বিহুক অসমীয়াৰ জাতীয় গৌৰৱ তথা বাপতি-সাহোন বুলি কোৱা হয় । কোৱা হয় যে
অসমীয়াৰ ধমনীৰ কোষে কোষে হেনো বিহুৰ অনুভূতি প্ৰৱাহমান । অৱশ্যেই এটা জাতীয় উৎসৱ
হিচাপে এনে বিভূষণক কোনোপধ্যেই অত্যুক্তি বুলি ক’ব নোৱাৰি । কিন্তু বৰ্তমান সময়ত
অসমীয়া ডেকা-ডেকেৰীৰ গাত নিজৰ অতিকেই আপোন এই উছৱটিৰ প্ৰতি অলপো উছাহ-উদ্দীপনা জাগি
উঠা পৰিলক্ষিত হয় নে ? প্ৰকৃতিয়ে এই ন ৰূপ লোৱাৰ সময়ত আমাৰ কিশোৰ-কিশোৰী,
ডেকা-গাভৰুৰ মুখেৰে নিজে নজনাকৈয়ে এফাঁকি বিহুনাম ওলাই আহে নে ? তাঁতশালৰ সলনি
পঢ়া-মেজ, দূৰদৰ্শন অথবা মোবাইল-কম্পিউটাৰ লৈ ব্যস্ত থকা আমাৰ সোণজনীকো জানো ঢোলৰ ছেৱে দেহ-মন উতলাব
পাৰে নে আজিকালি ?
আধুনিকতাৰ পৰশ পাই বৰ্তমানে যে পূৰ্বৰ
সেই মুকলি বিহুও নাই আৰু বিহুৱে দেহত তোলা পিৰপিৰনিও নাই, সেই কথা আমি অবাঞ্চিত
হ’লেও স্বীকাৰ কৰিবই লাগিব । আৰু এনে ৰূপান্তৰণৰ লগতে খাপ খোৱায়েই উছৱটিক অনাগত
সময়ৰ বাবে আমাৰ ন-প্ৰজন্মৰ হাতত তুলি দিব লাগিব। এই মূহুৰ্ততো আমাৰ বহু কৃষ্টিপ্ৰেমী
শিল্পীয়ে থলুৱা লোক-বাদ্য যেনে ঢোল,তাল,পেঁপা,গগণা,সুতুলীক জীয়াই ৰাখি তাৰ চৰ্চা
কৰি জনপ্ৰিয় কৰাৰ স্বাৰ্থত কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন কৰি যি প্ৰচেষ্টা অব্যাহত
ৰাখিছে, তেখেতসকলক সঁচাই শলাগ ল’ব লাগিব । ইয়াৰ মাজতে বহু প্ৰচাৰবিমুখ থলুৱা
শিল্পীয়ে তেখেতসকলৰ জন্মগত প্ৰতিভা ন-প্ৰজন্মৰ হাতত গতাই দিবলৈ নৌপাওঁতেই হয়তো এই
সংসাৰৰপৰা মেলানি মাগিছে । তদুপৰি আজিকালিৰ তথাকথিত বহু ‘বিহু-কুঁৱৰী’,
‘বিহু-সম্ৰাজ্ঞী’তকৈ হাজাৰগুণে নিখুঁত আৰু স্বকীয় থলুৱা বিহু নাচ জনা বিহুৱতী
হয়তো আমাৰ গাৱেঁ-ভূঞেঁ ওলাব, যিসকলে গ্লেমাৰ বা অৰ্থৰ অভাৱত মঞ্চ নতুবা দূৰদৰ্শনৰ
পৰ্দা কঁপাবলৈ সুযোগ পোৱা নাই । আমি কিন্তু তেনে বিহুৱা বা বিহুৱতীকহে প্ৰকৃত
বিহু শিল্পী বুলিবলৈ সাহ কৰিম ।
মঞ্চৰ বিহুৱে নি:সন্দেহে উৎসৱটিক
‘গ্লেমাৰ’মুখী কৰিছে আৰু ন-প্ৰজন্মৰ কাষ চপাইছে । কিন্তু বিহুৰ প্ৰাকৃতিক মাদকতা
আৰু স্বয়ংক্ৰিয় এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলাত আজিও কিন্তু আমাৰ বিহু সন্মিলনী বা
বিহু উদযাপন সমিতিসমূহ সফল হোৱা নাই । শ্ৰেষ্ঠ হুঁচৰি দল, বৰ বিহুৱা,সৰু বিহুৱা,বৰ
বিহুৱতী,সৰু বিহুৱতী, শ্ৰেষ্ঠ বিহু দল, শ্ৰেষ্ঠ বিহুৱতী আদি নানা শিৰোনামাৰে অলেখ-অজস্ৰ
প্ৰতিযোগিতা আমি পাতিছো সঁচা; কিন্তু ঢোল-পেঁপাৰ ছেৱত এপাক নাচিবলৈ কিমানজন
কিশোৰ-কিশোৰীৰ দেহ-মনক উদ্বুদ্ধ কৰিব পাৰিছো তাৰ জানো কিবা খেয়াল আমি ৰাখিছো ? চাদৰ-মেখেলা
বা গামোছা-টঙালি ব’বলৈ আৰু লাড়ু-পিঠা বনাবলৈ আমাৰ কেইজনী ছোৱালীক আমি উৎসাহিত
কৰিছো, সেয়াও এক ভাৱি চাবলগীয়া বিষয় । শুনিবলৈ পোৱা যায় যে মঞ্চত বিহু নাচি
‘বিহুৱতী’ বুলি পুৰস্কৃত হ’বলৈও বোলে বৰ্তমানে বহু শকত পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয়
। এনে দৃষ্টিৰে চাবলৈ গ’লে বিহু পতা, বিহুত নচা, বিহুৰ বিচাৰক হোৱা এই সকলো কথাতে
দেখোন কুটনীতিৰ জটিল পাক সোমাই আছে । আৰু যদি সঁচাই সেয়া হৈ আছে, তেন্তে আজিৰ বিহু
গৈ যে এদিন কেৱল ‘আঢ্যৱন্ত সকলৰ ফেছন’ হিচাপেহে পৰিগণিত হ’বগৈ, সেয়া নিশ্চিত ।
বিহুৰ আয়োজকসকলে, স্বেচ্চাসেৱী
গোটসমূহে অথৱা হুঁচৰি দলসমূহে আমাৰ প্ৰতিঘৰতে থকা ল’ৰা-ছোৱালীবোৰক আঁকোৱালি লৈ বিহুৰ
অনুশীলন কৰিবলৈ দিয়া উচিত । বিহু উদযাপনত আগৰণুৱাসকলে সমাজৰ প্ৰতিজন মানুহকে যদি
বিহুৰ স্বাভাৱিক ৰীতি-নীতি আৰু পৰম্পৰাখিনিৰ
লগত চিনা-পৰিচয় কৰাই অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰাব পাৰে, তেতিয়াহে কিন্তু
অসমীয়াৰ এই বাপতি-সাহোন বিহুটিয়ে আমাৰ প্ৰত্যেকৰে অন্তৰত স্থান ল’ব পাৰিব ।
সমিতিসকলে অঞ্চলৰ প্ৰৱীণ বিহুৱা বা বিহুৱতীসকলক এই কাৰ্যসূচীবোৰৰ অংশীদাৰ কৰি
ল’লে তেওঁলোকৰ পৰা বহুখিনি শিকিবও পাৰিব ।
যিসময়ত বিহুৰ স্বকীয়তা বজাই ৰাখি
ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বঢ়োৱাৰ বাবে বিহু উদযাপন কৰা সন্মিলনীসমূহৰ ওপৰত আমি আশা
আৰু ভৰসা কৰিব বিচাৰোঁ, সেইসময়ত কিন্তু এনে সমিতিসমূহৰ কিছুমান কথা-কাণ্ডই আমাক
হতভম্ব কৰিছে । সস্তীয়া জনপ্ৰিয়তা আৰু ব্যক্তিগত মুনাফা লাভৰ অৰ্থে আজিকালি প্ৰায়
সকলোবোৰ সমিতিয়েই মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি ব্যৱসায়িক লাভালাভাক লৈ অংক কৰাহে
দেখা যায । দাৱী-ধমকিৰে শকত পৰিমাণৰ চান্দা উঠাই এই সমিতিবোৰে বৰ্তমানে ভদ্ৰ
ডকাইতৰ ৰূপ লৈছে । কোনে কিমান নামী-দামী তাৰকা-শিল্পীক নিমন্ত্ৰণ জনাই নিউজ-চেনেলৰ
চৰ্চাৰ বিষয় হ’ব পাৰি অথবা ‘লাইভ-টেলিকাষ্ট’ কৰাব পাৰে তাৰেই যেন অঘোষিত
প্ৰতিযোগিতা চলিছে, এনে অনুভৱ হয় । সেইবাবেই আজিকালি বিহু উদযাপনৰ ক্ষেত্ৰত মুখ্য
আকৰ্ষণ বিহু নহয়, হয়গৈ কোনো এজন গায়ক বা গায়িকাহে । বৰ বৰ পোষ্টাৰ-হোৰ্ডিঙত আজিকালি
বিহু কঢ়িয়াই আনে জুবিন-পাপন বা দীক্ষু-জুবলীয়েহে । আৰু এই শকত –পাৰিতোষিকেৰে বন্দোৱস্ত
হোৱা আমাৰ মৰমৰ শিল্পীসকলে উছৱৰ নিশা আমাক শুনায় ড্ৰাম,গীটাৰ, ঢুলুকীৰে অলংকৃত
হোৱা আধুনিক বিহুগীত ।
আমাৰ অনুৰোধ, সংশ্লিষ্ট সকলোৱে
যেন বিহুৰ নামত ব্যৱসায় কৰা বন্ধ কৰি এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে চিনাকী দিয়ক
আৰু আৰ্থ-সামাজিক নানান সমস্যাৰে জৰ্জৰিত এই সংকট মূহুৰ্তত বিহুৰ জৰিয়তেই সমাজত
একতা স্থাপন কৰি এক বৃহত্তৰ সুৰুচীসম্পন্ন সংস্কৃতিবান জাতি গঠন প্ৰক্ৰিয়াত
প্ৰত্যেকেই অহিৰণা যোগাওক।
------------------------------ -------০০০-------------------- ------------------
No comments:
Post a Comment