কালি এজন আচৰিত ধৰণৰ মানুহ লগ পালো । তেওঁ জাগীৰোডৰ কাগজ কলত কাম কৰে ।
মই আগতে লগ নোপোৱা এই মানুহজন আমাৰ অফিচলৈ আহিছিল ১৯৭১ চনৰ আগৰ ভোটাৰ
তালিকা বিচাৰি । তেওঁৰ হাতত ইতিমধ্যেই ১৯৫১চনৰ এন. আৰ. চি.ৰ নথি আৰু লিগেছি
কোড আছিলেই । গতিকে মই সুধিলো ভোটাৰ তালিকা কিয় লাগে বুলি । তেওঁ ক’লে যে
পাছপোৰ্টৰ বাবে লাগে , তাত হেনো ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি হ’লেহে
হ’ব । পাছপোৰ্ট কাৰ বাবে লাগে বুলি সোধাত ক’লে যে তেওঁৰ জীয়েকৰ বাবে লাগে ।
স্বাভাৱিকতেই সুধি পেলালো তেওঁৰ ছোৱালীয়ে কি কৰি আছে বা ক’ত
আছে । দুগৰাকী ছোৱালীৰ এজনীয়ে এন. আই. টি.ত এম. টেক. কৰি আছে আৰু এজনীয়ে
মেডিকেল পঢ়ি আছে । এম. টেক. কৰি থকা গৰাকীয়ে ক’ৰপৰা পঢ়া-শুনা কৰিছিল বুলি
সোধাত ক’লে যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বি. ই. পঢ়িছিল । যিহেতু
মইও তাতেই পঢ়িছিলো,গতিকে নামটো জানিবলৈ বিচাৰিলো । নামটো ‘কাকলি’। চিনি পাব
পাৰো নেকি ভাৱি সুধিলো, ‘কাকলি’ কি লিখে ? তেওঁ ক’লে যে কাকলি কাকলিয়েই ।
উপাধি নাই । জীৱনত প্ৰথমবাৰ এই উপাধিবিহীন নাম শুনিলো । তেতিয়া মই
সুধিলো, কিয় আপুনি তেনে নাম ৰাখিছে ? তেওঁ ক’লে-
“মই আচলতে উপাধি দাস লিখো। মোৰ ঘৰ বৰপেটাত । সৰুৰে পৰাই মা-দেউতাহঁতক সুধিছিলো,আমি এই ‘দাস’টো কিয় লিখো? মাঁহতে কৈছিল যে আমি সকলোৱেই হেনো ঈশ্বৰৰ দাস। মই প্ৰশ্ন কৰিছিলো, তেন্তে সকলোৱে কিয় উপাধিটো দাস বুলি নিলিখে? তাৰ উত্তৰ মাঁহঁতে সঠিকভাৱে দিবপৰা নাছিল । কিন্তু ডাঙৰ হৈ যেতিয়া বুজিলো, তেতিয়া ভাৱি পালো যে এই দাস উপাধিটোৱে মোক লটি-ঘটি কৰিছে বা কৰিব পাৰে । বাস্তৱিকতে মই কাৰো দাস নহয় যেতিয়া Why should I be a দাস
? আমাৰ সমাজত এই উপাধিটো লৈয়ে মানুহে মানুহক শ্ৰেণীবিভাজিত কৰে , যিবোৰৰ
কোনো প্ৰয়োজন নাই । অথচ সেইবোৰে সমাজত বহুতো সামাজিক-মানসিক বিভ্ৰান্তি আৰু
অসুবিধাৰহে সৃষ্টি কৰিছে । গতিকে মই সিদ্ধান্ত ল’লো যে মোৰ ন-প্ৰজন্মক এই
সাতামপুৰুষীয়া বদনামৰ ভাগী হ’বলৈ কাহানিও নিদিওঁ। ”
ইয়াৰ পাছত তেওঁক মই দুটা প্ৰশ্ন আকৌ কৰিলোঁ । এটা হ’ল,-“নাথ,কলিতা,শইকীয়া বা আন কিবা উপাধি হোৱাহেঁতেন আপুনি তেতিয়াও এনে কৰিলেহেঁতেন নে?” তেওঁ ক’লে –“ তেতিয়া চাগে নকৰিলোহেঁতেন”। আৰু দ্বিতীয়টো প্ৰশ্ন আছিল- “উপাধিবিহীন হৈ কিবা অসুবিধা পাইছে নেকি ছোৱালীকেইজনীয়ে?” । তেওঁ জনালে যে অসমত অলপ অচৰপ হৈছে, যেনে শুদ্ধভাৱে লিখি দিয়াৰ পাছতো মানুহবোৰে উপাধিটো থাকি গ’ল বুলি ভাৱি নিজে নিজেই লগাই দিয়ে, কিন্তু অসমৰ বাহিৰত ক’তো তেনেকুৱা হোৱা নাই ।
তেখেকত মোৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলো । কিন্তু মানুহজনৰ কৰ্ম-কাণ্ডই মোক অলপ ভাৱিবলৈ বাধ্য কৰালে ।(সম্পূৰ্ণ সঁচা ঘটনা)

No comments:
Post a Comment