কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃ বা পিতৃয়ে নিজৰ শৰীৰৰে অংগসম এটি সন্তানক ভূমিষ্ঠ হোৱাৰ পাছত আন ক’ৰবালৈ দলিয়াই দিব পাৰে ? কিমান মায়া-মমতাৰে আবৃত্ত হ’ব পাৰে সেই মাতৃৰ হৃদয় ? জীৱনটোৰ প্ৰতি থকা আমাৰ ভালপোৱা, আকৰ্ষণতকৈ এনে কি দুৰ্ভাগ্যৱান পৰিস্থিতি থাকে, যিয়ে এটা ন-জীৱনক বিতাড়িত কৰিবলৈ আমাক বাধ্য কৰায়? অতি পৰিতাপৰ কথা, খবৰ-কাকতত নিতৌ কোনোবা এটা ডাস্তবিনত মৃত বা জীৱিত অৱস্থাত দেৱশিশু উদ্ধাৰ কৰাৰ বাতৰি আহিয়েই আছে। বৰপেটাৰ ৩৫ বছৰীয়া আকবৰ আলিৰ দৰে ব্যক্তিয়ে আজি পেটৰ তাড়নাত সন্তানক বিক্ৰী কৰিবৰ বাবেও কুন্ঠাবোধ কৰা নাই । একেদৰে দিনক দিনে বাঢ়িবলৈ ধৰিছে ঢেকীয়াজুলীৰ সেই কিশোৰীগৰাকীৰ সংখ্যা, যি ফুলকুমলীয়া বয়সতে মাতৃত্বৰ বোজা কঢ়িয়াব নোৱাৰি দুই যমজ সন্তানক মাথো হাজাৰ-পোন্ধৰশ টকাত বিক্ৰী কৰিছে । আমাৰ বোধৰে এইবোৰ অতি চিন্তনীয় বিষয় ।
আমি প্ৰশ্ন কৰোঁ, প্ৰতিটো শিশুৰ সু-স্বাস্থ্য, সু-শিক্ষাৰ কথা কোৱা সেই মানৱতাবাদী মানৱাধিকাৰ কৰ্মীসকল, প্ৰতিবাদী নাৰীৰ সংস্থাসমূহ, দেশীয় বা আন্তৰ্দেশীয় বেচৰকাৰী সন্থাসমূহে এইক্ষেত্ৰত কি পদক্ষেপ হাতত লৈছে ? যাক ‘দেশৰ ভৱিষ্যৎ’ আখ্যা দিয়া হয়, যাৰ প্ৰতি থাকে আমাৰ অগাধ বিশ্বাস, আশা আৰু ভৰসা- সেইসকলৰ ভৱিষ্যৎ আমি এনেকৈয়ে সুৰক্ষিত কৰিছো নে? আমাৰ বোধেৰে অনাকাংক্ষিত মাতৃত্বৰে কাৰোবাৰ জীৱন ধ্বংস কৰাটো কোনো এজন পুৰুষৰে কৰ্তব্য হোৱা উচিত নহয়, লাগিলে তেওঁলোক বিবাহিতই বা অবিবাহিতই হওঁক । অন্যহাতে সন্তান বেচা-কিনাৰ বজাৰখন কেনে আৰু এইবোৰৰ ন্যায়িক বৈধতা কিমান, সেয়াও কিছু গমি-পিতি চোৱা উচিত। গতিকে এই বিষয়তো আমাৰ স্বেচ্ছাসেৱকসকলে কিছু জৰীপ আৰু অধ্যয়ন কৰি সমাজৰপৰা এনে ব্যাধি কিদৰে আঁতৰাব পাৰি সেইবিষয়ত নিজা পদক্ষেপৰ লগতে চৰকাৰৰ লগতো আলোচনা কৰিব পাৰে ।
মুঠৰ ওপৰত, এইখন অসমতে এনে এটা দিন কাহানিও নাহক যাতে বাপেকে মদ খাবলৈয়ে হওঁক বা ঘৰ চলাবলৈকে হওঁক, সন্তান বেচি টকা পাবলৈ বুলিয়ে এগৰাকী নাৰীক অৰ্ধাংগিনী স্ত্ৰীৰ সলনি ‘কেঁচুৱা জন্ম দিয়া যন্ত্ৰ’লৈ পৰিৱৰ্তিত নকৰে যেন ।
===========================000==============================
No comments:
Post a Comment