যুৱ শক্তি
হৈছে এনে এক চালিকা শক্তি, যাৰ ওপৰত নিৰ্ভৰ কৰি কেৱল এটা জাতিয়েই নহয়, এটা
পূৰ্ণ-বিকশিত সভ্যতাই নিজৰ অস্তিত্ব ৰক্ষা, ক্ৰমবিৱৰ্তন অথবা ক্ৰমবিকাশৰ পথ
পোহৰাব পাৰে । সমাজখনক বৰ্তমানৰ ৰূপ দিয়া অগ্ৰজ ব্যক্তিসকল শাৰিৰীক-মানসিকভাৱে
দুৰ্বলী হৈ এসময়ত যেতিয়া বৃদ্ধাৱস্থালৈ গতি কৰে, তেতিয়া এটা জাতিক সঠিক দিশেৰে
আগুৱাই নিব পৰা একামাত্ৰ চালক হৈছে এই যুৱশক্তি। (যুৱশক্তি বোলোতে আমি যুৱতীসমাজকো
সামৰি লৈছো ।) সেই হিচাপত চাবলৈ গ’লে আমি আমাৰ যুৱক-যুৱতীসকলক শিশু বা কৈশোৰাৱস্থাৰপৰাই
আমাৰ গৌৰৱান্বিত ঐতিহ্যৰ অধ্যয়নেৰে শিপা চিনাই, সু-শিক্ষাৰে
শিক্ষিত কৰি সুসংস্কাৰেৰে জাতিষ্মান কৰাই
ভৱিষ্যতৰ গুৰি বঁঠা ধৰোঁতা হিচাপে গঢ়ি তোলাটো এক নৈতিক কৰ্তব্য হোৱা উচিত । এই
দায়িত্ব পালন কৰোতে আমি অভিভাৱকসকল আজি কিমান সফল হৈছো সেয়া হয়তো এক আলোচ্য বিষয় । কিন্তু আন নহ’লেও
যুৱক-যুৱতীসকলে তেওঁলোকৰ নিজা দায়িত্ব তথা কৰ্তব্যক হৃদয়ংগম কৰিব পৰা এটা পাৰিপাৰ্শ্বিকতা আমি যদি গঢ়
দিব পাৰোঁ, তেন্তে সেয়াই হয়তো এই ক্ষেত্ৰত
সফলতাৰ চাবি-কাঠি হ’ব বুলি ধৰি ল’ব পাৰি ।
পাছে অতি পৰিতাপ আৰু শংকাৰ বিষয় হৈছে
এয়ে যে, বৰ্তমান অসমৰ যুৱসমাজ মানৱতাৰ নৈতিক শিক্ষাৰে
উজ্জীৱিত হোৱাৰ সলনি বিশ্বায়নৰ পাকচক্ৰত পৰি নিজেই বিপথে পৰিচালিত হোৱাহে
পৰিলক্ষিত হৈছে । বৰ্তমান অসমত এনে মানসিকতাৰ যুৱক-যুৱতীৰ সংখ্যা
বাঢ়িবলৈ ধৰিছে, যিয়ে সমুখত সংঘটিত হোৱা দুৰ্ঘটনাটোত আৰ্তনাদ কৰি থকা আহতজনক
তাৎক্ষণিক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি মোবাইলত ফটো তুলি চ’চিয়েল মেডিয়াত হাস্যৰসৰ
যোগান ধৰিবলৈহে তৎপৰ হয় । এই ধৰণৰ আচৰিত মনোবৃত্তি অসমীয়া ডেকা-ডেকেৰীৰ মনত গঢ় লোৱাৰ কাৰক
হিচাপে বহু কেইটা বিষয় সমালোচকসকলে দাঙি ধৰিব পাৰে । এনে বহু কাৰণ, যিবোৰে আমাৰ
ডেকা-সমাজক আমি আশা কৰামতে প্ৰক্ষেপিত নকৰি অন্য দিশেৰেহে ঠেলি পঠাইছে, তাৰ ভিতৰত
অন্যতম এটি হৈছে সুৰাপান । এই কথা ডাঠি ক’ব পাৰি যে অসমত আজি উচ্চ-শিক্ষা গ্ৰহণ কৰা ল’ৰা-ছোৱালীৰ সংখ্যা
যিমানেই বাঢ়িছে প্ৰায় সমান সংখ্যাৰেই বাঢ়িবলৈ লৈছে সুৰাপায়ীৰ সংখ্যা । আজিৰ
শিক্ষা-ব্যৱস্থাই আমাক প্ৰতিবছৰে শ শ ডাক্তৰ-ইঞ্জিনীয়াৰ-প্ৰৱক্তা জন্ম দিব
পাৰিছে সঁচা, কিন্তু তেৰাসকলক মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে কাহানিও পতিয়ন নিয়াব
পৰা নাই । ফলত আমাৰ সমাজত অশিক্ষিত আৰু দিন-হাজিৰা কৰি ঘৰ
চলোৱা মানুহে সংসাৰৰ জ্বালা সহিব নোৱাৰাৰ অজুহাতত দুটুপি চুলাই মদ গলাধ:কৰণ কৰাৰ
সংখ্যা যিমান আছে, চাকৰি পোৱা বা পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ আনন্দতো মঙহেৰে সৈতে
নিজৰ লগতে আন দহোজনকো ৰঙীণ পানীয়ৰে আপ্যায়ন কৰা মানুহৰ সংখ্যা বৰ্তমানে তাতোকৈ বহুগুণে
বেছি আছে । গতিকে ক’ব পাৰি, হয়তো আমাৰ সমাজৰ অৰ্ধেক সংখ্যক মানুহেই বৰ্তমানে সুৰাৰ
ৰাগীৰে ৰাগিয়াল । এনে প্ৰেক্ষাপটত উচ্চ-পদস্থ হৈও আমাৰ ডেকাই সুস্থ
মানসিকতাৰ পৰিচয় দিবলৈ সমৰ্থ নহ’ব পাৰে । সুৰাপায়ী
বিষয়া একোজনে যিমানেই নিজকে নিয়ন্ত্ৰণ
নকৰক কিয়, হয়তো কোনো কোনো সময়ত শুদ্ধ
বিচাৰ বা পদক্ষেপ লোৱাত তেওঁ বিফল হ’ব পাৰে । আৰু ইয়াৰ কুফল গোটেই সমাজে ভোগ কৰিবলগীয়া হয়।
পূৰ্বতে আমি কেৱল নগৰাঞ্চলত সুৰাৰ পয়োভৰ বেছি বুলি
ধাৰণা কৰিছিলো। কিয়নো গ্ৰামাঞ্চলসমূহত আঙুলিৰ মূৰত লেখিব পৰাকৈ ‘লেবেল’ থকা কেইটামান মদাহীৰ বাদে মদ খাই আবোল-তাবোল
বকা বা তলং-ভটং কৰি থকা ডেকা ল’ৰা আগতে প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি । কিন্তু সম্প্ৰতি পৰিলক্ষিত হৈছে
যে সময় সলনি হোৱাৰ লগে লগে অসমৰ চুকে-কোণে ডেকা-ডেকেৰী তথা কিশোৰ-কিশোৰীৰ মাজতো কিছুমান
আচহুৱা তথা সমাজৰ অহিত সাধন কৰিব পৰা কিছুমান অভ্যাস গঢ় লৈ উঠি পৰম্পৰাৰ ৰূপ ল’বলৈ ধাৱমান
হৈছে । অশ্লীল কথা-বাৰ্তা, নাৰীক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ মানসিকতা, ডাঙৰক
সন্মান কৰিবলৈ নজনা, সুন্দৰভাৱে সমাজত এটা বিষয় উপস্থাপন কৰিব নজনা, ব্যৱহাৰ-পাতিত
ভদ্ৰতা আৰু শিষ্টাচাৰ নজনা ইত্যাদি এশ-এবুৰি কু-অভ্যাসৰ কিন্তু এটা মূল কাৰক হৈছে মাদক-দ্ৰব্য
সেৱন ।
আজিৰ ডেকাচামে
সমাজৰ ভিন্ন অনুষ্ঠান,উৎসৱ-পাৰ্বণ আদিত অংশ লোৱাটো নিসন্দেহে এক অতি শুভ লক্ষণ । কাৰণ ইয়াৰ যোগেদি তেওঁলোকে আমাৰ প্ৰচলিত পৰম্পৰা আৰু সংস্কৃতিৰ সতে
মিলামিছা হোৱাৰ এক প্ৰত্যক্ষ সুযোগ পায় । প্ৰকৃতাৰ্থত যুৱসমাজৰ সক্ৰিয় অংশগ্ৰহণে
এটা উৎসৱক দীৰ্ঘস্থায়ী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেইদৰে বিষ্ণুৰাভা দিৱস,শিল্পী-দিৱস,শিশু-দিৱস,বিহু
উদযাপন আদি সামাজিক কাম-কাজৰ প্ৰতি ডেকা-ডেকেৰীৰ উৎসাহ নিতান্তই আদৰণীয় কথা ।
কিন্তু সম্প্ৰতি দেখা গৈছে যে, বিহু পাতো বুলিয়েই হওঁক বা শিৱ-ৰাত্ৰি পাতো
বুলিয়েই হওঁক, ডেকাচামে চান্দা তোলাৰপৰা বৰভোজ খোৱালৈকে সমগ্ৰ কাণ্ডটোতে মদ-ভাঙৰ
দৰে নিচাজাতীয় দ্ৰব্য সেৱনকো কাৰ্যসূচীৰে এটা অংশ কৰি তুলি সকলোখিনি নষ্ট কৰি
পেলাইছে । বৰ্তমানে বিয়াসমূহত এই প্ৰৱণতা অতি বেছি প্ৰকট হৈ পৰিছে । দৰাৰ লগত যোৱা
অধিকাংশ ডেকাই বা দৰাঘৰীয়াক আদৰিবলৈ(?) আগবঢ়া অধিকাংশ ডেকাই সুৰাৰ ৰাগীৰে মতলীয়া
হৈ বিয়াৰ দৰে পবিত্ৰ এটি মাংগলিক অনুষ্ঠানতো অশুভ পৰিস্থিতিৰ সৃষ্টি কৰা আমি নিজ
চকুৰে দেখি আহিছো । খুবাই-খুবুনীৰ ভোজলৈও যেতিয়া সুৰাসক্ত হৈ ডেকাল’ৰা আহিবলৈ লয়,
তেতিয়া বিয়াখনত তেওঁলোকৰ কিবা অৰিহণা থাকিলেও তাক স্বীকাৰ কৰি ধন্যবাদ জনাবলৈ কাৰো
মন নাযায় ।
মুক্তভাৱে সুৰাপানৰ মান্যতা অসমৰ সমাজত
যদিও বৰ্তমানে নাই, তথাপি আমাৰ অনুমান হয় তেনে এটা দিনো হয়তো অনাগত সময়ত অতি
শীঘ্ৰেই আহি পৰিব পাৰে । এনে নহয় যে,
পূৰ্বতে সুৰাপায়ীৰ সংখ্যা একেবাৰেই কম আছিল অসমত । খোৱাসকল তেতিয়াও আছিল, এতিয়াও আছে । কিন্তু এটা কথা ডাঠি
ক’ব পৰা হৈছে, সেয়া হ’ল এয়ে যে আগেয়ে হয়তো কাহানিও অগ্ৰজৰ লগত অনুজে মদ বা
আন মাদক দ্ৰব্য খোৱাৰ দৃশ্য দেখা পোৱা নগৈছিল ,যিটো বৰ্তমানে অতি সুলভ হৈ পৰিছে। আগেয়ে কোনো কোনোৱে চিগাৰেট-মদ খালেও
লোকচক্ষুৰ আঁৰত, জ্যেষ্ঠজনক সমীহ কৰিহে খাব পাৰিছিল । কিন্তু এতিয়া কিশোৰ-কিশোৰীয়ে
নিজৰ মাজতে খোৱাৰ ওপৰিও ডেকা-বুঢ়াই একেলগে এনে মৌজ-মস্তিত ভাগ লোৱা দেখা যায় ।
এয়া হয়তো অতি-মুক্ত আদৰ্শবাদৰ অন্ধ অনুকৰণৰ প্ৰভাৱো হ’ব পাৰে নতুবা আমাৰ
জ্যেষ্ঠসকলৰ ভুল নিৰ্দেশনাৰ ফলো হ’ব পাৰে।
নিজৰ ঘৰতে, মাক-দেউতাকৰ চকুৰ আগতে চিখৰ-গোটখা
খাব পৰাৰ মানসিকতা এটা গঢ় লোৱা ল’ৰা-ছোৱালীয়ে কাইলৈ লগৰীয়াৰ লগত মদ-ভাং খাবলৈ লোৱাটো
একো অস্বাভাৱিক কথা হ’ব নোৱাৰে । খাব পাৰে । কাৰণ আজিকালি অসামাজিক কিবা এটা
কামত নিজকে নিয়োজিত কৰিবলৈ হাজাৰটা উপাদান আপোনাৰ ল’ৰাৰ(বা ছোৱালীৰ) সোঁৱে-বাঁৱে
বিৰাজমান । আজি
ষষ্ঠ-সপ্তম শ্ৰেণীৰ ল’ৰাই বিদ্যালয়ৰ প্ৰস্বাৱগাৰ বা হোটেলৰ চুকত বিড়ি-চিগাৰেট
টনাটো অতি সুলভ হৈ পৰিছে । সৌ সিদিনা মধ্য-অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ দুজনমান
ল’ৰাক বিদ্যালয়তে জ্যেষ্ঠ ছাত্ৰক সুৰাৰ বটল উপঢৌকন হিচাপে দিয়া আৰু মদ্যপান কৰাৰ
অপৰাধত প্ৰধান-শিক্ষকে বিদ্যালয়ৰপৰা নাম কৰ্তন কৰিছিল । এইবোৰৰ কাৰণ চিনেমা-দূৰদৰ্শনৰ
প্ৰভাৱৰ উপৰিও সংগদোষ হ’ব পাৰে । কিন্তু সংগদোষ বুলি নিৰ্দিষ্টকৈ আজিকালি কোনো
এটা সংজ্ঞাবদ্ধ পৰিৱেশ নাই, যাৰপৰা আপুনি আপোনাৰ ল’ৰাক আঁতৰাই আনিব পাৰে ।
প্ৰকৃততে বৰ্তমানৰ ‘ট্ৰেণ্ড’ বা ঢংটোৱেই হৈছে এনেকুৱা বেপৰুৱা । আজিৰ ল’ৰাই মনৰ
খুছিত কাম কৰিব বিচাৰে, মাক-দেউতাকৰ ইচ্ছামতে নহয় । আৰু তাকে কৰিবলৈ গৈ সমাজত যিটো
চলি থকা দেখে তাকেই অনুকৰণ কৰিবলৈ শিকে ।
ল’ৰা-ছোৱালীয়ে আপুনাআপুনিকৈ শিকি লোৱা
মাদক–দ্ৰব্যৰ প্ৰতি হোৱা এই আকৰ্ষণে এক অন্য ৰূপ পায় যেতিয়ে সিহঁতে বিদ্যালয়ৰ দেউনা পাৰ হৈ কলেজৰ দুৱাৰদলিত থিয় হয়
। আজিকালি প্ৰায়ভাগ অভিভাৱকেই নিজৰ সন্তানক বিভিন্ন কাৰণত ছাত্ৰাবাস বা
ছাত্ৰীনিবাসত থৈ পঢ়ুৱাবলৈ ভাল পায় । এনে ছাত্ৰাৱাসবোৰত সাধাৰণতে ল’ৰাই অতদিনে
কটাই অহা বান্ধোনৰ সময়খিনিৰ পৰিৱৰ্তে কিছু মুক্ত জীৱনশৈলী এটা কটাবলৈ সুবিধা পায়
। ইয়াত তেঁওলোকৰ কাণ্ড-কাৰখানাৰ তত্বাবধান কৰিবলৈ ক’বলৈ গ’লে কোনোৱেই নাথাকে ।
বিশেষকৈ ব্যক্তিগত জীৱনৰ কাম-কাজসমূহ । তাৰোপৰি ইয়াৰ লগত ৰজিতা খুৱাই অনুকূলীয়
পৰিৱেশ এটাৰ অভাৱ হোষ্টেলীয়া
জীৱনত কাহানিও নহয় । গতিকে দেখাক-দেখি বুলিয়েই কোৱা যাওঁক বা কাৰোবাৰ প্ৰৰোচনাৰ
বলতেই হওঁক, ছাত্ৰাৱাসত থকা প্ৰায়
প্ৰতিজন আৱাসীয়েই ৰঙীন পানীয়ৰ অন্ধ ভক্ত হোৱা দেখা যায় । অভিযান্ত্ৰিক
মহাবিদ্যলয় আৰু চিকিৎসা মহাবিদ্যালয়বোৰত এই সুৰাপানৰ প্ৰথাটো অতি বেছিকৈ যে
জনপ্ৰিয় হয় সেই কথাটো হাজাৰ শতাংশই শুদ্ধ । এনে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰতে
কোনো বিশেষ পাৰ্টী বা উৎসৱ উদযাপনৰ মূল অৰ্থই হৈছে দামী দামী দেশী-বিদেশী ৰঙীণ
পানীয়ৰ সমাহাৰত নিজকে বিলীন কৰি দিয়া । অৱশ্যে সকলো ল’ৰাই মদ্যাপান কৰে বুলি
ক’লেও ভুল হ’ব । কিন্তু আমি এনে বহু সতীৰ্থকো লগ পাইছো যি এপেগ মদ সেৱন নকৰাকৈ
ভালদৰে পঢ়া-শুনা কৰিব নোৱাৰে । আৰু তেনে বহু ল’ৰাই বহু ভাল ভাল ফলাফলেৰে বৰ্তমানে
শকত দৰমহা-পাতিৰে নামী-দামী প্ৰতিষ্ঠানত কাম কৰি আছে ।
প্ৰতিষ্ঠানৰ
কথা কওঁতে আৰু এটা কথা মনত পৰিল । বহুতো সৰ্বভাৰতীয়া বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ
কোম্পেনীত চাকৰি কৰাসকলৰ আকৌ সুৰাপান
হৈছে এটা ‘ষ্টেটাছ চিম্বল’ । এই ‘ষ্টেটাচ মেইন্টেইন’ৰ অজুহাতত বহু আমোলা-বিষয়াই পত্নী বা পৰিয়ালৰ অনুমোদন
লৈ সুৰাপান কৰে । আৰ্মীত যোৱাসকলৰ কথা নক’লোৱেই । পুলিচত চাকৰি কৰাসকল আৰু চৰা। ৰাতি-বিয়লি সময়ত অসমৰ কোনো থানালৈ আপুনি যাব নোৱাৰে । আপোনাক ভালদৰে চিনি পোৱা পুলিচজনেও ৰাতি হ’লে আপোনাক কাহানিও
চিনি নাপায়। বৰ্তমানে পুলিচত বহুতো ডেকা ল’ৰা মকৰল হৈছে । আমি আশা কৰোঁ, সেই
সকলো আকৌ মদাহী অভদ্ৰ পুলিচ নহয় যাতে।
আমি কোৱা নাই যে, মদ খালেই মানুহ নষ্ট হয়
। মদ খাই বহু সাহিত্যিকে মহৎ সাহিত্য ৰচনাৰ প্ৰেৰণা পায়, গায়কে গায়কীত নতুনত্ব পায়
অথবা কোনো কোনোজনে প্ৰেয়সী বা পত্নীক নতুন ৰূপত আৱিষ্কাৰ কৰিবও পাৰে । কিন্তু সতৰ্ক
হ’বলগীয়া কথাটো হৈছে- মদৰ ৰাগী এনে নিচাদায়ক যে আজি অলপ,কালি অলপকৈ এজন মানুহে ইয়াৰ নিচাৰ সোৱাদ ক্ৰমে বেছিকৈ ল’বলৈ
উত্তাৱল হয় যাৰ বিষয়ে তেওঁ কাহানিও গমেই নাপায় । আৰু নক’লেও হ’ব অতিমাত্ৰা
মদ্যপানৰ পৰিণতি অতি হৃদয়বিদাৰক । আমি নিজ বংশ-পৰিয়ালতে একো একোটা সুন্দৰ পৰিয়াল
কেৱল গৃহস্থৰ মদ্যপানৰ বাবেই সৰ্বনাশ হৈ পৰা দেখি আহিছো । ল’ৰা-ছোৱালীৰ
পঢ়া-শুনাতেই নহয়, সিঁহতৰ মানসিক তথা বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰতো ই হেঙাৰ হৈ পৰে ।
আমি আশা কৰোঁ, প্ৰতিজন অভিভাৱকেই
নিজৰ সন্তানক নিচাসক্ত হোৱাৰ পৰা মুক্ত কৰক , সিঁহতৰ
প্ৰতিটো খোজতে চোকা নজৰ ৰাখক । প্ৰতিজন
আমোলা-বিষয়া, কৰ্মচাৰীয়ে কৰ্তব্যৰ সময়ত ৰাগীয়াল নোহোৱাকৈ
থাকি সমাজলৈ সু-সেৱা
আগবঢ়াওঁক । অন্ত:ত আন দেশৰ মানুহ অসমলৈ ফুৰিবলৈ আহি এজন ভদ্ৰ
আৰু নিকা অসমীয়াক লগ পাওঁক । একে এষাৰে ক’বলৈ গ’লে আজিৰ সময়ত এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে আমি কানীয়া বা মদপী
হৈ টলং-ভটং কৰি থাকিলে কাহানিও নহ’ব, আৰু বহু বিষয় আছে যিবোৰত আমি ভাৱি-চিন্তি
মাত মাতিব পৰা বা হাতে-কামে কৰিব পৰা হ’ব লাগিব ।(নিয়মীয়া বাৰ্তা, ০৬/০৬/২০১৬ ত প্ৰকাশিত)
No comments:
Post a Comment