হাতে-কামে আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিছোহঁক ।ইতিমধ্যেই সৰু-ডাঙৰ পদক্ষেপেৰে বহু ক্ষেত্ৰত আমি সফলো হৈছোঁ ।

        মই কব খুজিছোঁ, কিয়নো আমি এনে প্ৰচেষ্টা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ নকৰোহঁক? আৰু কিমান মানুহক বুজাব?মানুহবোৰক নিজে নিজে বুজি পো‌ৱা কৰি নোতোলো কিয়?
       
     হয়।মই বিদ্যালয় স্তৰৰপৰা এজন অসমীয়াগঢ় দিয়াৰ কথা কৈছোঁ।সন্তানৰ সু-শিক্ষাৰ বাবে পিতৃ-মাতৃ সচেতন হো‌ৱাটো অতিকেই জৰুৰী কথা। আৰু সমানেই জৰুৰী তেওঁলোকে সন্তানক মাতৃভাষাটোক ভালপাবলৈ শিকো‌ৱাটো, এই দেশৰ সাহিত্য-সংস্কৃতিৰ লগত পৰিচয় কৰো‌ৱাটো তথা বিভিন্ন সামাজিক ৰীতি-নীতি,পৰম্পৰা,উৎস‌ৱত জড়িত কৰো‌ৱাটো ।
       
      এনে প্ৰেক্ষাপটত সন্তানক কি মাধ্যমত পঢ়ু‌ৱাব,সেয়া এটা জটিল প্ৰশ্ন- আজিৰ যুগৰ প্ৰতিজন সচেতন অসমীয়া অভিভা‌ৱকৰ বাবে। অসমীয়া মাধ্যমত পঢ়িলে বাহিৰত গৈ লৰা-ছো‌ৱালীয়ে চাকৰি কৰিব নো‌ৱাৰিব,’স্মাৰ্টবলৈ নিশিকিব,ইংৰাজী কব নো‌ৱাৰিব ।হাজাৰ অভিযোগ!কথাবোৰ সিমান মিছাও নহয় ।কিন্তু আমাৰ ব্যক্তিগত অনুভ‌ৱ, অসমীয়া মাধ্যমত পঢ়িলে মূল অসুবিধা হয় ইংৰাজী কো‌ৱাতহে(লিখা-পঢ়াত নহয়)।আৰু তাৰ বাহিৰে অন্য যিবোৰ অতিৰিক্ত গুণ বা প্ৰতিভা বা ব্যক্তিত্ত্ব বিকাশৰ কথা কো‌ৱা হয়,সেয়া অসমীয়া মাধ্যমত পঢ়া লৰা বা ছো‌ৱালী এজনীয়েও অনায়াসে আয়ত্ত্ব কৰি লব পাৰে-যদিহে নিজাববীয়া কিছু প্ৰচেষ্টা লয় তথা অভিভা‌ৱকে মনোযোগ দিয়ে ।এইটো অনস্বীকাৰ্য যে অসমীয়া মাধ্যমৰ যিকোনো বিদ্যালয়তে ইংৰাজী শিক্ষাৰ মান অতিকৈ শোচনীয় আৰু যাৰ ফলস্বৰুপেই অসমীয়া মাধ্যমত খুব সুন্দৰ ফলাফল কৰা ছাত্ৰজনেই উচ্চ-শিক্ষা লাভ কৰিবলৈ গৈ উজুতি খাব লগা হয়,যিয়ে হয়তো কেতিয়াবা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জী‌ৱনত সফলতাৰ এটা অন্তৰায় হিচাপে থিয় দিয়ে ।গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী শিক্ষাৰ বাবে গুণগতভা‌ৱে পাৰ্গত ইংৰাজী শিক্ষক নিযুক্তি তথা শিকণ-প্ৰণালীৰ সাল-সলনিৰ সময় আহি পৰিছে।
       
        কিন্তু আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসমৰ চুকে-কোণে পাবত-গজা কিছুমান ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা দেখা গৈছে ।ব্য‌ৱসায়িক লাভালাভৰ উদ্দেশ্যেৰে স্থাপন কৰা এনে শিক্ষানুস্থান সমূহে কেনে মানৰ শিক্ষা প্ৰদান কৰিব,সেয়াও এক সন্দেহৰ বিষয় ।অভিভা‌ৱকে ভ‌ৱাৰ দৰেই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিলেই নিজৰ সন্তানে চমকপ্ৰদ ফলাফলেৰে পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব,তেনেও নহয় ।অসমৰ বহুতো গাঁও অঞ্চলত আজিকালি এটা এনে প্ৰ‌ীৱণতা দেখা যায় যে একে গাঁৱৰ আন বহুতৰ দৰে অসমীয়া মাধ্যমত নিজৰ সন্তানক নামভৰ্তি নকৰি চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰো‌ৱাটো এটা গৌৰ‌ৱৰ বিষয় বুলি চিহ্নিত কৰে ,উচ্চ হাৰৰ মাচুল দিবলৈ লাগিলে তেৰাস‌ৱে দুসাজ লঘোনে থাকিবলৈও সাজু।
       
        এই কথা মই ডাঠি কম যে, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰি‌ৱেশ বা অইন যি কাৰকৰ বলতেই নহওক কিয়,এনে কিছুমান অনা-বিদ্যায়তনিক শিক্ষা লাভ কৰে,যিবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে কাহানিও লাভ নকৰে । তেওঁলোকে অন্ত:ত চিনি পায়-বিষ্ণুৰাভা সংগীত,বৰগীত,লোকগীত কি বস্তু ।শঙ্কৰদে‌ৱ,মাধ‌ৱদে‌ৱ,জ্যোতি-বিষ্ণু,অম্বিকাগিৰি কোন আছিল ।সাহিত্য-জগতৰ কোন কোন তাৰকা অসমীয়াৰ গৌৰ‌ৱ সেয়া অন্ত:ত কব পাৰে ।কীৰ্তন-ঘোষা,নাম-ঘোষা নপঢ়িলেও জানে সেয়া খায় নে পিন্ধে ।
       
      আজি বিদ্যালয়ত পঢ়ি থকা লৰা-ছো‌ৱালীমখাই এদিন আমাৰ সমাজৰ গুৰিধৰোঁতা হব । এইসকলক পোনাই থৈ গলেহে আমি দেখা গৌৰ‌ৱময় অসমীয়া ভাষা,সাহিত্য,পৰম্পৰা আৰু সংস্কৃতি জীয়াই থাকি জগতত জ্যোতি বিলাব পাৰিব। অসমীয়া মাধ্যমত পঢ়া বহু ছাত্ৰই খ্যাতি আৰু মেধা অৰ্জন কৰি অসমীয়াৰ নাম উজ্জ্বল কৰিছে ।তেনেস্থলত যদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাৰ প্ৰয়োজনীয়তা সঁচাকেই আছে, তেন্তে সেইবোৰ ৰাজহু‌ৱা হোহ‌ৱা উচিত । আপুনি যদি আপোনাৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ু‌ৱাই গুণী-জ্ঞানী কৰিব বিচাৰিছে, তেন্তে কিয় বিচাৰে সেয়া জনাওঁক । আমাৰ নদাই-ভদাই সকলো‌কে তেনে সুবিধা লো‌ৱাৰ পৰা বঞ্চিত নকৰিব ,সকলোও‌ৱে পঢ়ু‌ৱাওক ।আৰু যদি সঁচাই ইংৰাজী মাধ্যমত পাঠগ্ৰহণ কৰাৰ বাদে আমাৰ গত্যন্তৰ নাই,তেন্তে সেয়াও হৈ উঠক । প্ৰয়োজনসাপেক্ষে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিধিগত ভা‌ৱে বন্ধ হওক।

        কৰ্ণাটক,তামিলনাডুৰ দৰে উন্নত ৰাজ্যত কিন্তু স্থানীয় ভাষাৰহে ব্য‌ৱহাৰ বেছি ।তেওঁলোকে ইংৰাজী নজনাকৈও থকা নাই । 

        আমি বিচাৰিছো,এই বিষয়ে বহুল-আলোচনা হওক,বিতৰ্ক হওক আৰু সকলো মাধ্যমৰে যোগেদি এনে আলোচনা সৰ্বসাধাৰণ অসমীয়া মানুহৰ কাণত পৰক।তেওঁলোকে অন্ত:ত বিবেচনা কৰিবলৈ শিকক । যিবোৰ কাৰণত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সচেতন মহলৰ আস্থা হেৰু‌ৱাইছে,সেয়া পুনৰুদ্ধাৰৰ বাবে আলোচনা হওক আৰু সুস্থ কৰ্মপন্থাৰ সূচনা কৰক । চৰকাৰে কি পদক্ষেপ লব পাৰে,তাৰো আলোচনা হোব‌ৱা উচিত ।
   

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...