মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই যোৱা ইং. ২০০৫ বৰ্ষৰ মাৰ্চ মাহত
বিধানসভাৰ মজিয়াত ‘আনন্দৰাম বৰুৱা বঁটা’ নামৰ এক অভিনৱ বঁটাৰ কথা ঘোষণা কৰে আৰু
সেইবছৰৰ পৰাই অসম চৰকাৰে এই বঁটা আজিপৰ্যন্ত প্ৰদান কৰি আহিছে । আৰম্ভণিতে এই বঁটা
অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) অনুষ্ঠিত
কৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক
দিয়া হৈছিল যদিও, যোৱা ইং. ২০০৮ বৰ্ষৰপৰা
হাইমাদ্ৰাছাসমূহৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো এই
বঁটাৰ অন্তৰ্গত সামৰি লোৱা হৈছে । বঁটাটিত আছে এখনি মানপত্ৰ আৰু এটা কম্পিউটাৰ । ইং.২০০৯
বৰ্ষৰপৰা এই কম্পিউটাৰৰ সলনি একোটিকৈ ‘লেপটপ’ দিয়াৰ ব্যৱস্থা কৰা হয় আৰু বৰ্তমানে
৫০%ৰ ওপৰত পোৱা অথচ প্ৰথম বিভাগ নোপোৱা ছাত্ৰ-ছাত্ৰীসকলকো এই বঁটাৰ অধীনত
একোটাকৈ ‘মিনি লেপটপ’ বা ‘নোটবুক’ দিয়াৰ বন্দোৱস্ত কৰা হৈছে । চৰকাৰী তথ্যমতে এতিয়ালৈকে
প্ৰায় ডেৰ লাখটা কম্পিউটাৰ/নোটবুক এই বঁটাৰ শিতানত প্ৰদান কৰা হৈছে ।
অভূতপূৰ্ব এই বঁটাটিৰ প্ৰৱৰ্তনে কোনসকলক উপকৃত কৰিছে সেয়া যদি আমি পৰ্যালোচনা কৰিবলৈ যাওঁ, তেন্তে ক’ব লাগিব যে নি:সন্দেহে চৰকাৰে ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ অন্তৰ জয় কৰাত কিঞ্চিৎ হ’লেও সফলতা লাভ কৰিছে,কিয়নো আজিৰ এই মহঙা দিনত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কম্পিউটাৰ এটা নিজে কিনি ব্যৱহাৰ কৰাটো ইমান এটা সহজ কথা নহয় ।
তথ্য-প্ৰযুক্তিৰ চূড়ান্ত উন্নতি আৰু প্ৰসাৰৰ এই যুগত কম্পিউটাৰে যে আমাৰ দৈনন্দিন জীৱনতো অবিশ্বাস্যভাৱে প্ৰভাৱ বিস্তাৰি আছে ,সি অনস্বীকাৰ্য । মোবাইল ফোনত গান ভৰোৱা,আৱেদন-পত্ৰৰ ডি.টি.পি. কৰা,পাছপোৰ্ট ফটো উলিওৱা,ৰেলৰ টিকট কিনা ইত্যাদিৰ পৰা আৰম্ভ কৰি মহাকাশযানৰ উৎক্ষেপনলৈকে সকলোতে এই কম্পিউটাৰ নামৰ যন্ত্ৰবিধ বহুল ভাৱে ব্যৱহৃত হৈ আহিছে । সঁচা কথা ক’বলৈ গ’লে উদ্ভাৱন হোৱাৰে পৰা আজিলৈকে কম্পিউটাৰৰ ব্যৱহাৰেই মানৱ-জাতিৰ প্ৰগতিৰ হাৰক উচ্চমুখী কৰি ৰাখিছে ।কৃষি-কৰ্ম,বিজ্ঞান,আধুনিক কলা,শিক্ষাজগত,প্ৰতিৰক্ষা,চিকিৎসা,চলচ্চিত্ৰ-বিনোদনকে আদি কৰি এনে এটা ক্ষেত্ৰ নাই য’ত কম্পিউটাৰৰ প্ৰয়োগ হোৱা নাই ।
সেই হিচাপে চাবলৈ গ’লে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে । তাৰ বাবে চৰকাৰক আমি অন্তৰৰ পৰা ধন্যবাদ জনোৱা উচিত । কিন্তু আমি যদি অসমৰ প্ৰেক্ষাপটত,জাতীয় জীৱনৰ প্ৰকৃত ছবিখনৰ মাজেৰে বঁটাটিৰ যথোপযুক্ততা চালি-জাৰি চাওঁ, তেন্তে ক’ব লাগিব যে –আনন্দৰাম বৰুৱা বঁটা অসম চৰকাৰৰ ৰাজনৈতিক মুনাফা লাভৰ এক হাথিয়াৰ মাত্ৰ যি বৰ্তমানে এক ভেকোঁভাওনাত পৰিণত হৈছে । এটা জৰীপ কৰিলে এনে বহু পৰিয়ালৰ কথা পোহৰলৈ আহিব ,যিসকলে হয়তো চৰকাৰৰ পৰা পুৰষ্কাৰ হিচাপে পোৱা কম্পিউটাৰটো মাত্ৰ এদিনৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰি প্ৰদৰ্শনীৰ সামগ্ৰী হিচাপে নিজৰ চ’ৰাঘৰ শুৱনি কৰি সজাই থ’বলগীয়াত পৰিছে । যিমূহুৰ্তত অসমৰ হাজাৰ হাজাৰ গাঁও এতিয়াও বিদ্যুতৰ সুবিধাৰপৰা বঞ্চিত হৈ আছে, সেই সময়ত বিনামূলীয়া কম্পিউটাৰ প্ৰদান একপ্ৰকাৰৰ প্ৰহসন নহয় যদি কি ?
সেইদৰে আন বহুতেই আকৌ ইয়াক কেৱল চলচ্চিত্ৰ তথা বিহুৰ ভিচিডি চাবৰ বাবেই ব্যৱহাৰ কৰি আহিছে । অন্য যন্ত্ৰবোৰৰ দৰেই কম্পিউটাৰো এটা পাৰ্থিৱ যন্ত্ৰই মাথোন,যাৰ চালনা-বিদ্যা আয়ত্ব নকৰাকৈ তাক কোনো কামতেই লগাব নোৱাৰি । আৰু ই এটা কেলকুলেটৰ বা টিভিৰ ৰিমোটৰ দৰে অতি সহজ যন্ত্ৰও নহয় যে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াৰ ব্যৱহাৰ ঘৰতে বহি শিকি ল’ব পাৰিব । বিদেশৰ কথাতো বাদেই, আমাৰ ভাৰতবৰ্ষৰে বিভিন্ন প্ৰগতিশীল ৰাজ্যত দেখা পোৱা যায় যে কম্পিউটাৰৰ শিক্ষা প্ৰাথমিক শ্ৰেণীৰে পৰা প্ৰতিজন শিশুকে দিয়া হয় আৰু তেনে শিক্ষাৰ্থীয়ে মজলীয়া বিদ্যালয়তে কম্পিউটাৰৰ উচ্চ-স্তৰীয় ধ্যান-ধাৰণাবোৰ আয়ত্ব কৰে । গতিকে আমাৰ অসম মুলুকতো অন্ত:ত পঞ্চম শ্ৰেণীৰপৰা প্ৰতিখন বিদ্যালয়তে কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় । চৰকাৰে এই বিষয়ক দুই-এক আঁচনি যুগুত কৰি ৰূপায়ণো কৰিছে যদিও ই অসমৰ প্ৰতিখন বিদ্যালয়কে সামৰি ল’ব পৰা নাই ।
বঁটাটিৰ প্ৰাসংগিকতাৰ ক্ষেত্ৰত সবাতোকৈ ডাঙৰ কথাটো হ’ল , মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ এজন শিক্ষাৰ্থীৰ বাবে এই পুৰষ্কাৰ যিমান প্ৰয়োজনীয় তাতোকৈ বেচি প্ৰয়োজনীয় আছিল এজন স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বাবেহে ; যিসকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰে কিন্তু একো ব্যৱস্থা হাতত লোৱা নাই । আমাৰ শৈক্ষিক পাঠ্যক্ৰমতো কম্পিউটাৰৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰিবলগীয়া নানা প্ৰকল্প,আৱেদন বা চেমিনাৰ আদি উচ্চতৰ মাধ্যমিকতকৈ ওপৰৰ স্তৰতহে সন্নিবিষ্ট হৈ আছে ।
আৰু যদি আমি অলপ প্ৰযুক্তিগত দিশৰ পৰা লক্ষ্য কৰোঁ, চৰকাৰে দিয়া এই কম্পিউটাৰবোৰৰ চফ্টৱেৰ অথবা হাৰ্ডৱেৰতো কিছু আঁসোৱাহ বিচাৰি পাওঁ । ‘মুক্ত চফ্টৱেৰ’ৰ ওপৰত গুৰুত্ব দি চৰকাৰে এই কম্পিউটাৰবোৰত ‘লিনাক্স অপাৰেটিং চিষ্টেম’ দিছে । সামগ্ৰিক ভাৱে চাবলৈ গ’লে ই বহুত ভাল কথা যে এনে মুক্ত চফ্টৱেৰবোৰৰ ওপৰত আমি গুৰুত্ব দি তাক শিকি-বুজি ব্যৱহাৰ কৰিলে চফ্টৱেৰ ব্যৱসায়ত ৰাজত্ব কৰা কোম্পানীসমূহৰ একছত্ৰী শাসনৰ ওৰ পৰিব ।কম্পিউটাৰৰ বিশেষ শিক্ষা লোৱা শিক্ষাৰ্থী সকলক বাদ দি যদি আমাৰ যিকোনো অফিচ –কাছাৰীলৈ যাওঁ দেখা পাম যে সাধাৰণ কম্পিউটাৰ-সাক্ষৰ লোক এজনে এই ‘লিনাক্স অপাৰেটিং চিষ্টেম’ৰ বিষয়ে ন্যূনতমখিনিও নাজানে ।অৱশ্যে শুনিবলৈ বেয়া লগা এটা সঁচা কথা হ’ল এয়ে যে , অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰপৰা উত্তীৰ্ণ BE, MCA ডিগ্ৰীধাৰী কম্পিউটাৰ ইঞ্জিনীয়াৰ এজনৰো এই লিনাক্স অপাৰেটিং চিষ্টেমৰ বিষয়ে জ্ঞান তেনেই সীমিত থাকে । লিনাক্সৰ কঠিন User-Interface আৰু Command লিখি কাম সম্পাদন কৰিবলগীয়া গুণৰ বাবেই ই অতি কম জনপ্ৰিয় । তাৰ পৰিৱৰ্তে বহুল প্ৰচলন আৰু কাম কৰাৰ সুবিধাৰ বাবে কম্পিউটাৰ শিকিবলৈ আৰম্ভ কৰা এজন লোকে প্ৰথমে সেয়ে Microsoft Windows OS ত হে কাম কৰিবলৈ বিচাৰে । কাজেই বটাঁ হিচাপে পোৱা এই কম্পিউটাৰটোত শিক্ষাৰ্থীজনে নিজাববীয়াকৈ হাজাৰ টকা খৰছ কৰি Microsoft Windows OS ভৰাই লয়, নতুবা একো কাম নকৰাকৈ পেলাই থৈ দিয়ে , আৰু নতুবা চাৰি-পাঁচ হাজাৰ টকাৰ বিনিময়ত বিক্ৰি কৰি দিয়ে ।
নতুনকৈ সংযোজন ঘটোৱা উচ্চ দ্বিতীয় বিভাগত উত্তীৰ্ণ সকলৰ বাবে যি নোটবুক দিয়া হৈছে , সেইবোৰ HP, DELL, ACER ,SONY বা আন কোনো জনপ্ৰিয় বিখ্যাত কোম্পানীৰ সলনি কোনো এক অখ্যাত কোম্পানীৰ দ্বাৰা প্ৰস্তুত ,যাৰ সেৱা-কেন্দ্ৰ অসমত নাই । গতিকে এনে অখ্যাত কোম্পানীৰ সতে কেনেধৰণৰ চুক্তিৰে এই বেচা-কিনা চলিছে,সেয়াও সন্দেহৰ আৱৰ্তত ।
এই বটাঁৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অপবাদটো হৈছে, ই শিক্ষাক্ষেত্ৰত ল’ৰা-ছোৱালীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ মুঠেও বঢ়াব পৰা নাই ; বৰঞ্চ ই পৰোক্ষভাৱে তাৰ ওলোটা ফল হে দিছে । চৰকাৰী তথ্যতে(উৎস: http://www.amtron.in/htmls/Anundoram-barooah-award.html ) স্পষ্টভাৱে প্ৰকাশ যে ২০০৫ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ছাত্ৰ-ছাত্ৰী ১২,৭৫৬ জনৰ বিপৰীতে এই সংখ্যা ২০০৬ আৰু ২০০৭ বৰ্ষত ক্ৰমে ১৩,৪৯৩ আৰু ১২,৬৯২ জন হয় ।( অৱশ্যে ২০০৮ বৰ্ষত ১৭,৩৩১ জনে কম্পিউটাৰ লাভ কৰিছিল যদিও ইয়াত হাই-মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত আছিল ।) বৰ্তমান সময়ত শতকৰা ৯০-৯৫ পাইয়ো এজন শিক্ষাৰ্থীয়ে ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে হাবাথুৰি খাব লগীয়া হয় ।কাৰণ আজিকালি প্ৰতিযোগিতাৰ যুগ । এই সময়ত চৰকাৰে মাত্ৰ ৫০% নম্বৰেৰে উত্তীৰ্ণ হ’লেই যদি সাদৰেৰে পুৰষ্কৃত কৰে, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে সিমান খিনিক লৈয়েই অতি সন্তুষ্ট হ’বলৈহে শিকে , অধিক ভাল ফলাফলৰ বাবে চেষ্টা কৰাৰ হেঁপাহ তেওঁলোকৰ কেতিয়াও নাবাঢ়ে । আমি আচৰিত হওঁ, ন-শিক্ষাৰ্থীক উভোতনি উৎসাহ জগোৱা এয়া কেনে চৰকাৰী পৃষ্ঠপোষকতা ?এনে ভেঁকোভাওনাৰ সলনি চৰকাৰে যদি সঁচাকৈয়ে ৰাজ্যখনৰ বিজ্ঞান তথা তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনলৈ গুৰুত্ব দিলেহেঁতেন তেন্তে কৰ্ম-সংস্থানৰ সন্ধানত বছৰি বাহিৰলৈ ওলাই যোৱা ৰাজ্যখনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে আজি নিজ জন্মভূমিতে প্ৰযুক্তিৰ সৎ প্ৰয়োগেৰে প্ৰগতিৰ হকে কাম কৰিব পাৰিলেহেঁতেন ।
আমাৰ প্ৰস্তাৱ, চৰকাৰে যদি এই বঁটা একান্তই প্ৰচলন কৰি ৰাখিব খুজিছে, তেন্তে মেট্ৰিক বা হাইমাদ্ৰাছাত শীৰ্ষ স্থান লাভ কৰা কেইজনক বিশেষ সাহায্য আৰু প্ৰথম বিভাগ অধিকাৰ কৰা সকলক উচ্চতৰ মাধ্যমিকৰ সমুদায় পাঠ্যপুথি,বহী,বেগ,জোতা-মোজা,পেঞ্চিল-কলম আৰু মহাবিদ্যালয়ৰ মাচুল দিয়ক ।
No comments:
Post a Comment