অফিচত নতুনকৈ ডেকা ইঞ্জিনীয়াৰ এজনে যোগদান কৰিছে । এই স্ফুৰ্তিবাজ
ল’ৰাজনৰ বাইকত উঠিয়েই কালি অফিচলৈ যাবলগীয়া হ’ল । এঘন্টীয়া ৰাস্তাৰ গোটেই
যাত্ৰাটোতে সি তাৰ নিজৰ কাহিনীবোৰ শুনাই গ’ল আৰু মই একান্ত বাধ্য ছাত্ৰৰদৰে
শুনি গ’লো । অৱশ্যে দুই-এষাৰ কথা নপতাকৈ বাইকত বহি যোৱাটোও মহা
অশান্তিদায়ক কাম ! ফ’ৰ-লেন ৰাষ্টা পাই বেটাই অলপ ভাল বেগতেই বাইক চলাইছিল ।
তেনেতে এটা কুকুৰে ভুৰুংকৈ ৰাষ্টাৰ মাজেৰে দৌৰ মাৰিলে । কথাৰ মাজত ব্যস্ত
হৈ থকাৰ বাবেই চাগে’ থৰ-কাচুতি হেৰুৱাই যেনেতেনে খুণ্ডা নমৰাকৈ কুকুৰটোক
বচালে যেনিবা। তেতিয়া সি ক’লে- ‘বুজিছে ছাৰ, ৰাষ্টাৰ মাজলৈ গৰু ছাগলী এৰি
দিয়াটোত আমাৰ মানুহৰো ভুল আছে, তথাপি এই ড্ৰাইভাৰ জাতিটোলৈ কেতিয়াবা খঙেই
উঠে।’ মই সুধিলো,- ‘কিয়?’
-‘ড্ৰাইভাৰবোৰে জানেই যে গৰু-ছাগলীয়ে গাড়ী কি বস্তু, ক’ৰপৰা কিমান স্পীডত আহিছে একো বুজি নাপায়, তথাপি সিঁহতে নিজৰ ব্ৰেকত ভৰি নিদিয়ে । যিমান হ’লেও সিহঁতো এটা জীৱ ; নহয় জানো?’
-‘ওমম..’ । মই বিশেষ নক’লো, কাৰণ গাড়ী চলোৱাৰ অভিজ্ঞতা মোৰ নাই ।
-‘এবাৰ বুজিছে নে, গুৱাহাটীলৈ যাওঁতে সোনাপুৰৰ ওচৰতে, অলপ সময়ৰ আগতে গাড়ী এখনে গৰু এটা মাৰি থৈ গ’ল, আমি দুটা বাইকত গৈ আছিলো ; মানে দেখি একদম মন-চন বেয়া লাগি গ’ল ।’
-‘কিয়?’
-‘ওচৰতে থকা তিনিটামান গৰু আহি মৰা গৰুটোক ঘেৰি লৈ ৰৈ আছেহি । মৰা দমৰাটোৰ চাগে মাক-বাপেক পেহিয়েক-মাহীয়েক হ’ব । গৰুকেইটাৰ চকুকেইটা ইমান শান্ত আৰু মুখকেইখন ইমান নীৰৱ যে মানে ভাৱি কিবা লাগি গ’ল –সিহঁতেতো একো কৰিবও নোৱাৰে ন!’
-‘এৰা , হয় দিয়া ।’
মই দুআষাৰমান সন্মতিসূচক কথা ক’লো । বাইক গৈ থাকিল । ৰহা পালো । তাতে সি দুটামান দৰৱ কিনিব বোলে । দৰৱকেইটা কুকুৰৰ ওকণি মৰা ঔষধ । তাৰ ঘৰত থকা কুকুৰটোৰ ওকণি হৈছে, কালি চেম্পুৰে গা-ধোৱাই ফনিয়াই দিওঁতে হেনো বহুত ওকণি সৰিল । তাৰোপৰি তাৰ কিবা-কিবি বেমাৰো হৈছে হেনো । সি আৰু কৈ গ’ল-
‘কুকুৰটোৰ বয়স এতিয়া ১২ বছৰ । ডাক্টৰে কৈছে এই প্ৰজাতিটোৰ কুকুৰ ইমান বছৰ জীয়ায়েই নাথাকে বোলে । তাৰ নখবোৰ বুঢ়া হৈ টান হৈ গৈছে । ভালদৰে দৌৰিব নোৱাৰি পকা মজিয়াত কেতিয়াবা চুঁচৰিয়ে যায় । আগতে শৌচ-প্ৰস্বাৱ সদায় বাহিৰত কৰিছিল, কিন্তু আজিকালি য’তে ত’তে প্ৰস্বাৱ কৰি মাক দিগদাৰহে দিয়ে ।’
বন কৰা মানুহ নথকা ঘৰখনত কুকুৰটোক চোৱা-চিতা কৰিবলৈ বয়সিয়াল মাকে আমনি পাই এদিন হেনো কুকুৰটোক বেলেগ কাৰোবাক দি দিবলৈ কৈছিল। তেতিয়া সি বোলে ক’লে- ‘চোৱা মা, সি এতিয়া বুঢ়া হৈছে বাবেহে তেনেকুৱাখন কৰিছে । তাৰ শৰীৰে পৰা নাই বাবেহে সি আমাক একো চাৰ্ভিছ দিব পৰা নাই । কিন্তু মনত পেলোৱাচোন সেই দিনকেইটাৰ কথা, তুমি যে অকলশৰীয়া হৈ থকাৰ সময়তো সিয়েই তোমাৰ লগৰী নাছিল ? ৰাতিখন গ্ৰিল টানি কষ্ট পাবা বুলি ভাৱিয়েই সি আবেলিতেই তাৰ নিত্য-নৈমত্তিক কামফেৰা বাহিৰত কৰি নাহিছিল নে? ঘৰৰ সমুখত অচিনাকী মানুহৰ গোন্ধ পালেই ভুকি ভুকি গোটেই ৰাতিটো আমাৰ ঘৰখন পহৰা দিয়া নাছিল নে? তোমালোক বুঢ়া-বুঢ়ী হৈছা বুলি কালিলৈ মই তোমালোকক নি কোনোবা বৃদ্ধাশ্ৰমত থৈ আহিলে তোমালোকৰ কেনেকুৱা লাগিব?’
মই তাৰ কথাত হয়ভৰ দিলো । মন কৰিছিলো, দুদিনমানৰ আগৰেপৰা আমাৰ অফিচৰ দৰ্জাখনৰ ওচৰতো কুকুৰ দুটামান আহি বহি থাকেহি । দেখিবলৈ ভাল নালাগে বাবে এদিন গালি এটা পাৰি মইয়ে খেদি দিছিলো । তাতে আকৌ ৰাষ্টাত ঘুৰি ফুৰা সেই ভতুৱা ফাঁপৰে ধৰা কুকুৰ । পাছত চকীদাৰজনক সুধি গম পালো, আমাৰ ডেকাল’ৰায়েই বোলে সিঁহতক চল দিছে আহিবলৈ । সেই লেতেৰা কুকুৰকেইটাক সদায় বিস্কুট আৰু নিজৰ ভাগৰ টিফিন খাবলৈ দিয়াৰ বাবে তাৰ সহকৰ্মী আন এজনে তাক উপহাস কৰি হাঁহোতে সি কোৱা কথাষাৰ মোৰ এতিয়াও মনত আছে- ‘ফঁপৰা কুকুৰ হ’ল কি হ’ল, সি তাৰ ডিউটি ঠিকমতেই কৰিব জানে । এতিয়া তই বিদেশী কুকুৰ এটা চাৰি-পাঁচ হাজাৰ দি কিনি আনিছ, তাক নিতৌ মাছ-মঙহ খুৱাইছ বাবে সি তোৰ আদৰৰ । কিন্তু ইয়াক যদি তই ভালদৰে চাবুন-চেম্পু দি ধুৱাই মেলি ভালদৰে ৰাখ, ইও দেখিবলৈ ধুনীয়া হ’ব । ’
কম্পিউটাৰ ইঞ্জিনীয়াৰ এই ল’ৰাজনে তেওঁৰ লগত আহি থাকোতে মোক বৰ ভাল লগা কথা এষাৰ ক’লে- ‘বুজিছে ছাৰ, খাবলৈ নোপোৱা সৌ ৰাষ্টাৰ কুকুৰটোক আপুনি ঘৰলৈ আনি ভালদৰে খাবলৈ দিয়ক, সি আপোনাক কেতিয়াও নাকামুৰে । কিন্তু মানুহ এজনৰপৰা সেই একে কৃতজ্ঞতাবোধ আপুনি আশা কৰিব নোৱাৰে ।’
তেনেতে আমি আহি অফিচ পাইছিলোহি । বাইকৰ হৰ্ণৰ শব্দ শুনিয়েই দুটা ভতুৱা কুকুৰ ক’ৰপৰা জানো দৌৰি আহি আমাৰ কাষ পালেহি । চালক ল’ৰাজনে পকেটৰপৰা বিস্কুটৰ পেকেটটো খুলি সিঁহতক খাবলৈ দিলে । নাজানো কিয়বা মোৰ মনটো হঠাৎ কিবা এটা ভাল লাগি গ’ল !

No comments:
Post a Comment