লেখা অনুসন্ধান কৰক

Showing posts with label Doctor. Show all posts
Showing posts with label Doctor. Show all posts

Monday, November 10, 2014

এজন অসমীয়া চিকিৎসকৰ সু-কৰ্ম



আমাৰ দেশত বৰ্তমানেও অন্ধবিশ্বাস আৰু কু-সংস্কাৰে এনেদৰেই সমাজখন ছানি ধৰি আছে যে আজিৰ এই বিজ্ঞানৰ যুগতো অসমীয়া বহু লোকে বেজ-তান্ত্ৰিকৰ জৰা-ফুঁকাৰে ৰোগ নিৰাময় হো‌ৱাৰ আশা কৰে আৰু এইদৰে সু-চিকিৎসাৰ অভা‌ৱত ইতিমধ্যেই বহুজনে প্ৰাণ হেৰু‌ৱাবলগীয়া হৈছে । সেয়েহে আধুনিক চিকিৎসা-বিজ্ঞানৰ ন ন আ‌ৱিষ্কাৰ আৰু ৰোগ নিৰাময়ৰ প্ৰমাণিত পথ্যসমূহৰ বিষয়ে জনাটো আমাৰ প্ৰতিজন নাগৰিকৰে বাবে প্ৰয়োজনীয় । কিন্তু সকলো মানুহৰে নতুন চিকিৎসা-প্ৰযুক্তিৰ সতে চিনাকী হো‌ৱা আৰু তাৰ ব্য‌ৱহাৰৰ সুযোগ লো‌ৱাটো সিমান এটা সহজ কথাও নহয় । কাৰণ আজিকালি সু-চিকিৎসাৰ বাবেও যথেষ্ঠ টকা-পইচাৰ আ‌ৱশ্যক হয় ।
       
এনেক্ষেত্ৰত সেয়েহে আমি নিজকে যিকোনো ৰোগৰপৰা বচাই ৰাখিবলৈ বা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ সেই ৰোগটোৰ কাৰণ বা প্ৰতিৰোধৰ বাবে ল’বলগীয়া সা‌ৱধানীয়তাখিনি জানি থো‌ৱাটো খুবেই ভাল কথা । তাৰোপৰি কিছুমান ঘৰু‌ৱা স্বাস্থ্যসন্মত অভ্যাস বা নীতি-নিয়মেও যে বহু ৰোগৰপৰা আমাক বচাই ৰাখিব পাৰে সেয়াও সঁচা । কিন্তু এই গোটেই কথাবোৰ জানিব ক’ৰপৰা ? নিশ্চয় আপোনাক কোনো এজন ডাক্তৰেই এই কথাবোৰ ক’ব লাগিব । ইয়াৰ বাবে টকা ভৰি ডাক্তৰৰ চেম্বাৰলৈ এতিয়া নগ’লেও হ’ব । কাৰণ, এজন অসমীয়া ডাক্তৰে এতিয়া এনে চিকিৎসা তথা স্বাস্থ্যৰক্ষা সম্বন্ধীয় সকলো প্ৰয়োজনীয় তথ্য দাঙি ধৰিছে আপোনাৰ মোবাইলতে পাব পৰাকৈ সম্পূৰ্ণ বিনামূলীয়াভা‌ৱে ।
      
ইং ২০১২ বৰ্ষৰপৰাই অসমীয়া ভাষাত (য়ুনিকোডত) ইন্টাৰনেটৰ যোগেৰে স্বাস্থ্য সম্বন্ধীয় অজস্ৰ প্ৰ‌ৱন্ধ লিখি প্ৰচাৰ কৰি আহিছে শি‌ৱসাগৰৰ কালুগাঁৱত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰ‌ৱাসী অসমীয়া ডাক্তৰে । নাম তেওঁৰ ডা০ ভূপেন্দ্ৰ শইকীয়া । অতি সঘনাই হৈ থকা সাধাৰণ বেমাৰ-আজাৰ সমূহৰ পৰা আৰম্ভ কৰি নকৈ আৱিষ্কৃত বেমাৰলৈকে, চিকিৎসা-বিজ্ঞানৰ ন ন চিন্তা-চৰ্চাৰ লগতে অসমত উপলব্ধ ঘৰু‌ৱা পথ্যসমূহৰ কথাকো সামৰি সকলো দিহা-পৰামৰ্শ আপুনি পঢ়িবলৈ পাব ডা০ শইকীয়াৰ লেখাৰ জৰিয়তে । এই লেখাসমূহ আপোনাৰ মোবাইলতে আপুনি পঢ়িব পাৰিব www.xahitya.org  নামৰ ‌ৱেবচাইটযোগে । এই ‌ৱেবচাইটটো হৈছে উচ্চ মানবিশিষ্ট এখন অসমীয়া মাহেকীয়া ই-আলোচনী  যাৰ বিভিন্ন শিতানত নতুন লেখকসমূহৰ নিৰ্বাচিত লেখা প্ৰকাশিত হয় । ডা০ শইকীয়াদে‌ৱৰ  স্বাস্থ্যৰক্ষা আৰু ভ্ৰমণ-বিত্তান্ত সম্বন্ধীয় প্ৰায় অৰ্ধ-শতাধিক লেখা  এই আলোচনীখনিত প্ৰকাশিত হৈছে ।
      
উল্লেখ কৰিব পাৰি যে ডা০ শইকীয়াদে‌ৱ এজন প্ৰাক্তন কটনিয়ান । তেখেতে অসম মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী, গু‌ৱাহাটী মেডিকেল কলেজৰপৰা MD ডিগ্ৰী, আৰু ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডপৰা DTM ডিগ্ৰী লাভ কৰে ।  বৰ্তমানে তেওঁ সুদূৰ কাটাৰৰ ৰাজধানী ডোহাত মেডিচিন বিভাগৰ বিশেষজ্ঞ ( Internal Medicine Specialist ) হিচাপে কৰ্মৰত । চিকিৎসা-সে‌ৱাৰ লগতে সমাজসে‌ৱাকো জী‌ৱনৰ অন্যতম মহৎ উদ্দেশ্য হিচাপে লো‌ৱা ডা০ শইকীয়াদে‌ৱ কাটাৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আৰু প্ৰ‌ৱাসী অসমীয়াসকলৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত আগৰণু‌ৱা । মেডিচিন আৰু ট্ৰপিকেল মেডিচিন বিভাগৰ বিশেষজ্ঞ শইকীয়াদে‌ৱ কাটাৰৰ ‘অসম সমাজ’ৰো প্ৰতিষ্ঠাপক সভাপতি । কাটাৰৰ সমাজ-ব্য‌ৱস্থা,চিকিৎসা-ব্য‌ৱস্থা,আৰ্থ-সামাজিক অ‌ৱস্থা ইত্যাদিৰ বিষয়ে অ‌ৱগত কৰি ডা০ শইকীয়াদে‌ৱে ‘কাটাৰৰ ডায়েৰী’ নামেৰে এখন গ্ৰন্থও ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে ।

আমাৰ ৰাইজৰ বাবে আৰু এটি ভাল খবৰ এয়ে যে , ডা০ শইকীয়াদে‌ৱে কৰ্মজী‌ৱনৰ ব্যস্ততাৰ মাজতো সময় আৰু সুবিধা মিলাই বিনামূলীয়াভা‌ৱে বিভিন্ন ৰোগৰ চিকিৎসা তথা স্বাস্থ্যৰক্ষাৰ পৰামৰ্শ আগবঢ়ায় । বিগত কেইবাবছৰ ধৰি তেখেতে মেঘালয়,অসম বা ভাৰতৰে অন্য ঠাইৰ বহুগৰাকী লোকক ইতিমধ্যে ফোনযোগেৰে চিকিৎসাৰ সু-পৰামৰ্শ আগবঢ়াই আহিছে । তদুপৰি ফেচবুক বাৰ্তাৰ জৰিয়তে তেওঁ বন্ধু-বান্ধ‌ৱৰ সতে নিয়মিত ভা‌ৱ-বিনিময় কৰি আহিছে। তেখেতৰ ফেচবুকৰ ঠিকনাটো হৈছে – https://m.facebook.com/dohabhupen  তেখেতৰ লেখা সমূহ ফেচবুকৰ ‘অসমীয়াত কথা বতৰা’ নামৰ গোটটোতো আপোনালোকে পঢ়িব পাৰিব ।

যিসময়ত ডাক্তৰসকলে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰপৰা উপঢৌকনৰ আশাত নিম্ন মানৰ দৰ‌ৱকো ৰোগীৰ পথ্য হিচাপে লিখি দি‌ৱলৈ কুন্ঠাবোধ নকৰে,  কে‌ৱল ধন উপাৰ্জনৰ নামত ব্যস্ত হৈ নাৰ্চিং-হোমৰ ব্য‌ৱসায় খোলা দেখা যায়, তেনে সময়ত এজন সুশিক্ষিত ডাক্তৰৰ এনে স্বদেশপ্ৰীতি আৰু সমাজসে‌ৱা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হো‌ৱা উচিত । ডা০ শইকীয়াদে‌ৱৰ দীৰ্ঘায়ু কামনা কৰিলো ।

Thursday, July 7, 2011

“মই ডাক্তৰ হ’ম”- এক ব্যক্তিগত অনুভ‌ৱ

 


 আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ থ্ৰী ইডিয়টচ্ত দেখু‌ওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই মোৰ লৰা ডাক্তৰ হবুলি ঘোষণা কৰিছিলে নে নাই মই সেয়া নাজানো,কিন্তু চৌপাশৰ দৈনন্দিন আ‌ৱহা‌ৱাই মোক নিজকে এজন ডাক্তৰ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিবলৈ যে ভাবুক কৰি তুলিছিল,সি ধূৰূপ মোৰ জী‌ৱনৰ লক্ষ্যবিষয়ক ৰচনা লিখি বিদ্যালয়ত গোটাদিয়েক নম্বৰ গোটাবলৈও মোৰ এই তীব্ৰ আকাঙ্ক্ষা যথেষ্ট সহায়ক হৈছিল
        পঢ়াশালীৰ দেওনা পাৰ হৈ এসময়ত কটন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম লিখালোসুযোগ বুজি যথা সময়ত মা-দেউতা আৰু মিতিৰ-কুটুম্বে অভিযোগ-নামা দাখিল কৰিলে-আমাৰ বংশত ডাক্তৰ নাই,তই যেনেকেই নহওঁক,ডাক্তৰ হবই লাগিব!তেৰাস‌ৱৰ মতে বিজ্ঞান বিষয়ত কটন মহাবিদ্যালয়ত পঢ়িছে যেতিয়া লৰাই অলপ চেষ্টা কৰিলেই ডাক্তৰি পঢ়াৰ সুযোগ লাভ কৰিব পাৰিবকথাটো সিমান নোহো‌ৱাও নহয়কিন্তু হয়তো তেওঁলোকৰে দুৰ্ভাগ্য উচ্চ বিদ্যালয় শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুও‌ৱা একেজন ছাত্ৰই মাত্ৰ ৬২শতাংশ নম্বৰেৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হল আৰু ডাক্তৰী পাঠ্যক্ৰমৰ বাছনি পৰীক্ষাত নিৰ্বাচিতৰ তালিকাৰ পৰা বাদ পৰি ৰ
        অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষাৰ শিকণ পদ্ধতিত থকা আসোঁৱাহৰ বাবেই উচ্চ মাধ্যমিকত ইংৰাজী বিষয়টোত ভাল নম্বৰ পো‌ৱা স্বত্বেও মই উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ জী‌ৱবিজ্ঞানকে ধৰি কেইবাটাও বিষয়ৰ ইংৰাজী মাধ্যমৰ পাঠবোৰ প্ৰথম বৰ্ষঠোত মুঠেও আয়ত্ত কৰিবপৰা নাছিলোআৰু এইটো‌ৱেই মোৰ বিফলতাৰ এটা অন্যতম কাৰণ আছিল বুলি মনে ধৰে
        সি যিয়েই নহওঁক,মোৰ আৰু ডাক্তৰী বিদ্যা লো‌ৱা নহমা-দেউতা,সম্বন্ধীয় তথা শুভাকাংক্ষীৰ আশা আৰু মোৰ নিজৰে দুৰ্বাৰ আকাংক্ষাক পূৰণ কৰিব নো‌ৱাৰাৰ বাবে কোনোবা মূহুৰ্তত আজিও বেজাৰ অনুভ‌ৱ কৰোঁ
        এইটো মই ডাঠি কব পাৰোঁ যে ,মোৰ মা-দেউতাৰ দৰে ,আজিৰ প্ৰায় প্ৰতিজন অভিভা‌ৱকেই তেওঁলোকৰ সন্তানক হয় ডাক্তৰ নতুবা অভিযন্ত্ৰা বনাবখোজে ।এনে আসক্তিৰ বাবে আমি তেওঁলোকৰ গাত খুদমানো ভুল নেদেখোঁতাৰ কাৰণ ব্যাখ্যা কৰিবলৈ গলে কম যে আজিৰ টকাকেন্দ্ৰিকসমাজ-ব্য‌ৱস্থাত ডাক্তৰ আৰু অভিযন্ত্ৰা হল এনে দুটা বৃত্তি ,যাৰ দ্বাৰা এজন শিক্ষাৰ্থীয়ে নিজকে ধনীআৰু প্ৰতিষ্ঠিতৰূপে সমাজত নিজৰ স্থান সুদৃঢ় কৰিব পাৰে নিজৰ পৰ‌ৱৰ্তী বংশৰ আৰ্থিক ভেঁটি টনটনীয়া কৰি গঢ়িব পৰাকৈ আৰু নিজৰ সুখ-স্বাচ্ছল্যৰ পাৰাপাৰহীন সীমাৰেখা গৰকিবলে এই দুই বৃত্তিবান লোক (আৰু মন্ত্ৰী-আমোলাৰ) বাদে সাধাৰণ শ্ৰেণীৰ মানুহে কল্পনা কৰিব নো‌ৱাৰে চৰকাৰী অভিযন্ত্ৰাসকসলৰ পিছদু‌ৱাৰৰ আয় আৰু  বে-চৰকাৰীসকলে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক নিজৰ সুখ-সময়-মগজুক বিক্ৰী কৰি ঘটা আকাশলংঘী আয়ৰ কথা সদ্যহতে দূৰত ৰাখি আমি যদি ডাক্তৰসকললৈ লক্ষ্য কৰোঁ,তেন্তে সাধাৰণ ভাষাত কবলৈ গলে ই এটা অ‌ৱসৰ(Retirement) বিহীন বৃত্তি,যত বয়স আৰু অভিজ্ঞতাৰ লগে লগে আয়ৰ বৰ্ধনে উচ্চমুখী গতি লাভ কৰে ।
            আপুনি চাকৰিত এমাহ সময় অনুপস্থিতিৰ কাৰণ হিচাপে জীয়ৰীৰ বিয়াখনকতো দেখুও‌ৱাব নো‌ৱাৰে, গতিকে চিন্তা কিহৰ ?যিকোনো এজন ডাক্তৰৰ ওচৰলৈ যাওঁক আৰু যথাকিঞ্চিত মাননীৰ বাবদ এখন প্ৰমাণ-পত্ৰ লৈ আনি দাখিল কৰক- যে আপুনি হাড়ৰ কঠিন উচ্চাৰণযুক্ত অমুক বেমাৰৰ বাবে হয় পাটনা বা চেন্নাইলৈ যাবলগা হল নহয় শয্যাশায়ী আছিল। আপোনাৰ বৰ্খাস্তকৰণৰ দু:শ্চিন্তা নিমিষতে উপশমো হল আৰু অন্ত:ত এজন মানুহক আৰ্থিকভা‌ৱে (অধিক) সবল কৰাৰ গৌৰ‌ৱেৰে ‌গৌৰ‌ৱান্বিতও হল!
        গাড়ী-চালনাৰ অনুজ্ঞাপত্ৰ পাবৰ বাবে আপোনাক যদি এখন শাৰীৰিক সুস্থতাৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন হয়,নিশ্চয় আপুনি একোজন চৰকাৰী বা কৰ্মৰত ডাক্তৰৰ ওচৰ চাপিবলগীয়াত পৰিছে ।আৰু যদি আপুনি যুগৰ লগত খাপখো‌ৱা অসমীয়া বুলি নিজকে চিনাকী দিব পাৰিছে ,তেন্তে সেই প্ৰমাণ-পত্ৰ নিশ্চয় পাঁচ মিনিটতে আপুনি স:গ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
        আপোনাৰ গুৰি দাঁত এটাৰ প্ৰায় চাৰিভাগৰ এভাগ বা খুব বেছি দুভাগৰ এভাগ পৰিমানৰ ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণ এটা দাঁতত লগাই দিয়া কাৰ্যবিধ যদি আপুনি গু‌ৱাহাটীস্থ দন্ত্য মহাবিদ্যালয়ত সম্পাদন কৰে তেন্তে তাত খৰছ হব প্ৰায় ৩০ টকা আৰু যদি অন্য কোনো অনুশীলনৰত চিকিৎসকৰ ওচৰত কৰায়,তেন্তে সি হৈ পৰিব প্ৰায় ২০০ টকা ।এজন দন্ত্য চিকিৎসকে মোৰ মামাৰ দুটা দাঁতৰ শিপা-সুৰঙ্গ চিকিৎসাৰ বাবে ১১০০০ টকাৰ মাচুল লো‌ৱাৰ কথা গম পাওঁ ।-অ‌ৱশ্যে উল্লেখ কৰিব লাগিব সেয়া আজিৰপৰা পাঁচ বছৰৰ আগৰ কথা,যেতিয়া চিকিৎসকজনে দন্ত্য মহাবিদ্যালয়ৰপৰা ওলাই আহি তেওঁৰ অনুশীলনৰ পাতনি মেলিছিল আৰু তেওঁৰ ওচৰলৈ যো‌ৱা ৰোগীৰ সংখ্যাও সীমিত আছিল । গতিকে ছেগ চাই সুতে মূলে আদায় কৰাধৰণৰ ধাৰণা এটা অসমীয়াৰ বাবে নতুন ধাৰণা নহয়!
        কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰ-অন্তৰ্ভুক্ত বিষয়াসকলৰ নিযুক্তিৰ বাবে এজন প্ৰাৰ্থীৰ তেওঁ বাস কৰা ৰাজ্যখনৰ ‘State Standing Medical Board’ৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰি প্ৰমাণ-পত্ৰ জমা দিয়াটো বাধ্যতামূলক । এই বোৰ্ডখন ৰাজ্য এখনৰ স্বাস্থ্য বিভাগৰ উচ্চ-পদস্থ বিষয়া চিকিৎসক কেইজনমানৰ দ্বাৰা গঠিত হয় ।গতিকে এনে বোৰ্ডৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰো‌ৱাটোত কিছু সময়ৰ প্ৰয়োজন হো‌ৱাটো স্বাভা‌ৱিক কথা । কিন্তু এই অভাজনে যেতিয়া হেঙেৰাবাৰীস্থিত বিভাগীয় কাৰ্যালয়ত তদুপলক্ষে আবেদন কৰোঁ, আৰু নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰতো সেই প্ৰমাণ-পত্ৰ পাবলৈ সক্ষম নহলো, তেতিয়াহে কৰ্মচাৰী তথা চিকিৎসকৰ মইমতালি চকুত পৰিল ।পত্ৰখনৰ গুৰুত্ব মৰ্মে মৰ্মে উপলব্ধি কৰি শংকিত হলো ।এনে পৰিস্থিতিত বিলম্বনৰ কাৰকসমূহ পৰ্যালোচনা নকৰাকৈয়ে বিকল্প পথৰ সন্ধান কৰিবলগীয়াত পৰিলো। সুধীবৃন্দই জানি সন্তোষ পাব যে, তেনে বেঁকা মাধ্যমবোৰ তেনেই পাবপৰা অ‌ৱস্থাতে থাকে,মাথো আপুনি বিচাৰি লব পাৰিলেই হল !সেই মুহূৰ্তত নিজৰ মুৰ্খামী(!)য়েই যে বিলম্বৰ কাৰণ আছিল সেই কথা আ‌ৱিষ্কাৰ কৰি নিজকে ধিক্কাৰ দিছিলো আৰু ৫০০ টকাৰ বিনিময়ত বিনা স্বাস্থ্য পৰীক্ষাৰে সুস্বাস্থ্যৰ প্ৰমাণ-পত্ৰ হাতত লৈ মিচিকিয়া  হাঁহিৰে ওলাই আহিছিলো ।
        অ‌ৱশ্যে এই ঘটনাৰ বাবে মই আজিও নৈতিকভা‌ৱে নিজকে ক্ষমা কৰিব পৰা নাই আৰু অসহায় অ‌ৱস্থাত পৰিস্থিতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হো‌ৱা বাবে নিজৰ ব্যক্তিত্বক বহু নিম্ন খাপৰ ৰূপে জ্ঞান কৰোঁ। এনে প্ৰেক্ষাপটত এজন ভদ্ৰলোকে কিভা‌ৱে পৰিস্থিতিৰ সতে যুঁজি জয়ী হব পাৰিব তাক লৈ আজিও মই চিন্তিত ।
        অন্য এটা পৰিঘটনাতো আমি হতবাক হওঁ ।সেয়া হল এয়ে যে সকামটিৰ প্ৰয়োজনীয়তা আৰু প্ৰকাৰৰ ওপৰত ভিত্তি কৰি একো একোজন তথাকথিত প্ৰতিষ্ঠিত বা সুনামধাৰী চিকিৎসকেও কেনেদৰে নিৰ্বিকাৰ ভা‌ৱে উচ্চাৰণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে পূৰ্ব নিৰ্ধাৰিত মাননিৰ পৰিমাণ! যেনে ধৰক, চালকৰ অনুজ্ঞা-পত্ৰৰ বাবে লগা প্ৰমাণ-পত্ৰখনৰ বাবদ ৫০টকা বা ১০০ টকা, মেডিকেল বোৰ্ডৰ বাবে ৫০০ টকা, কোনো কোনো ঠাইত জন্মৰ প্ৰমাণ-পত্ৰৰ বাবেও ৩০-৪০ টকা(সুলভ মূল্য!), আৰু চৰকাৰী চিকিৎসালয়ৰ ব্য‌ৱহৃত চিকিৎসা সঁজুলী-যন্ত্ৰপাতিৰ নিবিদাকাৰীৰ বাবে নিম্নতম ২০০০০ টকা! যেন এই পৰিমাণবোৰ ইতিমধ্যেই হাজাৰজনৰ ওচৰত ব্য‌ৱহাৰিকভা‌ৱে অনুমোদনপ্ৰাপ্ত!
        আচৰিত হওঁ কেনেকৈ এটা বিশেষ ৰোগৰ বাবে ফলপ্ৰসু সদা-প্ৰচলিত প্ৰতিষ্ঠিত দৰ‌ৱৰ সলনি নতুনকৈ বজাৰত এৰি দিয়া অন্য এটা দৰ‌ৱে নি:শ্চিন্তে সুচাৰুৰূপে ৰোগীৰ পথ্য হিচাপে সে‌ৱা আগবঢ়াবলৈ আৰম্ভ কৰে ,মাথো ডাক্তৰজনলৈ কোম্পেনীৰ তৰফৰ পৰা আগবঢ়ো‌ৱা দুটিমান উপঢৌকনৰ বলত! এনে গিফ্টৰ আশাত চিকিৎসকজনৰ শ্ৰীমতীৰ হাতঘড়ীটো নাটকীয়ভা‌ৱে হঠাৎ বিকল হৈ পৰে অথবা কোলাত লো‌ৱা পৰিকলন যন্ত্ৰটোত যান্ত্ৰিক বিজুতি ঘটে !
        লক্ষ্য কৰোঁ, অনুশীলনৰত বা চৰকাৰী - যিয়েই নহওঁক ,গাওঁ কিম্বা চহৰ- যি ঠাইতে তেওঁৰ বসতি নহওঁক কিয়, কোনো এজন ডাক্তৰকে ঘৰ-দু‌ৱাৰৰ অ‌ৱস্থা শোচনীয় অথবা গাড়ী-মটৰ/শীতলীকৰণ যন্ত্ৰ/ কাপোৰ ধো‌ৱা যন্ত্ৰ /দূৰদৰ্শন/ বাতানুকূল যন্ত্ৰ আদিৰ অভা‌ৱত থকা দেখা পো‌ৱা নাযায় ।তৎস্বত্ত্বেও তেওঁলোকৰ ব্যক্তিগত কোঠাত ৰোগী নিৰীক্ষণৰ মাচুলৰ পৰিমান ইমান কিয় বেছি হয় আমি ভা‌ৱি উ‌ৱাদিহ নাপাওঁ। ২০০-২৫০ টকা মাচুল লো‌ৱাটো আজিকালি ডাক্তৰসকলৰ এটা ঢং(Fashion) হিচাপে পৰিগণিত হৈছেগৈ! মাচুল নবঢ়ালে বোলে তেৰাস‌ৱৰ চাহিদা নাবাঢ়ে ! কেনে এক সুন্দৰ অৰ্থ-নীতি !
উচ্চ বা মধ্যবিত্ত শ্ৰেণীৰ লোকে এনে মাচুল দিবলৈ বিশেষ চিন্তা কৰিব নালাগে,কিন্তু নিম্ন মধ্যবিত্ত তথা দুখীয়া শ্ৰেণীৰ বাবে এনে মাচুল পৰিশোধ কৰা এক কঠিন বিষয়। তাৰোপৰি দৰ‌ৱৰ দাম থাকিলেই !সুচিকিৎসাৰ অভা‌ৱত আমাৰ সমাজত বছৰি কিমানজনে মৃত্যুবৰণ কৰি আছে তাৰ নিশ্চয় লেখ-জোখ নাই ।

        এই কথা মানি লব পাৰি যে ডাক্তৰী বিদ্যাৰ অধ্যয়নত যথেষ্ট টকা-পইচাৰ আ‌ৱশ্যক হয় আৰু চিকিৎসাৰ শাস্ত্ৰৰ কিতাপৰ পৰা আৰম্ভ কৰি সা-সঁজুলিৰ দামো বহু বেছি । কিন্তু আমি যুক্তি আগবঢ়াম এই বুলি যে ডাক্তৰীবিদ্যা অধ্যয়ন কৰি তেওঁ কেইটা ৰোগৰ পথ্য উদ্ভা‌ৱন কৰিলে বা তেনে কি গ‌ৱেষণামূলক তথ্য আ‌ৱিষ্কাৰ কৰিলে তাৰ হিচাপ দিয়ক ।আঙুলীৰ মূৰত গণিবপৰা দুই একোজন অসমীয়া চিকিৎসকৰ বাদে , বিশ্ববৰেণ্য আ‌ৱিষ্কাৰক চিকিৎসকসকলৰ দৰে কোনো এজনে সফল আ‌ৱিষ্কাৰ বা অন্য অৰিহণা মান‌ৱ-জাতিৰ কল্যাণৰ হকে দিব পৰা নাই , বৰঞ্চ পূৰ্বে আ‌ৱিষ্কৃত বা নিৰূপিত কিছু পথ্যৰ তথ্য অধ্যয়ন কৰি তাকে ৰোগীৰ বাবে কাগজত লিখি লিখি টকা গণিবলৈ শিকিলে ।আমাৰ এনে ডাক্তৰৰো চিকিৎসা গ্ৰহণ কৰাৰ অভিজ্ঞতা হৈছে, যি ৰোগীৰ লগত এষাৰো কথা নপতাকৈয়ে দৰ‌ৱৰ তালিকা দিব পাৰে । এয়া কেনে চিকিৎসা-সে‌ৱা/মান‌ৱ-সে‌ৱাৰ নমুনা ?(টকাৰ বিনিময়ত পো‌ৱা উপদেশ বা পৰামৰ্শতো ইমান কৃপনালি সহ্য কৰিবলৈ অলপ দিগদাৰেই হয়। সেয়েহে আমি এনে প্ৰবঞ্চনাৰ কথা উপলব্ধি কৰাৰ দিন ধৰি ডাক্তৰৰপৰা প্ৰাসঙ্গিক জানিবলগীয়া কথাখিনি নিজেই জিজ্ঞাস কৰি জানি লওঁ,যেনে ধৰক, এই ৰোগ হো‌ৱাৰ কাৰণ কি,প্ৰাৰম্ভিক লক্ষণ কি তথা প্ৰাকৃতিক প্ৰতিকাৰ কি কি হব পাৰে ইত্যাদি )
        এজন মৃত্যুমুখী ৰোগী বা যন্ত্ৰণাত আতুৰ ৰোগীক সুচিকিৎসাৰে সুস্থ কৰি তোলাত এজন ডাক্তৰে যিমান পৰামানন্দ লাভ কৰিব লাগিছিল,সিমান সুখানুভূতি আজিকালি তেওঁলোকে নাপায় যেন আমাৰ ধাৰণা হয় । বৰঞ্চ বুকুৰ কোনো এটা চুকত চাগে দুখৰহে অনুৰণন হয়, ৰোগীজন নাৰ্ছিং হোমৰ পৰা ওলাই যাবলগীয়া হো‌ৱাত হেৰু‌ৱাবলগীয়া টকাখিনিৰ শোকত ।
        আমি আশা কৰোঁ, একোজন ডাক্তৰে মনত স্বৰ্গীয় সুখৰ উপলব্ধি কৰা উচিত,যেতিয়া এজন ৰোগীয়ে তেওঁক ভগ‌ৱান স্বৰূপে জ্ঞান কৰে ।মান‌ৱ-সে‌ৱাৰ পূৰণমাত্ৰাই সুযোগ তেওঁ নিজৰ বৃত্তিযোগে পো‌ৱা বাবে একোজন ডাক্তৰে আত্ম-গৌৰ‌ৱ কৰিবলৈ শিকা উচিত । আমি ভা‌ৱো, যন্ত্ৰণামুক্ত ৰোগীজনৰ হৃদয়ত তেওঁৰ প্ৰতি স্বাভা‌ৱিকতে বাজি উঠা কৃতজ্ঞতাৰ সুৰ তেওঁ শুনা উচিত আৰু দুগুন উৎসাহেৰে মান‌ৱ-সে‌ৱাত আত্ম-নিয়োগ কৰা উচিত ।
        --আঁহক, আমি আমাৰ সন্তানকো একোজন ডাক্তৰ কৰি তোলো,কিন্তু তথাকথিত অৰ্থলোভী সুপ্ৰতিষ্ঠিত এজন নহয়-যিয়ে নিজৰ সুখতকৈ একোজন ৰোগীৰ দুখক সমানে বুজি পায় ,যিয়ে চিকিৎসা সে‌ৱাৰে মানসিক প্ৰশান্তি পাব পাৰে আৰু মান‌ৱ-জাতিৰ সামগ্ৰিক কল্যাণৰ বাবে কিছু হলেও চিকিৎসা-শাস্ত্ৰৰ গ‌ৱেষণা বা অধ্যয়ন কৰে । আৰু যিয়ে আপোনাক নিজৰ কৰ্মৰাজীৰ দ্বাৰা আপোনাক পিতৃত্বৰ/মাতৃত্বৰ গৌৰ‌ৱেৰে মুখত হাঁহি বিৰিঙাব পাৰে ।

--অৰুণজ্যোতি দাস, চাইহা, মিজোৰামৰ পৰা (ইং . ৭ জুলাই,২০১১)
         

       


       






আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...