লেখা অনুসন্ধান কৰক

Showing posts with label প্ৰিয়তমা. Show all posts
Showing posts with label প্ৰিয়তমা. Show all posts

Saturday, October 11, 2014

"প্রিয়তমালৈ বুলি "

[কবিতা লিখিবলে' যত্ন কৰিছো,কবিতাৰ ব্যাকৰণ নাজানো...]


আৱেগ-বিহবল তোমাৰ সৰু এটা মেচেজৰ অপেক্ষাত
য’ত লিখা থাকিব-‘আপুনি এটা বান্দৰ!’
কিমানটা ‘ইনবক্স’ত যে মোৰ ভুমুকি...
কিমানবাৰ ‘এদিত/ফৰৱার্ড’ মোৰ পছন্দৰ মেচেজ!

তোমালৈ বুলি এটা মেচেজ
বতাহত এৰি দিয়াৰ প্রৱণতা...

তোমাৰদ্বাৰা নিজকে বুর্বক সজোৱাৰ এটা নির্বোধ হাৱিয়াস
কুঁচি-মুঁচিকৈ সাঁচিছিলো তোমাক দেখাৰ দিনাই
তোমাৰ আলাপৰ উষ্ণতাই কিদৰে
সমতুল কৰিছিল শীতৰ বতাহৰ তন্দ্রতা
আকাশৰ নির্জনতাত বন্দী হৈ
শেষ নিশালৈকে গণিলো তৰা...
এক...দুই...
গণিলো ভালপোৱাৰ ৰাশিফল-

আৰু তুমি মোৰ বুকুত থিতাপি ল’লা-
তোমাৰ দুঃশ্চিন্তাৰ দুচকুত সপোন সিঁচিবলে’
বাৰে বাৰে ডুব যাওঁ ভোগদৈৰ ভগা দলং
অথবা
কেটলব্রিজৰ অজান মায়ালে’...।
তোমাৰ চকুৰ ভাষাৰে বিনিময় কৰো হ্রৃদয়...
তোমাৰ ওঁঠৰ মসৃ্নতাত বিলীন নিয়াওঁ
মোৰ কলহভৰা দুখৰ চকুপানী |
এতিয়া প্রতিনিয়ত ফুলে মোৰ
বাগিছাজুৰি সপোন-খঁৰিকাজাই
তোমাৰ সুবাসেৰে আমোলমোল
মোৰ হ্রৃদয়-পথাৰ ||
(ইয়াত প্রতি সন্ধিয়া উদযাপিত হয়
তোমাৰ আগমণিৰ দ্বীপান্বিতা)

তুমি মোৰ হ’লা...
আহা, আলাপ কৰোঁ—
মনৰ সকলো শব্দ উবুৰিয়াই আমি কথা পাতো—
মন হওঁক প্রেমেৰে পৰি্তৃপ্ত
শুনিবলে’ দিয়া মাথো তোমাৰ মাত
সাৱটি বুকুত য’ত গুজিব পাৰি হাঁহি
অনুভৱ কৰিব পাৰি সংগোপনে
গভীৰতম বুকু প্রদেশৰ উম-সনা মৰমৰ কলৰো্ল...
ব’লা আমি ফুৰিবল’ যাওঁ
বুকুত ভালপোৱাৰ সপোন আঁকি
ব’লা আমি সেউজীয়া হওঁ-
...পৃথিৱীৰ আটাইবোৰ মৰমেৰে
জীপাল হওঁ |

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...