লেখা অনুসন্ধান কৰক

Showing posts with label বিভেদ. Show all posts
Showing posts with label বিভেদ. Show all posts

Wednesday, September 16, 2015

উপাধিবিহীন নাম

কালি এজন আচৰিত ধৰণৰ মানুহ লগ পালো । তেওঁ জাগীৰোডৰ কাগজ কলত কাম কৰে । মই আগতে লগ নোপোৱা এই মানুহজন আমাৰ অফিচলৈ আহিছিল ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা বিচাৰি । তেওঁৰ হাতত ইতিমধ্যেই ১৯৫১চনৰ এন. আৰ. চি.ৰ নথি আৰু লিগেছি কোড আছিলেই । গতিকে মই সুধিলো ভোটাৰ তালিকা কিয় লাগে বুলি । তেওঁ ক’লে যে পাছপোৰ্টৰ বাবে লাগে , তাত হেনো ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি হ’লেহে হ’ব । পাছপোৰ্ট কাৰ বাবে লাগে বুলি সোধাত ক’লে যে তেওঁৰ জীয়েকৰ বাবে লাগে । স্বাভা‌ৱিকতেই সুধি পেলালো তেওঁৰ ছো‌ৱালীয়ে কি কৰি আছে বা ক’ত আছে । দুগৰাকী ছো‌ৱালীৰ এজনীয়ে এন. আই. টি.ত এম. টেক. কৰি আছে আৰু এজনীয়ে মেডিকেল পঢ়ি আছে । এম. টেক. কৰি থকা গৰাকীয়ে ক’ৰপৰা পঢ়া-শুনা কৰিছিল বুলি সোধাত ক’লে যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বি. ই. পঢ়িছিল । যিহেতু মইও তাতেই পঢ়িছিলো,গতিকে নামটো জানিবলৈ বিচাৰিলো । নামটো ‘কাকলি’। চিনি পাব পাৰো নেকি ভা‌ৱি সুধিলো, ‘কাকলি’ কি লিখে ? তেওঁ ক’লে যে কাকলি কাকলিয়েই । উপাধি নাই । জী‌ৱনত প্ৰথমবাৰ এই উপাধিবিহীন নাম শুনিলো । তেতিয়া মই সুধিলো, কিয় আপুনি তেনে নাম ৰাখিছে ? তেওঁ ক’লে-
“মই আচলতে উপাধি দাস লিখো। মোৰ ঘৰ বৰপেটাত । সৰুৰে পৰাই মা-দেউতাহঁতক সুধিছিলো,আমি এই ‘দাস’টো কিয় লিখো? মাঁহতে কৈছিল যে আমি সকলো‌ৱেই হেনো ঈশ্বৰৰ দাস। মই প্ৰশ্ন কৰিছিলো, তেন্তে সকলো‌ৱে কিয় উপাধিটো দাস বুলি নিলিখে? তাৰ উত্তৰ মাঁহঁতে সঠিকভা‌ৱে দিবপৰা নাছিল । কিন্তু ডাঙৰ হৈ যেতিয়া বুজিলো, তেতিয়া ভা‌ৱি পালো যে এই দাস উপাধিটো‌ৱে মোক লটি-ঘটি কৰিছে বা কৰিব পাৰে । বাস্ত‌ৱিকতে মই কাৰো দাস নহয় যেতিয়া Why should I be a দাস ? আমাৰ সমাজত এই উপাধিটো লৈয়ে মানুহে মানুহক শ্ৰেণীবিভাজিত কৰে , যিবোৰৰ কোনো প্ৰয়োজন নাই । অথচ সেইবোৰে সমাজত বহুতো সামাজিক-মানসিক বিভ্ৰান্তি আৰু অসুবিধাৰহে সৃষ্টি কৰিছে । গতিকে মই সিদ্ধান্ত ল’লো যে মোৰ ন-প্ৰজন্মক এই সাতামপুৰুষীয়া বদনামৰ ভাগী হ’বলৈ কাহানিও নিদিওঁ। ”
ইয়াৰ পাছত তেওঁক মই দুটা প্ৰশ্ন আকৌ কৰিলোঁ । এটা হ’ল,-“নাথ,কলিতা,শইকীয়া বা আন কিবা উপাধি হো‌ৱাহেঁতেন আপুনি তেতিয়াও এনে কৰিলেহেঁতেন নে?” তেওঁ ক’লে –“ তেতিয়া চাগে নকৰিলোহেঁতেন”। আৰু দ্বিতীয়টো প্ৰশ্ন আছিল- “উপাধিবিহীন হৈ কিবা অসুবিধা পাইছে নেকি ছোৱালীকেইজনীয়ে?” । তেওঁ জনালে যে অসমত অলপ অচৰপ হৈছে, যেনে শুদ্ধভা‌ৱে লিখি দিয়াৰ পাছতো মানুহবোৰে উপাধিটো থাকি গ’ল বুলি ভা‌ৱি নিজে নিজেই লগাই দিয়ে, কিন্তু অসমৰ বাহিৰত ক’তো তেনেকু‌ৱা হো‌ৱা নাই ।
তেখেকত মোৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলো । কিন্তু মানুহজনৰ কৰ্ম-কাণ্ডই মোক অলপ ভা‌ৱিবলৈ বাধ্য কৰালে ।(সম্পূৰ্ণ সঁচা ঘটনা)

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...