লেখা অনুসন্ধান কৰক

Showing posts with label প্ৰেম. Show all posts
Showing posts with label প্ৰেম. Show all posts

Thursday, July 21, 2011

'প্ৰেয়সীলে বুলি'



আৱেগ-বিহ্বল তোমাৰ সৰু এটা বাৰ্তাৰ অপেক্ষাত
য’ত লিখা থাকিব-‘আপুনি এটা বান্দৰ!’
কিমানটা ‘ইনবক্স’ত যে মোৰ ভুমুকি...
...কিমানবাৰ সম্পাদনা মোৰ পছন্দৰ ‘মেচেজ’!

তোমালৈ বুলি এটা মেচেজ
বতাহত এৰি দিয়াৰ প্রৱণতা...
তোমাৰদ্বাৰা নিজকে বুর্বক সজোৱাৰ এটা নির্বোধ হাৱিয়াস
কুঁচি-মুঁচিকৈ সাঁচিছিলো তোমাক দেখাৰ দিনাই

তোমাৰ আলাপৰ উষ্ণতাই কিদৰে
সমতুল কৰিছিল শীতৰ বতাহৰ তন্দ্রতা
আকাশৰ নির্জনতাত বন্দী হৈ
শেষ নিশালৈকে গণিলো তৰা...
এক...দুই...
গণিলো ভালপোৱাৰ ৰাশিফল-

আৰু তুমি মোৰ বুকুত থিতাপি ল’লা-
তোমাৰ দুঃশ্চিন্তাৰ দুচকুত সপোন সিঁচিবলে’
বাৰে বাৰে ডুব যাওঁ ভোগদৈৰ ভগা দলং
অথবা
কেটলব্রিজৰ অজান মায়াত...।

তোমাৰ চকুৰ ভাষাৰে বিনিময় কৰো হৃদয়...
তোমাৰ ওঁঠৰ মসৃনতাত বিলীন নিয়াওঁ
মোৰ কলহভৰা দুখৰ চকুপানী |

এতিয়া প্রতিনিয়ত ফুলে মোৰ
বাগিছাজুৰি সপোন-খঁৰিকাজাই
তোমাৰ সুবাসেৰে আমোলমোল
মোৰ হৃদয়-পথাৰ ||
(ইয়াত প্রতি সন্ধিয়া উদযাপিত হয়
তোমাৰ আগমণিৰ দ্বীপান্বিতা)

তুমি মোৰ হ’লা...
আহা, আলাপ কৰোঁ—
মনৰ সকলো শব্দ উবুৰিয়াই আমি কথা পাতোঁ—
মন হওঁক প্রেমেৰে পৰিতৃপ্ত
শুনিবলে’ দিয়া মাথো তোমাৰ মাত
সাৱতি বুকুত য’ত গুজিব পাৰি হাঁহি
অনুভৱ কৰিব পাৰি সংগোপনে
গভীৰতম বুকু প্রদেশৰ উম-সনা মৰমৰ কলৰোল...

ব’লা আমি ফুৰিবলে’ যাওঁ
বুকুত ভালপোৱাৰ সপোন আঁকি
ব’লা আমি সেউজীয়া হওঁ-
...পৃথিৱীৰ আটাইবোৰ মৰমেৰে
জীপাল হওঁ |

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...