এইবেলি পূজা আমি কেনেদৰে পাতিম?
যদিওবা ভাৰতৰ বিভিন্ন ঠাইত এই পূজাৰ আয়োজন হয়, তথাপি ‘দূৰ্গা
পূজা’ বুলি ক’লেই ভাৰতৰ যিকোনো লোকে যিখন ৰাজ্যৰ নাম সাউতকৈ লয়, সেয়া হ’ল
পশ্চিম-বংগ। বংগৰ থলুৱা হিন্দু বাঙালীসকলে পৰম্পৰাগতভাৱে আৰু অতি অন্ত:কৰণেৰে বিশাল আয়োজনেৰে সৈতে দূৰ্গাপূজা উদযাপন
কৰা দেখা যায়। সেই অনুপাতে কিন্তু দূৰ্গাপূজাৰ প্ৰচলন অসমত আগেয়ে অতি কম আছিল যদিও
বৰ্তমানে ইয়াৰ স্থান পশ্চিম-বংগৰ ঠিক পাছতেই বুলি ক’ব পৰা যায় । অসমত দুৰ্গা পূজাৰ এই বৰ্ধিত
জনপ্ৰিয়তা খুব বেছি সময়ৰ নহয়। হয়তো পোন্ধৰ-বিশ বছৰৰপৰাহে অসমৰ প্ৰতিখন গাৱেঁ-ভূঞেঁ
এই পূজা ধুমধামেৰে পাতিবলৈ লোৱা হৈছে ।
এটা ধৰ্মীয়
মাংগলিক অনুষ্ঠান হিচাপে ইয়াৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণ হ’ব লাগিছিল দেৱী-উপাসকৰ
সংখ্যাবৃদ্ধি । কিন্তু অতি আচৰিত কথা যে, অসমত এই দেৱী-পূজা জনপ্ৰিয়তাৰ কাৰণ তেনে
কোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠতা সমূলি নহয় ! তেন্তে কি হ’ব পাৰে এই কাৰণ, যাৰ ফলত আজি
অসমৰ প্ৰতিটো অলিয়ে-গলিয়ে এই দূৰ্গা-পূজা অতি জাকজমকতাৰে পাতিবলৈ লোৱা হৈছে?
শেহতীয়াকৈ বহু নগৰত এক কিমি. ব্যাসাৰ্ধৰ ভিতৰতে পঞ্চাছখন পূজা মণ্ডপে গিজগিজাই
থকাও পৰিলক্ষিত হৈছে । (নগাওঁ চহৰৰ হয়বৰগাওঁ ৰেলষ্টেছনৰ
সমীপতে যোৱাবেলি হয়তো ২০খন মান পূজা-মণ্ডপ দেখা গ’ল।) কিছু সুক্ষ্ম পৰ্যবেক্ষণেৰে
অসমীয়া মানুহৰ এই অস্বাভাৱিক উদযাপন-প্ৰীতিৰ মাজত আমি তেৰাসকলৰ প্ৰদৰ্শনধৰ্মী মনোভাৱ,
বিকল্প পথেৰে ধন অৰ্জনৰ প্ৰতি আকৰ্ষণ আৰু অন্ধ অনুকৰণৰ স্বভাৱ দেখিবলৈ পাওঁ । ইতিমধ্যেই
এলেহুৱা বুলি সুনাম(!) থকা জাতিটোৰ এনে পৰিৱৰ্তিত ৰেহৰূপ কোনো সুভৱিষ্যতৰ ধ্বজাবাহক
হ’ব পাৰে বুলি আমাৰ মনে নধৰে ।
অসমীয়া মানুহে
এই যে দূৰ্গাপূজা ভাগ পাতে, প্ৰকৃততে কিমান মানুহে প্ৰকৃত উপাসনাৰে দূৰ্গা(মা)ক
বন্দনা কৰে বাৰু ? সঁচা কথা ক’বলৈ গ’লে, আমাৰ মানুহে পূজা ‘চাবলৈ’হে যায়, পূজা
কৰিবলৈ নাযায় ! অৱশ্যে ক’ব পাৰি যে আয়োজকসকলক ধৰি হয়তো ১০-১৫ শতাংশ মানুহে
মাংগলিক অনুষ্ঠানত ভাগ লয় । এতিয়া কথা হৈছে, এনেদৰে মানুহে যেতিয়া পূজা ‘চাবলৈকে’
যায়, গতিকে নিশ্চয় তাত কিবা চাবলগীয়া বস্তুবিশেষ থাকিব লাগিব । আৰু এই যুক্তিটোৰ আঁত ধৰিয়েই অসমত দূৰ্গাপূজা
এক বিশাল অংকৰ ব্যৱসায়, বিয়াগোম প্ৰদৰ্শনী, মানুহৰ বাহ্যিক চৌখিনতাৰ বহি:প্ৰকাশ
আৰু মুৰ্খৰ দৰে অবাবত টকা উৰুৱাৰ উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে । পূজা মণ্ডপৰ
কথাই ভাৱকচোন- এখন নগৰৰ সকলো মানুহকে একত্ৰিত কৰিব পৰাকৈ, যান-জঁটৰ সংখ্যা
সৰ্বনিম্ন কৰিব পৰাকৈ যেতিয়া আমি এখন মাত্ৰ পূজা-মণ্ডপেৰেই যি কাম কৰিব পাৰোঁ, সেই
কাম আমি শ-শ খন পূজা সমিতিৰে আয়োজন কৰাৰ প্ৰয়োজনীয়তাই
বা ক’ত ? হাজাৰৰ ওপৰৰ মানুহ গোট খোৱা আন
অনুষ্ঠান যেনে সাহিত্য সভাৰ অধিৱেশন দেখোন আমি তেনেদৰে আহল-বহল আয়োজনেৰেই পাতি
আহিছো । তেন্তে পূজা পাতিব নোৱাৰো কিয়? আচলতে, আমি প্ৰত্যেকেই আজি টিভি চেনেলৰ
টিআৰপিৰ দৰেই নিজৰ নিজৰ চাহিদা, নিজৰ নিজৰ মান বঢ়োৱাৰ দৌৰত দৌৰিছো । কি আয়োজক, কি দৰ্শনাৰ্থী - সকলো একে !
দুজনমানে মিলি যদি সিফালে এটা অনুষ্ঠান পাতে, তেতিয়া আমাৰ গা জ্বলে । গতিকে আমিও
এইফালে আন এটা অনুষ্ঠান পাতিবলৈ যোঁ-জা কৰোহঁক । আমি বিচাৰোঁ যে, সিহঁততকৈ আমাৰ অনুষ্ঠানটো বেছি
ডাঙৰ হওঁক, বেছি জাকজমকীয়া হওঁক – আমাৰ বিষয়ে মানুহে অধিক জানক, সিহঁত নিপাতে
যাওঁক । আৰু এই প্ৰক্ৰিয়াটোৱেই নিউক্লীয় ফিছন বিক্ৰিয়াৰ দৰেই এটা পাৰমাণৱিক
বোমাৰ ৰূপ লয়গৈ । অৰ্থাৎ, আগেয়ে যি উৎসৱক একতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল,
বৰ্তমানে সেই উৎসৱ পাতিবৰ বাবেই একেখন সমাজতে খণ্ড-বিখণ্ডিত হৈ আমি আমাৰ বিভেদ-ভাৱৰ
পৰিচয় দিওহঁক ।
চান্দা তোলাৰপৰা
আৰম্ভ কৰি দেৱী বিসৰ্জন দিয়ালৈকে, আজিৰ অসমীয়া পূজা উদযাপানৰ এই সকলো আদৱ-কায়দাতে
আমি কেৱল আমাৰ মানুহৰ নিকৃষ্টতম মানসিকতাৰ প্ৰতিফলন ঘটাকেই দেখা পাওঁ । পূজাৰ
চান্দা তোলা অভিযানত আজিকালি দোকান-পোহাৰৰপৰা আৰম্ভ কৰি গাড়ী-মটৰলৈকে কোনো সাৰি
নাযায় । কাৰণ টকা সৰকোৱাৰ ইয়েই এটা প্ৰাৰম্ভিক অস্ত্ৰ । তাতে আকৌ ‘পূজা’ নামৰ
বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ বাবে-- য’ত আমি
পূজা নমনা হিন্দু বা অহিন্দু সকলকো জোৰ-জবৰদস্তিৰে বৰঙণি দিবলৈ বাধ্য কৰিব পাৰোঁ ।
আৰু আজিৰ অসমীয়া ডেকাই ইয়াৰে সুবিধা ল’ব জানে বাৰুকৈয়ে- অহিন্দুৱে চান্দা নিদিলে
সাম্প্ৰদায়িক সংঘৰ্ষৰো হুংকাৰ দিব পাৰে ! বেচ্, লাচিতৰ তেজ থকা অসমীয়া ডেকা, তুমি
নিজৰ শক্তিক ভালদৰেই চিনিছা । স্বয়ম্ভু সভাপতি-সম্পাদকে পূজা শেষ হোৱাৰ পাছত
চান্দা দিয়াসকলক খৰছৰ খতিয়ান দিয়াটো দূৰৰে কথা, ধন্যবাদ এষাৰি দিবলৈও পাহৰি যায় –
কাৰণ তেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে কাৰ পকেটত কিমান টকা সোমাল তাৰ অংককলৈহে! কোনে
ক’ব, অসমীয়াই টকা ঘটিব নাজানে ?
ভাৱক- লাইট,
জেনেৰেটৰ, মূৰ্তি, প্ৰসাদ, পেণ্ডেলেৰে কমখিনি আয়োজন নে? তাকো আকৌ অনুষ্টুপীয়াকৈ
হ’লেও নহ’ব- লাইটে চকু চাঁট মাৰি ধৰিব লাগিব, মূৰ্তি-পেণ্ডেলৰ কাৰু-কাৰ্যই
টিভি-চেনেল, খবৰ কাকতৰ মানুহক আকৃষ্ট কৰিব পাৰিব লাগিব ! আমি কোৱাৰ দৰে এখন মাত্ৰ পূজা পাতিব পৰা হ’লে বাকী শ-শ পূজা সমিতিৰ
এই সকলো আয়োজনত খৰছ হোৱা লক্ষ লক্ষ টকা ৰাহি নহ’লহেঁতেন নে বাৰু ? এনে বিশাল
পৰিমাণৰ টকাৰে প্ৰতিটো অঞ্চলৰ সমূহীয়া উন্নতি
সাধিনী বহুতো পদক্ষেপ হাতত ল’ব পৰা গ’লহেঁতেন নিশ্চয় । ৰাষ্টা-পদূলীৰ বাবেই আমি
বছৰৰ পাছত বছৰ ধৰি চৰকাৰৰ মুখলৈ আশা পালি বহি থাকো। ৰাইজৰ বৰঙণিৰ এনে টকাৰে আমি
নিজৰ এলেকাৰ বাট-পথবোৰ ঠিক কৰি ল’ব নোৱাৰো নে?
কণমাণিটোৰ হাতত
তুলি দিয়া পিস্তলটোৱে কি সূচায়- কেতিয়াবা ভাৱি চাইছো নে ? আজিকালি সি ডাঙৰতকৈও
ডাঙৰ ৰাইফলটোহে ল’বলৈ ভালপোৱা হৈছে । আৰু তাকে চাই আমি ৰং লৈছো। কাহানিবা ভাৱি
চাওঁ নে যে এনে কাণ্ড-কাৰখানাই তাৰ সেই অকণমানি মনটোত কিমান বেয়া প্ৰভাৱ পেলাব
পাৰে ? আৰু পূজা বুলিলেই এতিয়া ধনী হওঁক দুখীয়া হওঁক কেৱল খৰছ আৰু খৰছ ।
দিন-হাজিৰা কৰা সাধাৰণ লোকজনেও উপায়ন্তৰ হৈ দেখাক-দেখি টকাকেইটা পানীত পেলাব লগা
হৈছে । গাৰ ঘামৰ প্ৰতিটো বিন্দু খৰছ কৰি অৰ্জা শিকিকেইটা পুতলা পিস্তলৰ মাত্ৰ
কেইটামান ধূম-ধাম শব্দৰ মাজত হেৰাই যায় । দেৱী বিসৰ্জনৰ নামতো অযথা কিছুমান
হুলস্থুল-বিশৃংখলতা । পূজা উদযাপনৰ নামত উন্মত্ত হোৱা কিছুমান মানুহৰ দলে বাকী
সকলোৰে খাৱন-শোৱন হৰে । আৰু এই যান-জঁট,কোৰ্হালৰ সুবিধা লৈ কিছুমান মানুহে জুৱা-খেল,তীৰ-খেল,মদৰ
ঘাটিৰে গাওঁ-চহৰৰ গলিবোৰ বিপন্ন কৰি তোলে । ইয়াৰ মাজতো সুবিধাবাদী পুলিছ-ট্ৰেফিকে
নিজৰ নিজৰ ধান্দা চলাই যায় । আমি এনেকৈয়ে দূৰ্গা-পূজা পালন কৰি আহিছো।
আহক- এইবেলি
পূজাভাগ আমি প্ৰদূষিত হ’বলৈ নিদিওঁ । শুদ্ধ অন্তৰেৰে ভক্তি ভাৱেৰে দূৰ্গতিনাশিনীৰ
চৰণত প্ৰণিপাত জনাওঁ । আয়োজনৰ নামত আমি বাহ-বাহ ল’বলৈ নাযাওঁ। আমাৰ অঞ্চলত
কেইবাখনো পূজাৰ সলনি মাত্ৰ এখন পূজা হ’বলৈ মানুহক উদ্বুদ্ধ কৰোহঁক। দান-বৰঙণি যদি
তোলা হয়, তেন্তে তাৰে অন্ত:ত এটা সমাজৰ হকে ভাল কাম কৰোঁ। আৰু মুঠৰ ওপৰত আমাৰ
নতুন-প্ৰজন্মক এটা আদৰ্শ দেখুৱাওঁ। আহকচোন- ৰাইজে নখ জোকাৰিলে হেনো নৈ বয় ।
===================================০০০===================================
n অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২
(দূৰভাষ:৯৪৩৫১৫২৭৬৮)
No comments:
Post a Comment