লেখা অনুসন্ধান কৰক

Showing posts with label Loneliness. Show all posts
Showing posts with label Loneliness. Show all posts

Wednesday, June 11, 2014

“নিসংগতাৰ সতে আপুনি”





মানুহৰ ব্যস্ততাৰ অন্ত নাই । আপুনি যদি সংসাৰী পুৰুষ,তেন্তে ৰাতিপু‌ৱা শুই উঠাৰপৰা ৰাতি শো‌ৱাপাটীত পৰালৈকে দৈনন্দিন জী‌ৱনৰ নানানটা ভা‌ৱনা-চিন্তাই আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হল আপুনি গমেই নাপায়।আৰু যদি আপুনি এগৰাকী মাতৃ,তেন্তে লৰা-ছো‌ৱালীৰ ঠেঁহ-পেচ্, অভিযোগ,আৱদাৰ,খো‌ৱা-লো‌ৱাৰ বিভিন্ন ধৰণৰ সমস্যাই নিশ্চয় এনেধৰণে জুৰুলা কৰে যে নিজৰ যতন লবৰ বাবেও আপোনাৰ সময়ৰ অভা‌ৱে দেখা দিয়ে।কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই দুৰ‌ৱস্থা !ঘৰু‌ৱা পাঠগ্ৰহণৰপৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনালৈকে,আজিৰ শিক্ষা-ব্য‌ৱস্থাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে অনবৰত ব্যস্ত হৈ থাকিবলৈ বাধ্য কৰিছে । থুনুক-থানাক খুজকঢ়া কণমানিজনীৰো যে কামৰ পৰা আজৰিয়েই নাই!
        
প্ৰকৃততে বিচাৰ কৰিবলে হলে এনে ব্যস্ততাপূৰ্ণ জী‌ৱনযাত্ৰাই মানুহক কৰ্মসংস্কৃতিমুখী কৰি জনজী‌ৱনৰ প্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিছে।কৰ্মহীন জী‌ৱনে এলাস্য ভা‌ৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে ।বৰঞ্চ ই মানুহজনক ধ্বংসমুখী কাৰ্য-কলাপতহে আত্মনিয়োগ কৰিবলৈ উচতনি দিয়ে ।ইংৰাজীত কথা এষাৰ আছে,”An Idle brain is a devil’s workshop”

       প্ৰশ্ন হল , এই ব্যস্ততাপূৰ্ণ জী‌ৱনৰ মাজত আপুনি আপোনাৰ অন্ত:ৰ্নিহিত আপুনিজনৰ লগত কথা পাতিব পাৰিছেনে কেতিযাবা?নিজৰ মন আৰু বিবেকৰ আদেশ ভৃত্যৰদৰে কে‌ৱল পালন কৰি যো‌ৱাৰ বাদে কেতিয়াবা সিহঁতক জুকিয়াই চাবলৈ আহৰি পাইছেনে? নিজৰ অতীতৰ সুমধুৰ স্মৃতিবোৰ এবাৰলৈ হলেও আস্বাদন কৰিবলৈ সময় পায়নে আপুনি ? জী‌ৱনত কৰি অহা ভুলবোৰ চালি-জাৰি উপযুক্ত শিক্ষা লবৰ বাবে এবাৰ নিজৰ জী‌ৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা?

       ৰাতি শেতেলীত পৰি দিনটোৰ কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওঁক আৰু কাইলৈ দিনটোৰ কৰিবলগীয়া কামখিনিৰ এখন খচৰা প্ৰস্তুত কৰক চমুকৈ ।আপোনাৰ জী‌ৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই থকা শ-হাজাৰজন মানুহৰপৰা নিজকে ফালৰি কাটি আঁতৰাই আনক আৰু আপোনাৰ দৃষ্টিৰে পৃথি‌ৱীখন এবাৰ চাবলৈ লওঁক ।দুআষাৰ নিজৰ সতেও কথা পাতক ।

       নি:সংগ হওঁক ।আজি আপোনাৰ চৌকাশে আপোনাৰ গুণানুকীৰ্তন কৰি থকা বন্ধু-বান্ধ‌ৱ ,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথি‌ৱীখনৰ কোনো সম্পৰ্ক নাই সেয়া এবাৰলৈ হলেও অনুভ‌ৱ কৰক ।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক ।


Wednesday, June 22, 2011

নি:সংগতাৰ সতে আপুনি



মানুহৰ ব্যস্ততাৰ অন্ত নাই।আপুনি যদি সংসাৰী পুৰুষ,তেন্তে ৰাতিপু‌ৱা শুই উঠাৰ পৰা ৰাতি শো‌ৱাপাটীত পৰালৈকে সংসাৰৰৰ নানানটা ভা‌ৱনা-চিন্তাই আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হয় আপুনি গমেই নাপায় ।আৰু যদি আপুনি এগৰাকি মাতৃ হয়, তেন্তে লৰা-ছো‌ৱালীৰ ঠেঁহ-পেছ,অভিযোগ,আ‌ৱদাৰ,খো‌ৱাবো‌ৱাৰ বিভিন্ন ধৰণৰ ব্যস্ততাই আপোনাক এনেদৰে জুৰুলা কৰে যে নিজৰ যত্ন লবৰ বাবেও আপোনাৰ সময়ৰ অভা‌ৱে দেখা দিয়ে। কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই অৱস্থা ।ঘৰু‌ৱা পাঠগ্ৰহণ(টিউছন)ৰ পৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনাই প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে আজিৰ শিক্ষা-ব্য‌ৱস্থাই পূৰামাত্ৰাই
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
       প্ৰকৃততে বিচাৰ কৰিবলেলে এনে ব্যস্ততাপূৰ্ণ জী‌ৱন-যাত্ৰাই মানুহক কৰ্মসংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি জনজী‌ৱনৰ প্ৰগতি ক্ষীপ্ৰতৰ কৰি তুলিছে । কৰ্মহীন জী‌ৱনে এলাস্য ভা‌ৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে । বৰঞ্চ ই মানুহজনক ধ্বংসমুখী কাৰ্য্যকলাপতহে আত্ম-নিয়োগ কৰিবলৈ উচতনি দিয়ে ।(An Idle Brain is a Devil’s Workshop)
                প্ৰশ্ন হল , এই ব্যস্ততাপূৰ্ণ জী‌ৱনৰ মাজত আপুনি আপোনাৰ অন্ত:নিহিত আপুনি জনৰ লগত কথা পাতিব পাৰিছে নে কেতিয়াবা ? নিজৰ মন আৰু বিবেকৰ আদেশ-নিৰ্দেশবোৰ আপুনি ভৃত্যৰদৰে কে‌ৱল পালন কৰি গৈছে নে কেতিয়াবা সেইবোৰ জুকিয়াই চাবলৈ আহৰি পাইছে ? আপোনাৰ দেহাটোৰ প্ৰয়োজনীয় খাদ্যখিনি যোগান ধৰাৰ বাদে আপোনাৰ মনটোকো কেতিয়াবা তাৰ প্ৰিয় আহাৰ দি পাইছেনে ? নিজৰ আতীতৰ মধুৰ স্মৃতিবোৰ এবাৰলৈ হলেও আস্বাদন কৰিবলৈ আপুনি সময় পায় নে? জী‌ৱনত কৰি অহা ভুলবোৰৰপৰা উপযুক্ত শিক্ষা লবৰ বাবে এবাৰ নিজৰ জী‌ৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা ?
       ৰাতি শেতেলীত পৰি দিনটোত কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওক আৰু কাইলৈৰ দিনটোৰ বাবে কৰিবলগীয়া খিনি আগতীয়াকৈ বাচি ৰাখক । আপোনাৰ জী‌ৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই থকা শ-হাজাৰজন মানুহৰ পৰা নিজকে ফালৰি কাটি উলিয়াই আনক আৰু নিজৰ দৃষ্টিৰে পৃথি‌ৱীখন অন্ত:ত এবাৰলৈ চাবলৈ শিকক । দুআষাৰ নিজৰ সতেও কথা পাতক ।
       নি:সংগ হওক । আজি চৌকাশে আপোনাৰ গুনানুকীৰ্ত্তন কৰি থকা বন্ধু-বান্ধ‌ৱ,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথি‌ৱীখনৰ কোনো সম্পৰ্ক নাই , সেয়া এবাৰ উপলব্ধি কৰক ।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক । আপুনি নজনাকৈ কেনেকৈ কিছুমান বদ-অভ্যাসৰ চিকাৰ হৈছে আপুনি তাৰ উমান লওক আৰু সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিবলৈ লওক ।নিজকে নকৈ আ‌ৱিষ্কাৰ কৰক ।
       নি:সংগ মুহূৰ্তত প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰ সৌন্দৰ্য উপভোগ কৰক । সূৰ্যোদয় আৰু সূৰ্যাস্ত উপভোগ কৰিবলৈ লওক নৈৰ পাৰৰ মুকলি বতাহ লওক ,জোনাকত ভাবুক হওক । সৃষ্টিৰ ৰহস্যত আত্মবিভোৰ হওক সৃষ্টিকৰ্তাৰ নিখুঁট ভাৰসাম্যতাৰ বুজ লওক ।
       এটা সুন্দৰ গানৰ কলি গুনগুনাওক,এখন ছবি চাওক যিয়ে আপোনাৰ মন জুৰ পেলাব পাৰে । ইয়ে আপোনাৰ খিংখিঙীয়া স্বভা‌ৱ দূৰ কৰিব আৰু মনলৈ ধৈৰ্য,শান্তি আনিব ।
       মাহেকত এবাৰলৈ হলেও এটা কবিতা বা এখন গ্ৰন্থ অধ্যয়ন কৰক ।দেখিব , আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনতো কিছু আজৰি সময় আপুনি গোটাব পাৰিছে ।
আপোনাৰ ভাললগা কামবোৰ কৰিবলৈ লওক । সৰুতে বা যৌ‌ৱনত আপুনি যিবোৰ কাম কৰি ভাল পাইছিল আৰু যাৰ অনুশীলন আপুনি আজিকালি নকৰা হৈছে ,সেয়া কৰিবলৈ লওক । আপোনাৰ প্ৰিয় খেল খেলিবৰ বাবেও মাহেকত এটা দিন উলিয়াই লওক ।
       চাওক,কেনেকৈ আপোনাৰ জী‌ৱনটো আপোনাৰ নতুনকৈ ভাললগা হৈ পৰিছে,ঠিক আপোনাৰ প্ৰথম প্ৰেমৰ দিনকেইটাৰ দৰেই !ভালপো‌ৱা মানুহবোৰক, আপোনজনক অধিক মৰম কৰক দুখীয়া বা নি:কিনজনৰ প্ৰতি অধিক কৰুণাময়ী,দানী হওক । আপোনাৰ জী‌ৱনলৈ কেনেকৈ শান্তি ঘুৰি আহিছে তাক মৰ্মে মৰ্মে হ্ৰৃদয়ংগম কৰক ।
       এটা কবিতা লিখি চাওক। কোনোবা এদিন আপোনজনৰ প্ৰতি আপোনাৰ অনুভ‌ৱ কেনে সেয়া লিখি পেলাওক । নিজে এটা গানৰ সুৰ সৃষ্টি কৰিব পাৰে নেকি তাকো চেষ্টা কৰি চাওক ।
       কবি নীলমনি ফুকনৰ ভাষাত –“
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা



আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...