বৰ্তমান অসমৰ
ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰিৱেশ ইমানেই কলুষিত হৈ পৰিছে যে সাধাৰণ জনসাধাৰণেও
ন্যাৰ্য প্ৰাপ্যটো পাবৰ বাবে হয় অনিশ্চিত অপেক্ষা কৰিব লাগিব নহ’লে তাক টানি-আজুৰি
কাঢ়ি আনিব লাগিব । বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চৰকাৰৰ সমাজমুখিতা ক্ৰমান্বয়ে
হ্ৰাস পাইছে । মন্ত্ৰীসকলে নিজ নিজ বিভাগৰ অনুমোদিত ধনসমূহ ব্যৱহাৰ নকৰাকৈয়ে সকলোৱে
কাগজ-কলমে হিচাপ-নিকাচ মিলাই আত্মসাৎ কৰাত ব্যস্ত হৈছে । সেইদৰে কেৰাণী-পিয়নৰপৰা
আৰম্ভ কৰি বৰবাবু-সৰুবাবুসকলে খোজতে খোজ মিলাই তলৰ স্তৰৰপৰাই সৰু-ডাঙৰ অংকবোৰ মিলোৱাত
লাগিছে । দলপতি বা নেতা সকলেও আঁচনি তৈয়াৰ কৰে কেৱল ভোটৰ আশাত– মানুহক আঁভুৱা
ভাৰিবলৈহে । ফলত মৰণ মিলিছে মূলত: দেশৰ খাঁটি খোৱা সাধাৰণ মানুহখিনিৰ । বহু শিক্ষিত আঢ্যৱন্তই কিবা সকামত যদি কোনো কাৰ্যালয়লৈ যাবলগীয়া
হয়, তেন্তে সাধাৰণতেই কামটোৰ বাবে প্ৰয়োজনীয় সময়খিনিলৈ অপেক্ষা নকৰাকৈ বা অনুমোদিত
পদ্ধতিটো অনুসৰণ নকৰাকৈ অন্য কোনো উপায়েৰে নিজৰ কামফেৰা কৰাই আনে । গতিকেই যাৰ
হাতত টকা নাথাকে, তেনে দুখীয়া নিচলা মানুহবোৰৰ হৈ চিন্তা কৰিবলৈহে কোনো নাথাকে । এনেকি
তেওঁলোকৰ প্ৰাপ্যৰ অংশক লৈও খোৱা-কামোৰা হয় অন্য বিষয়া-কৰ্মচাৰীৰ মাজত । নিজৰ দৰমহাৰ টকাৰে কাহানিও নোজোৰা এইসকল লোকৰ বাবেই যুঁজিব লগা হয় বহুতেই । দেখা যায় যে যিকোনো এটা কামতেই আপুনি
যদি বাৰে বাৰে খাতি নাথাকে আৰু ওপৰৱালাৰ সতে মুখামুখি হৈ কথা নাপাতে তেন্তে সৰু
হ’লেও কোনো এটা কামেই হৈ নুঠেগৈ । সেয়া লাগিলে পেঞ্চনৰ কাম-কাজেই হওঁক, মাটিৰ
পট্টাই হওঁক, এনৰেগাৰ টকাকেইটাই হওঁক নতুবা আপোনাৰ ল’ৰা-ছোৱালীহঁতৰ স্কুলত দিয়া
চাউলকেইমুঠিয়েই হওঁক । ছাত্ৰ-ছাত্ৰীৰ জলপানী, নামভৰ্তি, আসন সংৰক্ষণ – এইবোৰৰ কথাতো
বাদেই, ঘুৰাই পাবলগীয়া টকাটোও নুখুজিলে ওভোটাই নিদিয়ে বাচৰ কণ্ডাক্টৰে আজিকালি । এয়াই
হৈছে আজিৰ অসম দেশৰ বিষম পৰিস্থিতি ।
এই কথা আমাৰ বহুতেই ইতিমধ্যেই বুজি উঠিছে যে
অন্যায়ৰ বিৰুদ্ধে আপুনি যদি অকলেই মাত মাতি থাকে, তেন্তে তাৰ পৰা কাহানিও কোনো ভাল
ফলাফল বা পৰিৱৰ্তন হোৱাৰ আশা কৰিব নোৱাৰি । ৰন্ধন গেছৰ ক্ষেত্ৰতে হওঁক বা বেংকৰ লেন-দেনৰ ক্ষেত্ৰতে
হওঁক, কোনোবা এজনে শাৰীৰ আগত নীতিবহিৰ্ভূতভাৱে গৈ যদি সুযোগ ল’ব বিচাৰিছে, এনেকি
তেওঁকো আপুনি অকলে কৈ সৈ মনাব নোৱাৰে যে এঘন্টা আগৰে পৰা আপুনি সেই শাৰীটোত থিয়
হৈ আছে বুলি । উপস্থিত গোটেইখিনি মানুহে সমোচ্চৰে টেটুঁ ফালিলেহে যদি তেখেত লাইনৰ
পাছলৈ আহিবলৈ বাধ্য হয় । গতিকেই ৰাজ্যখনৰ বৰ্তমানৰ কৰ্মসংস্কৃতিৰ ৰেহ-ৰূপ
দেখি-শুনি-বুজি আমাৰ ৰাইজে নিশ্চয় বুজি উঠিছে যে সংগঠন খুলি ঐক্যবদ্ধ হৈ মাত
নামাতিলে আমাৰ গত্যোন্তৰ নাই । নিজৰ নিজৰ
জাতিভিত্তিক, অঞ্চলভিত্তিক বা সেৱাভিত্তিক দাবীসমূহ উৰ্ধতম মহলৰ ওচৰত উত্থাপন
কৰিবৰ বাবে সংগঠন খোলাৰ বাদে বিকল্প নাই । সেয়েহে অসমত বৰ্তমানে ধুম উঠিছে সংগঠন
খোলাৰ – পদপথৰ দোকানীৰ পৰা আৰম্ভ কৰি গৰিয়া-মৰিয়া,অনুসূচিত জাতি-জনজাতি,সাধাৰণ
জাতি, টেট শিক্ষক, নাপিত সন্থা, কলেজ শিক্ষক, ড্ৰাইভাৰ সংস্থা, ছাত্ৰ পৰিষদ, জাতীয়তাবাদী,
মৌলবাদী সকলোৱেই আজি নিজা নিজা সংগঠন এটাৰেহে যেন সুৰক্ষিত অনুভৱ কৰিছে ।
বহু ডেকাল’ৰাৰ বাবে জনপ্ৰিয় সংগঠনত যোগদান কৰা
বা নতুনকৈ এটা সংগঠন খুলি তাৰ বিষয়ববীয়া হোৱাটোও একপ্ৰকাৰৰ উচ্চাকাংক্ষা। দেখা যায়, শিক্ষিতই হওঁক বা নিৰক্ষৰেই হওঁক - এটা সংগঠনৰ
সদস্য বা মূৰব্বী হ’বলৈ মানুহবোৰৰ কিমান যে হাবিয়াস ! সংগঠনৰ কাম-কাজৰ মাজেৰে নিজৰ
স্থিতি(!) সমাজত দাঙি ধৰিব পাৰিব আৰু নিউজ-চেনেলে তাত ঘিঁউ ঢালি তিলটোকে তাল কৰিব
পাৰিব –এইবোৰৰ বাবেই বহুজনে এতিয়া উঠিপৰি লাগিছে । (আমাৰ বহু অভিভাৱকে আকৌ
দূৰদৰ্শনত ওলাই থকা ডেকাটোলৈহে জীয়েকক বিয়া দিবলৈ বিচাৰে ।) মহাবিদ্যালয়,
বিশ্ববিদ্যালয়তো ডেকাসকলে ছোৱালীৰ অন্তৰ জিকিবলৈও সক্ষম হয় এই সংগঠন ‘খেলা’ৰ
জৰিয়তেই । সেইবাবেই আজি বহু নিবনুৱা যুৱকৰ বাবে ‘সংগঠন’ৰ সক্ৰিয় সদস্য বা
ৰাজ্যিক পৰ্যায়ৰ পদবী লাভ কৰাটো হেনো ‘এইম ইন লাইফে’ই হৈ পৰিছে । ইয়াৰ কাৰণ হৈছে, বৰ্তমানে এটা সংগঠনে এটা বৃহত্তৰ
জনসমষ্টিৰ দাৱীসমূহৰ হকে যুঁজাতকৈ বেছিকৈ যুঁজিব পাৰে বিষয়-ববীয়াসকলৰ ব্যক্তিগত
স্বাৰ্থসিদ্ধি বা অৰ্থ উপাৰ্জনৰ বাবেহে । সংগঠনৰ নাম লৈ চান্দা তোলাটো আজিকালিৰ সক্ৰিয়
ডেকাল’ৰা এজনৰ স্বভাৱজাত প্ৰবৃত্তিলৈ পৰ্যবেসিত হৈছে । এনেকি সমগ্ৰ অসমীয়া
জাতিটোৰ হৈ মাত মাতি অহা কেইবাটাও ঐতিহ্যপূৰ্ণ সংগঠনৰ বহু শাখা সমিতিবোৰেও অসমৰ
নানান ঠাইত অনা-অসমীয়াসকল, ব্যৱসায়ীসকল বা সমাজৰ আঢ্যৱন্তসকলকে লক্ষ্য হিচাপে লৈ
বছৰৰ পিছত বছৰ বিভিন্ন অজুহাতেৰে শকত পৰিমাণৰ চান্দা উঠাই হাৰাশাস্তি কৰি আহিছে । এইধৰণৰ অৰ্থ সংগ্ৰহৰ কোনো হিচাপ-নিকাচ ৰাজহুৱা
কৰা নহয় আৰু বিনা দ্বিধাৰে ক’ব পাৰি যে এনে বৃহৎ পূঁজিৰ অধিকাংশই কেৱল
বিষয়-ববীয়াসকলে আত্মসাৎ কৰে । গতিকেই আমাৰ এলেহুৱা ডেকাসকলৰ বাবে এইটো এটা “কম
কষ্টৰেই সোনকালে ধনী হ’বপৰা” এটা সহজতম উপায় ।
বহু শিক্ষিত ডেকাই নিজৰ
বাবে চাকৰি এটাৰ ‘যোগাৰ’ কৰিবৰ বাবে সংগঠনৰ পথ গ্ৰহণ কৰে । উচ্চতম কৰ্তৃপক্ষৰ লগত
পোনপটীয়া সংযোগ স্থাপন কৰি আৰু জাতিগত সংৰক্ষণ ,স্থানীয় নিবণুৱাক প্ৰাধান্য দিয়া অথবা
অন্য স্পৰ্শকাতৰ বিষয় উত্থাপন কৰি নিজৰ বা আত্মীয়-স্বজনৰ চাকৰিটো সুনিশ্চিত কৰাৰ
পাছত আন দহোজনকো চাকৰি দিয়াবলৈ ঠিকা লাভ কৰে । এইসকল শিক্ষিত যুৱকে অধিকাৰ
সাব্যস্ত কৰাৰ নামত যে সমাজত দুৰ্নীতিৰ পাশা খেলিছে, সেয়া নিশ্চিত ।
আন বহুতো যুৱ-সংগঠনে আকৌ
ৰাজনৈতিক দলসমূহৰ পোনপটিয়া দালাল হিচাপে কাম কৰা দেখা যায়। এনে যুৱ-সংগঠনসমূহে মহাবিদ্যালয়ৰ
নিৰ্বাচনত নিজা প্ৰাৰ্থীক অৰ্থসাহাৰ্য দান কৰাৰ লগতে শাৰিৰীক বলপ্ৰয়োগেৰেও প্ৰভুত্ব
দেখুৱাবলৈ যোৱা পৰিলক্ষিত হয় । সেইদৰে দেখা পোৱা গৈছে যে অসমৰে বহু নামী-দামী
বিশ্ববিদ্যালয়ত নিজা ৰাজনৈতিক কূটকৌশল প্ৰয়োগ কৰি বহুকেইটা সংগঠনে বিভিন্ন
পাঠ্যক্ৰম তথা ছাত্ৰাৱাস বা ছাত্ৰীনিৱাসৰ আসন নিজৰ দখলত ৰাখে । এনে সংৰক্ষিত আসনসমূহৰ
ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংগঠনসমূহে বহু লাখটকাৰ ব্যৱসায় চলাই থাকে বুলি গম পোৱা যায়
। এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠানত এইধৰণে ৰাজনীতি
আৰু দুৰ্নীতিৰ বিষবাস্প বিয়পোৱা কাৰ্য অতিকেই গৰিহণাযোগ্য । আমাৰ ছাত্ৰ-নেতাসকলে
এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰত থাকিব পাৰিলেহে নিকা আৰু সৎভাৱে ছাত্ৰসমাজৰ সেৱা
আগবঢ়াব পাৰিব ।
সংগঠিত হোৱাটো নি:সন্দেহে এটা
ভাল কথা । একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ বাবে এটা সংগঠনৰ প্ৰয়োজনীয়তাক নুই
কৰিব নোৱাৰি । কিন্তু সংগঠনৰ নামত কেৱল দুই-চাৰিজন বিপুলভাৱে উপকৃত হোৱা আৰু হাজাৰজনক
অন্য প্ৰকাৰে নিস্পেষিত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য ধাৰণা নহয় । সংগঠনকেই নিজৰ পেট-মোকলোৱাৰ
আহিলা বা জীৱনৰ পেছা হিচাপে লোৱাটো এটা অতি লজ্জাকৰ কাৰ্য । চাকৰি নাপাই অৱশেষত সংগঠনত যোগ দিয়াটো তাতোকৈ পুতৌলগা
কাম । চাকৰি এটা নহ’লেও নিজৰ জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিবলৈ আৰু আন বহু পন্থা
আছে যিবোৰৰ বিষয়ে আমাৰ ডেকা-গাভৰুৱে এতিয়াও অনুসন্ধান কৰিবলৈ ইচ্ছুক হোৱা নাই ।
প্ৰকৃত সমাজ-সেৱাৰ উদ্দেশ্য কাহানিও ব্যক্তিগত মুনাফা লাভ হ’ব নোৱাৰে ।
শিপা নোহোৱা জাতি এটাৰ দৰে বৰ্তমানে
অঞ্চলভিত্তিত বা সম্প্ৰদায়ভিত্তিত ছিন্ন-বিচ্ছিন্ন হৈ আমি নিজা নিজা দাবীৰে বড়োলেণ্ড,
কমতাপুৰ বিচৰাৰ সলনি যদি একেখনি অসম ভূমিতে সমিলমিলেৰে বসবাস কৰি বৃহত্তৰ অসমীয়া জাতি এটা
গঢ়ি তুলিব পাৰো, তাতোকৈ সুখৰ মূহুৰ্ত আৰু কি হ’ব পাৰে? তাৰ বাবেহে আমি সংগঠিত হোৱা
উচিত । অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিটো সমস্যাৰ বাবে আমি একগোট হৈ মাত মতা উচিত ।
বানপানী, গৰাখহনীয়া, সন্ত্ৰাসবাদ, বন্যপ্ৰাণী হত্যা, ডাইনী হত্যা, ধৰ্ষণ, অনুপ্ৰৱেশকাৰীৰ
সমস্যা- এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈহে বৰ্তমানে আমাক এটা অনানুষ্ঠানিক সংগঠনৰ দৰকাৰ, য’ত প্ৰতিজন অসমীয়াই হ’ব সক্ৰিয় সদস্য আৰু প্ৰতিজনেই হ’ব বিষয়ববীয়া -- যিয়ে আমাক
দহোজনৰ দুখত সমভাগী হ’বলৈ শিকাব আৰু দুৰ্নীতি, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে থিয়
হ’বলৈ সাহস দিব ।
-------------------০০০------------------
No comments:
Post a Comment