লেখা অনুসন্ধান কৰক

Showing posts with label দুৰ্গা পূজা. Show all posts
Showing posts with label দুৰ্গা পূজা. Show all posts

Saturday, September 16, 2017

এইবেলি পূজা আমি কেনেদৰে পাতিম?



এইবেলি পূজা আমি কেনেদৰে পাতিম?
যদিওবা ভাৰতৰ বিভিন্ন ঠাইত এই পূজাৰ আয়োজন হয়, তথাপি ‘দূৰ্গা পূজা’ বুলি ক’লেই ভাৰতৰ যিকোনো লোকে যিখন ৰাজ্যৰ নাম সাউতকৈ লয়, সেয়া হ’ল পশ্চিম-বংগবংগৰ থলু‌ৱা হিন্দু বাঙালীসকলে পৰম্পৰাগতভা‌ৱে আৰু অতি অন্ত:কৰণেৰে বিশাল আয়োজনেৰে সৈতে দূৰ্গাপূজা উদযাপন কৰা দেখা যায়। সেই অনুপাতে কিন্তু দূৰ্গাপূজাৰ প্ৰচলন অসমত আগেয়ে অতি কম আছিল যদিও বৰ্তমানে ইয়াৰ স্থান পশ্চিম-বংগৰ ঠিক পাছতেই  বুলি ক’ব পৰা যায় । অসমত দুৰ্গা পূজাৰ এই বৰ্ধিত জনপ্ৰিয়তা খুব বেছি সময়ৰ নহয়। হয়তো পোন্ধৰ-বিশ বছৰৰপৰাহে অসমৰ প্ৰতিখন গা‌ৱেঁ-ভূঞেঁ এই পূজা ধুমধামেৰে পাতিবলৈ লো‌ৱা হৈছে ।
       এটা ধৰ্মীয় মাংগলিক অনুষ্ঠান হিচাপে ইয়াৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণ হ’ব লাগিছিল দে‌ৱী-উপাসকৰ সংখ্যাবৃদ্ধি । কিন্তু অতি আচৰিত কথা যে, অসমত এই দে‌ৱী-পূজা জনপ্ৰিয়তাৰ কাৰণ তেনে কোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠতা সমূলি নহয় ! তেন্তে কি হ’ব পাৰে এই কাৰণ, যাৰ ফলত আজি অসমৰ প্ৰতিটো অলিয়ে-গলিয়ে এই দূৰ্গা-পূজা অতি জাকজমকতাৰে পাতিবলৈ লো‌ৱা হৈছে? শেহতীয়াকৈ বহু নগৰত এক কিমি. ব্যাসাৰ্ধৰ ভিতৰতে পঞ্চাছখন পূজা মণ্ডপে গিজগিজাই থকাও পৰিলক্ষিত হৈছে (নগাওঁ চহৰৰ হয়বৰগাওঁ ৰেলষ্টেছনৰ সমীপতে যো‌ৱাবেলি হয়তো ২০খন মান পূজা-মণ্ডপ দেখা গ’ল।) কিছু সুক্ষ্ম পৰ্যবেক্ষণেৰে অসমীয়া মানুহৰ এই অস্বাভা‌ৱিক উদযাপন-প্ৰীতিৰ মাজত আমি তেৰাসকলৰ প্ৰদৰ্শনধৰ্মী মনো‌ভা‌ৱ, বিকল্প পথেৰে ধন অৰ্জনৰ প্ৰতি আকৰ্ষণ আৰু অন্ধ অনুকৰণৰ স্বভা‌ৱ দেখিবলৈ পাওঁ । ইতিমধ্যেই এলেহু‌ৱা বুলি সুনাম(!) থকা জাতিটোৰ এনে পৰি‌ৱৰ্তিত ৰেহৰূপ কোনো সুভ‌ৱিষ্যতৰ ধ্বজাবাহক হ’ব পাৰে বুলি আমাৰ মনে নধৰে ।  
       অসমীয়া মানুহে এই যে দূৰ্গাপূজা ভাগ পাতে, প্ৰকৃততে কিমান মানুহে প্ৰকৃত উপাসনাৰে দূৰ্গা(মা)ক বন্দনা কৰে বাৰু ? সঁচা কথা ক’বলৈ গ’লে, আমাৰ মানুহে পূজা ‘চাবলৈ’হে যায়, পূজা কৰিবলৈ নাযায় ! অ‌ৱশ্যে ক’ব পাৰি যে আয়োজকসকলক ধৰি হয়তো ১০-১৫ শতাংশ মানুহে মাংগলিক অনুষ্ঠানত ভাগ লয় । এতিয়া কথা হৈছে, এনেদৰে মানুহে যেতিয়া পূজা ‘চাবলৈকে’ যায়, গতিকে নিশ্চয় তাত কিবা চাবলগীয়া বস্তুবিশেষ থাকিব লাগিব ।  আৰু এই যুক্তিটোৰ আঁত ধৰিয়েই অসমত দূৰ্গাপূজা এক বিশাল অংকৰ ব্য‌ৱসায়, বিয়াগোম প্ৰদৰ্শনী, মানুহৰ বাহ্যিক চৌখিনতাৰ বহি:প্ৰকাশ আৰু মুৰ্খৰ দৰে অবাবত টকা উৰু‌ৱাৰ উৎস‌ৱ হিচাপে পৰিগণিত হৈ আহিছে । পূজা মণ্ডপৰ কথাই ভা‌ৱকচোন- এখন নগৰৰ সকলো মানুহকে একত্ৰিত কৰিব পৰাকৈ, যান-জঁটৰ সংখ্যা সৰ্বনিম্ন কৰিব পৰাকৈ যেতিয়া আমি এখন মাত্ৰ পূজা-মণ্ডপেৰেই যি কাম কৰিব পাৰোঁ, সেই কাম আমি শ-শ খন পূজা সমিতিৰে আয়োজন কৰাৰ  প্ৰয়োজনীয়তাই বা ক’ত ?  হাজাৰৰ ওপৰৰ মানুহ গোট খো‌ৱা আন অনুষ্ঠান যেনে সাহিত্য সভাৰ অধি‌ৱেশন দেখোন আমি তেনেদৰে আহল-বহল আয়োজনেৰেই পাতি আহিছো । তেন্তে পূজা পাতিব নো‌ৱাৰো কিয়? আচলতে, আমি প্ৰত্যেকেই আজি টিভি চেনেলৰ টিআৰপিৰ দৰেই নিজৰ নিজৰ চাহিদা, নিজৰ নিজৰ মান বঢ়ো‌ৱাৰ দৌৰত দৌৰিছো কি আয়োজক, কি দৰ্শনাৰ্থী - সকলো একে ! দুজনমানে মিলি যদি সিফালে এটা অনুষ্ঠান পাতে, তেতিয়া আমাৰ গা জ্বলে । গতিকে আমিও এইফালে আন এটা অনুষ্ঠান পাতিবলৈ যোঁ-জা কৰোহঁকআমি বিচাৰোঁ যে, সিহঁততকৈ আমাৰ অনুষ্ঠানটো বেছি ডাঙৰ হওঁক, বেছি জাকজমকীয়া হওঁক – আমাৰ বিষয়ে মানুহে অধিক জানক, সিহঁত নিপাতে যাওঁক । আৰু এই প্ৰক্ৰিয়াটো‌ৱেই নিউক্লীয় ফিছন বিক্ৰিয়াৰ দৰেই এটা পাৰমাণ‌ৱিক বোমাৰ ৰূপ লয়গৈ । অৰ্থাৎ, আগেয়ে যি উৎস‌ৱক একতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল, বৰ্তমানে সেই উৎস‌ৱ পাতিবৰ বাবেই একেখন সমাজতে খণ্ড-বিখণ্ডিত হৈ আমি আমাৰ বিভেদ-ভা‌ৱৰ পৰিচয় দিওহঁক ।
       চান্দা তোলাৰপৰা আৰম্ভ কৰি দে‌ৱী বিসৰ্জন দিয়ালৈকে, আজিৰ অসমীয়া পূজা উদযাপানৰ এই সকলো আদ‌ৱ-কায়দাতে আমি কে‌ৱল আমাৰ মানুহৰ নিকৃষ্টতম মানসিকতাৰ প্ৰতিফলন ঘটাকেই দেখা পাওঁ । পূজাৰ চান্দা তোলা অভিযানত আজিকালি দোকান-পোহাৰৰপৰা আৰম্ভ কৰি গাড়ী-মটৰলৈকে কোনো সাৰি নাযায় । কাৰণ টকা সৰকো‌ৱাৰ ইয়েই এটা প্ৰাৰম্ভিক অস্ত্ৰ । তাতে আকৌ ‘পূজা’ নামৰ বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ বাবে--  য’ত আমি পূজা নমনা হিন্দু বা অহিন্দু সকলকো জোৰ-জবৰদস্তিৰে বৰঙণি দিবলৈ বাধ্য কৰিব পাৰোঁ । আৰু আজিৰ অসমীয়া ডেকাই ইয়াৰে সুবিধা ল’ব জানে বাৰুকৈয়ে- অহিন্দু‌ৱে চান্দা নিদিলে সাম্প্ৰদায়িক সংঘৰ্ষৰো হুংকাৰ দিব পাৰে ! বেচ্, লাচিতৰ তেজ থকা অসমীয়া ডেকা, তুমি নিজৰ শক্তিক ভালদৰেই চিনিছা । স্বয়ম্ভু সভাপতি-সম্পাদকে পূজা শেষ হো‌ৱাৰ পাছত চান্দা দিয়াসকলক খৰছৰ খতিয়ান দিয়াটো দূৰৰে কথা, ধন্যবাদ এষাৰি দিবলৈও পাহৰি যায় – কাৰণ তেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে কাৰ পকেটত কিমান টকা সোমাল তাৰ অংককলৈহে! কোনে ক’ব, অসমীয়াই টকা ঘটিব নাজানে ?
       ভা‌ৱক- লাইট, জেনেৰেটৰ, মূৰ্তি, প্ৰসাদ, পেণ্ডেলেৰে কমখিনি আয়োজন নে? তাকো আকৌ অনুষ্টুপীয়াকৈ হ’লেও নহ’ব- লাইটে চকু চাঁট মাৰি ধৰিব লাগিব, মূৰ্তি-পেণ্ডেলৰ কাৰু-কাৰ্যই টিভি-চেনেল, খবৰ কাকতৰ মানুহক আকৃষ্ট কৰিব পাৰিব লাগিব ! আমি কো‌ৱাৰ দৰে এখন মাত্ৰ পূজা পাতিব পৰা হ’লে বাকী শ-শ পূজা সমিতিৰ এই সকলো আয়োজনত খৰছ হো‌ৱা লক্ষ লক্ষ টকা ৰাহি নহ’লহেঁতেন নে বাৰু ? এনে বিশাল পৰিমাণৰ টকাৰে প্ৰতিটো অঞ্চলৰ সমূহীয়া  উন্নতি সাধিনী বহুতো পদক্ষেপ হাতত ল’ব পৰা গ’লহেঁতেন নিশ্চয় । ৰাষ্টা-পদূলীৰ বাবেই আমি বছৰৰ পাছত বছৰ ধৰি চৰকাৰৰ মুখলৈ আশা পালি বহি থাকো। ৰাইজৰ বৰঙণিৰ এনে টকাৰে আমি নিজৰ এলেকাৰ বাট-পথবোৰ ঠিক কৰি ল’ব নো‌ৱাৰো নে?
       কণমাণিটোৰ হাতত তুলি দিয়া পিস্তলটো‌ৱে কি সূচায়- কেতিয়াবা ভা‌ৱি চাইছো নে ? আজিকালি সি ডাঙৰতকৈও ডাঙৰ ৰাইফলটোহে ল’বলৈ ভালপো‌ৱা হৈছে । আৰু তাকে চাই আমি ৰং লৈছো। কাহানিবা ভা‌ৱি চাওঁ নে যে এনে কাণ্ড-কাৰখানাই তাৰ সেই অকণমানি মনটোত কিমান বেয়া প্ৰভা‌ৱ পেলাব পাৰে ? আৰু পূজা বুলিলেই এতিয়া ধনী হওঁক দুখীয়া হওঁক কে‌ৱল খৰছ আৰু খৰছ । দিন-হাজিৰা কৰা সাধাৰণ লোকজনেও উপায়ন্তৰ হৈ দেখাক-দেখি টকাকেইটা পানীত পেলাব লগা হৈছে । গাৰ ঘামৰ প্ৰতিটো বিন্দু খৰছ কৰি অৰ্জা শিকিকেইটা পুতলা পিস্তলৰ মাত্ৰ কেইটামান ধূম-ধাম শব্দৰ মাজত হেৰাই যায় । দে‌ৱী বিসৰ্জনৰ নামতো অযথা কিছুমান হুলস্থুল-বিশৃংখলতা । পূজা উদযাপনৰ নামত উন্মত্ত হো‌ৱা কিছুমান মানুহৰ দলে বাকী সকলোৰে খা‌ৱন-শো‌ৱন হৰে । আৰু এই যান-জঁট,কোৰ্হালৰ সুবিধা লৈ কিছুমান মানুহে জু‌ৱা-খেল,তীৰ-খেল,মদৰ ঘাটিৰে গাওঁ-চহৰৰ গলিবোৰ বিপন্ন কৰি তোলে । ইয়াৰ মাজতো সুবিধাবাদী পুলিছ-ট্ৰেফিকে নিজৰ নিজৰ ধান্দা চলাই যায় । আমি এনেকৈয়ে দূৰ্গা-পূজা  পালন কৰি আহিছো।
       আহক- এইবেলি পূজাভাগ আমি প্ৰদূষিত হ’বলৈ নিদিওঁ । শুদ্ধ অন্তৰেৰে ভক্তি ভা‌ৱেৰে দূৰ্গতিনাশিনীৰ চৰণত প্ৰণিপাত জনাওঁ । আয়োজনৰ নামত আমি বাহ-বাহ ল’বলৈ নাযাওঁ। আমাৰ অঞ্চলত কেইবাখনো পূজাৰ সলনি মাত্ৰ এখন পূজা হ’বলৈ মানুহক উদ্বুদ্ধ কৰোহঁক। দান-বৰঙণি যদি তোলা হয়, তেন্তে তাৰে অন্ত:ত এটা সমাজৰ হকে ভাল কাম কৰোঁ। আৰু মুঠৰ ওপৰত আমাৰ নতুন-প্ৰজন্মক এটা আদৰ্শ দেখু‌ৱাওঁ। আহকচোন- ৰাইজে নখ জোকাৰিলে হেনো নৈ বয় ।
===================================০০০===================================
n  অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ:৯৪৩৫১৫২৭৬৮)

Monday, November 10, 2014

“পূজাৰ চান্দাৰ সদ্ব্য‌ৱহাৰ”



সাম্প্ৰতিক সময়ত পৃথি‌ৱীত এটা মান‌ৱ জাতিৰ ওপৰত প্ৰাকৃতিক বা অপ্ৰাকৃতিকভা‌ৱে হ’ব পৰা সকলো ধৰণৰ বিপৰ্যয়ৰ জী‌ৱন্ত উদাহৰণ হৈছে অসমীয়া জাতি । ভুমিস্খলন, বানপানী,বন্যপ্ৰানী নিধন,চুৰি-ডকাইতি,নাৰী-নিৰ্যাতন,শিশু-নিৰ্যাতন,প্ৰতিদিনে হ’বলৈ লো‌ৱা ধৰ্ষণ,উগ্ৰপন্থীৰ দ্বাৰা নিৰীহ জনতাৰ হত্যা, গুপ্তহত্যা, ধন-দাবী,অপহৰণ ,শাসকীয় দলৰ শোষণ আৰু বৰ্বৰতা, প্ৰদূষণ ,গোষ্ঠী সংঘৰ্ষ ,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা -- এই সকলোখিনিয়ে অসম আৰু অসমৰ জনসাধাৰণক এনেধৰণে জুৰুলা কৰিছে যে ৰাজ্যখনত কোনো ধৰণৰ ধনাত্মক চিন্তা তথা আদৰ্শমূলক কৰ্মৰ আজি অভা‌ৱ ঘটিছে । নিশ্চিতভা‌ৱে ক’ব পাৰি যে সুস্থ পৰি‌ৱেশৰ অভা‌ৱেই এনে দৈন্যতাৰ মূল কাৰক ।
ইয়াৰ মাজতো প্ৰকৃতিয়ে চিৰাচৰিত ৰীতি মানি ধৰাৰ বুকুত নতুন সাজেৰে নামি আহি ন উদ্দীপনাৰ সৃষ্টি কৰিছে । নৈৰ পাৰত কঁহু‌ৱা ফুলাৰ বতৰত পু‌ৱাৰ দুবৰি বনত যেতিয়া নিয়ৰে মুকুতা গাঁঠে তেতিয়া যিকোনো ইতৰ প্ৰাণীৰে মনত কিবা এটা বুজাব নো‌ৱাৰা  আৱেগৰ সৃষ্টি হয় । নতুন ভা‌ৱ আৰু ন আশাৰে প্ৰতিজন মানুহেই সজী‌ৱ আৰু প্ৰাণ‌ৱন্ত হয়  । এনে এক প্ৰতি‌ৱেশেই মানুহক উৎস‌ৱৰ প্ৰতি আকৃষ্ট কৰি তোলে । সেয়েহে আজিৰ এই মহঙা দিনতো ,প্ৰতিকূল বতৰ নেউচি , দুৰ্গাপূজাৰ আয়োজন চলিছে । মানুহবোৰে হাজাৰ দুখ-কষ্ট, আলাই –আথানিকো পাহৰি যেন অকনমাণ হাঁহি-স্ফুৰ্তি তথা সন্তুষ্টিৰ ভাগ ল’বলৈ যেন উদ্বাউল হৈ পৰিছে ।
দুৰ্গাপূজা বুলিলেই সকলো‌ৱে লগে-ভাগে ওলাই গৈ দে‌ৱীৰ আশীষ লো‌‌ৱা তথা ভিন ভিন ঠাইত পূজা চো‌ৱাৰ তীব্ৰ হেঁপাহ জাগে । সেয়া লাগিলে কোনো ধনী-মানী মন্ত্ৰী-আমোলাৰ সন্তানেই হওঁক অথবা আমাৰ গাঁৱৰ  কোনো নদাই-ভদাইৰ ল’ৰা-ছো‌ৱালীয়েই হওঁক ! অ‌ৱশ্যে কণমানিহঁতৰ সমানে সমানে আমাৰ বহু মাক-বাপেকৰো পূজা বুলি বিশেষ বজাৰ-সমাৰ কৰাৰো ‘বিশেষ চখ’ আছে । আৰু সেই হেতুকেই পূজাথলীৰ চৌপাশে এখন আটকধুনীয়া অস্থায়ী হাট-বজাৰে গা কৰি উঠে, য’ত উভৈনদী হয় ল’ৰা-ছো‌ৱালীৰ মন ৰঙীয়াল কৰি তুলিব পৰা নানান খেলা-সামগ্ৰী তথা কাপোৰ-কানি । চাহ-বাগিচাৰ কৰ্তৃপক্ষ বা আন কোম্পানী কিছুমানে আকৌ কৰ্মচাৰীৰ মন ভোলাবলৈ এনে সময়তে কিছুমান বোনাচ ঘোষণা কৰে । গতিকে এনে ‘অতিৰিক্ত উপাৰ্জন’ খিনিৰে ৰং-ৰহইচৰ উপাদান কিনিবলৈ বহুতৰে মন থৌকি-বাথৌ হো‌ৱাও পৰিলক্ষিত হয় । এই ৰঙত বহুতেই আকৌ ৰঙীণ পানীয়কো অন্তৰ্ভুক্ত কৰি ঘৰৰ বাহিৰে-ভিতৰে তথা বাটে-পথেও বিশেষ ভাওনাৰ আয়োজন কৰে । আমাৰ বহু আঢ্য‌ৱন্ত পৰিয়ালত পূজাৰ ‘চপিঙ’ৰ নামত কিবা যেন অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হয়, তেনে অনুমান হয় । সেয়েহে এনে কাৰকবোৰলৈ চাই ক’ব পাৰি যে-দুৰ্গাপূজা আজিকালি কে‌ৱল ‘পূজা’ হৈ থকা নাই , ই এটা ‘ব্য‌ৱসায়’লৈও পৰ্যবসিত হৈছে ।
        দূৰদৰ্শনত প্ৰতি মূহুৰ্তত দেখু‌ৱাই আছে - অমুক পূজা সমিতিৰ এইবাৰৰ বাজেট ইমান লাখ ,তমুকৰ আকৌ সিমান লাখ। কোনোবা এখন পূজা সমিতয়ে সগৌৰ‌ৱে ঘোষণা কৰিছে ,তেওঁলোকৰ বাজেট ২৫ লাখ বুলি । এতিয়া কথা হ’ল, সাধাৰণ এখন পূজা পাতিবৰ বাবে মানুহক ইমান টকাৰ সঁচাকৈয়ে প্ৰয়োজন হয় নে ? সেই টকাখিনি ক’ৰ পৰা আহে ? ইয়াৰ উত্তৰ অতি স্পষ্ট । পূজাৰ মূল খৰছৰ ভিতৰত পৰে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপ নিৰ্মাণ তথা ইয়াৰ সাজ-সজ্জা । চাবলৈ গ’লে এইখিনি কাম অতি সহজে হ’ব লাগিছিল আৰু ইয়াৰ বাবে ইমান অতি বেছি খৰছো হ’ব নালাগিছিল । কিন্তু খৰছৰ আচল ৰহস্যটো হৈছে এয়ে যে দে‌ৱীৰ প্ৰতিমূৰ্তি আৰু মণ্ডপৰ সাজসজ্জাৰ বাবে পূজা সমিতিবোৰৰ মাজত প্ৰতিযোগিতা হয় আৰু এই প্ৰতিযোগিতাত জিকি নিজৰ ‘মান’  অক্ষুন্ন ৰাখিবৰ বাবে উদ্যোক্তাসকলে বিশেষ কাৰিকৰী প্ৰযুক্তি ব্য‌ৱহাৰ কৰি অতি চমকপ্ৰদ, চালে চকু থৰ হৈ যো‌ৱা বিধৰ মণ্ডপ সাজিবলগীয়াত পৰে । তাৰ বাবে কলকাতাৰপৰা  বিশেষ ভা‌ৱে পাকৈত ,দক্ষ কলা-কুশলীক ব্যয়বহুল ভা‌ৱে নিমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকে এমাহ আগৰে পৰা অশেষ কষ্ট কৰি এনে সুবৃহৎ আৰু সুশোভিত মণ্ডপ তৈয়াৰী কৰে । তাৰোপৰি পূজাৰ মঞ্চত বহুতেই আকৌ নামী-দামী তাৰকা-শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে । পূজাৰ নৈবিদ্য,পূজাৰীৰ দক্ষিণা তথা মাননি,প্ৰসাদৰ ৰন্ধন-প্ৰকৰণ,পৰি‌ৱহণ ইত্যাদিৰ কথাকো এনে বৃহৎ বাজেটৰ ভিতৰত সামৰি ল’ব লগীয়া হয় ।
আমি প্ৰশ্ন কৰোঁ, দহ দিনজোৰা এই পূজাৰ সময়ত কে‌ৱল চকুৰ চা‌ৱনিৰে মন জুৰ পেলো‌ৱাৰ বাদে এনে লক্ষ লক্ষ টকা খৰছ কৰি তৈয়াৰ কৰা পূজাথলীয়ে প্ৰকৃততে আমাক কেনেদৰে লাভান্বিত কৰিছে ? দে‌ৱীয়ে সঁচাকৈয়ে মণ্ডপৰ সাজ-সজ্জা বিচাৰ কৰে নে ? দে‌ৱীপূজা হৈ যো‌ৱাৰ পিছতো দেখোন এইখন দেশত আগৰদৰেই হিংসা-বিদ্বেষ ,হত্যা-লুন্ঠন,নিৰ্যাতন হৈয়েই থাকে ? অগণন টকা আৰু অমূল্য সময় দে‌ৱীৰ পূজা-অৰ্চনাৰ নামত খৰছ কৰাৰ পাছতো দেখোন আমাৰ মনৰপৰা ঠগ-প্ৰ‌ৱঞ্চনাৰ প্ৰ‌ৱণতা,দুৰ্নীতি কৰাৰ প্ৰ‌ৱণতা নিমিষতে নাইকীয়া হৈ নাযায় কিয় ?
এই কথাবোৰ সঁচাকৈয়ে গমি-পিতি চাবৰ সময় সমাগত । এষাৰ কথা আছে,-‘ভগ‌ৱানে সেইজনকহে ৰক্ষা কৰে , যিয়ে নিজৰ ৰক্ষা কৰে ।’ আমি পূজা-অৰ্চনা,নাম-কীৰ্তন কৰিব নালাগে বুলি ঠিক কো‌ৱা নাই; কিন্তু আজিৰ সময়ত,চন্দ্ৰ-মংগলক লৈ মানুহে অভিযান আৰম্ভ কৰাৰ সময়ত, সকলো কাম-কাজৰে যথাৰ্থতা অনুধা‌ৱন কৰি উঠিহে যিকোনো পদক্ষেপ লো‌ৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । চৰকাৰক অনবৰত দোষাৰোপ কৰি যদি আমি হাত সা‌ৱতি বহি থাকো, তেন্তে সেয়াও একপ্ৰকাৰৰ অপৰাধ । আমাৰ নিজৰ পদূলিটো লেতেৰা হৈছে, সেয়া চাফ-চিকুণ কৰি লো‌ৱাটো আমাৰ দায়িত্ব । গতিকেই আমি ভা‌ৱোঁ, পূজাৰ নামত খৰছ কৰা এনে লক্ষ লক্ষ টকাৰ যদি আমি সদ্ব্য‌ৱহাৰ কৰিব জানো, তেন্তে আমাৰ বহুখিনি সমস্যা নিমিষতেই নাইকীয়া হ’ব । এতিয়া বৰষুণৰ পাছত জমা হো‌ৱা গু‌ৱাহাটীৰ বোকাখিনিৰ কথাই ভা‌ৱকচোন । এটা অঞ্চল চাফা কৰিবলৈ প্ৰয়োজন হো‌ৱা ‘জেচিবি’ গাড়ীখন যদি আমি নিজেই যোগাৰ কৰি ল’ব পাৰো, সেয়া দেখোন এদিনতেই হৈ উঠিব । নলা –চাফা কৰা, দাস্টবিনৰ জা‌ৱৰ সময়মতে দূৰত নি পেলো‌ৱা,ভূমিস্খলন ৰোধিবলৈ শিল-চিমেন্টেৰে বেৰ দিয়া আদি সামাজিক কাম যদি এনে পূজাৰ নামত গোট খো‌ৱা টকাৰে কৰিব পৰা যায় , তেন্তে ভা‌ৱি চাওঁকচোন আমি কিমান খিনি সকাহ পাবলৈ সমৰ্থ হ’ম ? আমাৰ পইচাৰে আমাৰ নিজৰ কাম নিজেই কৰি লো‌ৱাতকৈ আৰু কিবা ডাঙৰ গৌৰ‌ৱ থাকিব পাৰে নেকি ?
আৰু যদি আমি একে ঠাইতে দহোখন পূজা পতাৰ সলনি মাথো এখনতে সকলোখিনিয়ে সমিলমিলেৰে লগ খাও তেন্তে দেখোন বহু টকা তেনেকৈয়ো ৰাহি কৰিব পাৰি ? পূজা সমিতিবোৰে চান্দা উঠাই পইচা তোলাত আপত্তি কাৰোৰে নাথাকিব , যদিহে  সেই টকাৰ উচিত ব্য‌ৱহাৰ হয় । বহু পূজা সমিতিয়ে চান্দাৰ টকাৰে নিজৰ নিজৰ পকেট গৰম কৰে বুলিও জনা যায় । আৰু চান্দাৰ নামত ডকা-হকা কৰাৰো উদাহৰণ পো‌ৱা যায় । এইবোৰৰ বিপক্ষে আইনী ব্য‌ৱস্থা প্ৰশাসনে লো‌ৱা উচিত । প্ৰশাসনে নিয়ম কৰি দুই কি.মি. ব্যাসাৰ্ধৰ ভিতৰত মাত্ৰ এখনহে পূজা মাতিবলৈ অনুমতি প্ৰদান কৰা উচিত ।
আমি আশা কৰোঁ, এইবেলি দুৰ্গাপূজাই আমাৰ প্ৰত্যেকৰে জী‌ৱনলৈ যেন শান্তি আনে , প্ৰতিজনৰে মনত যেন নতুন আশাৰ সঞ্চাৰ কৰে আৰু উচিত কৰ্মৰ প্ৰতি উদাৰ হ’বলৈ, সৎ হ’বলৈ যেন আমাক শক্তি দিয়ে ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...