ভন্টীৰ সতে নগাৱঁৰপৰা গুৱাহাটীলৈ যাবলৈ ট্ৰেভেলাৰ এখনত উঠিলো । গাড়ী চলাৰ লগে লগে ড্ৰাইভাৰৰ পাছফালে সংস্থাপন কৰা এল.চি.ডি. টিভিত কণ্ডাক্টৰে গান লগাই দিলে । দুই-চাৰিটা ভিচিডিৰ বিহুগীত, পেডেল মৰা গীত, ৰাজস্থানলৈ পলাই যোৱা গীত, মঙল গ্ৰহত মাটিৰ পট্টা ম্যাদী কৰা গীত আৰু তাৰ পাছতে বাজিবলৈ ল’লে বুকুত পকা বিলাহীৰ গীত । পকা বিলাহীৰ গানটো ভিডিঅ’ নেদেখাকৈ অকল বোলে শুনিবলৈহে পাইছো, তেতিয়াও কোনো কথা নাছিল। কিন্তু বিলাহীৰ মাজতো মৰম বিচাৰি পোৱা সেই গানটোৰ দৃশ্যায়ণৰ নামত যিখিনি অংগীভংগীৰে দৰ্শকক আমোদ যোগোৱা হ’ল, তাৰ মাধ্যমেৰে অন্য শ্ৰোতা-দৰ্শকে কিমান মনোৰঞ্জন বিচাৰি পালে নাজানো, মোৰ ক্ষেত্ৰত কিন্তু গোটেই যাত্ৰাটোত লজ্জানত হৈ ভন্টিৰ মুখলৈ চাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হ’ল । এতিয়া কথা হ’ল এনে কি আছিল বা নাছিল সেই ‘বিলাহী বিলাহী’ গানটোত, যিয়ে আমাক ৰাইজৰ আগত দুকলম লিখিবলৈ বাধ্য কৰালে ।
জুবিন গাৰ্গে আগুৱাই লৈ অনা অসমৰ আধুনিক সংগীত জগতখনত যোৱা কেইটিমান দশকতে কেইবাজনো ন-শিল্পীয়ে ভুমুকি মাৰি অসমীয়া মানুহৰ অন্তৰত সৰু-বৰ হ’লেও সুকীয়া একোখনকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে । এইসকল গায়ক-গায়িকাই নতুন কোনো ধাৰাৰ সৃষ্টি কৰিব নোৱাৰিলেও চেকা-চোৰোগাকৈ কিছু ভিন্নসুৰীয়া অসমীয়া গীত ৰাইজক উপহাৰ দি আহিছে । সেইসকল নৱাগত শিল্পীৰ ভিতৰত দীক্ষু,জুবলি,সীমান্ত শেখৰ, বিদ্যাসাগৰ, মানস-ৰবিন, অনিন্দিতা পাল, প্ৰিয়ংকা ভৰালী, বাবু আদিৰ নাম উল্লেখ কৰিব পাৰি । অন্য অৰ্থত ক’বলৈ গ’লে অসমত বৰ্তমানে ‘শিল্পী’ হৈ ধন আৰু মান অৰ্জন কৰাৰ এক শীতল প্ৰতিযোগিতা চলি আছে । বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত যোগ্য জনেহে বৰ্তি থাকিব পাৰিব সেইটো কথাও ঠিক । আৰু সেয়েহে প্ৰতিযোগিতাৰ অৱবতাৰণা হোৱা এই ঘটনাটোত কোনো অস্বাভাৱিকতা আমি দেখা নাপাওঁ । কিন্তু কলা-সংস্কৃতিৰ চৰ্চা বা উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত প্ৰতিযোগিতাত নমাৰ কথাটোৱে প্ৰতিযোগীগৰাকী যে প্ৰকৃততে এগৰাকী ‘শিল্পী’ নহয় তাকেহে প্ৰমাণিত কৰে । কাৰণ, গায়নেই হওঁক বা বায়নেই, চিত্ৰকলাই হওঁক বা ভাষ্কৰ্যই, নৃত্যই হওঁক বা অভিনয়েই, মানুহৰ ৰুচী-অভিৰুচীৰপৰা সৃষ্টি হোৱা এই কলাসমূহৰ চৰ্চাকাৰীসকলৰ বাবে সেয়া হোৱা উচিত এক আৰাধনা বা সাধনাস্বৰূপ । সেই কলাৰ সম্ভাব্য সকলো পৰিসীমা স্পৰ্শ কৰিব পৰাটো এজন চৰ্চাকাৰীৰ বাবে মহৎ উদ্দেশ্য হোৱা উচিত আৰু তাৰ সাধনাত ব্ৰতি হৈ নিতৌ ন ন অনুশীলনেৰে নিজকে অধিক অভিজ্ঞ আৰু পাকৈত কৰিব পৰা হোৱাটোৱেই হ’ব লাগে তেওঁৰ বাবে চূড়ান্ত সফলতা । কিন্তু সফলতাৰ এই সংজ্ঞাক আজিৰ তথাকথিত শিল্পীয়ে অন্য ৰূপ দি যশস্যা আৰু ধন অৰ্জনৰ পথ হিচাপে ভাৱিবলৈ লোৱাটো বৰ্তমান সময়ৰে এক দুৰ্ভাগ্যজনক পৰিস্থিতি বুলি ক’ব লাগিব ।
আজিৰ ডিজিটেল যুগত সংগীত উপভোগ কৰাৰ ক্ষেত্ৰতো বহুতো নিত্য-নতুন পৰিবৰ্তনে গা কৰি উঠিছে । পুৰণা কেছেট ৰেকৰ্ডাৰৰ সলনি প্ৰতিজনেই লগত কঢ়িয়াই নিব পৰা মোবাইল-ফোন/আইপড বা এম.পি.৩-প্লেয়াৰ উপলব্ধ হ’ল । প্ৰযুক্তিৰ উত্থানে আগৰ শ্ৰাব্য মাধ্যমৰ লগত বৰ্তমানে দৃশ্য-মাধ্যমকো সংলগ্ন কৰি একত্ৰিত কৰি পেলালে । সেয়েহে বজাৰত সংগীতৰ ‘চিডি’ নিৰ্মাণকাৰী ব্যক্তিসকলে গীতৰ লগতে দৃশ্যায়নৰ ব্যৱস্থাও কৰিবলৈ একপ্ৰকাৰৰ বাধ্য হ’ল । কাৰণ, প্ৰযুক্তি-পাগল আমাৰ বহু অসমীয়া মানুহেও আজিকালি গান এটা মন দি শুনাৰ সলনি গানটো চাবলৈ পালেহে হেনো বেছি ভালপোৱা হ’ল । ভিচিডিৰ ব্যৱসায়ে আমাৰ মানুহৰ এই স্বভাৱটোক অধিক গাঢ় কৰি পেলালে । তাৰেই পৰিণতিত আজিৰ সংগীত প্ৰযোজকে গীত এটা কেৱল বাণীবদ্ধ কৰাতেই ক্ষান্ত নাথাকি সমান্তৰালভাৱে তাৰ দৃশ্যায়নৰ বাবেও ভাৱিবলগীয়াত পৰিছে । ষ্টুডিঅ’ত গীতটো বাণীবদ্ধ কৰাটো যিমান সহজ কাম, সিমান সহজ নহয় গীতটোৰ বাবে ভিডিঅ’ এটা প্ৰস্তুত কৰাটো । যিমানেই দুখৰ কৰুণ গীত নহওঁক কিয়, তাতো যদি কোনো নাচ-গান নাথাকে, তেন্তে সেই গীতে যে ফ্লপ মাৰিব সেইটো খাটাং! গতিকেই নাচ-গানৰ তত্বাৱধায়ক বুলিবলৈও কিবা বোলে “কৰিঅ’গ্ৰাফাৰ” এজনৰো আজিকালি বৰকৈ প্ৰয়োজন হ’ল । তাৰ পাছত আহিল আপোনাৰ নায়িকা অভিনেত্ৰী গৰাকী । এই নায়িকা গৰাকী নিৰ্বাচন কৰোতে প্ৰযোজকে মন দিয়ে এই কথাটোত যে তেওঁ কেৱল সুদক্ষ অভিনয় কৰিব পাৰিলেই নহ’ব, পটুত নাচনী, সুগঢ়ী আৰু দেখাত সুশ্ৰীও হ’ব লাগিব । সেইদৰে অভিনেতাজনো অলপ নামী-দামী হ’লে ভাল হয় । অন্যহাতে যদি সেয়া কোনো ৰোমান্টিক গীতৰ ভিডিঅ’ হয়, তেনেহ’লেতো আৰু কথাই নাই ! চাৰি-পাচঁযোৰ সাজ সলাই সলাই কেইবাটাও ল’কেশ্যনত গৈ দৃশ্যগ্ৰহণ কৰিবলগীয়া হয় । আধুনিক বিহুসুৰীয়া গীতবোৰতো বিহুৰ মুদ্ৰাৰ সতে ‘ফিউজন’ কৰা নাচ নাচিবলৈ নায়ক-নায়িকাক শিকাই লোৱা হয় । নায়িকাই যিমানেই পৰম্পৰাগত অসমীয়া সাজ নিপিন্ধক কিয়, নায়কে কেৱল জিনছ-পেন্ট পিন্ধি গগলছ এযোৰ আঁৰি ল’লেই হ’ব । (কাৰণ প্ৰযোজকসকলে বাৰুকৈয়ে জানে যে মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নায়ক নহয়; নায়িকাৰ লয়-লাস নাচোন, অংগীভংগী আৰু সাজোন-কাচোনহে! ) এইদৰে আমাৰ সংস্কৃতিত আজিৰ এই শিল্পীসকলে সকলো কলা একাকাৰ কৰি আমাৰ জীাৱন-যাত্ৰাত এক নৱজাগৰণৰ সৃষ্টি কৰিছে ।
ইয়াৰ মাজতে দুই-একোজনে আকৌ হিন্দী চিনেমাৰ ফৰ্মূলা ব্যৱহাৰ কৰি কিছু গীতৰ ‘প্ৰডাক্ট’ পোনপটীয়াভাৱে ‘মাৰ্কেটিং’ কৰাৰ বাবে উঠিপৰি লাগিছে । তাৰেই উদাহৰণ হৈছে এই ‘বিলাহী বিলাহী’ গানটো । মছালাযুক্ত উপাদান ঢালি গান এটাকো যেতিয়া ‘চিলি-চিকেন’ৰ দৰে উপস্থাপন কৰা হয়, তেতিয়া সি ‘হিট’ হোৱাৰ সম্ভাৱনা যে প্ৰৱল, এই কথা ইতিমধ্যেই বহু গীত-নিৰ্মাতা কাৰীকৰে ভালদৰে বুজি উঠিছে । তেনে এটা গীত ‘বনাব’ৰ বাবে প্ৰথমে লাগিব ‘ধিনচিকো-ধিনচিকো’ কৰা ‘মিউজিক’ যিয়ে নেকি শুই থকা বেমাৰী এজনকো তালে তালে নাচিবলৈ উদ্বুদ্ধ কৰাব পাৰে । গীতৰ কথাংশৰ বাবে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই । তথাপি প্ৰেম-পিৰীতিৰ নামত ‘প্ৰথম দেখাৰ সেই মিঠা লগন’ বুলি কোৱাতকৈ চিধাই ‘তোমাক দেখিলো সাৱতি ধৰিলো’ বুলি কোৱাই ভাল । ইয়াতকৈ কিছু আগুৱাই গৈ ছোৱালীৰ দেহ-যৌৱনৰ লগতে যৌনতাৰ গোন্ধ থকা কথা হ’লেতো বেছ ‘ফাটাফাটি’য়েই হয় । তাৰ পাছত আহিব নায়িকাগৰাকী । হট-পেন্ট হওঁক অথবা মিনি-স্কাৰ্ট হওঁক, যিমান পাৰি কম বস্ত্ৰৰে তেখেতক অলংকৃত কৰি গীতৰ তালে তালে নাচিবলৈ লগাই দিয়ক । আৰু নায়িকাই যে সকলো আকৰ্ষণৰ মূল সেই কথাটো বুজাবলৈ তেখেতৰ কাষে কাষে মৌ-মাখি, ভেনা-মাখিৰদৰে পৰি থকাকৈ এগালমান উতনুৱা মানুহৰ অনিয়ন্ত্ৰিত নৃত্যৰ সংযোজন কৰক । বাটে-পথে মদ-ভাং খাই পৰি থকা ঠেলাৱালা-ৰিক্সাৱালাসকলৰ বাবেও যে আপুনি চিন্তা কৰিছে আৰু তেওঁলোকেও যে কোনো ডাঙৰ ‘বাৰ’ বা ‘ডিস্কো’লৈ নোযোৱাকৈয়ে সমান উত্তেজনাৰে গানটো বিনাদ্বিধাৰে উপভোগ কৰিব পাৰিব সেয়া বুজাবলৈ গেঞ্জী-লুঙি পিন্ধা মানুহক গগলছ-মাফলাৰ পিন্ধাই অলপ আচহুৱা যেন লগা অৱয়ব এটা সাজি নাচিবলৈ এৰি দিয়ক । পাৰিলে নায়িকাই নাচ থকা সকলো পুৰুষকে কিছু কিছু যৌন ক্ষুধা পূৰণ কৰিবলৈ সক্ষম হোৱাৰ দৰে ভাৱ এটা যদি সৃষ্টি কৰিব পাৰি, তেন্তে গান একেবাৰে ‘চুপাৰ-দুপাৰ হিট’ হ'বই হ'ব । ডেকা-বুঢ়া-কিশোৰ সকলো বয়সৰ দৰ্শকেই যে এনে গীত লুকাই চুৰকৈ হ’লেও শুনিব আৰু চাব, সেয়া একেবাৰে এশ শতাংশই নিশ্চিত । গতিকেই আগতে গান গোৱাৰ অভিজ্ঞতা থাককেই বা নাথাকক, এনে হিট গানে আপোনাক যে ৰাতিটোৰ ভিতৰতে বিখ্যাত কৰি তুলিব সেয়াও ঠিক । ক’বলৈ গ’লে, বেপাৰটো কৰিবলৈ জানিলে ধন আৰু যশ অৰ্জনৰ বাবে এইটো হৈছে একেবাৰে চুটি আৰু চিধা ৰাস্তা ।
কিন্তু আমি এবাৰ ভাৱি চাইছো নে, আমাৰ উঠি অহা নতুন প্ৰতিভাৱান যুৱক বা যুৱতীসকলে এইদৰে চৰ্ট-কাটেৰে বাট বুলিবলৈ লোৱাটো কিমান সমীচীন হৈছে ? সংগীতৰ নামত কেৱল ক্ষণিকৰ আনন্দ দিয়া মনোৰঞ্জনে আমাৰ সুস্থ মানসিকতাক দুষিত কৰাৰ লগতে দৰ্শক আৰু গায়ক উভয়ৰে সৃষ্টিশীলতাক বিনষ্ট কৰিছে । সংগীতৰ বিশালতা আৰু মাহাত্ম্যক উপলব্ধি কৰিবলৈ সুযোগ নিদিয়া এইধৰণৰ উত্তেজক গীত-মাতে আজিৰ উচ্ছৃংখল যুৱ-সমাজত মানুহৰ মন-প্ৰাণক আৰু অধিক অস্থিৰ কৰি সামাজিক আৱহাৱাক বিনষ্ট কৰাৰ বাদে আন কিবা কৰা আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আমাৰ আহ্বান, ন-প্ৰজন্মই সংগীতৰ সাধনা কৰিবলৈ অধিক আগ্ৰহী হওঁক । পৃথিৱীৰ বুৰঞ্জীত অসমীয়া ডেকা-গাভৰুৱে এনে সংগীত সৃষ্টি কৰাৰ উদাহৰণ আছে যিয়ে ইতিমধ্যেই সমগ্ৰ বিশ্বতে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ বিনন্দীয়া প্ৰকৃতি আৰু সামাজিক অৱস্থিতিয়েও যে সংগীত-শিল্পীসকলক অনুপ্ৰাণিত কৰিব কৰাকৈ ঔষধ হিচাপে কাম কৰিব পাৰে, সেই কথা নিজকে ফাঁকি নিদিয়া যিকোনো ব্যক্তিয়েই নিজমুখে স্বীকাৰ কৰিব । তদুপৰি কোনবোৰ গুণৰ বাবে আজিৰ হিন্দীছৱিৰ হিট গীত এটাতকৈ, সৌ তাহানিৰ দিনৰ পুৰণি গীতবোৰেহে মানুহৰ মনত সংগীতৰ মৃদু-মধুৰ লহৰ তুলি শ শ বছৰ ধৰি চিৰসেউজ হৈ থাকিব পাৰিছে এই যুক্তি-যুক্ততাখিনি শিল্পী হ’ব খোজা প্ৰতিজন গায়ক-গায়িকাই নিজা বিচাৰ-বুদ্ধিৰে চালি-জাৰি চোৱা উচিত। আমাৰ বহুতেই যদি জুবিন-পাপনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ দৰে হ’ব খুজিছে, তেন্তে তেৰাসকলেও এই কথাটো জনা দৰকাৰ যে, জুবিন-পাপনেও ৰাতিটোৰ ভিতৰতে খ্যাতি অৰ্জা নাই ; তেওঁলোকেও কঠোৰ অনুশীলন আৰু সংগীত-সাধনাৰ বলতহে আজিৰ এই স্থান পাব পাৰিছে ।
No comments:
Post a Comment