মানুহৰ ব্যস্ততাৰ অন্ত নাই । আপুনি যদি সংসাৰী পুৰুষ,তেন্তে
ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শোৱাপাটীত পৰালৈকে দৈনন্দিন জীৱনৰ নানানটা ভাৱনা-চিন্তাই
আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হ’ল আপুনি গমেই নাপায়।আৰু যদি আপুনি এগৰাকী
মাতৃ,তেন্তে ল’ৰা-ছোৱালীৰ
ঠেঁহ-পেচ্, অভিযোগ,আৱদাৰ,খোৱা-লোৱাৰ বিভিন্ন ধৰণৰ সমস্যাই নিশ্চয় এনেধৰণে জুৰুলা
কৰে যে নিজৰ যতন ল’বৰ বাবেও আপোনাৰ
সময়ৰ অভাৱে দেখা দিয়ে।কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই দুৰৱস্থা !ঘৰুৱা
পাঠগ্ৰহণৰপৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনালৈকে,আজিৰ শিক্ষা-ব্যৱস্থাই
প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে অনবৰত ব্যস্ত হৈ থাকিবলৈ বাধ্য কৰিছে । থুনুক-থানাক খুজকঢ়া
কণমানিজনীৰো যে কামৰ পৰা আজৰিয়েই নাই!
প্ৰকৃততে
বিচাৰ কৰিবলে হ’লে এনে
ব্যস্ততাপূৰ্ণ জীৱনযাত্ৰাই মানুহক কৰ্মসংস্কৃতিমুখী কৰি জনজীৱনৰ প্ৰগতিৰ
ক্ষেত্ৰত সহায় কৰিছে।কৰ্মহীন জীৱনে এলাস্য ভাৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ
সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে ।বৰঞ্চ ই মানুহজনক
ধ্বংসমুখী কাৰ্য-কলাপতহে আত্মনিয়োগ কৰিবলৈ উচতনি দিয়ে ।ইংৰাজীত কথা এষাৰ আছে,”An Idle brain is a devil’s workshop”।
প্ৰশ্ন হ’ল , এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আপুনি আপোনাৰ
অন্ত:ৰ্নিহিত “আপুনি”জনৰ লগত কথা পাতিব পাৰিছেনে কেতিযাবা?নিজৰ মন
আৰু বিবেকৰ আদেশ ভৃত্যৰদৰে কেৱল পালন কৰি যোৱাৰ বাদে কেতিয়াবা সিহঁতক জুকিয়াই
চাবলৈ আহৰি পাইছেনে? নিজৰ অতীতৰ সুমধুৰ স্মৃতিবোৰ এবাৰলৈ হ’লেও আস্বাদন কৰিবলৈ সময় পায়নে আপুনি ? জীৱনত
কৰি অহা ভুলবোৰ চালি-জাৰি উপযুক্ত শিক্ষা ল’বৰ বাবে এবাৰ নিজৰ জীৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা?
ৰাতি শেতেলীত
পৰি দিনটোৰ কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওঁক আৰু কাইলৈ দিনটোৰ কৰিবলগীয়া
কামখিনিৰ এখন খচৰা প্ৰস্তুত কৰক চমুকৈ ।আপোনাৰ জীৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই
থকা শ-হাজাৰজন মানুহৰপৰা নিজকে ফালৰি কাটি আঁতৰাই আনক আৰু আপোনাৰ দৃষ্টিৰে পৃথিৱীখন
এবাৰ চাবলৈ লওঁক ।দুআষাৰ নিজৰ স’তেও কথা পাতক ।
নি:সংগ হওঁক
।আজি আপোনাৰ চৌকাশে আপোনাৰ গুণানুকীৰ্তন কৰি থকা বন্ধু-বান্ধৱ
,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথিৱীখনৰ কোনো সম্পৰ্ক
নাই সেয়া এবাৰলৈ হ’লেও অনুভৱ কৰক
।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক ।
No comments:
Post a Comment