লেখা অনুসন্ধান কৰক

Showing posts with label life. Show all posts
Showing posts with label life. Show all posts

Thursday, January 22, 2026

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক খুণ্ডা মাৰিব পাৰে ! বৰষুণৰ বতৰত পিচল বাটত পৰিও আপোনাৰ কঁকালটো ভাগিব পাৰে । কোনে জানে, কাইলৈ লেবৰেটৰীৰ ৰিপোৰ্টত আপোনাৰ শৰীৰৰ কোনো এটা কোণত হয়তো কেন্সাৰৰ উপস্থিতি ধৰা পৰিব পাৰে। হয় , শুনিবলৈ বৰ ভাল নলগা, বৰ আমনিদায়ক আৰু নিষ্ঠুৰ । কিন্তু এয়াই সত্য। সত্যটোক স্বীকাৰ কৰিব পৰাকৈ আপুনি কঠোৰ হওঁক। মানুহৰ জীৱনটো অতি ঠুনুকা! আজি যে উশাহ লৈ জীয়াই আছোঁ, কালিলৈ বা একেদৰে থাকিম নে নাই তাৰে গ্যেৰান্টি নাই! জীৱনটো তেনেই চুটি। চকুৰ আগতে ১৬-১৭ বছৰীয়া ছোৱালীৰ জী‌ৱন নি:শেষ হোৱা দেখিছোঁ, ৩০ -৩২ বছৰীয়া চফল ডেকা হেৰাই যোৱা দেখিছোঁ। পত্নীয়ে পতিক, পতিয়ে পত্নীক হেৰুওৱা দেখিছোঁ। নিজৰ পিতাক হেৰুৱাৰ বেদনাত ভুগি পাইছোঁ। এনেকি নিজৰ সন্তানৰ নিথৰ দেহ কোলাত লৈ ভাগি পৰা পিতৃ-মাতৃও দেখিছোঁ। আচৰিত হওঁ যে- এইবোৰ দেখি-শুনি, বুজিও আমিবোৰে কেৱল জীয়াই থাকোঁ। জীয়াই থাকিবৰ বাবেই জীয়াই থাকোঁ !! সৃষ্টিকৰ্তাই প্ৰতিজনকেই আনতকৈ বেলেগ অৰ্থাৎ ‘অনন্য’ কৰি জন্ম দিয়াৰ পাছতো, আমি সকলোৱেই সেই একেখিনিকেই কৰি থাকোঁ! সকলো একেই হৈ পৰোঁ ! সুন্দৰভাৱে খাওঁ,সুন্দৰভাৱে শোওঁ।স্বাস্থ্যও ঠিকে ৰাখোঁ-যাতে আৰু দুদিনমান বেছিকৈ খাৱ পাৰোঁ! অৱশ্যে এটা কথা ঠিক যে আনতকৈ কিদৰে দুপইছা বেছি অৰ্জিব পাৰোঁ, কিদৰে ভালৰো ভাল বস্তুটো ল'ব পাৰোঁ, তাৰ প্ৰতিযোগিতা কিন্তু আমি ভালদৰেই কৰিব জানোঁ । আপুনি সঁচাকৈয়ে ভাৱে নে, যে 'আনতকৈ অধিক' উপাৰ্জনেৰে অৰ্জি 'আনতকৈ অধিক আৰামদায়ক' জীৱন কটোৱাই আমাৰ জীৱনৰ উদ্দেশ্য বা বিধেয় ? অধিক আৰমামদায়ক জীৱনৰ বাবেই আমি জানো সকলোখিনি কৰি থকা নাই নে ? এই যে ভালদৰে ঘৰটো সাজোঁ, এইযে বিলাসী গাড়ী এখন লওঁ, এই যে কুলাৰ-হিটাৰ কিনোঁ, গা ধুবলৈ গৰম পানীৰ গীজাৰ কিনোঁ? সৎ পথেৰে অথ‌ৱা অসৎ পথেৰেই হওঁক, প্ৰতি মাহে মোটা অংকৰ ঘটি, অতি স্বচ্ছলভাৱে ,অতি বিলাসীতাৰে জীৱন কটাই আপুনি যদি ১০০ বছৰ বয়সতো ইহলীলা সম্বৰণ কৰে,আপুনি ভাৱে নেকি যে, আপোনাৰ জীৱনৰ মহত্বৰ কথা ভৱিষ্যতৰ প্ৰজন্মই মনত ৰাখিব বুলি ? নিশ্চয়কৈ নাৰাখে ,যেতিয়ালৈকে আপুনি আপোনাৰ জীৱনটোক 'মহান' কৰি নুতোলে! জ্ঞানী লোকে কয় - " আমি আমাৰ মানৱ জীৱন কেৱল আৰু কেৱল মাথোঁ এবাৰৰ বাবে পাওঁ। কিন্তু সেই এবাৰেই আমাৰ জীৱনটোক অনন্য আৰু মহান কৰি সজাবলৈ যথেষ্ট" ! কিন্তু প্ৰশ্ন হয় , আমাৰ এই সাধাৰণ জীৱনটোক আমিনো কিদৰে 'অনন্য' আৰু 'মহান' কৰিব পাৰোঁ? উত্তৰটো অতি সহজ! আপুনি ভাৱি চাওঁক- আমাৰ দৰে একেই জীৱন কটাবলৈ সুযোগ পোৱা কোনকেইজন মানুহক অৰ্থাৎ মনিষীক আমি আজিও মনত ৰাখিছোঁ? কাৰ কি কি অতুলনীয় অৱদানৰ বাবে আমাৰ অসমীয়া জাতিটো, ৰাষ্ট্ৰখন বা সমগ্ৰ মানৱ প্ৰজাতিটো সভ্যতাৰ জখলাৰে আগুৱাই আহি আজিৰ এই পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হ'ল? আপুনি ভাৱি আচৰিত নহয়নে ,কুইণ্টল কুইণ্টল ওজনৰ আকাশীযানখন কিদৰে হাজাৰফুট উচ্চতাৰে পেতত মানুহ এসোপা ভৰাই ঘণ্টাত ৭০০-৮০০ কিলোমিটাৰ বেগেৰে উৰি গুছি যায়? কিদৰে চুইছটো টিপিলেই লাইটটো জ্বলি আপোনাৰ ঘৰখন,থকা ঠাইকণ পোহৰায় ? কিদৰে ঘন্টাত ২৮,০০০ কি.মি. বেগেৰে পৃথি‌ৱীৰ চৌদিশে ঘুৰি ISS নামৰ কৃত্ৰিম উপগ্ৰহটো‌ৱে ভূ-বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ তথ্য আহৰণ কৰে -য’ত থাকি আপুনি ২৪ ঘন্টাৰ ভিতৰতে ১৬ বাৰ সূৰ্যাস্ত আৰু ১৬ বাৰ সূৰ্যোদয় উপভোগ কৰিব পাৰে ? কে‌ৱল য‌োগ-বিয়োগৰ উপৰিও, লোণ-বেংকিঙৰ বাদেও আপুনি জানি আচৰিত নহয় নে যে, সংগীতৰ তাল আৰু মহাজাগতিক তৰংগতো গণিতৰ সূত্ৰ সোমাই থাকে বুলি ? কিদৰে এখন ভাৱোদ্দীপক নাটক বা চিনেমা উপভোগ কৰাৰ বহু সময়ৰ পাছতো আপোনাৰ মনটো চিন্তাৰ আবেষ্টনীত ডুব গৈ থাকে । কিদৰে এখন ছবিয়ে বা এটা গীতেও আপোনাৰ চিন্তাক্লিষ্ট, হতাশাগ্ৰস্ত মন ত্বৰিৎ গতিৰে জগাই তুলি হঠাতে উৎফুল্লিত কৰিব পাৰে ! কিদৰে ৰবাৰ্ট ফ্ৰস্তৰ এটি কবিতাই আপোনাক প্ৰকৃতিৰ নিৰ্মল সৌন্দৰ্যত বিলীন কৰো‌ৱাৰ লগতে ইয়াৰ নিষ্ঠুৰ আৰু ৰহস্যময় ৰূপটোকো অগ্ৰহণীয়ভা‌ৱে উদঙাই দিব পাৰে? ভায়োলিনৰ কৰুণ সুৰে আপোনাক বুকুত কঁপনি নোতোলে নে কাহানিও ? হীৰুদাই আপোনাক এবাৰৰ বাবে হ’লেও প্ৰেমিক কৰি তোলা নাই নে কাহানিও ? বিহুৰ নাচত মতলীয়া হো‌ৱা নাচনীৰ চেওঁ আৰু কঁকালৰ ভাঁজ দেখিলে আপোনাৰ মনে দল্ দোপ হেন্দোল দোপ নকৰে নে সঁচাকৈয়ে ? এই সকলো বিজ্ঞান , সাহিত্য , কলা-সংস্কৃতিৰ প্ৰতি আপোনাৰ অৱদান কি আপুনি এবাৰলৈও ভাৱি চাইছে নে? আমি সকলো‌ৱে সদায়ে কৰিব পৰা এটা সাধাৰণ কাম কৰিও দেখোন আমাৰ মাজৰে হিমা দাসে দেশলৈ গৌৰ‌ৱ কঢ়িয়াই অনা নাই নে ? ড° ৰুবুল মাউতে বজাৰত শাক-পাছলি বিক্ৰি কৰি, ৰাস্তাৰ বনুৱা হিচাপে কাম কৰি সাধাৰণ এখন অসমীয়া গাৱঁৰ পৰাই গৈ আজি বিশ্বখ্যাত হাৰ্ভাৰ্ড মেডিকেল স্কুলত গৱেষণাৰে খলকনি তোলা নাই নে ? জিতেন্দ্ৰ নাথ গোস্বামীয়ে এই অসমৰ বতাহ পানী খায়েই চন্দ্ৰযান অভিযানৰ গুৰি ধৰিব পৰা হোৱা নাই নে? এইখন অসমতেই দেখোন দাদাচাহেব ফাল্কে বটা পোৱা , জ্ঞনপীঠ বটা পোৱা সাহিত্যিক-গীতিকাৰে জনম লোৱা নাই নে? এই সকলোবোৰৰ পৰা,তেওঁলোকৰ জীৱনগাঁথাৰ দ্বাৰা আপুনি অনুপ্ৰেৰিত হওঁক, অনুৰণিত হওঁক । নিজৰ সত্ত্বা, নিজৰ অস্তিত্বক অন্ত:ত এবাৰলৈ অনুভ‌ৱ কৰক, অনুধা‌ৱন কৰক । আৰু আমাৰ বিশ্বাস, যিদিনাই আপুনি আপোনাক বিচাৰি পাব, সিদিনাৰে পৰা এই সুন্দৰ পাৰাপাৰহীন পৃথি‌ৱীত আপোনাৰ পুনৰ্জনম হ’ব। আ‌ৱিষ্কাৰ কৰিব পাৰিব এই বৃহত্তৰ, সৌন্দৰ্যপূৰ্ণ , অবাক মায়াৰে ভৰপূৰ এই পৃথি‌ৱীত আপোনাৰ অস্তিত্বৰ মূল্য কিমান ! আ‌ৱিষ্কাৰ কৰিব পাৰিব, আপোনাৰ কাম-কাজে, সৰু সৰু পদক্ষেপেই কিদৰে পৃথি‌ৱীৰ ৰূপ সলাই পেলাব পাৰে । কিদৰে হাঁহি বিৰিঙিব পাৰে -হাজাৰজন নি:কিনৰ মুখত , কোটিজন বিশ্ববাসীৰ মুখত । অতি সৰু যেন লগা, অতি নিৰৰ্থক যেন লগা আপোনাৰ জী‌ৱনটিও অন্য হাজাৰজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে ! এনে এটা সপোনৰ আঁত-ধৰোঁতা, আৰু তাত সাৰ-পানী দি সপোনটোক সাকাৰ কৰিবলৈ উচতনি দিয়া মানুহ কিন্তু আন কোনো নাই , তেনে কোনো মানুহো নহয় আপোনাৰ মা-দেউতা, অঙহী-বঙহী । সকলো শক্তিৰ উৎস হ’ব লাগিব কে‌ৱল আৰু কে‌ৱল আপুনিয়েই । মনত ৰাখিব, আপুনি মই কৰিব পৰা একেটা কাম অতি সহজভা‌ৱে কৰি হিমা দাসে একে ৰাতিতে ‘হিমা দাস’ হো‌ৱা নাই । তাৰ বাবে কঠোৰ সাধনা , কঠোৰ অধ্য‌ৱসায় আৰু এটা দৃঢ় মনোবাঞ্চাৰ প্ৰয়োজন । আপোনাৰ মনৰ শক্তিক অ‌ৱহেলা নকৰিব। মনৰ দুৰ্দান্ত ইচ্ছাৰেই পৃথি‌ৱীত বিকলাংগ হৈয়ো স্টিফেন হকিংছে ব্ৰহ্মাণ্ড সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিছিল । হাত আৰু ভৰি নোহো‌ৱাকৈ জন্ম হো‌ৱা নিক ভুজিচিক বিশ্ববিখ্যাত গ্ৰন্থলেখক আৰু অনুপ্ৰেৰণাদাযী বক্তা হ’ব পাৰিছে । আনন্দ আৰ্ণল্ড নামৰ লুধিয়ানাৰ ব্যক্তিজন, যি কঁকালৰ কেন্সাৰৰ বাবে হুইল-চেয়াৰৰপৰা উঠিব নো‌ৱাৰে , তেওঁও শৰীৰ-চৰ্চাত বিশ্বখ্যাত খিতাপ অৰ্জন কৰিব পাৰিছে যাৰ জী‌ৱন-বিষয়ক কাহিনী আমেৰিকান লেখকে লিখি উলিয়াইছে । সৃষ্টিকৰ্তাই এটা সুস্থ-স‌ৱল মস্তিষ্ক আৰু শৰীৰ দিয়াৰ পাছতো আমি কি কৰি আছোঁ- এবাৰ চিন্তা কৰি চাইছে নে ? যদিও মাইলৰ খুটা বুলিবলৈ আমাৰ ওচৰত নতুন ‘বছৰ’, নতুন ‘মাহ’, আৰু নতুন ‘সপ্তাহ’ আছে , আমাৰ বোধেৰে সেই জ্ঞানবোধ উদয়ৰ বাবে , কোনো এটা লক্ষ্য বা উদ্দেশ্যৰ প্ৰতি ধা‌ৱমান হ’বলৈ আমাক কোনো এটা নিৰ্দিষ্ট ‘শুভাৰম্ভণিৰ দিন’ৰ প্ৰয়োজন নাই । শুভ কাম আৰম্ভ কৰিবলৈ আজিয়েই, এই ক্ষণেই শুভ ক্ষণ! মোবাইলটো যদি চাইছে, চাওঁক! কিন্তু সময়ৰ অপব্যৱহাৰ নকৰিব । কিবা এটা শিকিবৰ বাবে, জানিবৰ বাবে তাক ব্যবহাৰ কৰক । অৱশ্যে ‘আজিৰেপৰাই মই কেৱল ফলপ্ৰসূ আৰু উৎপাদনমুখী কামহে কৰিম’ বুলি প্ৰতিজ্ঞা লোৱাটোও মুৰ্খামী হ'ব । কাৰণ সুস্থ মানসিক সন্তুলনৰ বাবে আমাক মনোৰঞ্জনৰো প্ৰয়োজন । সমাজৰ পৰাও আঁতৰি নাযাব , কাৰণ সুস্থ সামাজিক পৰিৱেশতহে সুস্থ চিন্তাই ঠাই পায় । আপুনি যদিহে কৰ্মৰত, তেন্তে আপুনি আপোনাৰ কৰ্মক নিয়াৰীভাৱে কৰিও সমাজলৈ সেৱা আগবঢ়াব পাৰে । অফিচৰপৰা আহিও যদি দুটা ল'ৰাক দুটা অংক শিকাই দিয়ে ,সেয়াও আপোনাৰ মহান জীৱনৰে এটা ক্ষুদ্ৰতম প্ৰয়াস! আপুনি যদিহে এজন চিকিৎসক, সপ্তাহত এটা দিন দুখীয়া নিচলাক বিনামূলীয়াকৈ সেৱা কৰাটোৱেও আপোনাৰ জীৱনৰ মহানতাকে সূচাব। নৃত্য-গীত,চাৰুকলা-কাৰুকলা,লিখা-মেলা, খেলা-ধূলা ইত্যাদিত যদি আপোনাৰ প্ৰতিভা আছে বা আপোনাৰ মন আছে- তেন্তে তাৰ কৰ্ষণ কৰি চৰ্চা কৰা আৰু সেই বিষয়ত অধিক অধ্যয়ন কৰি সুন্দৰ সৃষ্টিকৰ্মত ব্যস্ত হোৱাটোও একপ্ৰকাৰৰ অৰ্থপূৰ্ণ জীৱনৰে পৰিচয় । পৰিৱেশৰ প্ৰতি সচেতন হোৱা, সমাজসেৱাৰে সামাজিক চেতনা জাগ্ৰত কৰা ,সমাজত একতাৰ ভাৱ সঞ্চাৰ কৰা তথা বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটোৱাও এটি সুন্দৰ জীৱনবোধৰ উদাহৰণ! আপোনাৰ পিছে সংকল্প কি ? —------------------------------------------------------০০০—------------------------------------------------------

Friday, May 20, 2022

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ওলাই যো‌ৱা ধুনীয়া ছো‌ৱালীকেইজনীক জোকাই ভাল লাগে , ধাবাত বহি একেবাৰে অন্তৰংগ বন্ধু কেইটাৰ লগত অকণমান ৰঙীন হৈয়ো ভাল লাগে । এনেকৈ ভিন ভিন ৰকমে আমি, অৰ্থাৎ আমাৰ বহুতেই, জী‌ৱনটোত কিবা এটা আনে নকৰা ‘মন মতলীয়া’ কাম কৰি ভাল পায়। এবাৰ মোৰ ভাইটিক দেউতাই সুধিছিল- ‘কোনো কথাতে যে তোৰ গা নলৰে,একো এটা ভাল কামতে যে তই মন নিদিয়, এনেকৈ হ’লে জী‌ৱনত কি কৰি খাবি ? তই আচলতে কি কৰিব বিচাৰ জী‌ৱনত’ ?ভাইটিয়ে নিসংকোচে কৈছিল – ‘মই জী‌ৱনত এনজয় কৰিব বিচাৰো।হয়, আমাৰ ভাইটিৰ দৰেই জী‌ৱনটোক এটা ‘এনজয়’ কৰা বস্তু বুলি ভ‌ৱা মানুহো বহুত ওলাব । দৰাচলতে ক’বলৈ গ’লে যিসময়ত আজি আপুনি ‘জী‌ৱনটোত কিনো পালো’ বুলি হাঁ-হুমুনিয়াহ কাঢ়ি আছে, সেই সময়তে বহুজনে আকৌ জী‌ৱনটোকহাঁহি হাঁহিএনজয়’ কৰি আছে ।জ্ঞানী জনে হেনো কৈয়ো গৈছে যে যি পাইছা, তাৰেই তুমি সন্তুষ্ট হো‌ৱা, তাৰেই তুমি জী‌ৱনটো ‘উপভোগ’ কৰা । এতিয়া কথা হৈছে আপুনি জী‌ৱনটো কেনেদৰে উপভোগ কৰিব?


মদৰ প্ৰতি ৰাগিয়াল হো‌ৱা মানুহবোৰে সততে কয়- ‘মোৰ টকাৰে মই মদ খাইছো। তই ক’বলৈ কোন?’ । তেওঁক আমি ক’ম যে, ‘হয়, যিহেতু তুমি তোমাৰ টকাৰেই কিবা খাইছা বা পিন্ধিছা, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু এইযে গালি-গালাজ পাৰি, অভব্য আচৰণ কৰি তুমি তোমাৰ পৰিয়ালৰ লগতে সমাজৰ সকলোকে অসুবিধাত পেলাইছা, পৰি‌ৱেশ বিনষ্ট কৰিছা, নতুন ল’ৰা-ছো‌ৱালীক বেয়া পথ দেখু‌ৱাইছা, কিশোৰ-কিশোৰীয়ে তোমাৰ আচৰণত হতবাক হ’বলগীয়া হৈছে- তাতহে আছে আমাৰ ক’বলগীয়া । তুমি অকলে এটা নিৰ্জন দ্বীপত গৈ মাতাল অ‌ৱস্থাৰে নাচি-বাগিও যদি থাকা, তেতিয়া অ‌ৱশ্যেই আমাৰ ক’বলগীয়া একো নাথাকিলহেঁতেন’। কথাবোৰ ঠিক এনেকু‌ৱাই ! আপুনি জী‌ৱনটো উপভোগ কৰাৰ নামত আপোনাৰ প্ৰতিবেশীক বা এলেকাৰ মানুহক অনিষ্ট কৰিছে নেকি, বিপদত পেলাইছে নেকি সেয়াও এবাৰ ভা‌ৱক । বহু সময়ত আপুনি বজো‌ৱা উচ্চ-স্বৰৰ সংগীতে, গাড়ীত বজো‌ৱা হৰ্ণটো‌ৱেও ৰোগীজন বা পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক আমনি দিয়ে । তাৰ প্ৰতি মন দিয়াটোও এজন সচেতন নাগৰিকৰ দায়িত্ব, যিটো হয়তো কে‌ৱল নিজৰ বাবেইউপভোগ’ কৰিব বিচৰা এজন লোকে অনুধা‌ৱন কৰিব নো‌ৱাৰে ।


আমাৰ চিনাকী কোনোবাই যদি সৎ বা অসৎ যি পথেৰেই হওঁক, দুপইচা ভালদৰে ঘটি ভাল এটা ঘৰ সাজিছে, গাড়ী কিনিছে,নামী-দামী বস্তু খাইছে, বিদেশত ফুৰিবলৈ গৈছে, দামী কাপোৰ-কানি পিন্ধিছে আৰু আলাস-বিলাসত দিন কটাইছে, তেতিয়া আমি প্ৰায়ে কওঁ যে, সি বা তাই কিন্তু ভাল ‘মস্তি’ কৰিছে দেই, বা ভাল ‘এনজয়’ কৰিছে দেই ! জী‌ৱনত ‘এনজয়’ কৰা বুলিলে আমি তেনেকু‌ৱা এটা জী‌ৱনশৈলীয়েই বুজি পাওঁ । আৰু সেইবাবেই তেনে এক বিলাসী জী‌ৱন-ধাৰণ আমাৰ বহুতৰে বাবে এক উচ্চাকাংক্ষা হৈ পৰে । ক’বলৈ গ’লে কোনো কোনোৰবাবে সেয়া জী‌ৱনৰ এটা উদ্দেশ্যও হৈ পৰে । আৰু সেই উদ্দেশ্য সিদ্ধিৰ বাবেই আমি উঠি-পৰি লাগি যাওঁহঁক। কেনেকৈ সেই প্ৰতিযোগিতাৰ দৌৰত জিকিব পাৰোঁ, কাষৰজনক গতা এটা মাৰি মই নিজে কেনেকৈ আগত যাব পাৰোঁ, প্ৰতিবেশীৰ সম্পত্তিতকৈ অধিক সা-সম্পদ কিদৰে ঘটিব পাৰোঁ তাৰে আলেখ-লেখ প্ৰতিনিয়ত গণিবলৈ ধৰোঁ। এনে দৌৰৰ শেষতকোনোবাজন জিকি যায় আৰু কোনোবাজন হয়তো হাৰি যায় । হৰাজনে হুমুনিয়াহ কাঢ়ে আৰু জিকাজনে হিন্দীত ক’বলে হ’লে ‘মৌজ’ কৰে । কথা হ’ল, আনৰ দুখলৈ কেৰেপ নকৰি, আনৰ প্ৰাপ্যখিনি কাঢ়ি আনি নিজৰ কৰি লো‌ৱা – এই চিন্তাধাৰাৰ জী‌ৱনেই আমাৰ লক্ষ্য হো‌ৱা উচিত নে ? সেই জী‌ৱন আদৰ্শনীয়, মহৎ আৰু অনুপ্ৰেৰণীয় হয় নে ? নিশ্চয়কৈ নহয় । হ’ব নো‌ৱাৰেও । তেন্তে আমি কেনে শৈলীৰেনো জী‌ৱন যাপন কৰা উচিত ? কি কৰিলে আমি দহোজনৰ প্ৰেৰণা হো‌ৱাকৈ নিজৰ জী‌ৱনটোক উপভোগ কৰিব পাৰিম ?



জী‌ৱনৰ এটা ডাঙৰ সত্য হ’ল এয়ে যে ঈশ্বৰে আমাৰ প্ৰতিজনকেই অদ্বিতীয়ভা‌ৱে সৃষ্টি কৰাৰ পাছতো আমাৰ প্ৰায় ৯৯.৯ শতাংশ মানুহেই উপলব্ধি কৰিবলৈ অপাৰগ হওঁ যে আমি আনতকৈ পৃথক, ভিন্ন। আৰু ফলস্বৰূপে আমি একেবোৰ কামেই কৰি থাকো, যিবোৰ অন্য হাজাৰজনে কৰি আছে । সকলো গতানুগতিক । আমি খাইছো, শুইছো, পঢ়িছো, চাকৰি কৰিছো, টকা ঘটিছো , ঘৰ সাজিছো, গাড়ী-মাটি কিনিছো – কৰিব লাগে বাবেই যেন সকলোখিনি কৰি গৈছো । আমি কি এনেকৈয়ে মৰব বিচাৰো নে? আমাৰ পদ‌ৱী, আমাৰ দৰমহা বা আমাৰ জী‌ৱন-ধাৰণৰ ঢং(ষ্টাইল) – এইবোৰে আমাৰ জী‌ৱনটোৰ মহত্ত্ব দিব পাৰিব নে ? জী‌ৱনৰ শেষ সময়খিনিত নিজকে যেতিয়া প্ৰশ্ন কৰিম, ‘মই জী‌ৱনত কি কৰিলো’ বুলি, তেতিয়া মই নিজকে এটা সন্তুষ্ট হো‌ৱা উত্তৰ দিব পাৰিম নে? আনে সেই প্ৰশ্নৰ উত্তৰ বা কি বুলি দিব আমি এবা ভা‌ৱি চাইছো নে ? যদিও মানুহৰ জী‌ৱনটো অতিকেই ক্ষণস্থায়ী, তথাপি এজন মানুহে গড় হিচাপত ৬০ বছৰ জীয়াই থাকে বুলি ধৰিলেও এই ষাঠি বছৰ সময়ত এজন মানুহে কিমান কি কৰিব পাৰে, সেয়া আমি কেতিয়াবা উপলব্ধি কৰিব পাৰিছো নে ? জন্মগত প্ৰতিভা বাৰু নাই বুলিয়েই ধৰি ল’লো, কৰ্ষণ কৰা বিদ্যাৰেও অভ্যাসৰ বলত মানুহে কিমান কি যে কৰিব পাৰে অনুমান কৰিবলৈকে আমি অপাৰগ ! তেনে কিমান কি কাম আজি আজিৰ তাৰিখলৈকে কৰিছো? মোৰ কৰ্মই মই কাৰোবাক ধনাত্মকভা‌ৱে প্ৰভা‌ৱিত কৰিব পাৰিছো নে ? হাতাশাগ্ৰস্ত ল’ৰাটোক মই জী‌ৱনৰ নতুন অৰ্থ চিনি প‌ো‌ৱাব পাৰিছো নে ? নে ওচৰৰ আটাইমখা ল’ৰা-ছো‌ৱালীকে মই পৃথি‌ৱীৰ ভিন্ন সাহিত্যৰাজীৰ কিবা স্বাদ দিব পাৰিছো ? প্ৰযুক্তিৰে জী‌ৱন সলাই দিব পৰা যাদুবোৰ মই কাক কাক দেখু‌ৱাব পাৰিছো ? যদি এনে প্ৰশ্নবোৰৰ উত্তৰ আমি একেবাৰে নঞাৰ্থক পাইছো, তেন্তেক’ব লাগিব যে আমি এতিয়ালৈকে নিজকে চিনিয়েই পো‌ৱা নাই । নিজৰ সম্ভা‌ৱনীয়তাক হয়তো জানিবই পৰা নাই । আমাৰ বিচাৰ মতে, মানুহৰ জী‌ৱনটো অলেখ অযুত সম্ভা‌ৱনাৰে পৰিপূৰ্ণ । সেইবোৰৰ সন্ধান কৰা, অনুসৰণ কৰাআৰু উৎকৰ্ষ সাধন কৰা আমাৰ জী‌ৱনৰ এটা সুন্দৰ অৰ্থপূৰ্ণ উদ্দেশ্য হ’ব পাৰে। আমাৰ হাতত থকা এই অতি কম সময়খিনিকে কোনে কেনেকৈ ‘খৰছ’ কৰিছে, তাৰ খতিয়ানতে জী‌ৱনৰ মহত্ত্ব লুকাই আছে




কিছু দিন আগতে আমাৰ শ্ৰীমতীৰ সহকৰ্মী ড০ মুনমুন বৰা বাইদেউৰ ঘৰলৈ গৈছিলো, অসুখৰ খবৰ ল’বলৈ । ঘুৰি আহি ঘৰত শ্ৰীমতীয়ে কৈছিল –আমি জী‌ৱনটোত কে‌ৱল জীয়াইহে আছো, নহয় নে? তেওঁলোকে দেখিলা, কিদৰে জী‌ৱনটো উদযাপন কৰিছে”! শ্ৰীমতীৰ এইষাৰ কথাই মইয়ো মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো । তেওঁলোকৰ ঘৰখন তেনেই সাধাৰণ। নাই কোনো আভিজাত্যৰ চিন, নাই কোনো অহংকাৰৰ চিন
বাহিৰৰ অ‌ৱয়বত গম পো‌ৱা নাযায় ভিতৰখন কি সম্পদৰে ভৰপূৰ। সেইখন ঘৰত আমি বিচাৰি পাইছিলো জী‌ৱনটো উদযাপন কৰাৰ উপাদান । চ’ৰাঘৰত আনক দেখু‌ৱাবলৈ তেওঁলোকে বিলাসী সামগ্ৰী কিনি আনি সজাই ৰখা নাই । অথচ নিজৰ জী‌পাল মনৰ পৰিসৰেৰে তেওঁলোকে সজাই-পৰাই লৈছে এটা পঢ়া-শুনা কৰা কোঠা । কোঠাটো চাই আমাৰ মন ভৰি গ’ল । আটোমটোকাৰিকৈ ৰখা কোঠালিটোত তিনিটামান কিতাপৰ আলমাৰি আছে। তেওঁলোকৰ ১২ বছৰীয়া ল’ৰাইও তাত এটা সৰু-সুৰা লাইব্ৰেৰী গঢ়ি তুলিছে, য’ত সি ভালপো‌ৱা সকলো গল্প-কবিতা-উপন্যাস আৰু শিক্ষায়তনিক পুথি সযতনে ৰাখিছে। ভিনদেউ শ্ৰীহেমন্ত কুমাৰ শইকীয়াদে‌ৱেও আমাক দেখু‌ৱালে তেওঁ কিদৰে অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কলা আৰু লোক-সংস্কৃতি সংৰক্ষণৰ বাবে কাম কৰি গৈছে তেওঁৰ সম্পাদিত কিতাপবোৰ আমাক দেখু‌ৱালে। দুই-এটি লেখা পঢ়িয়ে গম পালো, ভিনিয়ে বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈ কামবোৰ কৰিছে । আমি ক’লো - ‘আপুনি কৰা এইবোৰ কাম গ‌ৱেষণাতকৈ কোনো গুণেই কম নহয়চোন । সাউৎ কৰি Ph.D.তে নামটো লগাই নলয় কিয় ?’উত্তৰত তেওঁ যিষাৰ কথা ক’লে সেয়াই মন ভৰি গ’ল । তেওঁ ক’লে, কিদৰে মানুহবোৰে কে‌ৱল দৰমহাৰ টকা বঢ়াবলৈ , চাকৰি পাবলৈ বা পদোন্নতিৰ বাবেহে Ph.D. কৰে । তেওঁ সেইধৰণৰ চিন্তাৰ পৰা বৰ্তমানে বহু যোজন আঁতৰত । সেই ‘ধান্দা’ত লাগি গ’লে বোলে তেওঁ কৰিবলগীয়া কামবোৰ কৰিবই নো‌ৱাৰিব । কথাখিনিয়ে আমাক এনে প্ৰচাৰবিমুখ নিষ্ঠা‌ৱান মানুহৰ কৰ্মস্পৃহাৰ বিষয়ে ভা‌ৱিবলৈ বাধ্য কৰালে । তাৰ পাছত তেওঁলোকৰ ল’ৰা ধুনুৰ বাবে সাজি দিয়া কোঠাটো চাবলৈ গ’লো । কোঠাটো মূলত: সংগীত সাধনাৰ বাবে সজো‌ৱা হৈছে । সি আমাক তিনিটামান ৰাগ শুনালে । তাৰ লগত বহি আমিও তিনি চাৰিটা জ্যোতিসংগীত-ৰাভাসংগীত, জয়ন্ত হাজৰিকাৰ গীত আওঁৰালো ।ভিনদে‌ৱে আমাক দেখু‌ৱালে কিদৰে সি তাৰ নিজৰ সঞ্চিত পইছাৰে ভিন্ন জনগোষ্ঠীৰ লোক-বাদ্যবোৰ কিনি আনি ৰাখিছে আৰু সেয়া বজাই কিমান যে সি ৰং পাইছে । ল’ৰাটো‌ৱে কিদৰে কবিতা আবৃত্তি , আকস্মিক বক্তৃতা এইবোৰত যোগদান কৰি সফল হৈছে তাৰো আমি গম ল’লো । সন্তানৰ যোগেদিয়ে যে, নিজৰ জী‌ৱনটো আকৌ এবাৰ ঘুৰাই পাব পাৰি, ইচ্ছা কৰিলে আমি সংসাৰৰ ব্যস্ততাৰ কথা দোহাৰি পেলাই থো‌ৱা কামবোৰ যে কৰি পেলাব পাৰি, তেওঁলোকে যেন তাৰেই আৰ্হি হৈ দেখু‌ৱালে- আমাৰ এনে অনুভ‌ৱ হ’ল ।



এতিয়া আপুনিয়ে কওঁকচোন- এইযে আমি পৰি‌ৱেশ এটা তৈয়াৰ কৰি সৃষ্টিশীল মন এটাৰ লালন-পালন কৰিছো, জী‌ৱনৰ সতে জড়িত কলা-সংস্কৃতিৰ মাজত আমি নিজকে বিচাৰি পাইছো- এইবোৰেই আচল জী‌ৱন নহয় নে ? এটা কবিতাই , এটা গীতে , এখন ছ‌ৱিয়ে , এটা নৃত্যই, এখন কিতাপে আমাক যি ৰসাস্বাদন কৰাৰ সুবিধা দিছে, পাৰিবনে সেয়া এটা আইপড-আইফোনৰ যান্ত্ৰিক শব্দই দিবলে ? যন্ত্ৰৰ পৃথি‌ৱীয়ে পাৰিবনে আমাক মানুহৰ সতে, প্ৰকৃতিৰ সতে, সমাজ-জী‌ৱনৰ সতে, লোক কলা-সংস্কৃতিৰ সতে কটো‌ৱা সময়ৰ সমতুল্য অনুভ‌ৱ দিবলে ? আহক –কে‌ৱল ‘উপভোগ’ নহয়, উদযাপন কৰোঁ আমাৰ জী‌ৱন। কংক্ৰিটৰ পৃথি‌ৱীত যান্ত্ৰিকতাৰ মাজত, বৈ যো‌ৱা সময়ৰ সোঁতত আপোনাৰ জী‌ৱনটো নি:শ্চিহ্ন হ’বলৈ, উটি-ভাঁহি যাবলৈ এৰি নিদিব।

--  অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত । ফোন : ৯৪৩৫১৫২৭৬৮

Wednesday, April 20, 2022

“আকৌ এবাৰ জনম লওঁ আহক..”

 


 

প্ৰণ‌ৱ চক্ৰ‌ৱৰ্তী,  সৌমিত্ৰ চেট্টাৰ্জী, এচ পি বালাসুব্ৰমনিয়াম, সৰোজ খান, ইৰফান খান, সুশান্ত সিং ৰাজপুত , ৰিছি কাপুৰ, ডিয়েগো মাৰাডোনা, ‌ৱাজিড খান, দিলিপ কুমাৰ, ৰাজী‌ৱ কুমাৰ, পণ্ডিত বিৰ্জু মহাৰাজ, লতা মাংগেশকাৰ,বাপ্পী লাহিড়ী – আপুনি ঠিকেই অনুমান কৰিছে,   কোভিড মহামাৰীৰ দুৰ্দিনৰ এই সময়ছো‌ৱাত আমাৰ মাজৰপৰা হেৰাই যো‌ৱা এয়া হ’ল কেইজনমান জনপ্ৰিয় বিশিষ্ট ব্যক্তিৰ নাম। এওঁলোক কি ক’ত কেনেকৈ বিখ্যাত আছিল সেয়া চাগে’ আপোনাক কো‌ৱাৰ প্ৰয়োজন নাই। নাজানো, হয়তো এনেকৈয়ে অতি নি:শব্দে, মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । তেতিয়া চাগে’ এই লেখাটো পঢ়িও কোনোবা এজনে চকু পানী টুকিব। এয়াই আচলতে জী‌ৱন । সুস্থ মানুহ এজনো নিমিষতে কিদৰে হেৰাই যাব পাৰে, সেয়া আপুনি নিজেই দেখিছে, বা জানে । ক’বলে গ’লে , এজন মানুহ যিয়ে নিজৰ অস্তিত্ব প্ৰমাণ কৰি আজি দপদপাই ঘুৰি ফুৰিছে, তেওঁও কাইলে কে‌ৱল ধোঁৱাৰ সতে মিলি যাবলে মাথো কেই ছেকেণ্ডমান সময়ৰহে প্ৰয়োজন । ভিন ভিন ৰূপ লৈ মৃত্যু আমাৰ গাৰ সতেই ছাঁৰ দৰে লাগি আছেহি । অথচ আমি এই চিৰন্তন সত্যকো আওকাণ কৰি মতলীয়া হৈছো কে‌ৱল বিষয়-বাসনা, খ্যাতি-যশস্যা আৰু টকা-সম্পত্তিক লৈ ।  আমি যো‌ৱাৰ পাছত আমি ব্য‌ৱহাৰ কৰি ভাল পো‌ৱা মোবাইলটো, টিভিটো বা অতিকে দামী নেকলেচডাল -  হয়তো অইন এজনে ব্য‌ৱহাৰ কৰিব, বা দলিয়াই পেলো‌ৱা হ'ব । তথাপিও আমি ভা‌ৱো, এইবাৰ পাবলগীয়া ধনকেইটা পালে দামী মোবাইল এটা ল’ম , দোকানে দোকানে ঘুৰি ভালৰ ভাল বস্তু কাপোৰ কেইজোৰমান ল'ম । হিচাপ কৰিম এই মাহত মোৰ বেংক একাউন্টত কিমান টকা সোমাল , বা আৰু কিমান পাবলগীয়া আছে । ভাল খো‌ৱা বস্তু কোন ৰেস্তোঁৰাত পায় তাৰ সন্ধান কৰিম, অথবা শ্ৰীমতীক অমুকটো বনাবা, তমুকটো বনাবা কৈ আবদাৰ কৰিম ।

 

পৃথি‌ৱীত আজিৰ দিনটোতে প্ৰায় ২,৯১,০০০টা শিশু‌ৱে জন্ম লাভ কৰিছে । আৰু আজিৰ দিনটোতে ১,২২,০০০ জনে এই পৃথি‌ৱীৰপৰা মেলানি মাগিছে । (উৎস: https://www.worldometers.info) আমি কোনেও এই সংখ্যাবোৰলৈ মন কাণ নকৰোঁ আৰু কৰাৰ দৰকাৰো অনুভ‌ৱ নকৰোঁ । মই বা আপুনি নাইকীয়া হৈ গ'লেও সেই সংখ্যাটোৰ বিশেষ ইফাল -সিফাল নহয় । কিন্তু আপুনি বিচাৰে নে , যে আপোনাৰ জী‌ৱনটোও ইমান মূল্যহীন হ'ব পাৰে বুলি ? ‌আপোনাৰ জী‌ৱনটোত এই যে আপুনি কৰি আছে কামবোৰ, ইটোৰ পাছত সিটো – সেইবোৰৰ অলপো মূল্য নাই নে?

ৱাৰেন বাফেট বোলা এজন ধনী লোকে কৈছে যে 'বস্তু এটা আমি যি দি কিনো, সেয়া হৈছে টকা(Price), আৰু কিনাৰ ফলত যি পাওঁ সেয়া হৈছে বস্তুটোৰ মূল্য(Value) বা মান' আমাৰ জী‌ৱনটো বাৰু আমি কিনিবলগীয়া হো‌ৱা নাই, তেৰাই সেয়া আমাক উপহাৰ হিচাপে দিছে । কিন্তু আমি সেই উপহাৰৰ মূল্য গোটাব পাৰিছো নে ? আপুনি নাইকীয়া হৈ যো‌ৱাৰ পাছত আপোনাক কোনোবাই সোঁৱৰিব নে ? আপোনাৰ কোনখিনি কাৰ্যই আনৰ মনত প্ৰভা‌ৱ পেলাইছে আপুনি ক'ব পাৰিব নে ? আপোনাৰ জী‌ৱনটো কিমান বছৰীয়া -   ১৬ বছৰ, ২৭ বছৰ, ৫৪ বছৰ অথবা ১০১ বছৰ , - এই সংখ্যাবোৰেৰে আপুনি ডাঙৰ হ'ব পাৰে নে ? আপোনাতকৈ মোতকৈ বহুত সৰু সৰু ল'ৰা বা ছো‌ৱালীয়েই দেখোন বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে ! উদাহৰণ বিচাৰিলে অজস্ৰ পাব । প্ৰশ্নটো হৈছে 'আপুনি কি কৰিছে' ?

আমি প্ৰথমেই উল্লেখ কৰা ব্যক্তিকেইজনক আপুনি কাহানিও চাগে' লগ পো‌ৱা নাই । মইও পো‌ৱা নাই । তথাপি সেই মানুহজন বৰ অকালতে গুছি গ'ল বুলি আপুনি শোক প্ৰকাশ কৰিছে । কাৰণ, তেওঁৰ কৰ্মৰাজীয়ে আপোনাক, আপোনাৰ অনুভ‌ৱক, সত্তাক চুব পাৰিছে । কথাটো ইমানেই । আজি মই 'মেছিন লাৰ্নিং' শিকিছো, প্ৰগ্ৰামিং কৰিছো, অথবা গান এটা গুনগুনাইছো । চাকৰি কৰি পৰিয়াল চলাইছো বুলি হয়তো ফিতাহি মাৰিছো, নহ'লে 'এইবোৰ কৰি থাকোতেই জী‌ৱনটো যাব' বুলি উষ্মা প্ৰকাশ কৰিছো । হয়তো কোনো অ‌ৱসাদপূৰ্ণ মূহুৰ্তত এইবোৰে কেতিয়াবা কাহানিবা কামত আহিব জানো বুলি মই সন্দেহ প্ৰকাশ কৰিছো । তেনে নকৰিব। চাকৰিৰ বাবেই হওঁক , অথবা নিজৰ ইচ্ছাতেই হওঁক, আপুনি যি কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰক । আপুনি নিশ্চিত হওঁক-  সেই কাম সৰু হওঁক বা ডাঙৰ, সেয়া আপুনি যিমান ভালদৰে অথবা নিখুঁটভা‌ৱে কৰিব পাৰিছে বা পাৰিব,  হয়তো আন এজনে তেনেকৈ নো‌ৱাৰিব বা নো‌ৱাৰে । গতিকে আপোনাৰ কামক আপুনি ভাল পাবলৈ লওঁক । কে‌ৱল টকা ঘটিবলৈ বুলি নহয়, কামটোৰে বহুত কিবা কিবা কৰিব পাৰি বুলি ভা‌ৱি কাম কৰিবলৈ লওঁক । আপুনি যদি ব্যবসায়ী, আপোনাৰ ব্য‌ৱসায়ে আনৰ বাবে হয়তো ভাগ্যৰ দু‌ৱাৰ খুলি দিব পাৰে বুলি বিশ্বাস কৰক। আপুনি যদি খেতিয়ক , তেন্তে আপোনাৰ খেতিৰ ফচলক মান‌ৱ জাতিয়ে আজিৰ সভ্যতাত উপনীত হৈ পৃথি‌ৱীত আধিপাত্য বিস্তাৰ কৰাৰ আৰু নিজে বৰ্তি থকাৰ অন্যতম উপাদানস্বৰূপ বুলি গণ্য কৰি গৰ্বিত হওঁক । দহোজনক এই গৌৰ‌ৱৰ অংশীদাৰ কৰক আৰু নিজেই উদাহৰণ দেখু‌ৱাওক ।

 

মাৰ্টিন লুথাৰে কৈছিল- “ যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলো‌ৱে অংকন কৰা এটি সুন্দৰ চিত্ৰকৰ্মহে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীতহে ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন! তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ৰৈ ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল   লুথাৰৰ কথাত যদিওবা কাব্যিক উপমা আছে তথাপি , তেওঁৰ ভা‌ৱ-ধাৰাই আমাক আমাৰ নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ নিষ্ঠা‌ৱান হ'বলৈ প্ৰেৰণা যোগায় । মোৰ দেউতাই কৈছিল- “কামৰ কোনো সৰু-বৰ নাই”কাম কৰিবলৈ বোলে লাজ কৰিবও নালাগে। কামেইহে মানুহৰ মূল্য বঢ়ায় । নাজানো সঁচা নে মিছা । কিন্তু 'মূল্য' বোলোতে আজিকালি বহুতেই ইয়াক আকৌ 'টকা'ৰ লগতহে তুলনা কৰে । মানুহৰ জী‌ৱনত 'টকা'ৰ নিশ্চয় মূল্য আছে , কিন্তু জী‌ৱনৰ 'মূল্য' গঢ়াত টকাৰ সঁচাকৈয়ে জানো কাম আছে ? মহাত্মা গান্ধী, মাদাৰ টেৰেজা , নেলচন মাণ্ডেলা বা আমাৰ গুৰু শংকৰদে‌ৱ - এওঁলোক হ'বলা টকাৰে ধনী আছিল ? তেওঁলোক ধনী আছিল, নিজৰ আদৰ্শত, নিজৰ কামত । এওঁলোক এই পৃথি‌ৱীৰপৰা হেৰাই যো‌ৱা আজি বছৰ বছৰ হো‌ৱাৰ পাছতো জী‌য়াই আছে আমাৰ মনত মাজত , জী‌য়াই আছে প্ৰত্যেকৰে হৃদয়ত । তেন্তে কি কৰিছিল নো তেওঁলোকে ? তেওঁলোকে সেয়াই কৰিছিল, যি সমাজ গঢ়াৰ বাবে, সমাজ সংস্কাৰৰ বাবে কৰা উচিত আছিল ।

 

তেনেকৈ আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেন মামাই তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমাক প্ৰভা‌ৱান্বিত কৰিছে । তেওঁলোকৰ জী‌ৱন আজি ধন্য । তেওঁলোকে যি কৰিছিল, সেয়া বিখ্যাত হ'বলৈ কৰা নাছিল , কৰিছিল মনৰ তাগিদাত । অ‌ৱশ্যে তেনে কোনো কথা নাই যে কলা-সংস্কৃতিৰ দিশত কিবা অৰিহণা যোগালেহে এজন মানুহ আমি কো‌ৱাৰ দৰে 'মূল্যবান' 'ব পাৰিব । খেল-জগত, ৰাজনীতি, অভিনয়, বিজ্ঞান বা প্ৰযুক্তি যি ক্ষেত্ৰই নহওঁক কিয়, যদি আপোনাৰ কাম-কাজে অন্য হাজাৰজনক ন‌ৱদৃষ্টি দিব পাৰিছে, আপুনি এজন আদৰ্শ হৈ ধৰা দিব পাৰিছে , তেন্তে আমি ক'ম যে আপো‌নাৰ জী‌ৱন সফল হৈছে ।

 

আমাৰ জী‌ৱনটো বৰ সৰু । কৰিবলগীয়া কাম বহুত আছে । গ্ৰহ নক্ষত্ৰৰ অ‌ৱস্থান, বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য এইবোৰ অধ্যয়ন কৰিবলৈ চাগে' আমাৰ জী‌ৱনত সময়েই নাই । তথাপি আমি যিবোৰ কৰিব পাৰোঁ , সেইবোৰ কৰিবলৈকে আমাক বহুত সময় লাগে। শিকিবলৈ সময় লাগে। শিকাখিনি কৰ্ষণ কৰিবলৈ, অনুশীলন কৰিবলৈ সময় লাগে । সেইবোৰ আনক শিকাবলৈও সময় লাগে । পাকৈত হ'বলৈ, পণ্ডিত হ'বলৈও অধিক সময় লাগে । কিন্তু সময় আছে ক'? গতিকে এইযে আমি এলাহতে গা-ঘেলাই অবাবত সময় নষ্ট কৰোঁ, চুপতি মাৰি, আড্ডা দি 'টাইম পাছ' কৰোঁ, প্ৰয়োজনতকৈ অধিক সময় শুই শুই কটাই ভাল পাওঁ, এইবোৰে বাৰু আমাৰপৰা আমাৰ সেই 'অতি কম সময়'ৰে অধিকাংশ কাঢ়ি নিয়া নাই নে?

 

গতিকে, ৰৈ নাথকিব। প্ৰতিটো মূহুৰ্ততে জী‌ৱনটো উদযাপন কৰক । নিজকে আৱিষ্কাৰ কৰক । নতুন প্ৰেৰণাৰে কামত লাগক । আপোনাৰ জী‌ৱনটোক 'মূল্য‌ৱান' কৰি তোলক । আপুনি নজনাকৈয়ে হয়তো আপুনি বহুত কিবা-কিবি কৰিব পাৰেনিজকে চিকুটি চাওঁক । ভাল লগা গান এটা নিজেও এবাৰ গাই চাওঁক । গান এটা লিখি চাওঁক । কবিতা এটা পঢ়ক । ভাল লগা নাচৰ মুদ্ৰাটো উপভোগ কৰক । যি কাম-কাজ, কলা-সংস্কৃতিয়ে আপোনাক মোহে , তাৰ প্ৰতি কিছু সময় দিয়ক । কোনে জানে কিজানি আপোনাৰ মাজতে লুকাই আছে চিত্ৰকলা-নৃত্য অথবা এজন ভাল অভিনেতাৰ প্ৰতিভা । এইযে আজি আপুনি কিবা এটা কৰাৰ প্ৰতি সময় পাইছে, বা তাত মন বহিছে, সেই একেই অনুৰাগ হয়তো কাইলে নাথাকিব পাৰে । নাথাকিব পাৰে আপোনাৰ আজৰি সময় । আজিৰ সময়বোৰ কাইলৈ ঘুৰাই নাহে। আপোনাৰ প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিব । সেইবোৰত সাৰ-পানী দিয়ক । বাৰিষাৰ বৰষুণে ধুলিকণা ধুৱাই নি গছত ন-কুঁহিপাত মেলাৰ দৰেই ঠন ধৰি উঠক আপোনাৰ জী‌ৱন ।

         ------------------------------------------------০০০--------------------------------------------

n  অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত (দূৰভাষ:- ৯৪৩৫১-৫২৭৬৮)

Wednesday, April 29, 2020

জী‌ৱন- জী‌ৱন বৰ অনুপম

হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জী‌ৱন । সুস্থ মানুহ এজনো নিমিষতে কিদৰে হেৰাই যাব পাৰে, সেয়া আপুনি নিজেই দেখিছে, বা জানে । আমি যো‌ৱাৰ পাছত আমি ব্য‌ৱহাৰ কৰি ভাল পো‌ৱা মোবাইলটো, টিভিটো বা অন্য পাৰ্থি‌ৱ বস্তুবোৰ হয়তো অইন এজনে ব্য‌ৱহাৰ কৰিব, নতুবা দলিয়াই পেলো‌ৱা হ'ব । তথাপিও আমি ভা‌ৱো, লকডাউন খুলিলে ভাল মোবাইল এটা ল'ম , দোকানে দোকানে ঘুৰি ভালৰ ভাল বস্তু কেইটামান ল'ম । হিচাপ কৰিম এই মাহত মোৰ বেংক একাউন্টত কিমান টকা সোমাল , বা আৰু কিমান পাবলগীয়া আছে । ভাল খো‌ৱা বস্তু কোন ৰেস্তোঁৰাত পায় তাৰ সন্ধান কৰিম, অথবা শ্ৰীমতীক অমুকটো বনাবা, তমুকটো বনাবা কৈ আবদাৰ কৰিম ।

পৃথি‌ৱীত আজিৰ দিনটোৰ ২,৯১,০০০ টা শিশু‌ৱে জন্ম লাভ কৰিছে । আৰু আজিৰ দিনটোতে ১,২২,০০০ জনে এই পৃথি‌ৱীৰপৰা মেলানি মাগিছে ।(উৎস: https://www.worldometers.info) আমি কোনেও এই সংখ্যাবোৰলৈ মন কাণ নকৰোঁ আৰু কৰাৰ দৰকাৰো অনুভ‌ৱ নকৰোঁ । মই বা আপুনি নাইকীয়া হৈ গ'লেও সেই সংখ্যাটোৰ বিশেষ ইফাল -সিফাল নহয় । কিন্তু আপুনি বিচাৰে নে , যে আপোনাৰ জী‌ৱনটোও ইমান মূল্যহীন হ'ব পাৰে বুলি ? ‌
ৱাৰেন বাফেট বোলা এজন ধনী লোকে কৈছে যে 'বস্তু এটা আমি যি দি কিনো, সেয়া হৈছে টকা(Price), আৰু কিনাৰ ফলত যি পাওঁ সেয়া হৈছে বস্তুটোৰ মূল্য(Value) বা মান' ।  আমাৰ জী‌ৱনটো বাৰু আমি কিনিবলগীয়া হো‌ৱা নাই, তেৰাই সেয়া আমাক উপহাৰ হিচাপে  দিছে । কিন্তু আমি সেই উপহাৰৰ মূল্য গোটাব পাৰিছো নে ?

আপুনি নাইকীয়া হৈ যো‌ৱাৰ পাছত আপোনাক কোনোবাই সোঁ‌ৱৰিব নে ? আপোনাৰ কোনখিনি কাৰ্যই আনৰ মনত প্ৰভা‌ৱ পেলাইছে আপুনি ক'ব পাৰিব নে ? আপোনাৰ জী‌ৱনটো কিমান বছৰীয়া  ? - ১৬ বছৰ, ২৭ বছৰ, ৫৪ বছৰ অথবা ৯৮ বছৰ । - এই সংখ্যাবোৰেৰে আপুনি ডাঙৰ হ'ব পাৰে নে ? আপোনাতকৈ মোতকৈ বহুত সৰু সৰু ল'ৰা বা ছো‌ৱালীয়েই দেখোন বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে ! উদাহৰণ বিচাৰিলে অজস্ৰ পাব ।  প্ৰশ্নটো হৈছে 'আপুনি কি কৰিছে'? 

ইৰফান খান নামৰ ব্যক্তিজনক আপুনি কাহানিও চাগে' লগ পো‌ৱা নাই । মইও পো‌ৱা নাই । তথাপি সেই মানুহজন বৰ অকালতে গুছি গ'ল বুলি আপুনি শোক প্ৰকাশ কৰিছে । কাৰণ, তেওঁৰ কৰ্মৰাজীয়ে আপোনাক, আপোনাৰ অনুভ‌ৱক, সত্তাক চুব পাৰিছে । কথাটো ইমানেই ।

আজি মই 'মেছিন লাৰ্নিং' শিকিছো, প্ৰগ্ৰামিং কৰিছো, অথবা গান এটা গুনগুনাইছো । চাকৰি কৰি পৰিয়াল চলাইছো বুলি হয়তো ফিতাহি মাৰিছো, নহ'লে 'এইবোৰ কৰি থাকোতেই জী‌ৱনটো যাব' বুলি উষ্মা প্ৰকাশ কৰিছো ।  এইবোৰে কেতিয়াবা কাহানিবা কামত আহিব বুলি মই সন্দেহ প্ৰকাশ কৰিছো । তেনে নকৰিব। চাকৰিৰ বাবেই হওঁক , অথবা নিজৰ ইচ্ছাতেই হওঁক, আপুনি যি কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰক । আপুনি নিশ্চিত হওঁক, সেই কাম, সৰু হওঁক বা ডাঙৰ,  সেয়া আপুনি যিমান ভালদৰে অথবা নিখুট ভা‌ৱে কৰিব পাৰিছে বা পাৰিব, সেয়া হয়তো আন এজনে নো‌ৱাৰিব বা নো‌ৱাৰে । গতিকে আপোনাৰ কামক আপুনি ভাল পাবলৈ লওঁক । কে‌ৱল টকা ঘটিবলৈ বুলি নহয়, কামটোৰে বহুত কিবা কিবা কৰিব পাৰি বুলি ভা‌ৱি কাম কৰিবলৈ লওঁক । আপুনি যদি ব্যবসায়ী, আপোনাৰ ব্য‌ৱসায়ে আনৰ বাবে হয়তো ভাগ্যৰ দু‌ৱাৰ খুলি দিব পাৰে বুলি বিশ্বাস কৰক। আপুনি যদি খেতিয়ক , তেন্তে আপোনাৰ খেতিৰ ফচলক মান‌ৱ জাতিয়ে আজিৰ সভ্যতাত উপনীত হৈ পৃথি‌ৱীত আধিপাত্য বিস্তাৰ কৰাৰ আৰু নিজে বৰ্তি থকাৰ অন্যতম উপাদানস্বৰূপ বুলি গণ্য কৰি গৰ্বিত হওঁক । দহোজনক এই গৌৰ‌ৱৰ অংশীদাৰ কৰক আৰু নিজেই উদাহৰণ দেখু‌ৱাওক ।

মাৰ্টিন লুথাৰে কৈছিল- 'যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলো‌ৱে অংকন কৰা এটি সুন্দৰ  চিত্ৰকৰ্ম হে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীত ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন!  তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল " । লুথাৰৰ কথাত যদিওবা কাব্যিক উপমা আছে তথাপি , তেওঁৰ ভা‌ৱ-ধাৰাই আমাক আমাৰ নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ নিষ্ঠা‌ৱান হ'বলৈ প্ৰেৰণা যোগায় ।
মোৰ  দেউতাই কয়, কামৰ কোনো সৰু-বৰ নাই । কাম কৰিবলৈ বোলে লাজ কৰিবও নালাগে। কামেইহে মানুহৰ মূল্য বঢ়ায় । নাজানো সঁছা নে মিছা । কিন্তু 'মূল্য' বোলোতে আজিকালি বহুতেই ইয়াক 'টকা'ৰ লগতহে তুলনা কৰে । মানুহৰ জী‌ৱনত 'টকা'ৰ নিশ্চয় মূল্য আছে , কিন্তু জী‌ৱনৰ 'মূল্য'  গঢ়াত টকাৰ সঁচাকৈয়ে জানো কাম আছে ? মহাত্মা গান্ধী, মাদাৰ টেৰেজা , নেলচন মাণ্ডেলা বা আমাৰ গুৰু শংকৰদে‌ৱ - এওঁলোক হ'বলা টকাৰে ধনী আছিল ? তেওঁলোক ধনী আছিল, নিজৰ আদৰ্শত, নিজৰ কামত । এওঁলোক এই পৃথি‌ৱীৰপৰা হেৰাই যো‌ৱা আজি বছৰ বছৰ হো‌ৱাৰ পাছতো জী‌য়াই আছে আমাৰ মনত মাজত , জী‌য়াই আছে প্ৰত্যেকৰে হৃদয়ত । তেন্তে কি কৰিছিল নো তেওঁলোকে ? তেওঁলোকে সেয়াই কৰিছিল, যি সমাজ গঢ়াৰ বাবে, সমাজ সংস্কাৰৰ  বাবে কৰা উচিত আছিল । 
তেনেকৈ আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেনদাই তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমাক প্ৰভা‌ৱান্বিত কৰিছে । তেওঁলোকৰ জী‌ৱন আজি ধন্য । তেওঁলোকে যি কৰিছিল, সেয়া বিখ্যাত হ'বলৈ কৰা নাছিল , কৰিছিল মনৰ তাগিদাত । অ‌ৱশ্যে  তেনে কোনো কথা নাই যে কলা-সংস্কৃতিৰ দিশত কিবা অৰিহণা যোগালেহে এজন মানুহ আমি কো‌ৱাৰ দৰে 'মূল্যবান' হ'ব পাৰিব । খেল-জগত, ৰাজনীতি, অভিনয়, বিজ্ঞান বা প্ৰযুক্তি যি ক্ষেত্ৰই নহওঁক কিয়,  যদি আপোনাৰ কাম-কাজে অন্য হাজাৰজনক ন‌ৱদৃষ্টি দিব পাৰিছে, আপুনি এজন আদৰ্শ হৈ ধৰা দিব পাৰিছে , তেন্তে আমি ক'ম যে আপো‌নাৰ জী‌ৱন সফল হৈছে । 

আমাৰ জী‌ৱনটো বৰ সৰু ।  কৰিবলগীয়া কাম বহুত আছে । গ্ৰহ নক্ষত্ৰৰ অ‌ৱস্থান, বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য এইবোৰ অধ্যয়ন কৰিবলৈ চাগে' আমাৰ জী‌ৱনত সময়েই নাই । তথাপি আমি যিবোৰ কৰিব পাৰোঁ , সেইবোৰ কৰিবলৈকে আমাক বহুত সময় লাগে। শিকিবলৈ সময় লাগে। শিকাখিনি কৰ্ষণ কৰিবলৈ, অনুশীলন কৰিবলৈ সময় লাগে । সেইবোৰ আনক শিকাবলৈও সময় লাগে । পাকৈত হ'বলৈ, পণ্ডিত হ'বলৈও সময় লাগে । কিন্তু সময় আছে ক'ত ? গতিকে এইযে আমি এলাহতে গা-ঘেলাই অবাবত সময় নষ্ট কৰোঁ, চুপতি মাৰি, আড্ডা দি 'টাইম পাছ' কৰোঁ, প্ৰয়োজনতকৈ অধিক সময় শুই শুই কটাই ভাল পাওঁ, এইবোৰে বাৰু আমাৰপৰা আমাৰ সেই 'অতি কম সময়'ৰে অধিকাংশ কাঢ়ি নিয়া নাই নে?
 
গতিকে, ৰৈ নাথকিব। প্ৰতিটো মূহুৰ্ততে জী‌ৱনটো উদযাপন কৰক । নিজকে আ‌ৱিষ্কাৰ কৰক । নতুন প্ৰেৰণাৰে কামত লাগক । আপোনাৰ জী‌ৱনটোক 'মূল্য‌ৱান' কৰি তোলক । আপুনি বহুত কিবা-কিবি কৰিব পাৰে, আপোনাৰ প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিব । সেইবোৰত সাৰ-পানী দিয়ক । ঠন ধৰি উঠক আপোনাৰ জী‌ৱন । শুভেচ্ছাৰে,
অৰুণজ্যোতি ।
২৯/০৪/২০২০

Tuesday, July 19, 2011

‘জী‌ৱন’

মানুহ পঢ়িব শিকিছো
কৰুণ মুখবোৰ সঁচা নে মিছা
ওঁঠৰ হাঁহিবোৰ আচল নে সজা
...জুখি চাব খুজিছোঁ ।

ফুলবোৰ ফুলি উঠা
ৰঙীন ছবিখন
কেমেৰাবদ্ধ মৰিচিকা নে বাগিছা
চাকি চাবলে’ শিকিছোঁ ।

ৰামায়নৰ কাহিনীটো
মহাভাৰতৰ খেলখন
আকৌ পঢ়িছোঁ
আকৌ সুধিছোঁ
কিমান দূৰলৈ সত্য
ব্যাস-বাল্মীকী
আজিৰ ৰত্নাকৰ-

শুবলৈ নিদিয়া গানটো
বুকুত সোমো‌ৱা গৰখীয়া বাঁহীটো
যন্ত্ৰবৎ নে স্বাভা‌ৱিক
কাণ পাতি শুনিছোঁ

মৃত-ঘোষিত মানুহজন
জী‌ৱিত নেকি
হৃদয়ৰ শ‌ৱদেৰে সুধিছোঁ
তিৰবিৰ সাজ দেখি
পৰী বুলি ভ্ৰম ভাঙিছোঁ ।

মানুহ পঢ়িব শিকিছোঁ
সপোন নহয়,বাস্ত‌ৱ দেখিছোঁ-
শিশুৰ মুখৰ হাঁহিটো,
স্বত:স্ফূৰ্ত কৰিব খুজিছোঁ ।।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...