লেখা অনুসন্ধান কৰক

Showing posts with label Sports. Show all posts
Showing posts with label Sports. Show all posts

Thursday, December 31, 2015

সৰ্বানন্দ সোনো‌ৱালে লীলা‌ৱতী দৈমাৰীৰ দৰে লোকক যোগ্য মঞ্চ দিব নে ?


                ‘আমাৰ অসম’ কাকতৰ ২৯ ডিচেম্বৰ,২০১৫ তাৰিখৰ ১২ পৃষ্ঠাৰ বাতৰিটো‌‌ৱে আন মন্ত্ৰী-বিষয়াৰ কথা নাজানো, আমাৰদৰে সৰ্বসাধাৰণ পাঠকক চূড়ান্তভা‌ৱে মৰ্মাহত কৰিলে । যিসময়ত অসমত ক্ৰীড়া প্ৰতিভাৰ অভা‌ৱ বুলি সততেই অভিযোগ শুনা যায়, সেই সময়ত বিটিএডিৰ শালমাৰী সমষ্টিৰ খাটালমৰা গাঁ‌ৱৰ লীলা‌ৱতীয়ে আমাৰ সকলো অভিযোগ ভুল বুলি প্ৰমাণিত কৰি কত বছৰৰ আগতেই ৰাজ্যখনৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিছিল সেই কথা জানি গৌৰ‌ৱ অনুভ‌ৱ হো‌ৱাৰ লগতে বেদনাত হিয়া দগ্ধ হৈছে । বাতৰিটোত লীলা‌ৱতীৰ সফলতাৰ বিতং খবৰ তথ্য সহকাৰে ৰাজী‌ৱ তালুকদাৰে প্ৰকাশ কৰিছে । জেভেলিন থ্ৰো বা যাঠি দলিও‌ৱা খেলত সাতোটা ৰাষ্ট্ৰীয় বঁটা, ১৮টা ৰাজ্যিক বঁটা আৰু ১৪টাকৈ জিলা পৰ্যায়ৰ বঁটাৰে গৌৰ‌ৱ কঢ়িয়াই অনা লীলা‌ৱতী  দৈমাৰী সদৌ অসমৰ ৰাইজ তথা ন-প্ৰজন্মৰ বাবে সদায়ে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব । কিন্তু অতি পৰিতাপ আৰু দুখৰ খবৰ এইটো‌ৱেই যে ক্ৰীড়াৰ ক্ষেত্ৰত চৰম প্ৰতিভাধাৰী হৈও ৰাজ্যখনত আজি সেইগৰাকী নাৰীয়ে সংসাৰৰ কঠিন পৰিস্থিতিত এজন ২৬ বছৰীয়া মানসিকভা‌ৱে ভাৰসাম্যসীন পুত্ৰ আৰু শাৰিৰীক-মানসিকভা‌ৱে জৰ্জৰিত স্বামীৰ সতে আনৰ ৰো‌ৱনী-দা‌ৱনী হৈ জী‌ৱন অতিবাহিত কৰিবলগীয়াত পৰিছে । কৰ্ণাটক,গুজৰাটৰদৰে ৰাজ্যসমূহত হো‌ৱাহ’লে চৰকাৰেই অত বছৰে এনে স্বীকৃতিপ্ৰাপ্ত খেলু‌ৱৈক উপযুক্ত সা-সুবিধা দি পৰ্যাপ্ত প্ৰশিক্ষণেৰে আন এশজনী লীলা‌ৱতীৰ জন্ম দিবলৈ বদ্ধ পৰিকৰ  হ’লহেঁতেন । কিন্তু আমাৰে দুৰ্ভাগ্য যে লীলা‌ৱতীয়ে অসমৰদৰে এখন ৰাজ্যত জনম ল’লে য’ত খোদ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী এই মুলুকৰে হৈও ৰাজ্যখনত ক্ৰীড়াৰ এক সুস্থ  বাতাবৰণ গঢ়ি তুলিব পৰা নাই । জনসভা আৰু সাংবাদিক-মেলত সততেই কেন্দ্ৰীয় চৰকাৰৰ ঢাক-ঢোল বজো‌ৱা সৰ্বানন্দ সোনো‌ৱালে লীলা‌ৱতীৰদৰে বোকাৰ পদুমক আদৰেৰে তুলি লৈ উপযুক্ত মান্যতা আৰু ক্ৰীড়া-প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰাপ্য মঞ্চ এখন প্ৰদান কৰিব পাৰিব নে ? 

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...